⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Bhabananda Dutta Biography | ভৱানন্দ দত্তৰ জীৱনী

ভৱানন্দ দত্ত (Bhabananda Dutta) আছিল একেধাৰে গৱেষক, প্ৰৱক্তা, সাহিত্য সমালোচক আৰু দৰ্শনৰ অধ্যাপক। নচিকেতা ছদ্মনামেৰে কবিতা লিখি অসমীয়া কবিতাৰ বাটকটীয়া হিচাপে স্বীকৃতি লাভ কৰিছিল। যদিও তেওঁৰ জীৱনদীঘল নহ’ল, কিন্তু কম সময়ৰ ভিতৰতে তেওঁৰ সাহিত্য আৰু গৱেষণাৰ অৱদান অসমীয়া বুদ্ধিজীৱী সমাজত এক অনন্য স্থান দখল কৰি আছে।

Bhabananda Dutta Biography | ভৱানন্দ দত্তৰ জীৱনী

জন্ম: ২ জুন, ১৯১৯, যোৰহাট

মৃত্যু: ৩ আগষ্ট, ১৯৫৯

ভাষা: অসমীয়া

ৰাষ্ট্ৰীয়তা: ভাৰতীয়

নাগৰিকত্ব: ভাৰতীয়

শিক্ষা: কলিকতা বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিভাগত স্নাতকোত্তৰ (১৯৪৪)

বিশেষ ক্ষেত্ৰ: সমালোচনা সাহিত্য

ভৱানন্দ দত্ত (Bhabananda Dutta)  শৈশৱ আৰু জন্ম আৰু ব্যক্তিগত জীৱন

ভৱানন্দ দত্তৰ জন্ম ১৯১৯ চনৰ ২ জুনত যোৰহাটত হয়। তেওঁৰ পিতৃ সৰ্বানন্দ দত্ত আৰু মাতৃ মনোমোহিনী দত্ত। 

ব্যক্তিগত জীৱন

দৰ্শনৰ ছাত্ৰী নীলিমা হাজৰিকাৰ সৈতে ভৱানন্দ দত্তৰ বিবাহ হয়। নীলিমা হাজৰিকা পিছত দৰ্শনৰ অধ্যাপক পদত নিযুক্ত হয়। সংসাৰ আৰু একাডেমিক জীৱন দুয়ো সমান্তৰালভাৱে আগুৱাই নিয়ে তেওঁ সাহিত্য আৰু গৱেষণাত সক্ৰিয় থাকে।

ভৱানন্দ দত্ত (Bhabananda Dutta) ৰ শিক্ষা জীৱন

প্ৰাৰম্ভিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ১৯৩৬ চনত তেওঁ বজালী হাইস্কুলৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। একে বছৰে কটন কলেজত আই.এ. শ্ৰেণীত নামভৰ্তি হয় আৰু ১৯৩৮ চনত লজিকত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত আই.এ উত্তীৰ্ণ হয়।

১৯৪০ চনত কটন কলেজৰ পৰা দৰ্শনত অনাৰ্ছ লৈ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰি স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত কলিকতা বিশ্ববিদ্যালয়ত দৰ্শনত স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তি হয়। কিন্তু ১৯৪২ চনত স্বাধীনতা আন্দোলনত অংশগ্ৰহণৰ ফলত এম.এ. চূড়ান্ত পৰীক্ষা দি নাপায়। পুনৰ ১৯৪৪ চনত প্ৰথম শ্ৰেণীৰ এম.এ. ডিগ্ৰী লাভ কৰে।

ভৱানন্দ দত্ত (Bhabananda Dutta) ৰ সাহিত্যিক যাত্ৰা আৰু কৰ্মজীৱন 

একে বছৰে তেওঁ ৰঘুনাথ চৌধাৰী সম্পাদিত জয়ন্তী আলোচনীত নচিকেতা ছদ্মনামেৰে কবিতা প্ৰকাশ কৰে। এই কবিতাই তেওঁৰ সাহিত্যিক সত্তাক সুস্পষ্ট কৰি তোলে আৰু আধুনিক অসমীয়া কবিতাৰ “বাটকটীয়া” হিচাপে তেওঁ পৰিচিতি লাভ কৰে।

কৰ্মজীৱন

১৯৪৪ চনত এম.এ. ডিগ্ৰী লাভ কৰাৰ পিছত নলবাৰী কলেজত দৰ্শনৰ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৪৬ চনত ভাৰত চৰকাৰৰ মেধা বৃত্তি লাভ কৰে আৰু ১৯৪৭ চনত লণ্ডন বিশ্ববিদ্যালয়ত শিশু মনস্তত্ত্বত গৱেষণা আৰম্ভ কৰে।

১৯৪৮ চনত প্ৰাগ (চেকশ্ল’ভেকিয়া) চহৰত ইউনেস্কই পতা এখন আলোচনাচক্ৰত অংশগ্ৰহণ কৰাৰ অভিযোগত ভাৰত চৰকাৰে তেওঁক স্বদেশলৈ উভতি আহিবলৈ নিৰ্দেশ দিয়ে। ফলত ১৯৪৯ চনত অসমলৈ উভতি আহি কটন কলেজত দৰ্শনৰ প্ৰবক্তা হিচাপে যোগদান কৰে। পিছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগত প্ৰবক্তা হিচাপে নিযুক্ত হয়।

ৰাজনৈতিক অংশগ্ৰহণ

ভৱানন্দ দত্ত (Bhabananda Dutta) ১৯৫২ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে কিন্তু পৰাজিত হয়। পুনৰ ১৯৫৭ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাৰ্থী হিচাপে বৰপেটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হয়। যদিও ৰাজনীতিত সফল নহ’ল, তেওঁ সমাজচিন্তা আৰু ৰাজনৈতিক আলোচনাত সক্ৰিয় আছিল।

সাহিত্য আৰু গ্ৰন্থৰাজি

ভৱানন্দ দত্তৰ জীৱনকালত প্ৰকাশিত একমাত্ৰ গ্ৰন্থ — 

  • “Philosophy in India” (১৯৫৯)।

 মৰণোত্তৰভাৱে তেওঁৰ অন্যান্য গ্ৰন্থসমূহ প্ৰকাশিত হয়—

সমালোচনা

  • ৰবীন্দ্ৰ প্ৰতিভা (১৯৬০)
  • অসমীয়া কবিতাৰ কাহিনী (১৯৬৯)
  • অসমৰ জাতীয় সমস্যাৰ বিৱৰ্তন (১৯৮৭)

দৰ্শন

  • Philosophy and India (১৯৫৯)
  • দৃষ্টি আৰু দৰ্শন (১৯৬৩)

ভৱানন্দ দত্তৰ চিন্তাধাৰাত সামাজিক ন্যায়, দৰ্শনীয় বিশ্লেষণ আৰু সাহিত্যিক নৱ দিশৰ সংমিশ্ৰণ পোৱা যায়। তেওঁ সমালোচনাৰ ক্ষেত্ৰত যুক্তি, প্ৰমাণ আৰু তত্ত্বমূলক দৃষ্টিভংগীৰ প্ৰয়োগ কৰি অসমীয়া সাহিত্য সমালোচনাক নতুন দিশ প্ৰদান কৰে।

মৃত্যু

১৯৫৬ চনৰ পৰা তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত হয় আৰু তিনিবছৰ ধৰি রোগৰ সৈতে যুদ্ধ কৰি থাকে। ১৯৫৯ চনৰ ৩ আগষ্টত, মাত্র ৪০ বছৰ বয়সত তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে।

উপসংহাৰ

ভৱানন্দ দত্তৰ জীৱন যদিও বহু কম সময়ৰ আছিল, কিন্তু তেওঁৰ বৌদ্ধিক পৰিসৰ, গভীৰ দৰ্শনীয়তা আৰু সাহিত্যৰ প্ৰতি নিষ্ঠাই তেওঁক অসমৰ সাহিত্য ইতিহাসত এক অমৰ স্থান প্ৰদান কৰিছে। তেওঁৰ কৰ্ম আজিও পাঠক, গৱেষক আৰু শিক্ষানুৰাগীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস।

FAQs

1. ভৱানন্দ দত্ত কোন আছিল?

উত্তৰ: তেওঁ আছিল অসমীয়া গৱেষক, প্ৰৱক্তা, সাহিত্য সমালোচক আৰু দৰ্শনৰ অধ্যাপক।

2. ভৱানন্দ দত্তৰ সাহিত্যিক ছদ্মনাম কি আছিল?

উত্তৰ: তেওঁ নচিকেতা ছদ্মনামেৰে কবিতা লিখিছিল।

3. ভৱানন্দ দত্তয়ে কোন বিষয়ত এম.এ. কৰিছিল?

উত্তৰ: তেওঁ দৰ্শনত এম.এ. কৰিছিল আৰু প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হৈছিল।

4. তেওঁৰ জীৱনকালত প্ৰকাশিত একমাত্ৰ গ্ৰন্থ কোনখন?

উত্তৰ: Philosophy in India (১৯৫৯)।

5. ভৱানন্দ দত্ত কেতিয়া মৃত্যুবৰণ কৰে?

উত্তৰ: ১৯৫৯ চনৰ ৩ আগষ্টত।

Read also: Dr. Nagen Saikia Biography | ড° নগেন শইকীয়াৰ জীৱনী 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top