Niketan Class 4 Social Chapter 4 অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান

Niketan Class 4 Social Chapter 4 অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান, Sankardev Sishu Niketan Chapter 4 অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান

Chapter – 4

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : পর্যটন কাক বোলে ? পৰ্যটনৰ পৰা কি কি সুবিধা পাব পাৰি ?

উত্তৰ : কোনো উল্লেখযোগ্য স্থানলৈ ভ্ৰমণ কৰা কাৰ্যক পর্যটন বোলে। পৰ্যটনৰ পৰা তলত উল্লেখ কৰা সুবিধাবোৰ পাব পাৰি—

: পর্যটনে ভূগোল আৰু ইতিহাসৰ জ্ঞান বৃদ্ধি কৰে।

: মনত বিমল আনন্দ প্ৰদান কৰে।

: বিভিন্ন ঠাইৰ মানুহৰ লগত ভাৱ-ভাষা আৰু সংস্কৃতিৰ আদান-প্রদান আৰু পৰিচয় হয়।

: নিবনুৱা সমস্যা সমাধানত সহায়ক হয়।

: চৰকাৰৰ ৰাজহ বৃদ্ধি হয়।

: সম্পদ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণৰ মনোভাৱ গঢ়ি তোলে।

: বিভিন্ন ঠাইৰ যাতায়াত ব্যৱস্থা সম্পর্কে জ্ঞান বাঢ়ে।

: ভিন্ন ঠাইৰ, ভিন্ন সংস্কৃতিৰ, ভিন্ন ধৰ্মৰ মানুহৰ মাজত বন্ধুত্বৰ সম্পৰ্ক বৃদ্ধি পায়।

প্রশ্ন ২ : অসমৰ দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম আৰু ইবোন কোন কোন জিলাত অৱস্থিত লিখা।

উত্তৰ : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানস ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট জিলাত আৰু মানস ৰাষ্ট্ৰীয় উদ্যান বাকসা আৰু চিৰাং জিলাত অৱস্থিত।

প্রশ্ন ৩ : অসমৰ দুখন সংৰক্ষিত বনাঞ্চলৰ নাম আৰু ইবোৰ কোন কোন জিলাত অৱস্থিত লিখা। 

উত্তৰ : নামবৰ আৰু পাভ সংৰক্ষিত বনাঞ্চল। নামবৰ সংৰক্ষিত বনাঞ্চল গোলাঘাট জিলাত আৰু পাভ সংবক্ষিত বনাঞ্চল লখিমপুৰ জিলাত অৱস্থিত। 

প্রশ্ন ৪ : দুখন পক্ষী উদ্যানৰ নাম লিখা। 

উত্তৰ : গুৱাহাটীৰ দীপৰ বিল পক্ষী উদ্যান আব লখিমপুর জিলাৰ বৰদৈবাম বিলমুখ পক্ষী উদ্যান।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১: পৰ্যটনৰ বাবে অসমত থকা বস্তুসমূহক কি ধৰণে ভগাব পাৰি লিখা।

উত্তৰ : পর্যটনৰ বাবে অসমত থকা বস্তুসমূহক তলত দিয়া ধৰণে ভগাব পাৰি— 

(১) প্রাচীন কীর্তি-চিহ্ন।

(২) পুৰণি দ’ল দেৱালয়, মঠ-মন্দিৰ, মছজিদ আদি।

(৩) ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য, সংৰক্ষিত বনাঞ্চল আৰু পক্ষী উদ্যান।

(৪) সংস্কৃতি ক্ষেত্র, বৃহৎ নদী দ্বীপ।

(৫) আধুনিক কালত নির্মিত বিশেষ আকৰ্ষণৰ কেন্দ্ৰ।

প্রশ্ন ২ : অসমৰ পাঁচটা উল্লেখযোগ্য প্রাচীন কীৰ্তিচিহ্নৰ নাম লিখা।

উত্তৰ : শিৱসাগৰৰ জয়সাগৰ পুখুৰী আৰু ৰংঘৰ, কামৰূপ জিলাৰ মদন-কামদের মন্দিৰ, গোৱালপাৰা জিলাৰ শ্রীসূর্য পাহাৰ আৰু শোণিতপুৰ জিলাৰ অগ্নিগড়।

প্রশ্ন ৩ : তলত উল্লেখ কৰা পৰ্যটন স্থানসমূহ অসমৰ কোন ঠাইত অৱস্থিত লিখা।

বশিষ্ঠাশ্রম, পোৱামক্কা, আজানপীৰৰ দৰগাহ, শিৱদ’ল, কমলাবাৰী সত্ৰ, টেগবাহাদুৰৰ গুৰুদ্বাৰ, ভুৱন ৱাবাৰ মন্দিৰ।

উত্তৰ :

বশিষ্ঠাশ্রমগুৱাহাটী।
পোৱামক্কাহাজো।
আজানপীৰৰ দৰগাহদিখৌমুখ।
শিবদ’লশিৱসাগৰ।
কমলাবাৰী সত্ৰমাজুলী।
টেগবাহাদুৰৰ গুৰদ্বাৰধুবুৰী।
ভুৱন বাবাৰ মন্দিৰভুৱন পাহাৰ (কাছাৰ)

প্রশ্ন ৪ : আধুনিক কালত নির্মিত অসমৰ পাঁচখন পর্যটন স্থানৰ নাম লিখা।

উত্তৰ : গুৱাহাটীৰ তাৰকাগৃহ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র আৰু বাজ্যিক সংগ্রহালয়, তেজপুৰৰ চিত্ৰলেখা উদ্যান, যোৰহাটৰ উত্তৰ-পূব আঞ্চলিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্রতিষ্ঠান।

প্রশ্ন ৫ : মাজুলী অসমৰ কোন জিলাত অৱস্থিত? ইয়াত থকা তিনিখন সত্ৰৰ নাম লিখা।

উত্তৰ : যোৰহাট জিলাত। ইয়াত থকা তিনিখন বিখ্যাত সত্ৰ হৈছে— আউনীআটী, দক্ষিণপাট আৰু কমলাবাৰী সত্ৰ ৷

প্রশ্ন ৬ : ক’ত অৱস্থিত লিখা :

(ক) উত্তৰ-পূব সীমান্ত ৰে’ল পথৰ প্ৰধান কার্যালয়— 

উত্তৰ : মালিগাঁৱত।

(খ) উত্তৰ-পূৱ ভাৰতৰ একমাত্ৰ এলুমিনিয়াম কারখানা—

উত্তৰ : বঙাইগাঁৱত।

(গ) অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়— 

উত্তৰ : যোৰহাটত।

(ঘ) তেল আৰু প্রাকৃতিক গেছ নিগমৰ উত্তৰ-পূৱৰ প্রধান কার্যালয়–

উত্তৰ : নাজিৰাত।

(ঙ) ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ–

উত্তৰ : ডিগবৈত।

প্রশ্ন ৭ : তলত উল্লেখ কৰা ঠাইবোৰ ক’ত অৱস্থিত আৰু কিয় বিখ্যাত চমুকৈ লিখা।

জোনবিল, শুৱালকুছি, শিৱসাগৰ, তেজপুৰ, জাটিংগা

উত্তৰ : জোনবিল : মৰিগাঁও জিলাত। ইয়াত প্রতিবছৰে মাঘ মাহত এখন মেলা হয় আৰু এই মেলাখনক ‘জোনবিল মেলা’ নামেৰে জনা যায়। এই মেলাখনৰ বিশেষত্ব এই যে ইয়াত বিক্ৰেতা আৰু গ্ৰাহকৰ মাজত বস্তুৰ সলনি বস্তু দিন বেচা বিনা কাৰ্য কৰা হয়। টকা-পইচাৰ ব্যৱহাৰ নহয়। বস্তুৰ সলনি বস্তু দিয়া লোৱা ব্যৱস্থাটোক ‘বিনিময় প্রথা’ বুলি কোৱা হয়। এই বিনিময় প্রথা চলা ‘জোনবিল মেলাখনৰ বাবেই জোনবিল ঠাইখন বিখ্যাত।

শুৱালকুছি ; শুৱালকুছি কামৰূপ (গ্রাম্য) জিলাত অৱস্থিত। ইয়াক অসমৰ বস্ত্ৰনগৰী বুলি কোৱা হয়। শুৱালকুছি পাট-মুগাৰ বস্তুব উৎপাদন আৰু বাণিজ্য কেন্দ্ৰ। শুৱালকুছিত উৎপাদিত পাট-মুগাৰ বস্ত্ৰ অসমৰ উপৰিও বাহিৰৰ বিভিন্ন ঠাইত বিশেষ আদব আছে। শুৱালকুছিৰ বস্ত্ৰ শিল্প পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ।

শিৱসাগৰ : শিৱসাগৰ জিলাখনৰ সদৰ ঠাই। আহোম স্বৰ্গদেউসকলে নির্মাণ কৰা অনেক যুগমীয়া কীৰ্তিচিহ্ন শিৱসাগৰ চহৰৰ ওচৰে-পাজবে আছে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য হ’ল— শিৱসাগৰ, জয়সাগৰ আৰু গৌৰীসাগৰ আদি পুখুৰী, শিৱ দ’ল, বিষ্ণু দ’ল, দেৱী দ’ল আদি মন্দিৰ, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আদি কীৰ্তিচিহ্ন। তদুপৰি শিৱসাগৰৰ কাষৰীয়া নামদাং নৈত প্ৰসিদ্ধ নামডাং শিলৰ সাঁকো আৰু চৰাইদেউত আহোম ৰাজপৰিয়ালৰ বহুতো মৈদাম আছে। শিৱসাগৰ এইবোৰ কীৰ্তিচিহ্নৰ বাবে বিখ্যাত আৰু সেয়ে প্ৰতিবছৰে দেশী-বিদেশী বহুতো পৰ্যটকৰ শিৱসাগৰলৈ আগমন ঘটে। শিৱসাগৰত তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ কার্যালয়ো আছে।

তেজপুৰ : তেজপুৰ শোণিতপুৰ জিলাৰ সদৰ ঠাই। তেজপুৰত মহাভৈৰৱ মন্দিৰ, অগ্নিগড়, দ-পৰ্বতীয়া মঠ আদি পুৰণি কীৰ্তিচিহ্ন আছে। ঐতিহ্যমণ্ডিত চিত্রলেখা উদ্যান, মানসিক চিকিৎসালয়, তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়, ভাৰতীয় সৈন্য বাহিনীৰ চতুৰ্থ ক’বৰ মুখ্য কাৰ্যালয় আদি তেজপুৰতে অৱস্থিত। তেজপুৰ অসমৰ কৃষ্টি-সংস্কৃতিৰ অন্যতম কেন্দ্ৰ। এইবোৰ কাৰণতে তেজপুৰ চহৰখন অসমৰ এখন বিখ্যাত ঠাই।

জাটিংগা : জাটিংগা ডিমা হাচাও জিলাত অবস্থিত। শীতকালত জাটিংগালৈ জাকে জাকে বিদেশী পৰিভ্ৰমী চৰাই আহে। জাটিংগাত এটি পক্ষী নিৰীক্ষণ কেন্দ্র আছে। চৰাইৰ কেন্দ্ৰস্থল হিচাপে জাটিংগা এখন বিখ্যাত ঠাই হিচাপে পৰিণত হৈছে। প্রতিবছৰে শীতকালত দেশী-বিদেশী বহুতে পর্যটক, বিশেষভাবে পক্ষীবিদ, জাটিংগালৈ ভ্ৰমণ কৰিবলৈ আহে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top