Class 9 Geography Elective Chapter 4 জনবসতি

Class 9 Geography Elective Chapter 4 জনবসতি, Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Geography Elective Chapter 4 জনবসতি and select need one.

Class 9 Geography Elective Chapter 4 জনবসতি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Geography Elective Chapter 4 জনবসতি Solutions for All Subject, You can practice these here…

জনবসতি

অধ্যায় – ৪

প্ৰশ্নাৱলী

১। ‘জন-বসতি’ বুলিলে কি বুজা? ইয়াৰ সৃষ্টি আৰু বিকাশ সম্পর্কে চমুকৈ আলোচনা কৰা।

উত্তৰঃ মানুহে জীৱন নিৰ্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাইকে জন বসতি বোলে।

খাদ্য আৰু বস্তুৰ দৰে যদিও বাসস্থান এটা মানুহৰ মৌলিক প্রয়োজন, তথাপি আদিমকালত অর্থাৎ আজিৰ পৰা প্রায় ১২ হেজাৰ বছৰ আগলৈকে মানুহে স্থায়ী বাসস্থানৰ অভাৱত এক অঘৰী জীৱন যাপন কৰিছিল। কিন্তু মানুহৰ জ্ঞানৰ ক্রমবিকাশৰ লগে লগে সেই আদিম যুগৰ অঘৰী জীৱন ত্যাগ কৰি মানুহে জীৱন ধাৰণৰ বাবে প্রাকৃতিকভাৱে অনুকূল পৰিৱেশৰ ঠাইবোৰত স্থায়ীভাৱে বাস কৰিবলৈ আৰম্ভ কৰে। মানুহৰ এই স্থায়ী বসবাস প্রক্রিয়া দৰাচলতে উদ্ভিদ-প্রাণীৰ ঘৰচীয়াকৰণ আৰু কৃষি কার্যৰ জন্মৰ ফলশ্রুতি। জন-বসতি আৰু পৰিৱেশৰ মাজত এক নিবিড় সম্পর্ক আছে। ঠাই এখনত জন-বসতিৰ সৃষ্টি আৰু বিকাশ ঠাইখনত থকা পানী, মৃত্তিকা, বনজ আৰু খনিজ সম্পদ আদিৰ প্ৰাচুৰ্য্য আৰু গুণাগুণ তথা বিভিন্ন সুবিধা-অসুবিধাৰ ওপৰত নিৰ্ভৰ কৰে। ঠাই এখনৰ সম্পদৰ পৰিমাণ আৰু গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি জন-বসতি স্থায়ী বা অস্থায়ী হ’ব পাৰে। বহুদিন ধৰি চলা জন-বসতি প্ৰক্ৰিয়াৰ ফলতহে এখন ঠাইত স্থায়ী বসতিৰ সৃষ্টি হয়। আনহাতে কিছুমান প্রাকৃতিক সম্পদৰাজিত সমৃদ্ধ যেনে— বনজ সম্পদ, খনিজ সম্পদ আদি অঞ্চলবোৰত পানীৰ সুবিধা অবিহনেও জন-বসতি গঢ়ি উঠে আৰু এইবোৰ ঠাইলৈ ভালেমান দূৰৈৰ পৰা নলী বা নলাৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰা হয়। তদুপৰি খাদ্য-বস্তুৰ প্ৰাচুৰ্য্য, উপযুক্ত জলবায়ু, প্ৰয়োজনীয় গৃহ নিৰ্মাণৰ সামগ্ৰী আদি থকা সুৰক্ষিত ঠাইবোৰকহে বসতিৰ বাবে অগ্ৰাধিকাৰ দিয়া হয়।

২। ‘বসতি ভূগোল’ কাক বোলে? ইয়াৰ মূল বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ ভূগোলৰ যি শাখাৰ মানুহৰ বসতি, বসতিৰ বিস্তাৰ আৰু ইয়াৰ লগত জড়িত প্ৰাকৃতিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক কাৰকসমূহৰ অধ্যয়ণ কৰা হয় তাকে বসতি ভূগোল বোলে। ই মানৱ ভূগোলৰ এটি প্ৰধান শাখা।

পৃথিৱী বিখ্যাত জাৰ্মান ভূগোলবিদ কাৰ্ল ৰিটাৰক বসতি ভূগোলৰ জন্মদাতা বোলা হয়। অৱশ্যে ইয়াৰ অধ্যয়ন আন এগৰাকী প্রখ্যাত ভূগোলবিদ ৰিচার্ড হার্টশ্ব’র্ণে উদ্ভাৱণ কৰা উপাদান আৰু অঞ্চলভিত্তিক পদ্ধতিৰে কৰা হয়। উপাদান-ভিত্তিক অধ্যয়নত বসতিৰ অৱস্থান, অৱস্থিতি, আকৃতি, আকাৰ-আয়তন, ক্রিয়াকলাপ আদি সামৰা হয়। আনহাতে, অঞ্চলভিত্তিক অধ্যয়নত এটা অঞ্চলত বসতিৰ জন্ম আৰু বিকাশ, আকৃতি বিকাশ, বিস্তাৰ, বিতৰণ, প্ৰতিৰূপ আৰু প্ৰকাৰ, বৈশিষ্ট্য আৰু স্থানিক পার্থক্য আদি অন্তর্ভূক্ত কৰা হয়। দৰাচলতে বসতিৰ অধ্যয়নে প্রাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্কৰ কথা প্রতিফলিত কৰাৰ উপৰি ই মানুহৰ প্ৰচলিত ধর্মীয় আৰু সামাজিক ৰীতি-নীতিৰ বৈশিষ্ট্যৰো আভাস দিয়ে।

৩। উদাহৰণসহ জন বসতিৰ শ্রেণী বিভাজন দাঙি ধৰা।

উত্তৰঃ আৰ্হি, গঠন আৰু বসবাস কৰা মানুহৰ বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি জনবসতিক কেইবাটাও শ্ৰেণীত ভাগ কৰিব পাৰি। বসতিত বাস কৰা জনসংখ্যাৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি বসতিক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি। 

সেয়া হৈছে—

(ক) গ্ৰাম্য বসতি।

(খ) পৌৰ বসতি।

আনহাতে আৰ্হি বা আকাৰ অনুসৰি বসতিক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হয়। 

সেয়া হৈছে—

(ক) বিৰল বসতি।

(খ) কেন্দ্ৰীভূত বসতি।

পৃথিৱীৰ কিছুমান অঞ্চলত বিৰাজ কৰা প্রতিকূল প্রাকৃতিক অৱস্থাৰ বাবে মানুহৰ বসতি বা ঘৰ-বাৰী একেবাৰে পাতল বা সেৰেঙা হয়। পার্বত্য শিলাময় তথা প্রতিকূল জলবায়ু বিৰাজ কৰা অতিপাত গৰম বা ঠাণ্ডা ঠাইবোৰত সাধাৰণতে জনবসতি তেনেই পাতল হয়। মানুহে থূপ খাই স্থাপন কৰা বসতি সংগঠনক কেন্দ্রীভূত বসতি বোলে। কেন্দ্রীভূত বসতিবোৰৰ আকৃতি বা সংৰূপ অনুসাৰে এনে বসতিক কেইবাভাগতো বিভক্ত কৰিব পাৰি। সাধাৰণতে এটা বসতিৰ আকৃতি আৰু আয়তন ইয়াৰ ভৌগোলিক অৱস্থান আৰু অৱস্থিতি আৰু কেওকাষে বিৰাজ কৰা ভূ-অবয়ৱৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে। ইয়াৰোপৰি পানীৰ উৎস, ৰাস্তা-ঘাটৰ প্ৰসাৰ, নদীৰ গতিপথ ইত্যাদিয়েও কেন্দ্রীভূত বসতিৰ প্ৰকাৰ নিৰূপন কৰে। 

সেয়ে কেন্দ্রীভূত বসতিক পুনৰ কেইবাটা প্রকাৰত বিভক্ত কৰিব পাৰি—

(ক) আয়তক্ষেত্রাকাৰ বসতি।

(খ) ৰৈখিক বসতি।

(গ) বৃত্তাকাৰ বসতি।

(ঘ) তৰাৰূপী বসতি।

(ঙ) ত্ৰিভূজাকাৰ বসতি।

আয়তক্ষেত্রাকাৰ বসতি প্ৰধানকৈ বিস্তৃত সাৰুৱা সমভূমি অঞ্চলত গঢ়ি উঠে। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ গংগা-শতদ্রু সমভূমি অঞ্চলৰ বিশেষকৈ ৰাস্তা সংযোগস্থলত গঢ়ি উঠা বেছিভাগ বসতিয়েই আয়তক্ষেত্রাকাৰ বসতিৰ অন্তৰ্গত।

ৰৈখিক বসতি এবিধ চকুত লগা ধৰণৰ বসতি। এনে ধৰণৰ বসতিত ঘৰ-দুৱাৰবোৰ ৰাস্তা, ৰেললাইন আদিৰ দুয়োকাষে বা নদী, জলসিঞ্চন নলা আদিৰ পাৰত আৰু পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা অঞ্চল বা সাগৰৰ উপকূলীয় অঞ্চলত গঢ়ি উঠে। উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ মধ্য হিমালয় আৰু নিম্ন হিমালয় অঞ্চলৰ নদী উপত্যকা আৰু গংগা-যমুনা সমভূমিত থকা ৰাস্তা-ঘাটৰ কাষে কাষে এনে ৰৈখিক বসতি গঢ়ি উঠা দেখা যায়।

পানীক কেন্দ্ৰ কৰি গঢ়ি উঠা বসতি হৈছে বৃত্তাকাৰ বসতি। উদাহৰণস্বৰূপে অসমত মাছমৰীয়া সম্প্রদায়ৰ বহুলোক মাছ ধৰা বৃত্তি পালন কৰিবলৈ ডাঙৰ হ্রদ- বিল আদিৰ চাৰিওফালে এনে বসতি গঢ়ি তোলা দেখা যায়।

যেতিয়া কিছুমান ঠাইত কেবাদিশৰ পৰা আহি সংলগ্ন হোৱা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতিৰ বিস্তাৰ ঘটে, তাকে তৰাৰূপী বসতি বোলে। তৰাৰূপী বসতিৰ বৈশিষ্ট্য হৈছে এই বসতিত মানুহৰ ঘৰে-দুৱাৰবোৰ ৰাস্তাৰ দাঁতিয়েদি কেওকাষে সম্প্ৰসাৰিণ হয়।

যেতিয়া দুখন বৃহৎ নৈৰ সংগমস্থলত পানীৰ সুবিধা আৰু পলসুৱা মাটিৰ উপলব্ধতাক কেন্দ্র কৰি অঞ্চলটোত এক ত্রিভুজ আকৃতিৰ জনবসতি গঢ়ি উঠে, তাকে ত্রিভুজাকাৰ বসতি বোলা হয়। উদাহৰণস্বৰূপে উত্তৰ ভাৰতৰ নদী গঠিত সমভূমি অঞ্চল তথা পর্বত-পাহাৰৰ নামনি অঞ্চলৰ বোৱতি নদীৰ সংগমস্থলত এনে ধৰণৰ ত্রিভুজ আকৃতিৰ বসতি গঢ়ি উঠা দেখা যায়।

৪। গ্রাম্য আৰু পৌৰ বসতি বুলিলে কি বুজা? এনে বসতিৰ মাজত থকা বৈশিষ্ট্যগত পার্থক্যসমূহ লিখা।

উত্তৰঃ গ্রাম্য বসতি হৈছে গাঁৱ অঞ্চলত বসবাস কৰা লোকসকল। বৃত্তি হিচাপে গাঁৱৰ মানুহৰ প্ৰধান জীবিকা কৃষিকার্য, মাছধৰা, কাঠ কটা, খনিত কাম কৰা আদি। আকৌ পৌৰ বসতি হৈছে চহৰ অঞ্চলত বসবাস কৰা লোকসকল। বৃত্তি হিচাপে নগৰীয়া, মানুহৰ প্ৰধান জীৱিকা শিল্প, ব্যৱসায়-বাণিজ্য আৰু চাকৰি।

গ্ৰাম্য বসতিৰ মানুহৰ শতকৰা প্ৰায় ৭০ ভাগ কৃষিকার্যত নিয়োজিত। আনহাতে পৌৰ বসতিৰ জনসাধাৰণ কৃষিকাৰ্যত জড়িত নহয়। গ্রাম্য বসতিৰ লোকসকলে কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন নিৰ্বাহ কৰে কিন্তু পৌৰ বসতিৰ লোকসকলৰ জীৱিকা হৈছে উদ্যোগ, ব্যৱসায়-বাণিজ্য অথবা চৰকাৰী চাকৰি। পৌৰ বসতিত কিছুমান অতিৰিক্ত সুবিধা যেনে—উন্নত চিকিৎসা সেৱা, উপযুক্ত বজাৰ, যাতায়ত আৰু পৰিবহণ, উচ্চ শিক্ষাৰ কেন্দ্ৰ আদি থকা দেখা যায়। কিন্তু গ্রাম্য বসতিত এনে সুবিধাবোৰ কমকৈ উপলব্ধ হয়। আৰ্হিৰ ওপৰত ভিত্তি কৰি গ্ৰাম্য বসতিক তিনি ভাগত ভগাব পাৰি। যেনে–কেন্দ্রীভূত বসতি, পিণ্ডীভূত বা একত্রিত বসতি আৰু সিঁচৰিত বা বিৰল বসতি।

একোটা জনবসতি প্ৰথমতে প্ৰধানকৈ কৃষিকাৰ্যৰ ওপৰত ভিত্তি কৰি গাঁও হিচাপে গঢ় লৈ উঠে। পাছত কিছুমান গাঁও ক্রমবর্ধমান উদ্যোগিক আৰু বেপাৰ-বাণিজ্যৰ দ্রুত বিকাশ আৰু যাতায়ত তথা যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ ফলত সময়ৰ গতিত নগৰলৈ ৰূপান্তৰিত হয়। অর্থাৎ গাঁও এখনৰ অর্থনৈতিক আৰু ব্যৱস্থাপনাৰ পৰিৱৰ্তনৰ ফলত নগৰৰ সৃষ্টি হয়৷ একেদৰে গ্রাম্য বসতিত অর্থনৈতিক তথা উদ্যোগিক উন্নয়নৰ ফলস্বৰূপে পৌৰ বসতিলৈ সলনি হ’ব পাৰে।

৫। বিৰল বসতি আৰু কেন্দ্রীভূত বসতিৰ মাজত থকা মূল পার্থক্যসমূহ উল্লেখ কৰা।

উত্তৰঃ আৰ্হি, গঠন আৰু বসবাস কৰা মানুহৰ বৃত্তিৰ ওপৰত নিৰ্ভৰ কৰি জনবসতিক শ্ৰেণী বিভক্ত কৰিব পাৰি। আৰ্হি বা আকাৰ অনুসৰি বসতিক প্ৰধানকৈ দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি— বিৰল বসতি আৰু কেন্দ্ৰীভূত বসতি। 

এই দুই প্ৰকাৰৰ বসতিৰ মাজত থকা বৈশিষ্ট্যগত পাৰ্থক্যসমূহ হৈছে—

পৃথিৱীৰ কিছুমান অঞ্চলত বিৰাজ কৰা প্রতিকূল প্রাকৃতিক অৱস্থাৰ বাবে মানুহৰ বসতি বা ঘৰ-বাৰী একেবাৰে পাতল বা সেৰেঙা হয়। পার্বত্য শিলাময় তথা প্রতিকূল জলবায়ু বিৰাজ কৰা অতিপাত গৰম বা ঠাণ্ডা ঠাইবোৰত সাধাৰণতে জনবসতি তেনেই পাতল হয়। ইয়াৰোপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষিবলয় অঞ্চল আৰু অষ্ট্ৰেলিয়াৰ কৃষিপ্রধান অঞ্চলবোৰতো এনে বিৰল বসতি বেছিকৈ দেখা যায়।

কেন্দ্রীভূত বসতিবোৰৰ আকৃতি বা সংৰূপ অনুসাৰে এনে বসতিক কেইবাভাগতো বিভক্ত কৰিব পাৰি। সাধাৰণতে এটা বসতিৰ আকৃতি আৰু আয়তন ইয়াৰ ভৌগোলিক অৱস্থান আৰু অৱস্থিতি আৰু কেওকাষে বিৰাজ কৰা ভূ-অবয়ৱৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে। ইয়াৰোপৰি পানীৰ উৎস, ৰাস্তা-ঘাটৰ প্ৰসাৰ, নদীৰ গতিপথ ইত্যাদিয়েও কেন্দ্রীভূত বসতিৰ প্ৰকাৰ নিৰূপন কৰে। 

সেয়ে কেন্দ্রীভূত বসতিক পুনৰ কেইবাটা প্ৰকাৰত বিভক্ত কৰিব পাৰি—

(ক) আয়তক্ষেত্রাকাৰ বসতি।

(খ) ৰৈখিক বসতি।

(গ) বৃত্তাকাৰ বসতি।

(ঘ) তৰাৰূপী বসতি।

(ঙ) ত্ৰিভূজাকাৰ বসতি।

৬। উদাহৰণ আৰু চিত্রসহ কেন্দ্রীভূত বসতিৰ অন্তর্গত বসতিসমূহৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ সাধাৰণতে মানুহে থূপ খাই স্থাপন কৰা বসতি সংগঠনক কেন্দ্ৰীভূত বসতি বোলে। কেন্দ্রীভূত বসতিবোৰৰ আকৃতি বা সংৰূপ অনুসাৰে এনে বসতিক কেইবাভাগতো বিভক্ত কৰিব পাৰি। 

সেয়া হৈছে—

(ক) আয়তক্ষেত্রাকাৰ বসতি।

(খ) ৰৈখিক বসতি।

(গ) বৃত্তাকাৰ বসতি।

(ঘ) তৰাৰূপী বসতি।

(ঙ) ত্ৰিভূজাকাৰ বসতি।

তলত এই ভাগবোৰৰ বিষয়ে আলোচনা কৰা হ’ল—

(ক) আয়তক্ষেত্রাকাৰ বসতি: সমগ্ৰ পৃথিৱীৰ প্ৰায় ৫০ শতাংশ মানুহ গ্ৰাম্যবসতিত বাস কৰে। এনে বসতিসমূহৰ বেছিভাগৰে আকৃতি আয়তক্ষেত্রাকাৰ। এনে ধৰণৰ বসতি প্ৰধানকৈ বিস্তৃত সাৰুৱা সমভূমি অঞ্চলত গঢ়ি উঠে। । অনুকূল ভূ-অবয়ৱ তথা বহল সাৰুৱাভূমিৰ প্ৰাচুৰ্য্যৰ বাবে এনে আয়তক্ষেত্রাকাৰ বসতিত ৰাস্তা-ঘাটবোৰ প্ৰায় পোন আৰু ৰাস্তাবোৰে ইটোৱে-সিটোক সমকোণত কটাকটি কৰে। ভাৰতবৰ্ষৰ গংগা-শতদ্রু সমভূমি অঞ্চলৰ বিশেষকৈ ৰাস্তা সংযোগস্থলত গঢ়ি উঠা বেছিভাগ বসতিয়েই আয়ত ক্ষেত্ৰাকাৰ বসতিৰ অন্তৰ্গত। জার্মানী, মালয়েছিয়া, ইজৰাইল, ফ্রান্স আদি উন্নত দেশসমূহত সু-পৰিকল্পিতভাৱে গঢ়ি তোলা বসতিসমূহো আয়তক্ষেত্ৰাকাৰ। ইয়াৰোপৰি ভাৰতবৰ্ষৰ চণ্ডীগড়, গান্ধীনগৰ আদি পৰিকল্পিত মহানগৰত গঢ়ি উঠা বসতিও আয়তক্ষেত্রাকাৰ।

(খ) ৰৈখিক বসতি: ৰৈখিক বসতি এবিধ চকুত লগা ধৰণৰ বসতি। এনে ধৰণৰ বসতিত ঘৰ-দুৱাৰবোৰ ৰাস্তা, ৰেললাইন আদিৰ দুয়োকাষে বা নদী, জলসিঞ্চন নলা আদিৰ পাৰত আৰু পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা অঞ্চল বা সাগৰৰ উপকূলীয় অঞ্চলত গঢ়ি উঠে। দৰাচলতে পাহাৰীয়া অঞ্চলৰ এনে ৰৈখিক বসতি অঞ্চলটোৰ ভূ-প্রকৃতি আৰু পানীৰ উপলব্ধতাৰ ওপৰত বাৰুকৈয়ে নিৰ্ভৰ কৰে। আনহাতে নদীৰ পাৰত বসতি বিস্তাৰৰ ক্ষেত্ৰত বানপানীৰ উচ্চতাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। ভাৰতবৰ্ষৰ মধ্য হিমালয় আৰু নিম্ন হিমালয় অঞ্চলৰ নদী উপত্যকা আৰু গংগা-যমুনা সমভূমিত থকা ৰাস্তা-ঘাটৰ কাষে কাষে এনে ৰৈখিক বসতি গঢ়ি উঠা দেখা যায়।

(গ) বৃত্তাকাৰ বসতি: মানুহে যেতিয়া হ্রদ, বিল নাইবা ডাঙৰ পুখুৰীৰ কেওকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰে তাকে বৃত্তাকাৰ বসতি বোলা হয়। পানীক কেন্দ্ৰ কৰি এনেদৰে বসতি স্থাপন কৰিলে সকলোৱে পানীৰ সুবিধা সমভাৱে লাভ কৰে।

মাছমৰীয়া সম্প্ৰদায়ৰ বহুলোক মাছ ধৰা বৃত্তি পালন কৰিবলৈ ডাঙৰ হ্রদ- বিল আদিৰ চাৰিওফালে এনে বসতি গঢ়ি তোলা দেখা যায়। নিমখ আহৰণক কেন্দ্ৰ কৰিও বহুলোকে লুনীয়া পানীৰ হ্ৰদৰ চাৰিওফালে এনে বসতি স্থাপন কৰে। ইয়াৰোপৰি একো একোটা বৃহৎ উদ্যোগ কেন্দ্ৰৰ চাৰিওফালে বহু ঠাইত ঘূৰণীয়াকৈ ঘন জনবসতি গঢ়ি উঠা দেখা যায়।

(ঘ) তৰাৰূপী বসতি: যেতিয়া কিছুমান ঠাইত কেবাদিশৰ পৰা আহি সংলগ্ন হোৱা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতিৰ বিস্তাৰ ঘটে, তাকে তৰাৰূপী বসতি বোলে। সাধাৰণতে সমভূমি অঞ্চলৰ বহু ৰাস্তাৰ সংগমকেন্দ্ৰৰ কেওকাষে এনেধৰণৰ কেন্দ্রীভূত বসতি গঢ়ি উঠে। এনে বসতিৰ বৈশিষ্ট্য এয়ে যে মানুহৰ ঘৰ-দুৱাৰবোৰ ৰাস্তাৰ দাঁতিয়েদি কেওকাষে সম্প্ৰসাৰিত হয়।

(ঙ) ত্রিভূজাকাৰ বসতি: যেতিয়া দুখন বৃহৎ নৈৰ সংগমস্থলত পানীৰ সুবিধা আৰু পলসুৱা মাটিৰ উপলব্ধতাক কেন্দ্ৰ কৰি অঞ্চলটোত এক ত্রিভুজ আকৃতিৰ জনবসতি গঢ়ি উঠে, তাকে ত্রিভুজাকাৰ বসতি বোলা হয়। উত্তৰ ভাৰতৰ নদী গঠিত সমভূমি অঞ্চল তথা পৰ্বত-পাহাৰৰ নামনি অঞ্চলৰ বোৱতি নদীৰ সংগমস্থলত এনে ধৰণৰ ত্রিভুজ আকৃতিৰ বসতি গঢ়ি উঠা দেখা যায়।

৭। নগৰীয় বসতিৰ সৃষ্টি আৰু বিকাশ সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ জনবসতিৰ আৰম্ভণি হয় গাঁওৰ সৃষ্টিৰ দ্বাৰা। যিবোৰ গাঁৱে কৃষি উৎপাদনকে ধৰি আন আন দিশবোৰতো প্রয়োজনীয় সুবিধাবোৰ লাভ কৰে তেন গাঁওবোৰৰ কিছুমানে অতি দ্রুত গতিত বিকাশ লাভ কৰি নগৰলৈ ৰূপান্তৰ হয়। গাঁও এখনৰ কোনো এক বিশেষ সুবিধা তথা অৱস্থানে গাঁওখনক কৃষিভিত্তিক বসতিৰপৰা এখন ব্যৱসায়ভিত্তিক নগৰলৈ ৰূপান্তৰ কৰিব পাৰে। সেইদৰে গাঁও এখনৰ কাষত মূল্যৱান খনিজ সম্পদ আদিৰ সন্ধান ওলালেও গাঁওখন ক্রমে ঔদ্যোগিক নগৰীলৈ ৰূপান্তৰ হ’ব পাৰে। এই ক্ষেত্ৰত অৱশ্যে ৰাস্তা-ঘাট তথা পৰিবহণ ব্যৱস্থাৰ উন্নয়ন আদিয়ে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। নগৰীয়া বসতিৰ সৃষ্টি তথা বিকাশৰ বাবে উপযুক্ত স্থান, পানীৰ ব্যৱস্থা, যাতায়ত ব্যৱস্থা আৰু ভাল অৱস্থিতিৰ প্ৰয়োজন। নগৰসমূহৰ উৎপত্তি আৰু বিকাশত বেপাৰ-বাণিজ্য আৰু শিল্প উদ্যোগ প্রতিষ্ঠাপন আৰু সম্প্ৰসাৰণ বিশেষভাৱে গুৰুত্বপূর্ণ।

নগৰ বিশেষজ্ঞসকলৰ মতে, প্রাচীন কালত নগৰ আদি পুৰণি যাতায়ত পথৰ দাঁতিত বাণিজ্যকেন্দ্র হিচাপে গঢ়ি উঠিছিল। আধুনিক কালতো ইউৰোপীয় উপনিৱেশীয় অঞ্চলসমূহত এনে ধৰণৰ ভালেমান নগৰ গঢ়ি উঠিছে। ভাৰতীয়, চীনদেশীয় আৰু আৰবদেশীয় বণিকসকলেও বহুতো বাণিজ্যকেন্দ্রিক নগৰী সৃষ্টি কৰাত অৱদান যোগাইছে। একোখন নগৰ বাণিজ্যকেন্দ্রিক, সম্পদভিত্তিক, শক্তি সম্পদভিত্তিক, পার্বত্য নিবাসস্থান, সমুদ্রতীৰৱৰ্তী, ক্রীড়াকেন্দ্রিক, ধর্মীয় বা সাংস্কৃতিক, প্রতিৰক্ষামূলক, উদ্যোগকেন্দ্রিক, বয়-বস্তুৰ হস্তান্তৰকেন্দ্ৰিক, যাতায়তৰ সংযোগস্থল আদি হিচাপে সৃষ্টি হ’ব পাৰে। একোটা বিশেষ কার্য সম্পাদন কৰাৰ বাবেও একোখন নগৰৰ সৃষ্টি হ’ব পাৰে। এই কাৰ্যসমূহ হৈছে— প্রশাসনিক, প্রতিক্ষা, সাংস্কৃতিক, সংগ্রহকেন্দ্রিক, উৎপাদনকেন্দ্রিক, পর্যটনকেন্দ্রিক, বিতৰণকেন্দ্রিক, স্বাস্থ্য-আমোদকেন্দ্ৰিক আদি। কিছুমান নগৰ আকৌ বাণিজ্য, শিল্প, প্রশাসন, প্ৰতিৰক্ষা, সাংস্কৃতিক আদি বিভিন্ন কাৰ্যকাৰিতাৰ ওপৰত প্রতিষ্ঠিত।

৮। উদাহৰণসহ প্ৰাকাৰ্যৰ ভিত্তিত নগৰসমূহক বিভক্ত কৰা।

উত্তৰঃ নগৰসমূহ  প্রশাসনিক, প্ৰতিৰক্ষা, সাংস্কৃতিক, সংগ্রহকেন্দ্রিক, উৎপাদনকেন্দ্রিক, পর্যটনকেন্দ্রিক, বিতৰণকেন্দ্রিক, স্বাস্থ্য-আমোদকেন্দ্রিক, আৱাসকেন্দ্রিক আদি বিশেষ  বিশেষ কাৰ্যৰ লগতো জড়িত। সেইবোৰ বাণিজ্য, শিল্প, প্রশাসন, প্রতিৰক্ষা, সাংস্কৃতিক আদি বিভিন্ন কার্যকাৰিতাৰ ওপৰত প্রতিষ্ঠিত। ভাৰতবৰ্ষৰ কলকাতা, মুম্বাই, গুৱাহাটী আদি মহানগৰসমূহ বহু কার্যকাৰিতাৰ ওপৰত প্রতিষ্ঠিত। আনহাতে হালদিয়া, পাৰদীপ আদি সামুদ্রিক বন্দৰ; মুছৌৰী, দার্জিলিং আদি পার্বত্য স্বাস্থ্য তথা পর্যটন নগৰী; বাৰানশী, পুৰী, ঋষিকেশ আদি তীর্থনগৰী; গান্ধীনগৰ, চণ্ডীগড় আদি প্ৰশাসনীয় মহানগৰী; জামছেদপুৰ, ভিলাই, বোকাৰো আদি ঔদ্যোগিক নগৰী হিচাপে ভাৰতবর্ষজুৰি খ্যাত।  ইংলেণ্ডৰ অক্সফৰ্ড আৰু কেমব্রিজ মহানগৰ দুয়োখন বিশ্ববিখ্যাত শিক্ষা-নগৰী।

৯। ‘বসতি শ্রেণীক্রম’ বুলিলে কি বুজা? এই সম্পর্কে উদাহৰণ আৰু চিত্রসহ চমুকৈ লিখা।

উত্তৰঃ গ্ৰাম্য আৰু পৌৰ সকলোধৰণৰ বসতিক আকাৰ অনুসৰি যেতিয়া সৰুৰ পৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱা হয় তাকে বসতি শ্ৰেণীক্ৰম বসতি বোলা হয়। এনে বসতি শ্ৰেণীক্ৰমত থকা বিভিন্ন আকাৰৰ বসতিসমূহৰ মাজত যেনে— গাঁও আৰু নগৰ আদিৰ অন্তৱৰ্তী অংশত তেনে বিশেষ পাৰ্থক্য দেখা নাযায়। ইয়াকে বসতিৰ গ্ৰাম্য-নগৰ অবিচ্ছিন্নতা বা গ্ৰাম্য-নগৰ সান্তত‍্যক বোলা হয়। এটা সম্পূৰ্ণ বসতি শ্ৰেণীক্ৰমত সাধাৰণতে গ্ৰাম্য পৰ্যায়ত কৃষিক্ষেত্ৰিকা ভিত্তিক বাসগৃহৰ পৰা আৰম্ভ কৰি ক্ৰমে চুবুৰী আৰু গাওঁলৈ আৰু পৌৰ পৰ্যায়ত নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে মহানগৰ, নগৰপুঞ্জ আৰু সৰ্বোচ্চ স্থানত নগৰ সংহতি পোৱা যায়। উল্লেখনীয় যে লণ্ডন চহৰেই হ’ল বিশ্বৰ সৰ্বপ্ৰথম মহানগৰী। বসতি শ্ৰেণীক্ৰমত থকা বসতিসমূহৰ পৰ্যায় বৃদ্ধিৰ লগে লগে কাৰ্যকাৰিতা, সা-সুবিধা আৰু স্থানিক প্ৰসাৰ বৃদ্ধি পায় আৰু লগতে জনসংখ্যাও বৃদ্ধি পায়। আনহাতে বসতি শ্ৰেণীক্ৰমৰ নিম্নতম স্তৰৰ পৰা পৰ্যায় ক্ৰমে বসতিৰ সংখ্যা হ্ৰাস পায়। অর্থাৎ এখন দেশত থকা গাঁওৰ সংখ্যাৰ তুলনাত নগৰৰ সংখ্যা বা নগৰৰ তুলনাত মহানগৰৰ সংখ্যা যথেষ্ট কম হয়। উদাহৰণ স্বৰূপে ২০০১ বৰ্ষৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত মুঠতে প্রায় ৬ লাখ গাঁও আৰু ৫ হাজাৰ নগৰ আছিল। এখন মহানগৰ বা নগৰপুঞ্জৰ জনসংখ্যা নগৰ এখনৰ জনসংখ্যাতকৈ বহু বেছি হয়। ২০০১ বৰ্ষৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ এখন নগৰৰ ৫ হাজাৰ জনসংখ্যাৰ তুলনাত দেশৰ সৰ্ববৃহৎ মহানগৰী মুম্বাইৰ জনসংখ্যা ১৬ নিযুত। অসমৰ ক্ষেত্ৰত সৰ্ববৃহৎ মহানগৰী গুৱাহাটীৰ জনসংখ্যা কেৱল মাত্র ৯ লাখ। উল্লেখযোগ্য যে ৰাজ্যখনৰ ১২৫ খন নগৰৰ কেৱল মাত্র ৭ খনহে মহানগৰ পৰ্যায়ৰ, যিবোৰৰ জনসংখ্যা ১ লাখতকৈ অধিক।

১০। গ্রাম্য আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ গ্রাম্য আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ ভিন্নতা আছে। গ্রাম্যাঞ্চলত ভূমি বসতিৰ বাবে ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন  ধৰণৰ কৃষিকাৰ্য যেনে– খেতি, পশুপালন, মীনপালন আদিৰ বাবে ব্যৱহাৰ কৰা হয়। আনহাতে পৌৰ এলেকাত ভূমি বসতিৰ উপৰিও ব্যৱসায় বাণিজ্য, উৎপাদনৰ লগত জড়িত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান স্থাপনৰ বাবে ব্যৱহৃত হয়। গ্ৰাম্য আৰু পৌৰ ভূমি দুয়োবিধ অঞ্চলত আজিকালি উন্নত যাতায়ত আৰু পৰিবহন ব্যৱস্থা দেখা যায়, যত ভূমিৰ বহুল ব্যৱহাৰ  হয়।

গাওঁ অঞ্চলৰ তুলনাত পৌৰ এলেকাৰ ভূমিৰ সৰ্বাধিক ব্যৱহাৰ দেখা যায়। কাৰণ পৌৰ এলেকাৰ ভূমি দিনক দিনে বাঢ়ি অহা জনসংখ্যা, উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰসাৰতাৰ বাবে বসতি বাবে কম হৈ অহা পৰিলক্ষিত হয়। তাৰোপৰি পৌৰ এলেকাৰ নলা নৰ্দমা, আৱৰ্জনা নিষ্কাষণৰ বাবে যিদৰে ভূমিৰ ব্যৱহাৰ হয়, গাওঁ এলেকাত সেইয়া প্ৰায়ে দেখা নাযায়।

১১। ‘কেন্দ্রীয় ব্যৱসায় এলেকা’ বুলিলে কি বুজা? ইয়াৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰঃ নগৰসমূহৰ অন্তৰ্ভাগৰ ভূমিৰ ব্যৱহাৰ আৰু কাৰ্যকাৰিতা প্ৰায় সকলোতে এক নিৰ্দিষ্ট প্ৰতিৰূপৰ হোৱা দেখা যায়। নগৰ এখনৰ কেন্দ্ৰীয় অঞ্চলটোত ব্যৱসায়-বাণিজ্যৰ প্ৰাধান্য থাকে। ইয়াত বিভিন্ন প্ৰকাৰৰ ব্যৱসায় প্ৰতিষ্ঠান, বেংক, কাৰ্যালয়, পাইকাৰী আৰু খুচুৰা বিক্রীকেন্দ্ৰ আদিৰে এই অঞ্চলটো ঠাহ খাই থাকে। মাটিৰ পৰিমাণ সীমিত আৰু মূল্য অত্যধিক হোৱাৰ বাবে এই অঞ্চল সুউচ্চ অট্টালিকাৰে ভৰপূৰ হয়। সেয়ে ইয়াত জনসংখ্যাৰ ঘনত্বও অতি বেছি। নগৰ ভূগোলৰ ভাষাৰ নগৰ এখনৰ এই কেন্দ্ৰীয় অঞ্চলটোক কেন্দ্ৰীয় ব্যৱসায় এলেকা বোলা হয়।

ইয়াৰ মূল বৈশিষ্ট্যসমূহ হ’ল—

(ক) কেন্দ্ৰীয় অংশটো ব্যৱসায়-বাণিজ্যিক প্ৰতিষ্ঠানেৰে ভৰপূৰ  হৈ  থাকে।

(খ) জনবসতি যথেষ্ঠ ঘন। নতুন বসতি স্থাপনৰ বাবে ঠাইৰ অভাৱ ঘটে।

(গ) উন্নত যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰে  এই ঠাইবিলাক সংযোজিত হৈ থাকে।

১২। গ্রাম্য আৰু পৌৰ বসতিৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ গ্রাম্য আৰু পৌৰ বসতিৰ মাজত থকা সম্পৰ্ক আছে। পৃথিৱীত গঢ়ি উঠা বিভিন্ন পৰ্যায়ৰ জনবসতিসমূহ এক প্ৰণালীবদ্ধ অৱস্থাত বান্ধ খাই থাকে। গাঁও বা নগৰ এই সকলোবোৰ জনবসতি ইটোৱে-সিটোৰ ওপৰত নিৰ্ভৰশীল। কোনো কাৰণতে গাঁও এখনক সম্পূৰ্ণভাৱে কাষৰ নগৰ এখনৰ পৰা পৃথক কৰিব নোৱাৰি। কৃষিজাত খাদ্যবস্তুৰ বাবে যিদৰে নগৰ এখনে গাঁওৰ ওপৰত নিৰ্ভৰশীল, ঠিক তেনেকৈ শিক্ষা, স্বাস্থ্য, যন্ত্ৰপাতি আৰু শিল্পোদ্যোগত উৎপাদিত অন্যান্য বহু সামগ্ৰীৰ বাবে গাঁও এখনে নগৰৰ ওপৰত নিৰ্ভৰশীল। যাতায়াত তথা যোগাযোগ ব্যৱস্থা আৰু মানুহৰ মাজত থকা আদান-প্ৰদানৰ যোগেদি গাঁও আৰু নগৰৰ মাজত এনে সম্পৰ্ক সুদৃঢ়ভাৱে বৰ্তী আছে।

১৩। চমুটোকা লিখা:

(ক) জন বসতি আৰু বসতি ভূগোল

উত্তৰঃ মানুহে জীৱন নিৰ্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাইকে জন বসতি বোলে। জনবসতিৰ প্ৰভাৱ পেলোৱা প্রাকৃতিক আৰু সামাজিক কাৰকসমূহ হৈছে— ভূপ্ৰকৃতি আৰু ইয়াৰ গঠন, মাটিৰ গুণাগুণ, তাপ, বৃষ্টিপাত, জলবায়ু, পানীৰ প্ৰাচুৰ্য, খনিজ সম্পদৰ প্ৰাচুৰ্য, পৰিবহন আৰু যোগাযোগৰ স্থান, শিক্ষাৰ কেন্দ্ৰ, প্ৰতিৰক্ষাৰ স্থান আদি।

ভুগোলৰ যি শাখাত মানুহৰ বসতি, বসতিৰ বিস্তাৰ আৰু ইয়াৰ লগত জড়িত প্রাকৃতিক, সাংস্কৃতিক আৰু আর্থ-সামাজিক কাৰকসমূহৰ অধ্যয়ন কৰা হয় তাকে বসতি ভূগোল বোলা হয়। ই মানৱ ভূগোলৰ এটি প্রধান শাখা। বসতি ভুগোলৰ বিকাশৰ ইতিহাস তেনেই চুটি। পৃথিৱী বিখ্যাত জার্মান ভূগোলবিদ কার্ল ৰিটাৰক বসতি ভূগোলৰ জন্মদাতা বোলা হয়। অৱশ্যে ইয়াৰ অধ্যয়ন আন এগৰাকী প্রখ্যাত ভূগোলবিদ ৰিচার্ড হার্টশ্ব’র্ণে উদ্ভাৱণ কৰা উপাদান আৰু অঞ্চলভিত্তিক পদ্ধতিৰে কৰা হয়। উপাদান-ভিত্তিক অধ্যয়নত বসতিৰ অৱস্থান, অৱস্থিতি, আকৃতি, আকাৰ-আয়তন, ক্রিয়াকলাপ আদি সামৰা হয়।

(খ) ৰৈখিক বসতি

উত্তৰঃ ৰৈখিক বসতি এবিধ চকুৰ লগা ধৰণৰ বসতি। এনে ধৰণৰ বসতিত ঘৰ-দুৱাৰবোৰ ৰাস্তা, ৰেলনাইন আদিৰ দুয়োকাষে বা নদী, জনসিঞ্চয় লগা আদিৰ পাৰত আৰু পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা অঞ্চল বা সাগৰৰ উপকূলীয় অঞ্চলত গঢ়ি উঠে। ভাৰতবৰ্ষৰ মধ্য হিমালয় আৰু নিম্ন হিমালয় অঞ্চলৰ নদী উপত্যকা আৰু গংগা-যমুনা সমভূমিত থকা ৰাস্তা-ঘাটৰ কাষে কাষে এনে ৰৈখিক বসতি গঢ়ি উঠা দেখা যায়।

(গ) বৃত্তাকাৰ বসতি

উত্তৰঃ মানুহে যেতিয়া হ্রদ, বিল নাইবা ডাঙৰ পুখুৰীৰ কেওকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰে তাকে বৃত্তাকাৰ বসতি বোলা হয়। পানীক কেন্দ্ৰ কৰি এনেদৰে বসতি স্থাপন কৰিলে সকলোৱে পানীৰ সুবিধা সমভাৱে লাভ কৰে। মাছমৰীয়া সম্প্রদায়ৰ বহুলোক মাছ ধৰা বৃত্তি পালন কৰিবলৈ ডাঙৰ হ্রদ-বিল আদিৰ চাৰিওফালে এনে বসতি গঢ়ি তোলা দেখা যায়। নিমখ আহৰণক কেন্দ্ৰ কৰিও বহুলোকে লুনীয়া পানীৰ হ্ৰদৰ চাৰিওফালে এনে বসতি স্থাপন কৰে। ইয়াৰোপৰি একো একোটা বৃহৎ উদ্যোগ কেন্দ্ৰৰ চাৰিওফালে বহু ঠাইত ঘূৰণীয়াকৈ ঘন জনবসতি গঢ়ি উঠা দেখা যায়।

(ঘ) তৰাৰূপী বসতি

উত্তৰঃ যেতিয়া কিছুমান ঠাইত কেবাদিশৰ পৰা আহি সংলগ্ন হোৱা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণৰ দৰে জনবসতিৰ বিস্তাৰ ঘটে, তাকে তৰাৰূপী বসতি বোলে। সাধাৰণতে সমভূমি অঞ্চলৰ বহু ৰাস্তাৰ সংগমকেন্দ্ৰৰ কেওকাষে এনেধৰণৰ কেন্দ্ৰীভূত বসতি গঢ়ি উঠে। এনে বসতিৰ বৈশিষ্ট্য এয়ে যে মানুহৰ ঘৰ-দুৱাৰবোৰ ৰাস্তাৰ দাঁতিয়েদি কেওকাষে সম্প্ৰসাৰিত হয়।

(ঙ) শিক্ষা তথা সাংস্কৃতিক নগৰী

উত্তৰঃ বেছিভাগ নগৰ পোনপ্ৰথমে কোনো বিশেষ কাৰ্য সম্পাদনৰ বাবে সৃষ্টি হয়। শিক্ষা আৰু সাংস্কৃতিক দিশত অগ্ৰণী ভূমিকা লোৱা  নগৰবোৰকে শিক্ষা আৰু সাংস্কৃতিক নগৰী বোলে। যেনে– ব্ৰিটেইমৰ অক্সফৰ্ড আৰু কেমব্ৰীজ মহানগৰ দুখন বিখ্যাত শিক্ষা নগৰীǀ ঠিক তেনেদৰে সাংস্কৃতিক দিশত অগ্ৰণী অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰখনক সাংস্কৃতিক নগৰ বুলিব পাৰি ǀ

(চ) গ্রাম-নগৰ সান্তত্যক

উত্তৰঃ বসতিৰ গ্রাম্য-নগৰ সান্তত্যক বা গ্রাম্য-চহৰ অবিচ্ছিন্নতা হৈছে বসতিৰ শ্রেণীক্ৰমত থকা বিভিন্ন আকৃতিৰ বসতিসমূহৰ মাজত থকা সামঞ্জস্যতা বা পার্থক্যহীনতা। গ্রাম্য আৰু নগৰ বসতিক আকাৰ অনুসৰি সৰুৰ পৰা ডাঙৰলৈ এক নিৰ্ধাৰিত ক্ৰমত সজাই বসতিৰ শ্ৰেণীক্ৰম কৰা হয়। বসতিৰ শ্রেণীক্রমত থকা ভিন্ন আকাৰৰ বসতিসমূহৰ মাজত যেনে— গাঁও আৰু নগৰ আদিৰ অংশৱতী অংশত তেনে কোনো বিশেষ পার্থক্য থকা পৰিলক্ষিত নহয়। ইয়াক বসতিৰ গ্রাম্য-নগৰ সান্তত্যক বোলা হয়। বসতি শ্ৰেণীক্ৰমত একেবাৰে নিম্নস্তৰৰ দুই-এক সিঁচৰিত কৃষিক্ষেত্ৰিকা ভিত্তিক বাসগৃহ আৰু শীৰ্ষ স্তৰত নগৰ সংহতি থাকে।

(ছ) বসতি শ্রেণীক্রম

উত্তৰঃ গ্ৰাম্য আৰু পৌৰ সকলোধৰণৰ বসতিক আকাৰ অনুসৰি যেতিয়া সৰুৰ পৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱা হয় তাকে বসতি শ্ৰেণীক্ৰম বোলা হয়। এনে বসতি শ্ৰেণীক্ৰমত থকা বিভিন্ন আকাৰৰ বসতিসমূহৰ মাজত যেনে— গাঁও আৰু নগৰ আদিৰ অন্তৱৰ্তী অংশত তেনে বিশেষ পাৰ্থক্য দেখা নাযায়। অৱশ্যে বসতি শ্ৰেণীক্ৰমৰ একেবাৰে নিম্নস্তৰত দুই-এক সিঁচৰতি কৃষিক্ষেত্ৰিকা ভিত্তিক বাসগৃহ বা আৰু শীৰ্ষস্তৰত নগৰ সংহতি থাকে। অৰ্থাৎ এটা সম্পূৰ্ণ বসতি শ্ৰেণীক্ৰমত সাধাৰণতে গ্ৰাম্য পৰ্যায়ত কৃষিক্ষেত্ৰিকা ভিত্তিক বাসগৃহৰ পৰা আৰম্ভ কৰি ক্ৰমে চুবুৰী আৰু গাওঁলৈ আৰু পৌৰ পৰ্যায়ত নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে মহানগৰ, নগৰপুঞ্জ আৰু সৰ্বোচ্চ স্থানত নগৰ সংহতি পোৱা যায়। উল্লেখনীয় যে লণ্ডন চহৰেই হ’ল বিশ্বৰ সৰ্বপ্ৰথম মহানগৰী। বসতি শ্ৰেণীক্ৰমত থকা বসতিসমূহৰ পৰ্যায় বৃদ্ধিৰ লগে লগে কাৰ্যকাৰিতা, সা-সুবিধা আৰু স্থানিক প্ৰসাৰ বৃদ্ধি পায় আৰু লগতে জনসংখ্যাও বৃদ্ধি পায়। আনহাতে বসতি শ্ৰেণীক্ৰমৰ নিম্নতম স্তৰৰ পৰা পৰ্যায় ক্ৰমে বসতিৰ সংখ্যা হ্ৰাস পায়।

(জ) নগৰীয় উপকণ্ঠ

উত্তৰঃ ডাঙৰ নগৰ বা মহানগৰৰ উপকণ্ঠ অঞ্চলত যেতিয়া নগৰীয় কাৰ্যকলাপৰ প্রভাৱত ভূমিদৃশ্য সলনি হৈ নগৰীয় অৱস্থাৰ ফালে ঢাল খায়, তেতিয়া সেই অঞ্চলটোক উপনগৰীয় অঞ্চল বা নগৰীয় উপকণ্ঠ বোলা হয়। এনে অঞ্চলবোৰ যদিও গ্রাম্য জনবসতিৰ অন্তর্গত, তথাপি ভূমিদৃশ্য আৰু মানুহৰ কাৰ্যকলাপবোৰ গাঁও আৰু নগৰৰ এক সংমিশ্রিত ৰূপ। দিল্লী, মুম্বাই, কাণপুৰ, পুনা, গুৱাহাটী আদি সকলোবোৰ ডাঙৰ সৰু মহানগৰীৰ কেওকাষে এনে ধৰণৰ উপনগৰীয় অঞ্চল আছে।

(ঝ) উপ-নগৰ

উত্তৰঃ উপনগৰ হৈছে নগৰ অঞ্চলৰ পৰা কিছু আঁতৰত গঢ় লৈ উঠা কিছু বসতিস্থল। বহু সময়ত নগৰ অঞ্চলৰ পৰা কিছু ব্যৱসায়-বাণিজ্য, উদ্যোগ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান বা বসতিস্থানৰ বিকেন্দ্ৰীকৰণৰ ফলত প্ৰধান নগৰসমূহৰ কিছু আঁতৰত দুই-এখন উপ-নগৰ গঢ়ি উঠে। দিল্লী মহানগৰৰ নিকটৱৰ্তী গুৰগাঁও, নইডা, গাজিয়াবাদ আদি এনেধৰণৰ একো একোটা উপ-নগৰ।

১৪। তোমাৰ গাঁও বা নগৰত থকা স্কুল, নামঘৰ, দোকান আদিকে ধৰি গাঁও বা নগৰখনত থকা জনবসতিৰ এখন চিত্র প্রস্তুত কৰা আৰু বসতিৰ প্ৰকাৰ উল্লেখ কৰা।

উত্তৰঃ শিক্ষকৰ সহায়লৈ নিজে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top