Class 9 Geography Elective Chapter 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

Class 9 Geography Elective Chapter 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ, Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Geography Elective Chapter 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ and select need one.

Join Telegram channel

Class 9 Geography Elective Chapter 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Geography Elective Chapter 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Solutions for All Subject, You can practice these here…

জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

অধ্যায় – ৩

ভূগােল

পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ

প্রশ্ন ১। পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পর্কে লিখা। কিয় আৰু কোন সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল ?

উত্তৰঃ খৃষ্টপূৰ্ব ৮০০০ত পৃথিৱীত মুঠ আনুমানিক জনসংখ্যা আছিল কেৱল ৮ নিযুত। কৃষিকাৰ্যৰ স্থায়ীকৰণৰ পাছত খাদ্যবস্তুৰ যোগান সুচল হোৱাত পৃথিৱীৰ জনসংখ্যা লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। খ্ৰীষ্টাব্দৰ আৰম্ভণিতে পৃথিৱীৰ জনসংখ্যা বৃদ্ধি পাই ২০০ নিযুত হৈছিল। ১৮০৮ শতিকাত পৃথিৱীৰ জনসংখ্যাই ১০০০ নিযুত অতিক্ৰম কৰিছিল। পৰৱৰ্তী দুশ বছৰত পৃথিৱীৰ জনসংখ্যা ৭ গুণ বৃদ্ধি পাই প্রায় ৭০০০ নিযুত হৈছিল। কুৰি শতিকাৰ মাজ ভাগৰ পৰা পৃথিৱীৰ জনসংখ্যা দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰে। ১৯৫০-ৰপৰা ২০০০ চনৰ ভিতৰত অর্থাৎ কেৱল পঞ্চাছ বছৰতে পৃথিৱীৰ জনসংখ্যা ২৫০ কোটিৰ পৰা বৃদ্ধি পাই ৬০০ কোটি হৈছিল। ৰাষ্ট্ৰসংঘৰ এক তথ্য অনুসৰি ২০১১ বৰ্ষৰ ১১ অক্টোবৰ তাৰিখে পৃথিৱীৰ জনসংখ্যা ৭০০ কোটি হৈছে।

কুৰি শতিকাৰ মাজ ভাগত পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি আছিল। ১৯৫০ চনৰ পৰা ২০০০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা ৩৫০ কোটি বৃদ্ধি হৈছিল। এই সময়ছোৱাত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ আছিল খাদ্য যোগানৰ নিশ্চয়তা আৰু খাদ্যসামগ্ৰীৰ প্ৰাচুৰ্যতা, জীৱন ধাৰণৰ মানৰ উন্নয়ন আৰু চিকিৎসা বিজ্ঞানৰ উন্নয়ন। চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ ফলস্বৰূপে মৃত্যুৰ হাব নিম্নগামী হৈছিল কিন্তু নিৰক্ষৰতা তথা অন্ধবিশ্বাসৰ বাবে জন্মৰ হ’ব কমা নাছিল, ফলত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হৈছিল। সিপিঠিৰ তালিকাত পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা দেখুওৱা হ’ল।

তালিকা: পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা

বৰ্ষজনসংখ্যা (আনুমানিক)
( নিযুত হিচাপত)
খৃঃ পূঃ ১০০০০
খৃঃ পূঃ ৮০০০
খৃঃ পূঃ ৫০০০
খৃঃ পূঃ ১০০০
খৃঃ ১
খৃঃ ১০০০
খৃঃ ১৭৫০
খৃঃ ১৮০০
খৃঃ ১৮৫০
খৃঃ ১৯০০
খৃঃ ১৯৫০
খৃঃ ১৯৭০
খৃঃ ১৯৮০
খৃঃ ১৯৯০
খৃঃ ২০০০
খৃঃ ২০১০


১৫
৫০
২০০
৩১০
৭৯১
৯৭৮
১২৬২
১৬৫০
২৫১৯
৩৬৯২
৪৪৩৫
৫২৬৩
৬০৭০
৬৯৭৩

প্রশ্ন ২। পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা কিমান? জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা।

উত্তৰঃ পৃথিৱীৰ বৰ্তমান আনুমানিক জনসংখ্যা ৭০০ কোটিৰো অধিক। জনসংখ্যা বৃদ্ধিৰ স্থানিক তাৰতম্যৰ প্ৰধান কাৰণসমূহ হৈছে জলবায়ু পৰিৱর্তিত আৰ্থ-সামাজিক উন্নয়নৰ পাৰ্থক্য, উচ্চ জন্মৰ হাৰ, নিম্ন মৃত্যুৰ হাৰ, প্ৰব্ৰজন আদি। উষ্ণ আৰু সেমেকা জলবায়ু থকা দেশবোৰত জনসংখ্যাৰ স্বাভাৱিক বৃদ্ধিৰ হাব বেছি হয়। অতিমাত্রা গৰম আৰু অতিমাত্রা সেমেকা, বৰষুণ বেছি হোৱা অঞ্চলৰ দেশবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ কম হয়। শুকান আৰু অতি শীতল মেৰু অঞ্চলত জনসংখ্যা বৃদ্ধিৰ স্বাভাৱিক হাৰ কম হয়। অনুন্নত বা উন্নয়নশীল দেশসমূহৰ পৰা উন্নত দেশলৈ জনসংখ্যাৰ প্ৰব্ৰজনে জনসংখ্যাৰ স্বাভাৱিক হাৰ বৃদ্ধি কৰে। উন্নত দেশৰ তুলনাত উন্নয়নশীল দেশসমূহৰ জনসাধাৰণৰ শিক্ষা-দীক্ষা কম হোৱাৰ বাবে জন্ম নিয়ন্ত্ৰণ আৰু জনসংখ্যা সীমিতকৰণৰ ওপৰত ওকত্ব নিদিয়াৰ ফলতেই জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি হয়। এইবিলাকৰ উপৰিও ধর্ম, সমাজ ব্যৱস্থা আদিয়েও জনসংখ্যাৰ স্থানিক তাৰতম্যত প্রভাৱ পেলায়।

প্রশ্ন ৩। পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ এটি ছবি দাঙি ধৰা।

উত্তৰঃ পৃথিৱীৰ বৰ্তমান জনসংখ্যা বৃদ্ধিৰ আঞ্চলিক তাৰতম্যৰ প্ৰধান কাৰণ হৈছে–উচ্চ জন্মৰ হাৰ আৰু নিম্নগামী মৃত্যুৰ হাৰ, উন্নত যোগাযোগৰ ফলত বিতৰণৰ সুব্যৱস্থা, শিক্ষাৰ বহুল প্ৰচাৰ আৰু জন-প্ৰব্ৰজন। পৰিৱৰ্তিত আৰ্থ-সামাজিক উন্নয়নৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীৰ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত জনসংখ্যা বৃদ্ধিৰ হাৰৰ যথেষ্ট পার্থক্য পৰিলক্ষিত হয়। ১৭৫০-১৯৭০ বৰ্ষৰ কালছোৱাত উন্নত দেশসমূহৰ জনসংখ্যাৰ বাৰ্ষিক গড় বৃদ্ধিৰ হাৰ উন্নয়নশীল দেশসমূহতকৈ যথেষ্ট বেছি আছিল। কিন্তু ১৯৫০-১৯৭০ চনৰ সময়ছোৱাত এই জনসংখ্যা বৃদ্ধিৰ হাৰ উন্নত আৰু উন্নয়নশীল দেশসমূহৰ মাজত সম্পূর্ণ বিপৰীত হয়। উদাহৰণস্বৰূপে, ১৭৫০-১৮৫০ বৰ্ষৰ কালছোৱাত আফ্রিকা মহাদেশৰ বাৰ্ষিক বৃদ্ধিৰ হাৰ ইউৰোপ মহাদেশতকৈ যথেষ্ট কম আছিল। কিন্তু এই বৃদ্ধিৰ হাৰ ১৯৫০-২০০০ বৰ্ষৰ সময়ছোৱাত যথেষ্ট পৰিৱৰ্তিত হৈ আফ্রিকা মহাদেশত ২.৫৫ শতাংশ আৰু ইউৰোপ মহাদেশত ০৬ শতাংশ হৈছিল। পৃথিৱীৰ আটাইতকৈ জনবহুল মহাদেশ এছিয়াৰ জনসংখ্যা বৃদ্ধি আটাইতকৈ বেছি। ১৭৫০-২০০০ বৰ্ষৰ সময়ছোৱাত এছিয়া মহাদেশৰ জনসংখ্যা ৪৯৮ নিযুতৰ পৰা বৃদ্ধি পাই ৩,৩৬১ নিযুত হয়গৈ। 

উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত এই বৃদ্ধি ২ নিযুতৰ পৰা ৩৫৪ নিযুত পর্যন্ত হয়। এছিয়া আৰু উত্তৰ আমেৰিকাৰ মাজত দেখা পোৱা জনসংখ্যা বৃদ্ধিৰ এনে পার্থক্যৰ কাৰণ হৈছে এছিয়া মহাদেশৰ উচ্চ জন্মৰ হাৰ। কিন্তু উত্তৰ আমেৰিকাৰ ক্ষেত্ৰত বৃদ্ধিৰ কাৰণটো হৈছে ইউৰোপ তথা আন আন অঞ্চলৰ পৰা হোৱা জন-প্ৰব্ৰজন। আকৌ ইউৰোপ মহাদেশৰ স্থিৰ তথা একেবাৰে নিম্ন হাৰৰ জনসংখ্যা বৃদ্ধিৰ কাৰণটো হৈছে অতি নিম্ন জন্মহাৰ আৰু আমেৰিকা তথা ওচেনিয়ালৈ ঘটা উচ্চ পৰিমাণৰ বহিঃ প্ৰব্ৰজন। সম্প্রতি জন্মহাৰ যথেষ্ট বেছি থকাৰ বাবে আফ্রিকা মহাদেশৰ প্ৰায় আটাইবোৰ দেশতে আৰু এছিয়া মহাদেশত কেইখনমান মুছলমান প্রধান দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বেছি হোৱা পৰিলক্ষিত হয়।

প্রশ্ন ৪। পৃথিৱীৰ জনসংখ্যা বিতৰণ সম্পর্কে লিখা আৰু অসম বিতৰণৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।

উত্তৰঃ পৃথিৱীৰ সকলো ঠাই মানুহৰ বসবাস উপযোগী নহয়। কিছুমান ঠাইৰ জলবায়ু অতি গৰম আৰু কিছুমান ঠাইৰ জলবায়ু অতিকৈ শীতল। আকৌ কিছুমান ঠাই পর্বত-পাহাৰৰ দ্বাৰা আবৃত আৰু কিছুমান ঠাই বিস্তীর্ণ বনভূমি। এনেবোৰ ঠাইত জীৱন নির্বাহ অতি কষ্টকৰ হয়। পার্বত্য অঞ্চলসমূহত খেতি-বাতি কৰাৰ অসুবিধা আৰু মৰুভূমি অঞ্চলবোৰত পানীৰ নাটনিৰ বাবে মানুহে বসবাস কৰিবলৈ টান পায়। অধিক ভূমিৰ উপৰি উত্তৰ গোলার্ধৰ এক বিস্তীর্ণ ভাগত বিৰাজ কৰা অনুকূল প্ৰাকৃতিক আৰু আর্থ-সামাজিক অৱস্থাৰ বাবে পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৯০ শতাংশ লোক এই অঞ্চলত থুপ খাই আছে। পৃথিৱীৰ মহদেশসমূহৰ ভিতৰত এছিয়াৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি আৰু ওচেনিয়া দেশৰ জনসংখ্যাৰ ঘনত্ব সবাতোকৈ কম।

জনসংখ্যা বিতৰণত বহু ভৌগোলিক কাৰকে প্ৰভাৱান্বিত কৰে। অনসংখ্যাৰ অসম বিতৰণৰ প্ৰধান কাৰকবোৰ হৈছে— জলবায়ু, ভূ-অবয়ব, মৃত্তিকা, শক্তি আৰু খনিজ সম্পদ, যাতায়ত ব্যৱস্থা, আর্থ-সামাজিক ব্যৱস্থা আদি।

প্রশ্ন ৫। জনসংখ্যা বিতৰণৰ ভূ-অবয়ব আৰু জলবায়ুৰ ভূমিকা সম্পর্কে উদাহৰণসহ আলোচনা কৰা।

উত্তৰঃ জনসংখ্যা বিতৰণৰ ক্ষেত্ৰত প্ৰাকৃতিক কাৰকবোৰৰ ভিতৰত জলবায়ুৰ প্ৰভাৱ অতিকৈ গুৰুত্বপূৰ্ণ। কোনো এখন ঠাইৰ উষ্ণতাৰ অৱস্থ্য, বৰষুণৰ পৰিমাণ আৰু বছৰটোত কৃষিকাৰ্যৰ সময়সীমাই ঠাইখনৰ জলবায়ুৰ বৈশিষ্ট্য নিৰ্ধাৰিত কৰে। অতিপাত ঠাণ্ডা বা গৰম আৰু অতিবৃষ্টি বা শুকান অঞ্চলসমূহ কৃষিকাৰ্যৰ বাবে উপযোগী নোহোৱা বাবে সেই ঠাইসমুহ মানুহৰ বসবাসৰ বাবেও উপযোগী নহয়। উদাহৰণস্বৰূপে চাহাবাৰ দৰে অতি শুকান আৰু উষ্ণ মৰুভূমি অঞ্চল বসবাসৰ বাবে অনুপযোগী, সেয়ে জনসংখ্যাৰ ঘনত্ব অতি নগণ্য৷ একেদৰে তুদ্ৰাৰ দৰে বৰফাবৃত মৰুভূমি অঞ্চলবোৰত জনসংখ্যাৰ ঘনত্ব নিচেই কম। আকৌ ক্রান্তীয় মৌচুমী অঞ্চলত অৱস্থিত দক্ষিণ আৰু পুব এছিয়াত বিৰাজ কৰা উপযুক্ত উষ্ণতা আৰু অপর্যাপ্ত বৰষুণ তথা অনুকূল জলবায়ুৰ বাবে কৃষিকাৰ্যৰ মানদণ্ড উন্নত হয় আৰু সেয়ে জনবসতি অধিক হোৱা পৰিলক্ষিত হয়।

আকৌ কোনো এখন ঠাইৰ ভূ-অবয়বৰ প্ৰকৃতিয়েও জনসংখ্যা বিতৰণত যথেষ্ট প্রভাৱ পেলায়। এই ক্ষেত্ৰত ঠাইখনৰ উচ্চতা আৰু পৃষ্ঠভাগৰ প্ৰকৃতিৰ প্রভাৱ অতিকৈ গুৰুত্বপূর্ণ। পার্বত্য অঞ্চল আৰু সমভূমি অঞ্চলৰ মাজত থকা ভূপ্রকৃতিৰ পাৰ্থক্যৰ বাবে জনসংখ্যা বিতৃৰণৰ পাৰ্থক্য পৰিলক্ষিত হয়। নদীগঠিত সমভূমি আৰু উপকুলৱৰ্তী নিম্নভূমি অঞ্চলবিলাকত কৃষিকার্য আৰু যোগাযোগ ব্যৱস্থা উন্নত হোৱা বাবে এনে ঠাইত জনসংখ্যাৰ ঘনত্ব অধিক হয়৷ আকৌ, পর্বত-পাহাৰে আবৃত উচ্চ অসমান ঠাইসমূহ কৃষিকাৰ্যৰ বাবে অনুপযোগী হোৱাৰ লগে লগে যাতায়ত তথা যোগাযোগ ব্যৱস্থা সুচল নহয়। এনে ঠাইবোৰত জনসংখ্যাৰ ঘনত্ব অতি সেৰেঙা। উদাহৰণস্বৰূপে, হিমালয় পার্বত্য অঞ্চলৰ অন্তৰ্গত অৰুণাচল প্রদেশ, জম্মু আৰু কাশ্মীৰ, হিমাচল প্রদেশ আদিত জনবসতি অতি পাতল। আনহাতে, গংগা-ব্রহ্মপুত্র সমভূমি অঞ্চলৰ অন্তৰ্গত উত্তৰপ্ৰদেশ, বিহাৰ, পশ্চিমবংগ, অসম আদি ঠাইত জনবসতি অতি ঘন। ইয়াৰোপৰি কোনো এক ক্ষুদ্ৰ অঞ্চলতো উচ্চতা, ঢাল, নদ-নদী, ভূগৰ্ভৰ জলপৃষ্ঠ আদিৰ পাৰ্থক্যৰ বাবেও জনসংখ্যাৰ বিতৰণ ভিন্ন হোৱা পৰিলক্ষিত হয়।

প্রশ্ন ৬। পৃথিৱীৰ প্ৰধান ঘন বসতিপূর্ণ অঞ্চলসমূহ উল্লেখ কৰি সেইবোৰৰ ভৌগোলিক বৈশিষ্ট্যসমূহ চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ পৃথিৱীৰ প্ৰধান ঘন বসতিপূর্ণ অঞ্চলসমূহ হৈছে–পূব এছিয়া, দক্ষিণ এছিয়া, পশ্চিম ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূৱ উপকূলীয় সমভূমি অঞ্চল, দক্ষিণ আমেৰিকাৰ উপকূলৱৰ্তী অঞ্চল, আফ্ৰিকাৰ নীল অৱবাহিকা, পশ্চিম আফ্ৰিকাৰ উপকূল, দক্ষিণ-পূৱ এছিয়া আদি। এই অঞ্চলসমূহ ঘন জনবসতিপূৰ্ণ হোৱাৰ মূল কাৰণ হৈছে—উপযুক্ত ভৌগোলিক অৱস্থান, নদী তথা উপকূলীয় সমভূমিৰ প্ৰাচুৰ্য, যাতায়তৰ সুবিধা, অনুকূল জলবায়ু, খনিজ সম্পদৰ প্ৰাচুৰ্য, উদ্যোগ-বাণিজ্যৰ বিকাশ আদি।

সাধাৰণতে সমভূমি অঞ্চলত জনবসতি অধিক হয়। ইয়াৰ প্ৰধান কাৰণ হৈছে—সমভূমি অঞ্চলত খেতি-বাতি কৰা, পানী যোগান ধৰা, সহজ যাতায়ত আৰু যোগাযোগ ব্যৱস্থা থকা বাবে শিল্প উদ্যোগ গঢ়ি উঠাৰ যথেষ্ঠ সুবিধা থাকে। যিবোৰ অঞ্চলৰ মাটি সাৰুৱা আৰু পলসুৱা মাটি অধিক পৰিমাণে থাকে, তেনেবোৰ অঞ্চলত জনবসতি ঘন হয়। দক্ষিণ-পূৱ এছিয়াৰ নদী উপত্যকাৰ মাটি সাৰুৱা হোৱা বাবে তাত জনবসতি অধিক হয়। আকৌ নাতিশীতোষ্ণ জলবায়ু অঞ্চলত জনবসতি ঘন হয়। অধিক পৰিমাণে বৃষ্টিপাত হোৱা অঞ্চলসমূহত জনবসতি ঘন হয়। অর্থাৎ পানীৰ প্রাচুর্য থকা অঞ্চলত জনবসতি ঘন হয় কাৰণ জীয়াই থাকিবলৈ তথা কৃষিকাৰ্য কৰিবলৈ আদি বিভিন্ন কামত পানীৰ প্ৰয়োজন হয়।

প্রশ্ন ৭। পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূর্ণ অঞ্চলসমূহ কি কি? সেইবোৰ ঠাইত জনবসতি অতি সেৰেঞ্জ হোৱাৰ প্ৰধান কাৰণবোৰ কি কি ?

উত্তৰঃ পৃথিৱীৰ প্ৰধান অতি পাতল জনবসতিপূর্ণ অঞ্চলসমূহ হৈছে—উত্তৰ আমেৰিকা আৰু ইউৰোপৰ তুন্দ্ৰা অঞ্চল, চাহাৰা মৰুভূমি, কালাহাৰি, গোবি, থৰ আদি উষ্ণ মৰুভূমি অঞ্চল, অতিপাত বৃষ্টিপাত হোৱা নিৰক্ষীয় অৰণ্য অঞ্চল, হিমালয়, ৰকি, এণ্ডিচ আদি উচ্চ পার্বত্য অঞ্চলসমূহৰ লগতে বিষুবীয় অঞ্চল।

এই ঠাইসমূহত জনবসতি অতি সেৰেঙা হোৱাৰ প্ৰধান কাৰণ হৈছে— অতিমাত্রা উত্তাপ, অতিপাত গৰম আৰু শীতল জলবায়ু, শুকান জলবায়ু, ভৌগোলিক অৱস্থান, কৃষিকাৰ্যৰ অসুবিধা, পৰিৱহণ আৰু যাতায়তৰ অসুবিধা আদি। মূলত ভৌগোলিক অৱস্থানৰ বাবে এনে অঞ্চলসমূহৰ জনবসতি সেৰেঙা। অধিকাংশ অঞ্চল পার্বত্য আৰু মালভূমি অৱস্থানৰ হোৱা বাবে জনসাধাৰণৰ বসবাস অনুপযোগী হয়। জনবসতিৰ বাবে অনুকূল নোহোৱা উত্তপ্ত মৰুভূমি আৰু শীতল মেৰু অঞ্চলত মানুহ বসবাস কৰিবলৈ কষ্ট পায় বাবে জনবসতি সেৰেঙা হয়। বিষুবীয় অঞ্চলত অতিপাত বৰষুণ হোৱা বাবে তাত জলবায়ু সেমেকা হয় আৰু ইয়াৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ-আজাৰে মানুহৰ নিৰাপদ বসতিৰ প্রতিবন্ধক হয়। তাৰোপৰি এনে অঞ্চলসমূহৰ মাটি কৃষিকাৰ্যৰ বাবে উপযোগী নোহোৱাৰ বাবেও জনবসতি সেৰেঙা হয়।

প্রশ্ন ৮। ‘জন-প্ৰব্ৰজন’ বুলিলে কি বুজা? ই প্ৰধানকৈ কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ কোনো লোক বা জনগোষ্ঠীয়ে তেওঁলোকৰ নিজৰ বাসস্থান ত্যাগ কৰি অন্য স্থানলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বসবাস কৰিবলৈ লোৱা কার্যক জন-প্ৰব্ৰজন (Human migration) বুলি কোৱা হয়। কোনো বিশেষ কাৰণত এজন লোক বা এটা পৰিয়াল বা বহুতো লোক এখন ঠাইৰপৰা আন এখন ঠাইলৈ প্ৰব্ৰজন কৰাকে জন-প্রব্রজন বুলি ক’ব পাৰি। অৰ্থাৎ জন-প্ৰব্ৰজন হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ জৰিয়তে কোনো জনসমষ্টি এক নির্দিষ্ট ভৌগোলিক স্থানবপৰা আন এক ভৌগোলিক স্থানলৈ বাসস্থানৰ পৰিৱৰ্তন হয়। জন-প্ৰব্ৰজন প্ৰধানকৈ দুই প্ৰকাৰৰ— আন্তঃদেশীয় প্রব্রজন (Internal Migration) আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন (International Migration)। আকৌ ধৰণ অনুসৰি জন-প্ৰব্ৰজনক দুই ভাগত ভাগ কৰিব পাৰি। সেয়া হৈছে—উৎস প্রবাসন (Emigration or Out migration) আৰু আগ্রবাসন (In-migration or Immigration)।

প্রশ্ন ৯। ‘জন-প্ৰব্ৰজন’ কিয় হয় চমুকৈ লিখা।

উত্তৰঃ জন-প্ৰব্ৰজন হোৱাৰ চাৰিটা মূল কাৰণ হৈছে—প্রাকৃতিক, অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক কাৰণ৷ বিভিন্ন প্রাকৃতিক দুর্যোগ যেনে–বানপানী, গৰাখহনীয়া, ভূমিকম্প, জ্বালামুখী, আগ্নেয়গিৰিৰ উদ্‌গীৰণ আদিৰ কাৰণে বাধ্য হৈ মানুহে প্ৰব্ৰজন কৰিবলগীয়া হয়। জন-প্ৰব্ৰজনৰ মুখ্য অর্থনৈতিক কাৰণ হৈছে সংস্থানৰ অভাব, ঋণৰ অভাৱ, নিম্ন পৰ্যায়ৰ জীৱন ধাৰণৰ মানদণ্ড, উৎপাদন ব্যৱস্থাত থকা প্রতিবন্ধকতা আদি। আকৌ জন-প্ৰব্ৰজনৰ ৰাজনৈতিক কাৰণ হৈছে—ৰাজনৈতিক অস্থিৰতা, যুদ্ধ-বিগ্রহ, সন্ত্রাসবাদ, দেশ বিভাজন, চৰকাৰী ‘নীতি আদি। এই ৰাজনৈতিক কাৰণবোৰৰ ফলত স্থায়ী বা অস্থায়ীভাবে জন-প্রব্রজন হয়। জন-প্ৰব্ৰজনৰ সামাজিক কাৰণ হৈছে—শিক্ষা, সংস্কৃতি, ধর্ম আদি। উচ্চ শিক্ষাৰ কেন্দ্ৰ থকা ঠাইলৈ বা সংস্কৃতিসম্পন্ন স্থানলৈ সাধাৰণতে জন-প্ৰব্ৰজন হয়। আকৌ জনসংখ্যাৰ ঘনত্ব বৃদ্ধি, নগৰীকৰণ আদিৰ বাবেও জন-প্ৰব্ৰজন হয়।

প্রশ্ন ১০। জন-প্ৰব্ৰজনৰ আকৰ্ষী আৰু বিকৰ্ষী কাৰকসমূহ উল্লেখ কৰা

উত্তৰঃ জন-প্ৰব্ৰজনৰ আকৰ্ষী কাৰকসমূহ হৈছে-

(ক) কর্ম সংস্থাপনৰ প্ৰাচুৰ্যতা, অনুকূল অর্থনৈতিক অৱস্থা, অধিক উন্নত আর্থিক অৱস্থাৰ সম্ভাৱনা, বর্ধিত বনুৱাৰ চাহিদা, নগৰ তথা উদ্যোগিক উন্নয়ন।

(খ) উচ্চ হাৰৰ দৰমহা, উন্নত জীৱনযাপনৰ মানদণ্ডৰ বাবে।

(গ) নিম্ন জনসংখ্যাৰ ঘনত্ব আৰু বসবাস, উন্নত চিকিৎসা ব্যৱস্থা, উন্নত কৃষি ব্যৱস্থা।

(ঘ) অনুকূল ৰাজনৈতিক পৰিবেশ আৰু সুৰক্ষা ব্যৱস্থা। 

(ঙ) অনুকূল সামাজিক অৱস্থা, বৌদ্ধিক চিত্তাৰ স্বাধীনতা, উন্নত শৈক্ষিক পৰিৱেশ।

চ) অনুকূল প্রাকৃতিক পৰিৱেশ, সাৰুৱা তথা পলসুৱা মাটিৰ প্ৰাচুৰ্যতা।

(ছ) উন্নত তথা আধুনিক যোগাযোগ আৰু যাতায়ত ব্যৱস্থা।

আকৌ জনপ্ৰব্ৰজনৰ বিকৰ্মী কাৰকসমূহ হৈছে—

(ক) কর্মসংস্থাপনৰ অভাৱ, প্রতিকূল অর্থনৈতিক অৱস্থা।

(খ) নিম্নহাৰৰ দৰমহা, জীৱন ধাৰণৰ নিম্ন মানদণ্ড।

(গ) সম্পদৰ তুলনাত বৰ্ধিত জনসংখ্যাৰ হেঁচা, অনুন্নত কৃষি ব্যৱস্থা।

(ঘ) ৰাজনৈতিক অস্থিৰতা, উগ্ৰপন্থীৰ ভাবুকি, জীৱন সম্পত্তিৰ নিৰাপত্তাৰ অভাৱ।

(ঙ) প্রতিকূল সামাজিক পৰিৱেশ, সামাজিক বৈষম্য।

(চ) প্রাকৃতিক দুর্যোগ আৰু প্ৰতিকূল প্রাকৃতিক অৱস্থা।

ছ) যোগাযোগ আৰু যাতায়ত তথা পৰিৱহণ ব্যৱস্থা অনুন্নত বা পিছপৰা।

Sl. No.সূচী-পত্ৰ
Chapter 1বতৰ আৰু জলবায়ু
Chapter 2পৃথিৱীৰ মানুহ
Chapter 3জনসংখ্যা বৃদ্ধি আৰু বিতৰণ
Chapter 4জনবসতি
Chapter 5সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ
Chapter 6অর্থনৈতিক কার্য বা বৃত্তি
Chapter 7কৃষি
Chapter 8উদ্যোগ

প্রশ্ন ১১। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিলে কি বুজা? উদাহৰণসহ দুটা আস্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণ আৰু ফলাফল চমুকৈ লিখা।

উত্তৰঃ আন্তর্জাতিক সীমাৰেখা অতিক্ৰম কৰি এখন দেশৰ পৰা অন এখন দেশলৈ কোনো ব্যক্তি বা জনসমষ্টি প্ৰব্ৰজন হোৱাকে ‘আস্তৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলি কোৱা হয়। অর্থাৎ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন হৈছে কোনো ব্যক্তি বা ব্যক্তিসমষ্টি আন দেশৰপৰা প্ৰব্ৰজন হয়। উদাহৰণস্বৰূপে, বাংলাদেশ, নেপাল আদি দেশৰপৰা উত্তৰ-পূৱ ভাৰতলৈ অহা লোকসকলৰ প্ৰব্ৰজনক আস্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন বুলিব পাৰি।

আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ কাৰণসমূহ হৈছে মূলতঃ ৰাজনৈতিক আৰু অর্থনৈতিক বিশ্বযুদ্ধ, ইউৰোপীয় উপনিৱেশৰ স্বাধীনতা, কিছুমান শক্তিশালী দেশৰ আগ্ৰাসন, ৰোপণ কৃষি আদিৰ বাবে প্ৰধানকৈ আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰ সংঘটিত হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিশ্বযুদ্ধৰ বাবে কেইবা নিযুত মধ্য আৰু পুৱ ইউৰোপৰ লোক পৃথিৱীৰ বিভিন্ন দেশলৈ প্ৰব্ৰঞ্জন ঘটিছিল।

১৯৪৭ চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা সময়ত ভাৰত বিভাজ বাবে প্রায় ২০ নিযুত মানুহে অবিভাজিত ভাৰতবৰ্ষত এটা অংশৰপৰা আন এটা অংশলৈ প্ৰৱস্থিত হৈছিল। আকৌ ১৯৪৮ চনত ইজৰাইল জন্মাৰ পাছত প্রায় ২ নিযুত পেলেষ্টাইন লোক ভগনীয়া হিচাপে আৰব দেশবোৰলৈ প্ৰৱৰ্জিত হৈছিল। উন্নয়নশীল দেশসমূহৰ পৰা বিভিন্ন ৰাজনৈতিক তথা সামাজিক কাৰণত হোৱা প্ৰব্ৰঞ্জনে সমগ্র বিশ্বত কেইবা নিযুত শৰণাৰ্থীৰ সৃষ্টি কৰিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ ফলস্বৰাপে কোনো এখন দেশৰ জনসংখ্যাৰ আকাৰ হঠাতে কল্পনাতীতভাৱে বৃদ্ধি পাবলৈ ধৰে। ফলস্বৰূপে সেই দেশখনৰ খাদ্য সমস্যা, কর্মসংস্থাপনৰ সমস্যাকে ৰ নানান সমস্যা সৃষ্টি হ’ব পাৰে। আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ ফলত জনসংখ্যাৰ গাঁথনিৰ যথেষ্ট পৰিৱৰ্তন ঘটে আৰু বিভিন্ন ঠাইত নানা আর্থ-সামাজিক সমস্যা সৃষ্টি হয়।

প্রশ্ন ১২। চমুটোকা লিখা—

(ক) জন বিস্ফোৰণ।

(খ) জনসংখ্যাৰ ঘনত্ব।

(গ) অন্তর্দেশীয় প্ৰব্ৰজন।

(ঘ) আন্তঃদেশীয় প্ৰব্ৰজন।

(ঙ) জন-প্ৰব্ৰজনৰ আকৰ্ষী কাৰক।

(চ) জন-প্ৰব্ৰজনৰ বিকৰ্ষী কাৰক।

(ছ) বাংলাদেশ-ভাৰত জন-প্ৰব্ৰজন।

উত্তৰঃ (ক) জন বিস্ফোৰণ :- দ্ৰুতগতিত হোৱা জনসংখ্যাৰ বৃদ্ধিকেই জন বিস্ফোৰণ বুলি কোৱা হয়। উন্নয়নশীল দেশ বা তৃতীয় বিশ্বৰ দেশসমূহত জনসংখ্যা বৃদ্ধিৰ হাঁৰ অতি বেছি। দ্রুতগতিত হোৱা জনসংখ্যাৰ বৃদ্ধিৰ বাবে দেশৰ ঠাই বিশেষে জনসংখ্যাৰ আকাৰ বৃদ্ধি পাইছে। উন্নয়নশীল দেশসমূহত হোৱা জনসংখ্যাৰ দ্রুত বৃদ্ধিৰ বাবে পৃথিৱীত জনসংখ্যাৰ বিস্ফোৰণ হোৱা বুলি কোৱা হয়। ১৮০০–১৯৫০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা ১৫০ কোটি বৃদ্ধি পাইছিল। কিন্তু ১৯৫০- ২০০০ চনৰ ভিতৰত কেৱল পঞ্চাশ বছৰতে পৃথিৱীৰ জনসংখ্যা ৩৫০ কোটি বৃদ্ধি পায়, যাক জন বিস্ফোৰণ (Population explosion) বোলা হয়।

(খ) জনসংখ্যাৰ ঘনত্ব :- জনসংখ্যাৰ ঘনত্ব (density of popula tion) হৈছে প্ৰতি বৰ্গকিল’মিটাৰ অঞ্চলত বসবাস কৰা মানুহৰ সংখ্যা। অর্থাৎ এটা অঞ্চলত বসবাস কৰা মুঠ জনসংখ্যাক অঞ্চলটোৰ মুঠ মাটিকালিৰে হৰণ কৰিলে যি ফলাফল পোৱা যায় তাকে জনসংখ্যার ঘনত্ব বোলা হয়। পৃথিৱীৰ নাতিশীতোষ্ণ জলবায়ু অঞ্চল আৰু নদী উপত্যকাৰ সভূমিকা অত জনসংখ্যার ঘনত্ব অধিক। আনহাতে, পর্বতি-পাহাৰ তথা মালভূমি পৰু উষ্ণ জলবায়ু অত জনসংখ্যার ঘনত্ব

(গ) অন্তদেশীয় এরজন :- নিজ দেশৰ ভিতৰতে এখন ঠাইৰপৰা আন এখন ঠাইলৈ বা এখন বাজাৰপৰা আন এখন ৰাজলৈ হোৱা প্ৰব্ৰজনক অন্তদেশীয় প্রব্রজন (Intermal Migration) বোলা হয়। উদাহৰণস্বৰূপে বিহাৰী বনুৱাসকল অসমলৈ আহি বসতি কৰিলে বা চাহ বনুৱাসল ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা আহি অসমত বসবাস কৰিলে তা অন্তর্দেশীয় প্ৰব্ৰজন বুলি কোৱা হয়। সাধাৰণতে অন্তর্দেশীয় প্ৰব্ৰজনে কোনো দেশৰ জনসংখ্যা বৃদ্ধিত সমস্যাৰ সৃষ্টি নকৰে। এই প্ৰব্ৰজনৰ ফলত দেশৰ সৰ্বমুঠ জনসংখ্যা একে থাকে। অৱশ্যে এনে ধৰণৰ স্থানীয় প্ৰব্ৰজনৰ যোগেদি আন ঠাইত বসতি স্থাপন হলে সেই ঠাইত কিছু সমস্যা সৃষ্টি হ’বও পাৰে। অন্তর্দেশীয় প্ৰব্ৰজন চাৰিটা দিশত হ’ব পাৰে— গাঁৱৰপৰা নগৰলৈ, নগৰৰপৰা গাঁৱলৈ, নগৰৰপৰা নগৰলৈ আৰু গাঁৱৰপৰা গাঁৱলৈকে।

(ঘ) আন্তঃদেশীয় প্রব্রজন :- আন্তর্জাতিক সীমাৰেখা অতিক্ৰম কৰি এখন দেশৰ পৰা অন্য এখন দেশলৈ কোনো ব্যক্তি বা জনসমষ্টিৰ প্ৰব্ৰজন হোৱাকে আস্তঃদেশীয় প্ৰব্ৰজন (International Migration) বোলা হয়। অর্থাৎ আস্তঃদেশীয় প্ৰব্ৰজন হৈছে কোনো ব্যক্তি বা ব্যক্তিসমষ্টি আন দেশৰপৰা বা আন দেশলৈকে প্ৰব্ৰজন হোৱা। উদাহৰণস্বৰূপে, বাংলাদেশ, নেপাল আদিৰপৰা উত্তৰ-পূৱ ভাৰতলৈ অহা লোকসকলৰ প্ৰব্ৰজনক আস্তঃদেশীয় প্ৰব্ৰজন বুলি কোৱা হয়। এই প্ৰব্ৰজনৰ ফলস্বৰূপে কোনো দেশৰ জনসংখ্যাৰ আকাৰ যথেষ্ট সালসলনি হ’ব পাৰে আৰু নানাধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

( ঙ ) জন-প্ৰব্ৰজনৰ আকৰ্ষী কাৰক :- জন-প্ৰব্ৰজনৰ আকৰ্ষী বা আকর্ষণজনিত কাৰকসমূহ (Pull Factor) হৈছে—কৰ্মসংস্থাপনৰ প্ৰাচুৰ্য, অনুকূল অর্থনৈতিক অৱস্থা, অধিক উন্নত আর্থিক অৱস্থাৰ সম্ভাৱনা, বর্ধিত বনুৱাৰ চাহিদা, নগৰ তথা উদ্যোগিক উন্নয়ন, উচ্চহাৰৰ দৰমহা, উন্নত জীৱনধাৰণৰ মান, উন্নত চিকিৎসা ব্যৱস্থা, উন্নত কৃষি ব্যৱস্থা, উচ্চহাৰৰ দৰমহা, অনুকূল ৰাজনৈতিক পৰিৱেশ আৰু সুৰক্ষা ব্যৱস্থা, অনুকূল সামাজিক অৱস্থা, বৌদ্ধিক চিন্তাৰ স্বাধীনতা, উন্নত শৈক্ষিক পৰিৱেশ, সাকৱা ভূমিব প্রাচুর্য, উন্নত তথা আধুনিক যাতায়ত আৰু যোগাযোগ ব্যৱস্থা আৰু অনুকূল প্রাকৃতিক পৰিৱেশ। এনেবোৰ কাৰকে কোনো লোকক আকৰ্ষিত কৰে, ফলত প্ৰব্ৰজন হয়।

(চ) জন-প্ৰব্ৰজনৰ বিকৰ্ষী কাৰক :- জন-প্ৰব্ৰজনৰ বিকৰী কাৰকসমূহ (Push Factor) হৈছে—প্রতিকূল অর্থনৈতিক অৱস্থা, কর্মসংস্থাপনৰ অভাৱ, নিম্নহাবৰ দৰমহা তথা নিম্ন জীৱন ধাৰণৰ মানদণ্ড, সম্পদৰ তুলনাত অত্যাধিক জনসংখ্যাৰ হেঁচা, নিম্ন তথা অনুন্নত কৃষি উৎপাদন, ৰাজনৈতিক অস্থিৰতা, মানুহৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ অভাৱ, সামাজিক বৈষম্য, প্রতিকূল সামাজিক পৰিৱেশ, প্রাকৃতিক দুর্যোগ আৰু প্ৰতিকূল প্রাকৃতিক অৱস্থাৰ লগতে পিছপৰা যাতায়ত আৰু যোগাযোগ ব্যৱস্থা। প্ৰব্ৰজনৰ উৎসস্থানত এই বিকর্ষী কাৰকসমূহে ক্ৰিয়া কৰিলে মানুহে সেই স্থানৰপৰা যাবলৈ বাধ্য হয়।

(ছ) বাংলাদেশ-ভাৰত জন-প্ৰব্ৰজন :- বাংলাদেশ-ভাৰত জন-প্ৰব্ৰজন হৈছে এক আন্তঃৰাষ্ট্ৰীয় জন-প্ৰব্ৰজন। ১৯৪৭ চনত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ লগে লগে ভাবত বিভাজন হৈ হিন্দুস্থান আৰু পাকিস্থান দুখন দেশত ভাগ হয়। পূৰ্ববংগৰ মুছলমান প্রধান অঞ্চলটো বাংলাদেশ হিচাপে চিহ্নিত হ’ল।

বাংলাদেশত মুছলমান লোকৰ সংখ্যা অধিক হোৱা বাবে সেই সময়ত বাংলাদেশৰ পৰা অধিক সংখ্যক হিন্দু মানুহক ভাৰতলৈ পঠিয়াই দিয়ে। এনেদৰে ভাৰতবৰ্ষলৈ বাংলাদেশী মানুহৰ সোঁত ববলৈ লয়। বাংলাদেশখন অসমৰ সীমাৱতী হোৱা বাবে অসমত বাংলাদেশী প্ৰব্ৰজনকাৰী লোকৰ সংখ্যা অধিক। বাংলাদেশৰ পৰা ভাৰতলৈ হোৱা এই অবিৰত অনুপ্ৰৱেশে ভাৰতবৰ্ষৰ জনগাঁথনিত বিশেষকৈ অসমৰ জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে।

প্রশ্ন ১৩। তোমাৰ অঞ্চলটোত জনসংখ্যাৰ ঘনত্ব কম-বেছি হোৱাৰ কাৰণ উল্লেখ কৰা।

উত্তৰঃ কোনো এটা অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব বেছি হোৱাৰ মূল কাৰণসমূহ হৈছে—উপযুক্ত ভৌগোলিক অৱস্থান, নদী তথা উপকূলীয় সমভূমিৰ প্ৰাচুৰ্য, অনুকূল জলবায়ু, খনিজ সম্পদৰ প্ৰাচুৰ্য, যাতায়ত-পৰিৱহণৰ সুবিধা, উদ্যোগ বাণিজ্যৰ বিকাশ, কৃষিকার্যত অধিক উৎপাদন আদি।

আকৌ কোনো অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব কম হোৱাৰ প্ৰধান কাৰণসমূহ হৈছে—পৰ্বত-পাহাৰে আবৰা ভৌগোলিক অৱস্থান, কৃষিকাৰ্যৰ অসুবিধা আৰু নিম্ন উৎপাদনশীলতা, গৰম তথা শুকান জলবায়ু, যাতায়ত – পৰিৱহণৰ অসুবিধা, পানীৰ নাটনি, উদ্যোগ শিল্পৰ সুবিধা নথকা, শিক্ষা তথা স্বাস্থ্যসেৱাৰ অপ্রাচুর্যতা আদি। অর্থাৎ যিবোৰ ঠাই পৰ্বত-পাহাৰ আৰু মালভূমিৰ দ্বাৰা গঠিত, য’ত সমতল ভূমি নাই, আহল-বহল নদীৰ অভাৱ, ব্যৱসায়-বাণিজ্যৰ সুবিধা নাই, তেনে ঠাইবোৰত জনসংখ্যাৰ ঘনত্ব কম হয়।

[তোমালোকে নিজৰ নিজৰ অঞ্চলৰ ভৌগোলিক অৱস্থান অনুসৰি জনসংখ্যাৰ ঘনত্ব কম-বেছি হোৱাৰ কাৰণসমূহ উল্লেখ কৰিবা।]

প্রশ্ন ১৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(ক) কোন বছৰ পৃথিৱীৰ জনসংখ্যা প্রায় ১ মহানিযুত আছিল ?

(১) ১৯৫০ চনত।

(২) ১৮০৮ চনত।

(৩) ১৯০৮ চনত।

(৪) ১০০৮ চনত।

উত্তৰঃ (২) ১৮০৮ চনত।

(খ) পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো কি ?

(১) জন্মহাৰ বৃদ্ধি।

(২) মৃত্যুহাৰ হ্ৰাস।

(৩) জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস। 

(৪) প্ৰব্ৰজন।

উত্তৰঃ (৩) জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস।

(গ) পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন ?

(১) আফ্রিকা।

(২) ওচেনিয়া।

(৩) ইউৰোপ।

(৪) দক্ষিণ আমেৰিকা।

উত্তৰঃ (২) ওচেনিয়া।

(ঘ) তলৰ দেশসমূহৰ কোনখনত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি ?

(১) জাপান।

(২) ভাৰতবৰ্ষ।

(৩) বাংলাদেশ।

(৪) ইন্দোনেছীয়া।

উত্তৰঃ (৩) বাংলাদেশ।

প্রশ্ন ১৫। শিক্ষকৰ তত্ত্বাৱধানত তোমাৰ গাঁও বা চুবুৰীৰ কমেও ৩০টা ঘৰৰ এটা বছৰৰ জন্ম আৰু মৃত্যুৰ সংখ্যাৰ তথ্য সংগ্ৰহ কৰা আৰু এখন তালিকা প্রস্তুত কৰা। জনসংখ্যা বিতৰণৰ প্ৰধান কাৰকবোৰ বাছি উলিওৱা। তোমালোকৰ অঞ্চলটোত জনবসতি কম বা বেছি হোৱাৰ কাৰণসুহ উল্লেখ কৰা।

উত্তৰঃ শিক্ষকৰ সহায়ত তোমালোকে কৰিবলৈ চেষ্টা কথা।

1 thought on “Class 9 Geography Elective Chapter 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising