⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Assamese Chapter 8 বীৰুবালা ৰাভা

Class 6 Assamese Chapter 8 বীৰুবালা ৰাভা Question Answer to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Assamese Chapter 8 বীৰুবালা ৰাভা Solutions and select need one. Class 6 Assamese Chapter 8 বীৰুবালা ৰাভা Solutions Download PDF. Class 6 Assamese Question Answer As Per SCERT New Book Syllabus.

Class 6 Assamese Chapter 8 বীৰুবালা ৰাভা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Assamese New Textual Question Answer are part of All Subject Solutions. Here we have given SCERT Class 6 Assamese New Book Solutions, ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ Solutions for All Chapters, You can practice these here.

Chapter: 8

ক্রিয়া-কলাপ
পাঠভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

(i) কাৰ গাত পৰীয়ে বাহ লৈছিল বুলি দেওধনীয়ে মঙল চাই কৈছিল?

(ক) ধৰ্মেশ্বৰ ৰাভাৰ গাত।

(খ) কুমলী ৰাভাৰ গাত।

(গ) বিষুপ্রসাদ ৰাভাৰ গাত।

(ঘ) দয়ালু ৰাভাৰ গাত।

উত্তৰঃ (ক) ধৰ্মেশ্বৰ ৰাভাৰ গাত।

(ii) ‘অসম ডাইনী অপৰাধ (প্রতিৰোধ, নিষিদ্ধ আৰু সুৰক্ষা) আইন’ কেতিয়া প্রণয়ন কৰা হৈছিল?

(ক) ২০১১ খ্রীষ্টাব্দত।

(খ) ২০১৭ খ্রীষ্টাব্দত।

(গ) ২০১৫ খ্রীষ্টাব্দত।

(ঘ) ২০২১ খ্রীষ্টাব্দত।

উত্তৰঃ (গ) ২০১৫ খ্রীষ্টাব্দত।

২। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।

(ক) বীৰুবালা ৰাভাৰ কেনেধৰণৰ স্বভাৱে সকলোকে আকর্ষিত কৰিছিল?

উত্তৰঃ বীৰুবালা ৰাভাৰ অমায়িক আৰু সাহসী স্বভাৱে সকলোকে আকর্ষিত কৰিছিল।

(খ) বীৰুবালা কিয় শিক্ষকৰ প্রিয়পাত্র আছিল?

উত্তৰঃ বীৰুবালা ৰাভাৰ নেতৃত্বসুলভ গুণ আৰু বিদ্যালয়ৰ কামত আগৰণুৱা হিচাপে থকা বাবে তেওঁ শিক্ষকৰ প্ৰিয়পাত্র আছিল।

(গ) বীৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম কি আছিল?

উত্তৰঃ বীৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংগঠনটোৰ নাম “মিছন বীৰুবালা” আছিল।

(ঘ) বীৰুবালা ৰাভাৰ ‘মিছন বীৰুবালা’ অভিযানক অসম চৰকাৰে কি হিচাপে স্বীকৃতি দিছিল?

উত্তৰঃ বীৰুবালা ৰাভাৰ ‘মিছন বীৰুবালা’ অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিছিল।

(ঙ) ৰাজ্য চৰকাৰে বীৰুবালা ৰাভালৈ কি বঁটা আগবঢ়াইছিল?

উত্তৰঃ ৰাজ্য চৰকাৰে বীৰুবালা ৰাভালৈ সতী সাধনী বঁটা আগবঢ়াইছিল।

(চ) ভাৰত চৰকাৰে বীৰুবালা ৰাভাক কি সন্মান যাচিছিল?

উত্তৰঃ ভাৰত চৰকাৰে বীৰুবালা ৰাভাক পদ্মশ্ৰী সন্মান যাচিছিল।

৩। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) বীৰুবালা ৰাভাই ডাইনী বিশ্বাসৰ কবলৰপৰা সমাজখন কিয় মুক্ত কৰাৰ পণ লৈছিল?

উত্তৰঃ ডাইনী সন্দেহত বহু নাৰীক হত্যা কৰা হৈছিল। বীৰুবালা ৰাভাই এই অন্যায় ৰোধ কৰিবৰ বাবে সমাজক মুক্ত কৰিবলৈ পণ লৈছিল।

(খ) ‘মিছন বীৰুবালা’ অভিযানে ডাইনী বিশ্বাসৰ বিৰুদ্ধে কেনেদৰে কাম কৰিছিল?

উত্তৰঃ ২০১১ খ্ৰীষ্টাব্দত বীৰুবালাই অসম মহিলা সমতা ছ’চাইটিৰ লগ হৈ ‘মিছন বীৰুবালা’ নামেৰে এক অভিযান আৰম্ভ কৰিলে। এই অভিযানক অসম চৰকাৰে ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিলে। এই অভিযানৰ যোগেদি ৰাভাই ডাইনী বিশ্বাসৰ বলি হোৱা পঞ্চাশৰো অধিক লোকৰ জীৱন ৰক্ষা কৰিলে। লগতে ব্যক্তিগত প্ৰচেষ্টাৰেও তেওঁ পঁয়ত্রিশগৰাকী লোকৰ প্ৰাণৰক্ষা কৰিলে। বীৰুবালা ৰাভাৰ লগতে মিছন বীৰুবালা অভিযানৰ ডাইনী বিৰোধী আন্দোলনে সমগ্ৰ অসমৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিলে। ২০১৫ খ্ৰীষ্টাব্দত অসম চৰকাৰে ‘অসম ডাইনী অপৰাধ (প্ৰতিৰোধ, নিষিদ্ধ আৰু সুৰক্ষা) আইন প্রণয়ন কৰিলে। এই আইন অনুসৰি ডাইনী হত্যাত জড়িত লোকসকলক জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰিব পাৰে।

৪। বীৰুবালা ৰাভাৰ জীৱনৰ বিষয়ে দহটা বাক্য লিখা।

উত্তৰঃ বীৰুবালা ৰাভাই তেওঁৰ জীৱন কালত বহুতো বঁটা-বাহন লাভ কৰিছিল। ২০০৫ খ্ৰীষ্টাব্দত বীৰুবালা ৰাভাক ৰাষ্ট্ৰসংঘই ‘শান্তিৰ নোবেল বঁটা’ৰ বাবে মনোনীত কৰিছিল। ২০১৫ খ্রীষ্টাব্দত গুৱাহাটী বিশ্ববিদ্যালয়ে ‘ডক্টৰেট ডিগ্রী’ৰে তেওঁক সন্মানিত কৰে। অসম চৰকাৰে তেওঁলৈ ২০১৭ খ্রীষ্টাব্দত ‘সতী সাধনী বঁটা’ আগবঢ়ায়। ২০২১ খ্রীষ্টাব্দত তেওঁক ভাৰত চৰকাৰে ‘পদ্মশ্রী’ সন্মান প্রদান কৰে। ইয়াৰ উপৰি বীৰুবালা ৰাভাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ‘ৰিয়েল হিৰো বঁটা’, সদৌ অসম ছাত্ৰ সন্থাই আগবঢ়োৱা ‘সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সংহতি বঁটা’ লাভ কৰে।

৫। অন্ধবিশ্বাসে মানুহক কিদৰে বিপদত পেলায়? দলত আলোচনা কৰা।

উত্তৰঃ অন্ধবিশ্বাস হৈছে যুক্তিবিহীন বিশ্বাস, যাৰ ফলত মানুহে ভুল সিদ্ধান্ত লয়। বহু সময়ত অসুখ-বেমাৰত ডাক্তৰৰ পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে তান্ত্ৰিক বা জাদুটোনাত বিশ্বাস কৰি চিকিৎসাৰ সুযোগ নষ্ট হয়, তেতিয়া মানুহৰ জীৱনলৈ বিপদ আহিব পাৰে। আনহাতে, কিছুমান লোকে কু-সংস্কাৰ বিশ্বাস কৰি ধন-সম্পত্তি নষ্ট কৰে। অন্ধবিশ্বাসৰ ফলত সমাজত কেতিয়াবা বিভেদ, হিংসা আৰু অশান্তিও সৃষ্টি হয়। ই মানুহৰ চিন্তাশক্তি হ্রাস কৰে আৰু স্বাভাৱিক জীৱন বিঘ্নিত কৰে। সেয়ে, অন্ধবিশাস এৰা আৰু যুক্তিবাদী মনোভাৱ গঢ়ি তোলা অতি প্রয়োজন।

ভাষা-অধ্যয়ন

৬। তলত দিয়া সন্ধিবোৰ ভাঙি লিখা।

(i) খ্রীষ্টাব্দ = + (অ + অ ⇒ আ)।

উত্তৰঃ খ্রীষ্টাব্দ = খ্ৰীষ্ট + আব্দ (অ + অ ⇒ আ)।

(ii) হিমালয় = + (অ + অ ⇒ আ)।

উত্তৰঃ হিমালয় = হিম + আলয় (অ + অ ⇒ আ)।

(iii) অতীত = + (ই + ই ⇒ ঈ)।

উত্তৰঃ অতীত = অতি + ইত (ই + ই ⇒ ঈ)।

(iv) স্বেচ্ছা = + (অ + ই ⇒ এ)।

উত্তৰঃ স্বেচ্ছা = স্ব + ইচ্ছা (অ + ই ⇒ এ)।

(v) নৱোদয় = + (অ + উ ⇒ ও)।

উত্তৰঃ নৱোদয় = নৱ + উদয় (অ + উ ⇒ ও)।

৭। তলত দিয়া সন্ধিবোৰ ভাঙি লিখা।

(i) তদুপৰি = + (ৎ → দ্ + উ)।

উত্তৰঃ তদুপৰি = তৎ + উপৰি।

(ii) সম্পূর্ণ = +  (ম্ + প)।

উত্তৰঃ সম্পূর্ণ = সম্ + পূর্ণ।

(iii) উদ্ধাৰ = +  (ৎ → দ্ + ধ)।

উত্তৰঃ উদ্ধাৰ = উৎ + ধাৰ।

(iv) সংহতি = + (ম্ → ং + হ)।

উত্তৰঃ সংহতি = সম্ + হতি।

(v) চলচ্চিত্র = + (ৎ → চ্ + চ)।

উত্তৰঃ চলচ্চিত্র = চলৎ + চিত্র।

৮। তলত দিয়া শব্দবোৰ সন্ধি অনুসৰি তালিকাভুক্ত কৰা-

সচ্চৰিত্ৰ, সংহাৰ, মহাশয়, প্রতীক্ষা, দেৱালয়, নীলোৎপল, সজ্জন, সংহতি, চন্দ্রোদয়, সমিতি, সম্ভাৱ।

স্বৰসন্ধিব্যঞ্জনসন্ধি

উত্তৰঃ

স্বৰসন্ধিব্যঞ্জনসন্ধি
দেৱালয়সচ্চৰিত্ৰ
নীলোৎপলসংহাৰ
চন্দ্রোদয়মহাশয়
প্রতীক্ষাসজ্জন
সংহতি
সমিতি
সম্ভাৱ

৯। গামোচাত থকা শব্দবোৰ অভিধানত থকাৰ দৰে বর্ণানুক্রমিকভাৱে লিখা।

কাৰণকিছুসমাজসাহস
দুখদেওধনীদেউতাবঁটা
বিশ্ববন্তিকৃষিসিঁচৰতি
কুটুমবাটদূৰসুলভ

উত্তৰঃ 

কদবস
কাৰণদুখবিশ্বসমাজ
কিছুদেওধনীবন্তিসাহস
কুটুমদূৰবাটসিঁচৰতি
কৃষিদেউতাবঁটাসুলভ

১০। তলত দিয়া শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা―

(i) হতাশ।

উত্তৰঃ পৰীক্ষাত ভাল ফল নোহোৱাৰ পাছত সি বৰ হতাশ হৈ পৰিল।

(ii) পার্গত।

উত্তৰঃ বীৰুবালা ৰাভা সমাজ সংস্কাৰ আৰু ন্যায়ৰ ক্ষেত্ৰত যথেষ্ট পার্গত আছিল।

(iii) অশিক্ষিত।

উত্তৰঃ অশিক্ষিত লোকসকলে সাধাৰণতে কু-সংস্কাৰত বিশ্বাস কৰে।

(iv) গৌৰৱ।

উত্তৰঃ অসমৰ সাংস্কৃতিক ঐতিহ্য আমাৰ গৌৰৱ।

(v) বিশ্বাস।

উত্তৰঃ আমি ঈশ্বৰৰ ওপৰত বিশ্বাস স্থাপন কৰো।

(vi) প্রিয়পাত্র।

উত্তৰঃ বীৰুবালা বিদ্যালয়ত সকলো শিক্ষকৰ প্ৰিয়পাত্ৰ আছিল।

১১। তলত দিয়া শব্দবোৰৰ লিংগ নির্ণয় কৰি তালিকাভুক্ত কৰা-

মা, পুৰুষ, ৰাণী, অধ্যাপক, শিক্ষয়িত্রী, দমৰা, আইতা, বোন্দা, দেৱী, ল’ৰা।

পুলিংগস্ত্ৰীলংগ

উত্তৰঃ 

পুলিংগস্ত্ৰীলংগ
পুৰুষ, অধ্যাপক, দমৰা, বোন্দা, ল’ৰা।মা, ৰাণী, শিক্ষয়িত্রী, আইতা, দেৱী।

১২। তলত কিছুমান বৰ্ণ আৰু যুক্তাক্ষৰ খেলিমেলিকৈ দিয়া আছে। অর্থ অনুসৰি এই শব্দবোৰ শুদ্ধকৈ সজাই লৈ কাষত খালী বাকচটোত লিখা।

(ক) তা শ হ –  নিৰাশ = হতাশ।

(খ) ৰা গ্য দু ৰো – সহজে আৰোগ্য নোহোৱা _______।

উত্তৰঃ দুৰাৰোগ্য।

(গ) বো কু ণ্ঠা ধ –  সংকোচ ________।

উত্তৰঃ কুণ্ঠাবোধ।

(ঘ) অ য়ি ক মা – ভদ্র, অহংকাৰ নথকা ________।

উত্তৰঃ অমায়িক।

(ঙ) ৱা আ ণু ৰ গ – কোনো কামত আগবঢ়া ব্যক্তি ________।

উত্তৰঃ আগৰণুৱা।

(চ) চে প্র ষ্টা – প্রয়াস, যত্ন ________।

উত্তৰঃ প্ৰচেষ্টা।

(ছ) সী ম য় হী – মহান নাৰী ________।

উত্তৰঃ মহীয়সী।

১৩। তলত কিছুমান জতুৱা ঠাঁচ অৰ্থৰ সৈতে দিয়া হৈছে। এইবোৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা-

(ক) আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা)।

উত্তৰঃ তেওঁৰ কথা শুনি যেন লাগিল, তেওঁ আকাশত চাং পাতিবলৈ চেষ্টা কৰিছে।

(খ) মূধা-ফুটা (অতি খ্যাতনামা)।

উত্তৰঃ ভূপেন হাজৰিকা এগৰাকী মূধা-ফুটা গায়ক আৰু সঙ্গীতকাৰ আছিল।

(গ) সাত ঘাটৰ চেঙেলি (বৰ টেঙৰ লোক)।

উত্তৰঃ সাত ঘাটৰ চেঙেলি মানুহজনক বিশ্বাস কৰা কঠিন।

(ঘ) অহুকাণে-পহুকাণে (ঘুনুক-ঘানাককৈ শুনা)।

উত্তৰঃ দেউতাই অহুকাণে-পহুকাণে মানুহৰ কথাবোৰ মনত ৰাখে আৰু পৰামৰ্শ দিয়ে।

(ঙ) হিয়াৰ আমঠু (অতি মৰমৰ)।

উত্তৰঃ মোৰ পোহনীয়া মেকুৰাটো মোৰ হিয়াৰ আমঠু।

জ্ঞান-সম্প্ৰসাৰণ

১৪। অন্ধবিশ্বাস বোধ কৰাত বিদ্যালয় এখনে কেনেদৰে কাম কৰিব পাৰে শিক্ষকৰ সহযোগত আলোচন কৰা। আলোচনাৰ অন্তত উপনীত হোৱা সিদ্ধান্তবোৰ লিখা।

উত্তৰঃ (i) যুক্তিপূৰ্ণ শিক্ষা যোগান ধৰিলে ছাত্ৰ-ছাত্ৰীসকলে অন্ধবিশ্বাসৰ কুফল আৰু ক্ষতিকাৰক প্ৰভাৱ বুজিব পাৰি।

(ii) নাটক, গল্প আৰু সংগীতৰ মাধ্যমেও অন্ধবিশ্বাসৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰে।

(iii) বিভিন্ন সামাজিক অনুষ্ঠান আৰু বৃত্তান্ত যোগে কুসংস্কাৰৰ বিৰুদ্ধে যুঁজাৰ বাবে বিদ্যালয়ে আগবাঢ়ি আহিব লাগে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top