⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Assamese Chapter 14 নদী-দ্বীপে ৰিঙিয়ায়

Class 6 Assamese Chapter 14 নদী-দ্বীপে ৰিঙিয়ায় Question Answer to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Assamese Chapter 14 নদী-দ্বীপে ৰিঙিয়ায় Solutions and select need one. Class 6 Assamese Chapter 14 নদী-দ্বীপে ৰিঙিয়ায় Solutions Download PDF. Class 6 Assamese Question Answer As Per SCERT New Book Syllabus.

Class 6 Assamese Chapter 14 নদী-দ্বীপে ৰিঙিয়ায়

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Assamese New Textual Question Answer are part of All Subject Solutions. Here we have given SCERT Class 6 Assamese New Book Solutions, ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ Solutions for All Chapters, You can practice these here.

Chapter: 14

ক্রিয়া-কলাপ
পাঠভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

(i) “ছাৰ, ইমান ডাঙৰ সেইটো কি চৰাই?” কথাষাৰ কোনে সুধিছিল?

(ক) ৰাচিংজাই।

(খ) চাংপিয়ে।

(গ) মিৰলঙে।

(ঘ) উর্মিয়ে।

উত্তৰঃ (গ) মিৰলঙে।

(ii) পানীৰ লহৰত ৰঙীন মুকুতা-মণিবোৰ কিয় জিলিকি উঠাৰ দৰে লাগিছিল?

(ক) ব্রহ্মপুত্র নৈখন বিশাল হোৱাৰ বাবে।

(খ) ফেৰীখন নৈৰ পাৰে পাৰে গৈ থকাৰ বাবে।

(গ) অস্তগামী বেলিৰ পোহৰ নৈৰ পানীত পৰাৰ বাবে।

(ঘ) কহুঁৱা ফুলবোৰ বতাহত হালি-জালি থকাৰ বাবে।

উত্তৰঃ (গ) অস্তগামী বেলিৰ পোহৰ নৈৰ পানীত পৰাৰ বাবে।

২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।

উত্তৰঃ মই দ্বিতীয় প্ৰশ্নৰ উত্তৰ (গ) শুদ্ধ বুলি বাছি লৈছোঁ কাৰণ- পাঠত উল্লেখ আছে যে মধ্যাহ্ন বেলিৰ পোহৰ ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিত পৰিছিল। তাৰ ফলত পানীৰ ওপৰত ৰঙীন মুকুতা-মণিবোৰ লহৰীৰ সৈতে নাচি উঠাৰ দৰে লাগিছিল। এনে দৃশ্য কেৱল বেলিৰ পোহৰ পানীত পৰিলে দেখা যায়।

৩। ‘নদী-দ্বীপে বিঙিয়ায়’ পাঠটো পঢ়া আৰু ভ্ৰমণ কাহিনীটো সহপাঠীৰ আগত বর্ণনা কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

৪। তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা।

(i) অপৰূপ।

উত্তৰঃ অতি সুন্দৰ, মনোহৰ।

(ii) পৰিভ্রমী।

উত্তৰঃ ভ্ৰমণকাৰী বা দেশ-বিদেশ ফুৰা।

(iii) দলিচা।

উত্তৰঃ বগা ধুনীয়া কাপোৰেৰে সাজি দিয়া সজ্জা।

(iv) থৌকিবাথৌ।

উত্তৰঃ হঠাৎ কিবা এটা দেখা বা অনুভৱ হোৱা অভিব্যক্তি।

(v) অভিভূত।

উত্তৰঃ গভীৰভাৱে আৱেগগ্ৰস্ত বা প্ৰভাৱিত হোৱা।

(vi) হুমুনিয়াহ।

উত্তৰঃ দু:খত ভাঙি পৰা অৱস্থাত মন কঁপোৱা কাৰুণ্য ভৰা নিশ্বাস।

৫। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা।

(ক) ছাত্র-ছাত্রীসকল মাজুলী ভ্রমণলৈ কাৰ নেতৃত্বত গৈছিল?

উত্তৰঃ ছাত্র-ছাত্রীসকল মাজুলী ভ্রমণলৈ হৰেন হাজৰিকা ছাৰৰ নেতৃত্বত গৈছিল।

(খ) মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে কোনটো ঘাটৰপৰা যাত্রা কৰিছিল?

উত্তৰঃ মাজুলীলৈ যাবলৈ তেওঁলোকে ফেৰীৰে নিমাতী ঘাটৰপৰা যাত্রা কৰিছিল।

(গ) ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰপৰা ৰিণিকি ৰিণিকি কিহৰ সুৰ ভাঁহি আহিছিল?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ চাপৰিটোৰপৰা ৰিণিকি ৰিণিকি ঐনিতমৰ সুৰ ভাঁহি আহিছিল।

(ঘ) মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নির্মাণকার্য তেওঁলোকে কোনটো ঘাটেৰে যাওঁতে দেখা পাইছিল?

উত্তৰঃ মাজুলী আৰু যোৰহাট সংযোগী দলংখনৰ নির্মাণকার্য তেওঁলোকে কমলাবাৰী ঘাটেৰে যাওঁতে দেখা পাইছিল।

(ঙ) মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম কি?

উত্তৰঃ মাজুলীত থকা বিশ্ববিদ্যালয়খনৰ নাম হ’ল- মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়।

৬। কোনে, কেতিয়া আৰু কিয় কৈছিল লিখা।

(ক) “ব্রহ্মপুত্র আৰু ইয়াৰ দাঁতি-কাষৰীয়া বিল, জলাশয় আদিৰ আশে-পাশে শামুকভঙা, কণামুচৰি, মাছৰোকা, পানী-কাউৰী, গঙাচিলনী, ডাউক, শৰালি, বালিমাহী আদি অনেক চৰাই থাকে। শীতকালত এই বিল, জলাশয়বোৰলৈ বহু পৰিভ্ৰমী চৰায়ো আহে।”

উত্তৰঃ এই বাক্যখন হাজৰিকা ছাৰে কৈছিল। মিৰলঙে কৌতূহলেৰে চৰাই দেখি সোধাৰ পাছত তেওঁ এই কথা কয়।

(খ) “নাট-ভাওনা আদিত যেতিয়া মুখা ব্যৱহাৰ কৰা হয়, মুখাবোৰে এক জীৱন্ত ৰূপ লয়।”

উত্তৰঃ এই বাক্য হাজৰিকা ছাৰে কৈছিল। ছাত্ৰ-ছাত্ৰীসকলে চামগুৰি সত্ৰ ভ্ৰমণ কৰি মুখা দেখি থাকোতে কৈছিল।

৭। বানপানী আৰু গৰাখহনীয়াই মাজুলীত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে পাঠৰ আধাৰত বুজাই লিখা।

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ বানপানী আৰু গৰাখহনীয়াই মাজুলীৰ ভৌগোলিক আৰু সামাজিক জীৱনত গভীৰ প্ৰভাৱিত কৰিছে। প্ৰতিবছৰে অধিক পৰিমাণে বৰষুণ দিয়াৰ বাবে গাঁওবোৰ বিলীন হৈ পৰে, নদীভাঙন আৰু বানেৰে মাজুলীত কৃষি সকলক বহুত কষ্ট হয়, মানুহৰ ঘৰ-বাৰী নষ্ট হয় আৰু বহু লোক ঘৰ-বাৰী এৰি উদ্বাস্তুৰ দৰে জীৱন যাপন কৰে। এই সমস্যাই মাজুলীৰ মানুহৰ জীৱন বহুত কষ্ট কৰি তুলিছে।

৮। পাঠটোত উল্লেখ থকা ৰং কেইবিধৰ নাম লিখা আৰু কোনটো ৰঙৰ প্ৰতিফলন ক’ত ঘটিছে তাৰ এখন তালিকা প্রস্তুত কৰা-

উদাহৰণ-

ৰংপ্ৰতিফলন
শুকুৱাকঁহুৱা

উত্তৰঃ 

ৰংপ্ৰতিফলন
শুকুৱাকঁহুৱা
সেউজীয়ামাজুলীৰ শস্যৰ মাঠ, বন-জংঘল
নীলাআকাশ, পানী, ব্ৰহ্মপুত্ৰ নদী
ৰঙাসূৰ্যাস্তৰ সময়ত আকাশ
গাঢ় ক’লাবানপানীৰ ভয়ংকৰ দৃশ্য
ভাষা-অধ্যয়ন

৯। বাক্য ৰচনা কৰা-

(i) হাঁহি-স্ফূর্তি।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী সকলোৱে হাঁহি-স্ফূর্তিৰে প্ৰাকৃতিক দৃশ্য উপভোগ কৰি গৈ আছিল। 

(ii) হালি-জালি।

উত্তৰঃ শিশুবোৰে হালি-জালি খেলি আনন্দ লৈ আছে।

(iii) ৰিণিকি-ৰিণিকি।

উত্তৰঃ ৰিণিকি-ৰিণিকি ধ্বনতি ঘণৰাজাৰ গাঁঠাটো বজাই উঠিল।

(iv) গাই-দামুৰি।

উত্তৰঃ গাঁৱৰ পথেদি গাই-দামুৰিৰ এক লহৰ আহি গৈছিল।

(v) নাট-ভাওনা।

উত্তৰঃ বিহুত দলটোৱে নিশা নাট-ভাওনা ৰূপায়ণ কৰি সঁচাকৈয়ে সকলোেৱ মুগ্ধ কৰি তুলিলে।

১০। তলত দিয়া বাকচটোত থকা অব্যয় পদসমূহ প্রয়োগ কৰি বাক্যবোৰ পুনৰ গঠন কৰা-

সেয়ে, কিন্তু, তথাপি, আৰু

উদাহৰণ-

(i) ৰাম ঘৰলৈ গ’ল।

ৰীতা ঘৰলৈ গ’ল।

উত্তৰঃ ৰাম আৰু ৰীতা ঘৰলৈ গ’ল।

(ii) আজি কাতি বিহু।

আজি স্কুল বন্ধ।

উত্তৰঃ আজি কাতি বিহু সেয়ে আজি স্কুল বন্ধ।

(iii) গাইজনী ঘৰলৈ আহিল।

দমৰাটো ঘৰলৈ নাহিল।

উত্তৰঃ গাইজনী ঘৰলৈ আহিল কিন্তু দমৰাটো ঘৰলৈ নাহিল।

(iv) তোমাক ইমানকৈ মাতিলোঁ।

তুমি মাত এষাৰো নিদিলা।


উত্তৰঃ তোমাক ইমানকৈ মাতিলোঁ তথাপি তুমি মাত এষাৰো নিদিলা।

জ্ঞান-সম্প্ৰসাৰণ

১১। তোমাৰ ভাললগা কেইখনমান মুখাৰ নাম উল্লেখ কৰা। সেই মুখাকেইখন তোমাৰ কিয় ভাল লাগে কোৱা আৰু লিখা।

উত্তৰঃ মোৰ ভাললগা কেইখনমান মুখা হৈছে – ৰাক্ষস মুখা, হেন্ডা মুখা, সিংহ মুখা আৰু ভূত মুখা। এই মুখাবোৰ মোৰ ভাল লাগে, কাৰণ এইবোৰ দেখাত ৰঙীন আৰু বিচিত্ৰ। নাট-ভাওনাত এই মুখাবোৰ পৰিধান কৰিলে চৰিত্ৰবোৰ অধিক ৰঙীন আৰু বাস্তৱিক অনুভৱ হয়।

১২। মাটি আখৰা আৰু সত্ৰীয়া নৃত্যৰ বিষয়ে ভিন ভিন উৎস (সমল ব্যক্তি, ইণ্টাৰনেট, বাতৰি-কাকত, আলোচনী)ৰ পৰা সমল সংগ্রহ কৰি লিখা।

উত্তৰঃ মাটি আখৰা: মাটি আখৰা হৈছে অসমত প্রচলিত এজন শংকৰদেৱৰ সময়ৰ পৰাই চলি অহা শাস্ত্রীয় নাট-নৃত্য। ই সাধাৰণতে মাটিত বা মন্দিৰৰ উঠানত ৰূপায়ণ কৰা হয়, য’ত সন্ন্যাসী বা ভক্ত সকলে বিভিন্ন পৌৰাণিক কাহিনী বা ভক্তিৰসৰ নাট প্ৰদৰ্শন কৰে।

সত্রীয়া নৃত্য: সত্ৰীয়া নৃত্য হৈছে অসমৰ এক শাস্ত্রীয় নৃত্য, যাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভক্তিমূলক নাট-নৃত্যৰ ৰূপত সূচনা কৰিছিল। মূলতে সত্ৰত ভগৱান বিষ্ণু বা কৃষ্ণৰ স্তৱগান আৰু চৰিত্ৰ উপস্থাপন কৰিবলৈ এই নৃত্য প্রচলিত হয়।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top