⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Assamese Chapter 13 সাপ আৰু ভেকুলী-ৰজা

Class 6 Assamese Chapter 13 সাপ আৰু ভেকুলী-ৰজা Question Answer to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Assamese Chapter 13 সাপ আৰু ভেকুলী-ৰজা Solutions and select need one. Class 6 Assamese Chapter 13 সাপ আৰু ভেকুলী-ৰজা Solutions Download PDF. Class 6 Assamese Question Answer As Per SCERT New Book Syllabus.

Class 6 Assamese Chapter 13 সাপ আৰু ভেকুলী-ৰজা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Assamese New Textual Question Answer are part of All Subject Solutions. Here we have given SCERT Class 6 Assamese New Book Solutions, ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ Solutions for All Chapters, You can practice these here.

Chapter: 13

ক্রিয়া-কলাপ
পাঠভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

(i) ফেটীসাপডাল ক’ত শুই আছিল?

(ক) পুখুৰীত।

(খ) পাহাৰৰ সিপাৰত।

(গ) গছত।

(ঘ) শিলৰ খোৰোঙত।

উত্তৰঃ (ঘ) শিলৰ খোৰোঙত।

(ii) ভেকুলী-ৰজাই ফেটীসাপক পুখুৰীলৈ কিয় লৈ গৈছিল?

(ক) পুখুৰীৰ ভেকুলী খাবলৈ।

(খ) নীতি-নিয়ম বান্ধি দিবলৈ।

(গ) সমস্যা সমাধান কৰিবলৈ।

(ঘ) মিলা-প্রীতিৰে বাস কৰিবলৈ।

উত্তৰঃ (গ) সমস্যা সমাধান কৰিবলৈ।

২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা।

উত্তৰঃ মই দ্বিতীয় প্ৰশ্নৰ উত্তৰ (গ) শুদ্ধ বুলি বাছি লৈছোঁ। কিয়নো অনুচ্ছেদত ভেকুলী-ৰজাই স্পষ্টকৈ কৈছে যে, তেওঁৰ ৰাজ্যৰ প্ৰজা তেওঁক নুশুনা হ’ল আৰু তেওঁক ৰজা ভাঙিবলৈ বিচাৰিছে। সেই কাৰণেই তেওঁ সমৰ্থন দিব পৰা এজন মিতিৰ বিচাৰি আহিছিল। ফেটীসাপেও তেওঁক প্ৰতিশ্ৰুতি দিলে যে, তেওঁ সমস্যাটো সমাধান কৰিব। সেয়ে ভেকুলী-ৰজাই সাপক পুখুৰীলৈ লৈ গৈছিল।

৩। তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা-

শব্দঅৰ্থ
উল্লাসযি যুজঁ কৰে
মতানৈক্যভগা
গোমাআনন্দ, উলাহ
যুঁজাৰুগোমোঠা, বিবৰ্ণ
ভংগমতৰ পাৰ্থক্য

উত্তৰঃ 

শব্দঅৰ্থ
উল্লাসআনন্দ, উলাহ
মতানৈক্যমতৰ পাৰ্থক্য
গোমাগোমোঠা, বিবৰ্ণ
যুঁজাৰুযি যুজঁ কৰে
ভংগভগা

৪। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা।

(ক) ভেকুলী-ৰজা ক’ত বাস কৰিছিল?

উত্তৰঃ ভেকুলী-ৰজা পুখুৰীত বাস কৰিছিল।

(খ) ভেকুলী-ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্রহী কৰি তুলিছিল?

উত্তৰঃ ভেকুলী-ৰজাই গাঁওবুঢ়া, টেকেলা আদি পদ দি ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্রহী কৰি তুলিছিল।

(গ) ফেটীসাপডালৰ কিয় খং উঠিছিল?

উত্তৰঃ ফেটীসাপডালৰ খং উঠিছিল কাৰণ ভেকুলী-ৰজাই ইটো শিলৰপৰা সিটো শিললৈ জঁপিয়াই যাওঁতে শিলৰ খোৰোঙত শুই থকা ফেটাসাপৰ শান্তি ভংগ কৰিলে।

(ঘ) ভেকুলী-ৰজাৰ মিতিৰৰ ঘৰ ক’ত আছিল?

উত্তৰঃ ভেকুলী-ৰজাৰ মিতিৰৰ ঘৰ এখন শিলৰ পাহাৰত আছিল।

(ঙ) ফেটীসাপডালক ভেকুলী-ৰজাই ক’লৈ লৈ গৈছিল?

উত্তৰঃ ফেটীসাপডালক ভেকুলী-ৰজাই পুখুৰীলৈ লৈ গৈছিল।

(চ) সাপে ভেকুলী-ৰজাক কি চর্ত বান্ধি দিছিল?

উত্তৰঃ সাপে ভেকুলী-ৰজাক খাবলৈ নিতৌ এটা ভেকুলী লাগিব বুলি চর্ত বান্ধি দিছিল।

৫। তলত দিয়া প্রশ্নকেইটান উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) ভেকুলী-ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল?

উত্তৰঃ ভেকুলী-ৰজাই নিজে প্রথমে গীত গাই নাচিম বুলি নির্দেশ দিছিল। কিন্তু কিছু দিনৰ মূৰত বসন্ত ঋতু আহিল। বৰষুণ অহাৰ আনন্দত ভেকুলীবোৰে ৰজাৰ কথা পাহৰি ঋতুক আদৰি গীত গাই নাচিবলৈ ধৰিলে। যাৰ ফলত মতানৈক্য হ’ল।

(খ) ভেকুলী-ৰজাই কিছু নীতি-নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল?

উত্তৰঃ ভেকুলী-ৰজাই ভাবিছিল যে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ সন্তানে ৰজা হৈ দেশ শাসন কৰিব বুলি ভাবি আগতকৈ নিয়মবোৰ স্থায়ীভাৱে বান্ধি থৈ যাব লাগে বুলি চিন্তা কৰিছিল।

(গ) ভেকুলী-ৰজা কিয় বিপাঙত পৰিছিল?

উত্তৰঃ সাপে সকলো ভেকুলী খাই পেলালে আৰু শেষত ভেকুলী-ৰজাক খাবলৈ ওলাল, যাৰ বাবে ভেকুলী-ৰজা বিপাঙত পৰিল।

৬। কোনে, কাক আৰু কিয় কৈছিল লিখা।

(ক) “বিহু আহিলে প্রথমে ময়েই গীত গাম আৰু নাচিম।”

উত্তৰঃ উক্ত কথাষাৰ ভেকুলী-ৰজাই সভাত সকলো প্ৰজাক কৈছিল। কাৰণ তেওঁ আগতে গীত গাই নাচিব আৰু বাকীবোৰ তেওঁৰ লগে লগে নাচিব।

(খ) “এয়া ঋতু বা উৎসৱৰহে গীত। তেওঁলোকে গাইছে গাওক। আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই?”

উত্তৰঃ উক্ত কথাষাৰ ডা-ডাঙৰীয়াসকলে ভেকুলী-ৰজাক কৈছিল, যাতে তেওঁ প্ৰজাক ক্ষমা কৰে।

(গ) “মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা।”

উত্তৰঃ উক্ত কথাষাৰ ফেটীসাপে ভেকুলী-ৰজাক কৈছিল, যাতে তেওঁক মিতিৰ হিচাপে গ্ৰহণ কৰে।

(ঘ) “মই নাজানো, তুমিহে মোক মাতি আনিছিলা।”

উত্তৰঃ উক্ত কথাষাৰ ফেটীসাপে ভেকুলী-ৰজাক কৈছিল, কাৰণ ভেকুলী-ৰজাই কৈছিল পুখুৰীত এটাও ভেকুলী নাই।

৭। “আগ-পাছ নুগুণি কাম কৰিলে নিজৰে বিপদ হয়।” -শিক্ষকৰ সহায় লৈ সাধুটোৰ আধাৰত কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ সাধুটোৱে এই কথা শিকায় যে কাম কৰাৰ আগতে বুজাবুজি, পৰিস্থিতিৰ মূল্যায়ন, আৰু দূৰদৰ্শিতা অতি প্রয়োজনীয়। কাৰণ কেতিয়াবা নিজে লোৱা সিদ্ধান্তটোৰ পৰা নিজে বিপদত পৰে।

উদাহৰণস্বৰূপে: ভেকুলী-ৰজাই আগ-পাছ নাভাবি শিলৰপৰা শিললৈ জাঁপ দিছিল, যাৰ ফলত সি সাপৰ খংৰ সন্মুখীন হ’ল।

ভাষা-অধ্যয়ন

৮। -’ওঁতে’ প্রত্যয়যুক্ত পদ ব্যৱহাৰ কৰি তলত দিয়া বাক্যাবোৰ পূৰ কৰা-

(ক) তলাটো খুলিবলৈ __________ চাবিপাট পৰি গ’ল। (ল + ওঁতে)

উত্তৰঃ তলাটো খুলিবলৈ লওঁতে চাবিপাট পৰি গ’ল।

(খ) কিতাপখন __________ চাই ল’বা। (দি + ওঁতে)

উত্তৰঃ কিতাপখন দিওঁতে চাই ল’বা।

(গ) কামটো ___________ কিছু সময় লাগিব। (কৰ্ + ওঁতে)

উত্তৰঃ কামটো কৰোঁতে কিছু সময় লাগিব।

(ঘ) ভাত __________ কথা নাপাতিবা। (খা + ওঁতে)

উত্তৰঃ ভাত খাওঁতে কথা নাপাতিবা।

৯। তলত দিয়া শব্দবোৰ ভাঙি লিখা আৰু সেই শব্দবোৰ প্রয়োগ কৰি একোটাকৈ বাক্য লিখা।

(ক) পঢ়োঁতে ⇒ ________ + _________ = _________।

উত্তৰঃ পঢ়োঁতে ⇒ পঢ়্ + ওঁতে = মই কিতাপ পঢ়োঁতে দৰজাখন বন্ধ কৰিলোঁ।

(খ) বহোঁতে ⇒ ________ + _________ = _________।

উত্তৰঃ বহোঁতে ⇒ বহ্ + ওঁতে = মই গছৰ তলত বহোঁতে এজাক চৰাই দেখিছিলোঁ।

(গ) শোওঁতে ⇒ ________ + _________ = _________।

উত্তৰঃ শোওঁতে ⇒ শো্ + ওঁতে = মায়ে শোওঁতে মই চুপচাপ থাকোঁ।

(ঘ) গাওঁতে ⇒ ________ + _________ = _________।

উত্তৰঃ গাওঁতে ⇒ গা্ + ওঁতে = ৰীতাই গীত গাওঁতে মাতটো খুব সুন্দৰ লাগিছিল।

(ঙ) হাঁহোতে ⇒ ________ + _________ = _________।

উত্তৰঃ হাঁহোতে ⇒ হাঁহ্ + ওঁতে = মই হাঁহোতে বন্ধুৱে কিয় মোক বেয়া পাইছিল, বুজি নাপালোঁ।

১০। পাঠটোত থকা সর্বনাম পদবোৰ বিচাৰি উলিয়াই লিখা।

উত্তৰঃ 

সর্বনাম পদ
আমি
তুমি
তেওঁ
তেওঁলোক
তোমালোক
মই
নিজে
তোক
তাতে
তেওঁৰ

১১। উপযুক্ত যোজক অব্যয়েৰে খালী ঠাই পূৰ কৰা-

(ক) মই গ্রন্থমেলালৈ যাম __________ সাধুকথাৰ কিতাপ কিনিম। (কিন্তু/আৰু/যদি)

উত্তৰঃ মই গ্রন্থমেলালৈ যাম আৰু সাধুকথাৰ কিতাপ কিনিম।

(খ) ___________ বৰষুণ দিয়ে, এইবাৰ খেতি ভাল হ’ব। (কিন্তু/আৰু/ যদি)

উত্তৰঃ যদি বৰষুণ দিয়ে, এইবাৰ খেতি ভাল হ’ব।

(গ) পাহি পুথিভঁৰাললৈ গ’ল ___________ অর্ণৱ নগ’ল। (যদি/আৰু/কিন্তু)

উত্তৰঃ পাহি পুথিভঁৰাললৈ গ’ল কিন্তু অর্ণৱ নগ’ল।

(ঘ) মই খেলিবলৈ যাম __________ ঘৰতে বহি কিতাপ পঢ়িম। (কিন্তু/নাইবা/যদি)

উত্তৰঃ মই খেলিবলৈ যাম নাইবা ঘৰতে বহি কিতাপ পঢ়িম।

১২। সাঁথৰ ভাঙো আহা-

(ক) ভেকুলীয়ে কৰে কালৈ ভয়, 

চোবাই নাখায় গিলি থয়।

উত্তৰঃ সাপ।

(খ) বাঘৰ দৰে জঁপিয়ায়

কুকুৰৰ দৰে বহে, 

শিলৰ দৰে তল যায় 

তুলাৰ দৰে ভাহে।

উত্তৰঃ ভেকুলী।

(গ) পাঠটোত এটা তিনি আখৰীয়া শব্দ আছে, যাৰ-

(i) ১ম আৰু ৩য় আখৰ মিলি এবিধ পোহনীয়া চৰাই হয়।

উত্তৰঃ পাৰ।

(ii) ২য় আৰু ৩য় আখৰ মিলি এবিধ ডিঙিত পিন্ধা গহনা হয়।

উত্তৰঃ হাৰ।

(iii) ৩য় আৰু ২য় আখৰ মিলি এখন ঠাইৰ নাম হয়।

উত্তৰঃ ৰহা।

(iv) ২য় আৰু ১ম আখৰ মিলি এবিধ মেকুৰীৰ নিচিনা বনৰীয়া জন্তু হয়। সেই শব্দটো বিচাৰি উলিয়াই লিখা।

উত্তৰঃ হাপা।

জ্ঞান-সম্প্ৰসাৰণ

১৩। “সাপে নিতৌ এটাকৈ ভেকুলী খোৱাৰ ফলত পুখুৰীটোত এটাও ভেকুলী নাইকিয়া হৈছিল আৰু অৱশেষত ভেকুলী-ৰজাকে খাবলৈ বিচাৰিছিল। সাপৰ কথা শুনি ভেকুলী-ৰজা বিপাঙত পৰি সাপৰপৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিছিল।” -তোমালোকৰ মতে ভেকুলী-ৰজাই সাপৰপৰা পৰিত্ৰাণ পাব পাৰিলেনে? যদি পাৰিলে, ভেকুলী-ৰজাই বাৰু কি বুদ্ধি কৰিলে ভাবি কোৱা আৰু লিখা।

উত্তৰঃ মোৰ মতে ভেকুলী-ৰজাই সাপৰপৰা পৰিত্ৰাণ পাব নোৱাৰিলে। সাপৰ কথা শুনি ভেকুলী-ৰজা বিপাঙত পৰিল আৰু সাপৰপৰা পৰিত্ৰাণৰ উপায় চিন্তা কৰিবলৈ ধৰিলে। সি উপলব্ধি কৰিলে যে, আগ-পাছ নুগুণি কাম কৰিলে নিজৰে বিপদ হয়।

১৪। তোমাৰ পৰিয়াল তথা সমাজৰ লোককসকলে পৰিধান কৰা সাজ-পোছাকৰ নাম তলত দিয়া তালিকাখনত লিখা।

পুৰুষৰ সাজ-পাৰমহিলাৰ সাজ-পাৰ

উত্তৰঃ 

পুৰুষৰ সাজ-পাৰমহিলাৰ সাজ-পাৰ
ধুতি, গামোচা, কুৰ্তা, পেন্ট-চাৰ্ট, লুঙী আদি।মেখেলা-চাদৰ, সাৰি, চুৰিদাৰ আদি।

১৫। ভেকুলীৰ বিয়া পাতিলে যিদৰে বৰষুণ দিয়ে বুলি লোক-বিশ্বাস আছে, ঠিক তেনে ধৰণৰ কি কি লোক-বিশ্বাস তোমাৰ অঞ্চলত প্রচলিত হৈ আছে অভিভাৱক আৰু শিক্ষকৰ লগত আলোচনা কৰি লিখা।

উত্তৰঃ (i) পুখুৰীত মাছ ওপৰে ওপৰে উঠিলে বৰষুণ আহিব বুলি বিশ্বাস কিৰে।

(ii) ডাঙৰ চৰাই ঘৰৰ ওপৰত ঘূৰি ফুৰিলে শুভ লক্ষণ বুলি ধৰা হয়।

(iii) কুকুৰে আগতেই ভয় পায় বা কাঁপে, তেতিয়া মানুহে ভাৱে ভমিকম্প হ’ব পাৰে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top