Class 6 Assamese Chapter 12 মানুহে মানুহৰ বাবে

Class 6 Assamese Chapter 12 মানুহে মানুহৰ বাবে Question Answer to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Assamese Chapter 12 মানুহে মানুহৰ বাবে Solutions and select need one. Class 6 Assamese Chapter 12 মানুহে মানুহৰ বাবে Solutions Download PDF. Class 6 Assamese Question Answer As Per SCERT New Book Syllabus.

Class 6 Assamese Chapter 12 মানুহে মানুহৰ বাবে

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Assamese New Textual Question Answer are part of All Subject Solutions. Here we have given SCERT Class 6 Assamese New Book Solutions, ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ Solutions for All Chapters, You can practice these here.

Chapter: 12

ক্রিয়া-কলাপ
পাঠভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাচি উলিয়াই সঠিক বৃত্তটো পুৰ কৰা-

(i) তলত দিয়া কোনটো বাক্যই কবিতাটিৰ মূল কথা প্রকাশ কৰিছে?

(ক) মানুহে মানুহক বেচা-কিনা কৰিব লাগে।

(খ) মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে।

(গ) মানুহে পুৰণি ইতিহাস দোহাৰিব লাগে।

(ঘ) মানুহে দানৱক অনুকৰণ কৰিব লাগে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ (খ) মানুহে মানুহৰ কথা সহানুভূতিৰে ভাবিব লাগে।

(ii) “যদি দানৱ কাহানিবা হয় মানুহ

লাজ পাব কোনেনো কোৱা- সমনীয়া?” -গীতিকাৰে কি কথাৰ বাবে লাজ পোৱাৰ কথা কৈছে?

(ক) যদি সমনীয়া কেতিয়াবা দানৱৰ দৰে হয়।

(খ) যদি দানৱ কেতিয়াবা মানুহৰ দৰে হয়।

(গ) যদি মানুহ কেতিয়াবা দুর্বল হয়।

(ঘ) যদি মানুহ কেতিয়াবা দানৱ হয়।

উত্তৰঃ (ঘ) যদি মানুহ কেতিয়াবা দানৱ হয়।

২। তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল’লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা।

উত্তৰঃ প্ৰথম প্ৰশ্নৰ উত্তৰটো (খ) শুদ্ধ বুলি বাছি ল,লোঁ, কাৰণ— কবিতাটোৰ মূল উদ্দেশ্য হৈছে মানুহে মানুহৰ প্ৰতি সহানুভূতি, মৰম আৰু সঁহাৰি দেখুৱাব লাগিব। এইদৰে হ’লে সমাজত সত্যিকাৰ মানৱীয় মূল্যবোধ অটুট থাকিব।

মই দ্বিতীয় প্ৰশ্নৰ উত্তৰটো (ঘ) শুদ্ধ বুলি বাছি ল,লোঁ, কাৰণ— কবিতাৰ শাৰীখনত গীতিকাৰে এই কথা প্ৰকাশ কৰিছে যে দানৱ (অমানৱীয়) যদি কেতিয়াবা মানুহৰ দৰে ব্যৱহাৰ কৰে, তেন্তে তাৰ বাবে লাজ পাবলগীয়া কথা নাই। কিন্তু যদি মানুহেই কেতিয়াবা দানৱৰ দৰে নিষ্ঠুৰ আৰু অমানৱীয় হৈ পৰে, তেন্তে সেয়া লাজ পাবলগীয়া কথা।

৩। তলত দিয়া শব্দযোৰৰ অৰ্থ অভিধান চাই লিখা।

(i) সহানুভূতি।

উত্তৰঃ আনৰ দুখ-কষ্টৰ প্ৰতি মনত পৰা মৰম আৰু সহায় কৰাৰ অনুভৱ।

(ii) ইতিহাস।

উত্তৰঃ অতীতত কি হৈছিল তাৰে কাহিনী বা ঘটনা।

(iii) দোহৰা।

উত্তৰঃ একে কথা বা কাম বাৰম্বাৰ কোৱা বা কৰা।

(iv) কোবাল।

উত্তৰঃ বহুত গভীৰ, কঠিন বা ভয় লগা।

(v) সাহ।

উত্তৰঃ নির্ভয়, কঠিন সময়তো আগবাঢ়ি যোৱাৰ মনোবল।

(vi) দানৱ।

উত্তৰঃ নিষ্ঠুৰ আৰু নির্দয় স্বভাৱৰ মানুহ বা প্রাণী।

৪। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।

(ক) গীতিকাৰে মানুহে মানুহৰ বাবে কেনেদৰে ভাবিব লাগে বুলি কৈছে?

উত্তৰঃ গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতি, মৰম আৰু সহায়ৰ মনোভাৱেৰে ভাবিব লাগে বুলি কৈছে।

(খ) গীতিকাৰে কোনবোৰ মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে?

উত্তৰঃ গীতিকাৰে দুৰ্বল মানুহক সাহসেৰে আগবঢ়াই নিয়াৰ কথা কৈছে।

(গ) গীতিকাৰে দানৱ মানুহ হ’লে কোনে লাজ পোৱাৰ কথা কৈছে?

উত্তৰঃ গীতিকাৰে দানৱ মানুহ হ’লে সমাজে লাজ পোৱাৰ কথা কৈছে।

৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কিয় কৈছে?

উত্তৰঃ গীতিকাৰে মানুহে মানুহৰ বাবে সহানুভূতিৰে ভাবিব লাগে বুলি কৈছে কাৰণ মানুহে যদি নিজৰ দৰে আনৰ দুখ-কষ্ট, আবেগ আৰু সমস্যা বুজি সহানুভূতিপূর্ণ মনত ভাবিব নোৱাৰে, তেন্তে সমাজত ন্যায়, সমতা আৰু শান্তি সম্ভৱ নহয়। মানুহৰ মনত সহানুভূতি থাকিলে একতা গঢ়ি উঠিব।

(খ) গীতিকাৰে কি কি কথাত মনৰ ক্ষোভ আৰু ব্যথা প্রকাশ কৰিছে?

উত্তৰঃ গীতিকাৰে মনৰ ক্ষোভ প্রকাশ কৰিছে, যেতিয়া কয়-মানুহে মানুহক বেচিব খুজে, মানুহে মানুহক কিনিব খুজে। এই কথাষাৰে মনত দুখ দিয়ে। সমাজৰ অমানবিকতা, লোভ আৰু দুঃখজনক বাস্তৱতাৰে তেওঁৰ মনৰ বদেনা আৰু দুখ প্ৰকাশ কৰিছে।

(গ) দানৱ কেতিয়াবা মানুহ হ’ব পাৰেনে? যদি পাৰে কিয় আৰু যদি নোৱাৰে কিয়?

উত্তৰঃ হয়, দানৱ কেতিয়াবা মানুহ হ’ব পাৰে। কাৰণ, যদি মানুহে নিজৰ ভুল বুজি পাই মনত অনুতাপ কৰে আৰু সহানুভূতি, দয়া আৰু ন্যায়ৰ পথ অনুসৰণ কৰে, তেন্তে তেওঁ পুনৰ মানৱ হ’ব পাৰে।

(ঘ) গীতটিৰ কোনকেইটা কথাৰ লগত তুমি সহমত প্রকাশ কৰা আৰু কিয় কৰা?

উত্তৰঃ মই “মানুহে মানুহৰ বাবে” আৰু “দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয়” কথাৰ লগত সহমত। কাৰণ এই কথাবোৰে সহানুভূতি, সহায় আৰু একতাক বুজাই, যি সমাজ গঢ়াত অতি প্রয়োজনীয়।

৬। তলত দিয়া গীতফাকি গদ্য ৰূপত লিখা।

“দুর্বল মানুহে যদি 

জীৱনৰ কোবাল নদী 

পাৰ হয় তোমাৰে সাহত

তুমি হেৰুৱাবানো কি?”

উত্তৰঃ যদি কোনো দুর্বল মানুহ জীৱনৰ কঠিন সময় পাৰ হোৱাৰ সময়ত তোমাৰ সহায় লাভ কৰে, তেন্তে সেই সহায়ত দিয়া অনুভৱ বা মানৱতা তুমি হেৰুৱাবানে?

৭। গীতটিৰ মূলভাৱ লিখা।

উত্তৰঃ এই গীতটিত মানুহে মানুহৰ প্ৰতি সহানুভূতি, আৰু মানৱতাৰ অনুভূতি ৰাখিবলৈ আহ্বান জনোৱা হৈছে। মানুহৰ মাজত থকা সহানুভূতি, মৰম, আৰু বিশ্বাস হেৰাই গ’লে, তেওঁ দানৱৰ নিচিনা হ’ব। তেওঁ সুধিছে—যদি মানুহে মানুহৰ বিষয়ে নাভাৱে, সহানুভূতিৰে হাত আগবঢ়াব নোৱাৰে, তেন্তে মানুহ ক’ত থাকিব। এই গীতটিত দেখুওৱা হৈছে যে মানুহে মানুহক সামগ্ৰীৰ দৰে ক্ৰয়-বিক্ৰয় কৰিবলৈ খোজে, যি এক ভয়ংকৰ সত্য।

ভাষা-অধ্যয়ন

৮। তলত দিয়া ক্রিয়া পদসমূহৰ নঞর্থক ৰূপবোৰ লিখা।

কৰোঁ
গ’ল
থ’লে
পঢ়োঁ
দিওঁ
শুলে
খেলে
ধোওঁ

উত্তৰঃ 

কৰোঁনকৰোঁ
গ’লনগ’ল
থ’লেনথ’লে
পঢ়োঁনপঢ়োঁ
দিওঁনিদিওঁ
শুলেনুশুলে
খেলেনেখেলে
ধোওঁনোধোওঁ

৯। তলত দিয়া শব্দবোৰৰ বিপৰীতার্থক শব্দবোৰ পাঠৰপৰা বাছি উলিয়াই লিখা।

শব্দবিপৰীতার্থক শব্দ
কিনা
মানৱ
নতুন
ভয়
মৰণ
সবল

উত্তৰঃ 

শব্দবিপৰীতার্থক শব্দ
কিনাবেচা।
মানৱদানৱ।
নতুনপুৰণি।
ভয়নিৰ্ভয়।
মৰণজীৱন।
সবলদুৰ্বল।

১০। গীতটোত থকা সমাপিকা আৰু অসমাপিকা ক্রিয়াবোৰ বিচাৰি উলিয়াই লিখা।

সমাপিকাঅসমাপিকা

উত্তৰঃ 

সমাপিকাঅসমাপিকা
ভাবিবহ’লে
কিনিবনহৈ
দোহাৰিলেনেভাৱে
হেৰুৱাব
পাব

১১। শব্দৰ খেল খেলোঁ আহা-

গীতটিত এনে এটি তিনি আখৰীয়া শব্দ আছে যিটোৰ-

(i) প্রথম আখৰটোৱে অস্ত্র বুজায়।

উত্তৰঃ দা।

(ii) প্ৰথম আৰু দ্বিতীয় আখৰ দুটা মিলি আনক উচৰ্গা কৰা বুজায়।

উত্তৰঃ দান।

(iii) দ্বিতীয় আৰু তৃতীয় আখৰ মিলি নতুন বুজায়, -শব্দটো গীতটিৰপৰা বিচাৰি উলিয়াই লিখা।

উত্তৰঃ নৱ।

১২। গীতটিত তোমালোকে ‘সমনীয়া’ শব্দটো পাইছা। ‘সমান’ শব্দটোৰ লগত ‘ঈয়া’ প্রত্যয় যোগ হৈ ‘সমনীয়া’ শব্দটো গঠিত হৈছে। তেনেদৰে তলত দিয়া শব্দবোৰৰ লগত ‘ঈয়া’ প্রত্যয় যোগ হ’লে কি হয় লিখোঁ আহা-

সমান + ঈয়া = সমনীয়া।

(i) বৰণ + ঈয়া।

উত্তৰঃ বৰণীয়া।

(ii) তেল + ঈয়া।

উত্তৰঃ তেলীয়া।

(iii) ফেৰ + ঈয়া।

উত্তৰঃ ফেৰীয়া।

(iv) নোমল + ঈয়া।

উত্তৰঃ নুমলীয়া।

(v) পানী + ঈয়া।

উত্তৰঃ পানীয়া।

(vi) জট + ঈয়া।

উত্তৰঃ জটীয়া।

জ্ঞান-সম্প্ৰসাৰণ

১৩। গীতটিত গীতিকাৰে মানুহে মানুহৰ প্ৰতি সহানুভূতিশীল হ’ব লাগে বুলি কৈছে। প্রকৃত মানুহ হ’বলৈ হ’লে আমাৰ কি কি গুণ থাকিব লাগিব? শিক্ষকৰপৰা জানি লোৱা আৰু লিখা।

উত্তৰঃ গীতটিত গীতিকাৰে মানুহৰ মাজত সহানুভূতি, মৰম আৰু একতা থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰকৃত মানুহ হ’বলৈ আমি কেৱল শৰীৰ মানুহৰ দৰে হ’লেই নহয়, হৃদয়তো মানুহ হ’ব লাগিব। তাৰ বাবে কিছুমান গুণ থকা অত্যন্ত প্ৰয়োজন।

প্ৰথমতে, আমাৰ ভিতৰত সহানুভূতি থাকিব লাগিব—অন্যৰ দুখ-কষ্ট বুজি সহায় কৰাৰ ইচ্ছা থাকিব লাগিব। দয়া আৰু মৰম থাকিব লাগিব—যিয়ে মানুহৰ মাজত সেউজ সম্পৰ্ক গঢ়ি তোলে। অন্যৰ অৱস্থা অনুভৱ কৰি নিজৰ দৰে ভাবিব পৰা ক্ষমতা থাকিব লাগিব। তদুপৰি, ন্যায়বোধ, সততা, বিনয় আৰু সহযোগিতাৰ মনোভাৱ থাকিলে আমি প্রকৃত অৰ্থত এজন ভাল মানুহ হব পাৰোঁ।

১৪। তোমালোকে নিশ্চয় তোমালোকৰ সহপাঠী বা আন কাৰোবাক সহায় কৰি পাইছা। আনৰ বাবে কৰা ভাল কামবোৰ প্রত্যেকেই লিখি শ্রেণীকোঠাৰ সকলোৰে আগত পঢ়ি শুনাবা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

১৫। ‘মানুহে মানুহৰ বাবে’ গীতটি শ্রেণীৰ সকলো ছাত্র-ছাত্রীয়ে একক আৰু দলীয়ভাৱা গোৱা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰী নিজে কৰা।

1 thought on “Class 6 Assamese Chapter 12 মানুহে মানুহৰ বাবে”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top