⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 6 Assamese Chapter 11 মাইনুৰ টন্ছিলাইটিছ

Class 6 Assamese Chapter 11 মাইনুৰ টন্ছিলাইটিছ Question Answer to each chapter is provided in the list so that you can easily browse through different chapters Class 6 Assamese Chapter 11 মাইনুৰ টন্ছিলাইটিছ Solutions and select need one. Class 6 Assamese Chapter 11 মাইনুৰ টন্ছিলাইটিছ Solutions Download PDF. Class 6 Assamese Question Answer As Per SCERT New Book Syllabus.

Class 6 Assamese Chapter 11 মাইনুৰ টন্ছিলাইটিছ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 6 Assamese New Textual Question Answer are part of All Subject Solutions. Here we have given SCERT Class 6 Assamese New Book Solutions, ষষ্ঠ শ্ৰেণীৰ উন্মেষ পাঠ্যক্ৰমৰ প্ৰশ্নোত্তৰ Solutions for All Chapters, You can practice these here.

Chapter: 11

ক্রিয়া-কলাপ
পাঠভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

(i) সদায় দাঁত-মুখ কিয় পৰিষ্কাৰকৈ ধুব লাগে?

(ক) খোৱা বস্তু ডিঙিত লাগি ধৰাৰ সম্ভাৱনা থকাৰ বাবে।

(খ) বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে।

(গ) শুকান কাহ হোৱাৰ সম্ভাৱনা থকাৰ বাবে।

(ঘ) ডিঙিত বগা চামনি পৰাৰ সম্ভাৱনা থকাৰ বাবে।

উত্তৰঃ (খ) বীজাণুৱে বাহ লোৱাৰ সম্ভাৱনা থকাৰ বাবে।

(ii) মুনটি আৰু জোনটিৰ মনটো কিয় বেয়া লাগি আছিল?

(ক) মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে।

(খ) নয়ন খুৰাই আইচক্রীম খুৱাৰ বাবে।

(গ) মাইনু স্কুললৈ নোযোৱাৰ বাবে।

(ঘ) পেহীয়েকে সিহঁতক ধঙ্কি দিয়াৰ বাবে।

উত্তৰঃ (ক) মাইনুৰ জ্বৰ আৰু ডিঙিৰ বিষ হোৱাৰ বাবে।

২। তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছিল’লা? তোমাৰ সহপাঠীৰ লগত আলোচনা কৰি কোৱা।

উত্তৰঃ মই প্ৰথম প্ৰশ্নৰ উত্তৰটো (খ) শুদ্ধ বুলি বাছি ল,লোঁ, কাৰণ— দাঁত-মুখ পৰিষ্কাৰ নকৰিলে মুখত বীজাণু সহজে জন্ম লয়। এই বীজাণুৱে বাহ আৰু নানা ৰোগৰ সৃষ্টি কৰে। ইয়াৰ ফলত আমাৰ দাঁত ক্ষয়, মুখত বগা চামনি বা গন্ধ আদি হয়। সেয়ে বীজাণুৰ পৰা ৰক্ষা পোৱাৰ বাবে দাঁত-মুখ পৰিষ্কাৰ কৰি থকা অত্যাৱশ্যক।

মই দ্বিতীয় প্ৰশ্নৰ উত্তৰটো (ক) শুদ্ধ বুলি বাছি ল,লোঁ, কাৰণ— পাঠখনত স্পষ্টকৈ কোৱা হৈছে যে মাইনু অসুস্থ হৈছিল। তেওঁৰ জ্বৰ আছিল আৰু ডিঙিতো বিষ আছিল। এই কথা শুনি মুনটি আৰু জোনটিৰ মনটো বৰ বেয়া লাগিছিল। সিহঁতে মাইনুৰ সৈতে খেলিবলৈ পোৱা নাছিল আৰু তাইৰ কষ্টত দুখী হৈছিল।

৩। তলত দিয়া শব্দবোৰ অৰ্থৰ সৈতে মিলোৱা-

শব্দঅৰ্থ
সার্থকশৰীৰৰ জোৰা উখহা এবিধ ৰোগ
খু্ক্খুকাইবস্তুৰ ওপৰত পৰা তৰপ
গ্ৰন্থিবৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি
আক্ৰান্তঅতি কম সময়ৰ ভিতৰত, লৰালৰিকৈ
চামনিজীৱৰ কোষৰপৰা হৰম’ন ওলোৱা অংশ
পটক্‌কৈউদ্দেশ্য সিদ্ধি হোৱা, সফল
বাতবিষপীড়িত

উত্তৰঃ 

শব্দঅৰ্থ
সার্থকউদ্দেশ্য সিদ্ধি হোৱা, সফল
খু্ক্খুকাইবৰকৈ মুখ নেমেলাকৈ মৰা হাঁহি
গ্ৰন্থিজীৱৰ কোষৰপৰা হৰম’ন ওলোৱা অংশ
আক্ৰান্তপীড়িত
চামনিবস্তুৰ ওপৰত পৰা তৰপ
পটক্‌কৈঅতি কম সময়ৰ ভিতৰত, লৰালৰিকৈ
বাতবিষশৰীৰৰ জোৰা উখহা এবিধ ৰোগ

৪। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।

(ক) মাইনু স্কুললৈ কিয় যোৱা নাছিল?

উত্তৰঃ মাইনু স্কুললৈ জ্বৰ আৰু ডিঙি বিষৰ কাৰণে যোৱা নাছিল।

(খ) মাইনুক ঠাণ্ডাপানী খাবলৈ কিয় মানা কৰা হৈছিল?

উত্তৰঃ ঠাণ্ডা বস্তু খালে মাইনুৰ টন্ ছিলৰ বিষ আৰু জ্বৰ বাঢ়ি যাব পাৰে বুলি ভাবি ডাক্তৰ পেহীয়ে মাইনুক ঠাণ্ডাপানী খাবলৈ মানা কৰা হৈছিল।

(গ) মাইনুক কোনে জোকাইছিল?

উত্তৰঃ মাইনুক মুনটি আৰু জোনটিয়ে জোকাইছিল।

(ঘ) টন্ছিল কি?

উত্তৰঃ টন্ছিল হ’ল-  এটা গ্ৰন্থি। আমাৰ শৰীৰৰ কামত অহা অংশ। ইহঁতে আমাৰ দেহটোক ৰোগৰ আক্ৰমণৰপৰা ৰক্ষা কৰে। কেতিয়াবা ইহঁতো নিজে বীজাণুৰদ্বাৰা আক্রান্ত হয়। তেতিয়া ইহঁত উখহি উঠে, ৰঙা পৰে আৰু বিষায়। টন্ছিলৰ অসুখ হ’লে জ্বৰ উঠে আৰু ডিঙিৰ বিষ হয়। ইয়াকে ‘টন্ছিলাইটিছ’ বুলি কোৱা হয়।

(ঙ) টন্ছিলাইটিছ হোৱাৰ মূল কাৰণ কি?

উত্তৰঃ মুখৰ ভিতৰখন পৰিষ্কাৰ নকৰা, হাত পৰিষ্কাৰ নথকা, আৰু বতাহত বীজাণুৰ সংক্রমণৰ সম্ভাৱনা হোৱাই এই অসুখ হোৱাৰ মুখ্য কাৰণ। গতিকে পুৱা-গধূলি সদায় দাঁত-মুখ পৰিষ্কাৰকৈ ধুব লাগে আৰু হাত পৰিষ্কাৰকৈ ৰাখিব লাগে।

(চ) টন্ছিলাইটিছৰ বীজাণু শৰীৰত কেনেদৰে প্ৰৱেশ কৰে?

উত্তৰঃ টন্ছিলাইটিছৰ বীজাণু কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথ’লেও বীজাণুৱে বাহ ল’ব পাৰে।

৫। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।

(ক) টন্ছিলাইটিছ হ’লে আমাৰ শৰীৰত কি কি লক্ষণে দেখা দিয়ে?

উত্তৰঃ টন্ছিলাইটিছ হ’লে আমাৰ শৰীৰত বিভিন্ন লক্ষণ দেখা দিয়ে। যেনে― জ্বৰ আৰু ডিঙি বিষ।

(খ)  টন্ছিলাইটিছৰপৰা হাত সাৰি থাকিবলৈ আমি কেনেধৰণৰ সাৱধানতা ল’ব লাগে?

উত্তৰঃ  টন্ছিলাইটিছৰপৰা হাত সাৰি থাকিবলৈ আমি বিভিন্ন ধৰণৰ সাৱধানতা ল’ব লাগে। যেনে― পুৱা-গধূলি সদায় দাঁত-মুখ পৰিষ্কাৰকৈ ধুব লাগে, হাত পৰিষ্কাৰ ৰাখিব লাগে আৰু ঠাণ্ডা বস্তু খোৱা নিষেধ কৰিব লাগিব।

৬। কোনে, কাক আৰু কিয় কৈছিল লিখা।

(ক) “তোমালোকে মাইনুক কিয় জোকাইছা?”

উত্তৰঃ ডাক্তৰ পেহীয়ে মুনটি আৰু জোনটিক কৈছিল কাৰণ মুনটি আৰু জোনটিয়ে অসুস্থ মাইনুক দুষ্টামি কৰি জোকাইছিল।

(খ) “মাইনুৰ টন্ছিল দুটা কেতিয়া কাটিবা?”

উত্তৰঃ জোনটিয়ে ডাক্তৰ পেহীক কৈছিল, কাৰণ মাইনুৱে ডাঃ পেহীৰ দ্বাৰা দিয়া টনছিল কাটি পেলোৱাৰ ব্যাখ্যা মনোযোগ সহকাৰে শুনি থকা নাছিল।

(গ) “টন্ছিলাইটিছ’ হ’লে পনীয়া আহাৰ খাব লাগে।”

উত্তৰঃ ডাক্তৰ পেহীয়ে মুনটিক কৈছিল, কাৰণ তেওঁ টন্ছিলাইটিছৰ লক্ষণ আৰু সাৱধানতা বুজাই, মুখ পৰিষ্কাৰ ৰখা আৰু স্বাস্থ্যসন্মত অভ্যাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই উপদেশ দিছিল।

ভাষা-অধ্যয়ন

৭। পাঠটোৰপৰা যুক্তাক্ষৰযুক্ত শব্দবোৰ বিচাৰি উলিয়াই তলত দিয়া তালিকাখন পূৰ কৰা। লগতে যুক্তাক্ষৰবোৰত কি কি বর্ণ যোগ হৈ আছে ভাঙি দেখুওৱা-

উদাহৰণ-

শব্দযুক্তাক্ষৰকি কি বর্ণ যোগ হৈ আছে।
স্কুলস্কস্ + ক
আক্রান্তক্র, ন্তক্ + ৰ, ন্ + ত

উত্তৰঃ 

শব্দযুক্তাক্ষৰকি কি বর্ণ যোগ হৈ আছে।
স্কুলস্কস্ + ক
আক্রান্তক্র, ন্তক্ + ৰ, ন্ + ত
ঠাণ্ডাণ্ডণ + ড
অসম্ভৱম্ভম্ + ভ
জ্বৰজ্বজ + ব
অৱস্থাস্থস + হ
বন্ধন্ধন + ধ
অশান্তিন্তন + ত

৮। তলত দিয়া দফা দুটাৰ উপযুক্ত স্থানত যতি চিহ্ন বহুওৱা আৰু পঢ়া-

(ক) বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমায় কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথ’লেও বীজাণুৱে বাহ ল’ব পাৰে গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ খুব লাগে টন্ছিলাইটিছ হ’লে ডিঙিৰ ভিতৰখন বিষায় যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে জ্বৰ থাকেই শুকান কাহো হয় জিভাখনত বগা চামনিও পৰিব পাৰে মুখ গোন্ধায়

উত্তৰঃ “বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমায়। কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথ’লেও বীজাণুৱে বাহ ল’ব পাৰে। গতিকে পুৱা-গধূলি সদায় দাঁত-মুখ পৰিষ্কাৰকৈ ধুব লাগে। টন্ছিলাইটিছ হ’লে ডিঙিৰ ভিতৰখন বিষায়। যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে। জ্বৰ থাকেই। শুকান কাহো হয়। জিভাখনত বগা চামনিও পৰিব পাৰে। মুখ গোন্ধায়।”

(খ) মুখ গোন্ধায় বুলি কোৱাৰ লগে লগে মুনটিয়ে মাইনুক চিঞৰি ক’লে মাইনু মই কওঁ নহয় সদায় দাঁত ব্রাছ কৰি মুখ পৰিষ্কাৰকৈ ধুবলৈ এতিয়া মজা পাইছা ডাক্তৰ পেহী তাৰ পাছত কোৱা।

উত্তৰঃ মুখ গোন্ধায় বুলি কোৱাৰ লগে লগে মুনটিয়ে মাইনুক চিঞৰি ক’লে- “মাইনু মই কওঁ নহয়, সদায় দাঁত ব্রাছ কৰি মুখ পৰিষ্কাৰকৈ ধুবলৈ। এতিয়া মজা পাইছা! ডাক্তৰ পেহী, তাৰ পাছত কোৱা।”

৯। তলত দিয়া শব্দকেইটা প্রয়োগ কৰি বাক্য ৰচনা কৰা-

(i) বীজাণু।

উত্তৰঃ বীজাণু সংক্রমণৰ ফলত মানুহে নানা ধৰণৰ অসুখত আক্রান্ত হয়।

(ii) সার্থক।

উত্তৰঃ স্বাস্থ্য সজাগতাৰ বাৰ্তা প্ৰচাৰত স্কুলখনৰ উদ্যম সার্থক হৈছে।

(iii) পৰিষ্কাৰ।

উত্তৰঃ সুস্থ থাকিবলৈ সদায় হাত-মুখ পৰিষ্কাৰ ৰখা উচিত।

(iv) আক্রান্ত।

উত্তৰঃ মুনটিয়ে ভাইৰাছত আক্রান্ত হৈ বিছনাত পৰি আছে।

(v) অসুখ।

উত্তৰঃ স্বাস্থ্যসন্মত জীৱন যাপন কৰিলে বহু ধৰণৰ অসুখৰ পৰা ৰক্ষা পোৱা যায়।

(vi) ঠাণ্ডা।

উত্তৰঃ টন্ছিলাইটিছ হ’লে ঠাণ্ডা পানী খাব নালাগে।

১০। তলত দিয়া শব্দ শৃংখলটো সম্পূৰ্ণ কৰা। প্রয়োজন সাপেক্ষে পাঠৰ সহায় ল’বা।

থিয়কৈ-

১। গাখীৰ, চেনি আৰু ফলেৰে প্ৰস্তুত কৰা বৰফৰ দৰে চেঁচা খাদ্য (৫)

২। ‘দেহ’ৰ এটা সমার্থক শব্দ (৩)

৩। কাৰোবাক উদ্দেশ্যি টান কথা কোৱা কার্য (৩)

৪। তেজৰ ৰং (২)

পথালিকৈ–

১। এবিধ অতি সূক্ষ্ম অণুবীক্ষণ যন্ত্ৰৰে চাব পৰা জীৱ (৪)

২। ‘ৰঙ’ৰ এটা সমার্থক শব্দ (৩)

৩। কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা ভাব, চেনেহ (৩)

৪। অসুখ হ’লে হোৱা শৰীৰৰ উষ্ণতা বৃদ্ধি (২)

উত্তৰঃ 

১১। তলত দিয়া ধাতুৰূপবোৰৰ লগত বিভক্তি যোগ কৰি ক্রিয়া পদ গঠন কৰা-

(i) দি‌ + ওঁ।

উত্তৰঃ দি‌ + ওঁ = দিওঁ।

(ii) হাঁহ্ + এ।

উত্তৰঃ হাঁহ্ + এ = হাঁহে।

(iii) উঠ্ + আ।

উত্তৰঃ উঠ্ + আ = উঠা।

(iv) ধৰ্ + এ।

উত্তৰঃ ধৰ্ + এ = ধৰে।

(v) পঢ়্ + অ।

উত্তৰঃ পঢ়্ + অ = পঢ়া।

(vi) পৰ্ + ওঁ।

উত্তৰঃ পৰ্ + ওঁ = পৰোঁ।

১২। তলত দিয়া বাক্যকেইটাৰ ক্ৰিয়া পদবোৰত কি কি ক্রিয়া বিভক্তি যোগ হৈ আছে লিখা।

(ক) ৰোগত আক্রান্ত হ’লে আমাৰ শৰীৰ দুৰ্বল হৈ পৰে।

উত্তৰঃ পৰ্ + এ।

(খ) তুমি কিতাপখন পঢ়া।

উত্তৰঃ পঢ়্ + অ।

(গ) ৰোগ হ’লে চিকিৎসা কৰাব লাগে।

উত্তৰঃ লাগ্ + এ।

জ্ঞান-সম্প্ৰসাৰণ

১৩। দলত আলোচনা কৰি কোৱা।

(ক) তলত দিয়া ছবিখনত কি কি দেখিছা?

উত্তৰঃ (i) ছবিখনত হাত ধোৱাৰ বাবে পানী চলি আছে।

(ii) হাতত চাবোন লগোৱা হৈছে।

(iii) হাত ভালদৰে চাবোন দি মাখি ধোৱা হৈছে।

(iv) হাতখন পানীৰে পৰিষ্কাৰ কৰা হৈছে।

এই ছবিখনত হাত পৰিষ্কাৰৰ সঠিক প্ৰক্ৰিয়া আৰু হাত কেনেকৈ ধোৱা হয় সেয়া দেখুওৱা হৈছে।

(খ) জুইয়ে পুৰিলে কি কি ব্যৱস্থা গ্রহণ কৰিব লাগে?

উত্তৰঃ (i) বিশ্রাম লোৱা: আৰাম কৰিব লাগে যাতে শৰীৰে আৰোগ্য লাভ কৰে।

(ii) পানী খোৱাটো বেছি কৰাটো: জ্বৰত শৰীৰত পানীৰ ঘাটতি হয়, সেয়ে পৰ্যাপ্ত পানী খাব লাগে।

(iii) ঔষধ সময়মতে খোৱা: ডাক্তৰৰ প্ৰেছক্ৰিপচন অনুসৰি ঔষধ খাব লাগে।

(iv) সুস্থ পৰিৱেশত থকাৰ ব্যৱস্থা কৰা: ঘৰত পৰিষ্কাৰ-সুতৰা, শীতল আৰু আৰামদায়ক পৰিৱেশ থাকিব লাগে।

১৪। ধৰি লোৱা, বিদ্যালয়ত থকা অৱস্থাত হঠাৎ তোমাৰ জ্বৰ আৰু মূৰৰ বিষ হ’ল। গতিকে তুমি ঘৰলৈ যাবলৈ অনুমতি বিচাৰি বিদ্যালয়ৰ প্রধান শিক্ষক/শিক্ষয়িত্ৰীলৈ এখন আবেদন লিখা।

উত্তৰঃ প্ৰতি,

মাননীয় প্রধান শিক্ষক মহোদয়

[বিদ্যালয়ৰ নাম]

তাৰিখ:

বিষয়: জ্বৰ আৰু মূৰৰ বিষ হোৱাৰ কাৰণে চুটি বিচাৰি আবেদন।

মহোদয়,

বিনীত নিবেদন আজি বিদ্যালয়ত উপস্থিত থাকোঁতেই মোৰ হঠাৎ জ্বৰ আৰু মূৰৰ বিষ হোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিম। 

গতিকে দয়ালু মহোদয় দয়া কৰি মোৰ চুটি মঞ্জুৰ কৰি দিয়ে যেন। সেয়ে মোৰ আপোনাৰ ওচৰত সৰল প্রার্থনা জনালোঁ।

আপোনাৰ একান্ত বাধ্য ছাত্ৰ

[নাম]

[শ্ৰেণী]

[ৰোল নম্বৰ]

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top