Class 4 Environmental Studies MCQ Chapter 6 বায়ু আৰু আমাৰ চৌপাশ

Class 4 Environmental Studies MCQ Chapter 6 বায়ু আৰু আমাৰ চৌপাশ Solutions, Class 4 Environmental Studies Objective Type Question Answer, Class 4 Environmental Studies MCQ Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies MCQ Notes and select needs one.

Class 4 Environmental Studies MCQ Chapter 6 বায়ু আৰু আমাৰ চৌপাশ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies MCQ Notes for All Subject, You can practice these here.

Chapter – 6

MCQ

১। বায়ু কি পদাৰ্থ?

(ক) উশাহ-নিশাহ।

(খ) গেছীয় মিশ্ৰ পদাৰ্থ।

(গ) জুলীয়া পদাৰ্থ।

(ঘ) গেছীয় পদাৰ্থ।

উত্তৰঃ (খ) গেছীয় মিশ্ৰ পদাৰ্থ।

২। বায়ু আমি চকুৰে দেখা পাওঁনে?

(ক) নাপাওঁ।

(খ) পাওঁ।

(গ) কোনেও দেখি নাপায়।

(ঘ) এটাও নহয়।

উত্তৰঃ (ক) নাপাওঁ।

৩। উদ্ভিদ আৰু প্রাণী সকলোৱে উশাহ-নিশাহ ল’বলৈ কি ব্যৱহাৰ কৰে?

(ক) হাইড্ৰজেন

(খ) অক্সিজেন।

(গ) বায়ু।

(ঘ) বতাহ।

উত্তৰঃ (গ) বায়ু।

৪। বায়ু নহ’লে আমি জীয়াই থাকিব পাৰোঁনে?

(ক) পাৰোঁ।

(খ) নোৱাৰোঁ।

(গ) জীয়াই থাকিবও পাৰে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) নোৱাৰোঁ।

৫। বায়ু ক’ত আছে? 

(ক) ঘৰত।

(খ) সকলোতে।

(গ) বাহিৰত।

(ঘ) পানীত।

উত্তৰঃ (খ) সকলোতে।

৬। শুকান মাটি চপৰা এটা পানীত পেলাই দিলে মাটি চপৰা ভিতৰৰ পৰা কি উলাই আহে?

(ক) পৰুৱা।

(খ) বায়ু।

(গ) সাপ 

(ঘ) কেঁচু।

উত্তৰঃ (খ) বায়ু।

৭। বৰ জোৰেৰে বতাহ বলিলে আমি সেই বতাহক কি বুলি কওঁ? 

(ক) ধুমুহা বতাহ।

(খ) ফিৰফিৰীয়া বতাহ।

(গ) মৃদু বতাহ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ধুমুহা বতাহ।

৮। জুই জ্বলাত সহায় কৰা গেছবিধৰ নাম কি? 

(ক) নাইট্রজেন গেছ।

(খ) অ’জন গেছ।

(গ) অক্সিজেন গেছ।

(ঘ) হাইড্ৰজেন গেছ।

 উত্তৰঃ (গ) অক্সিজেন গেছ।

৯। তলৰ কোনটোৱে পৰিৱেশ নষ্ট কৰে?

(ক) পলিথিন যতে ততে পেলালে।

(খ) গছ যতে ততে ৰুলে।

(গ) গেলা-পচা জাৱৰ ডাচবিনত পেলালে।

(ঘ) যাবৰ-জোথৰ যতে ততে পেলাব নালাগে।

উত্তৰঃ (ক) পলিথিন যতে ততে পেলালে।

১০। কি কৰিলে বায়ু প্ৰদূষিত হোৱাৰ ৰক্ষা কৰিব পাৰিম-

(ক) গছ-গছনি ৰুলে।

(খ) গাড়ী-মটৰ ব্যৱহাৰ কৰিলে।

(গ) দুর্গন্ধযুক্ত বস্তু যতে ততে পেলালে।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) গছ-গছনি ৰুলে।

১১। মাটিৰ চপৰাৰ ভিতৰত বায়ু সোমাই থাকেনে?

(ক) নাথাকে।

(খ) থাকিবও পাৰে।

(গ) থাকে।

(ঘ) এটাও নহয়।

উত্তৰঃ (গ) থাকে।

১২। বতাহ লাহে লাহে বলিলে তাক কি বুলি কোৱা হয়?

(ক) ফিৰফিৰীয়া বতাহ।

(খ) মৃদু বতাহ।

(গ) বতাহ।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (খ) মৃদু বতাহ।

১৩। আমাৰ বাবে কোনটো গেছ বৰ প্ৰয়োজনীয়?

(ক) নাইট্ৰজেন।

(খ) হাইড্ৰজেন।

(গ) কাৰ্বন-ডাই-অক্সাইড।

(ঘ) অক্সিজেন গেছ।

উত্তৰঃ (ঘ) অক্সিজেন গেছ।

১৪। প্রাণী আৰু উদ্ভিদ সকলোকে জীয়াই থাকিবলৈ কোনবোৰ গেছৰ প্ৰায়োজন হয়?

(ক) কাৰ্বন-ডাই-অক্সাইড।

(খ) অক্সিজেন গেছ।

(গ) নাইট্ৰজেন।

(ঘ) হাইড্ৰজেন।

উত্তৰঃ (খ) অক্সিজেন গেছ।

১৫। সাগৰৰ তললৈ যোৱা ডুবাৰুসকলে কি গেছৰ চিলিণ্ডাৰ লৈ যায়?

(ক) অক্সিজেন গেছৰ চিলিণ্ডাৰ।

(খ) হাইড্ৰজেন।

(গ) কাৰ্বন-ডাই-অক্সাইড।

(ঘ) নাইট্ৰজেন।

উত্তৰঃ (ক) অক্সিজেন গেছৰ চিলিণ্ডাৰ।

১৬। উশাহ-নিশাহ ল’বলৈ কষ্ট পোৱা ৰোগীক কি দিয়া হয়?

(ক) কাৰ্বন-ডাই-অক্সাইড।

(খ) অক্সিজেন।

(গ) বায়ু।

(ঘ) বতাহ।

উত্তৰঃ (খ) অক্সিজেন।

১৭। বায়ুত কিমান শতাংশ অক্সিজেন গেছ থাকে?

(ক) ২১% শতাংশ।

(খ) ২৩% শতাংশ।

(গ) ২০% শতাংশ।

(ঘ) ১৫% শতাংশ।

উত্তৰঃ (ক) ২১% শতাংশ।

১৮। কোনবোৰ গেছে জুই জ্বলাত সহায় কৰে?

(ক) কাৰ্বন-ডাই-অক্সাইড।

(খ) হাইড্ৰজেন।

(গ) অক্সিজেন গেছ।

(ঘ) বতাহ।

উত্তৰঃ (গ) অক্সিজেন গেছ।

১৯। প্ৰাণী আৰু উদ্ভিদৰ শ্বসনত কি গেছ ব্যৱহাৰ কৰা হয়?

(ক)অক্সিজেন গেছ।

(খ) হাইড্ৰজেন।

(গ) কাৰ্বন-ডাই-অক্সাইড।

(ঘ) নাইট্ৰজেন।

উত্তৰঃ (ক) অক্সিজেন গেছ।

২০। বায়ুমণ্ডলত কিমান ভাগ নাইট্রজেন থাকে?

(ক) ৭৭% শতাংশ।

(খ) ৭১% শতাংশ।

(গ) ৭৪% শতাংশ।

(ঘ) ৭৮% শতাংশ।

উত্তৰঃ (ঘ) ৭৮% শতাংশ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top