🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 4 Assamese Chapter 5 পানী

Class 4 Assamese Chapter 5 পানী, SEBA Chapter 5 পানী Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অংকুৰণ Question Answer can be of great value to excel in the examination.

পানী

Chapter – 5

ক- পাঠভিত্তিক ক্রিয়া

১। উত্তৰ দিয়া।

(ক) নৈ-বিল,জান-জুৰি, নলী-নাদ আদিৰ উপৰি পানী আৰু ক’ত ক’ত থাকে?

উত্তৰঃ নৈ-বিল,জান-জুৰি, নলী-নাদ আদিৰ উপৰি পানী আৰু সাগৰ- মহাসাগৰ, নদ-নদী, পুখুৰী, বৰষুণ, ভূ-পৃষ্ঠৰ তলত আদিত পানী থাকে।

২। উত্তৰ দিয়া।

(ক) আমি পানী ক’ত ক’ত পাওঁ?

উত্তৰঃ আমি পানী নৈ-বিল, জান-জুৰি, নলী-নাদ, নলৰ মুখত আদিত পাওঁ।

(খ) পানী কি কি অৱস্থাত থাকে?

উত্তৰঃ পানী জুলীয়া,গোটা আৰু গেছীয় অৱস্থাত থাকে।

(গ) পানী উতলিলে কেনে শব্দ হয়?

উত্তৰঃ পানী উতলিলে বক্ বক্ শব্দ হয়।

(ঘ) পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়?

উত্তৰঃ পাহাৰৰ পৰা পানী বাগৰি আহিলে কুলু- কুলুকৈ শব্দ হয়।

৩। ‘মই য’তেই থাকোঁ তাৰেই আকাৰ লওঁ।’ -পাঠটোত পানীয়ে কি কি আকাৰ লোৱাৰ কথা কৈছে?

উত্তৰঃ পানী যি পাত্ৰত থোৱা হয় সেই পাত্ৰতে আকাৰ লয়। প্রকাণ্ড পাত্ৰত থলে প্ৰকাণ্ড আকাৰ আৰু ক্ষুদ্ৰ পাত্ৰত থলে ক্ষুদ্ৰ আকাৰ লোৱাৰ কথা কৈছে।

৪। তলৰ শব্দবোৰৰ অৰ্থ দলত আলোচনা কৰি লিখা।

শব্দঅৰ্থ
আকাৰ
সূক্ষ্ম
ছিদ্ৰ
অবিৰাম
সুৰুঙা
ধৰা

উত্তৰঃ 

শব্দঅৰ্থ
আকাৰআকৃতি, গঢ়, গঠন
সূক্ষ্মঅতি ক্ষুদ্ৰ, নিচেই সৰু
ছিদ্ৰবিন্ধা, ৰন্ধ্ৰ, জগৰ, দায়, দোষ
অবিৰামবিৰামহীন, নেৰা-নেপেৰা
সুৰুঙাজলঙা, বিন্ধা বা ফুটা
ধৰাপৃথিৱী, ধৰণী

৫। উত্তৰ দিয়া।

(ক) পানী ভাপ হৈ ক’লৈ যায়?

উত্তৰঃ পানী ভাপ হৈ আকাশলৈ যায়।

(খ) পানী বৰষুণ হৈ ক’লৈ নামি আহে?

উত্তৰঃ পানী বৰষুণ হৈ ধৰা লৈ অৰ্থাৎ পৃথিৱীলৈ নামি আহে।

খ- ভাষা অধ্যয়ন (ব্যাৱহাৰিক ব্যাকৰণ)

যুক্তাক্ষৰ ভাঙি পড়োঁ আৰু লিখোঁ আহা।

সূক্ষ্ম    ক্ষ্ম = ক্ষ+ম   ক্ষই    এই    ক্ষ্ম
ক্ষ্ম   ক্ষ+ম    ক্ষই     মই    ক্ষ্ম   সূক্ষ্ম, যক্ষ্মা, লক্ষ্মী
ঙ্গ    ঙ+গ     ঙই      গই     ঙ্গ     অঙ্গ, সঙ্গ, সুৰঙ্গ

যুক্তাক্ষৰ গঠন কৰোঁ আহা:

ক্ষ + ম   ক্ষই  মই    ক্ষ্ম
ঙ + গ    ঙই   গই    ঙ্গ

পড়োঁ আহা:

সূক্ষ্মলক্ষ্মীলক্ষ্মণলক্ষ্মীনাৰায়ণ
সুৰঙ্গবঙ্গপ্রসঙ্গপ্রাসঙ্গিক

লীনাই কথাবোৰ সুক্ষ্মভাবে বিবেচনা কৰে।

শৰৎ কালত লক্ষ্মীপূজা পালন কৰা হয়।

সঙ্গ দোষত মানুহ বেয়া হয়।

তেজপুৰত বাণ ৰঙ্গমঞ্চ আছে।

৬। বাক্য ৰচনা কৰা।

(ক) অবিৰাম____________________________।

(খ) জান-জুৰি__________________________।

(গ) কুলু-কুলু ____________________________।

(ঘ) সুৰুঙা _____________________________।

(ঙ) ছিদ্র ______________________________।

উত্তৰঃ 

(ক) অবিৰাম – মাণিকে অবিৰাম লিখা পঢ়া কৰে।

(খ) জান-জুৰি – জান- জুৰি পৰা পানী আহি মানুহৰ ক্ষতি কৰিছে।

(গ) কুলু-কুলু – পাহাৰৰ পৰা পানী কুলু – কুলুকৈ বৈ আহে।

(ঘ) সুৰুঙা – নিগনি সৰু সুৰুঙা কৰি বস্তুবোৰ বেয়া কৰিছে।

(ঙ) ছিদ্র  – মটৰৰ পাইপটো ছিদ্ৰ হোৱাৰ বাবে পানী বহুত পৰিছে।

জানো আহা-

(ক) পাহাৰৰ পৰা পানী কুলু-কুলুকৈ বৈ আহিছে।
(খ) গছৰ পাতৰ পৰা পানী টপ্-টকে পৰিছে।
‘ক’ বাক্যত পানী পাহাৰৰ পৰা বৈ আহিছে। এই ক্ষেত্ৰত কুলু-কুলু শব্দ ব্যৱহাৰ কৰা হৈছে। সেই একেদৰে ‘খ’ বাক্যত পানী গছৰ পাতৰ পৰা পৰিছে, এই ক্ষেত্রত টপ- টপ শব্দ ব্যৱহাৰ কৰা হৈছে।
সেইদৰে নিজৰাৰ পৰা পানী বৈ আহিলে জিৰ- জিৰ শব্দ হয়। ভেটা ভাঙি পানী বৈ গ’লে হৰ-হৰ শব্দ হয়।
কোনো বস্তু বা প্রাণীয়ে যি কোনো কার্য কৰোঁতে বিশেষ ধৰণৰ ধ্বনি সৃষ্টি কৰে। সেই ধ্বনি অনুকৰণ কৰি কোৱা বা লিখা শব্দবোৰক ধ্বন্যাত্মক শব্দ বা অনুকাৰ শব্দ বোলে।

অনুকাৰ শব্দ জানো আহা-

কাউৰীৰকা   কা
ঘড়ীৰটং   টং
বতাহৰহুৰ হুৰণি
ভোমোৰাৰগুণ শুন
চিকাৰচিক্ চিক্

৭। কাষৰ ডুলিৰ পৰা শব্দ আনি মিলাই লিখা।

(ক) দুৱাৰ/খিৰিকী বতাহত বন্ধ হ’লে।         

(খ) বতাহত বাঁহে বাঁহে ঘঁহনি খালে।

(গ) বেল বাজিলে।

(ঘ) পানী উতলিলে।

(ঙ) জেঠীয়ে মাতিলে।

উত্তৰঃ (ক) দুৱাৰ/খিৰিকী বতাহত বন্ধ হ’লে – কেৰ্ কেৰ্।   

(খ) বতাহত বাঁহে বাঁহে ঘঁহনি খালে – মেৰ্ মেৰ্।

(গ) বেল বাজিলে – টং টং।

(ঘ) পানী উতলিলে – বক্ বক্।

ঙ। জেঠীয়ে মাতিলে – টিক্ টিক্।

৮। পাঠটোত পানীয়ে নিজৰ বিষয়ে কৈছে। বেলিয়ে নিজৰ বিষয়ে ক’লে কেনেদৰে ক’ব লিখা। 

উত্তৰঃ মোক তোমালোকে দিনৰ আকাশত পোহৰ দি থকা দেখা পোৱা নহয়নে। মই থাকোঁ আকাশত। মোক তোমালোকে ৰাতিপুৱা উঠিলে দেখা পাবা মোৰ ৰঙ কেনেকুৱা। পোহৰ পৃথিৱীৰ যতেই নহক কিয় মোৰ পোহৰ পৰিবই।

মোৰ পোহৰত জীৱ-জন্তু, গছ-গছনি, মানুহ সকলো হাৰ পাই। মই নহলে যেন কি হল হেতেন মোৰ বাবে মানুহে মোৰ অবিহনে খেতি কৰা, খৰি,খেৰ আদি কেনেকৈ শুকালে হেতেন। বৰষুণ হলে মই মেঘৰ তলত লুকাই থাকো।

ৰাতিপুৱাৰ মোৰ পোহৰ সকলোৱে সহ্য কৰিব পাৰে, কিন্তু দুপৰীয়া সময়ত মোৰ তাপৰ বাবে মানুহে ছাঁ হত তলত আশ্রয় লয়।আকৌ আবেলি মোৰ তাপ কমি যায়। 

মোক আকৌ বিভিন্ন ধৰণৰ নাম আছে সেইবোৰ হল – সূৰ্য,ভাস্কৰ, ৰবি,। মই সকলো ঠাইতে আছো সেই মোক সকলোৱে চিনি পায়।

৯। লগে-ভাগে গাওঁ আহা-

পানী-মিঠে                       পানী-পিঠা

               বিহুৰ বতৰত খাওঁ,

পানীলাউৰে                      বৰালি মাছ

               কিযে সোৱাদ পাওঁ।

পানীখাইতীত                   পানী-কাউৰী

               দেখিবলৈ যে নাই,

পানী-ভাত                        পানী-শিঙৰি

               জহৰ দিনত খায়।

১০। ‘পানী’ৰ লগত ‘মেটেকা’ শব্দ যোগ হৈ পানী-মেটেকা হ’ল। এই ধৰণে ‘পানী’ শব্দৰ লগত যোগ হোৱা আন কেইটামান শব্দ জানো আহা-

পানী-পিঠাপানী-পৰুৱাপানী-খাইতী
পানী-টেঙাপানী-হিলৈপানী-শিঙৰি
পানী-ভাতপানী-যুঁৱলিপানী-পিপলী
পানী-মিঠৈপানী-কাউৰীপানী-কেঁচুৱা

১১। ইয়াৰ বাহিৰে তোমালোকে নিজ নিজ ঠাইত ব্যৱহাৰ হোৱা এনেধৰণৰ শব্দবোৰ বিচাৰি লিখা।

উত্তৰঃ

কপাল – খা ককাল – পৰঘৰ – পাত
কপাল – ফুলককাল ভাঙঘৰ – ভাঙ
কপালৰ – দোষ ককালৰ – জোৰঘৰ – বাৰী – হ 

১২। ছবিখনৰ আধাৰত তলৰ বাক্যশাৰীৰ ভাব বহলাই লিখা।

‘ভাপ হৈ আকাশলৈ উৰোঁ, বৰষুণ হৈ পুনৰ ধৰালৈ ঘূৰোঁ।’

উত্তৰঃ পানী ভাপ হৈ আকাশলৈ উৰে আৰু বৰষুণ হৈ পানী পুনৰ ভূমি পৰে।সূৰ্যৰ তাপত পানী ভাপ হৈ আকাশলৈ উৰি যায় বৰষুণৰ কণিকাবোৰ বতাহত ওপঙি ফুৰে আৰু বৰষুণ ৰূপ ধাৰণ কৰি মৰ্ত্যবাসীত পুনৰ আশ্রয় লওঁ। এইদৰে পানী ৰূপ সলনি কৰি থাকে।

১৩। কিছুমান বৃত্তি পানীৰ লগত জড়িত হৈ আছে। ছবি চাই সেইবোৰ কোৱা।

উত্তৰঃ ১ ম ছবি → পানীত জালেৰে মাছ ধৰিছে।

২ য় ছবি → পানীত থকা জীয়া মাছ বজাৰলৈ নিছে।

৩ য় ছবি → পানী পৰা বৰফ বনাই বিক্ৰী কৰিবলৈ নিছে ৷

৪ র্থ ছবি → গাখীৰ বিক্ৰী কৰিবলৈ নিছে।

৫ ম ছবি → নাৱেৰে মাটিৰ সাজ বিক্ৰীৰ বাবে নিছে।

৬ ষ্ঠ ছবি → নাৱেৰে নদী পাৰ হৈছে।

৭ ম ছবি → গাড়ীৰে খোৱাপানী বিক্ৰীৰ বাবে নিছে। 

৮ ম ছবি → বানপানীৰ সময়ত ভেলৰ ওপৰত উঠি মানুহে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যায়।

৯ ম ছবি → টেমাৰে পানী বিক্ৰী কৰিবৰ বাবে লৈ গৈছে।

১৪। সাঁথৰ ভাঙা।

(ক) টুপ টুপ টুপলি      

পানী পালে মুকলি। 

উত্তৰঃ চকু।

(খ) ৰজাৰ কাপোৰ তিয়াব পাৰি

শুকুৱাব নোৱাৰি।

উত্তৰঃ জিভা।

জানো আহা-

বর্তমান সময়ত প্রাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ আৰু গভীৰ নলী-নাদ বহুওৱাৰ ফলত ভূ-গৰ্ভৰ পানীৰ স্তৰ ক্ৰমান্বয়ে তললৈ নামিছে। সেইবাবে মানুহৰ খোৱা পানীৰ নাটনি হৈছে। এই নাটনি পূৰাবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। এইক্ষেত্ৰত চৰকাৰে উদগনিমূলক আঁচনি গ্রহণ কৰিছে। স্কুল, কলেজ আদিত বৰষুণৰ পানী সংৰক্ষণ কৰাৰ ব্যৱস্থা হাতত লৈছে।

১৫। তলৰ খণ্ডবাক্যকেইটাৰ অৰ্থ শিক্ষকৰ পৰা জানি লোৱা আৰু খণ্ডবাক্যকেইটাৰে বাক্য ৰচনা কৰা।

১। পানীত পৰ্।

২। পানী কৰ্।

৩। পানীৰ তলৰ কাঁইট।

উত্তৰঃ (১) পানীত পৰ্ – নন্দিতা পৰীক্ষা বেয়া হোৱাৰ বাবে দেউতাকৰ কল্পনাবোৰ পানীত পৰিল।

(২) পানী কৰ্ – বেমাৰৰ তলত নৰেন্দ্ৰ মাকে পইচাবোৰ পানী কৰ দৰে দি আছে।

(৩) পানীৰ তলৰ কাঁইট – মানুহৰ বিপদ কেনেকৈ পানী তলৰ কাঁইট দৰে আহে কোনেও কব নোৱাৰে।

১৬। কি কি কামত পানীৰ প্ৰয়োজন হয় তাৰ এখন তালিকা কৰা।

উত্তৰঃ (১) ধান, শাক-পাচলি, ফল-মূল আদি খেতি কৰিবলৈ পানী লাগে।

(২) জীৱ জন্তু আৰু প্ৰাণী জীয়াই থাকিবলৈ পানী প্ৰয়োজন হয়।

(৩) মানুহৰ দৈনন্দিন জীৱনত পানী প্ৰয়োজন হয়।

১৭। কেতিয়াবা যদি পানী নোহোৱা হয় নাইবা পৃথিৱীখন পানীয়ে বুৰাই থয়, তেতিয়া কি কি সমস্যা হ’ব পাৰে তলত দিয়া তালিকাত নথিভুক্ত কৰা।

যদি পানী নোহোৱা হয়যদি পৃথিৱীখন পানীয়ে বুৰাই থয়
১। 
২। 
৩। 
৪। 
৫। 

উত্তৰঃ 

যদি পানী নোহোৱা হয়যদি পৃথিৱীখন পানীয়ে বুৰাই থয়
(১) পানী অবিহনে আমি জীয়াই নাথাকো।(১) গছ-গছনি মৰি যাব।
(২) আমি খেতি কৰিব নোৱাৰিম।(২) ঘৰ-দুৱাৰ পানী উটুৱাই লৈ যাব।
(৩) আমি চবজি বনাব নোৱাৰিম।(৩) জীৱ-জন্তু মৰি যাব।
(৪) আমি পানী খাব নোৱাৰিম।(৪) আমাৰ থকা ঠাই নহব।
(৫) পানী নোহোৱা হলে গা ধোৱা , বাচন-বৰ্তন ধোৱা, কাপোৰ- কানি ধোৱা, গছ- গছনি পানী দিয়া আৰু বিভিন্ন ধৰণৰ অসুবিধা সন্মুখীন হব।(৫) পানী হোৱাৰ ফলত আমাৰ খেতি-বাতি, খোৱা-বোৱা, ঘৰ উটুৱাই লৈ গলে আমাৰ থকা আৰু বহুতো ধৰণৰ সমস্যা সৃষ্টি হব পাৰে।
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top