🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 3 Environment Chapter 9 আজৰি সময়ৰ সদব্যৱহাৰ

Class 3 Environment Chapter 9 আজৰি সময়ৰ সদব্যৱহাৰ Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 Environment Notes and select need one.

Class 3 Environment Chapter 9 আজৰি সময়ৰ সদব্যৱহাৰ

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 3 Environmental Studies These solutions are part of SCERT All Subject Solutions. Ami Aru Amar Paribesh Here we have given Assam SEBA Board Class 3 পৰিৱেশ অধ্যয়ন Solutions for All Subject, You can practice these here.

আজৰি সময়ৰ সদব্যৱহাৰ

Chapter – 9

অনুশীলনী

১। উত্তৰ লিখা–

(ক) আজৰি সময়ত তোমালোকে পঢ়া এখন কিতাপৰ নাম—

উত্তৰঃ আজৰি সময়ত তোমালোকে পঢ়া এখন কিতাপৰ নাম হৈছে বুঢ়ী আই সাধু।

(খ) তুমি ভালপোৱা দুটা খেলৰ নাম—

উত্তৰঃ তুমি ভালপোৱা দুটা খেলৰ নাম হ’ল— লুডু আৰু কেৰম।

(গ) তুমি জনা অসমৰ এগৰাকী খেলুৱৈৰ নাম আৰু তেওঁ খেলা খেল বিধৰ নাম—

উত্তৰঃ অসমৰ এগৰাকী খেলুৱৈৰ নাম হৈছে— হিমা দাস। তেওঁ খেলা খেল বিধৰ নাম হ’ল দৌৰ।

(ঘ) তুমি জনা এখন শিশু আলোচনীৰ নাম—

উত্তৰঃ এখন শিশু আলোচনীৰ নাম হ’ল— জোনবাই।

(ঙ) তুমি খেলা কিছুমান খেলৰ নাম—

উত্তৰঃ লুডু, কেৰম, দবা, ফুটবল আৰু ক্ৰিকেট।

(চ) দুবিধ যোগাযোগৰ মাধ্যমৰ নাম—

উত্তৰঃ দুবিধ যোগাযোগৰ মাধ্যমৰ নাম হৈছে— মোবাইল আৰু মেইল।

২। শুদ্ধ উত্তৰটোত ‘√’ চিন দিয়া—

(ক) আজৰি সময়ত কৰা কামে মনত আনন্দ দিয়ে।

উত্তৰঃ শুদ্ধ।

(খ) আজৰি সময়ত কৰা ভ্ৰমণৰ যোগেদি বহুত কথা শিকিব পাৰি।

উত্তৰঃ শুদ্ধ।

(গ) পুথিভঁৰালৰপৰা কিতাপ আনি ঘৰত পঢ়িব নোৱাৰি।

উত্তৰঃ অশুদ্ধ।

৩। খালী ঠাই পূৰ কৰা—

(ক) সময়_________________ ধন।

উত্তৰঃ অমূল্য।

(খ) সময়বোৰ অবাবত_________________ কৰিব নালাগে।

উত্তৰঃ খৰচ।

(গ) বাতৰি কাকত পঢ়ি বহুত____________ জানিব পাৰি।

উত্তৰঃ কথা।

(ঘ) নিজৰ ভাগৰ কামখিনি কৰি উঠাৰ পাছত যি সময় পোৱা যায় সেয়াই হ’ল__________________।

উত্তৰঃ আজৰি সময়।

৪। বাতৰি কাকত, আলোচনী আদি পঢ়িলে কি কি লাভ হয় লিখা।

উত্তৰঃ বাতৰি কাকত, আলোচনী আদি পঢ়িলে বহুতো নজনা কথা জানিব। দেশ বিদেশৰ খবৰ লাভ হয়।

৫। দলত আলোচনা কৰি তলত দিয়া বিষয়কেইটাক লৈ দুটাকৈ বাক্য লিখা—

(ক) খেল-ধেমালি।

উত্তৰঃ (i) খেল-ধেমালি কৰিলে স্বাস্থ্য ভাল হয়।

(ii) আমি সকলোৱে খেল-ধেমালি কৰিব লাগে।

(খ) বাতৰি কাকত।

উত্তৰঃ (i) বাতৰি কাকত পঢ়িলে আমি বহুতো নজনা কথা জানিব পাৰি।

(ii) নিকিতাৰ ককায়ে বাতৰি কাকত পঢ়ি বহুত ভাল পায়।

(গ) ৰেডিঅ’।

উত্তৰঃ (i) সংগীতায়ে ৰেডিঅ’ ত গান শুনি ভাল পায়।

(ii) অনিতায়ে ৰেডিঅ’ত বাতৰি শুনি আছে।

(ঘ) ম’বাইল ফোন।

উত্তৰঃ (i) ম’বাইল ফোনৰ দ্বাৰা আমি দূৰ দুৰণীলৈ কৰা পাতিব পাৰোঁ।

(ii) আজি কালি সকলোৱে ম’বাইল ফোনতে কাম কাজ কৰিব পাৰি।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top