Class 3 Environment Chapter 10 আমাৰ গাঁও Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 3 Environment Notes and select need one.
Class 3 Environment Chapter 10 আমাৰ গাঁও
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 3 Environmental Studies These solutions are part of SCERT All Subject Solutions. Ami Aru Amar Paribesh Here we have given Assam SEBA Board Class 3 পৰিৱেশ অধ্যয়ন Solutions for All Subject, You can practice these here.
আমাৰ গাঁও
Chapter – 10
| অনুশীলনী |
১। উত্তৰ লিখা–
(ক) ৰতনহঁত পদুমণি গাঁৱলৈ কিমান দিনৰ বাবে গৈছিল?
উত্তৰঃ ৰতনহঁত পদুমণি গাঁৱলৈ এসপ্তাহৰ বাবে গৈছিল।
(খ) গাঁও কাক বোলে?
উত্তৰঃ ঘাইকৈ খেতি-বাতিৰ ওপৰত নিৰ্ভৰ কৰি চলি থকা ভালেমান পৰিয়াল একেলগে বাস কৰা একোটা অঞ্চলকে গাওঁ বোলে।
(গ) বিশুদ্ধ খোৱাপানীৰ অভাৱত আমাৰ কি কি অসুখ হয়?
উত্তৰঃ বিশুদ্ধ খোৱা-পানীৰ সু-ব্যৱস্থা নথকাৰ কাৰণেই গাঁৱৰ মানুহে সঘনাই পেটৰ অসুখত ভুগি থাকে আৰু নানা ধৰণৰ ৰোগ হব পাৰে।
(ঘ) ৰতন কোন গাঁৱৰ বাসিন্দা আছিল?
উত্তৰঃ ৰতন ৰূপহী গাঁৱৰ বাসিন্দা আছিল।
(ঙ) ৰতনৰ ককাকৰ মতে তেওঁলোকৰ গাঁৱৰ কোন দুটা দিশত উন্নতি হোৱা নাই?
উত্তৰঃ ৰতনৰ ককাকৰ মতে তেওঁলোকৰ গাঁৱৰ অনাময় ব্যৱস্থাটো আৰু বিদ্যালয়কেইখনৰ সা-সুবিধা এতিয়াও উন্নতি হোৱা নাই।
২। ৰতনে পদুমণি গাঁৱত কি কি দেখিলে লিখা?
উত্তৰঃ ৰতনে পদুমণি গাঁৱত বহুত কিবা-কিবি দেখিছিল। তাৰ আলি-পদূলিবোৰ পকা। মানুহৰ ঘৰ-দুৱাৰবোৰ যথেষ্ট উন্নত আৰু পৰিষ্কাৰ। চাৰিওফালে বিজুলী-বাতিৰ ব্যৱস্থা। ৰাতি ৰাস্তা-পদূলি পোহৰ হৈ থাকে। তাত দেখা বিদ্যালয়খন বৰ সুন্দৰ আৰু ডাঙৰ। বিদ্যালয়ত খেলা-ধূলাৰ বাবে পর্যাপ্ত ব্যৱস্থা আছে। বৰষুণ দিলেও গাঁৱৰ ৰাস্তাত বোকা নহয়।
৩। খালী ঠাই পূৰ কৰা—
(ক) গাঁৱৰ মুখিয়ালগৰাকীক_____________ বোলে।
উত্তৰঃ গাওঁবুঢ়া।
(খ) কম জনসংখ্যা থকা নগৰত___________থাকে।
উত্তৰঃ সমিতি।
(গ) মহকুমাৰ মুৰব্বীগৰাকীক____________বোলে।
উত্তৰঃ মহকুমাধিপতি।
(ঘ) ৰাজহ চক্ৰৰ মুৰব্বীগৰাকীক__________বোলে।
উত্তৰঃ চক্ৰ বিষয়া।
৪। শুদ্ধ নে অশুদ্ধ লিখা—
(ক) এখন গাঁৱত কেইবাটাও চুবুৰি থাকে।
উত্তৰঃ শুদ্ধ।
(খ) প্রতিখন মৌজাত একোগৰাকী মৌজাদাৰ থাকে।
উত্তৰঃ শুদ্ধ।
(গ) নগৰত মহানগৰতকৈ বেছি জনসংখ্যা থাকে।
উত্তৰঃ অশুদ্ধ।
(ঘ) এটা চুবুৰিত মাত্র এটাহে পৰিয়াল থাকে।
উত্তৰঃ অশুদ্ধ।
(ঙ) মহানগৰৰ মুখিয়ালগৰাকীক মহকুমাধিপতি বোলে।
উত্তৰঃ অশুদ্ধ।
৫। ৰূপহী গাঁৱৰ গাঁও পঞ্চায়তে গাঁওখনৰ উন্নয়নৰ বাবে কি কি ব্যৱস্থা লৈছে?
উত্তৰঃ ৰূপহী গাঁৱৰ ৰাস্তা-পদূলি ভাল হ’ব, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, ৰাস্তাত বিজুলীৰ ব্যৱস্থা হ’ব। ভাল চিকিৎসালয়, হাট-বজাৰ আদি সকলোখিনি অতি সোনকালে উন্নত হ’ব।
৬। তোমাৰ গাঁও বা চহৰখনত চিকিৎসালয় আছেনে? যদি আছেনাম লিখা।
উত্তৰঃ ছাত্র-ছাত্ৰীয়ে নিজে কৰা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

