Class 12 Swadesh Adhyayan Chapter 9 ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ

Class 12 Swadesh Adhyayan Chapter 9 ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ Solution, স্বদেশ অধ্যয়ন Class 12 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 12 Swadesh Adhyayan Chapter 9 ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 12 Swadesh Adhyayan Chapter 9 ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ Notes covers all the exercise questions in HS 2nd Year Swadesh Adhyayan Textbooks. The Assam Board Class 12 Swadesh Adhyayan Chapter 9 ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ

Chapter – 9

দ্বিতীয় ভাগ: বুৰঞ্জী

অনুশীলনী প্রশ্নোত্তৰ

১। ( ক ) অসমৰ প্ৰাচীনতম নাম কি ? 

উত্তৰঃ প্ৰাগজ্যোতিষপুৰ বা কামৰূপ । 

( খ ) ফৰেষ্ট শব্দটো ক’ৰ পৰা উদ্ভৱ হৈছে ? 

উত্তৰঃ লেটিন ভাষাৰ ‘ Forist ‘ ৰ পৰা উদ্ভৱ হৈছে। 

( গ ) কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লেখ থকা ভাৰতৰ প্ৰথমগৰাকী বন বিষয়া কোন ? 

উত্তৰঃ ‘ কোপাধ্যক্ষ । 

( ঘ ) ভাৰতত কেতিয়া বন বিভাগ প্রতিষ্ঠা কৰা হৈছিল ? 

উত্তৰঃ ১৮৬৪ চনত ভাৰতত বন বিভাগ প্রতিষ্ঠা হৈছিল । 

( ঙ ) ব্ৰিটিছসকলে বনজ সম্পদৰ ওপৰত ধার্য কৰা এবিধ কৰৰ নাম উল্লেখ কৰা । 

উত্তৰঃ কাঠৰ বাবে আৰোপ কৰা ‘ গড় খাটি ।

( চ ) ব্রিটিছসকলে ব্যাপক হাৰত অসমত ৰোপণ কৰা তিনিবিধ বিশেষ গছ কি কি আছিল ? 

উত্তৰঃ ‘ টিক ’ , ‘ ৰবৰ ’ , ‘ ভাৰতীয় ৰবৰ গছ ‘ । 

( ছ ) কাজিৰঙা সংৰক্ষিত বনাঞ্চল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ? 

উত্তৰঃ ১ জুন , ১৯০৮ চনত । 

( জ ) স্বাধীনোত্তৰ কালত কোন বছৰত অসমত বৃহৎ ভূমিকম্প হৈছিল ? 

উত্তৰঃ স্বাধীনোত্তৰ কালত ১৯৪৭ , ১৯৫০ আৰু ১৯৮৮ চনত অসমত বৃহৎ ভূমিকম্প হৈছিল । 

( ঝ ) হাতী সম্পৰ্কীয় তথ্য সম্বলিত অসমৰ প্ৰথমখন পুথিৰ নাম কি ? 

উত্তৰঃ ‘ হস্তীবিদ্যার্ণব । 

( ঞ ) আহোমৰ শাসনকালত নিয়োজিত হোৱা দুজন বনবিষয়াৰ নাম লিখা । 

উত্তৰঃ কাঠবৰুৱা , হাবিয়াল বৰুৱা ।

২। অসমৰ ৰজা ভগদত্তক কি বুলি কোৱা হয় ? 

উত্তৰঃ ‘ শৈলাল্য ’ বুলি কোৱা হয় । 

৩। কালিকা পুৰাণত বর্ণিত অসমৰ প্ৰাকৃতিক পৰিসীমাটো কি আছিল ? 

উত্তৰঃ কালিকা পুৰাণত কৰতোৱা নৈখন অসমৰ প্ৰাকৃতিক পৰিসীমা আছিল বুলি উল্লেখ আছে । 

৪। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান ? 

উত্তৰঃ ২৮৯৭ কিঃ মিঃ । 

৫। অসমৰ মাটিৰ তিনিটা প্রধান ভাগ কি কি ? 

উত্তৰঃ পৰ্বতমালা , একক পৰ্বত শ্রেণী , পাহাৰ আৰু টিলাসমূহ । 

৬। অসমৰ ভূমি ব্যৱস্থাপনা সম্পর্কে উল্লেখ কৰা দুজন ইংৰাজ লেখকৰ নাম উল্লেখ কৰা । 

উত্তৰঃ কেপ্টেইন ৱেলচ , জন পিটাৰ । 

৭। কিমান পৰিমাণৰ মাটি আহোমসকলে ধর্মীয় অনুষ্ঠানৰ কাৰণে কৰবিহীন কৰি ৰাখিছিল ? 

উত্তৰঃ মটফলাল মিলছৰ প্ৰতিবেদনত ( ১৮৫১ ) অসমত ধর্মীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ বাবে সুকীয়াকৈ ৰখা এনে কৰবিহীন নিস্পেখেৰাজ ৰূপে থকা মাটিৰ পৰিমাণ ৭৭,৫,৪৬৮ পূৰা বুলি উল্লেখ আছে । 

৮। অসমত কেতিয়া আৰু কোন ঠাইত প্রথমে চাহ উৎপন্ন হৈছিল ? 

উত্তৰঃ চাহখেতি প্ৰথমে উজনি অসমত ১৮২৩ চনত আৱিস্কাৰ হৈছিল । 

৯। অসমৰ প্ৰাচীন প্রাকৃতিক বিভাগ কেইটা— 

( ক ) এটা ।

( খ ) দুটা ।

( গ ) তিনিটা ।

( ঘ ) চাৰিটা ।

উত্তৰঃ ( ঘ ) চাৰিটা । 

১০। ‘ Silent Spring ‘ নামৰ গ্ৰন্থখনৰ লেখক কোন ? 

( ক ) ৰাছেল কাৰৰ্চন ।

( খ ) মাধৱ গেডগিল ।

( গ ) অৰুন্ধতি ৰয় ।

( ঘ ) মেধা পাটেকাৰ ।

উত্তৰঃ ( ক ) ৰাছেল কাৰৰ্চন । 

১১। গ্রীষ্ম আৰু শীতকালত গড়ে সর্বাধিক আৰু সৰ্বনিম্ন তাপমাত্রা কিমান হয় ? 

উত্তৰঃ ৩৫° – ৩৭.৮° ছেলছিয়াছ ( গ্ৰীষ্মকালত ) ৬.১° – ৭.৭° ছেলছিয়াছ ( শীতকালত ) 

১২। ১৮৬৫ চনৰ ভাৰতীয় বন আইনৰ মূল উদ্দেশ্য দুটা কি কি ? 

উত্তৰঃ ( ক ) বনজ সম্পদৰ ওপৰত ৰাষ্ট্ৰৰ একক নিয়ন্ত্রণ সাব্যস্ত কৰা । আৰু

( খ ) ভাৰতৰ বনাঞ্চলৰ ওপৰত ব্ৰিটিছ প্ৰশাসনৰ সাৰ্বভৌম অধিকাৰ সাব্যস্ত কৰা । 

১৩। উপনিৱেশিক কালত অসমৰ পৰিৱেশ সম্পৰ্কে এটা বিৱৰণ আগবঢ়োৱা । 

উত্তৰঃ উপনিৱেশিক কালছোৱাত ভাৰতত বনজ সম্পদসমূহৰ সংৰক্ষণৰ বাবে গুৰুত্ব দিয়াতকৈ সেই সম্পদৰাজিৰ শোষণ আৰু ধ্বংস কার্যকহে অধিক পৰিমাণে অগ্ৰাধিকাৰ দিয়া হৈছিল । উন্নয়নৰ স্বাৰ্থত যধেমধে বৃহৎ পৰিমাণৰ প্ৰাকৃতিক সম্পদৰ ধ্বংস কাৰ্য সাধন কৰা হৈছিল । বিশেষকৈ উপনিৱেশিক শাসনৰ কালছোৱাত বিদেশী প্রশাসন যন্ত্ৰটোৱে যাতায়ত , গৃহ নিৰ্মাণৰ বাবে পৰ্যাপ্ত পৰিমাণে প্রয়োজন হোৱা কাঠৰ চাহিদা পূৰণ কৰিবলৈ যিকোনো ব্যৱস্থাই গ্ৰহণ কৰিছিল । 

কঠোৰৰ পৰা কঠোৰতম আইনৰ জৰিয়তে ব্ৰিটিছ প্রশাসনে সকলো পৰ্যায়ৰ ভাৰতীয় বনজ সম্পদ ব্যাপক হাৰত প্ৰয়োজনীয় ব্যৱহাৰৰ অজুহাতত ধ্বংস কৰাৰ পৰিপ্ৰেক্ষিতত বনজ সম্পদৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰখনতো এক নতুন অধ্যয়ন সূচনা হয় । বিশেষকৈ ১৮৫৫ চনৰ পৰা ভাৰতত ব্যাপক হাৰত ৰেলৱে লাইন সংস্থাপন আৰু সম্প্ৰসাৰণৰ কাম আৰম্ভ হোৱাত ইয়াৰ বাবে প্ৰয়োজন হোৱা বিশাল পৰিমাণৰ কাঠৰ শিপাৰ সংগ্ৰহৰ অৰ্থে যধেমধে শ শ বিঘা অৰণ্যৰ পৰা কাঠ সংগ্ৰহ কৰা হৈছিল । প্ৰয়োজনীয় ইন্ধনৰ বাবেও বন ধ্বংস কৰা হৈছিল । সেয়েহে বিষয়টো যোগাত্মকভাৱে বন – ধ্বংসৰ সৈতে জড়িত হৈ পৰিছিল । 

১৪। ভাৰতত ব্ৰিটিছ প্ৰশাসনে প্ৰৱৰ্তন কৰা বন পৰিচালনা আঁচনি সম্পৰ্কত এটা টোকা লিখা । 

উত্তৰঃ সাম্ৰাজ্যবাদী শাসনকালৰ বন বিভাগটোৱে বিভিন্ন ধৰণৰ বন আইনৰ প্ৰৱৰ্তনৰ জৰিয়তে ভাৰতীয় বননীতি নিৰ্দ্ধাৰণ আৰু নিয়ন্ত্ৰণৰো ব্যৱস্থা আৰম্ভ কৰে । বিভাগটো সুপৰিচালনাৰ বাবে জাৰ্মানীৰ বন – বিষয়া ডায়েটিছ ব্ৰেণ্ডিছক ভাৰতীয় বন সম্পদ পৰিচালনাৰ বাবে আমন্ত্রণ কৰি বিশেষ দায়িত্ব অর্পণ কৰা হয় । 

মন কৰিবলগীয়া যে , ব্ৰিটিছ শাসনকালত প্ৰণয়ন কৰা ১৮৬৫ চনৰ ভাৰতীয় বন আইনখনৰ মূল উদ্দেশ্য আছিল বনজ সম্পদৰ ওপৰত ৰাষ্ট্ৰৰ একক নিয়ন্ত্রণ সাব্যস্ত কৰা । 

১৫। ভাৰতৰ পৰিৱেশ আন্দোলনৰ বিষয়ে এটা চমু বিৱৰণী প্ৰস্তুত কৰা । 

উত্তৰঃ ভাৰতৰ পৰিৱেশ আন্দোলনৰ উদ্দেশ্য আছিল মূলতঃ পৰিৱেশজনিত সমস্যাৰ বিষয়ে প্রতিবাদ , জনসাধাৰণক সজাগ আৰু অৱগত কৰা । পাৰিপাৰ্শ্বিকতা , প্রাকৃতিক পৰিস্থিতি ৰক্ষা কৰাৰ বাবে বাসিন্দাসকলৰ মাজত পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় নিয়মাৱলীৰ সম্প্ৰচাৰ ইত্যাদি । 

ভাৰতবৰ্ষত পৰিৱেশ সজাগতা আৰু সুৰক্ষা সংক্রান্তীয় প্রখ্যাত আন্দোলনবোৰ আছিল , তলত দিয়া ধৰণৰ ―

( ক ) বিষ্ণয় আন্দোলন : এই আন্দোলনৰ সূচনা কৰিছিল মুখ্যতঃ ‘ সুম্বাজী ‘ নামৰ এগৰাকী পৰিৱেশ কৰ্মীয়ে । এই প্রখ্যাত পৰিৱেশ আন্দোলনৰ অন্যতম গুৰি ধৰিছিল বিষ্ণয় সম্প্ৰদায়ৰ মহিলা নেত্রী অমৃতা দেৱীয়ে । এই বন ধ্বংসৰ প্ৰতিৰোধৰ বিৰুদ্ধে গড়ি তোলা আন্দোলনত ৩৬৩ গৰাকী মহিলাই প্রাণ দিছিল । 

( খ ) চিপ্‌কো আন্দোলন : ‘ চিপ্‌কো ’ শব্দৰ অৰ্থ হৈছে সাৱতি ধৰা । এই আন্দোলন ১৯৭২ চনত উত্তৰাখণ্ডৰ চামলি জিলাৰ গোপেশ্বৰ নামৰ ঠাইত গঢ়ি উঠিছিল । বনধ্বংস কার্য ৰোধ কৰিবলৈ এই আন্দোলনৰ সৃষ্টি হৈছিল । এই আন্দোলনৰ মুখ্যনেতা আছিল ‘ সুন্দৰলাল বহুগুনা ‘ । ঠিক একে উদ্দেশ্যেৰে এপিক ‘ আন্দোলন , নীৰৱ উপত্যকা আন্দোলন , জংঘল বাচাওঁ আন্দোলন , নর্মদা বাচাও আন্দোলন , টেহৰিবান্ধ সংঘাত ইত্যাদি উল্লেখযোগ্য পৰিৱেশ সজাগতা আৰু সুৰক্ষা সংক্রান্তীয় আন্দোলনৰ অন্তৰ্গত । 

১৬। অসমত অতীজৰ পৰা উপলব্ধ প্রধান প্রধান বনস্পতিসমূহ কি কি ? 

উত্তৰঃ শাল , খৈয়ৰ , শিশু , গমাৰি , সোণাৰু , চাম , বনচোম , মজ , শিমলু , হলক ইত্যাদি । 

১৭। চমুটোকা লিখা : 

( ক ) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ।

উত্তৰঃ ব্ৰিটিছ ৰাজত্বকালত প্রতিষ্ঠা লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বর্তমান গোলাঘাট জিলাৰ একাংশ আৰু নগাওঁ জিলাৰ একাংশ সামৰি লৈছে । ইয়াৰ মাটিকালিৰ পৰিমাণ ৪৩০ বৰ্গ কিঃ মিঃ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান প্রধানতঃ এশিঙীয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত । 

( খ ) মাজুলী ।

উত্তৰঃ পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অসমত অৱস্থিত । এয়া আমি অসমীয়া হিচাপে গৌৰৱৰ কথা । এই বৃহৎ নদীদ্বীপটো চাবলৈ বিভিন্ন দেশ – বিদেশৰ পৰা বিভিন্ন লোকৰ আগমন ঘটে প্ৰতি বছৰে । কিন্তু দুখৰ বিষয় যে অসমৰ পৰিৱৰ্তিত জলবায়ুৰ প্ৰভাৱত ‘ মাজুলী’ক বেয়াকৈ ক্ষতিগ্রস্ত কৰিছে । প্ৰাধনতঃ বানপানী আৰু খহনীয়াই এই অঞ্চলৰ জন জীৱনক বেয়াকৈ প্ৰভাৱন্বিত কৰিছে । বিশেষকৈ ১৯৫০ চনৰ ভূমিকম্পৰ পিছত নদীদ্বীপটো ভূমিস্খলনৰ মাত্ৰা বঢ়া দেখা গৈছে । 

( গ ) বন ধ্বংস ।

উত্তৰঃ জীৱশ্ৰেষ্ঠ মানৱে ঘৰ – দুৱাৰ , উদ্যোগ , কৃষিমাটি , ফাৰ্নিছাৰ ইত্যাদিৰ বাবে অতীজৰে পৰা এতিয়ালৈকে বনধ্বংস কৰি আহিছে । অসমৰ একালৰ বিশাল ক্রান্তীয় সেউজ বনাবৃত এলেকা আজি ক্ৰমাৎ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তনৰ ফলত সংকুচিত হৈ পৰিছে । বিশাল অৰণ্যভূমিৰ অৱক্ষয়ৰ প্ৰধান কাৰণ এটা ঝুম খেতি । বন – জংঘল কাটি , জুই লগাই বাৰে বাৰে পৰিস্কাৰ কৰি বনধ্বংস কৰা কাৰ্যই অসম তথা ভাৰতবৰ্ষৰ জলবায়ুৰ পৰিৱৰ্তন আমাৰ চকুত ধৰা দিছে । বিশেষভাৱে অত্যাধিক গৰম , সহ্য কৰিব নোৱাৰা ঠাণ্ডা , যেতিয়াই – তেতিয়াই বৰষুণ , শুষ্ক বায়ুমণ্ডল ইত্যাদি বনধ্বংসৰ পৰিণাম । 

১৮। আহোম যুগৰ বনবিষয়া সকলৰ বিষয়ে এটা টোকা লিখা। 

উত্তৰঃ অতীজত আহোমসকলে হাতী , ঘোঁৰা , ৰপ্তানি কৰি ৰাজভৰাল চহকী কৰিছিল । এই দুইবিধ প্ৰাণীৰ উপৰিও বনৰীয়া শেন চৰাইক প্ৰশিক্ষণৰ জৰিয়তে সামৰিক আৰু ৰাজনৈতিক  ক্ষেত্ৰতো বিভিন্ন সময়ত ব্যৱহাৰ কৰা হৈছিল । বাঘৰ উপদ্ৰৱৰ পৰা প্ৰজাক ৰক্ষা কৰিবলৈ আহোমৰ ৰাজত্বকালত এটা বিশেষ খেল তৈয়াৰ কৰা হৈছিল । ৰাজপ্রসাদকে ধৰি বিভিন্ন ধৰণৰ গৃহাদি নিৰ্মাণৰ বাবে উৎকৃষ্ট মানদণ্ডৰ বহু পৰিমাণৰ কাঠৰ প্ৰয়োজন হৈছিল । আহোম সচিবালয়ে এই বিষয়টোক চোৱা – চিতা কৰিবৰ বাবে ‘ কাঠবৰুৱা ‘ নামেৰে এজন বিশেষ বিষয়াক নিযুক্ত দিছিল । ঘাইকৈ সামৰিক আৰু বাণিজ্যিক কাম – কাজৰ বাবে প্রয়োজন হোৱা বিভিন্ন জাতৰ কাঠ আৰু বনজ সম্পদ সংৰক্ষণৰ বাবে এক বিশেষ নীতিও নিৰ্ধাৰণ কৰা হৈছিল । আৰু বিষয়টো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ নির্দিষ্ট এটা খেল সৃষ্টি কৰা হৈছিল । কন আৰু বনজ সম্পদ চোৱা – চিতাৰ লগতে ইয়াৰ পৰা আহৰণ হ’বলগীয়া ৰাজহৰ তদাৰকৰ বাবে ‘ হাবিয়াল বৰুৱা ’ নামৰ এজন সুকীয়া বিষয়াক নিযুক্ত দিয়া হৈছিল । লগতে গৌৰিনাথ সিংহৰ নামো উনুকিয়াব লাগিব । 

১৯। অসমৰ প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কাম কৰি থকা সংস্থাৰ কাৰ্যাৱলীৰ বিষয়ে এটা টোকা লিখা । 

উত্তৰঃ অসমৰ পাৰিপাৰ্শ্বিক সুৰক্ষা আৰু এই বিষয়ে সজাগতাৰ বাবে দীর্ঘদিন ধৰি কাম কৰি অহা বেচৰকাৰী পৰ্যায়ৰ সংস্থাসমূহৰ সংখ্যা প্রায় দুশ । চেন্টাৰ ফৰ এন্‌ভাইৰন্‌মেন্ট এডুকেশ্যন , নর্থ ইষ্ট সংক্ষেপে CEE – NE ৰ মতে ১৫২ টা এনে সংস্থাই অসমত পৰিৱেশ সুৰক্ষাৰ বাবে বিভিন্ন পর্যায়ত কাম কৰি আহিছে । পৰিৱেশ সুৰক্ষাৰ বাবে গঢ়ি উঠা অসমৰ প্ৰথমটো বেচৰকাৰী সংস্থা কাজিৰঙা ৱাইল্ড লাইফ চচাইটি। ঊনবিংশ শতিকাৰ ষষ্ঠদশক প্রতিষ্ঠা লাভ কৰা প্ৰথমটো এনে সংগঠনৰ মূল উদ্দেশ্য আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ নিৰাপত্তা নিশ্চিত কৰা আৰু পৰিৱেশ সুৰক্ষাৰ বাবে সজাগতা বৃদ্ধি কৰা। বিশ্ব প্রকৃতি নিধিব তথ্যমতে অসমত ৬৬ টা এনে বেচৰকাৰী পৰ্যায়ৰ সংস্থাই কাম কৰি আহিছে । 

সেই সমূহৰ ভিতৰত প্ৰধান উল্লেখনীয় সংস্থা কেইটা হ’ল— 

( ক ) নেচাৰচ্ বেকন , ১৯৮২ 

( খ ) চেন্টাৰ ফৰ এন্‌ভাইৰন্‌মেন্ট এডুকেশ্যন, 

( গ ) নর্থ – ইষ্ট , ১৯৮৪ 

( ঘ ) আৰণ্যক , ১৯৮৪ 

( ঙ ) আর্লি বার্ডর্চ , ১৯৯২ 

( চ ) নেচাৰচ্ ফ’ন্টাৰ , ১৯৯৫ 

( ছ ) এড্‌ এন , ২০০০ 

( জ ) এন্‌ভাইৰন , ২০০৩

অতিৰিক্ত প্রশ্নোত্তৰ

১। অসমৰ প্ৰাচীন ভৌগলিক মণ্ডলসমূহৰ নাম লিখা । 

উত্তৰঃ ৰত্নপীঠ , কামপীঠ , স্বর্ণপীঠ আৰু সৌমাৰপীঠ । 

২। অসমৰ তিনিটা প্রাচীন ভৌগলিক ভূখণ্ডৰ নাম লিখা । 

উত্তৰঃ উত্তৰকূল , দক্ষিণকূল আৰু মাজুলী । 

৩। অসমৰ দুটা প্রাচীন জনগোষ্ঠীৰ নাম লিখা । 

উত্তৰঃ বৰাহী আৰু মৰাণ ।

৪। আহোম শাসনকালৰ সাত প্ৰকাৰৰ মাটিবাৰীৰ শ্ৰেণীসমূহ কি কি ? 

উত্তৰঃ বাৰীমাটি , ৰূপিত , ফৰিঙতি , কঠিয়াতলি , জলাতক , ছলনি আৰু হাবিয়নী । 

৫। চাহখেতি কোনজন বিষয়াই প্রথমে আৱিষ্কাৰ কৰিছিল ? 

উত্তৰঃ ৰবাৰ্ট ব্রুচ নামৰ এজন স্কটিছ বিষয়াই প্রথমে চাহখেতি আৱিষ্কাৰ কৰিছিল । 

৬। অসমৰ প্ৰথম তিনিখন প্রধান অৰণ্যৰ নাম লিখা যাক ‘ গেম ফৰেষ্ট ‘ ৰূপে ঘোষণা কৰিছিল । 

উত্তৰঃ কাজিৰঙা , লাওখোৱা , উত্তৰ কামৰূপ ( মানস ) । 

৭। ১৮৫৭ আৰু ১৯৫০ চনৰ ভূমিকম্পৰ প্ৰাৱল্য কিমান আছিল ? 

উত্তৰঃ ৮.৭ আৰু ৮.৬

৮। কাৰ অৰ্থশাস্ত্ৰত ‘ কোপাধ্যক্ষ ‘ নামেৰে ভাৰতৰ প্ৰথমগৰাকী বনসঞ্চালক নিযুক্ত হোৱাৰ বিষয়ে উল্লেখ আছে ? 

উত্তৰঃ কৌটিল্যৰ অৰ্থশাস্ত্ৰত । 

৯। ভাৰতৰ কেইটামান উল্লেখনীয় পৰিবেশ সংক্রান্তীয় আন্দোলনৰ নাম উল্লেখ কৰা । 

উত্তৰঃ বিষ্ণয় আন্দোলন , চিপ্‌কো আন্দোলন , এপিক আন্দোলন , নীৰৱ উপত্যকা আন্দোলন , জংঘল বাচাও আন্দোলন , নর্মদা বাচাও আন্দোলন , টেইৰিবান্ধ সংঘাত আন্দোলন । 

১০। বৰ্তমান অসম ৰাজ্যখন ভাৰতৰ ক’ত অৱস্থিত ? 

উত্তৰঃ ভাৰতৰ উত্তৰ – পূৱ সীমান্তৰ ২৮° আৰু ২৪° উত্তর অক্ষাংশ , ৮৯° ৮৬ আৰু ৯৬° পূৱ দ্রাঘিমাংশৰ মাজত অৱস্থিত । 

১১। অসমখন কিহৰ বাবে বিখ্যাত ? 

উত্তৰঃ অসমখন এশিঙীয়া গড় আৰু হাতীৰ বাবে বিখ্যাত ।

১২। অৰণ্যৰ ইংৰাজী ‘ Forest ‘ শব্দটো কোনটো ভাষাৰ কোনটো শব্দৰ পৰা উদ্ভৱ হৈছে ? 

উত্তৰঃ অৰণ্যৰ ইংৰাজী ‘ Forest ‘ শব্দটো লেটিন ভাষাৰ ‘ Forist ‘ শব্দৰ পৰা উদ্ভৱ হৈছে । 

১৩। মহাকাব্যিক যুগৰে পৰা অসমৰ ৰজাঘৰত সমাদৰ লাভ কৰা এবিধ বন্যপ্ৰাণীৰ নাম লিখা । 

উত্তৰঃ মহাকাব্যিক যুগৰে পৰা অসমৰ ৰজাঘৰত সমাদৰ লাভ কৰা এবিধ বন্যপ্ৰাণীৰ নাম হ’ল— ‘ হাতী ‘ । 

১৪। ‘ হস্তীবিদ্যার্ণব ‘ নামৰ গ্ৰন্থখনৰ ৰচক কোন ? 

উত্তৰঃ ‘ হস্তীবিদ্যাৰ্ণৱ ‘ নামৰ গ্ৰন্থখনৰ ৰচক সুকুমাৰ বৰকাইথ । 

১৫। ‘ ঘোঁৰাবৰুৱা ‘ বুলি কাক বোলা হৈছিল ? 

উত্তৰঃ ৰজাৰ আস্তাবলত থকা বিভিন্ন প্ৰজাতিৰ ঘোঁৰাবোৰ চোৱা – চিতা কৰাৰ বাবে নিয়োজিত বিষয়জানক ‘ ঘোঁৰাবৰুৱা ‘ বোলা হৈছিল। 

১৬। ‘ কাঠবৰুৱা ‘ বুলি কাক কোৱা হৈছিল ? 

উত্তৰঃ ৰাজপ্ৰসাদকে ধৰি বিভিন্ন ধৰণৰ গৃহাদি নিৰ্মাণৰ বাবে উৎকৃষ্ট মানদণ্ডৰ বহু পৰিমাণৰ কাঠৰ প্ৰয়োজন হৈছিল । এই কাঠবোৰ চোৱা – চিতা কৰিবলৈ যিজন বিষয়াক নিযুক্তি দিয়া হৈছিল সেই বিষয়াজনক ‘ কাঠবৰুৱা ‘ বুলি কোৱা হৈছিল । 

১৭। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে কেতিয়া প্ৰতিষ্ঠা লাভ কৰিছিল ? 

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ব্ৰিটিছ ৰাজত্বকালত প্ৰতিষ্ঠা লাভ কৰিছিল । 

১৮। কাজৰিঙা ৰাষ্ট্ৰীয় উদ্যানে কোন দুখন জিলাক সামৰি লৈছে ? 

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে গোলাঘাট জিলাৰ একাংশ আৰু নগাঁও জিলাৰ একাংশ সামৰি লৈছে । 

১৯। অসমৰ মাটিক কেইটা ভাগত ভগোৱা হৈছে আৰু কি কি ? 

উত্তৰঃ অসমৰ মাটিক তিনিটা ভাগত ভগোৱা হৈছে । সেই ভাগকেইটা হ’ল— 

( ক ) পর্বতমালা একক পর্বতশ্রেণী । আৰু 

( গ ) পাহাৰ আৰু টিলাসমূহ । 

২০। কাৰ ৰাজত্বকালত আৰু কাৰ তত্ত্বাৱধানত অসমত প্ৰথমখন হাতী সম্পৰ্কীয় সচিত্র পুথি ৰচনা কৰা হৈছিল ? 

উত্তৰঃ আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত আৰু বাণী ফুলেশ্বৰীৰ তত্ত্বাৱধানত অসমত প্ৰথমখন হাতী সম্পৰ্কীয় সচিত্ৰ পুথি ৰচনা কৰা হৈছিল ।

২১। অসমৰ প্ৰথমখন হাতী সম্পৰ্কীয় সচিত্র পুথিখনৰ ছবি কোন কোন চিত্রশিল্পীয়ে আঁকিছিল ? 

উত্তৰঃ অসমৰ প্ৰথমখন হাতী সম্পৰ্কীয় সচিত্র পুথিখনৰ ছবি দিলবৰ আৰু দোজাই নামৰ দুজন চিত্রশিল্পীয়ে আঁকিছিল । 

২২। পাইক বুলি কাক জনা গৈছিল ? 

উত্তৰঃ আহোম শাসনত প্ৰতিজন পুৰুষকে পাইক বুলি জনা গৈছিল । 

২৩। পাইক প্ৰথাৰ প্ৰথম চৰ্ত কি আছিল ? 

উত্তৰঃ পাইক প্ৰথাৰ প্ৰথম চৰ্ত আছিল চাৰিজন পাইকক লৈ এটা গোট গঠন কৰা । 

২৪। মফটলাল মিলছৰ প্ৰতিবেদন কিমান চনত দাখিল কৰা হয় ? 

উত্তৰঃ মফটলাল মিলছৰ প্ৰতিবেদন ১৮৫১ চনত দাখিল কৰা হয় । 

২৫। ১৮৩৩ চনত এনেচা এৰি – মুগা সুতাৰ মূল্য কিমান আছিল ? 

উত্তৰঃ ১৮৩৩ চনত এনেচা এৰি মুগা সুতাৰ মূল্য প্রতি সেৰে ১৬ টকাৰ পৰা ২৪ টকা পর্যন্ত আছিল। 

২৬। কিমান চনৰ পৰা ভাৰতত ৰেলৱে লাইন সংস্থাপন আৰু সম্প্ৰসাৰণৰ কাম আৰম্ভ হৈছিল ? 

উত্তৰঃ ১৮৫৫ চনৰ পৰা ভাৰতত ৰেলৱে লাইন সংস্থাপন আৰু সম্প্ৰসাৰণৰ কাম আৰম্ভ হৈছিল । 

২৭। ‘ ভাৰতীয় বন আইন ’ কিমান চনত প্ৰণয়ন কৰা হৈছিল ? 

উত্তৰঃ ‘ ভাৰতীয় বন আইন ‘ ১৮৬৫ চনত প্ৰণয়ন কৰা হৈছিল । 

২৮। ‘ ভাৰতীয় বন আইন’ৰ মূল উদ্দেশ্য কি আছিল ? 

উত্তৰঃ ‘ ভাৰতীয় বন আইন’ৰ মূল উদ্দেশ্য আছিল— বনজ সম্পদৰ ওপৰত ৰাষ্ট্ৰৰ একক নিয়ন্ত্রণ সাব্যস্ত কৰা । 

২৯। ভাৰতবৰ্ষৰ ৰাজ্যত ব্ৰিটিছ আমোলত সুকীয়াকৈ প্ৰযোজ্য হোৱা দুখন বন আইনৰ নাম লিখা । 

উত্তৰঃ ভাৰতবৰ্ষৰ ৰাজ্যত ব্ৰিটিছ আমোলত সুকীয়াকৈ প্ৰযোজ্য হোৱা দুখন বন আইনৰ নাম হ’ল— 

( ক ) অসম ৰাজ্য বন আইন । আৰু 

( খ ) তামিলনাডু ৰাজ্য বন আইন । 

৩০। ‘ AFRA ‘ ৰ সম্পূৰ্ণ ৰূপ কি ? 

উত্তৰঃ ‘ AFRA ‘ ৰ সম্পূৰ্ণ ৰূপ হ’ল— অসম বন নিয়ন্ত্রণ বিধি ।

৩১। কিমান চনত উত্তৰ লক্ষীমপুৰৰ পৰা গড় সম্পূৰ্ণৰূপে বিলুপ্ত হৈছিল ? 

উত্তৰঃ ১৯০৫ চনত উত্তৰ লক্ষীমপুৰৰ পৰা গড় সম্পূৰ্ণৰূপে বিলুপ্ত হৈছিল । 

৩২। কাজিৰঙাই প্রথমে কিমান চনত ‘ হোম ৰিজাৰ্ভ’ৰ মৰ্যদা লাভ কৰে ? 

উত্তৰঃ কাজিৰঙাই ১৯০৮ চনত প্ৰথমে ‘ হোম ৰিজাৰ্ভ’ৰ মৰ্যদা লাভ কৰে । 

৩৩। ভাৰতৰ সৰ্ববৃহৎ নদী দ্বীপটোৰ নাম কি আৰু এই নদীদ্বীপটো ক’ত অৱস্থিত ? 

উত্তৰঃ ভাৰতৰ সৰ্ববৃহৎ নদী দ্বীপটোৰ নাম মাজুলী আৰু ই অসমত অৱস্থিত । 

৩৪। ‘ চিপকো ’ বা ‘ চিপক ’ শব্দৰ অৰ্থ কি ? 

উত্তৰঃ ‘ চিপকো ’ বা ‘ চিপক ’ শব্দৰ অৰ্থ হ’ল— ‘ সাৱটি ধৰা ’ । 

৩৫ । অসমৰ বন সম্পর্কে এটা টোকা লিখা । 

উত্তৰঃ অসমৰ বন আৰু বনাবৃত এলেকাৰ পৰিমাণ ১৬,৫১৪ বর্গ কি.মি. আৰু ইয়াৰ অৰণ্যত অতীজৰে পৰা উৎকৃষ্ট মানৰ গছ শাল , খৈয়ৰ , শিশু , গমাৰি , সোণাৰু , চাম , বনচোম , মজ , শিমলু , হলক ইত্যাদি গছৰ বিশাল অৰণ্য পোৱা গৈছে । লাল আৰু সুগন্ধি তেলৰ গছ অগৰুৰ লগতে বিভিন্ন প্ৰজাতিৰ টেঙা জাতীয় ফলমূলৰ ভিতৰত নেমু , ঔটেঙা , কমলা লগতে বিভিন্ন প্ৰজাতিৰ তামোল জাতীয় গছো অসমৰ বন আৰু বনাবৃত এলেকাত পোৱা যায় । মেজেংকাৰী আৰু আদ্ৰাকুৰি নামৰ পাট – মুগা উৎপাদনৰ বাবে প্রয়োজনীয় গছো অসমৰ অৰণ্যত পর্যাপ্ত পৰিমাণে উপলব্ধ । 

৩৬। অসমৰ জলবায়ু সম্পৰ্কে এটা টোকা লিখা । 

উত্তৰঃ অসমৰ জলবায়ু সাধাৰণতে সেমেকা । বংগোপ সাগৰৰ উপত্যকাৰ পৰা জলীয় বাষ্প মিশ্ৰিত বতাহে প্ৰতিবছৰে ৰাজ্যখনৰ জলবায়ু নিয়ন্ত্ৰণ কৰি আহিছে । গ্রীষ্ম আৰু শীত দুয়োটা ঋতুতে অসমত ভিন্ন পৰ্যায়ৰ তাপমাত্রা উপলব্ধ হয় যদিও অতীজৰে পৰা শীত আৰু গ্ৰীষ্ম উভয় কালতে তাপমাত্ৰাৰ অধিক ভাৰসাম্য দেখা পোৱা নাযায় । গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্যৰ সমৃদ্ধ অসমৰ সামগ্রিক তাপমাত্রা গ্রীষ্মকালত সর্বাধিক ৩৫° – ৩৭.৮° ছেলছিয়াছ আৰু শীতকালত কমপক্ষেও ৬.১° – ৭.৭° ছেলছিয়াছ পর্যন্ত নামি আহে । বসন্তকাল আৰম্ভ হয় মার্চ – এপ্রিল মাহত । এই সময়ছোৱাত বৃষ্টিপাতৰ আৰম্ভণি হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top