Class 12 Political Science Important Chapter 4 ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Political Science Important Solutions Assamese Medium and select need one. Class 12 Political Science Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Political Science.
Class 12 Political Science Important Chapter 4 ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Political Science Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Political Science Important Question Answer in Assamese for All Chapters, You can practice these here.
ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ
Chapter: 4
| সমসাময়িক বিশ্ব ৰাজনীতি |
| IMPORTANT QUESTION AND ANSWER |
১। ইউৰোপীয় সংঘৰ মুদ্ৰাটোৰ নাম কি?
উত্তৰঃ ইউৰোপীয় সংঘৰ মুদ্ৰাটোৰ নাম হৈছে ইউৰো (Euro)।
২। ‘আছিয়ান’ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ ‘আছিয়ান’ ১৯৬৭ চনৰ ৮ আগষ্ট তাৰিখে গঠন কৰা হৈছিল।
৩। চীন কিমান চনত WTO সদস্য হ’ল?
উত্তৰঃ চীন ২০০১ চনত বিশ্ব বাণিজ্য সংস্থা (WTO)-ৰ সদস্য হ’ল।
৪। ‘Open Door Policy’ কোনে ঘোষণা কৰিছিল?
উত্তৰঃ চীনৰ নেতা ডেং জিয়াওপিং (Deng Xiaoping)-এ ‘Open Door Policy’ ঘোষণা কৰিছিল।
৫। ভাৰত-চীন যুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ ভাৰত আৰু চীনৰ মাজত যুদ্ধ ১৯৬২ চনত হৈছিল।
৬। আছিয়ানৰ আৰম্ভণিৰ সদস্য দেশ কিমান আছিল?
উত্তৰঃ আছিয়ানৰ আৰম্ভণিতে ৫ খন দেশ সদস্য আছিল– ইন্দোনেছিয়া, মালয়েছিয়া, থাইলেণ্ড, ফিলিপাইন আৰু ছিংগাপুৰ।
৭। ‘মাষ্ট্ৰিচ চুক্তি’ কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰঃ ‘মাষ্ট্ৰিচ চুক্তি’ ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰিত হৈছিল।
৮। চাৰিটা আধুনিকীকৰণৰ প্রস্তাৱ কোনে আগবঢ়াইছিল?
উত্তৰঃ চীনৰ নেতা চৌ এন’লাই (Zhou Enlai)-এ চাৰিটা আধুনিকীকৰণৰ প্রস্তাৱ আগবঢ়াইছিল- কৃষি, উদ্যোগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা।
৯। ভাৰত কিমান চনত আছিয়ান-ভাৰত মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে?
উত্তৰঃ ভাৰত ২০০৩ চনত আছিয়ান-ভাৰত মুক্ত বাণিজ্য অঞ্চল (AIFTA) চুক্তিত স্বাক্ষৰ কৰে।
১০। আছিয়ান(ASEAN) ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ আছিয়ান(ASEAN) ৰ সম্পূৰ্ণ ৰূপ হৈছে- Association of Southeast Asian Nations.
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। ইউৰোপীয় সংঘ কিয় এটা শক্তিশালী আঞ্চলিক সংগঠন আলোচনা কৰা।
উত্তৰঃ ইউৰোপীয় সংঘ (EU) হৈছে এখন শক্তিশালী আঞ্চলিক সংগঠন যি অৰ্থনৈতিক, ৰাজনৈতিক, কূটনৈতিক আৰু সামৰিক ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ ধ্বংসপ্ৰাপ্ত অৰ্থনীতি পুনগঠন আৰু সংহতি আনি EU গঠন কৰা হয়। ই একক মুদ্ৰা ‘ইউৰো’(EURO) প্ৰচলন কৰি বিশ্বত ডলাৰৰ আধিপত্যক প্ৰভাৱিত কৰে। EUৰ সদস্য ৰাষ্ট্ৰসমূহ ৰাষ্ট্ৰসংঘত স্থায়ী আৰু অস্থায়ী সদস্য হিচাপে আছে। ই যিকোনো সমস্যাৰ কূটনৈতিক সমাধানত বিশ্বাস কৰে। সামৰিক খৰচত ই দ্বিতীয় স্থানত আছে আৰু দুটা সদস্য ৰাষ্ট্ৰ (ব্লুটেইন আৰু ফ্ৰান্স) পাৰমাণৱিক শক্তিধাৰী। ইয়াৰ নিজস্ব পতাকা, সংগীত, সংসদ আৰু আইন আছে, যাৰ ফলত ই এক জাতি-ৰাষ্ট্ৰৰ দৰে কাম কৰে। এই সকলো দিশে EU-এ নিজকে বিশ্বৰ এটা বিকল্প শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে।
২। আছিয়ান গঠনৰ লক্ষ্য আৰু স্তম্ভসমূহ কি কি আলোচনা কৰা।
উত্তৰঃ আছিয়ান (ASEAN) ১৯৬৭ চনত ইন্দোনেছিয়া, মালয়েছিয়া, থাইলেণ্ড, ফিলিপাইন আৰু ছিংগাপুৰে গঠন কৰে। এই সংগঠনৰ মূল লক্ষ্য হৈছে- দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ মাজত শান্তি, স্থিতিশীলতা আৰু অৰ্থনৈতিক উন্নয়ন স্থাপন কৰা।
আছিয়ানৰ তিনিটা মুখ্য স্তম্ভ হৈছে-
(ক) নিৰাপত্তা পৰিষদ (Asean Security Community): সদস্য দেশসমূহৰ মাজত শান্তিপূর্ণ সহাৱস্থান আৰু সীমান্ত বিবাদ ৰোধ।
(খ) অর্থনৈতিক পৰিষদ (Asean Economic Community): মুক্ত বাণিজ্য অঞ্চল গঠন, সমূহীয়া বজাৰ আৰু বিনিয়োগ বৃদ্ধি।
(৩) সামাজিক-সাংস্কৃতিক পৰিষদ (Asean Socio-Cultural Community): সংহতি, জনকল্যাণ, আৰু পৰিবেশ সম্পদৰ সুৰক্ষা।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


