Class 12 Political Science Important Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Political Science Important Solutions Assamese Medium and select need one. Class 12 Political Science Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Political Science.
Class 12 Political Science Important Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Political Science Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Political Science Important Question Answer in Assamese for All Chapters, You can practice these here.
আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য
Chapter: 3
| সমসাময়িক বিশ্ব ৰাজনীতি |
| IMPORTANT QUESTION AND ANSWER |
১। এক মেৰু বিশ্ব বুলিলে কি বুজা যায়?
উত্তৰঃ এক মেৰু বিশ্ব বুলিলে এনে ৰাজনৈতিক ব্যৱস্থাক বুজায়, য’ত কেৱল এটা ৰাষ্ট্ৰই বিশ্ব ৰাজনীতিত আধিপত্য বিস্তাৰ কৰে।
২। ‘অপাৰেচন ডেজাৰ্ট ষ্টৰ্ম’ কোনখন যুদ্ধৰ সৈতে জড়িত?
উত্তৰঃ ‘অপাৰেচন ডেজাৰ্ট ষ্টৰ্ম’ প্ৰথম উপসাগৰীয় যুদ্ধৰ সৈতে জড়িত।
৩। ৯/১১ আক্ৰমণ কেতিয়া হৈছিল?
উত্তৰঃ ৯/১১ আক্ৰমণ ২০০১ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখে হৈছিল।
৪। “Operation Enduring Freedom” কাক লক্ষ্য কৰি চলোৱা হৈছিল?
উত্তৰঃ “Operation Enduring Freedom” অল-কাইডা আৰু তালিবানক লক্ষ্য কৰি চলোৱা হৈছিল।
৫। Operation Iraqi Freedom কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ Operation Iraqi Freedom ২০০৩ চনৰ ১৯ মাৰ্চ তাৰিখে আৰম্ভ হৈছিল।
৬। “Smart Bombs” ক’ত ব্যৱহাৰ হৈছিল?
উত্তৰঃ “Smart Bombs” প্ৰথম উপসাগৰীয় যুদ্ধত ব্যৱহাৰ হৈছিল।
৭। গঠনাত্মক ক্ষমতা (Structural Power) বুলিলে কি বুজা যায়?
উত্তৰঃ গঠনাত্মক ক্ষমতা (Structural Power) বিশ্ব অৰ্থনীতিৰ গাঁথনি আৰু নিয়ন্ত্ৰণৰ ওপৰত আধিপত্য বিস্তাৰ কৰা ক্ষমতাক বুজা যায়।
৮। “Soft Power” বুলিলে কি বুজা যায়?
উত্তৰঃ “Soft Power” সংস্কৃতি, মতাদৰ্শ, আৰু জীৱনশৈলীৰ জৰিয়তে প্ৰভাৱ বিস্তাৰ কৰা ক্ষমতাক বুজা যায়।
৯। ৯/১১ আক্ৰমণত কিমান লোক নিহত হৈছিল?
উত্তৰঃ ৯/১১ আক্ৰমণত প্ৰায় ৩,০০০ জন লোক নিহত হৈছিল।
১০। ‘গোলকীয় গাঁও’ বুলিলে কি বুজা যায়?
উত্তৰঃ পৃথিৱীক এটা সম্পৰ্কযুক্ত গাঁও হিচাপে ধৰা, য’ত সকলো দেশ একে পৃষ্ঠত বাস কৰে আৰু পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ বিভিন্ন ধৰণৰ বিষয়ে ব্যাখ্যা কৰা।
উত্তৰঃ আধিপত্য (Hegemony) হৈছে এনে এক প্ৰভুত্বশীল অৱস্থা, য’ত এটা ৰাষ্ট্ৰই আন ৰাষ্ট্ৰসমূহৰ ওপৰত সামৰিক, অৰ্থনৈতিক, সাংস্কৃতিক অথবা মতাদৰ্শগতভাৱে নিয়ন্ত্রণ বিস্তাৰ কৰে।
আমেৰিকাৰ আধিপত্য তিনিধৰণত বিভক্ত কৰা হয়-
(ক) কঠোৰ ক্ষমতা (Hard Power): এই ধৰণৰ আধিপত্য সামৰিক শক্তিৰ ওপৰত আধাৰিত। আমেৰিকাৰ সেনাৰ বিশ্বৰ যিকোনো প্ৰান্তত হস্তক্ষেপ কৰিবলৈ সক্ষমতা আৰু যুদ্ধত উন্নত প্ৰযুক্তিৰ ব্যৱহাৰে এই আধিপত্যৰ প্রমাণ দিছে। উদাহৰণস্বৰূপ, ইৰাক আৰু আফগানিস্তানত সামরিক অভিযান চলাইছে।
(খ) গঠনাত্মক ক্ষমতা (Structural Power): এই ধৰণৰ আধিপত্যৰ জৰিয়তে আমেৰিকাই বিশ্ব অৰ্থনীতিৰ গাঁথনি নিৰ্মাণ আৰু নিয়ন্ত্রণ কৰিছে। বিশ্ব বেংক, IMF, WTO আদিত আমেৰিকাৰ আধিপত্য সুস্পষ্ট। Bretton Woods পদ্ধতি, ডলাৰৰ প্ৰভাৱ আৰু মুক্ত বাণিজ্য ব্যৱস্থাও এই ক্ষমতাৰ অংশ।
(গ) নমনীয় ক্ষমতা (Soft Power): এই আধিপত্য সংস্কৃতি, শিক্ষা, চিন্তাধাৰা, আৰু সামাজিক মূল্যবোধৰ জৰিয়তে বিস্তৃত হয়। আমেৰিকাৰ ফেশ্বন, চলচিত্ৰ, গণতন্ত্ৰ, উদাৰনীতি আৰু শিক্ষাত (যেনে MBA) বিশ্বৰ দ্ৰুত গ্ৰহণযোগ্যতা পাইছে। এই ধৰণৰ আধিপত্য বলপ্রয়োগ নকৰাকৈ আন ৰাষ্ট্ৰৰ জনজীৱনত ঢুকি পৰে।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


