Class 12 Political Science Important Chapter 18 ভাৰতীয় ৰাজনীতিত সাম্প্ৰতিক বিকাশ

Class 12 Political Science Important Chapter 18 ভাৰতীয় ৰাজনীতিত সাম্প্ৰতিক বিকাশ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Political Science Important Solutions Assamese Medium and select need one. Class 12 Political Science Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Political Science.

Class 12 Political Science Important Chapter 18 ভাৰতীয় ৰাজনীতিত সাম্প্ৰতিক বিকাশ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Political Science Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Political Science Important Question Answer in Assamese for All Chapters, You can practice these here.

Chapter: 18

স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি
IMPORTANT QUESTION AND ANSWER

১। ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে কিমান আসন লাভ কৰিছিল?

উত্তৰঃ ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে ১৯৭ খন আসন লাভ কৰিছিল।

২। ‘ওলোমা সংসদ’ বুলিলে কি বুজায়?

উত্তৰঃ যেতিয়া কোনো দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰে তেতিয়া সংসদক ‘ওলোমা সংসদ’ বোলা হয়।

৩। ১৯৯৬ চনত ইউনাইটেড ফ্ৰণ্ট চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ ১৯৯৬ চনত ইউনাইটেড ফ্ৰণ্ট চৰকাৰৰ প্ৰধানমন্ত্ৰী এইচ. ডি. দেৱগৌড়া আছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। BJP কিমান চনত গঠিত হৈছিল?

উত্তৰঃ BJP ১৯৮০ চনত গঠিত হৈছিল।

৫। জনতা দল কেতিয়া গঠন হৈছিল?

উত্তৰঃ জনতা দল ১৯৮৮ চনৰ ১১ অক্টোবৰ তাৰিখে গঠন হৈছিল।

৬। ২০০৪ চনৰ লোকসভা নিৰ্বাচনত কোনে চৰকাৰ গঠন কৰে?

উত্তৰঃ কংগ্ৰেছৰ নেতৃত্বত ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স (UPA) চৰকাৰ গঠন হয়।

৭। NDA-ৰ পূৰ্ণৰূপ কি?

উত্তৰঃ NDA-ৰ পূৰ্ণৰূপ National Democratic Alliance (ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা)।

৮। Assam-ৰ আঞ্চলিক ৰাজনৈতিক দলৰ নাম কি?

উত্তৰঃ Assam-ৰ আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ’ল- অসম গণ পৰিষদ (AGP)।

৯। BJP-ৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ BJP-ৰ প্ৰথম প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আছিল।

১০। UPA চৰকাৰৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?

উত্তৰঃ UPA চৰকাৰৰ প্ৰথম প্ৰধানমন্ত্ৰী ড° মনমোহন সিং আছিল।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। জনতা দলৰ উত্থান আৰু পতনৰ বিৱৰণ দিয়া।

উত্তৰঃ জনতা দলৰ গঠন ১৯৮৮ চনৰ ১১ অক্টোবৰ তাৰিখে বিশ্বনাথ প্ৰতাপ সিঙৰ নেতৃত্বত হৈছিল। এই দলটো জনমৰ্চা, জনতা পাৰ্টি আৰু লোক দলৰ একত্ৰিত ৰূপ আছিল। ১৯৮৯ চনৰ লোকসভা নিৰ্বাচনত দলটোৱে ১৪১ খন আসন লাভ কৰি নেচনেল ফ্ৰণ্ট চৰকাৰ গঠন কৰিছিল আৰু বিশ্বনাথ প্ৰতাপ সিঙ প্ৰধানমন্ত্ৰী হৈছিল। এই সফলতাৰ পাছত দলটোৱে বিহাৰ, গুজৰাট আৰু উৰিষ্যাত চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়।

তথাপিও দলটোৰ পতন তৎপৰতাই আৰম্ভ হয়। অভ্যন্তৰীণ বিভাজন, ফৈদবাদ আৰু অস্পষ্ট মতাদৰ্শই দলটোক দুৰ্বল কৰি তোলে। বিশ্বনাথ প্ৰতাপ সিঙৰ চৰকাৰ মাথোঁ ১১ মাহহে স্থায়ী হৈছিল। ১৯৯১, ১৯৯৬, ১৯৯৮ চনৰ নিৰ্বাচনত দলটোৱে ক্রমান্বয়ে ৫৬, ৪৩ আৰু ৬ খন আসনহে লাভ কৰে। বিভাজনৰ ফলত নতুন নতুন দল জন্ম লয় যেনে- সমতা পাৰ্টি, ৰাষ্ট্ৰীয় জনতা দল আৰু বিজু জনতা দল। অৱশেষত জনতা দল প্ৰায় নিৰ্বল হৈ পৰে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top