Class 12 Political Science Important Chapter 17 আঞ্চলিক আকাংক্ষাবোৰ

Class 12 Political Science Important Chapter 17 আঞ্চলিক আকাংক্ষাবোৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Political Science Important Solutions Assamese Medium and select need one. Class 12 Political Science Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Political Science.

Class 12 Political Science Important Chapter 17 আঞ্চলিক আকাংক্ষাবোৰ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Political Science Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Political Science Important Question Answer in Assamese for All Chapters, You can practice these here.

Chapter: 17

স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি
IMPORTANT QUESTION AND ANSWER

১। ভাৰতৰ বৈচিত্ৰ্য মানে কি?

উত্তৰঃ ভাৰতৰ বৈচিত্ৰ্য মানে হৈছে একেই ৰাষ্ট্ৰত বিভিন্ন ধৰ্ম, বৰ্ণ, সংস্কৃতি, ভাষা আৰু আঞ্চলিক পৰিচয়ৰ উপস্থিতি।

২। আঞ্চলিকতাবাদ কি?

উত্তৰঃ আঞ্চলিকতাবাদ হৈছে এক অঞ্চলৰ বিশেষ স্বাৰ্থৰ বাবে আন্দোলন বা দল গঠন।

৩। আঞ্চলিক ৰাজনৈতিক দলৰ গঠন কিয় হয়?

উত্তৰঃ আঞ্চলিক সমস্যাৰ সমাধান আৰু স্থানীয় দাবী পূৰণৰ উদ্দেশ্যে আঞ্চলিক ৰাজনৈতিক দল গঠন হয়।

৪। আঞ্চলিক আন্দোলনক কি ৰূপে চিহ্নিত কৰা হয়?

উত্তৰঃ আঞ্চলিক আন্দোলন কেতিয়াবা গণতান্ত্ৰিক আৰু কেতিয়াবা সশস্ত্র ৰূপে পৰিগণিত হয়।

৫। “বৈচিত্ৰ্যৰ মাজৰ ঐক্য” কি?

উত্তৰঃ “বৈচিত্ৰ্যৰ মাজৰ ঐক্য” হৈছে ভাৰতৰ বৈচিত্ৰ্যৰ ভিতৰত একতা বজাই ৰখাৰ নীতি।

৬। পঞ্জাৱৰ বিভাজন কেতিয়া হৈছিল?

উত্তৰঃ পঞ্জাৱৰ বিভাজন ১৯৬৬ চনত হৈছিল।

৭। অসম গণ পৰিষদ কোনে গঠন কৰিছিল?

উত্তৰঃ অসম গণ পৰিষদ গঠন কৰিছিল সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত।

৮। মিজোৰামৰ ৰাজ্য গঠন কেতিয়া হৈছিল?

উত্তৰঃ মিজোৰাম ১৯৮৭ চনত পূৰ্ণাঙ্গ ৰাজ্য হিচাপে গঠন হয়।

৯। নাগালেণ্ডৰ বিচ্ছিন্নতাবাদ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ নাগালেণ্ডৰ বিচ্ছিন্নতাবাদ ১৯৪০ চনৰ পৰা আৰম্ভ হৈছিল।

১০। তেলেংগানাৰ সৃষ্টি কেতিয়া হৈছিল?

উত্তৰঃ তেলেংগানা ২০১৪ চনৰ ২ জুনত সৃষ্টি হৈছিল।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ আভ্যন্তৰীণ বিভাজন ব্যাখ্যা কৰা আৰু এইবোৰে কেনেদৰে বিভিন্ন আঞ্চলিক আকাংক্ষাৰ সৃষ্টি কৰিছে বৰ্ণনা কৰা।

উত্তৰঃ কাশ্মীৰ সমস্যাটো ভাৰতৰ স্বাধীনতাৰ পূৰ্বৰ পৰাই চলি আহিছে। ভাৰত আৰু পাকিস্তান দুই ৰাষ্ট্ৰৰ মাজত বৰ্তমানৰ লৈকে অঞ্চলটোক লৈ সংঘাতৰ সৃষ্টি হৈ আহিছে।  পাকিস্তানে আজিৰ লৈকে জম্মু-কাশ্মীৰ ভাৰতৰ লগত চামিল কৰাটো মানি ল’ব পৰা নাই। জম্মু আৰু কাশ্মীৰ অঞ্চলটো তিনিটা সামাজিক আৰু ৰাজনৈতিক ভৌগোলিক খণ্ডত বিভক্ত। এই খণ্ডকেইটা হ’ল জম্মু, কাশ্মীৰ আৰু লাডাখ। তাৰে কাশ্মীৰ উপত্যকতা হ’ল কাশ্মীৰ অঞ্চলৰ কেন্দ্ৰবিন্দু আৰু উক্ত অঞ্চলটো মুছলাম ধৰ্মীয় লোক সংখ্যাগৰিষ্ঠ। ঠিক তেনেদৰে জম্মু অঞ্চলটো পৰ্বতৰ দাঁতি আৰু সমতল ভূমিৰ সংমিশ্ৰণ স্থল আৰু এই অঞ্চলটোত হিন্দুসকল সংখ্যাগৰিষ্ঠ। এই অঞ্চলটোত কেইবাটাও ভাষা ব্যৱহাৰ হয়। আনহাতে লাডাখ অঞ্চলটো এক পাহাৰীয়া আৰু সেৰেঙা জনবসতিৰ অঞ্চল। অঞ্চলটোত সম হাৰত বৌদ্ধ আৰু ইছলাম ধৰ্মাৱলম্বী লোকে বসবাস কৰে। ১৯৪৯ চনত সংঘটিত জনজাতীয় আক্ৰমণৰ ফলত জম্মু-কাশ্মীৰৰ এটা অঞ্চল পাকিস্তানৰ অধিনত থাকি যায় যাক পাকিস্তানে ‘আজাদ কাশ্মীৰ’ ৰূপে নামাকৰণ কৰিছে।

জম্মু-কাশ্মীৰৰ আভ্যন্তৰীণ বিভাজনে ভাৰতৰ আন আন অঞ্চলটো আঞ্চলিক আকাংশাৰ সৃষ্টি কৰিছে। যেনে অসমত বড়ো সকলে পৃথক বড়োলেণ্ডৰ আকাংশা কৰে আৰু দাবী কৰি আঞ্চলিকতাবাদৰ জন্ম দিয়ে। ঠিক তেনেদৰে ১৯৫৯ চনত মিজোৰামে অসমৰ পৰা পৃথক হৈ  সুকীয়া ৰাজ্যৰ গঠনৰ বিষয় উশ্থাপন কৰে। ঠিক তেনেদৰে অসমৰ লগতে ভাৰতৰ ৰাজ্যসমূহৰ বিভিন্ন জনগোষ্ঠী সকলে নিজৰ বাবে উক্ত ৰাজ্যৰ ভিতৰতএ পৃথক ৰাজ্যৰ দাবী উশ্থাপন কৰি আহিছে। 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top