Class 12 Political Science Important Chapter 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি

Class 12 Political Science Important Chapter 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Political Science Important Solutions Assamese Medium and select need one. Class 12 Political Science Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Political Science.

Class 12 Political Science Important Chapter 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Political Science Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Political Science Important Question Answer in Assamese for All Chapters, You can practice these here.

Chapter: 12

স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি
IMPORTANT QUESTION AND ANSWER

১। ভাষাৰ ভিত্তিত গঠিত প্ৰথমখন ৰাজ্য কি আছিল?

উত্তৰঃ ভাষাৰ ভিত্তিত গঠিত প্ৰথমখন ৰাজ্য গুজৰাট আছিল।

২। পৰিকল্পিত বিকাশৰ অৰ্থ কি?

উত্তৰঃ পৰিকল্পিত বিকাশ হৈছে বিকাশৰ এক আৰ্হি বা পৰিকল্পনা, য’ত কোনো নিৰ্দিষ্ট উদ্দেশ্য আৰু লক্ষ্য সাধনৰ বাবে সম্পদৰ সঠিক বণ্টন আৰু ব্যৱস্থাপনাৰ বাবে পৰিকল্পনা গঠন কৰা হয়।

৩। ভাৰতৰ স্বাধীনতা লাভৰ সময় দুটা বিকাশৰ আৰ্হি কি কি আছিল?

উত্তৰঃ ভাৰতৰ স্বাধীনতা লাভৰ সময়ত দুটা বিকাশৰ আৰ্হি আছিল উদাৰবাদী-পুঁজিবাদী আৰ্হি আৰু সমাজবাদী আৰ্হি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ প্ৰথম পঞ্চবার্ষিক পৰিকল্পনাৰ মূল উদ্দেশ্য আছিল দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ আৰু কৃষিক্ষেত্ৰৰ উন্নতি।

৫। সেউজ বিপ্লৱ কি?

উত্তৰঃ সেউজ বিপ্লৱ আধুনিক কৃষি প্রযুক্তি ব্যৱহাৰ কৰি খাদ্যশস্যৰ উৎপাদন বৃদ্ধি কৰাৰ এক প্রক্রিয়া, য’ত উন্নত জাতৰ বীজ, সাৰ, জলসিঞ্চন ব্যৱস্থা আৰু আধুনিক কৃষি পদ্ধতি ব্যৱহৃত হৈছিল।

৬। দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ মূল লক্ষ্য কি আছিল?

উত্তৰঃ দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ মূল লক্ষ্য গধুৰ উদ্যোগৰ বিকাশ আৰু জাতীয় আয়ৰ বৃদ্ধি আছিল।

৭। পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ পৰিকল্পনা আয়োগ ১৯৫০ চনত গঠন কৰা হৈছিল।

৮। সেউজ বিপ্লৱৰ পৰিস্ফুটন ক’ত হৈছিল?

উত্তৰঃ সেউজ বিপ্লৱৰ পৰিস্ফুটন উত্তৰ আৰু উত্তৰ পশ্চিম ভাৰতৰ ধনী কৃষকসকলৰ মাজত হৈছিল।

৯। নতুন অৰ্থনৈতিক নীতি কেতিয়া ঘোষণা কৰা হৈছিল?

উত্তৰঃ নতুন অৰ্থনৈতিক নীতি ১৯৯১ চনত ঘোষণা কৰা হৈছিল।

১০। নিতি আয়োগৰ গঠন কেতিয়া হৈছিল?

উত্তৰঃ নিতি আয়োগৰ গঠন ২০১৫ চনত, নৰেন্দ্ৰ মোদী নেতৃত্বত হৈছিল।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। ভাৰতৰ বিকাশৰ উদ্দেশ্যে পৰিকল্পনা আয়োগৰ ভূমিকা কি আছিল?

উত্তৰঃ ভাৰতৰ বিকাশৰ উদ্দেশ্যে পৰিকল্পনা আয়োগৰ মুখ্য ভূমিকা আছিল দেশৰ সম্পদৰ মূল্যায়ন কৰা আৰু তাৰ আধাৰত পঞ্চবার্ষিক পৰিকল্পনা তৈয়াৰ কৰা। এই পৰিকল্পনাসমূহৰ জৰিয়তে দেশৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। লগতে, আয়োগে বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰাত সহায় কৰিছিল আৰু বিভিন্ন খণ্ডত বিকাশৰ ওপৰত নজৰ ৰাখিছিল।

পৰিকল্পনা আয়োগৰ মুখ্য ভূমিকা আৰু কাৰ্যসমূহ তলত উল্লেখ কৰা হ’ল-

(ক) পৰিকল্পনা প্ৰস্তুতকৰণ: পৰিকল্পনা আয়োগে দেশৰ সম্পদৰ মূল্যায়ন কৰি পঞ্চবার্ষিক পৰিকল্পনা প্ৰস্তুত কৰিছিল। এই পৰিকল্পনাসমূহত বিভিন্ন খণ্ড যেনে- ক্ৰষি, উদ্যোগ, শিক্ষা, স্বাস্থ্য আদিৰ বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল।

(খ) উন্নয়নমূলক আঁচনি ৰূপায়ণ: আয়োগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে মিলি বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰাত সহায় কৰিছিল।

(গ) সম্পদৰ বিতৰণ: আয়োগে দেশৰ সম্পদসমূহৰ ন্যায়সংগত বিতৰণত গুৰুত্ব দিছিল, যাতে সকলোৱে ইয়াৰ সুবিধা লাভ কৰিব পাৰে।

(ঘ) বিভিন্ন খণ্ডৰ বিকাশ: আয়োগে বিভিন্ন খণ্ড যেনে ক্ৰষি, উদ্যোগ, শিক্ষা, স্বাস্থ্য আদিৰ বিকাশৰ ওপৰত নজৰ ৰাখিছিল আৰু সেইসমূহৰ বিকাশৰ বাবে আঁচনি তৈয়াৰ কৰিছিল।

(ঙ) পৰামৰ্শ আগবঢ়োৱা: পৰিকল্পনা আয়োগে চৰকাৰক বিভিন্ন উন্নয়নমূলক নীতি আৰু আঁচনিৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াইছিল।

(চ) পৰ্যালোচনা: আয়োগে নিৰ্ধাৰিত লক্ষ্যৰ দিশত অগ্ৰসৰ হোৱা আঁচনিসমূহৰ অগ্ৰগতিৰ ওপৰত নিয়মীয়াকৈ পৰ্যালোচনা কৰিছিল।

(ছ) সামাজিক বিকাশ: পৰিকল্পনা আয়োগে নিৰক্ষৰতা, দৰিদ্ৰতা, আৰু অন্যান্য সামাজিক সমস্যাসমূহ দূৰ কৰাত সহায় কৰিছিল, যাৰ ফলত সমাজৰ বিকাশ সম্ভৱ হৈছিল।

পৰিকল্পনা আয়োগে ভাৰতৰ বিকাশৰ পথত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যদিও বৰ্তমান পৰিকল্পনা আয়োগৰ পৰিৱৰ্তে নীতি আয়োগে কাম কৰি আছে, তথাপিও পৰিকল্পনা আয়োগৰ অৱদানক স্মৰণ কৰা হয়।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top