Class 12 Political Science Important Chapter 11 এক দলীয় প্ৰাধান্যৰ যুগ

Class 12 Political Science Important Chapter 11 এক দলীয় প্ৰাধান্যৰ যুগ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Political Science Important Solutions Assamese Medium and select need one. Class 12 Political Science Additional Solutions in Assamese Medium Download PDF. Additional Solutions For Class 12 Political Science.

Class 12 Political Science Important Chapter 11 এক দলীয় প্ৰাধান্যৰ যুগ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Political Science Additional Question Answer in Assamese are part of All Subject Solutions. Here we have given HS 2nd Year Political Science Important Question Answer in Assamese for All Chapters, You can practice these here.

Chapter: 11

স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি
IMPORTANT QUESTION AND ANSWER

১। ভাৰতৰ প্ৰথম সাধাৰণ নির্বাচন কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ভাৰতৰ প্ৰথম সাধাৰণ নির্বাচন ১৯৫১-৫২ চনত অনুষ্ঠিত হৈছিল।

২। ভাৰতৰ প্ৰথম মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল?

উত্তৰঃ ভাৰতৰ প্ৰথম মুখ্য নির্বাচনী আয়ুক্ত আছিল সুকুমাৰ সেন।

৩। ১৯৫২ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে কিমানখন আসন লাভ কৰিছিল?

উত্তৰঃ ১৯৫২ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে মুঠ ৩৬৪ খন আসন লাভ কৰিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। ভাৰতত গণতন্ত্ৰ ভিত্তিক সংবিধান কেতিয়া কাৰ্যকৰী হৈছিল?

উত্তৰঃ ভাৰতৰ গণতান্ত্ৰিক সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে কাৰ্যকৰী হৈছিল।

৫। স্বতন্ত্ৰ দল কিমান চনত গঠিত হৈছিল?

উত্তৰঃ স্বতন্ত্ৰ দল ১৯৫৯ চনৰ আগষ্ট মাহত গঠিত হৈছিল।

৬। ভাৰতীয় জনসংঘ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ভাৰতীয় জনসংঘ ১৯৫১ চনত শ্যামা প্রসাদ মুখাৰ্জীৰ নেতৃত্বত গঠন কৰা হৈছিল।

৭। ভাৰতীয় জনতা পাৰ্টিৰ (BJP) মূল দল কোনটো?

উত্তৰঃ ভাৰতীয় জনতা পাৰ্টিৰ মূল দল হ’ল ভাৰতীয় জনসংঘ।

৮। কংগ্ৰেছ সমাজবাদী দল কেতিয়া গঠিত হৈছিল?

উত্তৰঃ কংগ্ৰেছ সমাজবাদী দল ১৯৩৪ চনত কংগ্ৰেছৰ ভিতৰত উপদল হিচাপে গঠিত হৈছিল।

৯। ১৯৫৭ চনত কেৰালাত কোন দলে চৰকাৰ গঠন কৰিছিল?

উত্তৰঃ ১৯৫৭ চনত কেৰালাত ভাৰতীয় সাম্যবাদী দলে (CPI) চৰকাৰ গঠন কৰিছিল।

১০। ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে মুঠ কিমান শতাংশ ভোট পাইছিল?

উত্তৰঃ ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে মুঠ প্ৰায় ৪৫ শতাংশ ভোট লাভ কৰিছিল।

দীঘলীয়া প্ৰশ্ন উত্তৰ:

১। ভাৰতৰ প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য বিশ্লেষণ কৰা।

উত্তৰঃ ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰেছ দলে প্ৰথম তিনিটা নিৰ্বাচনত আধিপত্য লাভ কৰিবলৈ সক্ষম হৈছিল। ভাৰতবৰ্ষৰ প্ৰথম সাধাৰণ নিৰ্বাচনত অনুষ্ঠিত হৈছিল 1952 চনত। এই নিৰ্বাচন আছিল লোক সভাৰ নিৰ্বাচন। এই নিৰ্বাচনত কগ্ৰেছে 489 খন আসনৰ ভিতৰত 364 খন আসন লাভ কৰি সৰ্ববৃহৎ দল হিচপে প্ৰাধান্যতা দেখুওৱাইছিল। কংগ্ৰেছ দলে এই নিৰ্বাচনত 45% ভোট লাভ কৰি অতুলনীয়ভাৱে ভাৰতীয় কমিউনিষ্ট পাৰ্টিক চেৰ কৰি পেলাইছিল। ঠিক একেদৰে 1957 চনৰ দ্বিতীয় লোকসভা নিৰ্বাচনত কগ্ৰেছ দলে পূৰ্বৰ দৰেই নিজৰ স্থিতি বাহাল ৰাখিবলৈ সক্ষম হৈছিল। এই নিৰ্বাচনত কগ্ৰেছে সৰ্বমুঠ 494 খন আসনৰ ভিতৰত 371 খন আসন লাভ কৰিছিল আৰু মুঠভোটৰ 47.8% লাভ কৰি আধিপত্য বিস্তাৰ কৰিছিল।

তাৰোপৰি 1962 চনৰ সাধাৰণ নিৰ্বাচনতো সৰ্বমুঠ 494 খন আসনৰ ভিতৰত 361 খন আসন লাভ কৰিছিল আৰু মুঠ ভোটৰ 44.7% লাভ কৰি সৰ্বভাৰতীয় পৰ্যায়ত কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল।

২। ৰাজ্যিক পৰ্যায়ত কংগ্ৰেছৰ অনিয়মিত আধিপত্যৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ স্বাধীনতাৰ পিছত কংগ্ৰেছ দলে কেন্দ্ৰীয় চৰকাৰৰ লগতে প্ৰায় সকলো ৰাজ্যত আধিপত্য বিস্তাৰ কৰিছিল। ১৯৫২ চনৰ প্ৰথম বিধানসভা নিৰ্বাচনত কংগ্ৰেছে অধিকাংশ ৰাজ্যত চৰকাৰ গঠন কৰে। ১৯৫৭ চনতো অনুৰূপভাৱে কংগ্ৰেছৰ জয় অব্যাহত থাকে।

তথাপি, কেৱল এখন ৰাজ্যত কেৰালাত এই নিৰ্বাচনত ভাৰতীয় সাম্যবাদী দলে ৬০ খন আসন লাভ কৰি পাঁচজন নিৰ্দলীয়ৰ সহায়ত চৰকাৰ গঠন কৰে। কংগ্ৰেছ দলে প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত পৰাজয় স্বীকাৰ কৰে। ১৯৫৯ চনত এই চৰকাৰ ভাঙি ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়।

১৯৬৭ চন কংগ্ৰেছৰ বাবে এক টান সময় হিচাপে পৰিগণিত হয়। সেই বছৰৰ বিধানসভা নিৰ্বাচনত ৭খন ৰাজ্যত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা হেৰুৱায়। পশ্চিমবংগ, বিহাৰ, পাঞ্জাব, তামিলনাডু, উৰিষ্যা, হাৰিয়ানা আদি ৰাজ্যত অকংগ্ৰেছী চৰকাৰ গঠন হয়। অসমতো জনতা দলে ১৯৭৮ চনত চৰকাৰ গঠন কৰে।

এই সময়ত বহু আঞ্চলিক দলৰ উত্থান ঘটে। যেনে- ডি.এম.কে(DMK), অসম গণ পৰিষদ আদি। যদিও এই অকংগ্ৰেছী চৰকাৰসমূহ স্থায়ী হোৱা নাছিল, তথাপি ই কংগ্ৰেছৰ “সর্বব্যাপী আধিপত্য” প্ৰতি এখন সমস্যাৰ সৃষ্টি কৰিছিল। তেনে পৰিসৰতে দেখা যায় যে কংগ্ৰেছৰ আধিপত্য ৰাজ্যিক পৰ্যায়ত “অনিয়মিত” আছিল, যি সময় আৰু অঞ্চলভেদে ভিন্নতা প্ৰকাশ কৰিছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top