Class 11 History Additional Chapter 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ Solutions, HS 1st year Elective History Important Question Answer, Class 11 Elective History Additional Chapter 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 11 Elective History Additional and Short Type Solutions and select needs one.
Class 11 History Additional Chapter 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Elective History Important Notes. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC Class 11 Elective History Additional Chapter 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ Notes for All Subject, You can practice these here.
মূল বাসিন্দাৰ স্থানান্তৰকৰণ
Chapter – 10
ELECTIVE HISTORY
ADDITIONAL QUESTION ANSWER
অতি চমু প্ৰশ্নোত্তৰঃ
১। আমেৰিকাক কিয় ‘নতুন পৃথিৱী’ বুলি কোৱা হৈছিল?
উত্তৰঃ কলম্বাছে প্ৰথমে আৱিষ্কাৰ কৰা ঠাইখনক নতুন পৃথিৱী বুলি কোৱা হৈছিল। কাৰণ তাৰ আগতে তেওঁলোকে তেনে নতুন ঠাই দেখা নাছিল।
২। উপনিৱেশ বুলিলে কি বুজা?
উত্তৰঃ উপনিৱেশ বুলিলে ইউৰোপীয় আৰু আন দেশৰ লোকসকলে প্ৰব্ৰজনৰ জৰিয়তে কোনো এঠাইত কাম কৰি অধিকাৰ কৰা স্থানসমূহক উপনিৱেশ বুলি কোৱা হয়।
৩। উত্তৰ আমেৰিকাৰ কিমানখন উপনিৱেশে বৃটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল?
উত্তৰঃ উত্তৰ আমেৰিকাৰ তেৰখন উপনিৱেশ বৃটিছ চৰকাৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল।
৪। নতুন পৃথিৱীৰ অন্তৰ্গত দেশ চাৰিখনৰ নাম লিখা।
উত্তৰঃ নতুন পৃথিৱীৰ অন্তৰ্গত দেশ চাৰিখনৰ নাম হ’ল- আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড।
৫। ‘অষ্ট্ৰেলিয়া’ শব্দটো ক’ৰ পৰা আহিছে?
উত্তৰঃ ‘অষ্ট্ৰেলিয়া’ শব্দটো লেটিন শব্দ ‘অষ্টৰল’ শব্দৰ পৰা আহিছে।
৬। ন-বাসিন্দা বুলি কাক কোৱা হয়?
উত্তৰঃ ন-বাসিন্দা বুলি পমুৱা তথা প্ৰব্ৰজনকাৰীসকলক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল।
৭। স্থানীয় মানে কি বুজা?
উত্তৰঃ কোনো এখন ঠাইত জন্ম গ্ৰহণ কৰি, সেই ঠাইখনতে বাস কৰা লোকসকলক স্থানীয় বুলি কোৱা হয়।
৮। কেপ্টেইন কুকক ক’ত হত্যা কৰা হৈছিল?
উত্তৰঃ কেপ্টেইন কুকক ‘হাৱাই’ নামৰ ঠাইত হত্যা কৰা হৈছিল।
৯। উত্তৰ আমেৰিকাৰ চাৰিসীমা কেনেধৰণৰ আছিল?
উত্তৰঃ উত্তৰ আমেৰিকাৰ চাৰিসীমা প্ৰশান্ত মহাসাগৰৰ পৰা আটলাণ্টিক মহাসাগৰলৈকে বিস্তৃত উত্তৰ আমেৰিকাৰ এটা দিশে সুমেৰু বৃত্ত আৰু আনটো দিশে কৰ্কটক্ৰান্তি চুইছেগৈ।
১০। দাস প্ৰথা সম্বন্ধে উত্তৰ আমেৰিকাৰ মনোভাৱ কেনে আছিল?
উত্তৰঃ উত্তৰ আমেৰিকাৰ লোকসকলে দাস প্ৰথা অমানৱীয় বুলি বিবেচনা কৰিছিল আৰু এই প্ৰথাৰ অৱসানৰ বাবে মাত মাতি আহিছিল।
১১। আমেৰিকান বুলি কোনসকলক কোৱা হৈছিল?
উত্তৰঃ আমেৰিকান বুলি থলুৱা লোকসকলে ইউৰোপীয় লোকসকলক আমেৰিকান বুলি কৈছিল।
১২। কোন চনত কানাডাক এখন স্বায়ত্ব শাসিত সংযুক্ত ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল?
উত্তৰঃ ১৮৬৭ চনত কানাডাক এখন স্বায়ত্ব শাসিত সংযুক্ত ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল।
১৩। ৰেড্ ইণ্ডিয়ান কাক কোৱা হৈছিল?
উত্তৰঃ ৰেড্ ইণ্ডিয়ান বাদামী ৰঙৰ আমেৰিকান ভাৰতীয়লোকক ৰেড ইণ্ডিয়ান বুলি কোৱা হৈছিল।
১৪। কলম্বাচে কি কিতাপৰ দ্বাৰা অনুপ্ৰাণিত হৈ সাগৰ ভ্ৰমণত ওলাইছিল, তাৰ নাম লিখা।
উত্তৰঃ কাৰ্ডিনেল পিয়েৰ দ্য এটলিয়ে লিখা ‘জ্যোতিৰ্বিদ্য আৰু ভূগোল’ নামৰ কিতাপখনৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।
১৫। আমেৰিকাত ৰেড ইণ্ডিয়ানসকলৰ পুনৰ্গঠন আইনখন কোন চনত প্ৰণয়ন কৰা হৈছিল?
উত্তৰঃ আমেৰিকাত ৰেড ইণ্ডিয়ানসকলৰ পুনৰ্গঠন আইনখন ১৯৩৪ চনত প্ৰণয়ন কৰা হৈছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

