Class 11 Education Chapter 4 (ক) শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব

Class 11 Education Chapter 4 (ক) শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 4 (ক) শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব and select needs one.

Class 11 Education Chapter 4 (ক) শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 4 (ক) শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব Solutions for All Subject, You can practice these here.

(ক) শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব

পাঠ: ৪ (ক)

ৰচনাত্মক বা দীঘলীয়া প্রশ্ন

১। অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ ধাৰণাৰ পৰিবৰ্ত্তনৰ এক চমু ইতিহাস দাঙি ধৰা।

উত্তৰঃ গ্রীক শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয় ‘চাই কি’ (psycho) আৰু ল’গজ (Logos)। ‘psych’ৰ অৰ্থ Soul বা আত্মা আৰু ‘Logos’ মানে আলোচনা বা অধ্যয়ন কৰা। গতিকে উৎপত্তিগত অৰ্থৰ দিশৰ পৰা মনোবিজ্ঞানক আত্মা সম্পর্কে অধ্যয়ন কৰা বিষয় বুলি গণ্য কৰা হৈছিল। সেইকালত আত্মা সম্বন্ধে উচ্চখাপৰ চিন্তা চৰ্চা কৰাটোৱেই আছিল মনোবিজ্ঞানৰ ঘাই উদ্দেশ্য। এনে চিন্তা কার্যত কেতবোৰ মানসিক ক্রিয়া, যেনে, যুক্তি, তর্ক, কল্পনা, চিন্তা, অমূর্ত ধাৰণা আদি সমূহক গুৰুত্ব দিয়া হৈছিল। পুৰণি গ্ৰীক পণ্ডিত সকলৰ এই মত মানি লোৱা নহ’ল। 

পৰৱৰ্তী সময়ত শিক্ষাবিদসকলে মনোবিজ্ঞানক মনৰ বিজ্ঞান বুলি অভিহিত কৰিলে। তেওঁলোকৰ মতে- “মানসিক প্রক্রিয়াৰ পৰ্যবেক্ষণেই হৈছে মনোবিজ্ঞান” (Psychology is the science of the mind) কিন্তু মন সম্পৰ্কীয় ধাৰণাৰ ওপৰতো সন্দেহ আৰু বাক্- বিতণ্ডাৰ সৃষ্টি হ’ল। মধ্যযুগৰ শেষত ডেকার্টে (Descarte) নামৰ এগৰাকী মনীষীয়ে মনৰ দুটা দিশ থকা বুলি পৰীক্ষা কৰি দেখুৱালে। তেওঁৰ মতে মনৰ ‘জড়’ (Unconscious) আৰু ‘চেতন’ (Conscious) এই দুই অৱস্থা থাকে। তেওঁৰ মতে “চেতন মনৰ পৰ্যবেক্ষণেই হৈছে মনোবিজ্ঞান” (Psychology is the science of consciousness)। কিন্তু ডেকার্টেৰ এই সংজ্ঞাও বৰ বেছিদিন টিকি নাথাকিল। ফ্রয়ড আদি মনোবিদসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি প্ৰমাণ কৰিলে যে মনৰ প্ৰধান চেতন, অচেতন আৰু অবচেতন বা অর্ধচেতন আদি তিনিটা স্তৰ আছে। সেয়ে মনোবিজ্ঞানে কেৱল চেতন (Conscious mind) মনৰ অধ্যয়ন কৰাকে নুবুজায়, ইয়াৰ উপৰি অবচেতন আৰু অচেতন স্তৰ দুটাকো অন্তর্ভুক্ত কৰিব লাগিব। ফ্রয়ডে পৰীক্ষা কৰি দেখুৱাইছিল যে মানুহৰ ক্ৰিয়া, আচৰণত কেৱল যে চেতন মনৰহে প্ৰভাৱ পৰে এনে নহয়, অবচেতন বা অচেতন মনৰো যথেষ্ট প্রভাৱ পৰে। অর্থাৎ এই আটাইকেইটা মানসিক স্তৰৰ প্ৰকাশ ঘটে মানুহৰ বাহ্যিক ব্যৱহাৰ আৰু আচৰণত। সেয়ে মেকডুগেল (Mc Dougall) নামৰ মনোবিজ্ঞানীজনে সংজ্ঞা আগবঢ়াইছিল এনেদৰে- “মনোবিজ্ঞান হৈছে মানুহৰ আচৰণ অধ্যয়ন কৰা বিজ্ঞান” (Psychology is the science of behaviour) মনোবিজ্ঞানী মেভূগেলৰ এই সংজ্ঞাটো এতিয়ালৈকে সর্বসম্মতভাৱে স্বীকৃত হৈ আছে। মনোবিজ্ঞানৰ অৰ্থ বিচাৰিলে এতিয়া আৰু আত্মা, মন, চেতনা আদি বিতর্কমূলক শব্দবোৰ ব্যৱহাৰ কৰিব লগা নহয়, আচৰণ অধ্যয়নেই যিহেতু মনোবিজ্ঞানৰ বিষয়বস্তু, সেয়ে বাস্তৱক্ষেত্রত মনোবিজ্ঞান অধিক স্পষ্ট আৰু বস্তুনিষ্ঠ হৈ পৰা দেখা গৈছে। এয়ে হৈছে মনোবিজ্ঞানৰ অৰ্থ।

২। মনোবিজ্ঞানৰ বিভিন্ন ধাৰণাৰ ভিতৰত কোনটো তোমাৰ গ্রহণযোগ্য আৰু কিয়?

উত্তৰঃ ছাত্ৰ ছাত্ৰীয়ে নিজে কৰা।

৩। মনোবিজ্ঞানৰ পৰিসৰ সম্বন্ধে চমুকৈ লিখা।

উত্তৰঃ অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ নিজস্ব পৰিধি বা পৰিসৰ আছে।

মনোবিদ ষ্টাউটৰ (Stout) মতে মনোবিজ্ঞানে মানুহৰ কিছুমান বিশেষ অভিজ্ঞতা যেনে সংবোধন লাভ, মনোযোগ, মনৰ ইচ্ছা, অনুভূতি, কল্পনা আদিৰ বিষয়ে আলোচনা কৰে। মনোবিদসকলৰ মতে এজন মানুহৰ যিকোনো অভিজ্ঞতাত তিনিটা বৈশিষ্ট্য নিহিত থাকে যেনে- জ্ঞান, ইচ্ছা আৰু অনুভূতি। মনোবিদৰ মত অনুযায়ী এই তিনিবিধৰ কোনোবা এবিধৰ ওপৰত চিকিৎসা আৰু প্ৰতিৰোধ ব্যৱস্থাৰ ওপৰত অধ্যয়ন কৰে। ইয়াৰ আনুসংগিক আৰু এটা বিষয় হৈছে মনোবৈজ্ঞানিক পৰামৰ্শদান। এনে মন সম্বন্ধীয় পৰামৰ্শদান ব্যৱস্থাই এজন ব্যক্তিক বিভিন্ন ধৰণৰ প্রত্যাহ্বানৰ সন্মুখীন হ’বলৈ আৰু জীৱনৰ কঠোৰ সমস্যাবোৰ সমাধানৰ পথ বিচৰাত সহায় কৰে।

৪। ‘শিক্ষা আৰু মনোবিজ্ঞান ইটোৰ সিটোৰ পৰিপূৰক, বিৰোধী নহয়’- উক্তিটিৰ ব্যাখ্যা দাঙি ধৰা।

উত্তৰঃ ‘শিক্ষা আৰু মনোবিজ্ঞান ইটোৰ সিটোৰ পৰিপূৰক, বিৰোধী নহয়’- তলত উক্তিটিৰ ব্যাখ্যা দাঙি ধৰা হৈছে:-

শিক্ষা আৰু মনোবিজ্ঞানৰ মাজত যথেষ্ট সম্বন্ধ আছে। শিক্ষাৰ তত্ত্ব উদ্ভাৱন, উদ্দেশ্য নিৰ্ণয় কৰাৰ ক্ষেত্ৰত দৰ্শনৰ যথেষ্ট প্রভাৱ আছে। কিন্তু এই শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ, তত্ত্বসমূহ বাস্তৱ ক্ষেত্রত প্রয়োগ কৰিবলৈ প্রয়োজন হয় মনোবিজ্ঞানৰ। বহুপণ্ডিতৰ মতে শিক্ষাৰ তত্ত্ব মনোবিজ্ঞানিক চিন্তা চৰ্চাৰ পৰা উৎপত্তি হয়। প্রতিটো শিক্ষা ব্যৱস্থাৰে নিজস্ব কেতবোৰ নীতি আৰু আদর্শ আছে। এই নীতি আৰু আদর্শ সমূহ শ্রেণীকোঠাত ৰূপায়িত কৰিবৰ বাবে প্রয়োজন হয় স্মৃতিশক্তি, অভিৰোচন, বৌদ্ধিক ক্ষমতা, মনোযোগ, আগ্রহ আদি বিষয়সমূহৰ। এই বিষয়সমূহ মনোবিজ্ঞানৰ লগত ওতপ্রোত বাবে জড়িত। শ্ৰেণীকোঠাৰ সফল পাঠদান নিৰ্ভৰ কৰে উপযুক্ত শিক্ষণ পদ্ধতি আৰু কৌশলৰ ওপৰত। ছাত্র-ছাত্ৰীৰ বিকাশৰ স্তৰ অনুযায়ী, বিষয়বস্তুৰ গুৰুত্ব অনুসৰি কেনে শিক্ষণ সঁজুলি প্রয়োগ কৰিব, কোনটো শিক্ষণ পদ্ধতি প্রয়োগ কৰা উচিত ইত্যাদি কথাবোৰ নিৰ্ভৰ কৰিব শিক্ষকৰ উপযুক্ত মনোবৈজ্ঞানিক জ্ঞানৰ ওপৰত। গতিকে শিক্ষা আৰু মনোবিজ্ঞানৰ যুটীয়া সহযোগতহে এক সুশিক্ষা ব্যৱস্থা আশা কৰিব পাৰি। শিক্ষাত মনোবৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰয়োগৰ ফলস্বৰূপে ন ন শিক্ষণ পদ্ধতি উদ্ভাৱন আৰু এইবোৰৰ প্ৰয়োগৰ দ্বাৰা শিক্ষাদান আৰু শিক্ষা গ্রহণ কার্যত সুফল পোৱা হৈছে। ঠিক তেনেদৰে নির্দেশনা আৰু পৰামৰ্শদান কাৰ্যৰ লগতো মনোবিজ্ঞানৰ যথেষ্ট সম্বন্ধ আছে। ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন ধৰণৰ দেহ-মানসিক, আৱেগিক, শৈক্ষিক আৰু সামাজিক সমস্যা এই মনোবিজ্ঞানৰ জৰিয়তে সমাধান কৰি শিক্ষাৰ বিকাশত অৰিহণা যোগাব পাৰে। ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট হৈ পৰিছে যে শিক্ষা আৰু মনোবিজ্ঞান ইটো সিটোৰ পৰিপূৰক, বিৰোধী নহয়। 

চমু প্ৰশ্ন:

১। মনোবিজ্ঞান শব্দটোৰ উৎপত্তি সম্বন্ধে লিখা।

উত্তৰঃ গ্রীক শব্দৰ পৰা উৎপত্তি হৈছে বুলি কোৱা হয় ‘চাই কি’ (psycho) আৰু ল’গজ (Logos)। ‘psych’ৰ অৰ্থ Soul বা আত্মা আৰু ‘Logos’ মানে আলোচনা বা অধ্যয়ন কৰা।গতিকে উৎপত্তিগত অৰ্থৰ দিশৰ পৰা মনোবিজ্ঞানক আত্মা সম্পর্কে অধ্যয়ন কৰা বিষয় বুলি গণ্য কৰা হৈছিল।

২। মনোবিজ্ঞানক কিয় আচৰণ বিজ্ঞান বোলা হয়?

উত্তৰঃ বিখ্যাত মনোবিদ মেক্’ডুগেল আৰু বাট্’চনে মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি ঘাইকৈ অভিহিত কৰিছিল। মেক্’ডুগেল মতে মনোবিজ্ঞান হ’ল মানৱ আচৰণ অধ্যয়নৰ প্রত্যক্ষ বিজ্ঞান আধুনিক যুগত মনোবিজ্ঞান এক বিজ্ঞানসন্মত বিষয় হিচাপে পৰিগণিত হৈছে। বর্তমানে ইয়াক এক বিজ্ঞান বুলি বিবেচনা কৰা হৈছে যি ভিন ভিন পৰিপ্ৰেক্ষিতত মানসিক প্রক্রিয়া, অভিজ্ঞতা আৰু আচৰণ অধ্যয়ন কৰে।

৩। মনোবিজ্ঞানৰ পৰিসৰ যথেষ্ট ব্যাপক- উক্তিটিৰ যথার্থতা বিচাৰ কৰা।

উত্তৰঃ অধ্যয়নৰ এক বিষয় হিচাপে মনোবিজ্ঞানৰ নিজস্ব পৰিধি বা পৰিসৰ আছে। মূলতঃ এই বিষয়ে মানৱ অভিজ্ঞতা তথা আচৰণ অধ্যয়ণ কৰে। মনোবিজ্ঞানে প্রথমে আচৰণ উৎপত্তিৰ কাৰণসমূহ বিচাৰ কৰে আৰু তাৰ পাছত আচৰণৰ স্বৰূপ বা প্রকৃতি অধ্যয়ন কৰে।

মনোবিদ ষ্টাউটৰ (Stout) মতে মনোবিজ্ঞানে মানুহৰ কিছুমান বিশেষ অভিজ্ঞতা যেনে সংবোধন লাভ, মনোযোগ, মনৰ ইচ্ছা, অনুভূতি, কল্পনা আদিৰ বিষয়ে আলোচনা কৰে। মনোবিদসকলৰ মতে এজন মানুহৰ যিকোনো অভিজ্ঞতাত তিনিটা বৈশিষ্ট্য নিহিত থাকে যেনে- জ্ঞান, ইচ্ছা আৰু অনুভূতি। মনোবিদৰ মত অনুযায়ী এই তিনিবিধৰ কোনোবা এবিধৰ ওপৰত চিকিৎসা আৰু প্ৰতিৰোধ ব্যৱস্থাৰ ওপৰত অধ্যয়ন কৰে। ইয়াৰ আনুসংগিক আৰু এটা বিষয় হৈছে মনোবৈজ্ঞানিক পৰামৰ্শদান। এনে মন সম্বন্ধীয় পৰামৰ্শদান ব্যৱস্থাই এজন ব্যক্তিক বিভিন্ন ধৰণৰ প্রত্যাহ্বানৰ সন্মুখীন হ’বলৈ আৰু জীৱনৰ কঠোৰ সমস্যাবোৰ সমাধানৰ পথ বিচৰাত সহায় কৰে।

গতিকে কব পাৰি যে মনোবিজ্ঞানৰ পৰিসৰ যথেষ্ট ব্যাপক।

৪। মনোবিজ্ঞানৰ দুটা শাখাৰ নাম উল্লেখ কৰা আৰু সেই দুটা বর্ণনা কৰা।

উত্তৰঃ মনোবিজ্ঞানৰ দুটা শাখাৰ নাম হল-

১। বিকাশসম্বন্ধীয় মনোবিজ্ঞান (Develop- mental psychology)।

২। সামাজিক মনোবিজ্ঞান (Social Psychology)।

১। বিকাশসম্বন্ধীয় মনোবিজ্ঞান (Develop- mental psychology): মাতৃগর্ভত স্থিতি লাভ কৰি জন্মলভাৰ পৰা মৃত্যু পৰ্য্যন্ত এই জীৱন যাত্রাত এজন ব্যক্তিয়ে বিভিন্ন বয়স আৰু বিকাশৰ স্তৰৰ মাজেৰে জীৱনত আগবাঢ়িবলগীয়া হয়। মনোবিজ্ঞানৰ যি শাখাই মানৱ জীৱনৰ বিভিন্ন বয়স আৰু স্তৰত ঘটা শাৰীৰিক, মানসিক, সামাজিক পৰিৱৰ্তন তথা বৈশিষ্টসমূহ অধ্যয়ন কৰে সেই শাখাকে বিকাশসম্বন্ধীয় মনোবিজ্ঞান বোলে। অতীজতে এই শাখাই কেৱল শৈশৱ আৰু কৈশোৰ কালৰ বিকাশ অধ্যয়নৰ ওপৰতে গুৰুত্ব দিছিল। কিন্তু বর্তমানে প্রাপ্তবয়স্ক আৰু বয়সীয়ালসকলৰ বিভিন্ন দিশ সম্বন্ধে অধ্যয়নৰ ওপৰতো দৃষ্টি নিক্ষেপ কৰিছে।

২। সামাজিক মনোবিজ্ঞান (Social Psychology): মনোবিজ্ঞানৰ এইবিধ শাখাই ঘাইকৈ দুটা দিশ অধ্যয়ন কৰে। প্রথম হৈছে বিভিন্ন সামাজিক পৰিৱেশ বা পৰিস্থিতিয়ে মানুহৰ আচৰণৰ ওপৰত কেনেধৰণে প্রভাৱ পেলায়? দ্বিতীয়তে মানুহে নিজে পৰিৱেশৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে। আজিকালি সামাজিক বা সমাজবাদী মনোবিজ্ঞানীসকলে ন- ন সামাজিক দিশ যেনে সমাজৰ লোকসকলৰ ইজনৰ সিজনৰ মাজত সম্বন্ধ, সহযোগিতা, দলীয় আনুগত্য, বিভিন্ন সামাজিক দলৰ মাজৰ সম্বন্ধ, কুসংস্কাৰ, হিংসাত্মক কার্য, সামাজিক অভিৰোচন আদিৰ বিষয়ে অধ্যয়নৰ প্রতি আগ্রহ দেখুওৱা পৰিলক্ষিত হৈছে।

বস্তুনিষ্ঠ প্রশ্নঃ

তলত দিয়া বাক্যসমূহৰ বিপৰীতে ‘সত্য’ বা ‘অসত্য’ লিখি উত্তৰ দিয়াঃ-

(ক) মনোবিজ্ঞান এবিধ ইতিবাচক বিজ্ঞান।

উত্তৰঃ সত্য।

(খ) মনোবিজ্ঞানে শিক্ষাৰ উদ্দেশ্য নির্ধাৰণ কৰে। 

উত্তৰঃ সত্য।

(গ) শিশুমনোবিজ্ঞানে কৈশোৰৰ আচৰণ অধ্যয়ন কৰে।

উত্তৰঃ অসত্য।

(ঘ) মনোবিজ্ঞানত গৱেষনাগাৰৰ পৰীক্ষা-নিৰীক্ষাৰ প্রয়োজন নাই।

উত্তৰঃ অসত্য।

(ঙ) শিক্ষা আৰু মনোবিজ্ঞানৰ উদ্দেশ্য একেধৰণৰ। 

উত্তৰঃ সত্য।

(চ) মনোবিজ্ঞানক আচৰণৰ-বিজ্ঞান বোলা হয়।

উত্তৰঃ সত্য।

তলত দিয়া উক্তিসমূহৰ শুদ্ধতা/অশুদ্ধতা বিচাৰ কৰাঃ-

(ক) শিক্ষাৰ তত্ত্বসমূহৰ নির্ধাৰণত মনোবিজ্ঞানে সহায় কৰে।

উত্তৰঃ শুদ্ধ।

(খ) শিক্ষা আৰু মনোবিজ্ঞান, ইটো সিটোৰ পৰিপন্থী।

উত্তৰঃ অশুদ্ধ।

(গ) মনোবিজ্ঞানে কেবল মনৰ সচেতন দিশতো অধ্যয়ন কৰে। 

উত্তৰঃ অশুদ্ধ।

(ঘ) শ্রেণীকোঠাৰ পৰিবেশৰ লগত মনোবিজ্ঞানৰ সম্বন্ধ নাই।

উত্তৰঃ অশুদ্ধ।

(ঙ) মনোবিজ্ঞানে অস্বাভাৱিক আচৰণ সম্বন্ধে আলোচনা নকৰে।

উত্তৰঃ অশুদ্ধ।

(চ) মনোবিজ্ঞানৰ পৰিসৰ সীমিত।

উত্তৰঃ অশুদ্ধ।

প্রথমস্তম্ভৰ লগত দ্বিতীয়স্তম্ভৰ উক্তি ৰিজোৱা (ৰেখা অংকন সহায়েৰে)

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
১.  মনোবিজ্ঞানে শিক্ষকক-১. মনৰ বিজ্ঞান বোলা হৈছিল
২. শিক্ষামনোবিজ্ঞান এটি২. মানসিক বিকাশ সম্বন্ধে বুজাত সহায় কৰে
৩. নৈদানিক মনোবিজ্ঞানে৩. স্বভাৱতে ব্যক্তিকেন্দ্রক
৪. ১৮ শ শতিকাত মনোবিজ্ঞানক৪. ব্যৱহাৰিক মনোবিজ্ঞানৰ এটি শাখা
৫. মানৱ অভিজ্ঞতাসমূহ৫. পামর্শদান কার্যত সহায় কবে।

উত্তৰঃ

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
১.  মনোবিজ্ঞানে শিক্ষকক-১. পামর্শদান কার্যত সহায় কবে।
২. শিক্ষামনোবিজ্ঞান এটি২. ব্যৱহাৰিক মনোবিজ্ঞানৰ এটি শাখা
৩. নৈদানিক মনোবিজ্ঞানে৩. মানসিক বিকাশ সম্বন্ধে বুজাত সহায় কৰে
৪. ১৮ শ শতিকাত মনোবিজ্ঞানক৪. মনৰ বিজ্ঞান বোলা হৈছিল
৫. মানৱ অভিজ্ঞতাসমূহ৫. স্বভাৱতে ব্যক্তিকেন্দ্রক

1 thought on “Class 11 Education Chapter 4 (ক) শিক্ষাৰ মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top