Class 11 Education Chapter 2 মানুহৰ বিকাশৰ স্তৰ

Class 11 Education Chapter 2 মানুহৰ বিকাশৰ স্তৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 2 মানুহৰ বিকাশৰ স্তৰ and select needs one.

Class 11 Education Chapter 2 মানুহৰ বিকাশৰ স্তৰ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 2 মানুহৰ বিকাশৰ স্তৰ Solutions for All Subject, You can practice these here.

মানুহৰ বিকাশৰ স্তৰ

পাঠ: ২

প্রশ্নাৱলী

বৃদ্ধি আৰু বিকাশৰ মাজত পার্থক্য কি?

উত্তৰঃ বৃদ্ধি আৰু বিকাশ একে নহয়। ইহঁতৰ মাজত পার্থক্য আছে। বিকাশৰ কিছুমান বিশেষ লক্ষণ দেখিবলৈ পোৱা যায়। বিকাশৰ স্তৰ আৰু সময়-সীমা নির্ধাৰণৰ ক্ষেত্ৰত শিক্ষাবিদ আৰু চিন্তাবিদসকলৰ মাজত মত পার্থক্য দেখা যায়।

মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা?

উত্তৰঃ চাৰিটা।

জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম কি? 

উত্তৰঃ শৈশৱকাল।

১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম কি?

উত্তৰঃ কৈশোৰকাল।

৫। বিকাশৰ তিনিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ বিকাশৰ তিনিটা বৈশিষ্ট্য হল―

১। বিকাশৰ প্ৰক্ৰিয়া প্ৰধানকৈ বংশগতি আৰু পৰিৱেশৰ প্রভাৱৰ ওপৰত নিৰ্ভৰ কৰে। এই দুই প্ৰভাৱৰ সহযোগত শিশুৰ বিকাশ সাধন হয়।

২। বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপতে নাথাকে। সময় বিশেষে এই গতি দ্রুততৰ বা মন্থৰ হয়।

৩। বিকাশ নিৰৱচ্ছিন্ন এক দীর্ঘম্যাদি প্রক্রিয়া। সেয়েহে স্তৰৰ স্পষ্ট ব্যৱধান নির্ণয় কৰিব নোৱাৰি।

বাল্যকালক বিদ্যালয় শিক্ষাৰ বয়স কিয় বোলে?

উত্তৰঃ সাধাৰণতে বাল্যকালক ‘বিদ্যালয় শিক্ষাৰ বয়স’ বুলি কোৱা হয়। কাৰণ শিশুৱে এই সময়খিনিত পঢ়িবলৈ আৰু লিখিবলৈ সক্ষম হয়।

শিশুৱে কিয় সঘনে প্রশ্ন সোধে?

উত্তৰঃ শৈশৱ  কালত শিশুৱে চাৰিওফালৰ পৰিবেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত  শিশুৰ এক অস্তিৰ আৰু চঞ্চল  মনৰ ভিতৰত বহুতো যুক্তি আৰু অযুক্তিকৰ প্ৰশ্ন  আহে। আৰু সেই প্ৰশ্ন সমূহৰ উত্তৰ পোৱাৰ বাবে শিশুসকলে বহুতো  যুক্তি আৰু অযুক্তিকৰ প্ৰশ্ন  কিছুমান সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে।   তেওঁলোকৰ মনত অহা প্ৰশ্ন সমুহৰ উত্তৰ নোপোৱালৈ তেওঁলোকে প্ৰশ্ন কৰি থাকে। সেইবাবে শৈশৱ  কালত শিশুৱে সঘনে প্ৰশ্ন সোধা দেখা যায়। শৈশবৰ এই সময়ক ” প্ৰশ্ন সোধাৰ বয়স ” বোলা হয়। ডাঙৰে শিশুৰ প্ৰশ্নৰ উত্তৰ দিব লাগে। ইয়াৰ জৰিয়তে শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশ সাধন হৈ উঠে।

৮। শৈশৱকাল কাক বোলে?

উত্তৰঃ সাধাৰণতে জন্মৰ পৰা ৫ বছৰ বয়সৰ এই সময়ছোৱাক শৈশৱকাল বোলে। মানৱ জীৱনৰ ই প্রথম স্তৰ। এই কালছোৱা অতি গুৰুত্বপূর্ণ। কাৰণ এই কালছোৱাই মানৱ জীৱনৰ বিকাশৰ ভেটিস্বৰূপ। এই সময়ছোৱাৰ দৈহিক, মানসিক ক্ষমতাসমূহৰ বিকাশৰ ওপৰতে এজন ব্যক্তিৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে।

৯। শৈশৱকালৰ ৫ টা বৈশিষ্ট্য লিখা।

উত্তৰঃ শৈশৱকালৰ ৫ টা বৈশিষ্ট্য হৈছে―

১। পৰনিৰ্ভৰশীলতা (Dependance): এই সময়ত শিশু পৰনিৰ্ভৰশীল হয়। খোৱা-পিন্ধা আদি সকলো ক্ষেত্রতে শিশুৱে মাক-বাপেক আৰু অবয়সস্কসকলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। বিশেষকৈ মাতৃৰ দৈহিক সান্নিধ্য শিশুৰ অতি প্রয়োজন। অৱশ্যে ধীৰে ধীৰে শিশুৱে কিছু দৈহিক সামর্থ আয়ত্ব কৰিবলৈ সক্ষম হয় আৰু আত্মনির্ভৰশীল হ’বলৈ শিকে।

২। ক্রীড়া-প্রৱণতা (Playfulness): এই সময়ত শিশুৰ ক্ৰীড়া-প্ৰৱণতা বৃদ্ধি হয়। দৌৰা, জপিওৱা, পুতলা আদি খেলা খেলি শিশুৱে পৰমানন্দ লাভ কৰে। শিশুৱে খেলাৰ জৰিয়তে বেছিভাগ সময় অতিবাহিত কৰে। খেলাই শাৰীৰিক আৰু মানসিক উৎকর্ষ সাধন কৰে। খেলাৰ যোগেদি আন শিশুৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ লগতে সামাজিক’ হ’বলৈ শিকে।

৩। কল্পনা-প্রৱণতা (Imagination): শিশু সাধাৰণতে কল্পনাপ্রিয়। কল্পনা ৰাজ্যত বিচৰণ কৰি শিশুৱে আনন্দ পায়। কিন্তু অতিমাত্রা কল্পনা প্রৱণতাই শিশুক বাস্তৱ আৰু কল্পনাৰ মাজত থকা প্রভেদক খেলিমেলি লগাই দিয়ে।

৪। অনুকৰণপ্রিয়তা (Imitativeness): শিশু অনুকৰণপ্রিয়। এই অনুকৰণপ্ৰিয়তাৰ বাবে সিহঁতে পিতৃ-মাতৃ আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ পৰা ভাষা, খোৱা-বোৱা, পিন্ধা-উৰা আদি শিকে। সকলো কথাতে শিশুৱে ডাঙৰক অনুকৰণ কৰে।

৫। সর্বপ্রাণবাদিতা (Animism): শিশুৱে সজীৱ প্ৰাণীৰ দৰে সকলো নিৰ্জীৱ বস্তুতে প্রাণ থকা বুলি ভাৱে। এই ধাৰণাৰ বশৱৰ্তী হৈ শিশুৱে সজীৱতা আৰু নিৰ্জীৱতাৰ মাজত থকা পার্থক্য বিবেচনা কৰিব নোৱাৰে। সিহঁতৰ মতে নির্জীৱ বস্তুয়ো যেন ফুৰা-চকা, সুখ-দুখ আদি অনুভৱ কৰিব পাৰে। উদাহৰণস্বৰূপে ক’ৱ পাৰি যে শিশুৱে যেতিয়া মাটিত পৰি দুখ পায়, তেতিয়া কান্দি উঠে। যদি কোনোৱাই মাটিখিনিক জগৰীয়া কৰি প্ৰহাৰ কৰে, তেতিয়া প্রতিশোধ লোৱা বুলি ভাবি সন্তোষ পায়।

১০। বাল্যকাল কাক বোলে? বাল্যকালৰ ৩ টা বৈশিষ্ট্য লিখা।

উত্তৰঃ বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ। সাধাৰণতে ৬ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সৰ এই সময়ছোৱাক বাল্যকাল বোলে। বাল্যকালক দুটা ভাগত ভাগ কৰিব পাৰি। এই দুটা ভাগ হৈছে আগতীয়া বাল্যকাল আৰু শেহতীয়া বা পিছৰ বাল্যকাল। ৬ বছৰৰ পৰা ৮ বছৰ বয়সলৈ আগতীয়া বাল্যকাল আৰু ৯ বছৰৰ পৰা ১২ বছৰ বয়সলৈ শেহতীয়া বাল্যকাল হিচাপে ধৰা হয়। সাধাৰণতে বাল্যকালক ‘বিদ্যালয় শিক্ষাৰ বয়স বুলি কোৱা হয়। কাৰণ শিশুৱে এই সময়খিনিত পঢ়িবলৈ আৰু লিখিবলৈ সক্ষম হয়।

বাল্যকালৰ তিনিটা  বৈশিষ্ট্য হৈছে―

১। বৌদ্ধিক বিকাশ (Intellectual develop- ment): এই সময়ত ল’ৰা-ছোৱালীৰ বৌদ্ধিক বিকাশ সাধন হয়। মানসিক বিকাশ বৃদ্ধি হোৱাৰ ফলত বৌদ্ধিক দিশত উন্নতি হয়। স্মৃতি, মনোযোগ, গঠনাত্মক কল্পনা, চিন্তা আদি মানসিক শক্তিবোৰৰ ক্ষমতা অর্জন কৰে।

২। শিক্ষা আহৰণৰ ক্ষমতা (Capacity to learn): বাল্যকাল প্রাথমিক শিক্ষাৰ বাবে উপযুক্ত সময়। এই সময়ত শিশুৱে লিখা, পঢ়া, আৰু গণনা কৰিবলৈ সক্ষম হয়। স্কুলৰ প্ৰচলিত নীতি-নিয়ম, অনুশাসন আদি মানি চলিব পৰা হয়।

৩। সামাজিক বিকাশ (Social develop- ment) : এই স্তৰত শিশুৰ মনত সামাজিক চেতনাৰ ভাৱ গঢ়ি উঠে। বিদ্যালয়ৰ আন শিশুৰ লগত মিলা-মিছা কৰি মনৰ সুখ-দুখ প্রকাশ কৰিব পৰা হয়। খেলা-ধূলাৰ জৰিয়তে সমনীয়াৰ লগত সহযোগিতা, প্রতিযোগিতা আৰু বন্ধুত্বৰ ভাৱ গঢ়িবলৈ শিকে।

১১। কৈশোৰকাল কাক বোলে? কৈশোৰকালক ধুমুহা আৰু পীড়নৰ সময় বুলি কিয় কোৱা হয়?

উত্তৰঃ সাধাৰণতে ১২ বছৰৰ পৰা ১৮ বছৰলৈকে এই সময়ছোৱাক কৈশোৰ কাল বোলে।

এই কালছোৱা দ্রুত দৈহিক বৃদ্ধিৰ সময়। এই সময়ত শৰীৰৰ অংগ-প্রত্যংগবোৰ বৃদ্ধি আৰু বলৱান হৈ উঠে। যৌন গ্রন্থিবোৰ সক্রিয় হয়। ল’ৰা-ছোৱালীয়ে প্রজননিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকামিতা এই সময়ৰ বিশেষ লক্ষণ। ল’ৰাৰ ক্ষেত্ৰত বীৰ্য্য ধাৰণ ক্ষমতা, স্বপ্নদোষ, স্বৰভংগ আদি হয়। ছোৱালী ঋতুমতী হয়। ল’ৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে। মনোবিজ্ঞানীসকলে এই কালছোৱা জীৱনৰ জটিল তথা সংকটপূর্ণ কাল বুলি কৈছে। আমেৰিকাৰ চিন্তাবিদ ষ্টেলি হ’লে কৈশোৰকালক ধুমুহা আৰু পীড়নৰ সময় বুলি কৈছে। ল’ৰা- ছোৱালীৰ দৈহিক, মানসিক, আৱেগিক, যৌন জীৱনৰ অভিজ্ঞতা আদিয়ে এনে ধুমুহা আৰু পীড়াৰ সৃষ্টি কৰে। 

১২। শৈশৱকালৰ ৫ টা দেহ-মানসিক প্রয়োজন উল্লেখ কৰা। 

উত্তৰঃ শৈশৱকালৰ ৫ টা দেহ-মানসিক প্রয়োজন তলত উল্লেখ কৰা হৈছে―

১। দৈহিক আদৰ-যত্নৰ প্রয়োজন (Need of physical care): মানুহ জীৱ শ্রেষ্ঠ প্রাণী হ’লেও জন্মৰ পিছতে নিজে একো কৰিব নোৱাৰে। অন্যান্য জীৱ-জন্তুৰ তুলনাত মানৱ শিশু ডাঙৰ হওঁতে বা আত্মনির্ভৰশীল হওঁতে বেছি সময়ৰ দৰকাৰ। মানৱ শিশু দৈহিকভাৱে পৰনিৰ্ভৰশীল বাবে দৈহিক আদৰ-যত্নৰ প্রয়োজন। শিশুৰ খোৱা- পিন্ধা, স্বাস্থ্য ৰক্ষা আদি সকলো ক্ষেত্রতে মাক- দেউতাক বা পৰিয়ালৰ অন্যান্য লোকসকলে যত্ন কৰিবলগীয়া হয়। মাতৃ-দুগ্ধ কেঁচুৱাৰ বাবে বৰ উপকাৰী, অন্যান্য পুষ্টিকৰ খাদ্য, টোপনি, ৰোগ- ব্যাধি নিৰাময়ৰ প্রতি মাকে সদা সচেতন হ’ব লাগে। কাৰণ প্রথম অৱস্থাতে শিশুৱে মাকৰ সান্নিধ্য লাভ কৰে। সেইবাবে দৈহিক অভাৱ পূৰণত মাকৰ ভূমিকা অপৰিসীম।

২। খেলা-ধূলাৰ প্ৰয়োজন (Need of play): খেলাৰ জৰিয়তে শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক আদি দিশৰ উৎকর্ষ সাধন হয়। শিশুৰ অংগ সঞ্চালন ক্ষমতা, ৰক্ত সঞ্চালন ক্রিয়া, পৰিপাক যন্ত্ৰৰ ক্রিয়া, আদি খেলাৰ জৰিয়তে যথাযথভাৱে চালিত হৈ দৈহিক বিকাশক সহায় কৰে। খেলাই শিশুক পৰমানন্দ দিয়া। সেই বাবে শিশুৱে বেছিভাগ সময় খেলিয়েই কটায়। খেলাৰ জৰিয়তে বৌদ্ধিক বিকাশ ঘটে। ই মানসিক তৃপ্তি দান কৰে। আবেগ অনুভূতি খেলাৰ জৰিয়তে প্রকাশ পায়।

৩। মৰমৰ প্রয়োজন (Need of love): শিশুই সকলোৰে পৰা মৰম বিচাৰে। মৰম ভালপোৱা আদিয়ে শিশুক মানসিক আৰু আৱেগিক দিশত সহায় কৰে। মৰম-চেনেহৰ জৰিয়তে সকলো কামতে সিহঁতৰ উৎসাহ, উদ্দীপনা বৃদ্ধি হয়। মনলৈ সাহস আহে। মৰমৰ অভাৱত শিশুৱে নিজকো অৱহেলিত বা অৱাঞ্চিত ব্যক্তি হিচাপে গণ্য কৰে। ফলত কিছুমানে মানসিক ৰোগী বা অপৰাধী ব্যক্তিত পৰিণত হ’ব পাৰে।

৪। নিৰাপত্তাৰ প্ৰয়োজন (Need of security): শিশুই পৰিয়ালৰ মাজত ডাঙৰ- দীঘল হয় আৰু দৈহিক আৰু মানসিকভাৱে নিজকে নিৰাপদ বুলি ভাৱে। বিপদ-আপদৰ সময়ত ডাঙৰৰ পৰা সহায়-সহানুভূতি বিচাৰে। সহায়-সহানুভূতিৰ নিশ্চয়তা পালে মনৰ পৰা ভয় আঁতৰে আৰু সাহস বৃদ্ধি হয়। সকলো কামতে আগবাঢ়ি যাবলৈ প্রেৰণা পায়।

৫। মৰ্যাদাৰ প্রয়োজন (Need of status): শিশু সৰু যদিও মর্যাদাৰ প্রতি সদা সচেতন। আত্মকেন্দ্রিক মনোভাৱৰ শিশুৱে নিজকে নিজে শ্রেষ্ঠ বুলি প্রতিপন্ন কৰিব বিচাৰে। পৰিয়ালৰ মাজত খোৱা-পিন্ধা আদি সকলোতে শিশুই নিজ পছন্দমতে চলিব বিচাৰে। কিবা কাম কৰিলে প্রশংসা, স্বীকৃতি আদি পাবলৈ বিচাৰে। ইয়াৰ ব্যতিক্রম হ’লে শিশু ক্ষুণ্ণ হৈ পৰে। কাৰণ শিশুৰ বিচাৰ-বিবেচনাৰ জ্ঞান নাথাকে। ডাঙৰে সিহঁতক পার্যমানে মর্যাদা দিব লাগে যাতে সিহঁতৰ ব্যক্তিত্ব বিকাশত সহায় হয়।

১৩। কৈশোৰকালৰ ৫ টা দেহ-মানসিক প্রয়োজন উল্লেখ কৰা।

উত্তৰঃ কৈশোৰকালৰ পাঁচটা দেহ-মানসিক প্রয়োজন তলত উল্লেখ কৰা হৈছে―

১। দৈহিক প্ৰয়োজন (Physical need): কৈশোৰকালত দৈহিক বিকাশ যিহেতু ক্ষিপ্ৰতৰ হয় সেইহেতুকে বল শক্তি অটুট ৰাখিবলৈ পৰিমিত খাদ্যৰ দৰকাৰ। সুন্দৰ-সুঠাম দেহৰ বাবে শৰীৰ চৰ্চাৰ দৰকাৰ। সকলো সময়তে দেহৰ উপযোগী পোচাক-পৰিচ্ছদ পৰিধান কৰিব লাগে। চাফ-চিকুণৰ প্ৰতি গুৰুত্ব দিব লাগে।

২। যৌন প্রয়োজন (Sex need): কৈশোৰকালত ল’ৰা-ছোৱালীয়ে যৌন তৃপ্তি পূৰণৰ এক প্রৱল আগ্রহ অনুভৱ কৰে। সেইবাবে যৌন প্রবৃত্তি সুপথে পৰিচালিত কৰিবলৈ প্রয়োজনীয় যৌন শিক্ষা দিব লাগে।

৩। বৌদ্ধিক প্রয়োজন (Intellectual need): বৌদ্ধিক প্রয়োজন লাভ কৰাৰ বাবে কিশোৰ- কিশোৰীয়ে নতুন কথা বা নতুন নতুন জ্ঞান লাভ কৰিবলৈ ইচ্ছা কৰে। সকলোৱে তেওঁলোকৰ বৌদ্ধিক প্রয়োজনবোৰ পূৰণৰ যত্ন কৰিব লাগে।

৪। সামাজিক নিৰাপত্তাৰ প্ৰয়োজন (Need of social security): কিশোৰ-কিশোৰীৰ সামাজিক নিৰাপত্তাৰ প্রয়োজন আছে। কাৰণ তেওঁলোকে সমাজ অবিহনে চলিব নোৱাৰে। তেওঁলোকে দলবান্ধি থাকিবলৈ ভাল পায়। ডাঙৰৰ পৰা মৰম-চেনেহ, মনোযোগ আদি বিচাৰে।

৫। সামাজিক স্বীকৃতিৰ প্ৰয়োজন (Physical need): প্রশংসা, পুৰস্কাৰ, বটা আদিৰ জৰিয়তে কিশোৰ-কিশোৰীয়ে সামাজিক স্বীকৃতি বিচাৰে। কোনো কামত কৃতকার্যতা লাভ কৰিবৰ বাবে উচ্চাকাংক্ষা কৰে আৰু জনসাধাৰণৰ পৰা প্রশংসিত হোৱাটো বিচাৰে।

১৪। কৈশোৰকালৰ ৫ টা সমস্যাৰ বিষয়ে লিখা।

উত্তৰঃ কৈশোৰকালৰ ৫ টা সমস্যাৰ বিষয়ে তলত উল্লেখ কৰা হৈছে―

১। যৌন সমস্যা (Sex problem): কিশোৰৰ প্রধান সমস্যা হৈছে যৌন সমস্যা। যৌৱনে গচকা জীৱনত কিশোৰ-কিশোৰীয়ে আচহুৱা যৌন তাড়না অনুভৱ কৰে। ফলত ভয়, সংকোচ, লজ্জা, উদ্বেগ, গোপনীয়তা, অপৰাধপ্রৱণতা – আদিৰ অসুস্থ মানসিকতাবোৰ গঢ়ি উঠে। কেতিয়াবা যৌন জীৱনৰ লগত সমাযোজন কৰাত কিশোৰ- কিশোৰীয়ে ব্যর্থ হয়। এনেবোৰ কাৰণৰ বাবে যৌন সমস্যাৰ সৃষ্টি হয়।

২। আৱেগিক সমস্যা (Emotional problem): কিশোৰকালত আৱেগ-অনুভূতি প্রৱল হয় যদিও এইবোৰৰ নিয়ন্ত্রণ ক্ষমতা নাথাকে। ফলত বিভিন্ন পৰিস্থিতিত তেওঁলোকে আৱেগিক নিয়ন্ত্রণ হেৰুৱাই ক্রোধ আৰু বিৰক্তিত হিংসাত্মক আৰু ধ্বংসাত্মক আচৰণ প্রদর্শণ কৰে। প্রেম-প্রীতি, আশা-নিৰাশা, উৎকণ্ঠা, ঈর্ষা আদিয়ে তেওঁলোকক আৱেগিক কৰি তোলে। সমাজৰ কিছুমান সমস্যা দেখিও তেওঁলোকে ক্রোধান্বিত হৈ উঠে। ফলত বিদ্রোহী ভাৱ জাগৰণ হয়।

৩। সামাজিক সমস্যা (Social problem): কিশোৰ-কিশোৰীয়ে সামাজিক স্বীকৃতি আৰু সামাজিক উন্নতি বিচাৰে। সমাজৰ প্ৰতি থকা তেওঁলোকৰ মনোভাৱ, আদর্শ আদি বয়স্কসকলৰ লগত নিমিলে। নতুন পুৰুষৰ মন সংস্কাৰ সাধনমুখী আৰু পুৰণি পুৰুষৰ মন সংৰক্ষণমুখী হৈ পৰে। অর্থাৎ সমাজৰ ৰীতি-নীতি, পৰম্পৰা, আদর্শ আদি পালনৰ ক্ষেত্ৰত ন-পুৰণিৰ মাজত সংঘাতৰ সৃষ্টি হয়। ফলত কিশোৰ-কিশোৰীৰ সামাজিক সমাযোজনত সমস্যা হৈ পৰে।

৪। শিক্ষা সমস্যা (Educational problem): কিশোৰকালত মাধ্যমিক শিক্ষা দিয়া হয়। এই শিক্ষাৰ লক্ষ্য উদ্দেশ্য, পাঠ্যক্রম, শিক্ষা, পদ্ধতি, মূল্যায়ন ব্যৱস্থা, দমনমূলক কঠোৰ অনুশাসন ব্যৱস্থা আদি কিশোৰ-কিশোৰীৰ বাবে উপযোগী নোহোৱা বাবে তেওঁলোকে এক হতাশজনক পৰিস্থিতিৰ সম্মুখীন হ’বলগীয়া হয়। তাৰোপৰি বৃত্তিমুখী আৰু আজৰি সময়ৰ উপযুক্ত শিক্ষাৰ অভাৱে তেওঁলোকক নানা সমস্যাত পেলায়। গতানুগতিক তত্ত্বপ্রধান শিক্ষাই কিশোৰ- কিশোৰীৰ মনৰ চাহিদা পূৰণ কৰিব নোৱাৰে। ফলত শিক্ষা এটা সমস্যাৰূপে দেখা যায়।

৫। অৱসৰ সময়ৰ সমস্যা (Problem of leisure): অৱসৰ সময় বিনোদন কৰিবলৈ কিশোৰ-কিশোৰীৰ বাবে উপযুক্ত শিক্ষা-ব্যৱস্থা নাই। তেওঁলোকৰ অফুৰন্ত শক্তি সামৰ্থবোৰ ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত অথলে যায়। এনে অৱস্থাত তেওঁলোকে কেতিয়াবা অসামাজিক আৰু অপৰাধজনিত কার্যকলাপত জড়িত হ’ব পাৰে।

৬। অপৰাধপ্রৱণতাৰ সমস্যা (Problem of delinquency): অপৰাধপ্ৰৱণতা কৈশোৰ- কালত এটা জলন্ত সমস্যা। অৱসৰ সময়ৰ সমস্যা,নিবনুৱা সমস্যা, মাদক দ্রব্য বা নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ, সমাজৰ নৈতিক অধঃপতন, নীতিবিহিন ৰাজনীতি, সহজলভ্য আৰু ক’লা ধণৰ হাবিয়াস, ক্ষমতাবলীয়া স্বভাৱ, আতঙ্কবাদ, অদৃষ্টবাদ আদি অশুভ শক্তিয়ে সমাজত অপৰাধপ্রৱণ পৰিৱেশৰ সৃষ্টি কৰে। কিশোৰ-কিশোৰীৰ ওপৰত এইবোৰে বাৰুকৈয়ে প্রভাৱ পেলায়। ফলত অপৰাধপ্ৰৱণতাৰ সমস্যাই জটিল ৰূপ ধাৰণ কৰে।

১৫।  দলীয় আনুগত্য কি?

উত্তৰঃ খেলা- ধূলাৰ বাবে ল’ৰা-ছোৱালীয়ে সাধাৰণতে দল গঠন কৰে। দল পৰিচালনাৰ বাবে দলপতি নির্বাচন কৰে। দলপতিৰ নিৰ্দেশত দল সংগঠিত আৰু পৰিচালিত হয়। দলীয় নীতি-নিয়ম আদি মানি নচলিলে দলৰ পৰা বহিস্কাৰ কৰাৰো নিয়ম থাকে। দলীয় আনুগত্যই গণতান্ত্রিক মনোভাৱৰ সৃষ্টি কৰে।

১৬। বিপৰীত লিংগকামিতা কাক বোলে?

উত্তৰঃ কৈশোৰৰ যৌন জীৱনক বিপৰীত লিংগকামিতা বোলা হয়। কাৰণ কিশোৰ-কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হয়। অর্থাৎ ল’ৰাই ছোৱালী আৰু ছোৱালীয়ে ল’ৰাক ভালপায়। ছোৱালীয়ে নাৰীত্ব আৰু ল’ৰাই পৌৰুষত্ব লাভ কৰে।

১৭। সর্বপ্রাণবাদিতা কাক বোলে?

উত্তৰঃ শিশুৱে সজীৱ প্ৰাণীৰ দৰে সকলো নিৰ্জীৱ বস্তুতে প্রাণ থকা বুলি ভাৱে। এই ধাৰণাৰ বশৱৰ্তী হৈ শিশুৱে সজীৱতা আৰু নিৰ্জীৱতাৰ মাজত থকা পার্থক্য বিবেচনা কৰিব নোৱাৰে। সিহঁতৰ মতে নির্জীৱ বস্তুয়ো যেন ফুৰা-চকা, সুখ-দুখ আদি অনুভৱ কৰিব পাৰে। উদাহৰণস্বৰূপে ক’ৱ পাৰি যে শিশুৱে যেতিয়া মাটিত পৰি দুখ পায়, তেতিয়া কান্দি উঠে। যদি কোনোৱাই মাটিখিনিক জগৰীয়া কৰি প্ৰহাৰ কৰে, তেতিয়া প্রতিশোধ লোেৱা বুলি ভাবি সন্তোষ পায়।

১৮। শৈশৱৰ শিক্ষা-ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ শৈশৱৰ শিক্ষা-ব্যৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে―

১। শিশুৰ সুপ্ত প্রতিভা বিকাশৰ প্ৰতি নজৰ দিব লাগে।

২। শিক্ষাৰ ক্ষেত্ৰত সুস্থ আৰু শান্তিৰ পৰিৱেশ গঢ়ি তুলিব লাগে।

৩। খেলা-ধূলা, নাচ-গান আদিত গুৰুত্ব দিব লাগে। কাৰণ খেলা-ধূলা, নাচ-গানে শিশুক আনন্দ দিয়ে। ইয়াৰ জৰিয়তে শিশুৰ শাৰীৰিক আৰু মানসিক দিশত উৎকর্ষ সাধন হয়।

৪। পিতৃ-মাতৃ আৰু শিক্ষকসকলে শিশুৰ বাবে লাগতিয়াল যত্ন লব লাগে যাতে শিশুৰ শাৰীৰিক, মানসিক, আৱেগিক, নৈতিক আদি দিশত উন্নতি হয়।

৫। শিশুৰ আশা-আকাংক্ষা, ৰুচি-অভিৰুচি আদি পূৰণ কৰিবলৈ যত্ন কৰিব লাগে। অৱশ্যে এইবোৰ সুপথে পৰিচালিত হোৱাটোত গুৰুত্ব দিব লাগে।

৬। শিশুৰ চিন্তা-ভাৱনা, কল্পনা শক্তিৰ বিকাশত গুৰুত্ব দিব লাগে।

১৯। বাল্যকালৰ শিক্ষা-ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বাল্যকালৰ শিক্ষা-ব্যৱস্থাৰ বিষয়ে তলত আলোচনা কৰা হৈছে―

১। বাল্যকালত শিশু বাস্তৱবাদী আৰু বহির্মুখী হয়। গতিকে শিক্ষা-ব্যৱস্থাত বাস্তৱ অভিজ্ঞতা প্রদান কৰিব লাগে। সেয়েহে কামৰ মাজেদি দিয়া শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগে।

২। বাল্যকালৰ শেষৰফালে অন্ধ অনুকৰণৰ মাত্রা কমি যোৱা বাবে যুক্তিৰে বিচাৰ- বিবেচনা কৰিব পৰা হয়। সেয়েহে নিজৰ বিচাৰ-বুদ্ধি প্ৰয়োগ কৰি যাতে বিষয়বস্তু শিকিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। সৃজনী প্রতিভা বিকাশৰ বাবে ঘৰ আৰু বিদ্যালয়ে সুবিধা দিব লাগে।

৩। এই কালছোৱাত শক্তিশালী হৈ উঠা-প্রবৃত্তিবিলাকৰ উন্নতিকৰণৰ বাবে প্রয়োজনীয় কার্যাৱলীৰ ব্যৱস্থা কৰিব লাগে।

৪। দলীয় আনুগত্যৰ প্ৰতি লক্ষ্য ৰাখি শিশুক দলগতভাৱে খেলা-ধূলা আৰু অন্যান্য কাম কৰিবলৈ সুবিধা দিব লাগে। ই তেওঁলোকৰ দৈহিক আৰু সামাজিক বিকাশত সহায় কৰে।

৫। স্বাস্থ্য ৰক্ষাৰ প্ৰাথমিক জ্ঞান এই স্তৰত দিব লাগে। চাফ-চিকুণৰ ওপৰত গুৰুত্ব দিব লাগে।

৬। বাল্যকালত সমকামিতা ভাৱ দেখা যায় বাবে সহ-শিক্ষা দিলে একো অসুবিধাৰ সৃষ্টি নহয়। কাৰণ ই ল’ৰা-ছোৱালীৰ মাজত যৌন সমস্যাৰ সৃষ্টি নকৰে।

৭। ল’ৰা-ছোৱালীক নিজৰ আগ্রহ-অভিৰুচি মতে শিক্ষা দিব লাগে। শিক্ষকসকলে বুজা-পৰা আৰু মৰম-চেনেহৰ মাজেদি শিক্ষা দিব লাগে।

২০। কৈশোৰকালৰ শিক্ষা-ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ কৈশোৰকালৰ শিক্ষা-ব্যৱস্থাৰ বিষয়ে চমুকৈ উল্লেখ কৰা হৈছে―

১। কিশোৰ-কিশোৰীৰ আগ্রহ, অভিৰুচি, অভিক্ষমতা আদিৰ ভিন্নতা অনুযায়ী মাধ্যমিক স্কুলত অধিক স্বাধীনতা প্রদানেৰে নমনীয় আৰু বিভাজিত পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।

২। কৈশোৰকালত যুৱক-যুৱতীৰ শাৰীৰিক শক্তি বৃদ্ধি হয়। সেইবাবে স্কুলত বিভিন্ন ধৰণৰ খেলা-ধূলা, ব্যায়াম, যোগ আদিৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি শাৰীৰিক শিক্ষা প্রদান কৰিব লাগে।

৩। মাধ্যমিক শিক্ষাত বৃত্তিমুখী বিষয়ৰো সন্নিবিষ্ট কৰিব লাগে। কিয়নো যিসকল ছাত্র-ছাত্রী উচ্চ শিক্ষাৰ বাবে অনুপযোগী। তেওঁলোকে বৃত্তিমূলক বিষয়ৰ শিক্ষাৰ প্রতি অধিক আকর্ষিত হ’ব।

৪। ছাত্র-ছাত্রীক শৈক্ষিক, বৃত্তীয় আৰু ব্যক্তিগত নির্দেশনা দিব লাগে যাতে তেওঁলোকে বিপথে পৰিচালিত নহয় আৰু জীৱনৰ শুদ্ধ পথ বাচি লোৱাত সহায় হয়। 

৫। অৱসৰ সময়ৰ সৎ ব্যৱহাৰৰ বিষয়ে শিক্ষা দিব লাগে। ছাত্র-ছাত্ৰীৰ মন পছন্দৰ বিষয় বা ভাললগা ক্রিয়া-কলাপত ব্যস্ত ৰাখিব লাগে। তাৰোপৰি স্কুলত সহ-পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।

৭। কিশোৰ-কিশোৰীক যৌন শিক্ষা দিব লাগে। ইয়াৰ ফলত যৌন সম্বন্ধীয় ভুল- ধাৰণা আৰু সমস্যাবোৰ আঁতৰ হ’ব।

৮। ছাত্র-ছাত্রীক সামাজিক ক্রিয়া-কলাপৰ জৰিয়তে সমাজ সচেতনতাৰ মনোভাৱ গঢ়ি তুলিব লাগে। ন্যায়, সমতা, বন্ধুত্ব সহযোগিতা আদি গণতান্ত্রিক মূল্যবোধৰ শিক্ষা দিব লাগে।

২১। শিশুৰ বিকাশত গৃহ-পৰিৱেশৰ প্রভাৱৰ বিষয়ে লিখা।

উত্তৰঃ শিশুৰ বিকাশত গৃহ-পৰিৱেশৰ প্রভাৱৰ বিষয়ে তলত উল্লেখ কৰা হৈছে―

দৈহিক প্রভাৱ (Physical influence): জন্মৰ পিছতে শিশুৱে মাতৃ-দুগ্ধ পান কৰিবলগীয়াত পৰে। মাকৰ গাখীৰ শিশুৰ বাবে বৰ পুষ্টিকৰ। ই শিশুক নানা বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰে। তাৰোপৰি শিশুটিৰ দৈহিক আদৰ- যত্ন পিতৃ-মাতৃ আৰু পৰিয়ালৰ আন লোকসকলে কৰিলেহে সম্পূর্ণভাৱে দৈহিক স্বাস্থ্য ৰক্ষা হয়।

২। আৱেগিক প্রভাৱ (Emotional influence): গৃহ পৰিৱেশৰ জড়িয়তে শিশুৰ আৱেগিক জীৱন গঢ় লৈ উঠে। মাক-দেউতাক, ককা-আইতা আৰু পৰিয়ালৰ অন্যান্য লোকসকলৰ পৰা পোৱা মৰম-চেনেহ, আন্তৰিকতা আদিয়ে শিশুক আৱেগিক নিৰাপত্তা প্রদান কৰে। এইবোৰে শিশুক সাহসী আৰু আত্মবিশ্বাসী হোৱাত সহায় কৰে। ইয়াৰ অবিহনে শিশু অসামাজিক, হীনমান্য আৰু মানসিকভাৱে ৰোগগ্রস্ত হ’ব পাৰে।

৩। সাংস্কৃতিক প্ৰভাৱ (cultural influence): মানুহ সামাজিকভাৱে বাস কৰে। সমাজৰ ৰীতি- নীতি, পৰম্পৰা, বিশ্বাস আদি এচাম পুৰুষৰ পৰা আন এচামলৈ গতি কৰে। পৰিয়ালৰ ভাষা, ধর্ম, সংস্কৃতি আদিও সেইদৰে উত্তৰ পুৰুষলৈ গতি কৰে। পৰিয়ালৰ জৰিয়তে এইবোৰ সংৰক্ষণ হয়। শিশুই দেখি-শুনি এইবোৰ আয়ত্ব কৰে।

৪। বৈষয়িক প্ৰভাৱ (Influence of material condition): শিশুক দেহ-মনৰ ওপৰত বৈষয়িক দিশৰ প্ৰভাৱ পৰে। দেহ-মনৰ উৎকর্ষ সাধন কৰিবলৈ হ’লে কিছুমান যাৱতীয় বয়-বস্তুৰ দৰকাৰ। অৱস্থাপন্ন পৰিয়ালৰ ঘৰখনত শিশুৱে খোৱা-পিন্ধা খেলা-ধূলা আদি দৰকাৰী সকলো বস্তু পাব পাৰে। শিশুৰ দেহ-মানসিক প্রয়োজনত এইবোৰে সহায় কৰাৰ উপৰিও বৌদ্ধিক আৰু আৱেগিক বিকাশতো সহায় কৰে। আনহাতে বৈষয়িক দিশত অভাৱগ্রস্ত পৰিয়ালৰ শিশুটিৰ এইবোৰ বিকাশত বাধা আহিব পাৰে।

৫। নৈতিক প্রভাৱ (Moral influence): শিশুৰ জীৱনৰ মানদণ্ড বজাই ৰখাত পৰিয়ালে সহায় কৰে। পৰিয়ালৰ লোকৰ ক্ৰিয়া আচৰণৰ ন্যায়-অন্যায়, পাপ-পূণ্য, উচিত-অনুচিত আদি বিচাৰ-বিবেচনাৰ প্রভাৱ শিশুৰ ওপৰতো পৰে। কাৰণ এইবোৰ দেখি-শুনি শিশুৱে ডাঙৰক অনুকৰণ কৰে।

1 thought on “Class 11 Education Chapter 2 মানুহৰ বিকাশৰ স্তৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top