Class 11 Biology Important Chapter 1 জীৱজগত

Class 11 Biology Important Chapter 1 জীৱজগত Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.

Class 11 Biology Important Chapter 1 জীৱজগত

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.

Chapter: 1

IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্রশ্নোত্তৰ 

1. কোনজনা বিজ্ঞানীয়ে সর্বপ্রথমে টেক্স’নমি শব্দটো ব্যৱহাৰ কৰিছিল?

উত্তৰঃ অগাস্তিন পি দ্যা কেনড’ল।

2. টেক্স’নমিৰ প্ৰধান বিষয়বস্তুবোৰ কি?

উত্তৰঃ (i) চিনাক্তকৰণ।

(ii) নামকৰণ। আৰু

(iii) বৰ্গীকৰণ।

3. চিনাক্তকৰণ পদ্ধতি কি?

উত্তৰঃ বিশেষ বৈশিষ্টাৰ সহায়ত কোনো নির্দিষ্ট জীৱক অন্যান জীৱৰ পৰা চিনাক্ত কৰা বা পৃথক কৰা পদ্ধতিৰ চিনাক্তকৰণ বোলে।

4. নামকৰণ বুলিলে কি বুজা?

উত্তৰঃ যি পদ্ধতিৰে চিনাক্তকৃত জীৱৰ নির্ভুল বৈজ্ঞানিক নাম নিৰ্ণয় কৰা হয় তাকে জীৱৰ নামকৰণ বোলে।

5. বৰ্গীকৰণ কাক বোলে?

উত্তৰঃ পাৰস্পৰিক সম্বন্ধৰ কথা বিবেচনা কৰি নিৰ্দিষ্ট কোনো নীতি মানি জীৱসমূহক গোষ্ঠীভুক্ত কৰা বা কোনো গোষ্ঠীৰ জীৱক ক্ষুদ্রতম গোষ্ঠীত অন্তর্ভুক্ত কৰাকে বৰ্গীকৰণ বোলে।

6. টেক্স’নমিৰ জনক কোন?

উত্তৰঃ কেৰ’লাছ লিনিয়াছ।

7. আয়ুৰ্বেদৰ জনক কোন?

উত্তৰঃ চৰক।

8. দ্বিপদ নামকৰণৰ প্রৱর্তক কোন?

উত্তৰঃ কেৰ’লাছ লিনিয়াছ।

9. ‘চৰক সংহিতা’ৰ ৰচক কোন?

উত্তৰঃ চৰক।

10. স্পীচিছ’ শব্দটোৰ প্ৰবৰ্ত্তক কোন?

উত্তৰঃ জন ৰে।

11. “স্পীচিজ প্লেনটেৰাম’ আৰু ‘চিষ্টেমা নেচুৰী’ গ্ৰন্থ দুখনৰ ৰচক কোন?

উত্তৰঃ কেৰ’লাছ লিনিয়াছ।

12. নিয়ন্ত্রিত সূত্ৰ বা বেছীৰ সূত্ৰৰ প্ৰবৰ্ত্তক কোন?

উত্তৰঃ বেছী (Bessey)।

13. দ্বিপদ নামাকৰণ কাক বোলে?

উত্তৰঃ জীৱসমূহৰ গণ আৰু প্ৰজাতি নামৰ দুটা পদৰ সমন্বয়ত গঠিত নামকৰণক দ্বিপদ নামকৰণ বোলে।

14. ছিষ্টেমেটিক্স কি?

উত্তৰঃ ছিষ্টেমেটিক্স হ’ল জীৱন প্ৰকাৰ আৰু বৈচিত্ৰ আৰু সেইবোৰৰ মাজৰ কোনো বিশেষ বা সকলো প্ৰকাৰ সম্পৰ্কৰ বৈজ্ঞানিক পর্যালোচনা।

15. জীৱৰ বিভিন্নতা প্ৰকৃতিৰ কাম্য কিয়?

উত্তৰঃ কিয়নো এই বিভিন্নতা থকাৰ ফলত প্ৰত্যেক ধৰণৰ জীৱ এটা আনটোৰ লগত খাদ্য শৃঙ্খলত আবদ্ধ হৈ থাকে।

16. বৰ্গীকৰণৰ একক কি? 

উত্তৰঃ টেক্সন বা গোট।

17. বৰ্গীকৰণৰ বৃহত্তম এককটো কি?

উত্তৰঃ ৰাজ্য।

18. উদ্ভিদ বিজ্ঞানৰ জনক কোন?

উত্তৰঃ থিঅ’ফ্ৰেটাছ ।

19. মানুহৰ বৈজ্ঞানিক নাম কি?

উত্তৰঃ হম’ চেপিয়েন্স।

20. গিনিপিগৰ বৈজ্ঞানিক নাম কি?

উত্তৰঃ Cavia forcellus. 

21. আমৰ বৈজ্ঞানিক নাম কি?

উত্তৰঃ Mangifera indica.

22. ফুল টার্ম লিখা।

(i) ICBN 

উত্তৰঃ International code of Botanical Nomenclature.

(ii) ICZN

উত্তৰঃ International code of zoological Nomenclature.

(iii) ICVN

উত্তৰঃ International code of viral Nomenclature.

(iv) ICNCP

উত্তৰঃ International code of Nomenclature for cultivated plants.

(v) BSI

উত্তৰঃ Botanical Survey of India.

(vi) ZSI

উত্তৰঃ Zoological Survey of India. 

(vii) BNHS

উত্তৰঃ Bombay Natural History Society. 

(viii) WPSI

উত্তৰঃ Wild life Preservation Society of India 

23. হার্বেৰিয়াম বা পাদপালয় কি?

উত্তৰঃ সংগ্ৰহ কৰা উদ্ভিদৰ নমুনাবিলাক শুকুৱাই, চাপ প্ৰক্ৰিয়াৰে চেপেটা কৰি বিশেষ ডাঠ কাগজ এখিলাত এঠা লগাই সেইবোৰ ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰা ভঁৰাল ঘৰকে হার্বেৰিয়াম বা পাদপালয় বোলে।

24. দুখন বিখ্যাত বোটানিকেল গার্ডেনৰ নাম লিখা। 

উত্তৰঃ (i) কিউ বোটানিকেল গার্ডেন (ইংলেণ্ড)।

(ii) ইণ্ডিয়ান বোটানিকেল গার্ডেন (কলিকতা)।

25. ঊর্ধ্বমুখী সাজোনত বৰ্গীকৰণ এককসমূহ প্রতিস্থাপন কৰা।

উত্তৰঃ 

ৰাজ্য

  ↑

পর্ব বা বিভাগ

  ↑

শ্ৰেণী

  ↑

বর্গ

  ↑

গোত্র

  ↑

গণ

  ↑

প্রজাতি

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top