Assam Jatiya Bidyalay Class 8 Social Science Chapter 16 অক্ষাংশ আৰু দ্ৰাঘিমাংশ

Assam Jatiya Bidyalay Class 8 Social Science Chapter 16 অক্ষাংশ আৰু দ্ৰাঘিমাংশ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 8 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Jatiya Bidyalay Chapter 16 অক্ষাংশ আৰু দ্ৰাঘিমাংশ Class 8 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 8 Social Science Chapter 16 অক্ষাংশ আৰু দ্ৰাঘিমাংশ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The Assam Jatiya Bidyalay Class 8 Social Science Chapter 16 অক্ষাংশ আৰু দ্ৰাঘিমাংশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অক্ষাংশ আৰু দ্ৰাঘিমাংশ

Chapter – 16

অসম জাতীয় বিদ্যালয়

EXERCISE QUESTION ANSWER

১। পৃথিৱীৰ উপৰিভাগত ৰেখা কিয় কল্পনা কৰা হয় ?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগত অৱস্থিত এখন ঠাইৰ ভৌগোলিক অৱস্থান জানিবলৈ পৃথিৱীখন আগুৰি কিছুমান ৰেখা কল্পনা কৰি ধাৰণা কৰি লোৱা হয়। এই ৰেখা বোৰে পৃথিৱীখনক সামৰি এখন জালৰ সৃষ্টি কৰিছে। এই ৰেখাবোৰৰ নিজস্ব অৱস্থান আৰু ক্ৰমাংক থাকে যিবোৰৰ সহায়ত ঠাইখনৰ অৱস্থান নিৰূপণ কৰিব পাৰি।

২। অক্ষৰেখা বুলিলে কি বুজা ? অক্ষৰেখা মুঠতে কেইডাল ?

উত্তৰঃ বিষুৱ ৰেখা সমান্তৰালৈ পূৱ- পশ্চিমাকৈ কিছুমান ৰেখা উত্তৰলৈ আৰু দক্ষিণলৈ কল্পনা কৰি লোৱা হৈছে। এই ৰেখা বোৰকে অক্ষৰেখা বুলি জনা যায়।

অক্ষৰেখা মুঠতে ১৮০ ডাল। ইয়াৰে ৯০ ডাল উত্তৰলৈ আৰু ৯০ ডাল দক্ষিণলৈ থাকে। এনে ধৰণৰ দুডাল ক্ৰমিক অক্ষৰেখাৰ মাজৰ গড় দূৰত্ব প্ৰায় ১১১ কিলোমিটাৰ।

৩। বিষুৱ ৰেখা বুলিলে কি বুজা ? ইয়াৰ মান কিমান ?

উত্তৰঃ পৃথিৱীৰ উত্তৰ মেৰু বিন্দু আৰু দক্ষিণ মেৰু বিন্দুক সমদূৰত্বত ৰাখি পূৱা পশ্চিমাকৈ বৃত্তাকাৰে আগুৰি থকাকৈ যি ডাল যি ডাল কাল্পনিক ৰেখা কল্পনা কৰি লোৱা হৈছে সেই ৰেখা ডালকে বিষুৱ ৰেখা বোলে। বিষুৱ ৰেখাৰ আন এটা নাম হ’ল নিৰক্ষ ৰেখা। বিষুৱ ৰেখাই পৃথিৱীখনক সমানে দুটা ভাগত বিভক্ত কৰিছে। বিষুৱ ৰেখাৰ মান ০৹ ডিগ্ৰী বুলি ধৰা হয়। এই ০৹ ডিগ্ৰীৰ পৰা উত্তৰে আৰু দক্ষিণে অক্ষ ৰেখাবোৰ কল্পনা কৰি লোৱা হয়।

৪। বিষুৱ ৰেখাৰ মুখ্য কাম কি ?

উত্তৰঃ বিষুৱ ৰেখা ডালক মধ্যমা হিচাপে ০৹ ডিগ্ৰী মানত ৰাখি ইয়াৰে উত্তৰে আৰু দক্ষিণে যিবোৰ কাল্পনিক ৰেখা থাকে সেই বোৰৰ অৱস্থান বুজোৱাত সহায়ক হৈছে। ০৹ ডিগ্ৰীত বিষুৱ ৰেখাৰ স্থিতি নথকা হ’লে অক্ষৰেখাবোৰৰ অবস্থান নিৰ্ণয় কৰিব পৰা নগ’লহেঁতেন।

৫। দ্ৰাঘিমাৰেখা বুলিলে কি বুজা ? দ্ৰাঘিমা ৰেখা মুঠতে কিমান ?

উত্তৰঃ উত্তৰ মেৰু বিন্দু আৰু দক্ষিণ মেৰু বিন্দু সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ ৰেখা কল্পনা কৰা হৈছে সেইবোৰক দ্ৰাঘিমা ৰেখা বোলে। ০ ডিগ্ৰীৰ পৰা পূবলৈ ১৮০ ডাল আৰু পশ্চিমলৈ ১৮০ ডাল মুঠতে ৩৬০ ডাল দ্ৰাঘিমা ৰেখা থাকে।

৬। মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে ? ইয়াৰ মান কিমান ?

উত্তৰঃ ১৮৮৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত বহা আন্তঃৰাষ্ট্ৰীয় দ্ৰাঘিমা সন্মিলনত লণ্ডনৰ ওপৰেৰে যোৱা দ্ৰাঘিমা ৰেখাডালক মুখ্য দ্ৰাঘিমাৰেখা হিচাপে স্বীকৃতি দিছে। মুখ্য দ্ৰাঘিমা ৰেখাৰ অৱস্থান মান হ’ল ০৹ ডিগ্ৰী। এই ০৹ ডিগ্ৰীৰ পূৱ ফালে থকা অংশটোক পূৱ গোলাৰ্দ্ধ

আৰু ০৹ ডিগ্ৰীৰ পশ্চিম ফালে থকা অংশটোক পশ্চিম গোলাৰ্দ্ধ বোলা হয়।

৭। অক্ষাংশ আৰু দ্ৰাঘিমাংশ কাক বোলে ?ইয়াক কেনেদৰে উলিওৱা হয় বুজাই লিখা।

উত্তৰঃ অক্ষাংশ হ’ল এখন ঠাই আৰু পৃথিৱীৰ কেন্দ্ৰ সংযোগী ৰেখাডালে যেতিয়া বিষুৱ ৰেখাৰ সমতলৰ লগত যি কোণৰ সৃষ্টি কৰে সেয়া হ’ল সেই ঠাই খনৰ অক্ষাংশ।

আনহাতে দ্ৰাঘিমাংশ হ’ল কোনো এখন ঠাইৰ পৰা মুখ্য দ্ৰাঘিমা ৰেখালৈ পূৱা পশ্চিমাকৈ যি কোণৰ সৃষ্টি কৰে সেই কোণৰ দূৰত্বকে দ্ৰাঘিমাংশ বোলা হয়।

পৃথিৱীৰ কেন্দ্ৰ বিন্দুৰ মাজেদি পৃথিৱীৰ মেৰু দণ্ডডাল অৱস্থান কৰিছে। যদি আমি প্ৰাথমিক দ্ৰাঘিমাৰেখা এডালক ০৹ ডিগ্ৰীত থকা দ্ৰাঘিমা ৰেখা বুলি গণ্য কৰোঁ তেনেহ’লে ইয়াৰ ওপৰত ভিত্তি কৰি যিকোনো ঠাই দুখনৰ অৱস্থান কৰা দ্ৰাঘিমাংশ উলিয়াব পাৰি।

৮। ক্ৰণ’ মিটাৰ আৰু ছেকসটেন্ট মানে কি বুজা ? ইঁহতক কোনে ব্যৱহাৰ কৰে ?

উত্তৰঃ ক্ৰণ’ মিটাৰ আৰু ছেকসটেন্ট― এই দুবিধ বিশেষ ধৰণৰ যন্ত্ৰ। এই যন্ত্ৰ দুবিধ বিশাল মহাসাগৰত জাহাজত নাইবা বিশাল মহাসাগৰত উৰি ফুৰা উৰাজাহাজত পাইলট ( চালক) সকলে ব্যৱহাৰ কৰে। ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ অৱস্থান আৰু সময় নিৰ্ণয় কৰিব পাৰে।

ক্ৰণ’ মিটাৰ যন্ত্ৰটোত গ্ৰীণ উইচ সময় বা ০৹ ডিগ্ৰী দ্ৰাঘিমা ৰেখাৰ সময়টো চাব পাৰি আৰু ছেকসটেন্ট যন্ত্ৰটোৰ সহায়ত পৃথিৱীৰ যি কোনো ঠাইৰ সূৰ্য্যৰ অৱস্থান উলিয়াব পাৰি।

৯। জি পি এছ (G P S) কি ?

উত্তৰঃ জি পি এছ হ’ল আধুনিক যুগৰ আৱিষ্কৃত যন্ত্ৰ যিটো আজি কালি কৃত্ৰিম উপগ্ৰহৰ লগত সংযোগ কৰা থাকে আৰু ইয়াৰ সহায়ত পৃথিৱীৰ যিকোনো ঠাইৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশনিৰ্ণয় কৰিব পাৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top