Assam Jatiya Bidyalay Class 7 Social Science Chapter 9 আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য

Assam Jatiya Bidyalay Class 7 Social Science Chapter 9 আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Social Science Chapter 9 আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য

Chapter -9

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। সংবিধান কাক বোলে?

উত্তৰঃ দেশৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বাবে থকা বিধি-বিধানক একেলগে সংবিধান বুলি জনা যায়। সংবিধানক ৰাষ্ট্ৰ এখনৰ আইন বুলিব পাৰি।

প্রশ্ন ২। ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা কাৰ্যকৰী হয়? 

উত্তৰঃ ভাৰতৰ সংবিধানখন ১৯৫০ চনৰ ২৬ জানুৱাৰীৰপৰা কাৰ্যকৰী হয়।

প্রশ্ন ৩। ভাৰতীয় সংবিধান অনুযায়ী ৰাষ্ট্ৰ প্ৰধান গৰাকী কোন?

উত্তৰঃ ৰাষ্ট্ৰপতি।

প্রশ্ন ৪। অধিকাৰ কাক বোলে? 

উত্তৰঃ মানুহৰ প্ৰতিভা বিকাশৰ আৰু ব্যক্তিত্ব প্ৰকাশৰ বাবে সুযোগ সুবিধাৰ প্ৰয়োজন। ৰাজনীতি বিজ্ঞানে এনেকুৱা সুযোগ-সুবিধাবোৰকে অধিকাৰ বোলে।

প্রশ্ন ৫। গ্রাহক বা উপভোক্তা কাক বোলে? 

উত্তৰঃ অৰ্থৰ বিনিময়ত এবিধ প্রয়োজনীয় বস্তু ল’লে নাগৰিকজন গ্রাহক হৈ পৰে।

প্রশ্ন ৬। বিশ্ব গ্রাহক অধিকাৰ দিৱসৰূপে পালন কৰা তাৰিখটো কি? 

উত্তৰঃ ২৪ ডিচেম্বৰ তাৰিখটো ‘ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস’ হিচাপে পালন কৰা হয়।

প্রশ্ন ৭। ভাৰতীয় সংবিধান ৰচনা কৰা পৰিষদৰ অধ্যক্ষ কোন আছিল? 

উত্তৰঃ ড° বি আর আম্বেদকাৰ।

প্রশ্ন ৮। সংবিধানৰ ভাগকেইটা উল্লেখ কৰা?

উত্তৰঃ ২২ টা ভাগ আছে।

প্রশ্ন ৯। নিৰ্দ্দেশাত্মক নীতি কাক বোলে? ইয়াৰ প্ৰধান উদ্দেশ্য কি?

উত্তৰঃ নিৰ্দ্দেশাত্মক নীতিবোৰ হ’ল কিছুমান মৌলিক নীতি, যিবোৰ ৰাষ্ট্ৰই আইন প্ৰণয়ন কৰোঁতে অনুসৰণ কৰিব লাগে।

জনসাধাৰণৰ মাজত সামাজিক আৰু অৰ্থনৈতিক সমতা প্রতিষ্ঠা কৰাই নির্দেশাত্মক নীতিৰ উদ্দেশ্য।

প্রশ্ন ১০। সংবিধানৰ প্ৰস্তাৱনাটোৰ ওপৰত এটা টোকা লিখা। 

উত্তৰঃ প্ৰস্তাৱনা এখন লিখিত সংবিধানৰ ভূমিকা বা পাতনি। ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাও এই সংবিধানৰ ভূমিকা। প্ৰস্তাৱনাত সংবিধানখনৰ আদর্শ, উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰা হৈছে। ইয়াক সংবিধানৰ চাবি কাঠি বুলি গণ্য কৰা হয়। যদিও প্ৰস্তাৱনা সংবিধানৰ অংগ নহয় কিন্তু সংবিধানৰ মূল ভাব ধাৰণাক উপলব্ধি কৰাৰ ক্ষেত্ৰত প্ৰস্তাৱনাই সহায় কৰে। ইয়াত অন্তৰ্ভুক্ত কৰা নীতিসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰ দায়বদ্ধ৷ প্ৰস্তাৱনাত উল্লেখিত আদর্শসমূহৰ ওপৰত ভিত্তি কৰি চৰকাৰৰ কাৰ্যৰ মূল্যায়ন কৰা সম্ভৱ।

প্রশ্ন ১১। ভাৰতীয় সংবিধানে নাগৰিকৰ বাবে ৰখা অধিকাৰবোৰ কি কি? 

উত্তৰঃ ভাৰতীয় সংবিধানে নাগৰিকৰ বাবে ৰখা অধিকাৰবোৰ হ’ল–

১। ব্যক্তিগত অধিকাৰ।

২। ৰাজনৈতিক অধিকাৰ।

৩। অর্থনৈতিক অধিকাৰ।

৪। সামাজিক অধিকাৰ।

প্রশ্ন ১২। গ্রাহক হিচাপে নাগৰিকৰ থকা অধিকাৰবোৰ কি কি?

উত্তৰঃ গ্রাহক হিচাপে নাগৰিকৰ থকা অধিকাৰবোৰ হ’ল— 

১। কিনিবৰ সময়ত সামগ্ৰীবিধৰ গুণাগুণ, সঠিক মূল্য, সঠিক ওজন, বিশুদ্ধতা আদিৰ বিচাৰ কৰাৰ সম্পূৰ্ণ অধিকাৰ গ্ৰাহকৰ আছে।

২। গ্রাহক সুৰক্ষাৰ বাবে গ্ৰাহক সংগঠন কৰাৰ অধিকাৰ আছে। 

৩। প্ৰৱঞ্চনাৰ প্ৰতিকাৰৰ বাবে ১৯৮৬ চনৰ গ্ৰাহক সুৰক্ষা আইনৰ সহায় লৈ গ্ৰাহক অধিকাৰ সাব্যস্ত কৰিব পাৰে।

প্রশ্ন ১৩। অর্থনৈতিক সমতা প্রতিষ্ঠা কৰিবলৈ ৰাষ্ট্ৰই গ্ৰহণ কৰা যিকোনো চাৰিটা কৰ্তব্য উল্লেখ কৰা।

উত্তৰঃ ১। অর্থনৈতিক ক্ষেত্ৰত বৈষম্য কৰা। 

২। আৰ্থিক সামর্থ্য আৰু উন্নতিৰ সীমাৰ ভিতৰত সকলো নাগৰিকৰ বাবে কাম আৰু শিক্ষাৰ ব্যৱস্থা কৰা। 

৩। নিবনুৱা অৱস্থা, বার্ধক্য, অসুস্থতা আৰু অক্ষমতাৰ বাবে নাগৰিকক সহায় কৰা।

৪। পুৰুষ-মহিলা উভয়কে কৰ্ম সংস্থানৰ সুবিধা দি উপযুক্ত মজুৰীৰ ব্যৱস্থা কৰা। 

প্রশ্ন ১৪। গান্ধীবাদী নীতিৰ অন্তৰ্গত যিকোনো চাৰিটা নীতি উল্লেখ কৰা। 

উত্তৰঃ ১। গাঁও পঞ্চায়তৰ ব্যৱস্থা কৰি গাঁওবোৰক উন্নত কৰা।

২। অনুসূচীত জাতি, জনজাতি আৰু সমাজৰ আন আন পিছপৰা শ্ৰেণীৰ শিক্ষা ব্যৱস্থা কৰা আৰু তেওঁলোকৰ স্বাধীনতা ৰক্ষা কৰা। 

৩। কুটিৰ শিল্পসমূহৰ প্ৰসাৰণ ঘটোৱা।

৪। কৃষিৰ উন্নতি সাধন কৰা।

প্রশ্ন ১৫। নির্দেশাত্মক নীতিৰ বৈশিষ্ট্যসমূহ কি কি? 

উত্তৰঃ নিৰ্দ্দেশাত্মক নীতিৰ বৈশিষ্ট্যবোৰ হ’ল—

১। নীতিবোৰ বাধ্যতামূলক নহয়। নীতিবোৰ পালন কৰিবলৈ ৰাষ্ট্ৰক বাধ্য কৰাব নোৱাৰি। ৰাষ্ট্ৰই নীতিবোৰ বলবৎ কৰিবও পাৰে, নকৰিবও পাৰে।

২। আদালতৰদ্বাৰা এই নীতিবোৰ বলবৎ কৰাব নোৱাৰি। নীতিবোৰ বলবৎ কৰাৰ ক্ষমতা আদালতৰ নাই।

৩। সংসদে আইন প্রণয়ন কৰি নিৰ্দ্ৰ্দেশাত্মক নীতি বলবৎ কৰিব পাৰে।

৪। নিৰ্দ্দেশাত্মক নীতিবোৰ সামাজিক আৰু অৰ্থনৈতিক আদৰ্শৰ ওপৰত প্রতিষ্ঠিত। ৰাজনীতিৰ সতে এই নীতিবোৰ জড়িত নহয়।

প্রশ্ন ১৬। ৰাজনৈতিক অধিকাৰৰ অন্তৰ্গত অধিকাৰবোৰ কি কি? 

উত্তৰঃ ৰাজনৈতিক অধিকাৰৰ অন্তৰ্গত অধিকাৰবোৰ হ’ল—

১। ভোটদানৰ অধিকাৰ।

২। চৰকাৰী চাকৰি লাভৰ অধিকাৰ।

৩। আবেদনৰ অধিকাৰ। 

৪। চৰকাৰক সমালোচনা কৰাৰ অধিকাৰ।

প্রশ্ন ১৭। নাগৰিকে পালন কৰিব লগীয়া যিকোনো ৫ টা কর্তব্য লিখা। 

উত্তৰঃ ১। ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য।

২। সমাজৰ প্ৰতি কৰ্তব্য।

৩। ব্যক্তিৰ প্ৰতি কর্তব্য।

৪। পৰিয়ালৰ প্ৰতি কৰ্তব্য।

৫। প্রাকৃতিক দুর্যোগ আদিত সহায় কৰা।

প্রশ্ন ১৮। গ্রাহকসকলে মানি চলিব লগীয়া পাঁচটা কৰ্তব্য উল্লেখ কৰা।

উত্তৰঃ ১। বস্তুৰ গুণাগুণ সম্পৰ্কে প্ৰতিগৰাকী গ্রাহক সচেতন হ’ব লাগে। প্রয়োজন অনুযায়ী ক্রয় কৰা সামগ্ৰীত এগমার্গ, আই এছ আই চিন আছেনে নাই চাব লাগে।

২। সামগ্ৰীৰ ওজনৰ ক্ষেত্ৰত বিজ্ঞান সম্মত দগা পাল্লা, মাপনী ব্যৱহৃত হৈছেনে নাই চাব লাগে।

৩। প্ৰতিবিধ ক্ৰয় কৰা সামগ্ৰীৰ বিপৰীতে মূল্য লিখা থকা ৰচিদ গ্ৰাহকে বিচাৰিব লাগে। 

৪। বিভিন্ন ধৰণৰ বিলত (টেলিফোন, বৈদ্যুতিক বিল) নিৰ্দিষ্ট তাৰিখৰপৰা সঠিক হিচাপ আছেনে নাই চাব লাগে।

৫। বিভিন্ন পৰিবহণ ব্যৱস্থাত (ৰেলৈ, বাছ, বিমান) যাত্ৰা কৰোঁতে ভাৰাৰ বিপৰীতে টিকট সংগ্ৰহ কৰিব লাগে।

প্রশ্ন ১৯। ভাৰতীয় সংবিধান প্রণয়ন ব্যৱস্থাৰ বিষয়ে লিখা। 

উত্তৰঃ ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ ১৯৪৬ চনৰ ৯ ডিচেম্বৰত ভাৰতৰ গণ পৰিষদ গঠিত হয়। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হয়। পৰিষদে বিভিন্ন দেশৰ সংবিধান পৰীক্ষা নিৰীক্ষা কৰি ভাৰতীয় সংবিধান ৰচনাৰ কামত হাত দিয়ে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত সংবিধান ৰচনাৰ কাম শেষ হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰপৰা ইয়াক কাৰ্যকৰী কৰা হয়। তেতিয়াৰপৰা ভাৰতবৰ্ষ সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য হিচাপে পৰিচিত হয়। ভাৰতীয় সংবিধান ৰচনা কৰাৰ বাবে গঠন হোৱা ভাৰতীয় গণ পৰিষদক নেতৃত্ব দিছিল ড° ৰাজেন্দ্ৰ প্ৰসাদে আৰু পৰিষদৰ অধ্যক্ষ আছিল ড° বি আৰ আম্বেদকাৰ।

প্রশ্ন ২০। ভাৰতীয় সংবিধানৰ যিকোনো ছয়টা বৈশিষ্ট্য আলোচনা কৰা। 

উত্তৰঃ ভাৰতীয় সংবিধানৰ কেইটামান বিশেষ বৈশিষ্ট্য আছে—তাৰ ভিতৰত ছয়টা বৈশিষ্ট্য হ’ল

১) প্ৰস্তাৱনা : ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটোৰ বিশেষ বৈশিষ্ট্য আছে। প্ৰস্তাৱনাটো সংবিধানৰ মূল অংশ নহ’লেও ইয়াত সকলোবোৰ কথা পৰিষ্কাৰকৈ উল্লেখ আছে। প্রস্তাবনাত সংবিধানখনৰ আদর্শ, উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰা আছে। প্রস্তাৱনাটোৱে সংবিধানৰ মূল চাবি-কাঠী। কাৰণ ইয়াত অন্তৰ্ভুক্ত কৰা নীতিসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰ দায়বদ্ধ।

২) লিখিত সংবিধান : ভাৰতীয় সংবিধানখন লিখিত সংবিধান।

৩) দীর্ঘতম সংবিধানঃ ভাৰতৰ সংবিধানখনেই পৃথিৱীৰ আটাইতকৈ দীঘলীয়া সংবিধান। ভাৰতৰ সংবিধানখনত মুঠ ২২টা অধ্যায় আছে।

৪) জটিল আৰু সহজ পদ্ধতিৰ সংমিশ্রণ : সংবিধানখনৰ কিছুমান বিধি-বিধান সহজ পদ্ধতিৰে আৰু কিছুমান জটিল পদ্ধতিৰে সংশোধন কৰা হয়।

৫) সার্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্রিক গণৰাজ্য : গণতন্ত্র ভাৰতৰ মূল ভেটি। ভাৰতৰ জনসাধাৰণে চৰকাৰ গঠনত মুখ্য ভূমিকা গ্ৰহণ কৰে। ভাৰতবৰ্ষ সাৰ্বভৌম ৰাষ্ট্ৰ হোৱা হেতুকে বাহিৰৰ আৰু ভিতৰুৱা কোনো বিষয়তে কোনোৱে হস্তক্ষেপ কৰিব নোৱাৰে।

৬) সংসদীয় আৰু গণতান্ত্রিক পদ্ধতিৰ চৰকাৰ : গণতান্ত্রিক পদ্ধতিৰে চৰকাৰ গঠন কৰা হয়। ৰাষ্ট্ৰপ্ৰধান গৰাকীক ৰাষ্ট্ৰপতি বোলা হয়। ভাৰতীয় শাসন ব্যৱস্থাক সংসদীয় শাসন ব্যৱস্থা বুলি কোৱা হয়।

প্রশ্ন ২১। মৌলিক অধিকাৰ কাক বোলে।

উত্তৰঃ দেশৰ সংবিধানে স্বীকাৰ কৰা, চৰকাৰে অমান্য কৰিব নোৱাৰা আৰু ন্যায় ব্যৱস্থাই সুৰক্ষা কৰা অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে।

প্রশ্ন ২২। আমাৰ মৌলিক অধিকাৰ কেইটা আৰু কি কি?

উত্তৰঃ আমাৰ মৌলিক অধিকাৰ ছয় প্ৰকাৰৰ — 

১) সমতাৰ অধিকাৰ।

২) স্বাধীনতাৰ অধিকাৰ।

৩) শোষণৰ বিৰুদ্ধে অধিকাৰ।

৪) ধর্মীয় অধিকাৰ।

৫) সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ।

৬) সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ।

চমুটোকা লিখা—

১। আন্তঃৰাষ্ট্ৰীয় নীতি।

উত্তৰঃ শিক্ষাৰ প্ৰচাৰ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি আদি বিভিন্ন কাৰণত আন্তঃৰাষ্ট্ৰীয় নিৰ্ভৰশীলতা দিনে দিনে বৃদ্ধি পাই আহিছে। ভাৰতীয় সংবিধানে এই সম্পৰ্কে ৰাষ্ট্ৰক কিছু নিৰ্দেশ দিছে। ৰাষ্ট্ৰৰ দায়িত্ব হ’ল— 

১) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা। 

২) জাতিসমূহৰ মাজত ন্যায়সংগত আৰু সন্মানজনক সম্পর্ক স্থাপন কৰা।

৩) আন্তর্জাতিক আইন, সন্ধি আদিৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰা। 

৪) মধ্যস্থতাৰ জৰিয়তে আন্তর্জাতিক বিবাদ নিষ্পত্তিকৰণত উৎসাহ দিয়া আদিয়ে প্রধান।

২। সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ।

উত্তৰঃ ভাৰতত বিভিন্ন জাতি-জনজাতিৰ নিজা ভাষা, কৃষ্টি-সংস্কৃতি আছে। এই অধিকাৰ অনুযায়ী ভাৰতৰ সকলো মানুহে নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰিব। কোনোৱে কাৰো ওপৰত বেলেগ সংস্কৃতি জাপি দিব নোৱাৰিব।

নিজৰ ৰুচি অনুযায়ী শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ আৰু শিক্ষা গ্ৰহণৰ সম্পূৰ্ণ অধিকাৰ আছে। শিক্ষানুষ্ঠানক অনুদান দিয়াৰ ক্ষেত্ৰত ধৰ্ম, ভাষা অন্তৰায় হ’ব নোৱাৰে৷ চৰকাৰী ধৰ্ম বা অনুদানেৰে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠান জাতি বর্ণ-ধর্ম নির্বিশেষে সকলোৱে ভৰ্তি হোৱাৰ সুযোগ লাভ কৰিব।

২০০২ চনত হোৱা সংশোধনী অনুযায়ী ৬-১৪ বছৰৰ সকলো

শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা লাভ কৰিব পাৰিব।

৩। নাগৰিকৰ অধিকাৰ হিচাপে সামাজিক অধিকাৰ।

উত্তৰঃ নাগৰিকৰ অধিকাৰ হিচাপে সামাজিক অধিকাৰবোৰ হ’ল –

ক) শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ।

খ) নিয়োগ আৰু চৰকাৰী সহায় লাভৰ অধিকাৰ।

গ) উপযুক্ত বাসস্থানৰ অধিকাৰ।

ঘ) শোষণ আৰু অত্যাচাৰৰ পৰা মুক্তিৰ অধিকাৰ। 

নাগৰিকৰ অন্যান্য কর্তব্যবোৰক প্ৰধানকৈ চাৰিটা ভাগত ভগাব পাৰি। সেই কৰ্তব্যবোৰ হ’ল ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য, সমাজৰ প্ৰতি কৰ্তব্য, ব্যক্তিৰ প্ৰতি কৰ্তব্য আৰু পৰিয়ালৰ প্ৰতি কৰ্তব্য।

৪। গ্রাহক সুৰক্ষা আইন।

উত্তৰঃ আমাৰ দেশৰ গ্ৰাহক বিভিন্ন সময়ত বহুতো সমস্যাৰ মুখামুখি। হ’বলগীয়া হয়। গ্ৰাহকৰ সজাগতাৰ অভাৱেই ইয়াৰ কাৰণ। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিকৰ অধিকাৰক সুৰক্ষিত কৰাটো চৰকাৰৰ প্ৰাথমিক দায়িত্ব আৰু কৰ্তব্য। গ্ৰাহকৰ অধিকাৰ সাব্যস্তকৰণৰ বাবে ‘গ্রাহক সুৰক্ষা আইন’ ১৯৮৬ চনত প্ৰৱৰ্তন কৰা হয়। ১৯৮৬ চনৰ ২৪ ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বাবে প্ৰতিবছৰে ২৪ ডিচেম্বৰ তাৰিখটো ৰাষ্ট্ৰীয় গ্ৰাহক দিৱস হিচাপে পালন কৰা হয়।

৫। এগমার্ক।

উত্তৰঃ কৃষিজাত উৎপাদন (মান নিৰ্ণয় আৰু চিহ্নিতকৰণ) আইন ১৯৩৭ চন অনুযায়ী খাদ্য সামগ্ৰীৰ বিশুদ্ধতা নির্ণয় কৰি এগমার্ক মৰা হয়। এগমার্ক এটা চৰকাৰী সংস্থা। পেকেট, বটল বা টিনত থকা খাদ্য-সামগ্ৰীতহে এগমার্ক ব্যৱহাৰ কৰা হয়। বিভিন্ন ব্ৰেণ্ডৰ মিঠাতেল, আটা, ময়দা, ঘি, মৌ, মছলা ইত্যাদি সামগ্ৰীত এগমাৰ্ক ব্যৱহাৰ কৰা হয়।

৬। আই. এছ. আই.।

উত্তৰঃ বিভিন্ন সামগ্ৰীৰ মান নিৰূপণৰ বাবে ভাৰতীয় মান নিৰূপক প্ৰতিষ্ঠান নামৰ এটা চৰকাৰী সংস্থা আছে। আই. এছ. আইৰ প্ৰধান কাম হ’ল বিভিন্ন সামগ্ৰীৰ বাবে ভিন্‌ ভিন্‌ মান নিৰূপক প্ৰস্তুত কৰা, সামগ্ৰীৰ ওপৰত মান, শুদ্ধতাৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা, সামগ্ৰীবোৰ পৰীক্ষা কৰা আৰু গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰা।

প্রশ্ন ২৩। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ কি? 

উত্তৰঃ জাতি-ধর্ম-বর্ণ-সম্পত্তি-লিংগ ইত্যাদি নির্বিশেষে ১৮ বছৰৰ ঊৰ্ধ্বৰ সকলো ভাৰতীয় নাগৰিকে লাভ কৰা ভোট দিয়াৰ অধিকাৰকে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ বোলা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top