Assam Jatiya Bidyalay Class 7 Social Science Chapter 8 ভাৰতীয় ধর্ম সংস্কাৰ আন্দোলন বা ভক্তিবাদ

Assam Jatiya Bidyalay Class 7 Social Science Chapter 8 ভাৰতীয় ধর্ম সংস্কাৰ আন্দোলন বা ভক্তিবাদ, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Social Science Chapter 8 ভাৰতীয় ধর্ম সংস্কাৰ আন্দোলন বা ভক্তিবাদ Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

ভাৰতীয় ধর্ম সংস্কাৰ আন্দোলন বা ভক্তিবাদ

Chapter -8

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। কিমান খ্ৰীঃত ভক্তিবাদৰ প্ৰথম প্ৰকাশ হৈছিল?

উত্তৰঃ খ্রিষ্টীয় নৱম শতিকাত ভক্তিবাদে প্রথম প্রকাশ লাভ কৰিছিল।

প্রশ্ন ২। আলৱাসকল কোন?

উত্তৰঃ আলৱাৰসকল ভক্তিবাদৰ প্ৰচাৰ কৰোঁতা। এওঁলোক দক্ষিণ ভাৰতৰ লোক।

প্রশ্ন ৩। ‘দিব্য প্রবন্ধম’ কি? 

উত্তৰঃ মৌখিক গীত-পদ।

প্রশ্ন ৪। চুফীবাদ কি?

উত্তৰঃ চুফীবাদ হ’ল ইছলাম ধৰ্মৰ উদাৰনৈতিক দর্শন।

প্রশ্ন ৫। চুফী শব্দটো কোনটো মূল শব্দৰপৰা আহিছে? 

উত্তৰঃ চাফ শব্দটোৰ পৰা চুফী শব্দটো আহিছে।

প্রশ্ন ৬। অসমত ভক্তিবাদ কোনে প্ৰচাৰ কৰিছিল? 

উত্তৰঃ শংকৰদেৱে অসমত ভক্তিবাদ প্ৰচাৰ কৰিছিল।

প্রশ্ন ৭। কুসুম্বৰ ভূঞা কোন?

উত্তৰঃ শংকৰদেৱৰ পিতৃ।

প্রশ্ন ৮। ভক্তি শব্দটো ক’ৰপৰা উদ্ভৱ হৈছে?

উত্তৰঃ ‘ভজ’ শব্দৰপৰা ভক্তি শব্দৰ উৎপত্তি হৈছে। ভজ’ শব্দটো সংস্কৃত শব্দ।

প্রশ্ন ৯। পোন প্ৰথমে ভাৰতৰ কত ভক্তিবাদৰ বিকাশ হয়। 

উত্তৰঃ দক্ষিণ ভাৰতত।

প্রশ্ন ১০। ভক্তিবাদৰ উপাসকসকলৰ মূল উপাস্য দেৱতা কোন? 

উত্তৰঃ ভক্তিবাদৰ উপাসকসকলৰ মূল উপাস্য দেৱতা হ’ল বিষ্ণু।

প্রশ্ন ১১। ভক্তিৰ মূল কথা কি?

উত্তৰঃ ভক্তিৰ মূল কথা হ’ল আন্তৰিক শ্ৰদ্ধা আৰু দাস্য ভাবেৰে এজন ঈশ্বৰক উপাসনা কৰা।

প্রশ্ন ১২। উত্তৰ ভাৰতত ভক্তিবাদ কোনে বিয়পাইছিল? 

উত্তৰঃ উত্তৰ ভাৰতত ৰামানন্দই ভক্তিবাদ বিয়পাইছিল।

প্রশ্ন ১৩। ভক্তিবাদৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ ভক্তিবাদৰ মূল উদ্দেশ্য হল ভক্তি আৰু প্ৰেমৰ মাধ্যমেৰে ভগৱানক উপাসনা কৰা। সকলো ধর্মকে সমান মর্যাদা আৰু পুৰোহিতৰ আধিপত্য আৰু আড়ম্বৰপূৰ্ণ আচাৰ-অনুষ্ঠান বৰ্জন কৰা। ভক্তিবাদৰ মূল উদ্দেশ্য আছিল জন্মৰ অধিকাৰেৰে নহয় কৰ্মৰদ্বাৰাহে মানুহৰ জীৱন মহৎ হয়।

প্রশ্ন ১৪। ভক্তিবাদ কি?

উত্তৰঃ ভক্তি হ’ল এটা আন্তৰিক উপলব্ধি। ই অহংকাৰৰ সম্পূৰ্ণ বিপৰীত। পৰমাত্মাৰ প্ৰতি ঐকান্তিক প্ৰেম আৰু আন্তৰিকতাৰে ভক্তই প্ৰদৰ্শন কৰা শ্রদ্ধাক ভক্তিবাদ বোলা হয়। ভক্তিৰ যি চেতনা ভাৰতীয় সমাজত বিয়পি পৰিল তাক ভক্তিবাদ বুলি কোৱা হয়।

প্রশ্ন ১৫। দুজন চুফী সন্তৰ নাম লিখা ।

উত্তৰঃ ১। জালালুদ্দিন ৰুমী।

২। ইব্রাহিম।

প্রশ্ন ১৬। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত দুখন কিতাপৰ নাম লিখা? 

উত্তৰঃ কীৰ্তন, ভক্তি ৰত্নাকৰ।

প্রশ্ন ১৭। ভক্তিবাদ কিয় জনপ্রিয় হৈছিল লিখা? 

উত্তৰঃ উপনিষদৰ সময়ৰপৰা আৰণ্যকৰ ৰচকসকলে পশুবলি, যাগ যজ্ঞ ইত্যাদি তামসিক ধর্মীয় অৱস্থাৰ ওপৰত আস্থা হেৰুৱাই ছিল। মানুহে নিজৰ কৰ্মানুসাৰে ফল পায়। এই ভাৱধাৰাই গা-কৰি উঠিছিল।

বৈদিক হিন্দু ধৰ্মৰ ৰক্ষণশীলতা আৰু বাহ্যিক ব্যয়বাহুল্যতাই সৰ্বসাধাৰণ মানুহক জুৰুলা কৰিছিল। শ্ৰেণীবিভাগ আৰু সামাজিক ক্ষেত্ৰত মানুহবোৰক ভাগ ভাগ কৰি পেলাইছিল। এনে সামাজিক অৱস্থাৰপৰা পৰিত্ৰাণ বিচাৰি সাধাৰণ হিন্দু মানুহখিনিয়ে নতুন উত্থান হোৱা ইছলাম ধৰ্মৰ কাষ চাপিছিল।

ইয়াৰ ফলত হিন্দুধৰ্মত আত্মবিশ্লেষণ আৰম্ভ হ’ল। উদাৰপন্থী মনীষীসকলৰ নেতৃত্বত ভক্তিবাদে গা কৰি উঠিল। অন্তৰ শুদ্ধ আৰু মহৎ প্ৰেমেৰে পূৰ্ণ হ’লেই ভক্তিৰ সৃষ্টি হয় আৰু মানুহে নিজৰ ভিতৰত ভগৱানক পায়। সকলো জীৱৰ প্রতি দয়া আৰু প্ৰেমৰ কৰুণাৰ উপলব্ধিয়েই ভগৱানৰ প্ৰাপ্তি। হিন্দু ধৰ্মৰ অলাগতিয়াল ৰীতি-নীতিবোৰ আঁতৰাই হিন্দু ধৰ্মক ভক্তিবাদে পুনৰাই জনসাধাৰণৰ ওচৰলৈ লৈ গৈছিল।

ভক্তিবাদ সমগ্ৰ ভাৰততে প্ৰসাৰ লাভ কৰে। ভক্তি মতবাদ আঞ্চলিক ভাষাত প্ৰচাৰ কৰাৰ ফলত আঞ্চলিক ভাষাবোৰেও গী কৰি উঠিছিল। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ যোগেদি ভক্তিধৰ্ম প্ৰচাৰৰ কাম চলোৱা হৈছিল। কাৰ্যসূচীবোৰ স্থানীয় আৰু থলুৱা ৰূপত গঢ় দিয়া বাবে ৰাইজে অংশ গ্ৰহণ কৰাত সহজ হৈছিল। এইবোৰ কাৰণতে ভক্তিবাদে জনপ্রিয়তা লাভ কৰিছিল।

প্রশ্ন ১৮। ভক্তিবাদৰ মূল কথাবোৰ আলোচনা কৰা। 

উত্তৰঃ ভক্তিবাদৰ মূল কথা হ’ল ভক্তি আৰু প্ৰেম মাধ্যমেৰে ভগৱানক উপাসনা কৰা। সকলো ধর্মকে সমান মর্যাদা দিয়া। পুৰোহিতৰ আধিপত্য আৰু বৈদিক আড়ম্বৰপূর্ণ আচাৰ-অনুষ্ঠান আৰু ক্ৰিয়াকাণ্ডৰ বিৰোধিতা কৰা। ভক্তিধৰ্মৰ মূল আদর্শ আছিল মূর্তি পূজা আৰু জাতিভেদ প্ৰথাৰ অৱসান ঘটাই মানুহৰ স্থিতিক শ্ৰেষ্ঠত্বৰ আসন দিয়া। ভক্তিবাদৰ মূলমন্ত্ৰ হ’ল জন্মৰ অধিকাৰেৰে নহয়, নিজ কৰ্মৰদ্বাৰাহে মানুহৰ জীৱন মহৎ হয়। হিন্দু ধৰ্মৰ অলাগতিয়াল ৰীতি-নীতিবোৰ আঁতৰাই হিন্দু ধর্মক পুনৰাই জনসাধাৰণৰ ওচৰলৈ লৈ যোৱাটো ভক্তিবাদৰ আন এটা লক্ষ্য।

প্রশ্ন ১৯। অসমীয়া সমাজলৈ শংকৰদেৱৰ অৱদান আলোচনা কৰা। 

উত্তৰঃ ভাগৱত পুৰাণৰ মূল তত্ত্ব একেশ্বৰবাদ আৰু গীতাৰ মূল তত্ত্ব শৰণ এই দুই নীতিক আধাৰ হিচাপে লৈ শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ পাতনি মেলিছিল। শ্রীমন্ত শংকৰদেৱে প্ৰচাৰ কৰিছিল যে ভগৱান এজন আৰু তেওঁ নিৰাকাৰ। তেওঁ সকলো জীৱৰে আত্মা। ভগৱানক অকল ভক্তি প্ৰাৰ্থনাৰে সন্তুষ্ট কৰিব পাৰি।

শ্ৰীমন্ত শংকৰদেৱে সংস্কাৰৰ দুৱাৰ সকলোৰে বাবে খুলি দিলে।” অসমীয়া সমাজখনে ভেদা-ভেদ পাহৰি এখন নতুন সমাজৰ ফালে ধাৱমান হ’ল। সত্ৰ, নামঘৰ, দৌল, উৎসৱ আদিৰ মাধ্যমেৰে অসমক তেওঁ একেডাল ডোলেৰে মেৰিয়াই এখন বৃহৎ অসমীয়া সমাজ গঢ়াৰ ভেটি স্থাপন কৰিলে।

শ্ৰীমন্ত শংকৰদেৱে ভক্তিবাদ প্ৰচাৰৰ সুবিধা হোৱাকৈ কীৰ্তন, দশম, ভক্তি-ৰত্নাৱলী, গুণমালা ইত্যাদি পদ্য পুথি ৰচনা কৰিছিল। জনসাধাৰণে সহজে বুজি পোৱাকৈ অংকীয়া নাট ৰচনা কৰি ভাওনা অনুষ্ঠিত কৰিছিল। নামঘৰত নিতৌ নৃত্য-গীতৰ চৰ্চা কৰি তাৰ বাবে প্রয়োজনীয় গীত-পদ ৰচনা কৰি নামঘৰক অসমীয়া জনজীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে প্ৰতিষ্ঠা কৰি থৈ গ’ল।

প্রশ্ন ২০। শংকৰদেৱ কোন আছিল?

উত্তৰঃ শংকৰদেৱ একেধাৰে সমাজ সংস্কাৰক, সংগঠক আৰু সাহিত্য-সংস্কৃতিৰ গুৰি ধৰোঁতা। তেওঁ অসমত ভক্তিবাদৰ প্ৰচাৰ-প্ৰসাৰ কৰিছিল।

প্রশ্ন ২১। শংকৰদেৱৰ ৰচনাক কেইভাগত ভগাব পাৰি? 

উত্তৰঃ শংকৰদেৱৰ ৰচনাসমূহক ছয় ভাগত ভগাব পাৰি।

প্রশ্ন ২২। ভাগবোৰ কি কি?

উত্তৰঃ অনুবাদমূলক, কাব্য, অংকীয়া নাট, গীত, নাম-প্ৰসংগ আৰু ভক্তিতত্ত্ব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top