ASOS Class 12 Economics Chapter 37 নতুন বাণিজ্য নীতি আৰু ইয়াৰ আভাস

ASOS Class 12 Economics Chapter 37 নতুন বাণিজ্য নীতি আৰু ইয়াৰ আভাস, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 37 নতুন বাণিজ্য নীতি আৰু ইয়াৰ আভাস and select needs one.

ASOS Class 12 Economics Chapter 37 নতুন বাণিজ্য নীতি আৰু ইয়াৰ আভাস

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 37 নতুন বাণিজ্য নীতি আৰু ইয়াৰ আভাস Solutions for All Subject, You can practice these here.

নতুন বাণিজ্য নীতি আৰু ইয়াৰ আভাস

Chapter : 37

37.1পাঠ্য-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলৰ মন্তব্যবোৰ সঁচানে মিছা লিখা।

(i) এখন ক্রমোন্নতিশীল দেশে ইয়াৰ বৈদেশিক বাণিজ্য নিয়ন্ত্ৰণ কৰি থাকিবলগীয়া হয়।

উত্তৰঃ সঁচা।

(ii) স্বাধীনতাৰ পিছৰ পৰা দীর্ঘকালজুৰি ভাৰতে আমদানি নিয়ন্ত্ৰণৰ বাবে কোনো নীতি লোৱা নাছিল।

উত্তৰঃ মিছা।

(iii) আমদানি অনুজ্ঞাপত্ৰ আৰু শুল্ক গাঁথনিৰে ভাৰতত আমদানি নিয়ন্ত্ৰণৰ প্রভাৱশালী ব্যৱস্থা অনুশীলন কৰি থকা হৈছে।

উত্তৰঃ সঁচা।

(iv) প্রয়োজন নথকা সামগ্ৰীৰ আমদানি মুক্তভাৱে প্রবাহিত হ’বলৈ দিয়া হৈছিল আৰু বিকাশযুক্ত আমদানি নিয়ন্ত্ৰিত কৰা হৈছিল।

উত্তৰঃ মিছা।

(v) ভাৰতত আমদানিৰ ওপৰত থকা অত্যধিক বাধাই ঘৰুৱা উৎপাদকসকলক অনুচিত ৰক্ষণাবেক্ষণ দিছিল।

উত্তৰঃ সঁচা।

37.2 পাঠ-অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলৰ মন্তব্যবোৰ সঁচানে মিছা লিখা।

(i) 1991 চনত গ্ৰহণ কৰা নতুন বাণিজ্য নীতিয়ে বৈদেশিক বাণিজ্যৰ উদাৰীকৰণ কৰিব বিচাৰিছে।

উত্তৰঃ সঁচা।

(ii) নতুন বাণিজ্য নীতিৰ অধীনত সকলোবোৰ আমদানি সামগ্ৰীৰে শুল্কৰ হাৰ বৃদ্ধি কৰা হৈছে।

উত্তৰঃ মিছা।

(iii) বহুতো সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ নিয়ন্ত্ৰণ এতিয়া পৰিহাৰ কৰা হৈছে।

উত্তৰঃ সঁচা।

(iv) আমদানিৰ নঞর্থক তালিকাত থকা সামগ্ৰীবোৰৰ আমদানিৰ বাবে অনুজ্ঞাপত্ৰ এতিয়াও লাগে।

উত্তৰঃ সঁচা।

(v) চলিত হিচাপ আৰু মূলধনী হিচাপ উভয় ক্ষেত্ৰতে টকাক সম্পূৰ্ণৰূপে ৰূপান্তৰযোগ্য কৰা হৈছে।

উত্তৰঃ মিছা।

37.3 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলৰ মন্তব্যবোৰ সঁচানে মিছা লিখা।

(i) কিছু সময়ৰ বাবে, ভাৰতত বিনিয়োগৰ দুই প্ৰকাৰৰ হাৰ প্ৰচলিত আছিল, তাৰে এটা চৰকাৰী হাৰ আৰু আনটো ৰজাৰ নিৰ্ধাৰিত হাৰ।

উত্তৰঃ সঁচা।

(ii) বাণিজ্য নীতিৰ সংস্কাৰে ভাৰতৰ ৰপ্তানিৰ প্ৰতিযোগিতামূলক দক্ষতা বৃদ্ধিৰ লক্ষ্য হৈছে।

উত্তৰঃ সঁচা।

(iii) চলিত হিচাপত টকাৰ ৰূপান্তৰযোগ্যতাই ৰপ্তানিকাৰীসকলক উদগমি যোগাইছে।

উত্তৰঃ সঁচা।

(iv) নতুন বাণিজ্য নীতি বৈদেশিক লেনদেনৰ স্থিতি উন্নত কৰিছে আৰু বৈদেশিক মুদ্ৰাৰ ভঁৰাল চহকী কৰিছে।

উত্তৰঃ সঁচা।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. স্বাধীনতা লাভৰ সময়ৰ পৰা 1991 চনলৈ ভাৰতে অনুসৰণ কৰা বাণিজ্য নীতিৰ সংস্কাৰৰ প্ৰয়োজনীয়তা চমুকৈ বৰ্ণনা কৰা।

উত্তৰঃ আমদানি নিয়ন্ত্ৰণৰ নীতি অৱশ্যে দেশৰ বাবে অধিক সুফলদায়ক বুলি প্ৰমাণিত নহ’ল। বাস্তৱিকতে আমদানিজাত সামগ্ৰীৰ পৰা কোনো প্রতিযোগিতা নোহোৱাকৈ ভাৰতৰ উৎপাদনকর্তাই নিজৰ সামগ্ৰী বজাহত বিক্ৰী কৰিব পাৰিছিল আৰু মান উন্নতকৰণ বা উৎপাদন ব্যয় হ্ৰাস কৰাৰ বাবে ই কোনো উদগণি দিয়া নাছিল। ফলস্বৰূপে আমাৰ অধিক উৎপাদন ব্যয় আৰু নিম্ন মান সম্পন্ন সামগ্ৰী, যিবোৰ সুৰক্ষিত ভাৰতীয় বজাৰত বিক্ৰী কৰা হৈছিল, বিশ্ব বজাৰত কোনো বিক্রেতা পোৱা নাছিল। সেয়েহে, বিভিন্ন উদগণি তথা ৰেহাইমূলক ব্যৱস্থা থকা স্বত্ত্বেও আমাৰ ৰপ্তানি বৃদ্ধি হোৱাত বিফল হৈছিল। বৈদেশিক লোনদেনৰ ভাৰসমতাত অৰিতভাৱে ঘাটি দেখা গৈছিল আৰু আমাৰ বৈদেশিক মুদ্ৰা ৰাৰিহৰ স্থিতিও বিপদসংকুল হৈ পৰিছিল। পৰিস্থিতি অধিক শোচনীয় হৈছিল আৰু 1991 চনত আমাৰ বৈদেশিক মুদ্রা ভঁৰাল প্রায় $1 বিলিয়নতকৈ নিম্নগামী হৈছিল। এই সঞ্চয় কোনোমতেমাথোঁ প্রায় দুই সপ্তাহৰ আমদানিৰ প্ৰয়োজনীয় ধন পৰিশোধ কৰিব পৰা পৰিমাণৰ আছিল, অথচ, সাধাৰণতে দেশ এখনে কমেও তিনি মাহৰ আমদানিৰ ধন পৰিশোধ কৰিব পৰা অৱস্থাত থাকিব লাগে। ঋণ পৰিশোধ কৰিবৰ বাবে দেশৰ হাতত সম্পদ নাছিল আৰু দেশে বৈদেশিক ঋণ পৰিশোধত অসমৰ্থ হোৱাৰ বিপদ উপস্থিত হৈছিল। এএন এক অৱস্থাই আন্তঃৰাষ্ট্ৰীয় বিত্তীয় বজাৰত ভাৰতৰ ঋণ পোৱাৰ যোগ্যতা স্খলিত কৰি দেশৰ আৰ্থিক কাৰ্যসূচীৰ বাবে প্ৰয়োজনীয় বৈদেশিক ধনৰ প্ৰবাহ সংকুচিত কৰাৰ দুৰ্ভাবনাই দেখা দিছিল। এনে আর্থিক সংকটে ভাৰতত উদ্যোগ, বাণিজ্য,বৈদেশিক বিনিয়োগ নীতি, ৰাজকোষীয় নীতি আদিত সংস্কাৰৰ পথ মুকলি কৰিছিল।

2. 1991 চনত ভাৰত ঘোষণা কৰা বাণিজ্য নীতিৰ প্ৰধান বৈশিষ্ট্যবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ নতুন বাণিজ্য নীতিয়ে উল্লেখনীয় সংস্কাৰ আনিব বিচাৰিছিল। বাণিজ্য নীতিৰ সংস্কাৰে সামৰি লোৱা বিষয়বোৰ হৈছে—

(ক) শুল্ক হ্ৰাস কৰা আৰু শুল্ক গাঁথনি অধিক যুক্তিসিদ্ধ কৰা।

(খ) আমদানি অনুজ্ঞাপত্ৰ শিথিল কৰা আৰু কেবাটাও দ্ৰব্য সেৱাৰ বিষয়ত অনুজ্ঞাপত্ৰ আহৰণৰ নিয়ম সম্পূৰ্ণৰূপে ৰহিত কৰা।

(গ) বিনিময়ৰ হাৰৰ সংস্কাৰ সাধন কৰা আৰু টকাৰ ৰূপান্তৰকৰণলৈ গতি কৰা।

(ক) শুল্ক গাঁথনিত সংস্কাৰঃ ভাৰতত চৰকাৰী ৰাজহ অতিৰিক্তভাৱে আহৰণ কৰাৰ উদ্দেশ্যেৰে আমদানিজাত সামগ্ৰীৰ ওপৰত আমদানি শুল্ক বছৰি বছৰি বঢ়াই গৈ থকা থকা গৈছে। ফলস্বৰূপে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি আবকাৰী শুল্ক আৰোপিত দেশ হিচাপে পৰিগণিত হৈছে।

(খ) আমদানি অনুজ্ঞাপত্ৰ প্ৰদানত সংস্কাৰঃ 1991 চনত আৰম্ভ কৰা সংস্কাৰৰ নীতিয়ে বৈদেশিক বাণিজ্যৰ ওপৰত পূৰ্বতে আৰোপ কৰা অনুজ্ঞাপত্ৰ সম্পৰ্কীয় বাধাবোৰ দূৰ কৰিছিল। বেছিভাগ সামগ্ৰীৰ আমদানি অনুজ্ঞাপত্ৰ ব্যৱস্থাৰ পৰা উলিয়াই আনি মুক্ত কৰি দিয়া হৈছিল। অৱশ্যে, আমদানিৰ এখন নঞর্থক তালিকাও প্ৰস্তুত কৰা হৈছিল, য’ত যথেষ্ট কমসংখ্যক দ্রব্য অন্তর্ভুক্ত কৰা হৈছিল। নঞর্থক তালিকাত থকা দ্রব্যবোৰ আমদানি কৰিবলৈ এতিয়াও অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয়। যিবোৰ সামগ্ৰীৰ নাম মঞর্থক তালিকাত নাই, সেইবোৰ অনুজ্ঞাপত্ৰ অবিহনে আমদানি কৰিব পাৰি। নঞর্থক তালিকাত (অর্থাৎ, যিবোৰৰ আমদানিৰ বাবে অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয়) থকা সামগ্ৰীবোৰ হৈছে— যিকোনো উপভোক্তাই সামগ্ৰী, ঔষধ আৰু ফাৰ্মাচিউটিকেল্‌ছ, ৰাসায়নিক আৰু আনুষংগিক দ্ৰব্য আৰু ক্ষুদ্র উদ্যোগৰ সৈতে সম্পর্ক থকা দ্রব্য।

ৰপ্তানিৰ ক্ষেত্ৰত থকা নিয়ন্ত্রণো শিথিল কৰি দিয়া হৈছে। এতিয়া বাধাহনিভাবৱে যিকোনো সামগ্ৰী ৰপ্তানি কৰিব পৰা যায়। অৱশ্যে, ৰপ্তানিৰ ক্ষেত্ৰতো এখন নঞর্থক তালিকা প্রস্তুত কৰা হৈছে। ৰপ্তানি সামগ্ৰীৰ নঞর্থক তালিকাভুক্ত যিকোনো সামগ্ৰীয়েই চৰকাৰী নিয়ন্ত্ৰণৰ এলেকাধীন। নঞর্থক তালিকাত এনেবোৰ সামগ্ৰী অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰৰ ৰপ্তানি হয় কৌশলগত অথবা পৰিৱেশজনিত কাৰণত নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজচন আছে। যিবোৰ সামগ্ৰী ঘৰুৱা কামকাজত ব্যৱহাৰৰ বাবে প্ৰয়োজনীয়, তেনে সামগ্রীও নঞর্থক তালিকাত আছে। সাংস্কৃতিক ঐতিহ্যসম্বলিত সামগ্ৰীবোৰো এই তালিকাত আছে। ভাৰতে নিয়ন্ত্ৰণ নোহোৱাকৈ চৰাই, বনৰীয়া জন্তু আদিৰো ৰপ্তানিৰ অনুমতি নিদিয়ে।

(গ) ৰাজহুৱা খণ্ডৰ ব্যৱসায়িক সংস্থাসমূহৰ সংকুচিত ভূমিকাঃ 1991 চনৰ বাণিজ্য নীতিৰ অধীনত গ্ৰহণ কৰা নিয়ন্ত্ৰণহীনতাৰ অন্য এক পদক্ষেপ হৈছে ৰাজহুৱা বা চৰকাৰী খণ্ডৰ সংস্থাবোৰৰ দ্বাৰা ব্যৱসায় কৰা সামগ্ৰীৰ সংখ্যা তীব্রভাৱে হ্রাসকৰণ। পূৰ্বতে ৰাজ্যিক বাণিজ্য নিগম, খনি আৰু ধাতু ব্যৱসায়িক নিগম আদি ৰাজহুৱা খণ্ডৰ সংস্থাবোৰে কেতবোৰ বিশেষ বিশেষ সামগ্ৰীৰ ক্ষেত্ৰত স্পষ্টকৈ একচেটীয়া ব্যৱসায় কৰিছিল। এনে সংস্থাবোৰক একচেটীয়া ব্যৱসায় কৰিবলৈ দিয়াৰ মূল কাৰণ আছিল এয়ে যে আমদানি কৰা সামগ্ৰীৰ দৰ নিৰ্ধাৰণৰ সময়ত এই বৃহৎ আকাৰৰ ৰাজ্যিক সংস্থাবোৰে কিছু ৰেহাই অথবা অনুকূল দৰৰ বাবে দৰাদৰি কৰিব পাৰিব। কিন্তু, এইবোৰৰ একচেটিয়া ক্ষমতাই লোকচানৰহে সৃষ্টি কৰিছিল। গতিকে, আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত প্ৰতিযোগিতা আৰু স্বচ্ছতা সৃষ্টিৰ হকে নতুন বাণিজ্য নীতিয়ে ৰাজহুৱা খণ্ডৰ সংস্থাবোৰৰ ব্যৱসায়িক তালিকাত থকা সামগ্ৰীৰ সংখ্যা প্ৰগতিশীলভাৱে হ্ৰাস কৰিবলৈ বিচাৰিছে।

(ঘ) বিনিময়ৰ হাৰ পৰিচালনাত সংস্কাৰঃ মকুলি বজাৰত বৈদেশিক মুদ্ৰাৰ চাহিদা আৰু যোগানৰ দ্বাৰা বিনিময়ৰ হাৰ নিৰ্ধাৰিত হয়। এনে হাৰক বজাৰ নিৰ্ধাৰিত বিনিময়ৰ হাৰ বোলা হয়। যদিহে বিনিময়ৰ হাৰ মৌদ্রিক কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্ধাৰিত হয়, তেন্তে তাক চৰকাৰী বিনিময়ৰ হাৰ বুলি কোৱা হয়। এই হাৰ দুটা সাধাৰণতে ভিন্ন হয়। যদি বজাৰ নিৰ্ধাৰিত বিনিময়ৰ হাৰতকৈ চৰকাৰী বিনিময়ৰ হাৰ অধিক হয়, তেন্তে ঘৰুৱা মুদ্ৰাৰ অৱমূল্যায়ন হোৱা বুলি কোৱা হয়। যদি ই কম হয়, তেতিয়া ঘৰুৱা মুদ্ৰাৰ অতিমূল্যায়ন হোৱা বুলি কোৱা হয়।

ভাৰতত বজাৰ নিৰ্ধাৰিত হাৰতকৈ চৰকাৰী বিনিময়ৰ হাৰ সদায়কম হোৱা দেখা যায়। গতিকে, ভাৰতীয় টকাৰ সদায় অতিমূল্যায়ন হয়। আনহাতে, আমদানি নিয়ন্ত্ৰণ, ৰপ্তানি বৃদ্ধিৰ ব্যৱস্থা লোৱা স্বত্বেও ই আমাৰ ৰপ্তানি বৃদ্ধিৰ হাৰ লেহেমীয়া কৰে আৰু আমদানি বাঢ়ি গৈ থাকে। এই বিনিময়ৰ হাৰ সংস্কাৰৰ বাবে প্ৰথম খোজ দিয়া হৈছিল 1991 চনত। সেই বছৰত 1 জুলাই আৰু 3 জুলাই তাৰিখে ভাৰতীয় টকা দুটা কিস্তিৰ ভিত্তিত প্ৰায় 20 শতাংশতকৈ অৱমূল্যায়ন কৰা হৈছে। এই বিনিময়ৰ হাৰে ভাৰতৰ ৰপ্তানিৰ সম্ভাৱনা উজ্জ্বল কৰি বৈদেশিক মুদ্ৰাৰ উপাৰ্জন অধিক হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে।

3. উদাৰীকৰণ নীতিয়ে ভাৰতক লেনদেনৰ ভাৰসমতাত কম হেঁচাহস বৈদেশিক বাণিজ্য সম্প্ৰসাৰণ কৰাত সহায় কৰিছে।’— আলোচনা কৰা।

উত্তৰঃ নতুন বাণিজ্য নীতিয়ে উল্লেখনীয় সংস্কাৰ আনিব বিচাৰিছিল। বাণিজ্য নীতি সংস্কাৰে সামৰি লোৱা বিষয়বোৰ হৈছে—

(ক) শুল্ক হ্ৰাস কৰা আৰু শুল্ক গাঁথনি অধিক যুক্তিসিদ্ধ কৰা।

(খ) আমদানি অনুজ্ঞাপত্ৰ শিথিল কৰা আৰু কেবাটাও দ্ৰব্য সেৱাৰ বিষয়ত অনুজ্ঞাপত্ৰ আহৰণৰ নিয়ম সম্পূৰ্ণৰূপে ৰহিত কৰা।

(গ) বিনিময়ৰ হাৰৰ সংস্কাৰ সাধন কৰা আৰু টকাৰ ৰূপান্তৰকৰণলৈ গতি কৰা।

(ক) শুল্ক গাঁথনিত সংস্কাৰঃ ভাৰতত চৰকাৰী ৰাজহ অতিৰিক্তভাৱে আহৰণ কৰাৰ উদ্দেশ্যেৰে আমদানিজাত সামগ্ৰীৰ ওপৰত আমদানি শুল্ক বছৰি বছৰি বঢ়াই গৈ থকা থকা গৈছে। ফলস্বৰূপে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি আবকাৰী শুল্ক আৰোপিত দেশ হিচাপে পৰিগণিত হৈছে।

(খ) আমদানি অনুজ্ঞাপত্ৰ প্ৰদানত সংস্কাৰঃ 1991 চনত আৰম্ভ কৰা সংস্কাৰৰ নীতিয়ে বৈদেশিক বাণিজ্যৰ ওপৰত পূৰ্বতে আৰোপ কৰা অনুজ্ঞাপত্ৰ সম্পৰ্কীয় বাধাবোৰ দূৰ কৰিছিল। বেছিভাগ সামগ্ৰীৰ আমদানি অনুজ্ঞাপত্ৰ ব্যৱস্থাৰ পৰা উলিয়াই আনি মুক্ত কৰি দিয়া হৈছিল। অৱশ্যে, আমদানিৰ এখন নঞর্থক তালিকাও প্ৰস্তুত কৰা হৈছিল, য’ত যথেষ্ট কমসংখ্যক দ্রব্য অন্তর্ভুক্ত কৰা হৈছিল। নঞর্থক তালিকাত থকা দ্রব্যবোৰ আমদানি কৰিবলৈ এতিয়াও অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয়। যিবোৰ সামগ্ৰীৰ নাম মঞর্থক তালিকাত নাই, সেইবোৰ অনুজ্ঞাপত্ৰ অবিহনে আমদানি কৰিব পাৰি। নঞর্থক তালিকাত (অর্থাৎ, যিবোৰৰ আমদানিৰ বাবে অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয়) থকা সামগ্ৰীবোৰ হৈছে— যিকোনো উপভোক্তাই সামগ্ৰী, ঔষধ আৰু ফাৰ্মাচিউটিকেল্‌ছ, ৰাসায়নিক আৰু আনুষংগিক দ্ৰব্য আৰু ক্ষুদ্র উদ্যোগৰ সৈতে সম্পর্ক থকা দ্রব্য।

ৰপ্তানিৰ ক্ষেত্ৰত থকা নিয়ন্ত্রণো শিথিল কৰি দিয়া হৈছে। এতিয়া বাধাহনিভাৱে যিকোনো সামগ্ৰী ৰপ্তানি কৰিব পৰা যায়। অৱশ্যে, ৰপ্তানিৰ ক্ষেত্ৰতো এখন নঞর্থক তালিকা প্রস্তুত কৰা হৈছে। ৰপ্তানি সামগ্ৰীৰ নঞর্থক তালিকাভুক্ত যিকোনো সামগ্ৰীয়েই চৰকাৰী নিয়ন্ত্ৰণৰ এলেকাধীন। নঞর্থক তালিকাত এনেবোৰ সামগ্ৰী অন্তৰ্ভূক্ত কৰা হৈছে, যিবোৰৰ ৰপ্তানি হয় কৌশলগত অথবা পৰিৱেশজনিত কাৰণত নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজচন আছে। যিবোৰ সামগ্ৰী ঘৰুৱা কামকাজত ব্যৱহাৰৰ বাবে প্ৰয়োজনীয়, তেনে সামগ্রীও নঞর্থক তালিকাত আছে। সাংস্কৃতিক ঐতিহ্যসম্বলিত সামগ্ৰীবোৰো এই তালিকাত আছে। ভাৰতে নিয়ন্ত্ৰণ নোহোৱাকৈ চৰাই, বনৰীয়া জন্তু আদিৰো ৰপ্তানিৰ অনুমতি নিদিয়ে।

(গ) ৰাজহুৱা খণ্ডৰ ব্যৱসায়িক সংস্থাসমূহৰ সংকুচিত ভূমিকাঃ 1991 চনৰ বাণিজ্য নীতিৰ অধীনত গ্ৰহণ কৰা নিয়ন্ত্ৰণহীনতাৰ অন্য এক পদক্ষেপ হৈছে ৰাজহুৱা বা চৰকাৰী খণ্ডৰ সংস্থাবোৰৰ দ্বাৰা ব্যৱসায় কৰা সামগ্ৰীৰ সংখ্যা তীব্রভাৱে হ্রাসকৰণ। পূৰ্বতে ৰাজ্যিক বাণিজ্য নিগম, খনি আৰু ধাতু ব্যৱসায়িক নিগম আদি ৰাজহুৱা খণ্ডৰ সংস্থাবোৰে কেতবোৰ বিশেষ বিশেষ সামগ্ৰীৰ ক্ষেত্ৰত স্পষ্টকৈ একচেটীয়া ব্যৱসায় কৰিছিল। এনে সংস্থাবোৰক একচেটীয়া ব্যৱসায় কৰিবলৈ দিয়াৰ মূল কাৰণ আছিল এয়ে যে আমদানি কৰা সামগ্ৰীৰ দৰ নিৰ্ধাৰণৰ সময়ত এই বৃহৎ আকাৰৰ ৰাজ্যিক সংস্থাবোৰে কিছু ৰেহাই অথবা অনুকূল দৰৰ বাবে দৰাদৰি কৰিব পাৰিব। কিন্তু, এইবোৰৰ একচেটিয়া ক্ষমতাই লোকচানৰহে সৃষ্টি কৰিছিল। গতিকে, আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত প্ৰতিযোগিতা আৰু স্বচ্ছতা সৃষ্টিৰ হকে নতুন বাণিজ্য নীতিয়ে ৰাজহুৱা খণ্ডৰ সংস্থাবোৰৰ ব্যৱসায়িক তালিকাত থকা সামগ্ৰীৰ সংখ্যা প্ৰগতিশীলভাৱে হ্ৰাস কৰিবলৈ বিচাৰিছে।

(ঘ) বিনিময়ৰ হাৰ পৰিচালনাত সংস্কাৰঃ মকুলি বজাৰত বৈদেশিক মুদ্ৰাৰ চাহিদা আৰু যোগানৰ দ্বাৰা বিনিময়ৰ হাৰ নিৰ্ধাৰিত হয়। এনে হাৰক বজাৰ নিৰ্ধাৰিত বিনিময়ৰ হাৰ বোলা হয়। যদিহে বিনিময়ৰ হাৰ মৌদ্রিক কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্ধাৰিত হয়, তেন্তে তাক চৰকাৰী বিনিময়ৰ হাৰ বুলি কোৱা হয়। এই হাৰ দুটা সাধাৰণতে ভিন্ন হয়। যদি বজাৰ নিৰ্ধাৰিত বিনিময়ৰ হাৰতকৈ চৰকাৰী বিনিময়ৰ হাৰ অধিক হয়, তেন্তে ঘৰুৱা মুদ্ৰাৰ অৱমূল্যায়ন হোৱা বুলি কোৱা হয়। যদি ই কম হয়, তেতিয়া ঘৰুৱা মুদ্ৰাৰ অতিমূল্যায়ন হোৱা বুলি কোৱা হয়।

ভাৰতত বজাৰ নিৰ্ধাৰিত হাৰতকৈ চৰকাৰী বিনিময়ৰ হাৰ সদায়কম হোৱা দেখা যায়। গতিকে, ভাৰতীয় টকাৰ সদায় অতিমূল্যায়ন হয়। আনহাতে, আমদানি নিয়ন্ত্ৰণ, ৰপ্তানি বৃদ্ধিৰ ব্যৱস্থা লোৱা স্বত্বেও ই আমাৰ ৰপ্তানি বৃদ্ধিৰ হাৰ লেহেমীয়া কৰে আৰু আমদানি বাঢ়ি গৈ থাকে। এই বিনিময়ৰ হাৰ সংস্কাৰৰ বাবে প্রথম খোজ দিয়া হৈছিল 1991 চনত। সেই বছৰত 1 জুলাই আৰু 3 জুলাই তাৰিখে ভাৰতীয় টকা দুটা কিস্তিৰ ভিত্তিত প্ৰায় 20 শতাংশতকৈ অৱমূল্যায়ন কৰা হৈছে। এই বিনিময়ৰ হাৰে ভাৰতৰ ৰপ্তানিৰ সম্ভাৱনা উজ্জ্বল কৰি বৈদেশিক মুদ্ৰাৰ উপাৰ্জন অধিক হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে।

4. ভাৰতৰ ৰপ্তানি আৰু বৈদেশিক লেনদেনৰ ভাৰসমতাত বাণিজ্য নীতিৰ সংস্কাৰৰ প্রভাৱ কি কি?

উত্তৰঃ বাণিজ্য নীতিত সংস্কাৰৰ অনুপ্ৰেৰণাদায়ক ফল দিছে। বৈদেশিক বাণিজ্যৰ উদাৰীকৰণ, ব্যাপকসংখ্যক আমদানি সামগ্ৰীৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ পৰিহাৰৰ ব্যৱস্থা, চলিত হিচাপত টকাৰ ৰূপান্তৰকৰণ— এই আটাইবোৰ ব্যৱসায়ীসকলৰ মাজত এক নতুন আত্মবিশ্বাসৰ সূচনা কৰিছে আৰু ইয়ে বৈদেশিক বাণিজ্যৰ বৃদ্ধিত অৰিহণা যোগাইছে।

(ক) সামগ্ৰীৰ ৰপ্তানি-আমদানিত প্ৰভাৱঃ ৰপ্তানিৰ ক্ষেত্ৰত বুজনসংখ্যক বৃদ্ধি পৰিলক্ষিত হৈছে। 1992-93 চনত ৰপ্তানি বৃদ্ধিৰ হাৰ নঞর্থক, অর্থাৎ 1.5 শতাংশ আছিল, যিটো 1992-93 চনত সামান্য বাঢ়ি 3.8 শতাংশ হৈছে। কিন্তু তাৰ পিছতে 1993-94 চনত উল্লেখনীয়ভাৱে 20 শতাংশ বৃদ্ধি পাইছে, 1994-95 চনত 18.4 শতাংশ আৰু 1995-96 বৰ্ষৰ প্ৰথম ভাগত 24.2 শতাংশ বৃদ্ধি পাইছে।

(খ) অদৃশ্যমানৰ ওপৰত প্ৰভাৱঃ অদৃশ্যমান পাওনা, বিশেষকৈ, বজাৰ নিৰ্ধাৰিত বিনিময়ৰ হাৰৰ উদগণিৰ বিদেশৰ পৰা প্ৰেৰিত ধনৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ বৃদ্ধি পৰিলক্ষিত হৈছিল। বিদেশৰ পৰা প্ৰেৰিত ধন অন্তৰ্ভুক্ত কৰা ব্যক্তিগত হস্তান্তৰ পাওনাৰ পৰিমাণ 1990-91 চনৰ $207 কোটিৰ পৰা 1994-95 চনত $620 কোটি হয়গৈ।

(গ) চলিত হিচাপৰ ভাৰসমতাত প্ৰভাৱঃ দ্ৰব্য আৰু সেৱাৰ ৰপ্তানিৰ পাওনাৰ সাংঘাদিক বর্ধিত প্ৰবাহৰ ফলত চলিত হিচাপৰ লেনদেনৰ ভাৰসমতাত তাৎপর্যপূর্ণ উন্নতি হৈছিল। চলিত হিচাপৰ ঘাটি 1990-91 চনৰ $968 কোটিৰ পৰা 1994-95 চনত প্ৰায় $232 কোটিলৈ কমি যায়।

(ঘ) মূলধনী হিচাপত প্ৰভাৱঃ মূলধনী হিচাপৰ পৰা লেনদেনৰ ভাৰসমতাত, বৈদেশিক প্রত্যক্ষ বিনিময়ৰ প্ৰভাৱত বুজন পৰিমাণৰ উন্নতি হোৱা দেখা গৈছিল। বৈদেশিক প্রত্যক্ষ বিনিময়ৰ প্ৰবাহ 1991-92 চনত প্ৰায় $16 কোটিৰ পৰা 1994-95 বৰ্ষত $480 কোটিলৈ বৃদ্ধি পায়।

(ঙ) বৈদেশিক মুদ্ৰাৰ সঞ্চয়ত প্ৰভাৱঃ চলিত আৰু মূলধনী হিচাপৰ লেনদেনৰ ভাৰসমতাত দেখা দিয়া উন্নতিয়ে বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ সঞ্চয় দেখা গৈছিল। ভাৰতৰ মুঠ বৈদেশিক মুদ্ৰাৰ সঞ্চয়ৰ পৰিমাণ 1991 চনৰ জুলাই মাহত ভয়ংকৰভাৱে $100 কোটিৰবলৈ হ্ৰাস পাইছিল আৰু পিছত অবিৰতভাৱে বৃদ্ধি পাই 1997 চনৰ জুলাই মাহত $2900 কোটি হয়গৈ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top