ASOS Class 12 Economics Chapter 36 মূলধনৰ অন্তঃপ্রবাহঃ বৈদেশিক মূলধন আৰু বৈদেশিক সাহার্য

ASOS Class 12 Economics Chapter 36 মূলধনৰ অন্তঃপ্রবাহঃ বৈদেশিক মূলধন আৰু বৈদেশিক সাহার্য, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 36 মূলধনৰ অন্তঃপ্রবাহঃ বৈদেশিক মূলধন আৰু বৈদেশিক সাহার্য and select needs one.

ASOS Class 12 Economics Chapter 36 মূলধনৰ অন্তঃপ্রবাহঃ বৈদেশিক মূলধন আৰু বৈদেশিক সাহার্য

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 36 মূলধনৰ অন্তঃপ্রবাহঃ বৈদেশিক মূলধন আৰু বৈদেশিক সাহার্য Solutions for All Subject, You can practice these here.

মূলধনৰ অন্তঃপ্রবাহঃ বৈদেশিক মূলধন আৰু বৈদেশিক সাহার্য

Chapter : 36

36.1পাঠ্য-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলৰ মন্তব্যবোৰ সঁচানে মিছা লিখা।

(i) ক্রমোন্নতিশীল দেশবোৰে নিজৰ অৰ্থনৈতিক উন্নয়নৰ বাবে বিনিয়োগৰ হাৰ বৃদ্ধি কৰিব লাগিব।

উত্তৰঃ সঁচা।

(ii) ক্রমোন্নতিশীল দেশবোৰে বৈদেশিক মূলধনৰ প্ৰবাহ ঘৰুৱা সঞ্চয়ৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰিব পাৰে।

উত্তৰঃ সঁচা।

(iii) বৈদেশিক মূলধনে বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ব্যৱধান দূৰ কৰিব পাৰে।

উত্তৰঃ সঁচা।

(iv) এতিয়ালৈ কোনো দেশে উন্নয়নৰ বাবে বৈদেশিক মূলধন ব্যৱহাৰ কৰা নাই।

উত্তৰঃ মিছা।

(v) বৈদেশিক মূলধনে এখন দেশৰ প্ৰবাসীসকলৰ সঞ্চয় ব্যৱহাৰ কৰাটোকে প্রতিনিধিত্ব কৰে।

উত্তৰঃ সঁচা।

36.2 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলৰ মন্তব্যবোৰ সঁচানে মিছা লিখা।

(i) বৈদেশিক প্রত্যক্ষ বিনিয়োগ আৰু আন্তঃৰাষ্ট্ৰীয় ঋণ আৰু অনুদানৰ ৰূপত বৈদেশিক মূলধন প্রবাহিত হয়।

উত্তৰঃ সঁচা।

(ii) বৈদেশিক প্রত্যক্ষ বিনিয়োগৰ অৰ্থ হৈছে— বিদেশী বিত্তীয় অনুষ্ঠানৰ দ্বাৰা ভাৰতীয় কোম্পানীৰ অংশপত্ৰ ক্ৰয় কৰা।

উত্তৰঃ মিছা।

(iii) বৈদেশিক মূলধন আৰু বৈদেশিক সাহায্য উভয়কে উন্নয়ন প্রক্রিয়াত ব্যৱহাৰ কৰিব পাৰি।

উত্তৰঃ সঁচা। 

(iv) বহুজাতিক নিগমবোৰ হৈছে সৰু কোম্পানী, যিবোৰ অৰ্থনীতিত কোনো প্রভাৱ পেলাব নোৱাৰে।

উত্তৰঃ মিছা।

36.3 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলৰ মন্তব্যবোৰ সঁচানে মিছা লিখা।

(i) এখন দেশলৈ ৰেহাইমূলক চৰ্তত অহা আন্তঃৰাষ্ট্ৰীয় ঋণক বৈদেশিক সাহায্য বোলে।

উত্তৰঃ সঁচা।

(ii) প্রত্যক্ষ বৈদেদিশক বিনিয়োগতকৈ এখন দেশে ঋণ ব্যৱহাৰত অধিক স্বাধীনতা পায়।

উত্তৰঃ সঁচা।

(iii) এখন দেশে সীমাহীনভাৱে বৈদেশিক ঋণ ল’ব পাৰে, যিহেতু ই পৰিশোধৰ ক্ষেত্ৰত কোনো সমস্যাৰ সৃষ্টি নকৰে।

উত্তৰঃ মিছা।

(iv) ক্রমোন্নতিশীল দেশৰ বিকাশৰ বাবে বান্দোনহীন সাহায্যতকৈ বান্ধোনযুক্ত সাহায্য অধিক পছন্দ কৰা হয়।

উত্তৰঃ মিছা।

(v) অতীতত লোৱা ঋণ পৰিশোধৰ বাবে দেশ এখনে নতুন ঋণ ল’বলগা হোৱা পৰিস্থিতিকে ঋণ ফাণ্ডত পতিত হোৱা বুলি কোৱা হয়।

উত্তৰঃ সঁচা।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. বাহ্যিক মূলধনৰ অন্তর্প্রবাহৰ প্ৰয়োজনীয় চমুকৈ বৰ্ণনা কৰা। মূলধন আগমনৰ প্ৰধান বাহ্যিক উৎসবোৰ কি কি?

উত্তৰঃ যেতিয়া দেশ এখনৰ চলিত আয় কেৱল ভোগৰ ক্ষেত্ৰতেই ব্যয় কৰা নহয়, এটা অংশ সঞ্চয় কৰি ৰাখি অধিক উৎপাদনৰ বাবে বিনিয়োগত ব্যৱহাৰ কৰে, তেতিয়াহে আভ্যন্তৰীণ মূলধন গঠন সম্ভৱ হয়। সঞ্চয় আৰু বিনিয়োগৰ যুগ্ম কার্যকেই মূলধন পুঞ্জীভূতকৰণ বা মূলধন গঠন বুলি কোৱা হয়।

দেশখনৰ বিভিন্ন অর্থনৈতিক গোটে কৰা সঞ্চয়ৰ যোগফলকেই দেশখনৰ সঞ্চয় বুলি কোৱা হয়। ভাৰতত এই অর্থনৈতিক গোটসমূহক 

(ক) ঘৰৱা খণ্ড, য’ত ব্যক্তিগতভাৱে যিকোনো লোক আৰু অলাভজনক অনুষ্ঠান যেনে— স্কুল, চিকিৎসালয় ইত্যাদি থাকে।

(খ) ব্যক্তিগত কৰ্পৰোট খণ্ড, য’ত বৃহৎ উদ্যোগ গোট কোম্পানী হিচাপে থাকে।

(গ) চৰকাৰী খণ্ড, য’ত চৰকাৰী বিভাগ আৰু চৰকাৰী প্রতিষ্ঠানবোৰ থাকে।

ভাৰতৰ বেছিভাগ সঞ্চয় (প্রায় ৮০ শতাংশ) ঘৰুৱা খণ্ডৰ পৰা আহে। ব্যক্তিগত কৰ্প’ৰেট খণ্ডৰ অৰিহণা প্ৰায় ১৫ শতাংশ, আনহাতে ৰাজহুৱা বা চৰকাৰী খণ্ডৰ অহিৰণা নগণ্য, আনকি কেতিয়াবা ঋণাত্মকো হোৱা দেখা যায়।

2. বৈদেশিক প্রত্যক্ষ বিনিয়োগৰ অৰ্থ ব্যাখ্যা কৰা। এখন ক্রমোন্নতিশীল দেশত এনে বিনিয়োগৰ লাভালাভ কি কি?

উত্তৰঃ বিদেশী কোম্পানী, প্রতিষ্ঠান আৰু ব্যক্তিৰ দ্বাৰা অৰ্থনীতিৰ বিভিন্ন খণ্ডত হোৱা সকলোবোৰ বিনিয়োগকে প্রত্যক্ষ বৈদেশিক বিনিয়োগ বা ব্যক্তিগত বৈদেশিক মূলধন বোলে। এনে বিনিয়োগৰ প্ৰাথমিক উদ্দেশ্য হৈছে— লাভ আহৰণ কৰা, গতিকে, অধিক লাভৰ সুবিধা আগবঢ়োৱা কার্যব দিশেহে ই প্রবাহিত হয়। বৃহৎ বৃহৎ বিদেশী কোম্পানীবোৰে ক্ৰমোন্নতিশীল দেশত তেওঁলোকৰ শাখা বা কার্যালয় স্তাপন কৰি এনে বিনিয়োগ কৰে। এই বৃহৎ বিদেশী কোম্পানীবোৰ, যিবোৰৰ বিনিয়োগৰ বিশাল শাখা-প্রশাখা বিভিন্ন দেশত আছে, সেইবোৰকেই বহুজাতিক নিগম বোলা হয়।

প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ লাভালাভঃ প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ কেতবোৰ সা-সুবিধা হৈছে—

(ক) ইঘৰুৱা বিনিয়োগৰ পৰিপূৰকঃ ঘৰুৱা বিনিয়োগৰ পৰিমাণৰ সৈতে লগ হৈ বৈদেশিক প্ৰত্যক্ষ বিনিয়োগে দেশৰ মুঠ বিনিয়োগৰ পৰিমাণ বঢ়াই তোলে। অধিক বিনিয়োগৰ ফল হিচাপে দেশখনে দ্রুতহাৰত আর্থিক উন্নয়ন হ্ৰাস কৰে।

(খ) বৈদেশিক লেনদেনৰ ভাৰসমতাত সমস্যাৰ সৃষ্টি নকৰেঃ বিদেশী বিনিয়োগকাৰীসকলে নিজা যন্ত্রপাতি আৰু সা-সৰঞ্জাম লৈ আহে। গতিকে, আমদানিৰ বাবদ দেনা বৃদ্ধিনহয় আৰু বৈদেশিক লেনদেনৰ ভাৰসমতাত কোনো হেঁচা নপৰে।

(গ) আন্তঃৰাষ্ট্ৰীয় ঋণ পৰিশোধত সমস্যাৰ সৃষ্টি নকৰেঃ যিহেতু প্রত্যক্ষ বৈদেশিক বিনিয়োগ স্বেচ্ছাই আৰু প্ৰত্যক্ষভাৱে বিদেশীয়ে কৰে, ইয়াৰ বাবদ কোনো সমস্যা যে নাই, মূলধনৰ পৰিশোধ বা বিদেশী ঋণৰ বাবদ সুদ আদি দিয়াৰ সমস্যাৰ সৃষ্টি নহয়। গতিকে, প্রত্যক্ষ বৈদেশিক বিনিয়োগ বৈদেশিক বিনিময় সংক্ৰান্তীয় কোনো সমস্যাৰ উদ্ৰেক নকৰে। একমাত্র পৰিশোধ কৰিবলগীয়া ধন হৈছে বিদেশলৈ লাভৰ ধন পঠিওৱা। কিন্তু, এহাতে প্রত্যক্ষ বৈদিশেক বিনিয়োগে দেশৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধিত সহায় কৰি বৈদেশিক মুদ্রা আনি দিয়ে, যাৰ দ্বাৰা উক্ত লাভ দেশলৈকেই ঘূৰি অহাৰ দৰেই হয়।

(ঘ) আধুনিক প্রযুক্তি আৰু দক্ষতাপূর্ণ পৰিচালনা কৌশল আহৰণত সহায় কৰেঃ বিদেশী বিনিয়োগকাৰীসকলে কেৱল নতুন ঔদ্যোগিক গোট স্থাপনেই নকৰ, লগতে অভিযন্তা, কলা-কুশলী, পৰিচালক আদিকো লৈ আহে। তেওঁলোকৰ লগত কাম কৰা থলুৱা লোকসকলেও নতুন জ্ঞান আহৰণ কৰিব পাৰে অথবা তেওঁলোকৰ ওচৰত প্ৰশিক্ষণ ল’ব পাৰে আৰু আয়ত্ত কৰা জ্ঞান আৰু প্ৰযুক্তি কৌশল বিভিন্ন প্ৰকাৰৰ কামত খটুৱাব পাৰে।

3. কম উন্নত দেশবোৰত বৈদেশিক প্ৰত্যক্ষ বিনিয়োগৰ কুফলবোৰ ব্যাখ্যা কৰা।

উত্তৰঃ যদিও ক্রমোন্নতিশীল দেশবোৰৰ আৰ্থিক বিকাশত বৈদেশিক প্রত্যক্ষ বিনিয়োগ ধনাত্মক ভূমিকা লয় বুলি বিশ্বাস কৰা হয়, তথাপি স্বাধীনতা লাভৰ পূৰ্বে ভাৰতৰ প্ৰকৃত অভিজ্ঞতাৰ পৰা দেখা গৈছে যে ই প্ৰগতিৰ পথত অন্তৰায়হে সৃষ্টি কৰে। প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ কেতবোৰ অসুবিধা বা আঁসোৱাহ হৈছে—

(ক) প্রত্যক্ষ বৈদেশিক বিনিয়োগে ঘৰুৱা মূলধনৰ পৰিপূৰক হিচাপে কাম কৰাতকৈ ঘৰুৱা উদ্যোগ প্রতিষ্ঠানসমূহ ধ্বংস কৰি বিকাশ প্রতিহত কৰে।

(খ) বৈদেশিক প্রত্যক্ষ বিনিয়োগে প্রযুক্তি আধুনিকীকৰণত সহায় কৰাৰ যুক্তি সত্য নহয়।

(গ) বৈদেশিক প্রত্যক্ষ বিনিয়োগে বৈদেশিক লেনদেনৰ ভাৰসমতাত সসম্যা সৃষ্টি নকৰা কথাটো সত্য নহয়।

(ঘ) দেশৰ অগ্ৰাধিকাৰ খণ্ডত নথকা উদ্যোগতো অধিক লাভ হোৱাৰ আশাত বৈদেশিক প্রত্যক্ষ্য বিনিয়োগ প্রবাহিত হয়।

4. বৈদেশিক সাহায্য কি? এই সাহায্যৰ প্ৰয়োজনীয় বৈশিষ্ট্যবোৰ কি কি?

উত্তৰঃ মূলধন প্ৰবাহৰ আন এক প্ৰকাৰ হৈছে বৈদেশিক সাহায্য। আন্তঃৰাষ্ট্ৰীয় ঋণ আৰু অনুদানৰ ৰূপত দেশলৈ অহা বিদেশী ধনেই হৈছে সাহায্য।

যেতিয়া সাহায্য মুক্ত বা বান্ধোনযুক্ত হয়, তেতিয়া সাহায্যপ্রাপ্ত দেশখনৰ সুবিধা হয়। তেনে বৈদেশিক সাহায্য দেশখনে অগ্ৰাধিকাৰ ভিত্তিত প্রকল্প আৰু কাৰ্যসূচীত ব্যয় কৰিব পাৰে।

অৱশ্যে আজিকালি বেছিভাগ সাহায্যই প্রয়োজনীয় কাৰ্যত ব্যৱহাৰ কৰিব পৰাকৈ বান্ধোনযুক্ত সাহায্য নহয়। সম্প্রতি বৈদেশিক সাহায্য নির্দিষ্ট প্ৰকল্পৰ বাবে নিৰ্ধাৰিত আৰু সাহায্য প্রদান কৰা দেশৰ বজাৰৰ সৈতে সংযুক্ত। বান্ধোনযুক্ত সাহায্যই ব্যৱহাৰৰ স্বাধীনতা নিয়ন্ত্ৰিত কৰে, অর্থাৎ সাহায্যপ্রাপ্ত দেশখনে নিজৰ অগ্ৰাধিকাৰ ভিত্তিত সাহায্যৰ ধন ব্যৱহাৰ কৰিব নোৱাৰে, কাৰণ বিশেষভাৱে নির্দিষ্টকৈ দিয়া প্রকল্পতহে সেই ধন ব্যৱহাৰ কৰিব পাৰে। আৰু যেতিয়া সাহায্য প্ৰদান কৰা দেশখনৰ সৈতে সাহায্য সংযুক্ত কৰি দিয়া হয়, তেতিয়া প্ৰয়োজনীয় সামগ্ৰী আৰু সা-সৰঞ্জাম সকলোবোৰ সেইখন দেশৰ পৰাই ক্ৰয় কৰিব লাগে।

বান্ধোনযুক্ত সাহায্যত সমস্যা থকাৰ উপৰি বৈদেশিক সাহায্যৰ এটা আঁসোৱাহ হৈছে এয়ে যে ঋণ পৰিশোধৰ সময়ত সাহায্যপ্রাপ্ত দেশখনৰ ওপৰত এক বোজা আৰোপিত হয়। ঋণ পৰিশোধৰ ক্ষেত্ৰত কিস্তি অনুসৰি মূল ঋণৰ পৰিমাণৰ লগত ঋণৰ ওপৰত হোৱা সুদো দিবলগীয়া হয়। সময়ৰ লগে লগে ঋণৰ পৰিশোধ কৰিবলগীয়া পৰিমাণ বাঢ়ি গৈ থাকে আৰু ই দেশখনৰ বৈদেশিক বিনিময়ৰ মুদ্ৰাৰ ভালেখিনি আদায় কৰি লৈ যায়।

একেৰাহে ঋণ লৈ থাকিলে দেশ এখনৰ আন্তঃৰাষ্ট্ৰীয় ঋণৰ পৰিমাণ বৃদ্ধি পায়। এনে সময়ো আহি পৰে যে প্ৰত্যেকবাৰেই পূৰ্বৰ ঋণ সুদেৰে সৈতে পৰিশোধ কৰিবলৈ একোটা নতুন ঋণ ল’বলগীয়া হয়। যি স্থিতিত এখন দেশে পূৰ্বৰ ঋণ পৰিশোধ কৰিবৰ বাবে নতুন ঋণ লয়, তাকে ঋণ ফাণ্ড বুলি কোৱা হয়। এইটো এটা উদ্বেগজনক স্থিতি, য’ত দেশখনে ঋণ পোৱাৰ যোগ্যতা হেৰুৱাব পাৰে আৰু ফলস্বৰূপে, বৈদেশিক মূলধনৰ প্ৰবাহ বেয়াকৈ প্ৰভাৱিত হ’ব পাৰে।

5. এখন দেশৰ উন্নয়নৰ প্ৰক্ৰিয়াত বৈদেশিক প্রত্যক্ষ বিনিয়োগতকৈ বৈদেশিক সাহায্য কিদৰে বেছি উপযোগী।

উত্তৰঃ মূলধন প্ৰবাহৰ আন এক প্ৰকাৰ হৈছে বৈদেশিক সাহায্য। আন্তঃৰাষ্ট্ৰীয় ঋণ আৰু অনুদানৰ ৰূপত দেশলৈ অহা বিদেশী ধনেই হৈছে সাহায্য।

যেতিয়া সাহায্য মুক্ত বা বান্ধোনযুক্ত হয়, তেতিয়া সাহায্যপ্রাপ্ত দেশখনৰ সুবিধা হয়। তেনে বৈদেশিক সাহায্য দেশখনে অগ্ৰাধিকাৰ ভিত্তিত প্ৰকল্প আৰু কাৰ্যসূচীত ব্যয় কৰিব পাৰে।

অৱশ্যে আজিকালি বেছিভাগ সাহায্যই প্রয়োজনীয় কাৰ্যত ব্যৱহাৰ কৰিব পৰাকৈ বান্ধোনযুক্ত সাহায্য নহয়। সম্প্রতি বৈদেশিক সাহায্য নির্দিষ্ট প্ৰকল্পৰ বাবে নিৰ্ধাৰিত আৰু সাহায্য প্ৰদান কৰা দেশৰ বজাৰৰ সৈতে সংযুক্ত। বান্ধোনযুক্ত সাহায্যই ব্যৱহাৰৰ স্বাধীনতা নিয়ন্ত্রিত কৰে, অৰ্থাৎ সাহায্যপ্রাপ্ত দেশখনে নিজৰ অগ্ৰাধিকাৰ ভিত্তিত সাহায্যৰ ধন ব্যৱহাৰ কৰিব নোৱাৰে, কাৰণ বিশেষভাৱে নির্দিষ্টকৈ দিয়া প্ৰকল্পতহে সেই ধন ব্যৱহাৰ কৰিব পাৰে। আৰু যেতিয়া সাহায্য প্ৰদান কৰা দেশখনৰ সৈতে সাহায্য সংযুক্ত কৰি দিয়া হয়, তেতিয়া প্রয়োজনীয় সামগ্ৰী আৰু সা-সৰঞ্জাম সকলোবোৰ সেইখন দেশৰ পৰাই ক্ৰয় কৰিব লাগে।

বান্ধোনযুক্ত সাহায্যত সমস্যা থকাৰ উপৰি বৈদেশিক সাহায্যৰ এটা আঁসোৱাহ হৈছে এয়ে যে ঋণ পৰিশোধৰ সময়ত সাহায্যপ্রাপ্ত দেশখনৰ ওপৰত এক বোজা আৰোপিত হয়। ঋণ পৰিশোধৰ ক্ষেত্ৰত কিস্তি অনুসৰি মূল ঋণৰ পৰিমাণৰ লগত ঋণৰ ওপৰত হোৱা সুদো দিবলগীয়া হয়। সময়ৰ লগে লগে ঋণৰ পৰিশোধ কৰিবলগীয়া পৰিমাণ বাঢ়ি গৈ থাকে আৰু ই দেশখনৰ বৈদেশিক বিনিময়ৰ মুদ্ৰাৰ ভালেখিনি আদায় কৰি লৈ যায়।

একেৰাহে ঋণ লৈ থাকিলে দেশ এখনৰ আন্তঃৰাষ্ট্ৰীয় ঋণৰ পৰিমাণ বৃদ্ধি পায়। এনে সময়ো আহি পৰে যে প্ৰত্যেকবাৰেই পূৰ্বৰ ঋণ সুদেৰে সৈতে পৰিশোধ কৰিবলৈ একোটা নতুন ঋণ ল’বলগীয়া হয়। যি স্থিতিত এখন দেশে পূৰ্বৰ ঋণ পৰিশোধ কৰিবৰ বাবে নতুন ঋণ লয়, তাকে ঋণ ফাণ্ড বুলি কোৱা হয়। এইটো এটা উদ্বেগজনক স্থিতি, য’ত দেশখনে ঋণ পোৱাৰ যোগ্যতা হেৰুৱাব পাৰে আৰু ফলস্বৰূপে, বৈদেশিক মূলধনৰ প্ৰবাহ বেয়াকৈ প্ৰভাৱিত হ’ব পাৰে।

6. উদাহৰণৰ সৈতে দ্বিপাক্ষিক সাহায্য আৰু বহুপক্ষীয় সাহায্যৰ পাৰ্থক্য দিয়া।

উত্তৰঃ দ্বিপাক্ষিক সাহায্যই এখন দেশে আনখন দেশক দিয়া সাহায্যক বুজায়। অর্থাৎ, ইয়াত দুখন দেশ— সাহায্য দিওঁতা আৰু সাহায্য লওঁতাক বুজায়। আমেৰিকাই ভাৰতক দিয়া সাহায্য হৈছে দ্বিপাক্ষিক সাহায্যৰ উদাহৰণ।

বহুপাক্ষিক সাহায্য হৈছে বহুকেইখন দেশ একলগ হৈ ধন একগোট কৰি এখন দেশলৈ আগবঢ়োৱা সাহায্য। ভাৰ সাহায্য সংস্থা বা এইড ইণ্ডিয়া কনছ ‘বৰৰটিয়াম, যিটোক এতিয়া ভাৰত বিকাশ মঞ্চ বুলি কোৱা হয়, যিটো হৈছে ভাৰতলৈ সাহায্য আগবঢ়োৱা দেশকেইখনমানৰ সংস্থা। এই সংস্থাই ভাৰতলৈ আগবঢ়োৱা বৈদেশিক সাহায্য হৈছে বহুপাক্ষিক সাহায্যৰ উদাহৰণ।

7. বান্ধোনযুক্ত সাহায্য কি? দেশ এখনে বান্ধোনযুক্ত সাহায্যক গ্রহণ কৰিলে কি কি সমস্যাৰ মুখামুখি হ’ব লাগে?

উত্তৰঃ সাহায্যপ্রাপ্ত দেশখনে নিজৰ ইচ্ছানুসৰি প্ৰয়োজনীয় কার্যত যি সাহায্য ব্যৱহাৰ কৰাৰ স্বাধীনতা পায়, তেনে সাহায্যক বান্ধোনহীন বা মুক্ত সাহায্য বোলে। প্রাপ্ত সাহায্যৰ ধনেৰে দেশখনে প্রয়োজনীয় প্ৰকল্পৰ বাবে যন্ত্রপাতি বা সামগ্রী ক্ৰয়ৰ স্বাধীনতাও পায়।

আনহাতে, সাহায্য প্রদান কৰা দেশে যেতিয়া সাহায্যৰ ধন নির্দিষ্ট কোনো প্ৰকল্পৰ বাবেহে দিয়ে, আন কাৰণত নিদিয়ে, তাকে বান্ধোনযুক্ত সাহায্য বোলে। এইক্ষেত্ৰত কোনো প্ৰকল্পৰ ব্যয়ৰ বাবে যদি চুক্তিপত্ৰত স্বাক্ষৰ কৰিহে ধন দিয়া হয়, তেতিয়া তাক প্রকল্প সংলগ্ন সাহায্য বোলা হয়।

যেতিয়া দেশ এখনে সাহায্য প্ৰদান কৰি সাহায্যপ্রাপ্ত দেশখনৰ কামৰ বাবে প্রয়োজনীয় সামগ্ৰী ক’ৰ পৰা ক্ৰয় কৰিব লাগে, তাকো উল্লেখ কৰি দিয়ে, তেন্তে তাক উৎস সংযুক্ত অথবা দেশ সংযুক্ত সাহায্য বোলে। এনেক্ষেত্ৰত সাহায্যপ্রাপ্ত দেশখনে নিজে পচন্ত কৰা দেশখনৰ পৰা সাহায্যৰ ধন ব্যয় কৰি প্ৰকল্প সামগ্রী কিনিব নোৱাৰে, সাহায্য চুক্তিত উল্লেখ থকা দেশৰ পৰাহে ক্ৰয় কৰিব পাৰে।

9. ক্রমোন্নতিশীল দেশৰ আৰ্থিক বিকাশত বৈদেশিক সাহায্যৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ বৈদেশিক সাহায্যৰ অন্তঃপ্রবাহৰ বেছিভাগেই ঔদ্যোগিক বিকাশৰ বাবে ব্যয় কৰা হৈছিল। বৈদেশিক সাহায্যই দেশখনক বৃহৎ তীখা প্রকল্প, প্রধান উদ্যোগ, যেনে গধূৰ বৈদ্যুতিক উদ্যোগ, পৰিবহণৰ সা-সৰঞ্জাম আৰু টেলি যোগাযোগ ব্যৱস্থা গঢ়ি তোলাত অন্যান্য উদ্যোগ, যেনে— কয়লা, সাৰ, অট’মোবাইল আদিৰ বিকাশৰ ক্ষেত্ৰতো ই তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

কৃষি খণ্ডৰ বাবে দেশ বৈদেশিক সাহায্যৰ ওপৰত অধিক ঋণী, যিহেতু ইয়াক জলসিঞ্চন প্রকল্প নিৰ্মাণ আৰু কৃষি প্ৰযুক্তিৰ আধুনিকীকৰণৰ বাবে ব্যৱহাৰ কৰা হৈছে। এই আটাইবোৰতকৈও বৈদেশিক সাহায্যৰ ভূমিকা আমাৰ প্ৰযুক্তি কৌশল আধুনিকীকৰণৰ বাবে আধুনিক আৰু জটিল যন্ত্রপাতিসমূহ আমদানি কৰি অনাটোহে অধিক গুৰুত্বপূর্ণ। সাহায্য কাৰ্যসূচীসমূহৰ অধীনত ভাৰতলৈ অহা বিদেশৰ অভিযস্তা, কলা-কুশলী, পৰিচালনাৰ ক্ষেত্ৰত বিজ্ঞা লোকসকলে অহা বিদেশৰ অভিযন্তা, কলা-কুশলী, পৰিচালনাৰ ক্ষেত্ৰৰ বিজ্ঞা লোকসকলে আমাৰ জ্ঞান বৃদিধিত আৰু কৰ্মপদ্ধতি উন্নত কৰাত যথেষ্ট সহয়া আগবঢ়াইছে। কিন্তু বৈদেশিক সাহায্য কেৱল মাথোঁ বিশুদ্ধ আশীর্বাদন নহয়। ই দেশৰ বাবে বহুতো সমস্যাৰ সৃষ্টিকৰিছে। সাহায্যৰ প্ৰবাহ অসমান আৰু অনিয়মীয়া, যাৰ ফলত অনিশ্চয়তাৰ সৃষ্টি হয় আৰু প্ৰগতি লেহেমীয়া হয়। ইয়ে বৈদেশিক সাহায্যৰ ওপৰত আমাৰ দেশৰ নিৰ্ভৰশীলতাও বঢ়াই দিয়ে। সর্বোপৰি, ভাৰতৰ বাহ্যিক ঋণৰ বোজা বিশাল হৈ অহাৰ বাবে ঋণ তথা সুদ পৰিশোধ সমস্যাত ভূগিবলগীয়া হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top