সাধুকথা: শাখিনা আৰু শাখিনি | Hakhina Aru Hakhini

শাখিনা আৰু শাখিনি সাধুকথা | Hakhina Aru Hakhini, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, শাখিনা আৰু শাখিনি কাহিনী, সাধুকথা, অসমীয়া কাহিনী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

এসময়ত এখন গাঁৱত এটা শাখিনা আৰু আন এখন গাঁৱত এজনী শাখিনি আছিল। সিহঁত গাঁৱত থকাত হেনো সিহঁতৰ গাঁৱত খেতি বাতি, বৰষুণ একোকে নহৈছিল আৰু গঞা মানুহৰ নানা তৰহৰ অপায় অমংগল হৈছিল। পিছে এদিন শখিনাক গঞা মানুহে ধৰি এক কাউৰী কুকুৰ নোযোৱা অৰণ্যত মেলি থৈ আহিলগৈ। ঠিক সেই সময়তে ইখন গাঁৱৰ মানুহেও তেনেকুৱা অপৰাধতে শাখিনীক ধৰি বান্ধি লৈ গৈ সেইখন হাবিৰে আনফালে এৰি থৈ দি আহিল; শাখিনীক গাঁৱৰ মানুহে অলপমান খোৱা বস্তু দি আহিছিল, কিন্তু শাখিনাক দা এখনৰ বাহিৰে কুটা এগছকে নিদিলে। 

শাখিনীয়ে হাবিতে অকলে কান্দি কাটি বহি আছে, এনেতে ইফালৰ পৰা শাখিনাই নিজৰ কঁপালকে দোষী গৈ গৈ সেইদৰে থকা দেখা পালেগৈ। নিজান হাবিত তাইক দেখি সি আচৰিত হৈ সুধিলে, “হেৰা তুমি কোন? ভূতুনী নে পিশাচিনি? তুমি অকলে ইয়াত কিয় বিনাই আছাহি?” এই কথা শুনি শাখিনীয়ে উত্তৰ দিলে -“ভূতুনীও নহওঁ, পিশাচিনিও নহওঁ; নৰ মনুহ হে। মোক গাঁৱৰ মানুহে অনাদোষতে শাখিনী বুলি এই হাবিত মৰিবলৈ মেলি থৈ গৈছেহি। পাছে তুমিনো কোন? দেও নে ভূত নে মানুহ?” তাইৰ প্ৰশ্নটো শুনি শাখিনাই উত্তৰ দিলে – “মইও তোমাৰ নিচিনা দূৰ্কপলিয়া মানুহইহে, দেও ভূত একো নহওঁ। তোমাক যি দশাই গল লৈছে, মোকো সাইলাখ তেনে দশায়েই গল লৈছে। মোকো মোৰ গঞা মানুহ, মিতিৰ কুটুমে শাখিনা বুলি ধৰি আনি এই হাবিত মৰিবলৈ এৰি থৈ গৈছেহি।” এই কথা শুনি শাখিনীয়ে অলপ উশাহ পাই তাক সুধিলে – “তেন্তে কেতিয়ানো আমাৰ কি দশা হব?” শাখিনাই কলে, “আমি আৰু মানুহৰ গাঁৱলৈ নাযাওঁ। মানুহৰ ধৰম কৰম, বিচাৰ বিবেচনাই আমাক আটিছে। ইয়াতে দুয়ো জুপুৰি এটা সাজি একেলগে থাকোঁ আহা। “এই প্ৰস্তাৱত শাখিনী মান্তি হৈ শাখিনাৰ সৈতে ঘৰ পাতি সেই হাবিতে থাকিবলৈ ধৰিলে।

এইদৰে দুয়ো কিছুদিন থকাৰ পিছত শাখিনীৰ এটা ফেঁচা উপজিল আৰু তাৰ এবছৰ পিছত এটা গাহৰি উপজিল। গোঁসায়ে আমাক যি দিছে সেয়েই ভাল বুলি শাখিনা শাখিনীয়ে ৰংমনেৰে ফেঁচা আৰু গাহৰি দুয়োকো মৰম বেথা কৰি ডাঙৰ দীঘল কৰিবলৈ ধৰিলে।

ফেঁচাই নিতৌ ইন্দ্ৰৰ সভালৈ যায় আৰু পৃথিৱীত খেতি বাতি আদি হোৱা নোহোৱাৰ বিষয়ে দেৱতাসকলে পতা কথা শুনি থাকেগৈ। এদিন ফেঁচাই দেৱতাসকলৰ মুখত সেই বছৰ দ মাটিত খুব ধান হব বুলি কোৱা কথা শুনি ঘৰলৈ আহি বাপেকক কলে – “পিতাই, আজি দেৱতাসকলে কোৱা মেলা কৰিছিল বোলে এইবাৰ দ মাটিত শইচ উপচি পৰিব। এতেকে আমাৰ এইবাৰ সৰহকৈ দ মাটিত খেতি কৰিব লাগে। ফেঁচাৰ কথা শুনি বাপেকে মাত লগালে – “আমাৰ হাল নাই, গৰু নাই, কেনেকৈ কিমান খেতি কৰিবি বোপাই?” এই কথা শুনি শাখিনাৰ সৰুটো পুতেক গাহৰিয়ে বাপেকক কলে – “কিয় নোৱাৰিম পিতাই? মই আছোঁ যেতিয়া তুমি  চিন্তা নকৰিবা। তুমি আজি কেইথোকামান কল আৰু কিছুমান আলু, কচু, শেলুক আদি যি পোৱা আনি পথাৰলৈ লৈ গৈ তাত দুহাত তিনিহাত আঁতৰকৈ এটা এটাকৈ পুতি থোৱাগৈ। মই মোৰ গিয়াতিবিলাকক হাবিৰ পৰা মাতি আনি সেইবোৰ খানি খুচৰি খাবলৈ দেখুৱাই দিম। তেওঁলোকে সেইবোৰ খুচৰি খুচৰি খাওঁতেই আমাৰ মাটি চাহ হৈ যাব। তেতিয়া তুমি অনায়াসে তাত ধান ৰুব পাৰিবা। গাহৰি পুতেকৰ কথামতে বাপেকে কিছুমান আলু, কচু, কল, শেলুক আনি কুৰি পুৰামান মাটিত পুতি থলে। নিশা গাহৰিয়ে  গৈ তাৰ গীয়াতিবিলাকক মাতি আনি সেইবোৰ খান্দি খুচৰি খাবলৈ লগাই দিলে। লাখ কোটি গাহৰিৰ মাজত কুৰি পুৰা মাটি নো কি? চাওঁতে চাওঁতেই গোটেইখন চাহ হৈ ধূলিয়ৰী হৈ পৰিল। ইয়াৰ পিছত সেই মাটিত গাহৰিৰ বাপেকে ধান ৰুই দিলে। ধান উভৈনদী হৈ গল। কিন্তু দেৱতাসকলে শাখিনা শাখিনীৰ পৰা পূজা পাতল খাবলৈ নাপাই সিহঁতক দেখিব নোৱাৰা হৈছিল। 

সেইদেখি তেওঁলোকৰ হিংসা লাগি সেইবোৰ নষ্ট কৰিবলৈ ফিকিৰ মাতি এপাল কাকতী ফৰিং পঠিয়াবলৈ থিৰ কৰিলে। ফেঁচাই এই কথা শুনি বাপেকক কৈ দিলেহি – “পিতাই আমাৰ খেতি নষ্ট কৰিবৰ মনেৰে দেৱতাসকলে লাখ কোটি ফৰিং পঠিয়াবলৈ থিৰ কৰিছে।” বাপেকে সুধিলে, “পাছে ইয়াৰ নো কি উপায় কি হব?” ফেঁচাই কলে, “উপায় আছে। আপুনি কিছুমান কাঠখৰি কাটি আনি আমাৰ ধাননিৰ চাৰিওফালে একোটাকৈ মেজি সাজি থৈ দিয়ক। যেতিয়াই ফৰিংবোৰ ধাননিত পৰিবলৈ আহিব, তেতিয়াই আপুনি সেই মেজিবোৰত জুই লগাই দিব; আৰু ফৰিংবোৰে জুই দেখি লৰি গৈ তাত জপিয়াই পৰি মৰি জাহ যাব।” ফেঁচাই কোৱামতে বাপেকে কৰি ফৰিংৰ  হাতৰপৰা ধানবোৰ ৰক্ষা কৰিলে; আৰু শাখিনাৰ বুদ্ধি দেখি দেৱতাসকলৰ মুখ কলা পৰিল। দেৱতাসকল ভোটা হৈ তেওঁলোকৰ খং উঠিল। তেওঁলোকে শাও দিলে যে শাখিনা শাখিনীৰ ধানৰ ডাঙৰীটোৱে পতি ভগাদোণাৰ এদোণ মাথোন ধান সৰিব। ফেঁচাই দেৱতাসকলৰ শাওপাতটো শুনি সেই কথা বাপেকৰ আগত কৈ দিলেহি। বাপেকে কথাটো শুনি আমন জিমনকৈ বহি থকা দেখি ফেঁচাই মাত লগালে –”পিতাই, তুমি বেজাৰ নকৰিবা। ইয়াৰ উপায় আছে, মই কওঁ শুনা। তুমি ধান আনিবৰ সময়ত ডাঙৰ ডাঙৰকৈ নাবান্ধি মাথোন ভাৰখনত এফালে এটা মুঠি সিফালে এটা মুঠিৰ ডাঙৰি বান্ধি দিবা। দেৱতাসকলৰ কথা অথলে নাযায়। আমি মুঠিটোতেই ভগাদোনৰ এদোন এদোন ধান পাম।” বাপেকে ফেঁচাৰ কথা শলাগি শুলাগি থাকি সময়ত ধান দাই, ফেঁচাই কোৱামতে কৰি আটাইখিনি ধান চপালে। 

ধান মাৰিবৰ সময়ত বাপেকে ফেঁচাৰ বুদ্ধিমতে, এটা মুঠি মাৰে, মাৰি, তাৰপৰা সৰা ধনখিনিৰ তলত এটা ডুলি পাতি থৈ তলি ফুটা ভগাদোন এটাৰে সেই ধানবোৰ জোখে। ডুলিটো নভৰেমান দোনটোও নভৰে। ইপিনে দেৱতাৰ বাইক আছে মুঠিটোৱেপতি ভগাদোনেৰে এদোন ধান হব লাগে, নহলে তেওঁলোকৰ বাইক অথলে যায়। সেইদেখি প্ৰতি মুঠিটোতেই এডুলি এডুলি ধান হবলৈ ধৰিলে। 

শাখিনাৰ এনে চক্ৰান্ত দেখি দেৱতাসকল খঙত একোনাই হল। তেওঁলোকে একো উপায় নাপাই শাখিনা  শাখিনি মাৰিবৰ মনেৰে আচল পাতি যম ৰজাক কলেগৈ। যম ৰজাই বোলে, “এনেটো নো অন্যায় কথা দেৱতাসকলে তেওঁক কৰিবলৈ কব পায় নে? সিহঁতৰ আয়ুস থকাত মই সিহঁতক মাৰিব কেনেকৈ?” দেৱতাবিলাকে আকোৰ গজালিকৈ লাগি লাগি যমক আমনি কৰি থকা দেখি, অন্তত যমে কলে, ‘বাৰু আজি ৰাতি মই ঘোঁৰা এটা হৈ শাখিনাৰ ধানবোৰ খাই পেলামগৈ।” দেৱতাসকলে যমক কথা শুনি “ভাল, ভাল, তাকে কৰক” – বুলি সন্তোষ প্ৰকাশ কৰি গুচি গল। ফেঁচাই এই কথা শুনি বেগাই উৰি আহি বাপেকক কলেহি – “পিতাই, আজি যম ৰজাই ঘোঁৰাৰ ৰূপ ধৰি আহি আমাৰ ধানবোৰ খাই পেলাব খুজিছে। আপুনি ভঁৰালৰ দুৱাৰখ মেলি থব আৰু লেকাম এডালেৰে সৈতে চেকনি এডাল লৈ মনে মনে দুৱাৰ চুকত লুকাই থাকিব। যমে  ঘোঁৰা হৈ যেতিয়াই ধান খাৱলৈ লাগিব, তেতিয়াই আপুনি ঘপকৰে ওলাই তাৰ মুখত লেকামডাল লগাই, জাঁপ মাৰি তাৰ পিঠিত উঠি ঢাপলি মেলিব।”

ৰাতি শাখিনাই ফেঁচাৰ কথামতে হাতত এছাৰি এডাল আৰু লেকাম এডাল লৈ ভঁৰালৰ দুৱাৰখন মেলি থৈ দুৱাৰ চুকতে লুকাই আছিল। জোনাক নিশা। যম ৰজাই বগা ঘোঁৰা এটা হৈ ভঁৰালত সোমাই ধানবোৰ চপ চপ কৰে খাবলৈ ধৰিলে। ইপিনে যমে তৰ্কিব নোৱাৰাকৈয়ে  শাখিনাই ছল চাই লেকামডাল ঘোঁৰাটোৰ মুখত খুৱাই লৈ গিৰিসকৰে পিঠিত উঠি কোৱাই দি তাক চেঁকুৰাবলৈ ধৰিলে। চেঁকুৰাই চেঁকুৰাই শাখিনাই যমক তৰধনি এৰুৱালে। শেহত ঘোঁৰাই তৰণী নাপাই শাখিনাক কলে, “শাখিনা, মই ঘোঁৰা নহওঁ, যম ৰজাহে। তুমি কি বৰ লগা লোৱা, লৈ মোক এৰি দিয়া।’ যমে বৰ দিবলৈ সইত খালতহে  শাখিনাই যমৰ পিঠিৰপৰা নামিল। তেতিয়া যম ৰজাই নিজ মূৰ্তি ধৰি তাক বৰ দিলে – “তই দীৰ্ঘায়ু হবি, বৰ চহকী হবি আৰু সুখে সন্তোষে বহুত বছৰ জিয়াই থাকিবি।  আৰু টোক আৰু তোৰ ঘৈণীয়েৰক তহঁতৰ গাঁৱৰ যিবোৰ মানুহে শাখিনা শাখিনী বুলি এই হাবিত মেলি থৈ গৈছিল, সিহঁতে তোৰ ঘৰত গোলামী কৰিব।” 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

ইয়াৰ পিছত শাখিনা শাখিনীয়ে পুতেক ফেঁচা আৰু গাহৰিৰে সৈতে সুখেৰে এশ বছৰ ধনী, বৰ মানুহ হৈ খাই লৈ আছিল আৰু সিহঁতক দুখ দিয়া আগৰ গাঁৱৰ মানুহবোৰক সিহঁতে গোলামৰ দৰে বাই ছিল।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top