Environmental Studies Unit 1 বহুধা বিষয়ৰ প্ৰকৃতি হিচাপে পৰিবেশ অধ্যয়ন

Environmental Studies Unit 1 বহুধা বিষয়ৰ প্ৰকৃতি হিচাপে পৰিবেশ অধ্যয়ন, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Environmental Studies Unit 1 বহুধা বিষয়ৰ প্ৰকৃতি হিচাপে পৰিবেশ অধ্যয়ন Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Environmental Studies Unit 1 বহুধা বিষয়ৰ প্ৰকৃতি হিচাপে পৰিবেশ অধ্যয়ন Question Answer can be of great value to excel in the examination.

Environmental Studies Unit 1 বহুধা বিষয়ৰ প্ৰকৃতি হিচাপে পৰিবেশ অধ্যয়ন

Join Telegram channel

Environmental Studies Unit 1 বহুধা বিষয়ৰ প্ৰকৃতি হিচাপে পৰিবেশ অধ্যয়ন Notes cover all the exercise questions in UGC Syllabus. The Environmental Studies Unit 1 বহুধা বিষয়ৰ প্ৰকৃতি হিচাপে পৰিবেশ অধ্যয়ন provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

The multidisciplinary Nature of Environmental studies

ENVIRONMENTAL STUDIES

পৰিৱেশ অধ্যয়ন


সংজ্ঞা : পৰিসৰ : গুৰুত্ব :

পৰিবেশ হল এটা অৱস্থা বা আবেষ্টনি যত মানুহে বাস কৰে আৰু কাৰ্য সম্পাদন কৰে। পৰিবেশক কেইবা প্ৰকাৰে ব্যাখ্যা কৰিব পাৰি। যেনে-

১। সামাজিক, অৰ্থনৈতিক, জৈৱিক, ভৌতিক, ৰাসায়নিক আদি উপাদান সমূহৰ সমষ্টিয়ে সৃষ্টি কৰা মানুহৰ আবেষ্টনিটোকে পৰিবেশ বোলা হয় আৰু এই পৰিবেশৰ সৃষ্টি আৰু ধ্বংস কৰোঁতা।

২। এক নিৰ্দিষ্ট সময় আৰু পৰিসৰত মানুহক আৱৰি থকা অৱস্থাসমূহৰ সমষ্টিয়েই হল পৰিবেশ।

৩। পৰিবেশ হল পৃথিৱীৰ ভৌতিক উপদানসমূহৰ প্ৰতিনিধি যাক মানুহে নিয়ন্ত্ৰণ কৰিব পাৰে।

মানুহ আৰু পৰিবেশ :

উদ্ভিদেই হওক বা জীৱ জন্তুৱেই হওক প্ৰত্যেক জাতিয়েই পৰিবেশৰ ওপৰত প্ৰভাৱ পেলায় আৰু পৰিবেশৰ দ্বাৰা প্ৰভাৱান্বিত হয়। ইয়াৰ কাৰণ হল যে এইবিলাক প্ৰকৃতিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ ইহঁতৰ সংখ্যাই এটা নিৰ্দিষ্ট সীমা চেৰাই যাব নোৱাৰে আৰু ইহঁতৰ জীৱনৰ ধাৰণৰ পদ্ধতিও পৰিবৰ্তন কৰিব নোৱাৰে। মানুহৰ ক্ষেত্ৰত অৱশ্যে এই কথাটো নাখাটে। কিয়নো মানুহে উন্নত বৈজ্ঞানিক জ্ঞান-বুদ্ধিৰে নিজৰ সুবিধা অনুযায়ী পৰিৱেশ পৰিৱৰ্তন কৰি ল’ব পাৰে আৰু জীৱন ধাৰণৰ মান উন্নত কৰিব পাৰে। 

আজিৰে পৰা বহু বছৰৰ আগতে পৃথিৱীত সভ্যতাৰ প্রাৰম্ভিক কালতে মানুহে পৰিৱেশৰ ওপৰত হস্তক্ষেপ আৰম্ভ কৰে। সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মানুহে বাসস্থান নিৰ্মাণৰ বাবে, কৃষি কাৰ্যৰ বাবে হাবিৰ গছ-বন কাটি ধ্বংস কৰিছিল, জীৱিকাৰ বাবে শান্তিপ্রিয় জীৱ-জন্তু হত্যা কৰিছিল, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক দ্রব্যসমূহে পানী দূষিত কৰাত বিশুদ্ধ খোৱা পানীৰ, অভাৱ ঘটিছিল। অৱশ্যে জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি নোহোৱালৈকে আৰু জীৱন ধাৰণৰ মান উন্নত নোহোৱালৈকে মানুহৰ এনে প্ৰকৃতি-ধ্বংসমুখী কাৰ্যকলাপে পৰিৱেশৰ ওপৰত বিশেষ প্রভাৱ পেলোৱা নাছিল। কিন্তু কালক্ৰমত পৃথিৱীত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ঘটিল,উদ্যোগৰ সম্প্ৰসাৰণ হ’ল, যান-বাহনৰ ব্যৱহাৰ বৃদ্ধি হ’ল ফলত পৰিৱেশৰ ওপৰত অধিক চাপ পৰাত ই বিঘ্নিত হ’বলৈ ধৰিলে। পৰিৱেশৰ অৱনতিৰ ফলত মানৱ সমাজে এক অবাঞ্ছিত দুৰ্যোগৰ সন্মুখীন হোৱাটো প্ৰকট হৈ পৰিল। এনে এক পটভূমিত পৰিৱেশ সম্পৰ্কে জ্ঞান আহৰণ,কৰাটো সম্প্ৰতি অত্যন্ত জৰুৰী বিষয় হিচাপে পৰিগণিত হৈছে।

পৰিৱেশৰ সংজ্ঞা :

পৰিৱেশ ইংৰাজী প্ৰতিশব্দ ‘Environment’ আৰু এই শব্দটো ফৰাচী ভাষাৰ ‘ Environnor’ পৰা অনা হৈছে। চৌপাশে থকা জৈৱ বা অজৈৱ সকলো ধৰণৰ বস্তুকেই পৰিৱেশে সামৰি লয়। ১৯৮৬ চনৰ পৰিৱেশ সুৰক্ষা আইনে ( The Environment protection Act ) দিয়া সংজ্ঞা মতে – বিশ্বব্ৰহ্মাণ্ডৰ সমূদায় ভূমি, বতাহ, পানী আদিৰ মাজত থকা আন্তঃসম্পৰ্ক আৰু মানৱ আদি জীৱ-জন্তু আৰু সম্পত্তিৰ সৈতে থকা এইবোৰৰ সম্পৰ্কই পৰিৱেশ। Environment is sum total of water, air and land, inter-relationship among themselves and also with human beings, other living organism and propert-এই সংজ্ঞাটোৱে ইয়াকে প্ৰকাশ কৰিছে যে চৌপাশে থকা ভৌতিক আৰু জৈৱিক বস্তুসমূহৰ পাৰস্পৰিক সম্পৰ্ক আৰু এইবোৰৰ ক্ৰিয়া-প্রক্ৰিয়া আদি পৰিৱেশৰ অন্তৰ্গত। এই পৰিৱেশৰ মাজত মানৱ সৃষ্ট কাৰ্যপ্ৰণালীও অন্তর্নিহিত হৈ থাকে।

(ক) পৰিৱেশৰ উপাদান :

তিনিটা প্ৰধান উপাদানৰ দ্বাৰা পৰিৱেশৰ বৈষয়িক অৱয়বটো সৃষ্টি হৈছে। সেইবোৰ হ’ল–

১। অজৈৱ উপাদান।

২। জৈৱ, উপাদান। আৰু

৩। শক্তি উপাদান।

১৷ অজৈৱ উপাদান :

অজৈৱ উপাদান বা বৈষয়িক পৰিৱেশক-

(ক) ভূ-মণ্ডল।

(খ) জলমণ্ডল। আৰু 

(গ) বায়ুমণ্ডল। এই তিনিটা ভাগত ভাগ কৰা হৈছে।

(ক) পৃথিৱীৰ উপৰিভাগৰ খোলা আৰু অন্তৰ্ভাগৰ সকলো ধৰণৰ খনিজ ধাতুকে আদি কৰি একেলগে ভূ-মণ্ডল বোলা হয়। ভূ-মণ্ডলক আকৌ ভূত্বক(Crust) ঊৰ্দ্ধ অন্তৰ্ভাগ (Upper mantle), নিম্ন অন্তৰ্ভাগ (Lower mantle), বহিৰ্শাহ (Outer core) আৰু কেন্দ্ৰীয় শাহ (Inner core) এই পাঁচটা ভাগত ভাগ কৰা হৈছে।

(খ) পৃথিৱীৰ উপৰিভাগ আৰু অন্তৰ্ভাগত থকা জলৰাশিক একেলগে জলমণ্ডল বোলা হৈছে। পৃথিৱীৰ জলৰাশি বাষ্প, জুলীয়া আৰু গেছীয় তিনিটা ৰূপত চক্ৰাকাৰে পৰিৱৰ্তন হৈ থাকে। পৃথিৱীৰ উপৰিভাগ অন্তৰ্ভাগত থকা সকলো সম্পদৰ ভিতৰত পানীৰ প্ৰাচুৰ্য আটাইতকৈ বেছি।

(গ) ভূ-পৃষ্ঠৰ পৰা বহু ওপৰলৈকে পৃথিৱীক আৱৰি থকা গেছীয় আৱৰণক বায়ুমণ্ডল বোলা হয়। এই বায়ুমণ্ডলত বিভিন্ন ধৰণৰ গেছীয় পদাৰ্থ যেনে– নাইট্ৰ’জেন,অক্সিজেন কাৰ্বন- ডাই- অক্সাইড ইত্যাদি ধূলিকনা ধোঁৱা, ছাই আদি নিহিত, হৈ থাকে।

২। জৈৱ উপাদান :

পৃথিৱীৰ উদ্ভিদ আৰু প্ৰাণীৰ সমষ্টিয়েই জৈৱ উপাদান। এই জৈৱ উপাদানবোৰক লৈ জৈৱমণ্ডল গঠিত হৈছে। এই জৈৱ মণ্ডলত মানুহে এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে। পৃথিৱীৰ জৈৱ আৰু অজৈৱ উপাদানবোৰৰ সমষ্টিয়ে একেলগে বায়’ম পৰিৱেশ (Biome Environment) সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে – বিষুৱ অঞ্চলৰ বৰ্ষাৰণ্য, সমমণ্ডলৰ বনভূমি, প্ৰেইৰী অঞ্চল, তুন্দা অঞ্চল আদি  Biome পৰিৱেশৰ অন্তৰ্গত।

শক্তি উপাদান :

সৌৰ শক্তি, বৈদ্যুতিক শক্তি, ৰাসায়নিক শক্তি, আণৱিক শক্তি আদি বিভিন্ন শক্তিসমূহক পৰিৱেশৰ শক্তি উপাদান অন্তৰ্ভুক্ত কৰিব পাৰি।

(খ) পৰিৱেশক প্ৰভাৱ কৰা কাৰকসমূহ (Factors affecting Environment) :

পৰিৱেশ কিছুমান কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। এনে কাৰকবিলাকক প্ৰধানতঃ চাৰিটা ভাগত ভগাব পাৰি। সেইবিলাক হৈছে-

১) ভৌগোলিক কাৰক (Physiographic factors)

২) জলবায়িক কাৰক (Climate Factors)

৩) এডাফিক কাৰক (Edaphic factors)

৪) জৈৱিক কাৰক (Biotic factors)

তলত এই কাৰকসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হল-

১। ভৌগোলিক কাৰক :

কোনো এটা অঞ্চলত প্ৰাকৃতিক পৰিৱেশ ইয়াৰ চাৰিওকাষৰ ভৌগোলিক কাৰকে প্ৰভাৱিত কৰে। এনে কাৰক বিলাকৰ ভিতৰত – উচ্চতা, পৰ্বত তথা পাহাৰৰ অৱস্থান, সমভূমি, বিৱৰ্তনীক প্লেট, নদী , সাগৰৰ স্তৰ, উপত্যকা আদি উল্লেখযোগ্য।

২। জলবায়িক কাৰক :

জলবায়িক কাৰক যেনে- বায়ুমণ্ডল, পোহৰ, উষ্ণতা, জলীয় বাষ্প আদিয়েও পৰিৱেশক প্রভাৱিত কৰে।

৩। এডাফিক কাৰক :

এডাফিক কাৰক বুলি ক’লে  ভূমিৰ ভৌগোলিক তথা ৰাসায়নিক বৈশিষ্ট্যৰ লগতে ইয়াৰ গাঁথনি আৰু উপাদানসমূহক বুজায়। এই কাৰকবিলাকেই পৰিৱেশক প্রভাৱিত কৰে। 

৪। জৈৱিক কাৰক :

জৈৱিক কাৰক হিচাপে মানুহৰ দ্বাৰা সম্পাদন কৰা কাৰ্যৰ দ্বাৰা পৰিৱেশ প্ৰভাৱান্বিত হয়।

(গ) পৰিবেশৰ বিভাগসমূহ :

পৰিৱেশক সাধাৰণতে দুটা ভাগত ভাগ কৰা হয়।

(১) স্বাভাৱিক পৰিৱেশ (Natural Environment))

(২) মানৱ সৃষ্ট পৰিৱেশ (Man-made Environment)

১ ৷ স্বাভাৱিক পৰিৱেশ :

পৰিস্থিতি ব্যৱস্থা (Eco- system)ৰ আত্মনিয়ন্ত্ৰণমূলক পদ্ধতিৰে কাৰ্যকৰণ প্ৰক্ৰিয়াটোকে স্বাভাৱিক পৰিৱেশ বুলি ক’ব পাৰি। স্বাভাৱিক পৰিস্থিতিক ব্যৱস্থাত পৰিৱেশৰ কোনো এটা উপাদানৰ স্বাভাৱিক ক্ৰিয়াই অন্য এটা উপাদানৰ স্বাভাৱিক প্রক্ৰিয়াৰ দ্বাৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে৷ স্বাভাৱিক পৰিৱেশ হ’ল এনে এক অৱস্থান য’ত বিভিন্ন উপাদানসমূহ পৰস্পৰভাৱে সম্পৰ্কিত হৈ থাকে।উদাহৰণস্বৰূপে, পৃথিৱীৰ ভূ-ভাগে গছ-গছনিক প্ৰয়োজনীয় আহাৰ-পানী যোগায়, গছ-গছনিয়ে জীৱ-জন্তুক আশ্ৰয় আৰু আহাৰৰ যোগান ধৰে, ভূমি ক্ষয়ীকৰণ ৰোধ কৰে, জীৱ-জন্তুৱে আকৌ গছ-গছনিৰ সাৰৰ যোগান ধৰে, বীজৰ বিস্তাৰণ ঘটায়, এই সকলোবোৰে আকৌ ভূ-সম্পদৰ ওপৰত প্রভাৱ পেলায়।

 ২। মানৱ সৃষ্ট পৰিৱেশ :

পৰিৱেশৰ সকলো উপাদানৰ ভিতৰত মানুহ আটাইতকৈ শক্তিশালী উপাদান। মানুহে নিজৰ সুবিধা অনুযায়ী পৰিৱেশ যেনেকৈ সৃষ্টি কৰি লব পাৰে সেইদৰে অতি সহজে পৰিৱেশৰ অৱনতিও ঘটাব পাৰে। মানৱ সৃষ্ট পৰিৱেশত তলত উল্লেখ কৰা কাৰকসমূহে অন্তৰ্ভুক্ত হৈ থাকে।

(ক) প্রযুক্তিবিদ্যা।     

(খ) যান-বাহন।

(গ) গৃহ নিৰ্মাণ        

(ঘ) কৃষিৰ সা-সঁজুলি।

(ঙ) বান্ধ নিৰ্মাণ।      

(চ) ঔদ্যোগীকৰণ।

(ছ) দূৰ সংবেদন, উপগ্ৰহ আদি সংযোগ ব্যৱস্থা।

(জ) মহাকাশ অভিযান।

(ঝ) কম্পিউটাৰ পদ্ধতি।

(ঞ) মহাদেশ গৱেষণাগাৰ ইত্যাদি ৷

পৰিৱেশ অধ্যয়নৰ সংজ্ঞা :

পৰিৱেশ বুলি ক’লে বায়ুমণ্ডল, জলমণ্ডল আৰু ভূ-মণ্ডলক সামৰি জীৱ আৰু উদ্ভিদসমূহ পৰিৱেষ্টিত কৰি ৰখা বিভিন্ন উপাদানৰ সমষ্টি আৰু সিহঁতৰ মাজৰ সম্পৰ্কক বুজা হয়। অন্যহাতেদি এই উপাদানসমূহৰ আন্ত:সম্পৰ্কৰ লগতে পাৰিপাৰ্শ্বিক অর্থাৎ দাঁতিকাষৰীয়া বিভিন্ন দ্রব্য/ সামগ্ৰীৰ লগত থকা সম্পৰ্কৰ অধ্যয়নকে পৰিৱেশ অধ্যয়ন বোলা হয়। 

পৰিৱেশ অধ্যয়ন হ’ল এটা বহুধা বিষয়। ইয়াত পদাৰ্থবিজ্ঞানৰ, ৰয়াসন বিজ্ঞান, কৃষিবিজ্ঞান, চিকিৎসাবিজ্ঞান, জনস্বাস্থ্য, অর্থনীতি, ৰাজনীতি, দৰ্শন আদি সকলো বিষয় অন্তৰ্ভুক্ত।

বহুধা বিষয়ৰ প্ৰকৃতি হিচাপে পৰিৱেশ অধ্যয়ন :

পৰিৱেশ অধ্যয়নত বিভিন্ন বিষয়সমূহ অন্তৰ্ভুক্ত হৈ থকাৰ বাবে ইয়াক বহুধা বিষয় হিচাপে গণ্য কৰা হয়। সম্প্রতি ভূগোল, অৰ্থবিজ্ঞান, ৰাজনীতি বিজ্ঞান, পদাৰ্থবিজ্ঞান, প্ৰাণীবিজ্ঞান, উদ্ভিদবিজ্ঞান, বুৰঞ্জী, আইন, শিক্ষা, পৰিচালনা বিদ্যা ইত্যাদি বিষয়সমূহৰ লগত পৰিৱেশ অধ্যয়ন জড়িত হৈ আছে।

উদ্ভিদ বিজ্ঞান, ভূতত্ত্ববিজ্ঞান, জৈৱ ৰসায়নিক বিজ্ঞান, জৈৱপ্ৰযুক্তি বিজ্ঞান আদি জীৱ বিজ্ঞানে পৰিৱেশৰ অন্তৰ্গত জৈৱিক উপাদানসমূহৰ আন্তঃসম্পৰ্ক আৰু সিহঁতৰ ক্ৰিয়া-প্রতিক্ৰিয়াৰ সম্পৰ্কে জনাত সহায় কৰে। পৰিৱেশৰ  অজৈৱিক উপাদানসমূহৰ ভৌতিক আৰু  ৰাসায়নিক গঠন সম্পৰ্কে জ্ঞান দিয়াত পদাৰ্থ বিজ্ঞান, ৰাসায়নিক বিজ্ঞান, পৰিৱেশ বিজ্ঞান, পৰিৱেশবিজ্ঞান, ভুগোল আদি বিষয়সমূহে উল্লেখযোগ্য অৱদান আগবঢ়াইছে। পৰিৱেশ পাৰশোধন আৰু পৰিচালনাৰ ক্ষেত্ৰত অংক, পৰিসংখ্যা আৰু কম্পিউটাৰ বিজ্ঞানক ফলপ্ৰসূ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে। শিক্ষা, অৰ্থনীতি, ৰাজনীতি, সমাজবিদ্যা আদি বিষয়ক পৰিৱেশৰ আৰ্থ-সামাজিক দিশটোৰ উন্নতিৰ ক্ষেত্রত ব্যৱহাৰ কৰা হৈছে। আনহাতে পৰিৱেশ কাৰিকৰী বিদ্যা অসামৰিক কাৰিকৰীবিদ্যা, ৰাসায়নিক কাৰিকৰীবিদ্যা আদি বিষয়সমূহে পৰিৱেশ নিয়ন্ত্ৰণ উপায় উদ্ভাৱন কৰা কাৰ্যৰ লগত জড়িত হৈ থাকে। পৰিৱেশীয় আইনে পৰিৱেশ নিয়ন্ত্ৰণ আৰু সুৰক্ষাৰ ক্ষেত্ৰত প্ৰধান আহিলা হিচাপে কাম কৰে। গতিকে দেখা গ’ল যে সকলো বিষয়ৰ এক সমন্বয়পূৰ্ণ অধ্যয়ন হ’ল পৰিৱেশ অধ্যয়ন। 

পৰিৱেশ অধ্যয়নৰ উদ্দেশ্যসমূহ (Objectives of Environmental Studies) :

পৰিৱেশ অধ্যয়নৰ প্রধান উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল–

১। জনসাধাৰণৰ মাজত পৰিৱেশ আৰু পৰিৱেশৰ লগত জড়িত সমস্যাবোৰৰ সম্পৰ্কে সজাগতা অনা। 

২ ৷ জনসাধাৰণৰ পৰিৱেশ সম্পৰ্কীয় অভিজ্ঞতা আৰু উপলব্ধি সঞ্চাৰ কৰা যাতে পৰিৱেশ আৰু ইয়াৰ লগত জড়িত সমস্যাবোৰ বুজি উঠে ৷

৩ । জনসাধাৰণৰ মনোভাব পৰিৱৰ্তন কৰি পৰিৱেশীয় আৰু নৈতিক পমূল্য জাগ্ৰত কৰা যাতে পৰিৱেশ সংৰক্ষণ আৰু প্রদূষণ প্ৰতিৰোধ কৰে।

৪। ব্যক্তিগতভাৱে আৰু সমজুৱাকৈ পৰিৱেশ অৱনতিৰ কাৰণ চিনাক্ত কৰি সমাধানৰ পথ মুকলি কৰা।

৫। পৰিৱেশ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে জনসাধাৰণৰ অংশগ্ৰহণ তথা সহযোগিতাৰ ঐক্যমত গঠন কৰা।

পৰিৱেশ অধ্যয়নৰ পৰিসৰ (Scope):

পৰিৱেশ অধ্যয়ন পৰিসৰ অতি বিশাল। তলত দিয়া বিভাগসমূহক পৰিৱেশৰ পৰিধিভুক্ত কৰিব পৰা যায়। 

১। মানুহ আৰু পৰিৱেশৰ সম্পর্ক (Relationship between man and environment)

২। প্রাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ আৰু পৰিচালনা (Natural resources and their conservation and management)

৩। সামাজিক সম্বন্ধীয় আলোচ্য বিষয় আৰু পৰিৱেশ (Social issues and environment)

৪। সম্পদসমূহৰ প্ৰবাহ আৰু অৱশিষ্ট (Flow of resources and residuals)

৫। কল্যাণ অর্থনীতি (Welfare economics)

৬। পৰিৱেশ প্ৰদূষণ আৰু নিয়ন্ত্ৰণ (Environmental pollution and control)

৭। বহনযোগ্য উন্নয়ন (Sustainable development)

৮৷ জৈৱ বৈচিত্ৰ, বাস্তৱ্য বিদ্যা আৰু পৰিস্থিতিতন্ত্ৰ (Biodiversity, Ecology and Ecosystem)

পৰিৱেশ সকলোতে আছে আৰু সকলোৰে বাবে পৰিৱেশ আৱশ্যকীয়। যিকোনো ব্যৱসায়ৰ, যিকোনো বয়সৰ, যিকোনো অৱস্থাৰ প্ৰতিজন ব্যক্তিয়ে পৰিৱেশৰ দ্বাৰা প্ৰভাৱান্বিত হয় আৰু তেওঁৰ কার্য-কলাপে পৰিৱেশকো প্ৰভাৱান্বিত কৰে। মুঠ কথাত পৰিৱেশ এটি বিষয় যিটো গোলকীয় প্ৰকৃতিৰ। পৰিৱেশৰ কোনো পৰিসীমা নাই । সেয়েহে কোনো এটা অঞ্চলত পৰিৱেশ প্ৰদূষিত হ’লে ই ব্যাপকতৰ ৰূপ ধাৰণ কৰিব পাৰে।

 পৰিৱেশ অধ্যয়নৰ গুৰুত্ব (Importance of Environmental Studies) :

১। সাম্প্ৰতিক কালত পৰিৱেশ অধ্যয়ন এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। পৃথিৱীৰ বিশাল প্রকৃতিৰ মানুহ এটা অংগ। মানুহ আৰু প্রকৃতিৰ মাজত এটা ওচৰা-উচৰি সম্পৰ্ক আছে। এনে এটা সময় আছিল যি সময়ত মানুহ প্রকৃতিৰ ওপৰত প্রত্যক্ষভাৱে নিৰ্ভৰশীল আছিল, কিন্তু সময়ৰ বিৱৰ্তনত এই আচৰণৰ পৰিৱৰ্তন ঘটিছে আৰু বৰ্তমান মানুহৰ কাৰ্য- কলাপৰ ওপৰতহে প্রকৃতি নির্ভৰশীল হৈ পৰিছে। প্ৰকৃতিৰ ওপৰত চলা মানুহৰ কিছুমান ধ্বংসমুখী কাৰ্য-কলাপ পৰিৱেশ প্ৰদূষণৰ কাৰণ স্বৰূপ পৰিছে। এনে ক্ষেত্রত পৰিৱেশ শিক্ষা মানৱজাতিৰ বাবে অপৰিহাৰ্য বুলি গণ্য কৰা হৈছে।

২। শুদ্ধ খোৱা পানী ব্যৱস্থা, স্বাস্থ্যকৰ জীৱন যাপন, শুদ্ধ আৰু মুক্ত বতাহ, উৰ্বৰ ভূমি, স্বাস্থসন্মত খাদ্য আদি পাবৰ কাৰণে মানুহক কিছুমান পৰিৱেশ সম্পৰ্কীয় জ্ঞানৰ প্রয়োজন হয়। পৰিৱেশ অধ্যয়নে এনে জ্ঞান আহৰণ কৰাত অৰিহণা যোগায়। পৰিৱেশ নিয়ন্ত্ৰণ আৰু সংৰক্ষণৰ বাবে মানুহক পৰিৱেশীয় আইন আৰু পৰিৱেশীয় কাৰিকৰীবিদ্যাৰ জ্ঞানৰ প্ৰয়োজন হয়৷

৩। পৰিৱেশ সম্পৰ্কীয় জ্ঞানৰ জৰিয়তে পৰিৱেশ সম্বন্ধে থকা মানুহৰ দৃষ্টিভংগী বহল কৰিব’পাৰি।

৪ ৷ পৰিৱেশ অধ্যয়নৰ সহায়ত পৰিৱেশ অৱনতিৰ প্রতি জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰিব পৰা যায়।

৫। বৰ্তমান প্রচলিত পৰম্পৰাগত আনুষ্ঠানিক শিক্ষাত পৰিৱেশ,ইয়াৰ অৱনতি আৰু অৱনতিৰ পৰিনাম বিষয়ক আলোচনাসমূহ সন্নিবিষ্ট কৰা নহয় বাবে শিক্ষাৰ্থীসকল এনে বিষয়ৰ জ্ঞান আহৰণৰ পৰা বঞ্চিত হৈ থাকে,গতিকে, কলা, বিজ্ঞান, বাণিজ্য যিকোনো শাখাৰ শিক্ষাৰ্থীসকলে পৰিবেশ সম্পৰ্কীয় জ্ঞান আহৰণ কৰাটো নিতান্তই আৱশ্যক; অন্যথা বিজ্ঞানীসকলে পৰিৱেশীয় অৱনতি ৰোধ কৰিবলৈ আগবঢ়োৱা সমাধানৰ কোনো বাস্তৱ প্রয়োগ নাথাকিব।

জনসজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তা (Need of public Awareness) :

আধুনিক সভ্যতাৰ অগ্ৰগতিৰ লগে লগে পৰিৱেশ প্ৰদূষণ সমগ্ৰ বিশ্বৰ বাবে এটা অন্যতম প্রধান সমস্যা হিচাপে পৰিগণিত হৈছে। আজি পৃথিৱীৰ মাটি, বায়ু, পানী আদি সকলো দূষিত। ফলস্বৰূপে, পৃথিৱীখনত জীৱ বসবাসৰ বাবে থাকিব লগা এটা ভাৰসাম্য প্রাকৃতিক পৰিৱেশৰ অভাৱ ঘটিছে। অন্যান, জীৱবিলাকৰ লগতে মানুহ সুস্থভাৱে জীয়াই থাকিবলৈ এটা সুস্থ পৰিৱেশৰ প্ৰয়োজন । সেইবাবে বিভিন্ন সময়ত পৰিৱেশক উপযুক্ত সুৰক্ষা প্ৰদান কৰিবলৈ চৰকাৰীভাৱে বিভিন্ন পদক্ষেপ লৈ আহিছে। অৱশ্যে পৰিৱেশ প্ৰদূষণ যে এটা ভয়াবহ সমস্যাত পৰিণত হ’ব পাৰে সেই বিষয়ে সঠিকভাৱে চিন্তা-চৰ্চা কৰাটো আৰম্ভ হয় ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ’’-ডি-জেনেইৰ’ত হোৱা ‘বসুধা সন্মিলন’ৰ পাছৰ পৰাহে। যদিও পৰিৱেশ সম্বন্ধীয় এটা ঢৌ (wave) বিশ্বৰ উন্নত দেশসমূহত ষাঠি আৰু সত্তৰৰ দশকতে সৃষ্টি হৈছিল আৰু ক্ৰমান্বয়ে উন্নয়নশীল দেশসমূহলৈ বিয়পিবলৈ আৰম্ভ কৰিছিল তথাপি বসুধা সন্মিলনে সকলো শ্ৰেমীৰ মানুহৰ মাজত ‘পৰিৱেশ প্ৰদূষণ’ আৰু ‘পৰিৱেশ সুৰক্ষা’ৰ সম্পৰ্কে এটা সম্যক ধাৰণ্য দিবলৈ সক্ষম হয়।

এতিয়া প্রশ্ন হয়, পৰিৱেশ সুৰক্ষাত জনসজাগতাৰ প্রয়োজনীয়তা কি বা জনসাধাৰণে পৰিৱেশ সুৰক্ষাত কেনে ভূমিকা পালন কৰিব পাৰে? পৰিৱেশক সুৰক্ষা প্ৰদানত জনসাধাৰণে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে আনকি বহুক্ষেত্ৰত ই চৰকাৰী বিভিন্ন পদক্ষেপতকৈ অধিক কাৰ্যকৰী হয় ইয়াৰ কাৰণ হ’ল জনসাধাৰণ যদি সজাগ হয়– পৰিবেশ প্ৰদূষণ কি আৰু আমি কিয় পৰিৱেশক সুৰক্ষা প্ৰদান কৰিব লাগে বা আমাৰ জীৱনত এটা সুস্থ পৰিৱেশৰ গুৰুত্ব কি-তেন্তে চৰকাৰে যিমোনেই আইন বা অন্যান্য পদক্ষেপ পৰিৱেশ সুৰক্ষাৰ নিমিত্তে গ্ৰহণ নকৰক কিয় এনে পদক্ষেপবিলাক কেতিয়াও সফল হব নোৱাৰে। উদাহৰণ স্বৰূপে আমি প্লাষ্টিক প্ৰদূষণৰ কথাকে উল্লেখ কৰিব পাৰোঁ। বিভিন্ন সময়ত চৰকাৰীভাবে প্লাষ্টিকৰ বেগ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে। এনে নিষেধাজ্ঞা আৰোপ কৰাৰ অলপ দিনলৈ প্লাষ্টিকৰ বেগ প্ৰচলন বন্ধ হয়। কিন্তু লাহে লাহে পুনৰ ইয়াৰ বহুল প্ৰচলন আৰম্ভ হয়। এতিয়া প্ৰশ্নটো হল চৰকাৰী নিষেধাজ্ঞা সত্বেও বজাৰলৈ প্লাষ্টিকৰ বেগ বা ঠোঙা কিয় আহিল? উত্তৰটো হল মানুহে সততে দোকানিক পলিথিন বিচাৰে আৰু প্ৰশাসনৰ মৌন ভূমিকাৰ সুযোগ লৈও পলিথিনৰ পুনৰ আমদানি ঘটে। 

কিন্তু জনসাধাৰনে যদি জানিলেহেঁতেন প্লাষ্টিকে আমাৰ চৌদিশৰ পৰিৱেশ কিদৰে প্ৰদূষিত কৰিব পাৰে আৰু ইয়াৰ সম্ভাব্য ভয়াবহতাৰ বিষয়ে, তেন্তে তেওঁলোকে কেতিয়াও প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ নকৰিলেহেঁতেন। গতিকে আমি নিশ্চিতকৈ কব পাৰো চৰকাৰী নিষেধাজ্ঞা সত্ত্বেও প্লাষ্টিকৰ বহুল ব্যৱহাৰৰ বাবে দায়ী হোৱা অন্যতম কাৰণ হল জনসাধাৰণৰ পৰিস্থিতিতন্ত্ৰীয় আৰু পৰিবেশীয় বিভিন্ন সমস্যা সম্পৰ্কে থকা অজ্ঞতা। সেইবাবে পৰিৱেশক সুৰক্ষা প্ৰদান কৰাৰ প্ৰথম পদক্ষেপ হল জনসজাগতাৰ সৃষ্টি কৰা। আনহাতে জনসজাগতা সৃষ্টি কৰিবলৈ জনগণক উপযুক্তভাৱে শিক্ষিত কৰি তুলিব লাগিব যাতে তেওঁলোকে অনুধাৱন কৰিব পাৰে যে তেওঁলোকো পৰিৱেশৰ এটা অংশ আৰু পৰিৱেশক ধ্বংস কৰা মানে প্ৰকৃততে প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে নিজক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া। ইয়াৰ উপৰি পৰিৱেশক কেনেকৈ সুৰক্ষিত কৰিব পাৰি, সেই বিষয়েও জানিব লাগিব। এনে শিক্ষা অৱশ্যে আক্ষৰিক অর্থত নহ’বও পাৰে। জনসাধাৰণৰ মাজত পৰিৱেশীয় সচেতনতা সকলো বয়সৰ মানুহক সকলো সময়তে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা শিক্ষা ব্যৱস্থাৰ দ্বাৰাই বিয়পাব পাৰি। পৰিৱেশ সুৰক্ষা সম্পৰ্কত জনসচেনতা বৃদ্ধি কৰিবলৈ আমি নিম্নোক্ত ব্যৱস্থাসমূহ ল’ব পাৰোঁ-

১। স্কুল আৰু মহাবিদ্যালয় পৰ্যায়ত পৰিৱেশ অধ্যয়নক এটা বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা।

২। জনসংযোগ মাধ্যমৰ বহুল ব্যৱহাৰৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব প্ৰচাৰ কৰা।

৩। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আগ্ৰনী ভূমিকা লোৱা ব্যক্তি, উদ্যোগ আদিক উৎসাহিত কৰা।

৪। পৰিকল্পনা প্রস্তুতকৰ্তা, সিদ্ধান্ত গ্ৰহণ কৰোঁতা আদি লোকৰ মাজত বিভিন্ন প্রশিক্ষণ কাৰ্যসূচী, কৰ্মশালা আদি অনুষ্ঠিত কৰি পৰিৱেশ সচেতনতা বৃদ্ধি কৰা।

৫। চৰকাৰী আৰু বেচৰকাৰীভাৱে সভা-সমিতি পাতি পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব জনগণৰ মাজত প্রচাৰ কৰ ৷

৬৷ নিৰক্ষৰ মানুহৰ মাজত কথাছবি, তথ্যচিত্ৰ আদিৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা। 

মনত ৰাখিবলগীয়া :

১। পৰিৱেশ অধ্যয়ন হ’ল এটা বহুধা বিষয়।

২। পৰিৱেশ অধ্যয়ন বুলি কলে বায়ুমণ্ডল, জলমণ্ডল আৰু ভূ-মণ্ডলকে সামৰি উদ্ভিদ আৰু প্ৰাণীসমূহক পৰিবেষ্টিত কৰি ৰখা বিভিন্ন উপাদান আৰু এই উপাদানসমূহৰ আন্তঃসম্পৰ্কৰ লগতে পাৰিপাৰ্শ্বিক দ্ৰব্য/সামগ্ৰীৰ লগত থকা সম্পৰ্ককে বুজা হয়।

৩। পৰিৱেশৰ মূল উপাদান তিনিটা হৈছে- 

(ক) জৈৱিক উপাদান।

(খ) অজৈৱিক উপাদান।

(গ) শক্তি উপাদান।

৪। পৰিৱেশ অধ্যয়নে সামৰি লোৱা বিষয়সমূহ হৈছে-

(ক) প্ৰাকৃতিক সম্পদ- সংৰক্ষণ আৰু ব্যৱস্থাপনা।

(খ) বাস্তৱবিদ্যা আৰু জৈৱ বৈচিত্ৰ।

(গ) পৰিৱেশ প্ৰদূষণ আৰু নিয়ন্ত্ৰণ।

(ঘ) সামাজিক উন্নয়ন আৰু পৰিৱেশ সম্পৰ্ক।

Multiple choice objective type questions

১। বছৰৰ কোন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়?

(ক) ১৮ এপ্ৰিল        

(খ) ৫ জুন

(গ) ১৭ জুন            

(ঘ) ৬ আগষ্ট

উত্তৰঃ (গ) ১৭ জুন।

২। স্বাভাৱিক পৰিৱেশ হ’ল-

(ক) পৰিস্থিতি তন্ত্ৰ।        

(খ) গছ-গছনি।

(গ) প্ৰযুক্তি বিদ্যা          

(ঘ) পৃথিৱীৰ ভূ-ভাগ

উত্তৰঃ (ক) পৰিস্থিতি তন্ত্ৰ।

৩। পৰিৱেশ অধ্যয়ন বিষয়টো এটা- 

(ক) কলা বিষয়      

(খ) বহুধা বিষয়

(গ) বিজ্ঞান বিষয়।   

(ঘ) বাণিজ্য বিষয়।

উত্তৰঃ (খ) বহুধা বিষয়।

৪। কোন তাৰিখে পৃথিৱীৰ দিৱস (Earth Day) পালন কৰা হয়?

(ক) ২২ মাচ         

(খ) ২২ এপ্ৰিল

(গ) ২০ এপ্ৰিল।     

(ঘ) ১৬ অক্টোবৰ।

উত্তৰঃ (খ) ২২ এপ্ৰিল।

৫। Environment’  শব্দটো ফৰাচী ভাষাৰ কোনটো শব্দৰ পৰা অনা হৈছে?

(ক) Environment.    

(খ) Environment.

(গ) Environner.       

(ঘ) Environment.

উত্তৰঃ (ঘ) Environment.

৬। মানৱ সৃষ্ট পৰিৱেশ কাৰক হ’ল-

(ক) পৰিস্থিতিতন্ত্ৰ    

(খ) যান-বাহন

(গ) গছ-গছনি         

(ঘ) জীৱ-জন্তু

উত্তৰঃ (খ) যান-বাহন।

৭। বায়ুমণ্ডল, জলমল আৰু স্থলমগুলৰ জীৱ থকা অংশক কি বোলে?

(ক) পৃথিৱী           

(খ) বননি

(গ) জীৱমণ্ডল      

(ঘ) ওপৰৰ সকলোবোৰ অশুদ্ধ

উত্তৰঃ (গ) জীৱমণ্ডল।

৮। বিশ্ব শীৰ্ষ সন্মিলন কোন চনত অনুষ্ঠিত হৈছিল।

(ক) ১৯৯০ চনত        

(খ) ১৯৯১ চনত

(গ) ১৯৯২ চনত        

(ঘ) ১৯৯৩ চনত

উত্তৰঃ (গ) ১৯৯২ চনত।

৯। জীৱ সম্প্ৰদায়ৰ দ্বাৰা গঠিত পৰিৱেশৰ উপদানেই হ’ল-

(ক) বায়ুমণ্ডল     

(খ) জৈৱিক উপাদান 

(গ) জলমণ্ডল      

(ঘ) অজৈৱিক উপাদান

উত্তৰঃ (খ) জৈৱিক উপাদান।

১০। জীৱহীন উপাদানবোৰক কোৱা হয়-

(ক)  বায়ু                  

(খ) পৰিৱেশ

(গ) জৈৱিক উপাদান   

(ঘ) অজৈৱিক উপীদান

উত্তৰঃ (ঘ) অজৈৱিক উপীদান।

১১ ৷ জৈৱিক পৰিৱেশৰ এটা উদাহৰণ হ’ল-

(ক) কিতাপ        

(খ) গ্ৰহ

(গ) মানুহ           

(ঘ) পৃথিৱী

উত্তৰঃ (গ) মানুহ।

১২। প্রথমে জীৱৰ সৃষ্টি হৈছিল–

(ক) বায়ুমণ্ডলত        

(খ) জলমণ্ডলত

(গ) স্থলমণ্ডলত    

(ঘ) ওপৰৰ সকলোবোৰ অশুদ্ধ

উত্তৰঃ (খ) জলমণ্ডলত।

১৩। পৰিৱেশৰ কেইটা মণ্ডল আছে? 

(ক) ২ টা  

(খ) ৪ টা 

(গ) ৩ টা 

(ঘ) ৫ টা

উত্তৰঃ (গ) ৩ টা।

১৪ ৷ পৃথিৱীৰ গৰ্ভত পোৱা ধাতুক কি বোলে?

(ক) পদাৰ্থ         

(খ) ভূমণ্ডল

(গ) খনিজ ধাতু  

(ঘ) ওপৰৰ সকলোবোৰ অশুদ্ধ

উত্তৰঃ (গ) খনিজ ধাতু।

১৫ ৷ পৃথিৱীক আৱৰি থকা গেছীয় আৱৰণক কি বোলে?

(ক) কাৰ্বন       

(খ) জলমণ্ডল

(গ) বায়ুমণ্ডল  

(ঘ) অক্সিজেন

উত্তৰঃ (গ) বায়ুমণ্ডল।

১৬। পৃথিৱীৰ জৈৱ আৰু অজৈৱ উপাদানবোৰৰ সমষ্টিক কি বোলা হয়?

 (ক) জীৱ বৈচিত্ৰ্য   

(খ) পৰিৱেশ

(গ) জীৱ মণ্ডল     

(ঘ) বায়ম পৰিৱেশ

উত্তৰঃ (ঘ) বায়ম পৰিৱেশ। 

১৭ পৃথিৱীৰ শীৰ্ষ সন্মিলন ক’ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল?

(ক) ১৯৯০ চনত নতুন দিল্লীত

(খ) ১৯৯১ চনত জেনেভাত

(গ) ১৯৯২ চনত ৰিঅ’ডি জেনেৰি অ’ত

(ঘ) ওপৰৰ সকলোবোৰ অশুদ্ধ

উত্তৰঃ (গ) ১৯৯২ চনত ৰিঅ’ডি জেনেৰিঅ’ত।

১৮।  জীৱহীন উপাদানবোৰক কি বোলা হয়?

(ক) জৈৱিক উপাদান   

(খ) অজৈৱিক উপাদান

(গ) ভৌতিক উপাদান  

(ঘ) ওপৰৰ সকলোবোৰ অশুদ্ধ

উত্তৰঃ (খ) অজৈৱিক উপাদান।

১৯ ৷ মানুহ পৰিৱেশৰ কেনে ধৰণৰ উপাদান—

(ক) অজৈবিক   

(খ) জৈৱিক

(গ) ভৌদিক   

(ঘ) জীৱমণ্ডল

উত্তৰঃ (খ) জৈৱিক।

২০ ৷ বায়ুৰ নাইট্ৰ’জেন উপস্থিতিৰ পৰিমাণ–

(ক) 78.10%    

(খ) 78.08% 

(গ) 78.09%      

(ঘ) 78.09%

উত্তৰঃ (গ) 78.09%

২১। ‘নীৰৱ বসন্ত’ কিতাপখনৰ লেখক কোন?

(ক) চালিম আলি       

(খ) ৰাছেল কাৰ্চন

(গ) ইন্দিৰা গান্ধী     

(ঘ) ওপৰৰ সকলোবোৰ অশুদ্ব

উত্তৰঃ (খ) ৰাছেল কাৰ্চন।

২২। বায়ুমণ্ডলৰ ভূ- -পৃষ্ঠৰ লগতে লাগি থকা স্তৰটোক কি বোলে?

(ক) ট্ৰপ’স্ফিয়াৰ        

(খ) ষ্টেট’স্ফিয়াৰ

(গে) মেচ’স্ফিয়াৰ      

(ঘ) আয়ন’স্ফিয়াৰ

উত্তৰঃ (ক) ট্ৰপ’স্ফিয়াৰ।

২৩ ৷ পৃথিৱীৰ ওপৰিভাগত থকা বায়ুৰ আৱৰণটোক কি বোলে?

(ক) ট্ৰপ’স্ফিয়াৰ      

(খ)  বায়ুমণ্ডল

(গ) গেছ মণ্ডল         

( ঘ) ওপৰৰ সকলোবোৰ মিছা

উত্তৰঃ (খ) বায়ুমণ্ডল।

২৪। পৃথিৱীৰ খোলাটোৰ গোটা, শিলাময় ভাগটোক কি বোলা হয়—

(ক) জীৱমণ্ডল 

(খ) ভূমি

(গ) ভূমণ্ডল     

(ঘ) ওপৰৰ সকলোবোৰ অশুদ্ধ

উত্তৰঃ (গ) ভূমণ্ডল।

1 thought on “Environmental Studies Unit 1 বহুধা বিষয়ৰ প্ৰকৃতি হিচাপে পৰিবেশ অধ্যয়ন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top