Class 4 Environmental Studies Additional Chapter 1 গছ-গছনিৰ কথা Solutions, Class 4 Environmental Studies Additional Question Answer, Class 4 Environmental Studies Additional Solutions PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Additional Notes and select needs one.
Class 4 Environmental Studies Additional Chapter 1 গছ-গছনিৰ কথা
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environmental Studies Additional Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environmental Studies Additional Notes for All Subject, You can practice these here.
গছ-গছনিৰ কথা
Chapter – 1
ADDITIONAL QUESTION ANSWER |
১। আকাৰ আৰু গঠন অনুসৰি উদ্ভিদক কেইটা ভাগত ভাগ কৰা হয়?
উত্তৰঃ চাৰিটা।
২। উদ্ভিদৰ পৰা আমি দৈনন্দিন কি বস্তু আহৰণ কৰোঁ।
উত্তৰঃ লাগতিয়াল বস্তু।
৩। ফুলৰ পৰা কি উৎপন্ন হয়?
উত্তৰঃ ফল।
৪। কিহৰ পৰা নতুন উদ্ভিদৰ সৃষ্টি হয়?
উত্তৰঃ গুটি বা বীজৰ পৰা।
৫। উদ্ভিদৰ এটা অংশ মাটিৰ তলত থকা অংশটো কি?
উত্তৰঃ শিপা।
৬। উদ্ভিদ জোপাক থিয় হৈ থকাত কিহে সহায় কৰে?
উত্তৰঃ শিপাই মাটিত খামুচি ধৰে।
৭। উদ্ভিদৰ শিপাই কিহৰ পৰা পানী শুহি লয়?
উত্তৰঃ মাটিৰ পৰা।
৮। উদ্ভিদৰ ডাল ক’ৰ পৰা ওলায়।
উত্তৰঃ কাণ্ডৰ পৰা।
৯। শিপাই মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লৈ কিহৰ মাজেৰে পাতলৈ পঠিয়ায়?
উত্তৰঃ কাণ্ডৰ।
১০। মাটিৰ তলত থকা শিপাৰ বৰণ কেনেকুৱা হয়?
উত্তৰঃ বগা।
১১। উদ্ভিদৰ এটা প্রয়োজনীয় অংশটো কি?
উত্তৰঃ পাত।
১২। উদ্ভিদৰ পাতবোৰ সেউজীয়া হোৱাৰ কাৰণ কি?
উত্তৰঃ পত্ৰহৰিৎ।
১৩। উদ্ভিদে নিজৰ আহাৰ নিজে তৈয়াৰ কৰি ল’ব পাৰেনে?
উত্তৰঃ পাৰে।
১৩। উদ্ভিদৰ আহাৰ তৈয়াৰ কৰা প্রক্রিয়াটো কি?
উত্তৰঃ সালোক সংশ্লেষণ।
১৪। উদ্ভিদে কোনটো গেছ বায়ুমণ্ডললৈ এৰি দিয়ে?
উত্তৰঃ অক্সিজেন গেছ।
১৫। কোনটো গেছৰ সহায়ত উদ্ভিদে আহাৰ তৈয়াৰ কৰে?
উত্তৰঃ কার্বন-ডাই-অক্সাইড গেছ।
১৬। পাতে এৰি দিয়া অক্সিজেন গেছ কি কামত ব্যৱহাৰ হয়?
উত্তৰঃ প্রাণীবোৰে উশাহত লৈ জীয়াই থাকে।
১৭। ৰাতি ফুলা এবিধ ফুলৰ নাম লিখা।
উত্তৰঃ ৰজনীগন্ধা।
১৮। ফুলক কি আকৰ্ষণ কৰে?
উত্তৰঃ কীট-পতংগ, মৌ-মাখি।
১৯। আম, কঁঠাল, জামু, লিচু, লেটেকু, পনিয়ল এইবোৰ কোনটো ঋতুত হোৱা ফল?
উত্তৰঃ গ্রীষ্ম ঋতুত।
২০। শীত ঋতুত হোৱা দুবিধ ফলৰ নাম লিখা।
উত্তৰঃ কমলা আৰু ৰবাবটেঙা।
২১। বহুগুটিয়া এবিধ ফলৰ নাম লিখা।
উত্তৰঃ কঁঠাল।
২২। ফল পকিলে কেনেকুৱা বৰণৰ হয়?
উত্তৰঃ হালধীয়া।
২৩। কমলা বছৰৰ কোন সময়ত পোৱা যায়?
উত্তৰঃ শীতকালত।
২৪। কমলাৰ আকৃতি কেনেকুৱা?
উত্তৰঃ ঘূৰণীয়া।
২৫। বছৰত কেইটা ঋতু?
উত্তৰঃ ছয়টা ঋতু।
২৬। উদ্ভিদে বায়ুমণ্ডলৰ কোনটো গেছৰ ভাৰসাম্য ৰক্ষা কৰে?
উত্তৰঃ অক্সিজেন গেছ।
২৭। প্রাণীয়ে নিশাহত এৰি দিয়া গেছটোৰ নাম কি?
উত্তৰঃ কার্বন-ডাই-অক্সাইড।
২৮। ‘উদ্ভিদ’ আৰু ‘প্রাণী’ কিহৰ ওপৰত নিৰ্ভৰশীল?
উত্তৰঃ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল।
২৯। দুবিধ বৃক্ষৰ নাম লিখা।
উত্তৰঃ কাঁঠাল আৰু শাল ।
৩০। অসমত পোৱা দুবিধ মূল্যবান কাঠৰ নাম লিখা।
উত্তৰঃ শাল আৰু চেগুন।