Class 4 Assamese Essay | ৰচনা

Class 4 Assamese Essay | ৰচনা, SEBA ৰচনা Class 4 Assamese Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board Class 4 অসমীয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

ৰচনা

অংকুৰণ

ASSAMESE

হাতী ৰচনা

জাতি :- হাতী এবিধ চাৰিঠেঙীয়া বনৰীয়া জন্তু। মানুহে হাতীক বনৰ পৰা ধৰি আনি পোহমনায়। মতা হাতীক ‘দঁতাল’ বা মখনা আৰু মাইকী হাতীক ‘মাখুন্দী’ বোলে। 

বৰণ :- হাতীৰ বৰণ ক’লা। ব্ৰহ্মদেশত বগা হাতী পোৱা যায়। 

আকাৰ :- হাতী আটাইতকৈ ডাঙৰ জন্তু। ই প্ৰায় ৩/৩.৫ মিটাৰ মান ওখ হয়। ইয়াৰ ঠেং চাৰিখন বৰ শকত। ঠেঙত পাঁচটাকৈ নখ থাকে। হাতীৰ গাটো ডাঠ আৰু খহটা ছালেৰে আগুৰা। হাতীৰ গাৰ নোম পাতল আৰু ঠৰঙা। 

হাতীৰ এডাল শু‍ঁৰ আছে। আগৰ ফালে ক্রমে সক। ওঁৰৰ আগটো ভাজখোৱা। ইয়াতেই নাক থাকে। নাকেৰে উশাহ লয়। হাতীৰ মূৰটো ডাঙৰ, কিন্তু গৰে তুলনাত সৰু। ইয়াৰ চকু দুটা সৰু কিন্তু কাণ দুখন বৰ ডাঙৰ। হাতীৰ এডাল নেজ আছে। নেজৰ আগত এটা নোমৰ থোপা আছে। 

হাতীৰ দুপাৰি দাঁত আছে। এপৰৰ পৰা দুটাকৈ ডাঙৰ দাঁত ওলায়। দঁতাল হাতীৰ দাঁত দুটা বৰ ডাঙৰ হয়। মাথুন্দীৰ দাঁত সৰু। 

ক’ত পোৱা যায় :- হাতী ভাৰত, বহ্মদেশ, মালয়, শ্যাম, শ্রীলংকা আৰু আফ্রিকা মহাদেশত পোৱা যায়। ভাৰতৰ ভিতৰত অসম আৰু মহীশূৰত বেছি পোৱা যায়। প্রকৃতিঃহাতী শান্ত স্বভাৱৰ প্ৰাণী। ই মাউত আৰু গৃহস্থক বৰ ভাল পায়। হাতীৰ শ্ৰৱণ শক্তি বৰ প্ৰথৰ। ই ওঁৰেৰে আহাৰ-পানী আনি মুখত সুমাই যায়। ওঁৰৰ সহায়ত ই শত্ৰুৰ আক্ৰমণৰ পৰা নিজক ৰক্ষা কৰে আৰু তাৰ সহায়ত শত্ৰুক আক্রমণো কৰে। হাতী দল বান্ধি থাকে। ই সাঁতুৰিব পাৰে। নাইকী হাতীয়ে এবাৰত এটাকৈ পোৱালি দিয়ে। পোৱালিয়ে মাকৰ গাখীৰ যায়। হাতী প্রায় ১০০-১২০ বছৰ জীয়াই থাকে। 

খাদ্য :- হাতীয়ে কলগছ, নানাধৰণৰ গছৰ পাত, ধান, মাহ-বুট আদি খায়।

উপকাৰিতা :- হাতীক গধুৰ বস্তু কঢ়িওৱাত, চিকাৰ কৰাত আৰু শোভা-যাৱা আদিত ব্যৱহাৰ কৰা হয়। পুৰণি কালত হাতীক যুদ্ধৰ কামত লগোৱা হৈছিল। চাৰ্কাচতো হাতীৰে খেল দেখুৱা হয়।

হাতীৰ দাঁতৰ পৰা ফণি, চুৰী, আঙঠি আদি তৈয়াৰ কৰা হয়। ইয়াৰ হাড়ৰ পৰা বুটাম, ছুৰী কটাৰীৰনাল আদি তৈয়াৰ কৰে। চহকী মানুহে হাতী কিনি পোহে।

গৰু ৰচনা

জাতি :- গৰু এবিধ ঘৰচীয়া পোহনীয়া জন্তু। মতা আৰু মাইকী ভেদে গৰু দুই প্ৰকাৰৰ। মতা গৰুক সৰুতে দমৰা, ষাঁড় বা বলধ আৰু মাইকী গৰুক গাই, চেঁউৰী বা কাঢ়লী বোলে। পোৱালি দিয়াৰ পিছত কাঢুলীক গাই বোলে। 

ক’ত পোৱা যায় :- পৃথিৱীৰ সকলো দেশতে গৰু পোৱা যায়। কোনো কোনো দেশত বনৰীয়া গৰুও পোৱা যায়।

খাদ্য :- গৰুৱে ঘাঁহ, খেৰ, নানা ধৰণৰ গছ-লতাৰ পাত, দানা, পানী আদি খায়। 

বৰণ :- গৰু নানা বৰণৰ আছে যদিও বগা, ক’লা, ৰঙা, মুগা, কজলা, পখৰা আদি বৰণৰ গৰুৱে প্ৰধান।

আকৃতি :- আমাৰ দেশৰ গৰুবোৰ সৰু। ই ওখই প্রায় এক, ড্ৰেমিটাৰ মান আৰু দীঘলে প্রায় দুই, আঢ়ৈ মিটাৰ মান হয়। গৰুৰ মুখখন দীঘল। গৰুৰ দুটা শিং আছে। কিছুমান গৰুৰ শিং নাথাকে ইহঁতক লাওমুৰা বোলে। ইয়াৰ কাণ দুখন দীঘল। ওপৰৰ পাৰীৰ আগ দাঁত নাই। কান্ধৰ ওপৰৰ ফালে এটা চুট থাকে। ইয়াৰ ডিঙিৰ তলফালে এখন ‘গল বিছনি’ আছে। ইয়াৰ এডাল নেজ আছে। নেজৰ সহায়ত মহ, ডাঁহ আদি খেদে। গৰুৰ ঠেং চাৰিখন। ঠেঙৰ খুৰাবোৰ ফটা। সেই কাৰণে গৰুৱে পানীত সহজে খোজ কাঢ়িব পাৰে। গৰুৰ গোটেই গাটো চুটি ঘন নোমেৰে আগুৰা।

স্বভাৱ :- গৰুব শান্ত স্বভাৱৰ প্ৰাণী। ইসহজে পোহমানে। গাই গৰুৱে এবাৰত এটাকৈ পোৱালি দিয়ে। পোৱালিক ‘দামুৰি’ বোলে। পোৱালিয়ে মাকৰ গাখীৰ খায়।

গৰুৱে প্রথমে ঘাঁহ, খেৰ আদি নোচোবাই গিলি থয়। যেতিয়া ইজিৰণি লয়, তেতিয়া ইমুখলৈ উগাৰি আনি ভালকৈ চোবাই খায়। তাকে ‘ঘাহপাগুলা’ বোলে। 

উপকাৰিতা :- বলধ বা হালোৱা গৰুৰে মানুহে হাল বায়, গাড়ী টানে, মৰণা মাৰে। কুঁহিয়াৰ পেৰা কামতো বলধ গৰুক ব্যৱহাৰ কৰা হয়। গাই গৰুৱে আমাক গাখীৰ দিয়ে। গাখীৰ বৰ পুষ্টিকৰ খাদ্য। গাখীৰৰ পৰা দৈ, চানা, ঘিউ, মাখন আদি তৈয়াৰ কৰে। গৰৰ গোবৰ আৰু মৃত শস্যৰ বাবে ভাল সাৰ। গৰুই মৰাৰ পিছতো মানুহৰ উপকাৰ কৰে। গৰুৰ হাড়ৰ পৰা বুটাম, সাৰ আদি তৈয়াৰ কৰা হয়। চামৰাৰ পৰা জোতা, জীন, বেগ, পেটী আদি সজায়।

গৰুৰ শিঙৰ পৰা ফণি তৈয়াৰ কৰে। খুৰাৰ পৰা আঠা তৈয়াৰ কৰা হয়। গৰক হিন্দুসকলে দেৱতা জ্ঞান কৰে। গতিকে গৰুৰ আমি সদায় যত্ন লোৱা উচিত।

কুকুৰ ৰচনা

পৰিচয় :- কুকুৰ এবিধ চাৰিঠেঙীয়া পোহনীয়া জন্তু। ইয়াক পৃথিৱীৰ সকলো ঠাইতে পোৱা যায়। ই প্রভু-ভক্ত প্রাণী। অৱশ্যে কোনো কোনো ঠাইত বনৰীয়া কুকুৰো পোৱা যায়।

আকাৰ :- কুকুৰ জাতি ভেদে কিছুমান ডাঙৰ আৰু কিছুমান সৰু। ইহঁতৰ মুখখন দীঘল আৰু জোঙা। দাঁতবোৰ বৰ জোঙা আৰু চোকা। জিভাখন মিহি। গাটো নোমেৰে আৱৰা। কাণ দুখন থিয়। চকু দুটা উজ্বল আৰু সৰু। বিদেশী কুকুৰ কিছুমানৰ কাণ দুখল হলা। ইহঁতৰ ভৰিৰ পতাৰ আঙুলিত জোঙা জোঙা নখ আছে। নেজডাল দীঘল, ভাঁজ লগা। 

খাদ্য :- কুকুৰ সাধাৰণতে মাংসহাৰী প্ৰাণী। ইহঁতে ভাত, মাছ, ৰুটী, মাংস, গাখীৰ, পকা কল আদি খায়।

জাতি :- কুকুৰ নানা জাতৰ আছে। দেশী আৰু বিদেশী। বিদেশী উন্নত জাতৰ কুকুৰৰ ভিতৰত এলচিচিয়ান, ডামেন, লেব্রাডোৰ, স্পেনিয়েল, ভুটীয়া আদিয়ে প্রধান। 

প্রকৃতি :- কুকুৰে অলপ খাব পালেই সন্তুষ্ট হয়। ইয়াৰ ঘ্রাণ শক্তি অতি প্ৰখৰ। টোপনি কম। ভাগৰ লাগিলে জিভা উলিয়াই ভাগৰ মাৰে। আনন্দ লাগিলে নেজ জোকাৰে। খং উঠিলে ভূকে, কামোৰে আৰু নখেৰে আচুৰে। মাইকী কুকুৰে এটাতকৈ অধিক পোৱালি দিয়ে।

উপকাৰিতা :- কুকুৰে মালিকক পহৰা দি প্ৰহৰীৰ কাম কৰে। চিকাৰ ধৰাত ই বৰ পাকৈত। কুকুৰক শিক্ষা দিলে সকলো শিকে। কুকুৰক শিক্ষা দি পুলিচ বিভাহে তদন্তৰ কামত ব্যৱহাৰ কৰে। যুদ্ধৰ সময়ত ইহঁতক অনুসন্ধানৰ কামত ব্যৱহাৰ কৰা হয়। 

অপকাৰ :- কুকুৰে কামুৰিলে সময়ত চিকিৎসা নকৰিলে মানুহৰ মৃত্যু হয়। কুকুৰ কেতিয়াবা বলিয়া হয়। বলিয়া কুকুৰে কামুৰিলে মানুহ মৃত্যু মুখত পৰে। কুকুৰৰ বিষাক্ত নখৰ যদি আচোৰ লাগে প্রতিষেধক ঔষদ ব্যৱহাৰ নকৰিলে বহুদিন পিছত হ’লৈও মানুহৰ জলাতঙ্কত মৃত্যু হয়। গতিকে কুকুৰৰ লগত চলা-ফুৰা কৰোতে সাৱধান হ’ব লাগে।

ধান খেতি ৰচনা

বর্ণনা :- ধান তৃণজাতীয় ওষধি গছ। এই খেতিৰ বাবে যথেষ্ট পরিমাণে বৰষুণ হোৱা, গৰম দেশ উপযোগী। ধানৰ সঁচবোৰ ভালকৈ চালি-জাৰি ৰ’দত শুকাই যত্নেৰে ৰাখিব লাগে। ধান গছ সাধাৰণতে এক-ডেমিটাৰ মান ওখ হয়। ইয়াৰ গা-গছৰ গাঁঠিৰ পৰা পাত ওলায়।

প্ৰকাৰ :- ধানখেতি সাধাৰণতে চাৰিপ্ৰকাৰৰ। যেনে- ১। শালিধান, ২। বৰোধান ৩। বাওধান ৪। আহুধান।

উৎপত্তিস্থান :- ধানখেতি সাধাৰণতে গ্রীষ্মপ্রধান দেশত যথেষ্ট পৰিমাণে হয়। অসম, পশ্চিমবঙ্গ, পঞ্জাব, কেৰেলা আদিত ধান খেতি ভাল হয়। ইয়াৰ উপৰিও চীন, জাপান, শ্রীলংকা, বাংলাদেশ আদিত ধানখেতি যথেষ্ট উৎপাদন হয়। 

খেতি কৰাৰ প্ৰণালী :- শালিধানৰ খেতিৰ বাবে জেঠ-আহাৰ মাহত ওখ ঠাইত হাল বাই বোকা কৰি মৈয়াই সমান কৰিব লাগে। আগেয়ে সঁচৰ বাবে ওখ ধানবোৰ ২/৩ দিনমান পানীৰ তলত ৰাখিব লাগে। পানীৰ পৰা উঠাই আনি আকৌ ২/৩ দিন মান ৰাখিব লাগে। তাৰ পাছত ধানৰ গুটিবোৰ ঘন ঘনকৈ সেই বোকা কৰা মাটিত সিঁচিব লাগে।

শালিধানৰ খেতি কৰা মাটি দ’ হ’ব লাগে। এই মাটিডৰা বহাগ-জেঠ। মাহত এবাৰ হাল বাই চহ কৰি থব লাগে। আহাৰ-শাওন আৰু ভাদমাহত শালিধানৰ খেতি কৰা হয়। শালিধানৰ খেতি কৰিবৰ বাবে মাটি চহাই বোকা কৰি মৈ দি সমান কৰিব লাগে। কঠীয়া তুলি নি গোছত ৭/৮ ভালকৈ কঠীয়া দি এগোছ এগোছকৈ ৰব লাগে। শালিধানৰ গুৰিত পানী থাকিলে খেতি ভাল হয়। 

বৰোধান :- বৰোধানৰ খেতি কৰিবলৈ হলে মাটিডৰা ভালদৰে বোকা কৰি চহ কৰিব লাগে। পুহ-মাঘ মাহত শালি ধানৰ খেতি কৰাৰ দৰে ৰুব লাগে। 

বাওধান :- বাওধানৰ খেতিৰ বাবে দ মাটিৰ প্ৰয়োজন। ফাগুন-চ’ত মাহত বাওধানৰ খেতি কৰা হয়। ইয়াৰ কাৰণে মাটি ভালকৈ হালবাই মৈয়াই ধূলি যেন কৰিব লাগে। তাৰ পিছত ধানবোৰ সিঁচিব লাগে। পুনৰ এবাৰ হালবাই ধান গুটিবোৰ মাটিৰ তল কৰি দিব লাগে। এই ধান আঘোণ-পুহ মাহত পকে।

আহুধান :- আহুধানৰ খেতি কৰিবলৈ ওখ আৰু দ দুয়ো শ্ৰেণীৰ মাটিয়েই ভাল। মাটিডৰা মাঘ-ফাল্গুন মাহত ধূলি যেন কৰি এই ধান সিঁচা হয়। ধান সিঁচাৰ পিছত পুনৰফ এবাৰ হালবাই মৈয়াই দিব লাগে। যেতিয়া ধানবোৰ গজি ওখ হয় তেতিয়া বিন্ধাই দিব লাগে। তেতিয়া ধানবোৰ ভালকৈ বাঢ়িব পাৰে। ধানৰ গুৰিত বন আদি গজিলে খস্তিৰে নিৰাই দিলে ভাল হয়। এই ধান জেঠ-আহাৰ মাহত পকে। 

ধান চপোৱাৰ প্ৰণালী :- ধান পকিলে কাটি মুঠি মুঠিকৈ বান্ধিব লাগে। এই মুঠিবোৰ ধাননি পথাৰতে ৰ’দত শুকোৱা হয়। পিছত এই মুঠিবোৰ ডাঙৰি বা আটিকৰি বান্ধি ঘৰলৈ অনা হয়। ডাঙৰিবোৰ চোতালত মেলি গৰুবা ম’হৰে মৰণা মৰা হয়। মৰণা মাৰি খেৰবোৰ এখোনেৰে জোকাৰি আঁতৰাব লাগে। পিছত গুটি ধানবোৰ ৰ’দত্ শুকুৱাই ভঁৰালঘৰত ৰখা হয়। ধানখেৰবোৰ মেজি কৰি থোৱা হয়।

উপকাৰিতা :- ধানৰ পৰা চাউল হয়। চাউলৰ পৰা ভাত হয়। ভাত আমাৰ প্ৰধান খাদ্য। ধানৰ পৰা চিৰা, মৃড়ী, আখৈ আদি তৈয়াৰ কৰা হয়। ধানৰ পৰা তুঁহ, খুদ, মল আদি ওলায়। এইবোৰ গৰু-ম’হৰ ভাল খাদ্য। ধানখেৰবোৰ গৰু-ম’হৰ খাদ্য। ধান বিক্ৰী কৰি খেতিয়কে ভাল লাভবান হয়। 

বিঃ দ্রঃ – আজিকালি আইজুং, পুঁছা, ৰঞ্জিত, আই-আৰ-এইট আদি বিভিন্ন ধৰণৰ ধান পোৱা যায়।

কলগছ ৰচনা

পৰিচয় :- কলগছ এবিধ বন জাতীয় উদ্ভিদ। পৃথিৱীৰ প্ৰায়বোৰ গৰম দেশতেই হয়। ইয়াক সাধাৰণতে ঔষধি জাতীয় উদ্ভিদ বোলা হয়। 

বর্ণনা :- কলগছৰ গুৰিত মুঢ়া থাকে। ইয়াৰ শিপাবোৰ থোপ খোৱা। গা-গছ পটুৱাৰে তৰপা তৰপি। গা-গছৰ মাজত এডাল মধুনা থাকে। ইয়াৰ পাতবোৰ দীঘল আৰু বহল। পাতৰ মাজত এডাল লোৰ থকা চৰুৱা আৰু দুয়ো কাষে কিছুমান সিৰা আছে। মাজৰ মুধনাডালৰ পৰা কলফুল বা কলডিল ওলায়। এই ফুলৰ বসুনাৰ তৰপে তৰপে সৰি ৪/৫ ৰ পৰা ২০ লৈ আমি মেলে। এই আখিবোৰ একে লগে থুপ বান্ধি থাকে। 

জাতি :- কলগছৰ কেবাটাও জাতি আছে। সাধাৰণ জাতৰ কল হ’ল—নানাবিধ আঠীয়া, পুৰাকল, জাহাজী, মালভোগ, চেনীচম্পা আদি। উন্নত জাতৰ কল কানাই বংশী, ৰামকল, দিগজয় আদি।

খেতি কৰা প্ৰণালী :- ই সাধাৰণতে ওখ বাম মাটিত হয়। কল খেতিৰ মাটি সুকীয়াকৈ চহাব নালাগে। কল বোৱা ঠাইখিনি ৬/৮ ইঞ্চি গাত খান্দি গাতটো ভালদৰে চহাই লৈ কল পুলি ৰুব লাগে। ৮/১০ হাত দূৰে দূৰে কব লাগে। বহাগ মাহ কল পুলি ৰবৰ বাবে অতি উত্তম মাহ। কলগছৰ গুৰিত গৰুৰ বা ছাগলীৰ গোবৰ দিব নালাগে। ইয়াৰ গুৰিত পচা জাবৰ-জোখৰ, ধানৰ তুই আদি নিব লাগে। কলৰ থোক কাটি অনাৰ পিছত গা গছডাল মুঢ়াসহ কাটি পেলাব লাগে। 

উপকাৰিতা :- কল আমি ভিন ভিন ধৰণে খাদ্য হিচাপে ব্যৱহাৰ কৰো, জাহাজী কল, আধাপৈণত অৱস্থাতে কেঁচা পাচলি হিচাপে ব্যৱহাৰ কৰে। পুৰঠ হ’লে পকাই খোৱা হয়। ঠিক তেনেদৰে– আঠিয়া, মুহনীয়া কলৰ পচলা, কেঁচা ছবজি হিচাপে ব্যৱহাৰ কৰে। জাহাজী, দিগজয়, চেনী চম্পা, কনাই বংশী, মালভোগ কলত বাহিৰে সকলো কলৰে কল ফুল পাচলি হিচাপে ব্যৱহাৰ কৰে। কল গছৰ মুঢ়া শুকাই পুৰি ছাই খাৰ কৰা হয়। এই খাৰ কাপোৰ ধোৱা, বাচন-বৰ্তন চাফা কৰা, খোৱা আদিত ব্যৱহাৰ কৰো। কলৰ বৰ্তমান মূল্য অতি বেছি। কল বিক্ৰী কৰি আমি পঢ়া খৰচ উলিয়াব পাৰো। আমাৰ পৰি থকা মাটিবোৰ চাফা কৰি কল গছৰ খেতি কৰিব লাগে।

আমাৰ গাঁও ৰচনা

নাম আৰু অৱস্থিতি : আমি বাসকৰা গাঁওখনৰ নাম…………… ই …………… জিলাৰ …………… মহকুমাৰ…………… মৌজাত অৱস্থিত। আমাৰ গাঁওখন সদৰৰ পৰা প্ৰায় …………… কিলোমিটাৰ …………… দিশত। 

বর্ণনা :- আমাৰ গাঁওখনৰ কেবাটাও চুবা বা চুবুৰী আছে। গাঁওখনত প্ৰায় ৩০০ ঘমান মানুহে বাস কৰে। ইয়াত হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মানুহ আছে।সকলো মানুহে মিলা-প্ৰীতিৰে বাস কৰে। গাঁওৰ মানুহবোৰ পৰিশ্ৰমী। বেছিভাগ মসুহেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। গাঁওখনৰ মানুহবোৰে ধান, মৰাপাট, সৰিয়হ, যাহ, আলু, কচু আদি খেতি কৰি জীৱন নিৰ্বাহ কৰে। বৰ্তমান কিছুমান শিক্ষিত লৰাই নানা ধৰণৰ ব্যৱসায় বাণিজ্য কৰিছে। আমাৰ গাঁওখনত দুটা ধান বনা তল আৰু এখন হাঁহ-মুৰ্গীৰ ফার্ম আছে।

আমাৰ গাঁওখনত এটা পুৰণি ৰাজহুৱা পুখুৰী আছে। বর্তমান ইয়াত আধুনিক পদ্ধতিৰে মাছ পোহাৰ ব্যৱস্থা চৰকাৰে হাতত লৈছে। আমাৰ গাঁওখনত টা পুথিভঁৰাল আছে, আৰু কেইবাটাও ডাঙৰ নামঘৰ আছে। মুছলমানসকলৰ যাবে এটা ডাঙৰ ধুনীয়া মছজিদ আছে। বর্তমান গাঁৱৰ প্ৰায়ভাগ মানুহৰ ঘৰতেই বিজলী চাকিৰ ব্যৱস্থা আছে। জনস্বাস্থ্য বিভাগৰ পৰা খোৱা পানীৰ বাবে কেইবাটাও দমকল আমাৰ গাঁৱত দিছে।

যাতায়তৰ ব্যৱস্থা :- আমাৰ গাঁৱৰ যাতায়তৰ ব্যৱস্থা বৰ ভাল। গাঁওখনৰ মাজেৰে যোৱা ৰাস্তাটো বহল আৰু ওখ। চৰকাৰে এই ৰাস্তাটো শিল দি মটৰ গাড়ী চলা চলকৰাৰ সুবিধা কৰি দিছে। ইয়াৰ উপৰিও কেইবাটাও ৰাস্তা আছে। গাঁওখনৰ উত্তৰ দিশেৰে ৫২ নং ৰাষ্ট্ৰীয় ঘাই পথটো গৈছে। এই পথেৰে নানা ধৰণৰ মটৰ গাড়ী চলে।

শিক্ষা আৰু অন্যান্য অনুষ্ঠান :- আমাৰ গাঁওখনৰ মানুহবোৰ আগৰ পৰাই শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া। ইয়াত দুখন প্রাথমিক বিদ্যালয় আৰু এখন হাইস্কুল আছে। হাইস্কুলখনৰ ওচৰত এটা ডাকঘৰ আছে। আমাৰ গাঁওখনৰ পশ্চিম দিশত এখন প্রাথমিক স্বাস্থ্যকেন্দ্র স্থাপন কৰিছে।

সামৰণি :- আমাৰ গাঁওখনত সকলো ধৰ্মৰ মানুহে মিল৷ প্ৰীতিৰে বসবাস কৰে। চোৰ-ডকাইত আদি নাই। নামঘৰসমূহত নানাধৰণৰ উৎসৱ সামূহিকভাৱে পালন কৰা হয়।

মুছলমান সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ মছজিদত সদায় প্ৰাৰ্থনা কৰে। মুঠৰ ওপৰত আমাৰ গাঁওখন সকলোফালৰ পৰা উন্নত। সেয়েহে মই মোৰ গাঁওখনক ভাল পাওঁ।

আমাৰ পঢ়াশালি বা বিদ্যালয় ৰচনা

নাম :- আমাৰ বিদ্যালয়ৰ নাম ………………………প্রাথমিক বিদ্যালয়।

অৱস্থিতি :- এই বিদ্যাল্যাখন ……………………… মহকুমাৰ ……………………… মৌজাৰ ………………………

গাঁও/ৱার্ডত অৱস্থিত। বিদ্যালয়খনৰ উত্তৰে ……….. দক্ষিণে ……………। পূবে ……………… আৰু পশ্চিমে ……………… ৷ 

সাধাৰণ বর্ণনা :- আমাৰ বিদ্যালয়ৰ ঘৰৰ ভেটিটো ওখ আৰু পকা। স্কুল ঘৰটো দীঘলে প্রায় ১৬ মিটাৰ বহলে ১০ মিটাৰ আৰু ওখ প্রায় ৪ মিটাৰ। আমাৰ স্কুল ঘৰটোৰ ৮ খন দুৱাৰ আৰু ১৪ খন খিৰিকি আছে। বিদ্যালয়ৰ বেৰবোৰ পকা। আমাৰ বিদ্যালয়ৰ আগফালে এখন ধুনীয়া ফুলনি আছে। “তাত নানা ধৰণৰ ফুলগছ আছে। বর্তমান ‘সামাজিক বনানিকৰণৰ আঁচনিৰ দ্বাৰা বিদ্যালয়থ চৌহদত গছপুলি ৰোপণ কৰিছে। মাজে সময়ে এই গছবোৰ আমি চাফ কৰোঁ। আমাৰ বিদ্যালয়ত প্রস্রাৱ ঘৰ আৰু পায়খানা ঘৰ আছে।

শ্ৰেণী, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী :- আমাৰ বিদ্যালয়ত চাৰিটা শ্ৰেণী আছে। প্রত্যেক শ্রেণীতে প্রায়……… জন ছাত্র-ছাত্রী আছে। বিদ্যালয়খনত মুঠ প্রায় ……………… জন ছাত্র-ছাত্রী আছে শিক্ষক-শিক্ষয়িত্রী ………..গৰাকী আছে। প্রত্যেক শ্রেণীতে চকী-টেবুল আছে। ছাত্র-ছাত্রীক শিকাবৰ বাবে ব্লেকব’ৰ্ড আছে। 

আমাৰ বিদ্যালয় ১০ বজাত বহে আৰু ৩ বজাত ছুটী হয়। ফুলৰ আৰম্ভণিতে আমি চাফাই কৰি হাত ধোওঁ। তাৰ পিছত প্রার্থনা কৰি পঢ়া আৰম্ভ কৰোঁ।

বিদ্যালয়ৰ সা-সঁজুলি :- আমাৰ বিদ্যালয়ত কেইবাখনো মেপ আৰু পৃথিৱীৰ গোলক আছে। বিদ্যালয়ত ২ টা আলমাৰী আছে। স্কুলত এটা ঘড়ী আৰু এটা ডাঙৰ ঘণ্টা আঁৰি থোৱা আছে। ছাত্র-ছাত্রীসকলে পানী খাবৰ বাবে দমকল আছে। স্কুলৰ ফুলনি বাগিচাত কাম কৰিবৰ বাবে কোৰ, দা আদি আছে।

সামৰণি :- আমি সপ্তাহত এদিন স্কুলৰ ফুলনিত কাম কৰোঁ। প্রতি শনিবাৰে বিদ্যালয় ছুটী হোৱাৰ পিছত আমি নাচ-গান কৰোঁ। সেয়েহে মই মোৰ বিদ্যালয়খনক বৰ ভাল পাওঁ।

বিহু ৰচনা

আৰম্ভণি :- বিহু অসমীয়া জাতিৰ অতি পুৰণি আৰু প্ৰধান উৎসৱ। বিহু বুলিলেই ডেকা-বুঢ়া, ল’বা-ছোৱালী সকলোৰে মন আনন্দৰে উপচি পৰে। সেয়েহে বিহু | অসমীয়াৰ প্ৰাণৰ আৰু আদৰৰ উৎসৱ। 

সাধাৰণ বর্ণনা :- বিহু তিনিটা— 

১। বহাগ বিহু বা ৰঙালী বিহু। 

২। কাতি বিহু বা কঙালী বিহু।আৰু 

৩। মাঘ বিহু বা ভোগালী বিহু। 

বহাগ বিহু :- চ’ত আৰু বহাগ মাহক ‘বসন্তকাল’ বোলে। এই সময়তে গছ লতাবোৰে নতুন কুঁহি পাতেৰে ঠন ধৰি উঠে। বিভিন্ন ধৰণৰ ফুল ফুলি প্ৰকৃতিৰ সৌন্দর্য বঢ়ায়। বতৰ ফৰকাল হয়। অসমীয়া ডেকা গাভৰুৱে ঢোল, পেঁপা, গগনা আদিৰে বিহু গীত গায়-নাচে। সেইকাৰণে এই বিহুক ‘ৰঙালী বিহু’ বোলে। এই বিহু সাত দিনলৈ পালন কৰা হয়।

চ’ত মাহৰ সংক্ৰান্তিৰ দিনা ‘গৰু বিহু’ আৰু বহাগ মাহৰ প্ৰথম দিনা ‘মানুহ বিহু’। গৰু-বিহুৰ আগদিনাই গৰখীয়া ল’ৰাবোৰে দীঘলতী- মাখিয়তী পাত আদি যোগাৰ কৰে। বিছৰ দিনা ৰাতিপুৱা গৰুৰ শিঙত তেল, গাত মাহ হালধি ঘঁহি দীঘলতী-মাখিয়তী পাতেৰে কোবাই গৰুৰ গা ধুৱায়। লাউ-বেঙেনা খুৱাই গৰুৰ দীৰ্ঘ-জীৱন কামনা কৰে। মই-ডাহ আদি নহবৰ বাবে গধূলি গোহালিত জাগ দিয়ে। নতুন পঘাৰে গৰু বান্ধি পিঠা খুৱায়।

বহাগৰ প্ৰথম দিনা মানুহৰ বিহু। এইদিনা সৰুৱে ডাঙৰক সেৱা-সন্মান কৰে। | নতুন গামোছা লয় আৰু আত্মীয়-স্বজনকো দিয়া হয়। এই বিহুত নানা ধৰণৰ বিহুগীত হুঁচৰী গোৱা হয়। সেয়েহে এই বিছটি অসমীয়াৰ অতি আনন্দৰ-অতি মৰমৰ। 

কাতি বিহু বা কঙালী বিহু :- আহিন মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু হয়। এই বিহুত || খোৱা বস্তুৰ অভাৱ হয় কাৰণে ‘কঙালী বিহু’ বোলে। কাতি বিহুৰ দিনা গধূলি তুলসী গুৰিত, ধাননি পথাৰত চাকি জ্বলোৱা হয়। এই মাহটোত তুলসী গছৰ গুৰিত মিঠাতেলৰ চাকি জ্বলোৱা হয়। কোনো কোনো মানুহে ওখ বাঁহ পুতি ‘আকাশ-বস্তি’ও জ্বলায়।

মাঘ বিহু বা ভোগালী বিহু :- পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু হয়। বিহুৰ আগদিনাক ‘উৰুকা’ বোলে। পুহ মাহৰ মুকলি পথাৰত গৰখীয়া ল’ৰাবোৰে ‘মেজি’ আৰু ‘ভেলা ঘৰ বা হাৰলিঘৰ’ সাজে। ‘ভেলাঘৰ’বাঁহ, নৰা আৰু শুকান কল-পাতেৰে সজা হয়। উৰুকাৰ দিনা এই ঘৰত গাঁৱৰ সকলোৱে মিলি ভোজ ভাত খায়। ৰাতিপুৱা সোনকালে উঠি গা-পা ধুই মেজিত জুই জ্বলাই দি ‘অগ্নিদেৱতাক’ সেৱা কৰে। নতুন তিল, মাহ, কর্ণী আদি অগ্নিদেৱতালৈ অৰ্পণ কৰা হয়। মেজি পোৰা শেষ হ’লৈ ঘৰলৈ আহি গোঁসাই ঘৰত, গুৰুজনাক সেৱা কৰে। তাৰ পিছত ৰংমনেৰে জা-জলপান, লাড়ু-পিঠা আদি খায়। দুপৰীয়াৰ নামঘৰত নাম-কীৰ্তন কৰা হয়। বিহুত নানা ধৰণৰ খেল-ধেমালি কৰা হয়। তাৰ ভিতৰত ম’হ যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ আদি। 

সামৰণি :- বিহু অসমীয়াৰ জাতীয় উৎসৱ। এই উৎসৱে অসমীয়া জাতিৰ একতা আৰু উদাৰতাৰ আদৰ্শ দাঙি ধৰে। সেয়েহে বিহু আমাৰ অতি আপোন।

লোকপ্রিয় গোপীনাথ বৰদলৈ ৰচনা

জন্ম :- ১৮৯১ চনৰ জুন মাহত গুৱাহাটী চহৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে জন্মগ্রহণ কৰে। তেওঁৰ দেউতাকৰ নাম আছিল বুদ্ধেশ্বৰ বৰদলৈ আৰু মাকৰ নাম প্রাণেশ্বৰী দেৱী। দেউতাক বুদ্ধেশ্বৰ বৰদলৈ এগৰাকী বিখ্যাত ডাক্তৰ আছিল। 

শিক্ষা :- বৰদলৈদেৱে গুৱাহাটীৰ কলেজিয়েট হাইস্কুলৰ পৰা কৃতিত্বৰে প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। প্ৰৱেশিকা পৰীক্ষা পাছ কৰি বৰদলৈদেৱে কলিকতালৈ পঢ়িবলৈ যায়। কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ১৯১৫ চনত এম এ আৰু বি এল পৰীক্ষা পাছ কৰে। 

কর্মজীৱন :- গুৱাহাটীত বৰদলৈদেৱে কৰ্মজীৱন আৰম্ভ কৰে। ওকালতি কৰাৰ কেইবছৰমান পিছতেই গান্ধীজীৰ অহিংস অসহযোগ আন্দোলনত যোগ দিয়ে। এই আন্দোলনত বৰদলৈদের একনিষ্ঠভাবে লাগি গ’ল। সেইবাবে ইংৰাজ চৰকাৰে তেওঁক বন্দী কৰি কেইবাবাৰো ফাটেকত দিয়ে।

১৯৩৭ চনত গোপীনাথ বৰদলৈ প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ সদস্য হৈ বিধানসভালৈ নির্বাচিত হয়। মাত্র চৈধ্যমাহৰ পাছত ভাৰতীয় কংগ্ৰেছৰ নিৰ্দেশত তেওঁ মন্ত্রীত্ব ত্যাগ কৰে। 

১৯৪২ চনৰ আন্দোলনত যোগ দি বৰদলৈদেৱে পুনৰ কাৰাবাস খাটে। ইয়াৰ দুবছৰৰ পিছত কাৰাবাসৰ পৰা ওলাই আহি পুনৰ আন্দোলনত যোগ দিয়ে। তাৰ পাছত পুনৰ অসম বিধানসভাৰ সদস্যলৈ নিৰ্বাচিত হয় আৰু কংগ্ৰেছ দলৰ হৈ মন্ত্ৰীসভা গঠন কৰে। গোপীনাথ বৰদলৈ অসমৰ প্ৰথম প্রধানমন্ত্রী আছিল। সেই সময়ত মুখ্যমন্ত্ৰীজনক প্রধানমন্ত্রী বোলা হৈছিল।

বৰদলৈদেৱে অসমৰ মুখ্যমন্ত্ৰী হৈ নানা জনহিতকৰ কামত আত্মনিয়োগ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়, মেডিকেল কলেজ, পশু চিকিৎসা কলেজ, কৃষি কলেজ, ইঞ্জিনিয়াৰিং কলেজ, আয়ুর্বেদ কলেজ, পুলিচ ট্রেইনিং কলেজ আদি বিভিন্ন শিক্ষা অনুষ্ঠান তেওঁৰেই আশাশুষীয়া পৰিশ্ৰমৰ ফল। ইয়াৰ উপৰিও অসম উচ্চ ন্যায়ালয় স্থাপন কৰে। এইজন অসমৰ বৰেণ্য পুৰুষৰ গুণত মুগ্ধ হৈ ৰাইজে তেওঁক ‘লোকপ্রিয়’ উপাধি দিয়ে।

মৃত্যু :- ১৯৫০ চনৰ ৪ আগষ্ট তাৰিখে এইগৰাকী মহান নেতাৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নশ্বৰ দেহৰ অৱসান ঘটে। বৰদলৈদেৱে এই কর্মময় কাৰ্যাৱলীৰ আদৰ্শৰ মাজেৰে আমাক সদায় উৎসাহ আৰু অনুপ্রেৰণা যোগাব। 

সৰস্বতী পূজা ৰচনা

উৎসৱ পালন :- পঢ়াশালি বা বিদ্যালয়ৰ প্ৰধান উৎসৱ হ’ল সৰস্বতী পূজা। প্ৰতিবছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা পালন কৰা হয়।সৰস্বতী বিদ্যাৰ আৰু জ্ঞানৰ দেৱী। সেয়েহে প্রত্যেক বিদ্যালয়ত এই উৎসৱ পালন কৰা হয়।

সাধাৰণ বৰ্ণনা :- সৰস্বতী দেৱীৰ মূৰ্তি মাটিৰে সজোৱা হয়। বগা পদুম ফুলৰ আসনৰ ওপৰত এই প্রতিমা সজোৱা হয়। বগা ৰাজহাঁহ হ’ল এই দেৱীৰ বাহন। সৰস্বতী দেৱীৰ এখন হাতত কিতাপ আৰু আনখন হাতত বীণা থাকে। সৰস্বতী পূজাখন নিয়াৰিকৈ চলাবৰ বাবে এখন পূজা কমিটী পতা হয়। ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা সম্পাদক / সম্পাদিকা পতা হয়। ৭/৮ জনমান সদস্য/সদস্যা লৈ পূজা কমিটীখন পতা হয়। ছাত্র-ছাত্ৰীসকলৰ চাঁদাবৰঙণিৰ পৰা এই উৎসৱ পতা হয়।

পূজাৰ ৪/৫ দিন আগৰ পৰা ৰভা আদি দি পূজাৰ প্ৰস্তুতি কৰা হয়। পূজাৰ আগদিনা গধূলি মণ্ডপত প্রতিমা স্থাপন কৰা হয়। পুৰোহিতে বেদ মন্ত্ৰৰ দ্বাৰা অধিবাস কৰি দেৱীৰ পূজা আৰম্ভ কৰে। ৰাতি নাম-কীৰ্ত্তন, যাত্রা, ভাওনা আদি পতা হয়। পূজাৰ দিনা ৰাতিপুৱা গা ধুই ছাত্র / ছাত্রীসকল বিদ্যালয়লৈ আহে। পুৰোহিতে যথাসময়ত পূজা শেষ কৰি ছাত্ৰ-ছাত্ৰীসকলক শান্তিজল দি শুচি কৰে। সকলোৱে বাগ-দেৱীৰ চৰণত ফুল-পাহ দি সেৱা কৰে। পূজাৰীয়ে আশীৰ্বাদ দিয়ে আৰু নির্মালি দিয়ে। দুখীয়া সকলো শিক্ষক শিক্ষয়িত্রী, ছাত্র-ছাত্রী মিলি ভোজন কৰা হয়। আবেলি নিমন্ত্রিত অতিথির অভ্যর্থনা কৰা হয়। গধূলি আৰতি কৰি পূজা শেষ কৰা হয়। 

সামৰণি :- পূজাৰ পিছদিনা আবেলি ছাত্র-ছাত্রীসকলে প্রতিমালৈ শোভা যাত্রা কৰে। সৰস্বতী পূজাই ল’ৰা-ছোৱালীৰ মনত আনন্দ আৰু ভক্তিৰ আদৰ্শ দিয়ে। এই পূজাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একতা আৰু মৰম স্নেহ বঢ়ায়।

মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱ ৰচনা

জন্ম :- শ্রীশঙ্কৰদেৱে নগাঁৱৰ বৰদোৱাত ১৪৪৯ খ্ৰীতে জন্মগ্রহণ কৰে। শঙ্কৰদেৱৰ পিতাকৰ নাম কুসুম্বৰ শিৰোমণি ভূঁঞা আৰু মাকৰ নাম সত্যাসন্ধা। শঙ্কৰৰ সকালতে পিতাক আৰু মাকৰ মৃত্যু হোৱাত বুঢ়ীমাক খেৰসুতিয়ে ডাঙৰ-দীঘল কৰে। 

শিক্ষা :- শঙ্কৰে ১২ বছৰ বয়সলৈকে ধেমালি কৰি ফুৰিছিল। এদিন বুঢ়ীমাক খেসুতিয়ে মহেন্দ্ৰকন্দলীৰ টোলত শঙ্কৰৰ নাম ভৰ্ত্তি কৰে। শঙ্কৰ আছিল অসাধারণ মেধারী ছাত্র। বর্ণমালা শিকিয়েই এটা ‘আ-কাৰ, উ-কাৰ’ নোহোৱা কবিতা লিখি গুৰুক দেখুৱায়―

কতল কমল কমলদল নয়ন। 

ভৱদৱ দহন গহন বন শয়ন।।

খৰতৰ বৰশত হতদল বদন।

খগচৰ নগধৰ ফনধৰ শয়ন।।

অকল এয়ে নহয় অতি অলপদিনৰ ভিতৰতে নানা শাস্ত্র পঢ়ি বহুতো জ্ঞান লাভ কৰে। ইয়াৰ উপৰিও যোগসাধন কৰি শৰীৰৰ শক্তি বঢ়াইছিল। সেয়েহে এদিন এটা ষাঁড় গৰুক শিঙত ধৰি ওফৰাই দিছিল। ভাদমহীয়া ভৰপূৰ বৰলুইত সাঁতুৰি পাৰ হৈছিল।

কৰ্মজীৱন আৰু ধৰ্মপ্ৰচাৰ :- শ্ৰীশঙ্কৰদেৱে বাইশ বছৰ বয়সত ‘সূর্যবতীক’ বিয়া কৰায়। সূর্যৱতীৰ এজনী ছোৱালী জন্ম কিছুদিন পিছত মৃত্যু হয়। শ্ৰীশ্ৰীশঙ্কৰদেৱে যথাসময়ত তেওঁৰ ছোৱালীজনীক বিয়া দি তীৰ্থ ভ্ৰমণ কৰিবলৈ যায়। বাৰ বছৰ ভাৰতবৰ্ষৰ নানা তীৰ্থ ভ্ৰমণ কৰি ঘূৰি আহে। তীৰ্থ ভ্ৰমণ কৰি অহাৰ পিছত বন্ধু-বান্ধৱৰ অনুৰোধত তেওঁ পুনৰ বিবাহ কৰায়।

মহাপুৰুষ শ্ৰীশ্ৰীশঙ্কৰদেৱে ভাগৱতৰ সাৰ গ্ৰহণ কৰি বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে। বৈষ্ণৱ ধৰ্মত কোনো মূর্তি পূজাৰ প্ৰচলন নাই। একদের একসেৱ ধৰ্মত কোনো জাতি ভেদ, জীৱ হিংসা আদি নাই। ভগৱানৰ ওচৰত সকলো সমান। সেয়েহে এই ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ সকলোৱে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। মহাপুৰুষ মাধৱদেৱ আছিল তেখেতৰ প্ৰধান শিষ্য। গুৰুজনাই ছকুৰি ভকত লগত লৈ পুনৰ দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণ কৰিছিল।

সাহিত্য আৰু সাংস্কৃতিক অৱদান :- মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ধৰ্মপ্ৰচাৰৰ বাবে নানা পুথি ৰচনা কৰিছিল। কীৰ্তন আৰুনাম ঘোষা’ আছিল মহাপুৰুষ জনাৰ অন্যতম পুথি। তাৰ উপৰি দশম ভাগৱত, হৰিশ্চন্দ্ৰ উপাখ্যান, বলিছলন, অজামিল উপাখ্যান, ভক্তিৰত্নাকৰ, গুণমালা, ৰুক্মিণীহৰণ, উত্তৰাকাণ্ড ৰামায়ণ পুথি ৰচনা কৰে। ইয়াৰ বাহিৰেও শ্ৰীমন্ত শঙ্কৰদেৱে ‘বৰগীত’, ‘ভটিমা’ আৰু ‘অঙ্কীয়া নাট’ ৰচনা কৰে। এইজনা মহাপুৰুষে অসমৰ বিভিন্ন প্ৰান্তত সত্ৰ আৰু নামঘৰ স্থাপন কৰিছিল। তিৰোধানঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ছকুৰি বছৰ বয়সত কোচবিহাৰ ‘মধুপুৰ সত্ৰত বৈকুণ্ঠ প্ৰয়াণ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top