Class 12 Swadesh Adhyayan Chapter 1 উত্তৰ – পূৱ ভাৰতত অসমঃ পৰিৱেশ, ভূ – প্রকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক

Class 12 Swadesh Adhyayan Chapter 1 উত্তৰ – পূৱ ভাৰতত অসমঃ পৰিৱেশ, ভূ – প্রকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক, স্বদেশ অধ্যয়ন Class 12 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 12 Swadesh Adhyayan Chapter 1 উত্তৰ – পূৱ ভাৰতত অসমঃ পৰিৱেশ, ভূ – প্রকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 12 Swadesh Adhyayan Chapter 1 উত্তৰ – পূৱ ভাৰতত অসমঃ পৰিৱেশ, ভূ – প্রকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক Notes covers all the exercise questions in HS 2nd Year Swadesh Adhyayan Textbooks. The Assam Board Class 12 Swadesh Adhyayan Chapter 1 উত্তৰ – পূৱ ভাৰতত অসমঃ পৰিৱেশ, ভূ – প্রকৃতি, জলবায়ু, মাটি আৰু পৰস্পৰৰ সম্পৰ্ক provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

উত্তৰ – পূৱ ভাৰতত অসম

Chapter – 1

প্রথম ভাগ: ভূগোল

অনুশীলনী প্রশ্নোত্তৰ

১। ( ক ) উত্তৰ পূৱ পৰিষদ কোন চনত গঠন হয় ? 

উত্তৰঃ ১৯৭১ চনত । 

( খ ) উত্তৰ পূৰ্বাঞ্চলত ছিকিম ৰাজ্যক কেতিয়া অন্তর্ভূক্ত কৰা হয় ? 

উত্তৰঃ ২০০২ চনত । 

( গ ) অসম ৰাজ্য কোন জলবায়ু অঞ্চলৰ অন্তর্গত ? 

উত্তৰঃ সেমেকা উপক্রান্তীয় । 

( ঘ ) ২০১১ চনৰ লোকপিয়ল অনুসৰি প্ৰতি বর্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান ? 

উত্তৰঃ ৩১,২০৫,৫৭৬ জন । 

( ঙ ) ভাৰতবৰ্ষৰ পৰিসীমাৰ ভিতৰত থকা ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ কিমান শতাংশ এলেকা অসমৰ ভিতৰত পৰিছে ? 

উত্তৰঃ ৩৬.৩৩ শতাংশ । 

( চ ) অসমৰ মাটি কেইপ্ৰকাৰৰ ? 

উত্তৰঃ চাৰি প্ৰকাৰৰ । 

২। ( ক ) উত্তৰ পূৰ্বাঞ্চলৰ মুঠ প্রদেশ কেইখন আৰু কি কি ?

উত্তৰঃ উত্তৰ – পূৰ্বাঞ্চলৰ মুঠ প্ৰদেশ আঠখন । সেয়া হ’ল— অসম , মেঘালয় , অৰুণাচল প্রদেশ , মণিপুৰ , ত্ৰিপুৰা , মিজোৰাম , নাগালেণ্ড আৰু ছিক্কিম ।

( খ ) উত্তৰ – পূৱ ভাৰতত অসম উত্তৰ – পূব পৰিষদৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি ? 

উত্তৰঃ উত্তৰ – পূৱ পৰিষদৰ মূল লক্ষ্য হ’ল— উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাঙ্গীন উন্নয়ন আৰু অর্থনৈতিক উন্নয়ণ আৰু উদ্দেশ্য হল— উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকৰ মাজত সমন্বিয় সহযোগিতা আৰু ঐক্য বৃদ্ধি কৰা । 

( গ ) ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ? 

উত্তৰঃ ইয়াণ্ডাবু সন্ধি ১৮২৬ চনত ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত হৈছিল । 

( ঘ ) উত্তৰ পূৰ্বাঞ্চলৰ কোন দুখন ৰাজ্য ১৯৪৯ চনৰ পৰা ১৯৭২ চনলৈকে কেন্দ্রীয় শাসিত অঞ্চল হিচাপে আছিল ? 

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ আৰু ত্ৰিপুৰা ১৯৪৯ চনৰ পৰা ১৯৭২ চনলৈকে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে আছিল । 

( ঙ ) উত্তৰ পূৰ্বাঞ্চলক কোন কেইখন বিদেশী ৰাষ্ট্ৰই আগুৰি আছে ? 

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলক নেপাল , ভুটান , চীন , বাংলাদেশ আৰু ম্যানমাৰে আগুৰি আছে । 

( চ ) ব্রহ্মপুত্ৰক পূর্ববর্তী নদী বুলি কিয় কোৱা হয় ? 

উত্তৰঃ ব্ৰহ্মপুত্ৰক এখন পূর্বৱর্তী নদী বুলি কোৱা হয় কাৰণ ব্ৰহ্মপুত্ৰ উৎস অঞ্চলতকৈ ওখ অঞ্চলৰ মাজেৰে প্ৰৱাহিত হৈছে । 

৩। ( ক ) ভাৰতবৰ্ষত প্ৰৱেশ কৰাৰ পৰা ব্ৰহ্মপুত্ৰৰ গতিপথৰ এটা চমু বৰ্ণনা দিয়া ? 

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উৎস কৈলাশ গিৰিমালাৰ পৰা য়াবলুং চাংপো নামেৰে প্ৰায় ১৭০০ কিলোমিটাৰ পূৱ দিশে বৈ দক্ষিণমুৱা হৈ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰে । অৰুণাচলত প্ৰৱেশ কৰাৰ পিছত এই নদীক ছিয়াং নামেৰে জনা যায় । প্রায় ২৭৮ কিলোমিটাৰ পথ প্রবাহিত হৈ পাছিঘাটৰ পৰা ৫২ কিলোমিটাৰ নামণিত ছিয়াঙৰ নামনি অংশ অর্থাৎ দিহঙে দিবং আৰু লোহিতৰ লগ লাগিছে । এই সংগমস্থলীক ‘ পৰশুৰাম কুণ্ড ’ নামেৰে জনা যায় । এই সংগমস্থলীৰ পৰা পশ্চিমমুৱাকৈ বৈ অহা বৃহৎ জলাধৰাই হ’ল ব্ৰহ্মপুত্ৰ । 

( খ ) অসমৰ জলবায়ু নিয়ন্ত্ৰণত হিমালয়ৰ প্ৰভাৱ ব্যাখ্যা কৰা । 

উত্তৰঃ সুউচ্চ হিমালয় পর্বত – মালাই সমগ্র অঞ্চলটোক উত্তৰ দিশৰ পৰা প্ৰবাহিত হোৱা প্রবল শীতৰ পৰা ৰক্ষা কৰিছে । হিমালয়ৰ বৰফাবৃত থিয় ঢালৰ পৰ্বতমালা আৰু গভীৰ গিৰিখাতবোৰে বিদেশী ৰাষ্ট্ৰই স্থলভাগেৰে কৰিব পৰা আক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে কমাই ৰাখিছে। গোটেই বছৰ পানী থকাৰ বাবে নদ – নদীবোৰত বিভিন্ন প্রজাতিৰ বহুতো উদ্ভিদ আৰু জলচৰ প্ৰাণীৰ সমাহাৰ ঘটে , সকলো ঋতুত প্ৰয়োজন অনুসৰি খেতি মাটিত পানী যোগান ধৰিবলৈ সম্ভৱ হৈছে। 

( গ ) মাজুলীৰ বিশেষত্বসমূহৰ বৰ্ণনা দিয়া । 

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ বুকুতেই বিখ্যাত নদী দ্বীপ মাজুলী অৱস্থিত । মাজুলীৰ মুঠ মাটিকালি ৬৪৫ বর্গ কিলোমিটাৰ । নদী দ্বীপ মাজুলীত ১৫৫ খন বসতিপূর্ণ গাওঁ আছে । জৈৱবিচিত্ৰতাৰ দিশৰ পৰা মাজুলী অতিশয় চহকী । নদী দ্বীপ মাজুলীৰ কিছু বিশেষত্ব এনেধৰণৰ ―

( ১ ) মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ । 

( ২ ) মাজুলীৰ মুখা শিল্প বিশ্ববিখ্যাত ।

( ৩ ) এই নদী দ্বীপত বিৰল প্ৰজাতিৰ শিশু পোৱা যায় । 

( ৪ ) পৃথিৱীৰ ভিতৰত কেৱল চাৰিটা প্ৰজাতিৰ নিৰ্মল পানীত থকা বিৰল শিহু পোৱা যায় । তাৰ ভিতৰত প্লেটানিছ গেঞ্জেটিকা নামৰ লুপ্তপ্ৰায় শিহু বিধ ব্ৰহ্মপুত্ৰত আছে । 

এই বিৰল প্ৰজাতিৰ শিহুবিধ গৱেষক আৰু পৰ্যটকৰ আকৰ্ষণ বিন্দু । 

( ঘ ) ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰীয় নদীপথ হিচাপে এটি চমু ব্যাখ্যা দিয়া । 

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ আয়ুস ৰেখা নামেৰে ব্ৰহ্মপুত্ৰ নদীক জনা যায় । বিশেষকৈ অসমৰ প্ৰাকৃতিক পৰিৱেশ , অর্থনৈতিক অৱস্থা আৰু মানুহৰ জীৱন ধাৰণ ব্যৱস্থাত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ অপৰিসীম । ব্ৰহ্মপুত্ৰ নদী পৰিভ্ৰমী চৰাইৰ এটা সুদীৰ্ঘ আৰু গুৰুত্বপূৰ্ণ ভ্রমণ পথ । সূদূৰ ইউৰোপ , চাইবেৰিয়া আদিৰ পৰা পৰিভ্ৰমী চৰাই ব্ৰহ্মপুত্ৰ পথেৰে দক্ষিণ – পূৱ এছিয়ালৈকে উৰি আহে । তাৰে ভিতৰত বহুতো পক্ষী অসমৰ বিল, জলাহবোৰত আশ্রয় লয় । সাধাৰণতে শীতকালত এনে পৰিভ্ৰমী চৰাই অসমত দুই তিনি মাহৰ বাবে আশ্রয় লয় আৰু পুনৰ নিজ স্থানলৈ গতি কৰে । তাৰোপৰি ব্ৰহ্মপুত্ৰ নদীখনত গোটেই বছৰ জাহাজ চলাচল কৰিব পৰাকৈ পর্যাপ্ত গৰিমাণৰ পানী থকাৰ বাবে চৰকাৰে এই নদীপথক ৰাষ্ট্ৰীয় নদীপথ হিচাপে চিনাক্ত কৰিছে । 

( ঙ ) জলবায়ুৰ দিশৰ পৰা অসমক কেইটা আৰু কি কি ঋতুত ভাগ কৰা হৈছে বৰ্ণনা কৰা । 

উত্তৰঃ মৌচুমী বতাহৰ প্ৰভাৱ অসমৰ জলবায়ুৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ । এটা বছৰতেই বিভিন্ন ধৰণৰ জলবায়ু পৰিৱৰ্তন হোৱা কাৰণে বছৰটোক চাৰিটা ঋতুৰ আধাৰত ভাগ কৰা হৈছে । সেই ঋতু কেইটা হ’ল— বর্ষা , শীত , শৰৎ আৰু বসন্ত । এই চাৰিটা ঋতুৰ ভিতৰত বর্ষা আৰু শীত ঋতু কিছু দীঘলীয়া । শীত আৰু বৰ্ষাৰ মাজত বসন্ত আৰু বৰ্ষা আৰু শীতৰ মাজত শৰৎ ঋতু । এই দুই ঋতুকাল যথেষ্ট চুটি হয় । নৱেম্বৰ মাহৰ মাজৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজলৈকে শীতকাল । এই ঋতুত পুৱা গধূলি কুৱলী পৰা দেখা যায় । মাৰ্চ মাহৰ পৰা উষ্ণতা বাঢ়িবলৈ ধৰে । 

মাৰ্চ মাহৰ পৰা প্ৰায় গোটেই এপ্রিল মাহত অসমত যি ধুমুহা বতাহ আহে তাক স্থানীয় ভাষাত বৰদৈচিলা অহা বুলি কোৱা হয় । তাৰ পিছত জুন মাহৰ আৰম্ভণিৰ পৰা মৌচুমী বায়ুৰ আগমন ঘটে আৰু চেপ্তেম্বৰ মাহলৈকে প্রবল বৃষ্টিপাত হয় । ইয়াৰ ঠিক আগৰে পৰাই প্ৰধানকৈ মে ‘ মাহত বায়ুমণ্ডলৰ উষ্ণতা যথেষ্ট অনুভূত হয় । চেপ্তেম্বৰৰ শেষৰ ফালে উত্তাপো কমি আহে আৰু বৰ্ষা ঋতুৰো অন্ত পৰে । নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা শীত ঋতু আৰু বৰ্ষা ঋতুৰ মাজৰ সম হাৱা হ’ল শৰৎকাল , যিটো ঋতু যথেষ্ট চুটি । লাহে লাহে শীতৰ প্ৰকোপ বাঢ়ে আৰু ডিচেম্বৰৰ শেষৰ পৰা জানুৱাৰী মাহৰ ভিতৰত বায়ুমণ্ডলৰ উষ্ণতা সৰ্বনিম্ন হৈ পৰে । 

( চ ) অসমত মৌচুমী বতাহৰ প্ৰভাৱ কেনেকুৱা ব্যাখ্যা কৰা । 

উত্তৰঃ অসমৰ জলবায়ু মৌচুমী বতাহৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱান্বিত । বতৰৰ অৱস্থা একোটা বছৰৰ বিভিন্ন সময়ত বিভিন্ন হোৱাৰ বাবে বছৰটোক চাৰিটা ঋতুত ভগোৱা হৈছে । বর্ষা , শীত , শৰৎ আৰু বসন্ত। নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ফেব্ৰুৱাৰী মাহৰ মাজলৈকে শীতকাল । এই সময়ত গড় উত্তাপ ১৫° ছেলছিয়াছতকৈ তললৈ নামে । এই ঋতুত পুৱা – গধূলি কুঁৱলী পৰা দেখা যায় । মাৰ্চ মাহৰ শেষৰ পৰা প্ৰায় গোটেই এপ্রিল মাহত অসমত যি ধমুহা বতাহ বলে তাকে স্থানীয় লোকে বৰদৈচিলা অহা বুলি কয় । 

এই সময়ছোৱাতে গছে নতুন পাত মেলে আৰু এটা চুটি সময়ৰ বাবে বসন্ত কাল বিৰাজ কৰে । তাৰ পিছত জুন মাহৰ আৰম্ভণিৰে পৰা মৌচুমী বায়ুৰ আগমন ঘটে আৰু চেপ্তেম্বৰ মাহ পর্যন্ত প্ৰৱল বৃষ্টিপাত হয়। ইয়াৰ ঠিক আগে আগে প্রধানকৈ মে ‘ মাহত বায়ুমণ্ডলৰ উষ্ণতা যথেষ্ট অনুভূত হয় । এই সময়ত উত্তাপ ৩০° ছেলছিয়াছৰ পৰা ৩৫° ছেলছিয়াছ পর্যন্ত হয়গৈ । চেপ্তেম্বৰৰ শেষৰ ফালে উত্তাপো কমি আহে আৰু বর্ষা ঋতুৰো অন্ত পৰে । ক্ৰমে আকাশ ফৰকাল হয় । নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা শীত ঋতু আৰু বৰ্ষা ঋতুৰ মাজৰ সময়ছোৱা হ’ল শৰৎকাল যিটো ঋতু যথেষ্ট চুটি । লাহে লাহে শীতৰ প্ৰকোপ বাঢ়ে আৰু ডিচেম্বৰৰ শেষৰ পৰা জানুৱাৰী মাহৰ ভিতৰত বায়ুমণ্ডলৰ উষ্ণতা সর্বনিম্ন হয়গৈ । এই সময়ত গড় উত্তাপ ১৩° ছেলছিয়াছমান হয় যদিও মাজে মাজে তাপমাত্রা ৮° ছেলছিয়াছলৈ হ্রাস পায়। 

( ছ ) অসমৰ লেটাৰাইট বা ৰঙা মাটিৰ বিতৰণ আৰু বিশেষত্বৰ বিষয়ে এটি টোকা লিখা । 

উত্তৰঃ অসমৰ ভৌগোলিক অৱস্থান , ভূ – প্রকৃতি আৰু জলবায়ুৰ লগতে অসমৰ মাটিৰ গুণাগুণে প্ৰদেশখনৰ অৰ্থনীতিত বিশেষভাৱে প্ৰভাৱ পেলাইছে । মাটিৰ গুণাগুণে উদ্ভিদৰ প্ৰকাৰ বৃদ্ধি গঠন আদিৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে । গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি মাটিক চাৰি ভাগত ভাগ কৰা হৈছে তাৰ ভিতৰত ৰঙা মাটি বা লেটাৰাইট এবিধ উল্লেখনীয় মাটি । এই মাটিত লৌহকণা আৰু এলুমিনিয়াম বেছিকৈ থাকে। এইবিধ বিশেষকৈ সেমেকা ক্ৰান্তীয় অঞ্চলত পোৱা যায় । লৌহকণা অধিক পৰিমাণত থকা বাবে এই মাটিৰ ৰং ৰঙচুৱা । ডিমা হাচাও জিলা আৰু কাৰ্বি মালভূমিৰ হামৰেণ অঞ্চলত প্ৰধানকৈ এই মাটি পোৱা যায় । তাৰোপৰি গোলাঘাট জিলাৰ দক্ষিণ প্ৰান্তত আৰু বৰাক উপত্যকাৰ বৰাইল পাহাৰৰ পাদভূমিত লেটাৰাইট পোৱা যায় । এইবিধ মাটিৰ ৰং গাঢ় কিন্তু নাইট্ৰ’জেন , পটাচ , ফছফৰিক এচিড আৰু চূণৰ পৰিমাণ অতি কম ।

৪। ( ক ) অসম জৈৱবৈচিত্র্যত চহকী হোৱাৰ কাৰণবোৰ ব্যাখ্যা কৰা । 

উত্তৰঃ উত্তৰ পূৱ ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ আঠখন প্ৰদেশৰ ভিতৰত অসম এখন উল্লেখযোগ্য প্রদেশ । অসম খন জৈৱবৈচিত্র্যতাৰ দিশৰ পৰা অতি চহকী । ইয়াৰ বিভিন্ন কাৰণ দেখা পোৱা যায় । বিশেষকৈ অসমখন সামগ্রিকভাৱে উত্তৰ পূর্বাঞ্চল ইণ্ডো মালয়ান , ইণ্ডোচীন আৰু ইণ্ডিয়ান জৈৱ ভৌগোলিক অঞ্চলৰ সংগমস্থলত অৱস্থিত । এই অঞ্চলটো প্ৰধানকৈ সেমেকা উপক্ৰান্তীয় জলবায়ু অঞ্চলৰ অন্তৰ্গত । সমগ্ৰ উত্তৰ – পূৰ্বাঞ্চল বিশেষকৈ অসমৰ ভূ – প্রকৃতি আৰু জলবায়ু নিম্নোক্ত কাৰকৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱান্বিত । 

এই কাৰক সমূহ হ’ল ―

১। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক অৱস্থিতি আৰু অৱয়বসমূহ । 

২। সুউচ্চ হিমালয় পর্বতমালাৰ অৱস্থিতি । আৰু 

৩। মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশাল জলধাৰ আৰু ইয়াৰ প্ৰভাৱ । 

অসমৰ অৱস্থিতি আৰু ইয়াৰ ভূ – অৱয়বৰ বৈশিষ্টই অসমৰ প্ৰাকৃতিক , অর্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশৰ ওপৰত বিশেষ প্ৰভাৱ পেলাইছে। 

প্ৰাকৃতিক দিশৰ পৰা অসম অতি চহকী । অসমখন যদিও বানপীড়িত ৰাজ্য তথাপিও কিন্তু প্রাকৃতিকভাৱে পোৱা এই পানীয়ে প্রাকৃতিক সৌন্দর্য বৰ্তাই ৰখাত সহায় কৰিছে । যাৰ কাৰণে খেতি – বাতি কৰাটো ৰাইজৰ যথেষ্ট সুবিধা হৈছে । নদী , উপনদী বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীখনে অসমৰ প্ৰাকৃতিক তথা ভৌগোলিক অৱস্থাক আকৌ সুন্দৰকৈ ধৰি ৰাখিবলৈ যথেষ্ট অৰিহণা যোগাইছে। সেই কাৰণে ব্ৰহ্মপুত্ৰক অসম তথা উত্তৰ – পূৰ্বাঞ্চলৰ জীৱন ৰেখা বুলি কোৱা হয় । বিশেষকৈ অসমৰ প্ৰাকৃতিক পৰিৱেশ , অর্থনৈতিক অৱস্থা আৰু মানুহৰ জীৱন ধাৰণাৰ ব্যৱস্থাত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ অপৰিসীম । তাৰ লগতে অসমৰ ভৌগোলিক অৱস্থান , ভূ – প্রকৃতি আৰু জলবায়ুৰ লগতে অসমৰ মাটিৰ গুণাগুণে প্ৰদেশখনৰ অৰ্থনীতিত বিশেষভাবে প্রভাৱ পেলাইছে । উদ্ভিদৰ প্ৰকাৰ , বৃদ্ধি গঠন আদিৰ ওপৰত মাটিৰ গুণা – গুণে যথেষ্ট প্রভাব বিস্তাৰ কৰে। উদ্ভিদৰ ওপৰতেই যিহেতু প্রাণীজগত নিৰ্ভৰশীল সেয়েহে অসমৰ জৈৱবৈচিত্র্যতাত অসমৰ মাটিৰ গুণাগুণৰ প্ৰভাৱো অপৰিসীম । 

( খ ) অসমৰ পলসুৱা মাটিৰ গুণাগুণ আৰু বিতৰণৰ এটা টোকা লিখা ? 

উত্তৰঃ অসমৰ মাটিত সাধাৰণতে অম্লতাৰ পৰিমাণ বেছি । গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি অসমৰ মাটিক চাৰিটা ভাগত ভগাব পাৰি । এই চাৰিবিধ মাটি হ’ল— পলসুৱা মাটি , পাহাৰীয়া মাটি , পৰ্বত – পাহাৰৰ পাদদেশত উপলব্ধ কংকৰীয় মাটি আৰু ৰঙামাটি বা লেটাৰাইট । 

তাৰে ভিতৰত উল্লেখযোগ্য মাটি হ’ল পলসুৱা মাটি । ব্ৰহ্মপুত্ৰ বৰাক উপত্যকা প্ৰধানকৈ নদী গঠিত পলসুৱা মাটিৰে গঠিত । এই পলসুৱা মাটিক দুটা ভাগত ভগাব পাৰি । নতুন পলসুৱা আৰু পুৰণি পলসুৱা মাটি । ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ দুয়োপাৰে সঘনে বানপানী হোৱা অঞ্চলটো প্ৰধানকৈ নতুন পলসুৱা মাটিৰ । এই মাটিৰ ৰং সাধাৰণতে মধ্যমীয়াৰ পৰা গাঢ় ধোৱা বৰণীয়া । শস্য উৎপাদনৰ বাবে পলসুৱা মাটিৰ গুণাগুণ অত্যন্ত বেছি । 

পুৰণি পলসুৱা মাটি কোকৰাঝাৰ , চিৰাং , বাক্সা , ওদালগুৰি , বৰপেটা, নলবাৰী , কামৰূপ , দৰং , শোণিতপুৰ , লক্ষীমপুৰ আৰু অংশবিশেষে ধেমাজি জিলাত প্ৰধানকৈ পোৱা যায় । নদীকাষৰীয়া নতুন পলসুৱা মাটি আৰু পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাজভাগত প্ৰধানকৈ পুৰণি পলসুৱা মাটি দেখা যায় । ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পুৰণি পলসুৱা মাটিভাগ তুলনামূলকভাৱে উত্তৰ পাৰতকৈ ঠেক । কিন্তু মানকাছাৰ , দক্ষিণ শালমাৰা , গোৱালপাৰা , নগাওঁ , হোজাই জিলাত পুৰণি পলসুৱা মাটি ভাগ যথেষ্ট বহল । 

বৰাক উপত্যকাত মিজোৰামৰ পাহাৰবোৰৰ সমান্তৰালকৈ কেইবাটাও পুৰণি পলসুৱা মাটিৰ ঠেক কিন্তু দীঘলীয়া অঞ্চল আহে । পুৰণি পলসুৱা মাটিৰ ৰং গাঢ় মটিয়াৰ পৰা মটীয়া হালধীয়া হোৱা দেখা যায় । 

( গ ) অসমৰ ভূ – প্রকৃতি প্ৰধানকৈ সমতলীয়া হোৱাৰ বাবে উত্তৰ – পূৰ্বাঞ্চলৰ বাকী ৰাজ্যৰ তুলনাত কি কি সুবিধা হৈছে , আলোচনা কৰা । 

উত্তৰঃ অসম উত্তৰ – পূৰ্বাঞ্চলৰ একমাত্ৰ সমতলীয় প্রদেশ । ডিমা হাচাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং এই তিনিখন জিলা পাহাৰীয়া । বাকীবোৰ জিলা প্ৰায় সমতলীয় । অৱশ্যে কামৰূপ মহানগৰ , দক্ষিণ মৰিগাওঁ , ভূটান আৰু অৰুণাচলৰ দাঁতি কাষৰীয়া অঞ্চলত কিছুমান পাহাৰ আৰু টিলা আছে । অসমক গছ – গছনিৰে ভৰা পাহাৰীয়া প্ৰদেশ কেইখনে বেৰি থকাৰ বাবে অসমৰ জলবায়ু একে অক্ষাংশত থকা ভাৰতৰ আন আন প্ৰদেশবোৰৰ জলবায়ুতকৈ বহুত বেলেগ , গ্রীষ্মকালত উষ্ণতাৰ পৰিমাণ তুলনামূলকভাৱে কম । কিন্তু অসমৰ বায়ুমণ্ডলত জলীয়বাষ্প বেছিকৈ থকাৰ বাবে গৰমৰ দিনত প্ৰকৃত উত্তাপতকৈ অনুভূত উত্তাপৰ পৰিমাণ কিছু বেছি । চিকিমৰ বাহিৰে উত্তৰ – পূৰ্বাঞ্চলৰ বাকী ৰাজ্যসমূহত হোৱা প্ৰবল বৃষ্টিপাতৰ অধিকাংশ পানীয়েই ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ লৈ বিভিন্ন উপনদীয়ে কঢ়িয়াই আনে ! থিয় পাহাৰৰ ঢালেদি প্রব বেগেৰে বৈ অহাৰ বাবে পানী আৰু গৰাখহনীয়া হয়। 

তাৰোপৰি সউচ্চ হিমালয় পর্বত মালাই সমগ্ৰ অঞ্চলটোক উত্তৰ দিশৰ পৰা প্ৰবাহিত হোৱা প্ৰৱল শীতৰ পৰা ৰক্ষা কৰিছে । হিমালয়ৰ বৰফাবৃত থিয় ঢালৰ পৰ্বতমালা আৰু গভীৰ গিৰিখাতবোৰে বিদেশী ৰাষ্ট্ৰই স্থলভাগেৰে কৰিব পৰা আক্ৰমণৰ সম্ভাৱনা ‘ বহু পৰিমাণে কমাই ৰাখিছে । হিমালয়ৰ বৰফ গলা পানীৰে গোটেই বছৰ তুষ্ট হৈ থাকে অসম তথা উত্তৰ পূৰ্বাঞ্চল খন । অৰুণাচল , নাগালেণ্ড , মণিপুৰ , মিজোৰামৰ পাহাৰ – পৰ্বতবোৰে ব্ৰহ্মপুত্ৰ তথা বৰাক উপত্যকাক বেৰি ৰাখিছে । 

বর্ষাঋতুত যেতিয়া মৌচুমী বায়ু উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰে তেতিয়া হিমালয়ৰ এই পাহাৰ পৰ্বতবোৰৰ অৱস্থিতিৰ বাবে প্ৰচুৰ পৰিমাণে শৈলোৎক্ষেপ বৃষ্টিপাত হয় । ইয়াৰ ফলত নদ – নদীবোৰ পানীৰে উপচি পৰি ঠায়ে ঠায়ে প্রবল বানৰ সৃষ্টি কৰে যদিও প্রাকৃতিকভাৱে পোৱা এই পানী হাবি জংঘলবোৰ বৰ্তি থকাত আৰু খেতি – বাতি কৰাত যথেষ্ট সহায় হৈছে । নদী , উপনদী আৰু আন আন জলাশয় সমূহত মাছ – কাছকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ আৰু বিভিন্ন প্রজাতিৰ উদ্ভিদেৰে অসমক জৈৱবৈচিত্ৰতাৰে চহকী অঞ্চলত পৰিণত কৰিছে । 

( ঘ ) উত্তৰ – পূৰ্বাঞ্চলত অসমৰ অৱস্থিতিৰ বৈশিষ্ট্যই ৰাজ্যখনৰ গুৰুত্ব কেনেদৰে বঢ়াইছে আলোচনা কৰা । 

উত্তৰঃ ভূ – প্রাকৃতিক দিশৰ পৰা উত্তৰ – পূৰ্বাঞ্চল প্ৰধানকৈ পূব হিমালয় আৰু ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰে গঠিত । ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুই নদীৰ উপনৈসমূহে সৃষ্টি কৰা বিস্তীৰ্ণ উপত্যকা অঞ্চল , মণিপুৰ উপত্যকা, মেঘালয় আৰু মিজোৰামৰ পাহাৰবোৰৰ মাজত অৱস্থিত । কিছু সমতল ভূমিৰ বাহিৰে সমগ্ৰ পূৰ্বাঞ্চলৰ দুই তৃতীয়াংশৰ ভূ – অৱয়ব পাহাৰীয়া । সাগৰৰ পৃষ্ঠৰ কেইমিটাৰ মান উচ্চতাৰ পৰা ৭০০০ মিটাৰতকৈও বেছি উচ্চতার অঞ্চল উত্তৰ পূর্বাঞ্চলত পোৱা যায়।

অসমৰ অৱস্থিতি আৰু ইয়াৰ ভূ – অৱয়ৱৰ বৈশিষ্ট্যই অসমৰ প্ৰাকৃতিক, অর্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলাইছে । অসমৰ প্ৰায় চৌপাশ গিৰিবেষ্টিত হোৱাৰ কাৰণে অসমৰ জলবায়ু তথা জৈৱবৈচিত্র্যতা ভাৰতবৰ্ষৰ আন ৰাজ্যবোৰতকৈ বেলেগ হৈ পৰিছে । জলবায়ুৰ বৈশিষ্ট্যৰ বাবেই শীতকালত যিবোৰ উদ্ভিদ আৰু প্ৰাণী অসমত পোৱা যায় গ্রীষ্মকালত এচাম বেলেগ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায় , যাৰ বাবে অসম জৈৱবৈচিত্র্যতাৰ এক চহকী অঞ্চলত পৰিণত হৈছে । 

অসমখন উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ ভিতৰত একমাত্র সমতলীয় প্ৰদেশ । ডিমা হাচাও , কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং এই তিনিখন জিলা পাহাৰীয়া । বাকীবোৰ জিলা প্রায় সমতলীয় । তথাপি কামৰূপ মহানগৰৰ আশে পাশে কিছুমান সৰু পাহাৰ আৰু টিলা দেখা পোৱা যায় । অসমখন পাহাৰ তথা গছ – গছনিয়ে আৱৰি ৰখাৰ ফলত ভাৰত বৰ্ষৰ অন্য ঠাইবোৰতকৈ জলবায়ু বহুত বেলেগ , গ্রীষ্মকালত উষ্ণতাৰ পৰিমাণ তুলামূলকভাৱে কম । কিন্তু অসমৰ বায়ুমণ্ডলত জলীয়বাষ্প বেছিকৈ থকাৰ বাবে গৰমৰ দিনত প্ৰকৃত উত্তাপতকৈ অনুভূত উত্তাপৰ পৰিমাণ কিছু বেছি । 

সুউচ্চ হিমালয় পর্বত মালাই সমগ্র অঞ্চলটোক উত্তৰ দিশৰ পৰা প্ৰৱাহিত হোৱা প্ৰবল শীতৰ পৰা ৰক্ষা কৰিছে । হিমালয়ৰ বৰফাবৃত থিয় ঢালৰ পৰ্বতমালা আৰু গভীৰ গিৰিখাতবোৰে বিদেশী ৰাষ্ট্ৰই স্থলভাগেৰে কৰিব পৰা আক্ৰমণৰ সম্ভাৱনা বহু পৰিমাণে কমাই ৰাখিছে । 

বর্ষা ঋতুত যেতিয়া মৌচুমী বায়ু উত্তৰ – পূৰ্বাঞ্চলত প্ৰৱেশ কৰে তেতিয়া হিমালয়ৰ এই পাহাৰ পৰ্বতবোৰৰ অৱস্থিতিৰ বাবে প্ৰচুৰ পৰিমাণে শৈলোৎক্ষেপ বৃষ্টিপাত হয় । ইয়াৰ ফলত নদ – নদীবোৰ পানীৰে উপচি পৰি ঠায়ে ঠায়ে প্ৰৱল বানৰ সৃষ্টি কৰে যদিও প্রাকৃতিক ভাৱে পোৱা এই পানী হাবি জংঘলবোৰত বৰ্তি থকাত আৰু খেতি বাতি কৰাত যথেষ্ট সহায় হৈছে । নদী , উপনদী আৰু আন আন জলাশয়সমূহত মাছ , কাছকে ধৰি বিভিন্ন প্ৰজাতিৰ জীৱ আৰু বিভিন্ন প্ৰজাতিৰ উদ্ভিদেৰে অসমক জৈৱবৈচিত্র্যতাৰে চহকী অঞ্চলত পৰিণত কৰিছে । উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ কেইটামান এলেকাক বৰ্তমানলৈকে পর্যটন ক্ষেত্ৰলৈ উন্নীত কৰা হৈছে । পর্যাপ্ত পৰিবহন আৰু থকা মেলাৰ সুবিধা কৰিব পাৰিলে নতুন নতুন বহুতো অঞ্চল অতিশয় আকর্ষণীয় পর্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পৰা হ’ব আৰু ইয়াৰ দ্বাৰা অসম তথা সমগ্ৰ উত্তৰ – পূৰ্বাঞ্চলত নিবনুৱাৰ নিযুক্তিৰ লগতে বিদেশী মুদ্ৰা উপাৰ্জনৰ বাট মুকলি হ’ব । 

অতিৰিক্ত প্রশ্নোত্তৰ

১। উত্তৰ পূৰ্বাঞ্চলৰ পদেশসমূহ কি কি ? 

উত্তৰঃ অৰুণাচল প্রদেশ , অসম , মণিপুৰ , মেঘালয় , মিজোৰাম , নাগালেণ্ড , ত্ৰিপুৰা , আৰু ছিকিম । 

২। উত্তৰ পূৰ্বাঞ্চলৰ চৌপাশে থকা বিদেশী ৰাষ্ট্ৰসমূহ কি কি ? 

উত্তৰঃ নেপাল , ভূটান , চীন , ম্যানমাৰ আৰু বাংলাদেশ । 

৩। উত্তৰ পূৰ্বাঞ্চলত অসমৰ অৱস্থিতি কেনেকুৱা ? 

উত্তৰঃ ২৪° ০৭′ উত্তৰ আৰু ২৮° ০′ উত্তৰ অক্ষাংশ আৰু ৮৯° ৫′ পূৱ আৰু ৯৬° ১′ পূৱ দ্রাঘিমাংশ । 

৪। অসমৰ অৰ্থনীতি প্ৰধানকৈ কিহৰ ওপৰত নিৰ্ভৰশীল ? 

উত্তৰঃ অসমৰ অৰ্থনীতি প্ৰধানকৈ কৃষিৰ ওপৰত নিৰ্ভৰশীল । 

৫। পুৰণি পলসুৱা মাটি প্ৰধানকৈ কেইখন জিলাত পোৱা যায় ? 

উত্তৰঃ কোকৰাঝাৰ , চিৰাং , বাক্সা , ওদালগুৰি , বৰপেটা , নলবাৰী , কামৰূপ , দৰং , শোণিতপুৰ , লক্ষীমপুৰ আৰু অংশ বিশেষে ধেমাজি জিলাত পোৱা যায় । 

৬। পুৰণি পলসুৱা মাটিৰ ৰং কেনেকুৱা হয় ? 

উত্তৰঃ পুৰণি পলসুৱা মাটিৰ ৰং গাঢ় মটীয়াৰ পৰা মটীয়া – হালধীয়া হোৱা দেখা যায় ।

৭। কি মাটিক ভাৱৰ আৰু ট্ৰোই বুলি কোৱা হয় ? 

উত্তৰঃ কংক্ৰীয় মাটিক ‘ ভাৱৰ ’ আৰু ‘ টেৰাই ‘ বুলি কোৱা হয় । 

৮। ৰঙা মাটি বা লেটাৰাইটত কি কি পদার্থ কম থাকে আৰু মাটিৰ বং কেনেকুৱা হয় ? 

উত্তৰঃ লেটাৰাইটৰ ৰং গাঢ় হয় আৰু ইয়াত নাইট্ৰজেন , পটাচ , ফছফৰিক এছিড আৰু চূণৰ পৰিমাণ অতি কম থাকে । 

৯। অসমৰ জলবায়ু কেনেকুৱা ? 

উত্তৰঃ সেমেকা উপক্রান্তীয় ।

১০। উত্তৰ পূৰ্বাঞ্চল কেইখন প্রদেশেৰে গঠিত ? 

উত্তৰঃ আঠখন প্রদেশেৰে গঠিত । 

১১৷ উত্তৰ – পূৰ্বাঞ্চলত অন্তর্ভুক্ত হোৱা প্ৰধান দেশ কেইখন কি কি ? 

উত্তৰঃ অৰুণাচল , অসম , মণিপুৰ , মেঘালয় , মিজোৰাম , নাগালেণ্ড , ত্ৰিপুৰা আৰু চিকিম । 

১২। কোনখন প্রদেশক বাদ দি পূর্বতে বাকী সাতখন প্ৰদেশক অসম বুলি কৈছিল ? 

উত্তৰঃ চিকিম প্রদেশক বাদ দি । 

১৩। উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ মাজত সাতভনী বুলি কোন কেইখন প্রদেশ জনাজাত ? 

উত্তৰঃ অৰুণাচল , অসম , মণিপুৰ , মেঘালয় , মিজোৰাম , নাগালেণ্ড আৰু ত্ৰিপুৰা । 

১৪। উত্তৰ – পূৱ পৰিষদ কি লক্ষ্যৰে গঠিত হৈছিল ? 

উত্তৰঃ সাতখন প্ৰদেশ অর্থাৎ সাতভনীৰ সৰ্বাঙ্গীণ উন্নয়নৰ উদ্দেশ্যে উত্তৰ – পূৱ পৰিষদ গঠন হৈছিল। এতিয়া কিন্তু ‘ চিকিমো ’ অন্তর্ভুক্ত হৈছে । 

১৫। ১৮২৬ চনত কাৰ কাৰ মাজত ইয়াণ্ডাবু সন্ধি গঠন হৈছিল ? 

উত্তৰঃ ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত । 

১৬। কিমান চনত ‘ চিকিম’ক উত্তৰ পূৰ্বাঞ্চলৰ অষ্টমখন প্রদেশ হিচাপে অন্তর্ভুক্ত কৰা হয় ? 

উত্তৰঃ ২০০২ চনত । 

১৭। কোনকেইখন বিদেশী ৰাষ্ট্ৰই উত্তৰ – পূৰ্বাঞ্চলক চাৰিওফালে বেৰি ৰাখিছে । 

উত্তৰঃ নেপাল , ভূটান , চীন , ম্যানমাৰ আৰু বাংলাদেশ । 

১৮। ভূ – প্রাকৃতিক দিশৰ পৰা উত্তৰ – পূৰ্বাঞ্চল প্ৰধানকৈ কিহেৰে গঠিত ? 

উত্তৰঃ পূৱ – হিমালয় আৰু ব্ৰহ্মপুত্ৰ – বৰাক উপত্যকাৰে গঠিত । 

১৯। কাঞ্চনজংঘা কি ? 

উত্তৰঃ পৃথিৱীৰ উচ্চতম শৃঙ্গসমূহৰ ভিতৰত তৃতীয় স্থানত থকা শৃঙ্গটোৱে হ’ল কাঞ্চনজংঘা । 

২০। কাঞ্চনজংঘাৰ দৈৰ্ঘ্য কিমান ? 

উত্তৰঃ ৮৫৮৬ মিটাৰ ।

৩১। ব্ৰহ্মপুত্ৰ নদীৰ দুটা বিশেষ বিশেষত্ব উল্লেখ কৰা । 

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ দুটা বিশেষ বিশেষত্ব হ’ল— 

( ক ) ব্ৰহ্মপুত্ৰৰ বুকুতেই পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী অৱস্থিত । মাজুলীৰ মুখা শিল্প বিশ্ববিখ্যাত । 

( খ ) ব্ৰহ্মপুত্ৰত পোৱা বিৰল প্ৰজাতিৰ শিশু । ‘ প্লেটানিছ গেঞ্জেটিকাট নামৰ লুপ্তপ্রায় শিশুবিধ ব্ৰহ্মপুত্ৰত আছে । 

৩২। জলবায়ুৰ কি কি কাৰকৰ দ্বাৰা অসমৰ ভূ – প্রকৃতি আৰু জলবায়ু প্ৰভাৱান্বিত হয় ? 

উত্তৰঃ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল , বিশেষকৈ অসমৰ ভূ – প্রকৃতি আৰু জলবায়ু নিম্নোক্ত কাৰকৰ দ্বাৰা বিশেষভাৱে প্রভাবান্বিত । 

এই কাৰকসমূহ হ’ল ― 

১। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ভৌগলিক অৱস্থিতি আৰু অৱয়বসমূহ । 

২। সুউচ্চ হিমালয় পর্বতমালাৰ অৱস্থিতি । আৰু 

৩। মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশাল জলধাৰ আৰু ইয়াৰ প্ৰভাৱ ৷ 

৩৩। কি কাৰণত অসম জৈৱবৈচিত্ৰতাৰ এক চহকী অঞ্চল ৰূপে পৰিগণিত হৈছে ? 

উত্তৰঃ জলবায়ুৰ বৈশিষ্ট্যৰ বাবেই শীতকালত যিবোৰ উদ্ভিদ আৰু প্ৰাণী অসমত পোৱা যায় গ্রীষ্মকালত এচাম বেলেগ প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰানী পোৱা যায় যাৰ বাবে অসম জৈৱবিচিত্ৰতাৰ এক চহকী অঞ্চলত পৰিণত হৈছে । 

৩৪। ‘ ব্রহ্মপুত্র ’ নদীখনক গুম্ফিত নদী বুলি কিয় কোৱা হয় ? 

উত্তৰঃ ব্ৰহ্মপুত্ৰই বছৰি ৪০২ নিযুত টন গেছ কঢ়িয়াই পৃথিৱীৰ দ্বিতীয় বৃহৎ গেছ কঢ়িওৱা নদীত পৰিণত হৈছে । অতি কম ঢালৰ ভূ – খণ্ডৰ মাজেৰে প্ৰচুৰ গেছ সমৃদ্ধ ব্রহ্মপুত্র প্রবাহিত হোৱাৰ বাবে ইয়াৰ জলধাৰ ঠায়ে ঠায়ে বিভিন্ন শাখাত বিভক্ত হৈছে আকৌ এই শাখাবোৰ পুনৰ লগ লাগিছে । এনেদৰে প্রবাহিত নদীক গুম্ফিত নদী বোলে ।

৩৫। ‘ অসম ’ জৈৱবৈচিত্ৰতাৰ এক চহকী অঞ্চল ‘ । চমুকৈ লিখা। 

উত্তৰঃ জলবায়ুৰ বৈশিষ্ট্যৰ বাবেই শীতকালত যিবোৰ উদ্ভিদ আৰু প্ৰাণী অসমত পোৱা যায় গ্রীষ্মকালত এচাম বেলেগ প্রজাতিৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায় যাৰ বাবে অসম জৈৱবৈচিত্ৰতাৰ এক চহকী অঞ্চলত পৰিণত হৈছে । 

৩৬। ব্ৰহ্মপুত্ৰৰ বিশেষত্বসমূহ কি কি ? 

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ বিশেষত্বসমূহ হ’ল— 

( ক ) পৃথিৱীৰ বৃহৎ ষষ্ঠ নদী । 

( খ ) পৃথিৱীৰ দ্বিতীয় বৃহৎ গেদ কঢ়িওৱা নদী । 

( গ ) দুর্লভ প্রজাতিৰ শিক্ষৰ আৱাস ।

( ঘ ) পৃথিৱীৰ মুখ্য পৰিভ্ৰমী চৰাইৰ পৰিভ্ৰমণৰ পথৰ ভিতৰত ব্ৰহ্মপুত্ৰ পথ অন্যতম । 

( ঙ ) পৃথিৱীৰ বৃহত্তম নদী দ্বীপ মাজুলী ব্ৰহ্মপুত্ৰৰ মাজতে অৱস্থিত । 

৩৭। কোনটো নদীপথক দেশৰ দ্বিতীয় ৰাষ্ট্ৰীয় নদীপথ হিচাপে ঘোষণা কৰা হৈছে ? 

উত্তৰঃ ১৯৮৮ চনৰ ১ ছেপ্তেম্বৰত শদিয়াৰ পৰা ধুবুৰীলৈকে ব্ৰহ্মপুত্ৰৰ ৮৯১ কিলোমিটাৰ দীঘল নদীপথ দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় নদীপথ হিচাপে ভাৰত চৰকাৰৰ দ্বাৰা ঘোষণা কৰা হৈছে ।

৩৮। নাগালেণ্ড , মেঘালয় , অৰুণাচল আৰু মিজোৰামক কেতিয়া কেন্দ্রীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে ? 

উত্তৰঃ ১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ড , ১৯৭০ চনৰ ২ এপ্রিলত মেঘালয় , ১৯৭২ চনৰ ২০ জানুৱাৰীত অৰুণাচল আৰু ১৯৭২ চনত মিজোৰামক কেন্দ্রীয় শাসিত অঞ্চল হিচাপে স্বীকৃতি প্রদান কৰা হয় । 

৩৯। জলবায়ুৰ দিশেৰে অসমক কেইটা ঋতুত ভাগ কৰা হৈছে ? আৰু কেতিয়াৰ পৰা কেতিয়ালৈ ঋতুসমূহৰ প্ৰভাৱ থাকে বর্ণনা কৰা । 

উত্তৰঃ বতৰৰ অৱস্থা একোটা বছৰৰ বিভিন্ন সময়ত বিভিন্ন হোৱাৰ বাবে বছৰটোক চাৰিটা ঋতুত ভগোৱা হৈছে । বর্ষা , শীত , শৰৎ আৰু হেমন্ত । এই চাৰিটা ঋতুৰ ভিতৰত বৰ্ষা আৰু শীত ঋতু কিছু দীঘলীয়া । শীত আৰু বৰ্ষাৰ মাজত বসন্ত আৰু বৰ্ষা শীতৰ মাজত শৰৎ ঋতু । এই দুই ঋতুকাল যথেষ্ট চুটি । নৱেম্বৰ মাহৰ মাজৰ ভাগৰ পৰা ফ্ৰেব্ৰুৱাৰী মাহৰ মাজলৈকে শীতকাল । এই সময়ত গড় উত্তাপ ১৫° চেলচিয়াছতকৈ তললৈ নামে । এই ঋতুত পুৱা গধূলি কুৱঁলী পৰা দেখা যায় । মাৰ্চ মাহৰ পৰা উষ্ণতা বাঢ়িবলৈ লয় । 

লগতে ধূলি – ধুমুহাৰ প্রকোপ বাঢ়ে । মাৰ্চ মাহৰ শেষৰ পৰা প্ৰায় গোটেই এপ্রিল মাহত অসমত যি ধুমুহা বতাহ হয় তাক স্থানীয় লোকে বৰদৈচিলা অহা বুলি কয় । এই সময়ছোৱাতে গছে নতুন পাত মেলে । আৰু এটা চুটি সময়ৰ বাবে বসন্ত কাল বিৰাজ কৰে । তাৰ পিছত জুন মাহৰ আৰম্ভণিৰে পৰা মৌচুমী বায়ুৰ আগমন ঘটে আৰু চেপ্তেম্বৰ মাহ পর্যন্ত প্ৰৱল বৃষ্টিপাত হয় । ইয়াৰ ঠিক আগে আগে প্ৰধানকৈ মে ’ মাহত বায়ুমণ্ডলৰ উষ্ণতা যথেষ্ট অনুভূত হয় । এই সময়ত উত্তাপ ৩০° চেলচিয়াছৰ পৰা ৩৫° ছেলছিয়াছ পর্যন্ত হোৱা দেখা যায় । চেপ্তেম্বৰৰ শেষৰ ফালে উত্তাপো কমি আহে আৰু বৰ্ষা ঋতুৰ অন্ত পৰে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top