Class 11 Education Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য

Class 11 Education Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board HS Class 11 Education Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য and select needs one.

Class 11 Education Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board HS Class 11 Education Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Solutions for All Subject, You can practice these here…

AHSEC Class 11 Education Solutions – শিক্ষা

11th Class SCERT Solutions for Education gives you an in-depth understanding of all the concepts. Go through the SCERT Solutions for Class IX Education Solutions to be familiar with different kinds of questions. Boost your exam preparation with the study materials provided here.

Sl. No.ContentsLink
Chapter 1শিক্ষাৰ ধাৰণা আৰু লক্ষ্যOpen
Chapter 2মানুহৰ বিকাশৰ স্তৰOpen
Chapter 3বিদ্যালয় আৰু ইয়াৰ সংগঠনOpen
Chapter 4 (ক)শিক্ষামনোবিজ্ঞান আৰু ইয়াৰ
অধ্যয়নৰ গুৰুত্ব
Open
Chapter 4 (খ)মনোবিজ্ঞান আৰু শিক্ষাOpen
Chapter 5মানসিক জীৱনৰ শাৰীৰিক ভেটিOpen
Chapter 6মানৱ আচৰণৰ ভিত্তি সমূহ আৰু
দিকদৰ্শক
Open
Chapter 7স্বাধীনতাৰ আগৰ ভাৰতবৰ্ষ আৰু
অসমৰ প্ৰাথমিক শিক্ষা
Open

শিক্ষাৰ ধাৰণা আৰু  লক্ষ্য

পাঠ: ১

Join Telegram Groups

অতি চমু প্ৰশ্নোত্তৰ

প্ৰশ্ন:১। শিক্ষা কি ?

উত্তৰ: শিক্ষা হৈছে এক জীৱন ব্যাপি চলা প্ৰক্ৰিয়া । ই জন্মৰ মুহুৰ্তৰ পৰা আৰম্ভ হৈ মৃত্যুলৈকে অবিৰতভাৱে চলি থাকে।

প্ৰশ্ন:২। ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ গুৰি ধৰোতা কোন ?

উত্তৰ: চাৰ পাৰ্চি নান।

প্ৰশ্ন:৩।আনুষ্ঠানিক শিক্ষা বুলিলে কি বুজায় ?

উত্তৰ: বিদ্যালয়, মহাবিদ্যালয় আদিত পৰিকল্পিতভাৱে নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিৰ্দিষ্ট সময়মীয়া, নিয়মপ্ৰণালী, অনুশাসন, পাঠ‍্যক্ৰম,পৰীক্ষা ব্যৱস্থা আদিৰ জৰিয়তে শিক্ষাৰ্থীক যি শিক্ষা প্ৰদান কৰা হয় তাকে আনুষ্ঠানিক শিক্ষা বোলা হয় । এই শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীয়ে ডিগ্ৰী,ডিপ্লোমা,চাৰ্টিফিকেট আদি লাভ কৰিব পাৰে।

প্ৰশ্ন:৪। অনানুষ্টানিক শিক্ষা বুলিলে কি বুজা ?

উত্তৰ: অনানুষ্টানিক শিক্ষাৰ  সীমাৰ বাহিৰত বৃহত্তৰ জীৱনৰ বিভিন্ন পৰিৱেশ,পৰিস্থিতিৰ পৰা পৰোক্ষভাৱে যি  শিক্ষা লাভ কৰা হয় তাকে অনানুষ্টানিক শিক্ষা বোলা হয়।অনানুষ্টানিক শিক্ষাৰ কোনো ধৰাবন্ধা সময়সূচী,পাঠ্যক্ৰম,নীতি- নিয়ম নাথাকে।সমাজৰ বিভিন্ন মাধ্যমবোৰৰ পৰা পৰোক্ষভাৱে শিক্ষা আহৰণ কৰা হয়।এই শিক্ষা স্বাভাৱিক আৰু অপৰিকল্পিত।

প্ৰশ্ন:৫। আনুষ্টানিক আৰু অনানুষ্টানিক শিক্ষাৰ মাজত থকা পাৰ্থক্য তিনিটা উল্লেখ কৰা।

উত্তৰ: আনুষ্ঠানিক আৰু অনানুষ্টানিক শিক্ষাৰ মাজত থকা পাৰ্থক্য তিনিটা হ’ল :

(ক) আনুষ্ঠানিক শিক্ষা পূৰ্বপৰিকল্পিত কিন্তু অনানুষ্ঠানিক শিক্ষা স্বতঃস্ফূৰ্ত ।

(খ) আনুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত পাঠ্যক্ৰম থাকে কিন্তু অনানুষ্ঠানিক শিক্ষাৰ নিৰ্ধাৰিত পাঠ্যক্ৰম নাথাকে।

(গ) আনুষ্ঠানিক শিক্ষাৰ কিছুমান ধৰাবন্ধা নীতি-নিয়ম থাকে কিন্তু অনানুষ্টানিক শিক্ষাৰ কোনো ধৰাবন্ধা নীতি-নিয়ম নাথাকে।

প্ৰশ্ন:৬।শিক্ষাৰ পৰিসৰ মানে কি ?

উত্তৰ: শিক্ষা বিষয়টোত নিৰ্দিষ্ট পৰিসৰৰ মাজত আৱদ্ধ কৰিব নোৱাৰি। পৰিসৰ মানে আমি সাধাৰণতে পৰিসীমা বুলিয়ে বুজোঁ।শিক্ষাই ব্যক্তিৰ সামূহিক বিকাশ যেনে – শাৰীৰিক, মানসিক,নৈতিক, সামাজিক আৰু আধ্যাত্মিক বিকাশৰ কথা সূচায়।শিক্ষা যিহেতু এক জীৱনজোৰা প্ৰক্ৰিয়া,গতিকে মানুহৰ জন্মৰ পৰা মৃত্যুলৈকে শিক্ষাৰ পৰিধিৰ ভিতৰুৱা।সামাজিক নীতি,ভাষা আদিও শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত।শিক্ষাৰ পৰিধি ব্যাপক আৰু সুদূৰপ্ৰসাৰী। সময়ৰ লগে লগে শিক্ষাৰ পৰিসৰো বিস্তৃত হৈ আহিছে।সেয়েহে সকলো দিশৰ বিশ্লেষণাত্মক অধ্যয়নৰ প্ৰয়োজন।

ৰচনাধৰ্মী প্ৰশ্নোত্তৰ:

প্ৰশ্ন:১। “Education” শব্দটোৰ উৎপত্তি ব্যাখ্যা কৰা।

উত্তৰ: শিক্ষাৰ ইংৰাজী প্রতিশব্দ “Education”শব্দটো মূল লেটিন ভাষাৰ “E” আৰু “Duco” বোলা দুটি শব্দৰপৰা উৎপত্তি হৈছে। ইয়াৰোপৰি “Education” শব্দটো “Educere” “Educare” আৰু “Educatum” ৰ পৰা উৎপত্তি হোৱা বুলি কোৱা হয়।ইয়াৰে ” E” “Duco” আৰু “Educere” এ ব্যক্তিৰ অন্তৰ্নিহিত শক্তি প্ৰতিভা আৰু সম্ভাৱনাৰ পূর্ণবিকাশৰ কথা বুজায় “Educare” আৰু “Educatum” এ ব্যক্তিৰ বিকাশৰ বাবে শিক্ষাদান কাৰ্য অৰ্থাৎ বহিঃ শক্তিৰ প্ৰভাৱৰ কথা সূচায়।

প্ৰশ্ন:২। শিক্ষা কি ? সংজ্ঞা সহকাৰে ইয়াৰ অৰ্থ ব্যাখ্যা কৰা।

উত্তৰ: শিক্ষা হৈছে এক জীৱন ব্যাপি চলা প্ৰক্ৰিয়া । ই জন্মৰ মুহূৰ্তৰ পৰা আৰম্ভ হৈ মৃত্যুলৈকে অবিৰতভাৱে চলি থাকে।প্ৰত্যেক ব্যক্তিয়েই জীৱনৰ প্ৰতি মুহূৰ্তত নিত্য নতুন অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হয়। ঘৰ,বিদ্যালয়, খেল-পথাৰ আদি সকলো ক্ষেত্ৰতে শিক্ষাৰ্থীয়ে আহৰণ কৰা অভিজ্ঞতাসমূহক শিক্ষাত সাঙুৰি লোৱা হয়। এই প্ৰক্ৰিয়াৰ সহায়তে শিক্ষাৰ্থীয়ে নিজৰ আচৰণৰ আৰু চৰিত্ৰৰ সংশোধন কৰিব পাৰে । পাৰিপাৰ্শ্বিকতাৰ সংস্পৰ্শত লাভ কৰা অভিজ্ঞতাৰ ফলত মানুহৰ ব্যৱহাৰৰ যি পৰিৱৰ্তন হয় আৰু যিয়ে মানুহক উন্নতিৰ পথত অগ্ৰসৰ হৈ সাৰ্থক জীৱন -যাপন কৰিবলৈ সক্ষম কৰি তোলে সেয়ে শিক্ষা।ই এনে এটা বিৰামহীন প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তিযে নিজৰ গুণাৱলীৰ বিকাশ সাধন কৰাৰ উপৰিও সামাজিক জীৱনলৈও অৱদান যোগাব পাৰে।

শিক্ষাৰ সংজ্ঞা: ভিন ভিন শিক্ষাবিদে ভিন ভিন সংজ্ঞা দাঙি ধৰিছে। প্ৰাচ্য আৰু পাশ্চাত্যৰ শিক্ষাবিদসকলে  আগবঢ়োৱা কেইটিমান সংজ্ঞা হ’ল: 

গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ মতে,”এটা সুস্থ দেহত এটা সুস্থ মন সৃষ্টি কৰাটোৱেই শিক্ষা।” গ্ৰীক দাৰ্শনিক প্লেটোৰ মতে,” উপযুক্ত সময়ত সুখ -দুখঃ অনুভৱ কৰিব পৰা ক্ষমতাই হ’ল শিক্ষা,ই শিক্ষাৰ্থীৰ শৰীৰ আৰু আত্মাৰ সম্ভৱপৰ সকলোখিনি সুন্দৰ্যৰ বিকাশ ঘটায়।” 

পেষ্টালজীৰ মতে,”মানুহৰ অন্তৰ্নিহিত শক্তি সমূহৰ স্বাভাৱিক, সঙ্গতিপূৰ্ণ আৰু প্ৰগতিশীল বিকাশেই হ’ল শিক্ষা।”

জন ডিউইৰ মতে,”শিক্ষা হৈছে অবিৰাম ভাৱে গোটেই জীৱন ব্যাপি চলি থকা এটা প্ৰক্ৰিয়া।”

পাৰ্চিনামৰ মতে,” শিক্ষা হৈছে শিশুৰ  ব্যক্তিৰ পূৰ্ণবিকাশ যাৰ সহায়েৰে সি তাৰ সৰ্বোৎকৃষ্ট ক্ষমতা অনুযায়ী মানৱ জীৱনৰ প্ৰতি নিজৰ মৌলিক বৰঙণি আগবঢ়াব পাৰে।”

মহাত্মা গান্ধীৰ মতে,”শিক্ষাৰদ্বাৰা মই শিশুৰ শৰীৰ, মন আৰু আত্মাৰ সৰ্বতোমুখী বিকাশকে বুজোঁ।”

স্বামী বিবেকানন্দৰ মতে,”মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ বাহ্যিক বিকাশেই হ’ল শিক্ষা।”

প্ৰশ্ন:৩। সংকীৰ্ণ আৰু ব্যাপক অৰ্থত শিক্ষা বুলিলে কি বুজা ?

উত্তৰ: সংকীৰ্ণ অৰ্থত শিক্ষা বুলিলে বিদ্যালয়ৰ চাৰিবেৰৰ মাজত আৱদ্ধ হৈ নিৰ্দিষ্ট পাঠ্যক্ৰম,অনুশাসন,সময়সীমাৰ মাজেৰে লাভ কৰা অভিজ্ঞতাক বুজা যায় ।সংকীৰ্ণ অৰ্থত শিক্ষা শিক্ষণীয় পাঠ্যক্ৰমৰ ভিতৰতে আৱদ্ধ থাকে।সেয়ে এই শিক্ষা অপৰিবৰ্তনীয় আৰু গতিহীন।ই শিক্ষাৰ্থীৰ প্ৰয়োজনীতাক বিশেষ গুৰুত্ব নিদিয়ে। এই ধৰণৰ শিক্ষা লাভৰ বাবে বিভিন্ন শ্ৰেণীৰ শিক্ষানুষ্ঠান, শিক্ষক, পাঠ্যক্ৰম আৰু  পৰীক্ষা পদ্ধতিৰ ব্যৱস্থা কৰা হয়। ছাত্র- ছাত্ৰীয়ে শিক্ষানুষ্ঠানত নামভৰ্তি কৰোৱাৰ লগে লগেই এই শিক্ষা আৰম্ভ হয় আৰু শিক্ষা সাং কৰি ওলাই নহালৈকে ই চলি থাকে। এই শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীয়ে ডিগ্ৰী, ডিপ্লমা,চাৰ্টিফিকেট আদি লাভ কৰিব পাৰে।

ব্যাপক অৰ্থত শিক্ষা বুলিলে জীৱনব্যাপি চলা শিক্ষা প্ৰক্ৰিয়াক বুজা যায়। ব্যাপক অৰ্থত শিক্ষা বুলি ক’লে বিদ্যালয়ত লাভ কৰা জ্ঞানৰ উপৰিও জন্মৰ পৰা মৃত্যুলৈকে আমৰণ কাল বাস্তৱ পৰিস্থিতিত লাভ কৰা প্ৰতিটো অভিজ্ঞতাকে  বুজা যায়। ব্যাপক অৰ্থত শিক্ষাৰ উদ্দেশ্য হৈছে সামগ্ৰিক বিকাশ সাধনত সহায় কৰা।

প্ৰশ্ন:৪। শিক্ষাৰ দ্বীপক্ষীয় প্ৰক্ৰিয়া বুলিলে কি বুজা ?

উত্তৰ: শিক্ষাক এক দ্বীপক্ষীয় প্ৰক্ৰিয়া বুলি ছাৰ জন আদামছে তেখেতৰ “Evolution of Educational Theory” নামৰ পুথিখনত উল্লেখিত কৰিছে। ইয়াৰ দুটা পক্ষ হৈছে শিক্ষক আৰু শিক্ষাৰ্থী।শিক্ষকৰ ব্যক্তিত্বই শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিকাশত প্ৰভাৱ পেলাব পাৰে। শিক্ষকৰ অবিহনে যিদৰে শিক্ষা উদ্দেশ্যহীন ঠিক সেইদৰে শিক্ষাৰ্থী অবিহনে শিক্ষকৰ কৰ্তব্য মূল্যহীন ।

জন ডিউইৱে শিক্ষক ‘ত্ৰিপক্ষীয় পদ্ধতি’ হিচাপে অবিহিত কৰিছে। শিক্ষক আৰু শিক্ষাৰ্থীৰ বাহিৰেও সামাজিক পৰিৱেশে শিক্ষা ফলপ্ৰসূ কৰি তোলে। একোখন সমাজে শিক্ষাৰ উদ্দেশ্য আৰু শিক্ষণ পদ্ধতি নিৰ্দ্ধাৰণ কৰে। শিক্ষাই শিক্ষাৰ্থীক 

সমাজমুখী কৰি গঢ়ি তুলিব লাগে। শিক্ষাৰ ত্ৰিপাক্ষিক প্ৰক্ৰিয়াত ছাত্র হ’ল ক্ৰিয়াৰ ভূমিকা গ্ৰহণকাৰী, শিক্ষক হ’ল ক্ৰিয়া পৰিচালনাকাৰী আৰু সামাজিক পৰিৱেশ হ’ল তাৰ গতি নিৰ্ধাৰণকাৰী।

প্ৰশ্ন:৫। অনৌপচাৰিক শিক্ষা কাক বোলে ? আনুষ্টানিক শিক্ষাৰ লগত ইয়াৰ পাৰ্থক্য ক’ত ?

উত্তৰ: যিবিলাক ল’ৰা-ছোৱালীয়ে সামাজিক, অৰ্থনৈতিক, শিক্ষাগত আৰু অন্যান্য কাৰণত উপযুক্ত বয়সত আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ পৰা দূৰত থাকিব লগা হয় বা নামভৰ্ত্তি কৰিলেও আধাতে এৰি যাবলগীয়া হয়, তেনে ল’ৰা-ছোৱালীৰ বাবেই চৰকাৰে যি শিক্ষাৰ ব্যৱস্থা কৰিছে তাক অনৌপচাৰিক শিক্ষা ব্যৱস্থা বুলি কোৱা হয়।

অনৌপচাৰিক শিক্ষা ব্যৱস্থা শিক্ষাৰ্থীপ্ৰধান আৰু ইয়াৰ উদ্দেশ্যই হৈছে শিক্ষাৰ্থীৰ সামূহিক উন্নতি সাধন কৰা। শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰিই শিক্ষা নমনীয় আৰু গতিশীল কৰি তোলা হয়।

আনুষ্ঠানিক আৰু অনৌপচাৰিক শিক্ষাৰ পাৰ্থক্য:

(ক) আনুষ্ঠানিক শিক্ষাৰ নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে কিন্তু অনৌপচাৰিক শিক্ষাত শিক্ষাৰ্থীৰ প্ৰয়োজন অনুযায়ী বিভিন্ন ধৰণৰ পাঠ্যক্ৰম থাকে।

(খ) আনুষ্ঠানিক শিক্ষাত নিৰ্ধাৰিত সময়সীমা থাকে আনহাতে অনৌপচাৰিক শিক্ষাত নিৰ্ধাৰিত সময়সীমা নাথাকে।

(গ) আনুষ্ঠানিক শিক্ষাত শিক্ষকে শিক্ষাৰ্থীক  শিক্ষা প্ৰদান কৰে আনহাতে অনৌপচাৰিক আত্ম শিক্ষানীতি মানি লোৱা হয়।

(ঘ) আনুষ্ঠানিক শিক্ষাত বয়সৰ নিৰ্দিষ্ট সীমা থাকে কিন্তু অনৌপচাৰিক শিক্ষা সকলো বয়সৰ লোকে গ্ৰহণ কৰিব পাৰে।

(ঙ) আনুষ্ঠানিক শিক্ষা বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অন্যান্য শিক্ষানুষ্ঠানৰ দ্বাৰা প্ৰদান কৰা হয় কিন্তু অনৌপচাৰিক শিক্ষা মুক্ত বিশ্ববিদ্যালয়ৰ, যোগাযোগ পাঠ্যক্ৰম আদিৰ দ্বাৰা প্ৰদান কৰা হয়।

প্ৰশ্ন:৬। শিক্ষাৰ ব্যক্তিকেন্দ্ৰীক আৰু সমাজকেন্দ্ৰীক লক্ষ্যৰ বিষয়ে লিখা।

উত্তৰ: শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান সমৰ্থক আছিল চাৰ পাৰ্চি নান।তেওঁ কৈছে যে যিহেতু প্ৰত্যেক ব্যক্তিৰ জীৱনৰ আদৰ্শ বেলেগ আৰু যিহেতু জীৱনৰ লগত শিক্ষাৰ ঘনিষ্ঠ সম্বন্ধ আছে সেয়ে শিক্ষাৰ মাত্র এটা সাৰ্বজনীন লক্ষ্য থাকিব নোৱাৰে।গতিকে আমি এনেধৰণৰ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে  যি শিক্ষাই মানুহৰ ব্যক্তিত্বৰ পূৰ্ণ বিকাশ ঘটাব পাৰে।শিশুৱে শিক্ষা আহৰণ কৰি জনসাধাৰণৰ উন্নতিৰ বাবে যাতে বৰঙণি আগবঢ়াব পাৰে,তাৰ ওপৰত গুৰুত্ব দিব লাগে।মানৱীয় গুণসমূহৰ বিকাশ সাধন কৰা শিক্ষাৰ লক্ষ্য হোৱা উচিত।

ব্যক্তিকেন্দ্ৰিক লক্ষ্যৰ সবলতা :

(ক) ব্যক্তিৰ পূৰ্ণ বিকাশ অবিহনে সমাজৰ বিকাশ সম্পূৰ্ণ নহয়। সামাজিক বিকাশ ব্যক্তি বিকাশৰ ওপৰত একান্ত নিৰ্ভৰশীল।

(খ) প্ৰতিজন ব্যক্তিৰে কিছুমান সুকীয়া বৈশিষ্ট্য থাকে। সেয়ে প্ৰত্যেক  ব্যক্তিকে নিজৰ শক্তি সামৰ্থ্যৰ লগত সম্বন্ধ ৰাখি বিকাশ ঘটিবলৈ দিয়া উচিত ।

(গ) ব্যক্তিয়ে নিজৰ সীমাবদ্ধ দেহ,মানসিক ক্ষমতাৰে জন্ম গ্ৰহণ কৰে,সেই সীমাৰ ভিতৰতহে তেওঁৰ বিকাশ সম্ভৱ হৈ উঠিব পাৰে।

(ঘ) ব্যক্তিমনৰ অনুভূতিক জীৱনৰ নিজৰ প্ৰয়োজন শিক্ষাৰ সহায়ত পূৰণ কৰে উচিত।

ব্যক্তিবাদী লক্ষ্যৰ দুৰ্বলতা :

(ক) সমাজক বাদ দি যিহেতু ব্যক্তিৰ কথা চিন্তা কৰিব নোৱাৰি সেয়ে শিক্ষাৰ লক্ষ্য স্থিৰ কৰোঁতে ব্যক্তিৰ উন্নতিৰ কথা বেলেগকৈ চিন্তা কৰাৰ অৱকাশ নাথাকে।

(খ) শিক্ষাৰ এই লক্ষ্যই আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ এক  শ্ৰেণীৰ লোকৰহে সৃষ্টি কৰিব।

(গ) এই লক্ষ্যইশিক্ষিত শ্ৰেণীৰ লোকক সমাজত সুস্থ সমাযোজন স্থাপনতো সহায় কৰিব নোৱাৰে।

(ঘ) এই লক্ষ্যই সমৰ্থন কৰা শিশুক সম্পূৰ্ণ স্বাধীনতা দিয়া কথাতো গ্রহণযোগ্য নহয় কিয়নো অপৈণত শিশু অবাধ স্বাধীনতা দিলে তেওঁলোকৰ বিকাশ বাধাপ্ৰাপ্ত হ’ব ।

শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্য :শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ প্ৰধান সমৰ্থন হ’ল জন ডিউই।তেওঁৰ মতে শিক্ষাৰ প্ৰকৃত লক্ষ্য হৈছে সামাজিক যোগ্যতা আহৰণ  কৰা।শিক্ষাই শিশুসকলক সমাজৰ যোগ্যতা সম্পন্ন ব্যক্তি হিচাপে গঢ়ি তুলিব লাগে। সমাজৰ উন্নতি অবিহনে ব্যক্তিৰ উন্নতি কল্পনা কৰিব নোৱাৰি।এই শিক্ষাৰ লক্ষ্যই সমাজৰ প্ৰয়োজনক ব্যক্তিৰ প্ৰয়োজনতকৈ উচ্চ বুলি কৈছে। এজন ব্যক্তি সমাজৰ তুলনাত সদায় তুচ্ছ।এই শিক্ষাই ব্যক্তিক সু-নাগৰিক কৰি গঢ়ি তোলে।সমাজৰ উন্নতি হ’লেই সমাজত বাস কৰা ব্যক্তিৰো উন্নতি হ’ব।

সমাজকেন্দ্ৰিক লক্ষ্যৰ সবলতা :

(ক) শিক্ষাৰ এই লক্ষ্যই ব্যক্তিক উপযুক্ত নাগৰিক হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

(খ) শিক্ষাৰ সামাজিক পৰিৱেশেহে মানুহৰ সহজাত ক্ষমতা আৰু যোগ্যতাক আবিষ্কাৰ কৰিব পাৰে।

(গ)ব্যক্তিৰ প্রয়োজন যিহেতু সমাজৰ প্ৰয়োজনৰ জৰিয়তে প্ৰতিফলিত হয় সেয়ে ব্যক্তিৰ প্ৰয়োজনতকৈ সামাজিক প্ৰয়োজনক অগ্ৰাধিকাৰ দিব লাগে।

(ঘ) শিক্ষাৰ এই লক্ষ্যৰদ্বাৰা সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন আনিব পৰা যায়।

সমাজকেন্দ্ৰিক লক্ষ্যৰ দুৰ্বলতা:

(ক) শিক্ষাৰ এই লক্ষ্যই যোগ্যতাৰ ক্ষেত্ৰত থকা ব্যক্তি পাৰ্থক্যৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ নকৰে।

(খ) শিক্ষাৰ এই লক্ষ্যত ব্যক্তি বিশেষৰ  সম্ভাৱনীয়তা সমূহৰ সম্পূৰ্ণ বিকাশ হোৱাকৈ প্ৰয়োজনীয় সুবিধা দিয়াৰ অৱকাশ নাথাকে।

(গ) নিজৰ দেশৰ প্ৰতি অত্যধিক প্ৰেমৰ ভাবে চুবুৰীয়া দেশৰ প্ৰতি বিদ্বেষৰ ভাব সৃষ্টি কৰি সমাজৰ লোকক বিপথগামী কৰি তোলাৰ আশংকা থাকে।

প্ৰশ্ন:৭। শিক্ষাৰ সমাজকেন্দ্ৰিক আৰু ব্যক্তিকেন্দ্ৰিক লক্ষ্য এটা আনটোৰ পৰষ্পৰ বিৰোধী নহয়, বৰং পৰিপূৰকহে কথাফাঁকিৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰ: ব্যক্তি আৰু সমাজ দুয়োটা দুয়োটাৰ ওপৰত নিৰ্ভৰশীল । ব্যক্তিৰ উন্নতিৰ দ্বাৰা সমাজৰ বিকাশ হয় আৰু বিকশিত সমাজে ব্যক্তিৰ ওপৰত সন্তোষ জনক প্ৰভাৱ পেলাব পাৰে।প্লেটোৰ মতে ব্যক্তিক স্বাধীনভাবে নিজৰ ব্যক্তিত্বক বিকশিত কৰিবলৈ সুযোগ দিব লাগে তেতিয়াহে সমাজে সেই ব্যক্তিৰপৰা উপকাৰ লাভ কৰিব পাৰে।জন ডিউইৰ মতে প্ৰগতিশীল সমাজ গঠন কৰিবলৈ হ’ল মানুহক বৌদ্ধিক স্বাধীনতা দিয়া প্ৰয়োজন।মানুহে সমাজৰ পৰা উপকৃত হ’বৰ সমাজ গঠন কৰে। সেয়েহে ব্যক্তিস্বাৰ্থ পূৰণৰ বাবে  সমাজৰ উন্নতিৰ প্রয়োজন আৰু ইয়াৰ বাবে সকলো লোকৰে সহায় সহযোগিতাৰ প্ৰয়োজন।

শিক্ষাৰ এই দুই লক্ষ্যত পৰষ্পৰ বিৰোধী মতবাদ পৰিলক্ষিত হ’লেও দুয়োটাৰে মাজত বিশেষ কোনো প্ৰভেদ নাই ।কাৰণ ব্যক্তি আৰু সমাজৰ মাজত বিশেষ নিবিড় সম্বন্ধ আছে । সেয়েহে এটাক বাদ দি আনটোৰ কথা ভাবিবই নোৱাৰি।ব্যক্তিৰ সমষ্টিয়েই সমাজ। ব্যক্তিবাদী আৰু সমাজবাদী লক্ষ্য দেখাত বিপৰীতমুখী হ’লেও এই দুই লক্ষ্য বিপৰীত নহয়,বৰং এটা আনটোৰ পৰিপূৰকহে। ব্যক্তিবাদী লক্ষ্যই ব্যক্তিসত্তাৰ বিকাশত আৰু সমাজবাদী লক্ষ্যই ব্যক্তিৰ সামাজিক দক্ষতা বৃদ্ধিত গুৰুত্ব দিয়ে।কিন্তু দুয়োটা লক্ষ্য বিষদভাবে আলোচনা কৰিলে দেখা যায় যে দুয়োটা লক্ষ্য ইটো-সিটোৰ পৰিপূৰকহে, বিৰোধী নহয়। কাৰণ ব্যক্তিৰ বিকাশ সামাজিক পৰিবেশতহে সম্ভৱ হৈ উঠে আৰু 

ব্যক্তি অবিহনে সমাজৰ উন্নতি আশা কৰিব নোৱাৰি।গতিকে এই দুই লক্ষ্য পৰষ্পৰ বিৰোধী নহয়,এটা আনটোৰ পৰিপূৰকহে।

প্ৰশ্ন:৮। শিক্ষাৰ বৃত্তিমূলক লক্ষ্য কি? সমাজত এই লক্ষ্যক কিয় অগ্রাধিকাৰ দিয়া হয়?

উত্তৰ: শিক্ষাৰ্থীক ভৱিষ্যতে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ চেষ্টা কৰাটো শিক্ষাৰ এটা প্ৰধান আৰু প্ৰাথমিক লক্ষ্য।ব্যক্তিৰ বিশেষ শক্তি আৰু সামৰ্থক সামাজিক সেৱাত সংযোগ কৰিবলৈ বৃত্তীয় শিক্ষাৰ প্ৰয়োজন। যি শিক্ষাই শিক্ষাৰ্থীক শিক্ষা গ্ৰহণৰ অন্তত আৰ্থিক ভাৱে স্বাৱলম্বী কৰি  গঢ়ি তুলিব পাৰে তাকে বৃত্তিমূলক শিক্ষা বোলে। ব্যক্তিৰ জীৱন নিৰ্বাহৰ কাৰণে, নিজকে স্বাৱলম্বী কৰিবলৈ আৰু কৰ্মদক্ষতা বঢ়াবলৈ বৃত্তিমূলক শিক্ষা লাভ কৰাটো প্ৰয়োজন হৈ পৰিছে।

শিক্ষাবিদ টি ৰেমান্টেও শিক্ষানুষ্ঠান সমূহক বৃত্তিমূলক বিষয়ৰ যোগেদি শিক্ষাৰ্থীক ভবিষ্যতে আর্থিকভাৱে স্বাৱলম্বী হোৱাত গুৰুত্ব দিছে।মহাত্মা গান্ধীয়েও শিশুক বৃত্তিমুখী শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিছিল।

শিক্ষাৰ বৃত্তিমূলক লক্ষ্যক সমাজত অগ্ৰাধিকাৰ  দিয়া হয় কিয়নো শিক্ষাৰ এই লক্ষ্যই এজন ব্যক্তিক স্বাৱলম্বী কৰি তোলে। তদুপৰি বুদ্ধি বৃত্তিত নিম্নমানৰ শিক্ষাৰ্থীৰ বাবে যিহেতু উচ্চ শিক্ষা আশা কৰিব নোৱাৰি সেয়েহে তেওঁলোকক বৃত্তিমূলক শিক্ষাৰ যোগেদি উপযুক্ত কৰি গঢ়ি তুলিব পৰা যায়।বৃত্তিমুখী লক্ষ্যই সৎ,উপযুক্ত বাবে মানৱসম্পদ ব্যৱহাৰ হোৱাৰ ক্ষেত্ৰত ই সহায়কাৰী।বৃত্তিমূলক লক্ষ্যই অৰ্থনৈতিক আৰু সামাজিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰে।

প্ৰশ্ন:৯।এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত শিক্ষাৰ লক্ষ্য কি হোৱা উচিত ? 

উত্তৰ: গণতন্ত্ৰ স্বাধীনতা,সাম্য আৰু মৈত্ৰীৰ ওপৰত প্ৰতিষ্ঠিত। গণতন্ত্ৰত জনগণৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিয়ে জনগণৰ কল্যানৰ কাৰণে দেশ শাসন কৰে। সেয়ে গণতন্ত্ৰই সাফল্য লাভ কৰিবলৈ হ’লে জনগণ সচেতন হ’ব লাগে।ইয়াৰ বাবেই বাধ্যতামূলক আৰু সাৰ্বজনীন শিক্ষা প্ৰদান কৰি গণতান্ত্ৰিক দেশৰ আদর্শ, আচাৰ-ব্যৱহাৰ,অভ্যাস, মূল্যবোধ,আচৰণ,মনোভাৱ আদি নাগৰিকে যাতে উপযুক্তভাবে গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হয়। সেয়েহে এই নীতিসমূহ শাসন কাৰ্যত ব্যৱহাৰ কৰাৰ উপৰিও সামাজিক জীৱন, অৰ্থনৈতিক ক্ষেত্ৰ আৰু শিক্ষানুষ্ঠানতো ব্যৱহাৰ কৰিবলগীয়া হয়।গণতান্ত্ৰিক দেশ এখনৰ শিক্ষাৰ লক্ষ্য বা উদ্দেশ্যসমূহ এনেধৰণৰ :

(ক) শিক্ষাৰ জৰিয়তে ব্যক্তিৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰা। শিক্ষাৰ্থী সকলৰ শাৰীৰিক,মানসিক,আবেগিক আৰু বৌদ্ধিক বিকাশ হোৱাকৈ পাঠ্যক্ৰমত বিষয় অন্তৰ্ভুক্ত কৰা উচিত।

(খ) নাগৰিকৰ মাজত নেতৃত্বৰ বিকাশ সাধন একন গণতান্ত্ৰিক দেশত নাগৰিকৰ সহযোগিতা, সামাজিক মনোভাব,অনেক সহায় কৰাৰ ইচ্ছা, দেশপ্ৰেমৰ মনোভাৱৰ জৰিয়তে সামাজিক কামত অংশ গ্ৰহণ কৰাত সুবিধা দিয়া। গণতান্ত্ৰিক লক্ষ্যত শিক্ষাৰ্থীসকলক এনে ধৰণৰ শিক্ষা প্ৰদান কৰিব লাগে যাতে উপযুক্ত বয়সত তেওঁলোকে দেশখনৰ জনগণক নেতৃত্ব প্ৰদান কৰিব পাৰে। সেয়েহে শিক্ষাৰ্থীসকলক সৰুৰে পৰাই সামাজিক সেৱা,খেলা-ধূলা,এন. চি.চি,আলোচনা সভাৰ মাধ্যমেৰে নেতৃত্ব প্ৰদান কৰিব লাগে।

(গ) শিক্ষাৰ জৰিয়তে গণতান্ত্ৰিক নাগৰিকত্ত্বৰ গুণসমূহ যেনে দলীয় ৰীতি-নীতিৰ শৃংখলা মানি চলা,নিজৰ কৰ্তব্য আৰু অধিকাৰৰ প্ৰতি সচেতন হোৱা,দেশপ্ৰেম,সহিষ্ণুতা,ভাতৃত্ত্ববোধ,স্বাৰ্থৰ্ত্যাগ,উদাৰ মনোভাৱ, সামাজিক সচেতনতা,কৰ্তব্যনিষ্ঠা,সহনশীলতা, কৰ্মদক্ষতা,শিষ্টাচাৰ আদি গুণৰ অধিকাৰী কৰি শিক্ষাৰ্থীক সু-নাগৰিক হিচাপে গঢ়ি তুলিব পাৰে।

(ঘ) গণতান্ত্ৰিক শিক্ষা ব্যৱস্থাৰ এক উল্লেখযোগ্য লক্ষ্য হৈছে শিক্ষাৰ্থীৰ বৃত্তিমূলক দক্ষতা লাভ। শিক্ষাৰ্থীসকলে বৃত্তিমূলক দক্ষতা লাভ কৰি দেশৰ অৰ্থনৈতিক উন্নতিত সহায় কৰিব লাগে।উৎপাদন শক্তিৰ লগত শিক্ষাৰ সম্বন্ধ স্থাপনৰ বাবে বিজ্ঞান শিক্ষা,কৰ্মঅভিজ্ঞতা,বৃত্তিভিত্তিক শিক্ষা, বিজ্ঞান,প্ৰযুক্তিবিদ্যা বিদ্যালয়ত অন্তৰ্ভুক্ত কৰিব লাগে।

(ঙ) ব্যক্তিৰ চৰিত্র গঠনৰ কাৰণে সামাজিক, নৈতিক আৰু আধ্যাত্মিক  মূল্যবোধ গঠন কৰাৰ চেষ্টা গণতান্ত্ৰিক শিক্ষা ব্যৱস্থাত থাকিব লাগে। সততা,ন্যায়,সত্যবাদিতা,পৰোপকাৰ, সহানুভূতি,সহনশীলতা আদি মানৱীয় গুণসমহৰ বিকাশ সাধনৰ বাবে শিক্ষকসকলে চেষ্টা কৰিব লাগে।

গণতান্ত্ৰিক শাসন ব্যৱস্থাত প্ৰত্যেক নাগৰিকৰে কিছুমান অধিকাৰ,দায়িত্ব আৰু কৰ্তব্য থাকে। এই অধিকাৰ আৰু কৰ্তব্যৰ সম্পূৰ্ণ অৰ্থ বুজি প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে নিজকে গঢ় দিব পৰাকৈ শিক্ষা ব্যৱস্থা প্ৰস্তুত কৰিব লাগে।

প্ৰশ্ন:১০। শিক্ষা আৰু নিম্নলিখিত বিষয়বোৰৰ সম্বন্ধ লিখা।

(ক) শিক্ষা আৰু জীৱবিদ্যা :

উত্তৰ: শিক্ষাৰ লগত জীৱবিদ্যাৰ অতি নিবিড় সম্পৰ্ক আছে। এই দুয়োটা বিষয়েই ব্যক্তি আৰু পৰিবেশৰ অধ্যয়ন কৰে।শিক্ষাই ব্যক্তিৰ শাৰীৰিক,মানসিক আৰু আধ্যাত্মিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে সেইদৰে জীৱবিজ্ঞানে ব্যক্তিৰ শাৰীৰিক বিকাশ সম্পৰ্কে অধ্যয়ন কৰে।

প্ৰাকৃতিক পৰিৱেশ আৰু ব্যক্তিৰ ওপৰত পৰা ইয়াৰ প্ৰভাৱৰ কথা জীৱবিদ্যাই অধ্যয়ন কৰে আৰু শিক্ষাই ব্যক্তিৰ ওপৰত পৰা প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশৰ কথা সূচায়। জীৱৰ ক্ৰমবিকাশ,ইন্দ্ৰিয়সমূহ,জিন, হৰম’ন আদি সম্বন্ধে জীৱনবিদ্যাই অধ্যয়ন কৰে।আৰু শিক্ষাই উপৰোক্ত দিশসমূহত আমাৰ জ্ঞান বৃদ্ধিত সহায় কৰে।

(খ) শিক্ষাৰ লগত সমাজশাস্ত্ৰ বিজ্ঞানৰ সম্পৰ্ক :

উত্তৰ: সমাজ বিজ্ঞান হৈছে সামাজিক জীৱন সম্পৰ্কীয় বিজ্ঞান।শিক্ষাৰ দ্বাৰা শিক্ষাৰ্থীয়ে বিভিন্ন অভিজ্ঞতা আহৰণ কৰি জ্ঞান অৰ্জন কৰে। শিক্ষাই ব্যক্তিগত আচৰণ প্ৰক্ৰিয়াৰ ৰূপান্তৰ কৰি সামাজিক জীৱন প্ৰক্ৰিয়াৰো ৰূপান্তৰ প্ৰক্ৰিয়াক অতি গতিশীল কৰি তোলে। শিক্ষা হৈছে এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা সমাজে স্কুল,ক’লেজ আদিৰ মাধ্যমেৰে সাংস্কৃতিক ঐতিহ্য, মূল্যবোধ,দক্ষতা পৰষ্পৰাগতভাৱে প্ৰদান কৰে। শিক্ষা আৰু সমাজশাস্ত্ৰ বিজ্ঞানৰ মাজত অতি ঘনিষ্ঠ সম্বন্ধ থকা দেখা যায়। সমাজৰ সহায় অবিহনে ব্যক্তিৰ কোনো ভৱিষ্যত নাথাকে। গতিকে ব্যক্তি আৰু সমাজ দুয়োৰে কথা চিন্তা কৰিহে শিক্ষাৰ বিষয়ে চিন্তা কৰা উচিত।

(গ) শিক্ষা আৰু দৰ্শনৰ সম্বন্ধ :

উত্তৰ: বৰ্তমান শিক্ষাৰ প্ৰতিটো দিশতে দৰ্শনৰ প্ৰভাৱ পৰা লক্ষ্য কৰা যায়। বিভিন্ন দাৰ্শনিকৰ বিভিন্ন মতাবাদে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াইছে যেনে- প্লেটোৰ ‘আদশবাদ’ এৰিষ্টটোল,স্পেনচাৰ,ৰুচো আদিৰ ‘প্ৰকৃতিবাদ’,চক্ৰেটিছ,কান্ট,হেগেল আদি দাৰ্শনিকৰ ‘ভাৱবাদ’ আদিৰ কথা উল্লেখ কৰিব পাৰি।

দৰ্শনে এখন দেশৰ শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰে । পাঠ্যক্ৰম প্ৰস্তত কাৰণত, শিক্ষণ পদ্ধতি আৰু অনুশাসন মানি চলা ক্ষেত্ৰত দৰ্শনৰ প্ৰভাৱ দেখা যায়।

দৰ্শনে জীৱনৰ মূল্যবোধ সম্পৰ্কে জ্ঞান  দিয়ে আৰু শিক্ষাই সেইবোৰ কাৰ্যকৰিকৰণত সহায় কৰে।

(ঘ) শিক্ষা আৰু অৰ্থনীতি :

উত্তৰ: এখন দেশৰ অৰ্থনৈতিক অৱস্থাৰ লগত দেশখনৰ শিক্ষা ব্যৱস্থাৰ সম্বন্ধ আছে। শিক্ষাই এজন ব্যক্তিক আর্থিকভাৱে স্বাৱলম্বী কৰি গঢ়ি তোলে। এখন দেশৰ শিক্ষাৰ মানদণ্ড সেই দেশখনৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল।

অৰ্থবিজ্ঞানে অধ্যয়ন কৰা শিক্ষাৰ প্ৰধান দিশসমূহ হৈছে- শিক্ষা আৰু আৰ্থিক বিকাশ, শৈক্ষিক মূলধনৰ ধাৰণা আৰু জোখ, অৰ্থনৈতিক উন্নতিৰ কাৰণে শিক্ষা  পৰিকল্পনা ৰচনা কৰা আদি। অৰ্থনীতিৰ জ্ঞান শিক্ষা প্ৰক্ৰিয়াক প্ৰণালীবদ্ধ ভাবে আগবঢ়াই নিবৰ বাবে অপৰিহাৰ্য।

(ঙ) শিক্ষা আৰু পৰিসংখ্যা বিজ্ঞান :

উত্তৰ: শিক্ষাৰ লগত পৰিসংখ্যা বিজ্ঞানৰ নিবিড় সম্বন্ধ আছে। এখন দেশৰ শৈক্ষিক অৱস্থাৰ বুজ ল’বলৈ হ’লেও পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ কৰিবলগা হয়।  উদাহৰণস্বৰূপে এইবোৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ শতকৰা হাৰ কিমান, নিৰ্দিষ্ট বিদ্যালয় খনৰ উত্তীৰ্ণৰ হাৰ তাতকৈ কম নে বেছি জানিবলৈ বিভিন্ন পৰীক্ষাৰ ফলাফল এখনৰ লগত আনখনৰ তুলনা কৰিবৰ হ’লেও পৰিসংখ্যাৰ প্রয়োজন। মুঠতে শিক্ষাৰ বিভিন্ন পৰ্যায়ত এই পৰিসংখ্যা বিজ্ঞানৰ জ্ঞান অপৰিহাৰ্য ।শিক্ষাবিসকলে বিভিন্ন ধৰণৰ গৱেষণা, অভিক্ষা আৰু অভিক্ষা প্ৰস্তুতকৰণৰ বাবে  পৰিসংখ্যা বিজ্ঞানৰ জ্ঞান অপৰিহাৰ্য । মানুহৰ জীৱনত সংখ্যা আৰু তথ্যৰ ব্যৱহাৰ হোৱা দেখা যায় । শিক্ষাৰ মানদণ্ডন নিৰ্ণয়,ছাত্ৰ-ছাত্ৰীৰ 

তুলনামূলক অধ্যয়নৰ বাবে পৰিসংখ্যা বিজ্ঞানৰ জ্ঞান  দৰকাৰী হৈ পৰে ।শিক্ষা প্ৰক্ৰিয়া  প্ৰণালী বদ্ধভাৱে গঢ়ি তুলিবলৈ হ’লে পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ নিত্যন্তই প্ৰয়োজনীয়।

3 thoughts on “Class 11 Education Chapter 1 শিক্ষাৰ ধাৰণা আৰু লক্ষ্য”

Leave a Reply

error: Content is protected !!
Scroll to Top