Class 11 Biology MCQ Chapter 5 সপুষ্পক উদ্ভিদৰ দৈহিক গঠন বা আকাৰ Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 5 সপুষ্পক উদ্ভিদৰ দৈহিক গঠন বা আকাৰ Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.
Class 11 Biology MCQ Chapter 5 সপুষ্পক উদ্ভিদৰ দৈহিক গঠন বা আকাৰ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.
সপুষ্পক উদ্ভিদৰ দৈহিক গঠন বা আকাৰ
Chapter – 5
MULTIPLE CHOICE QUESTION ANSWER
১। সৰিয়হ গছত দেখাৰ দৰে প্ৰাথমিক মূল আৰু ইয়াৰ শাখা-প্রশাখাসমূহক সমূহীয়াকৈ মূখ্যক কি বুলি জনা যায়?
(ক) মূলতন্ত্র।
(খ) কাণ্ডতন্ত্র।
(গ) পাততন্ত্র।
(ঘ) ফুলতন্ত্র।
উত্তৰঃ (ক) মূলতন্ত্র।
২। ঘাঁহ- বন, পান, কেতেকী, মনষ্টেৰা, আহঁত আদি কিছুমান গছত জন্মমূলৰ বাহিৰেও গছৰ বিভিন্ন অংগৰ পৰা মূলৰ উৎপত্তি হয় এনেদৰে সৃষ্টি হোৱা মূলক কি বোলে?
(ক) স্থানিক মূল।
(খ) অস্থানিক মূল।
(গ) প্ৰাথমিক মূল।
(ঘ) গুটিকা মূল।
উত্তৰঃ (খ) অস্থানিক মূল।
৩। মূল বা শিপাৰ একেবাৰে আগ অংশ এখন পাতল স্থায়ী আবৰণৰ দ্বাৰা আবৃত ইয়াক কি বোলে?
(ক) মূল ৰোম।
(খ) স্থায়ী অংশ।
(গ) দৈর্ঘ্য বৃদ্ধিৰ অংশ।
(ঘ) মূলত্র।
উত্তৰঃ (ঘ) মূলত্র।
৪। মূলত্ৰৰ পিচতেই নিকটৱৰ্তী অংশটোক কি বোলা হয়?
(ক) স্থায়ী অংশ।
(খ) দৈর্ঘ্য বৃদ্ধি অংশ।
(গ) বিভাজনক্ষম অংশ।
(ঘ) মূল ৰোম।
উত্তৰঃ (গ) বিভাজনক্ষম অংশ।
৫। দৈর্ঘ্য বৃদ্ধি অংশৰ নিকটৱৰ্তী অংশক কি বোলা হয়?
(ক) মূলত্ৰ।
(খ) স্থায়ী অংশ।
(গ) বিভাজনক্ষম অংশ।
(ঘ) মূল ৰোম।
উত্তৰঃ (খ) স্থায়ী অংশ।
৬। কিছুমান বহিঃস্তকীয় কোষস্তৰৰ কোষে মিহি সুত্ৰ আকৃতিৰ কোমল অংগৰ সৃষ্টি কৰে ইয়াক কি বুলি কোৱা হয়?
(ক) মূলত্ৰ।
(খ) দৈর্ঘ্য বৃদ্ধি অংশ।
(গ) মূলৰোম।
(ঘ) স্থায়ী অংশ।
উত্তৰঃ (গ) মূলৰোম।
৭। মূলৰোম বোৰে মাটিৰ পৰা অজৈৱ লৱণ মিহলি কি শোষণ কৰে?
(ক) বায়ু।
(খ) মাটি।
(গ) খনিজ।
(ঘ) পানী।
উত্তৰঃ (ঘ) পানী।
৮। ডালৰ ওলমি অহা অংগ বিলাকে বটগছৰ গা- গছৰ ভৰ বহন কৰে তেনেকুৱা মূলক কি বুলি কোৱা হয়?
(ক) শ্বাসমূল।
(খ) স্তম্ভমূল।
(গ) শাখা মূল।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (খ) স্তম্ভমূল।
৯। মাকৈ আৰু কুঁহিয়াৰৰ গুৰিৰ গাঠি অংশৰ পৰা ওলোৱা মূল সমুহেও গা-গছডালক সহায় কৰে ইয়াক কি বোলে?
(ক) শ্বাসমূল।
(খ) স্তম্ভমূল।
(গ) শাখা মূল।
(ঘ) ঢোকা মূল।
উত্তৰঃ (ঘ) ঢোকা মূল।
১০। জলাহ বা পিতনি অঞ্চলত গজা ৰাইয’ফৰাৰ মাটিৰ উলম্বভাবে কিছুমান শিপা ওপৰমুৱাকৈ বৃদ্ধি হয় এনে শিপাক কি বোলে?
(ক) শ্বাসমূল।
(খ) স্তম্ভমূল।
(গ) শাখা মূল।
(ঘ) শত মূল।
উত্তৰঃ (ক) শ্বাসমূল।
১১। গছৰ শাখা ডাল, পাত, ফুল আৰু ফল ধাৰণ কৰা মেৰুদণ্ডৰ ওপৰৰ ফালে বৃদ্ধি ঘটা অংশটোক কি বোলে?
(ক) কাণ্ড।
(খ) মূল।
(গ) শাখা।
(ঘ) শিপা।
উত্তৰঃ (ক) কাণ্ড।
১১। গছৰ কাণ্ডৰ মূখ্য কাম কি?
(ক) ফল উৎপাদন।
(খ) খাদ্য সঞ্চয়।
(গ) সালোক সংশ্লেষক।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (গ) সালোক সংশ্লেষক।
১২। গছৰ কাণ্ডৰ গাৰ পৰা সৃষ্টি হোৱা চেপেটা আকৃতিৰ অংগটোক কি বুলি কোৱা হয়?
(ক) পাত।
(খ) ফুল।
(গ) গা-গছ।
(ঘ) মূল।
উত্তৰঃ (ক) পাত।
১৩। কেইটা মুখ্যাংশৰ দ্বাৰা এটা আদর্শ পাত গঠিত?
(ক) এটা।
(খ) দুটা।
(গ) তিনিটা।
(ঘ) চাৰিটা।
উত্তৰঃ (গ) তিনিটা।
১৪। কিছুমান মাহজাতীয় গছৰ পাতৰ গুৰি অংশ ফুলি উঠে, ইয়াক কি বোলা হয়?
(ক) পালভিনাচ গুৰি।
(খ) পাতৰ গুৰি।
(গ) মূলৰোম।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) পালভিনাচ গুৰি।
১৫। সিৰা উপসিৰা যুক্ত সেউজীয়া আহল বহল পাতৰ অংশটো কি?
(ক) কক্ষমুকুল।
(খ) পাতৰ গুৰি।
(গ) পত্ৰফলক।
(ঘ) মূল।
উত্তৰঃ (গ) পত্ৰফলক।
১৬। পাতৰ অংশ মধ্যভাগত সাধাৰণতে এডাল স্পষ্ট সিৰা থাকে তাক কি বুলি জনা যায়?
(ক) মধ্যসিৰা।
(খ) উপসিৰা।
(গ) পাতৰ গুৰি।
(ঘ) পত্ৰফলক।
উত্তৰঃ (ক) মধ্যসিৰা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

