Class 11 Biology MCQ Chapter 21 স্নায়বিক নিয়ন্ত্ৰণ আৰু সমন্বয় Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 21 স্নায়বিক নিয়ন্ত্ৰণ আৰু সমন্বয় Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.
Class 11 Biology MCQ Chapter 21 স্নায়বিক নিয়ন্ত্ৰণ আৰু সমন্বয়
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.
স্নায়বিক নিয়ন্ত্ৰণ আৰু সমন্বয়
Chapter – 21
MULTIPLE CHOICE QUESTION ANSWER
১। মানৱ স্নায়ুতন্ত্রক কেইটা ভাগত ভাগ কৰা হৈছে?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ক) দুটা।
২। কোনটো স্নায়ুতন্ত্রই কেন্দ্রীয় স্নায়ুতন্ত্ৰৰ পৰা প্ৰেৰণা কংকাল পেশীলৈ প্রেৰণ কৰে?
(ক) স্বয়ংক্রিয় স্নায়ুতন্ত্র।
(খ) প্রান্তীয় স্নায়ুতন্ত্র।
(গ) পৰাণুকম্পি স্নায়ুতন্ত্র।
(ঘ) দৈহিক স্নায়ুতন্ত্র।
উত্তৰঃ (ঘ) দৈহিক স্নায়ুতন্ত্র।
৩। স্নায়ুকোষটো কেইটা মুখ্য অংশৰে গঠিত?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (খ) তিনিটা।
৪। দেহকোষৰ ভিতৰত পোৱা কনিকাময় পদাৰ্থবোৰক কি বোলে?
(ক) মাইট’কণ্ড্ৰিয়া।
(খ) ছাইনেপটিক টেমুনা।
(গ) নিছলৰ কনা।
(ঘ) নিউক্লিঅ’লাছ।
উত্তৰঃ (গ) নিছলৰ কনা।
৫। এক্সনৰ অন্তিম শাখাৰ অংশক কি বোলে?
(ক) ছাইনেপটিক টেমুনা।
(খ) ৰেনভিয়াৰৰ গাঁঠি।
(গ) নিউক্লিঅ’লাছ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) ছাইনেপটিক টেমুনা।
৬। ছাইনেপটিক টেমুনাত পোৱা ৰাসায়নিক পদাৰ্থবোৰৰ নাম কি?
(ক) মায়েলিন।
(খ) এনজাইম।
(গ) স্নায়ুপ্ৰেৰক।
(ঘ) প্ৰ’টিন।
উত্তৰঃ (গ) স্নায়ুপ্ৰেৰক।
৭। দ্বিমেৰুক স্নায়ুকোষ ক’ত পোৱা যায়?
(ক) মগজুৰ কৰ্টেক্সত।
(খ) ভ্রুন অৱস্থাত।
(গ) চেৰিব্ৰেল কৰ্টেক্সত।
(ঘ) চকুৰ ৰেটিনাত।
উত্তৰঃ (ঘ) চকুৰ ৰেটিনাত।
৮। দুটা ক্রমাগত মায়েলিন আচ্ছাদৰ মাজৰ খালি ঠাইখিনিক কি বোলে?
(ক) ছাইনেপটিক টেমুনা।
(খ) ৰেনভিয়াৰৰ গাঁঠি।
(গ) শ্বোৱান কোষ।
(ঘ) নিছলৰ কনা।
উত্তৰঃ (খ) ৰেনভিয়াৰৰ গাঁঠি।
৯। মায়েলিনহীন স্নায়ুতন্তুবোৰ কিহে আবৰি থাকে?
(ক) মায়েলিন আছাদন।
(খ) ছাইনেপটিক থলী।
(গ) শ্বোৱান কোষ।
(ঘ) ৰেনভিয়াৰৰ গাঁঠি।
উত্তৰঃ (গ) শ্বোৱান কোষ।
১০। স্নায়ুসন্নিধ্যত থকা ফাঁকক কি বোলে?
(ক) স্নায়ু সন্নিধ্যক ফাট।
(খ) স্নায়ু থলী।
(গ) স্নায়ু গাঁঠি।
(ঘ) স্নায়ুপ্রেৰণ পাম্প।
উত্তৰঃ (ক) স্নায়ু সন্নিধ্যক ফাট।
১১। স্নায়ুসন্নিধ্য কেই প্ৰকাৰৰ?
(ক) এক।
(খ) দুই।
(গ) তিনি।
(ঘ) চাৰি।
উত্তৰঃ (খ) দুই।
১২। মানুহৰ মস্তিষ্কটো কিহেৰে সুৰক্ষিত হৈ থাকে?
(ক) স্নায়ুপ্ৰেৰক।
(খ) মাংসপেশী।
(গ) স্নায়ু।
(ঘ) লাওঁখোলা।
উত্তৰঃ (ঘ) লাওঁখোলা।
১৩। মস্তিষ্কৰ একেবাৰে ভিতৰৰ তৰপটোক কি বোলে?
(ক) পায়া মেটাৰ।
(খ) ডুৰামেটাৰ।
(গ) এৰাকনইড।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) পায়া মেটাৰ।
১৪। মগজুটোক কেইটা মুখ্য ভাগত ভগাব পাৰি?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (খ) তিনিটা।
১৫। মানুহৰ মস্তিষ্কৰ প্রধান অংশ কি?
(ক) মধ্যমস্তিষ্ক।
(খ) পশ্চাৎ মস্তিষ্ক।
(গ) প্রমস্তিষ্ক।
(ঘ) স্নায়ুৰজ্জু।
উত্তৰঃ (গ) প্রমস্তিষ্ক।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

