Class 11 Biology MCQ Chapter 16 পাচন আৰু শোষণ Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 16 পাচন আৰু শোষণ Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.
Class 11 Biology MCQ Chapter 16 পাচন আৰু শোষণ
Also, you can read the AHSEC book online in these sections Solutions by Expert Teachers as per AHSEC (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of AHSEC All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.
পাচন আৰু শোষণ
Chapter – 16
MULTIPLE CHOICE QUESTION ANSWER
১। মুখৰ পিছত কোনটো অংশ থাকে য’ত কেবাটাও দাঁত আৰু এখন মঙহাল জিভা থাকে?
(ক) মুখ গহ্বৰ।
(খ) ডিঙি।
(গ) পেট।
(ঘ) শ্বাসনলী।
উত্তৰঃ (ক) মুখ গহ্বৰ।
২। প্রাপ্তবয়স্ক মানুহৰ হনুত মুঠতে কিমান টা দাঁত থাকে?
(ক) 34 টা
(খ) 28 টা
(গ) 30 টা
(ঘ) 32 টা
উত্তৰঃ (ঘ) 32 টা
৩। হনুত ভিন-ভিন প্ৰকাৰৰ দাতঁ থাকিলে তাক কি বুলি কোৱা হয়?
(ক) সমদন্তী।
(খ) গর্তদন্তী।
(গ) বিষমদন্তী।
(ঘ) দ্বিবাৰদন্তী।
উত্তৰঃ (গ) বিষমদন্তী।
৪। উর্দ্ধহনু আৰু নিম্নহনু প্রত্যেকৰে আধা অংশত কৃন্তক, ছেদক, পুৰঃ পেষক, পেষক ক্রমত থকা দাতবোৰৰ সাংখ্যিক গণনাক কি বুলি কোৱা হয়?
(ক) দন্তবিন্যাস।
(খ) দন্তসূত্র।
(গ) গাখীৰ দাঁত।
(ঘ) স্থায়ী দাঁত।
উত্তৰঃ (খ) দন্তসূত্র।
৫। স্তন্যপায়ী প্রাণীৰ জীৱনকালত কেইটা সমষ্টিৰ দাঁত গঠন হয়?
(ক) এটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) দুটা।
উত্তৰঃ (ঘ) দুটা।
৬। মুখগহ্বৰৰ মজিয়াত মুক্তভাবে লাগি থকা মঙহাল অংশটোক কি বোলা হয়?
(ক) জিভা।
(খ) দাত।
(গ) হনু।
(ঘ) ছাল।
উত্তৰঃ (ক) জিভা।
৭। জিভাৰ উপৰি পৃষ্ঠত অসংখ্য সৰু সৰু উখহা থাকে এইবোৰক কি বুলি কোৱা হয়?
(ক) ছিদ্ৰ।
(খ) দাঁত।
(গ) অংকুৰ।
(ঘ) কোষ।
উত্তৰঃ (গ) অংকুৰ।
৮। মুখ গহ্বৰৰ ছুটি নলীটো কি?
(ক) টেঁটু।
(খ) খাদ্যনলী।
(গ) জিভা।
(ঘ) শ্বাসনলী।
উত্তৰঃ (ক) টেঁটু।
৯। শ্বাসনলীৰ সন্মুখভাগটো কি?
(ক) টেঁটু।
(খ) এপিগ্লটিছ।
(গ) খাদ্যনলী।
(ঘ) গ্লটিছ।
উত্তৰঃ (ঘ) গ্লটিছ।
১০। উদৰ গহবৰৰ ওপৰভাগৰ বাওঁফালে থকা পাকস্থলীটো কেইটা ভাগত বিভক্ত?
(ক) এটা।
(খ) দুটা।
(গ) তিনিটা।
(ঘ) চাৰিটা।
উত্তৰঃ (গ) তিনিটা।
১১। ক্ষুদ্রান্ত্রটো কেইটা অঞ্চলত বিভক্ত কৰা হয়?
(ক) তিনিটা।
(খ) দুটা।
(গ) এটা।
(ঘ) চাৰিটা।
উত্তৰঃ (ক) তিনিটা।
১২। ক’ল’নটো কেইটা অংশত ভাগ কৰা হয়?
(ক) চাৰিটা।
(খ) দুটা।
(গ) এটা।
(ঘ) তিনিটা।
উত্তৰঃ (ঘ) তিনিটা।
১৩। তলৰ কোনটো পাচন নলীৰ একেবাৰে ভিতৰৰ তৰপ?
(ক) শ্লেষ্মীয় তৰপ।
(খ) উপশ্লেষ্মীয় তৰপ।
(গ) শংখল তৰপ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) শ্লেষ্মীয় তৰপ।
১৪। দেহৰ বৃহত্তম গ্রন্থীটো কি?
(ক) লালা গ্রন্থি।
(খ) অগ্ন্যাশয়।
(গ) থাইৰয়ড।
(ঘ) যকৃৎ।
উত্তৰঃ (ঘ) যকৃৎ।
১৫। এজন প্রাপ্তবয়স্ক মানুহৰ যকৃতৰ সাধাৰণ ওজন কিমান হয়?
(ক) 1.2 Kg পৰা 1.5 Kg
(খ) 2 Kg পৰা 2.5 Kg
(গ) 0.5 Kg পৰা 1 Kg
(ঘ) 1.8 Kg পৰা 2 Kg
উত্তৰঃ (ক) 1.2 Kg পৰা 1.5 Kg

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

