Class 11 Biology MCQ Chapter 15 উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ Question Answer, HS 1st year Biology MCQ Solutions, Class 11 Biology MCQ Chapter 15 উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ Solutions in Assamese Medium to each chapter is provided in the list so that you can easily browse throughout different chapter AHSEC Board Class 11 Biology Objective Type Solutions and select needs one.
Class 11 Biology MCQ Chapter 15 উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. AHSEC Class 11 Biology Multiple Choice Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given AHSEC HS First Year Biology MCQ Solutions in Assamese Medium for All Subject, You can practice these here.
উদ্ভিদৰ বৃদ্ধি আৰু বিকাশ
Chapter – 15
MULTIPLE CHOICE QUESTION ANSWER
১। গোমধানৰ শিপাৰ অগ্ৰস্থ ভাজক কলাৰ মাত্র এটা কোষৰ পৰা এঘণ্টাত কিমান নতুন কোষৰ সৃষ্টি হয়?
(ক) ১০,০০০
(খ) ১৫,০০০
(গ) ১৭,৫০০
(ঘ) ২০,০০০
উত্তৰঃ (গ) ১৭,৫০০
২। বৃদ্ধিৰ সময়খিনিক কেইটা দশাত ভাগ কৰা হয়?
(ক) তিনিটা।
(খ) চাৰিটা।
(গ) পাঁচটা।
(ঘ) ছয়টা।
উত্তৰঃ (ক) তিনিটা।
৩। ভাজক পৰ্য্যায়ৰ নিকটৱৰ্ত্তী কোষবিলাকৰ দ্বাৰা কোনটো পৰ্য্যায়ৰ গঠন হয়?
(ক) প্ৰসাৰণ পৰ্য্যায়ৰ।
(খ) দীর্ঘীকৰণ পৰ্য্যায়ৰ।
(গ) পৰিণতি পৰ্য্যায়ৰ।
(ঘ) বিভাজন পৰ্য্যায়ৰ।
উত্তৰঃ (খ) দীর্ঘীকৰণ পৰ্য্যায়ৰ।
৪। বৃদ্ধিৰ বাবে প্রয়োজনীয় উৎসেচকৰ কাৰ্য্যসমূহ কিহৰ মাধ্যমেৰে সম্পন্ন হয়?
(ক) কাৰ্বন ডাইঅক্সাইডৰ।
(খ) অক্সিজেনৰ।
(গ) সূৰ্যৰ ৰশ্মিৰ।
(ঘ) পানীৰ।
উত্তৰঃ (ঘ) পানীৰ।
৫। কিহৰ সময়ত কোষ সমূহৰ বেৰত আৰু প্ৰ’ট’প্লাজমত কিছুমান গঠনাত্মক পৰিৱৰ্ত্তন ঘটে?
(ক) বিভেদনৰ সময়ত।
(খ) দীর্ঘীকৰণৰ সময়ত।
(গ) বিভাজনৰ সময়ত।
(ঘ) পৰিণতিৰ সময়ত।
উত্তৰঃ (ক) বিভেদনৰ সময়ত।
৬। উদ্ভিদৰ কিছুমান বিশেষ পৰিস্থিতিত পুনৰ বিভাজন ক্ষমতা ঘূৰাই পোৱা ব্যৱস্থাক কি বোলা হয়?
(ক) পেৰেণকাইমা।
(খ) ভাজক কলা।
(গ) বিভেদন।
(ঘ) অবিভেদন।
উত্তৰঃ (ঘ) অবিভেদন।
৭। কোনো জীৱৰ বীজৰ অংকুৰণৰ পৰা জীৰ্ণমান অৱস্থালৈকে জীৱন চক্রত দেখা দিয়া সকলো ধৰণৰ পৰিৱৰ্ত্তনক কি বুলি কোৱা হয়?
(ক) বৃদ্ধি।
(খ) বিকাশ।
(গ) বিভাজন।
(ঘ) পৰিণতি।
উত্তৰঃ (খ) বিকাশ।
৮। উদ্ভিদে পৰিৱেশ আৰু জীৱনৰ বিভিন্ন দশাৰ প্ৰতি সহাৰি জনাই বেলেগ বেলেগ পথ অনুসৰণ কৰি বিভিন্ন আকাৰ ধাৰণ কৰাৰ ক্ষমতাক কি বুলি কোৱা হয়?
(ক) নমনীয়তা।
(খ) বিকাশ।
(গ) বৃদ্ধি।
(ঘ) অবিভেদন।
উত্তৰঃ (ক) নমনীয়তা।
৯। জীৱিত উদ্ভিদ দেহত কৰা কামৰ ওপৰত ভিত্তি কৰি উদ্ভিদ বৃদ্ধি নিয়ন্ত্রকক প্রধানকৈ কেইটা গোটত বিভক্ত কৰা হৈছে?
(ক) দুটা।
(খ) তিনিটা।
(গ) চাৰিটা।
(ঘ) পাঁচটা।
উত্তৰঃ (ক) দুটা।
১০। কেনেৰি ঘাঁহৰ কাণ্ডাৱৰণৰ বেঁকা হোৱাৰ মূল কাৰণ কি আছিল?
(ক) জলীয় তাপ।
(খ) পোহৰৰ উৎস।
(গ) মাটিৰ উপাদান।
(ঘ) বায়ুৰ চাপ।
উত্তৰঃ (খ) পোহৰৰ উৎস।
১১। অক্সিনৰ আৱিস্কাৰ কোনে কৰিছিল?
(ক) ডাৰউইন।
(খ) ফ্রেঞ্চিচ ডাৰউইন।
(গ) মেণ্ডেল।
(ঘ) এফ. ডব্লিউ. ৱেন্ট।
উত্তৰঃ (ঘ) এফ. ডব্লিউ. ৱেন্ট।
১২। এফ. ডব্লিউ ৱেন্ট (F.W. Went)এ কিহৰ পুলিৰ কাণ্ডাৱৰণৰ পৰা প্ৰথমে অক্সিন আৱিস্কাৰ কৰিছিল?
(ক) কেনেৰি ঘাঁহ।
(খ) ধান।
(গ) অ’ট।
(ঘ) ঘেঁহু।
উত্তৰঃ (গ) অ’ট।
১৩। ধানৰ কঠিয়াবিলাকত জিব্বাৰিলা ফুজিকুৰ’ই নামৰ ভেকুৰৰ আক্ৰমণত হোৱা বেমাৰৰ নাম কি?
(ক) বেকেন।
(খ) মেলেৰিয়া।
(গ) পলি’অ।
(ঘ) ওপৰৰ এটাও নহয়।
উত্তৰঃ (ক) বেকেন।
১৪। কোন বিজ্ঞানীয়ে বেকেন বেমাৰৰ লক্ষণসমূহ অধ্যয়ন কৰিছিল?
(ক) ডাৰউইন।
(খ) এফ. ডব্লিউ. ৱেন্ট।
(গ) ই. কুৰছাৱা।
(ঘ) এফ. স্কুগ।
উত্তৰঃ (গ) ই. কুৰছাৱা।