Class 11 Biology Important Chapter 9 জৈৱ অণু Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 9 জৈৱ অণু Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.
Class 11 Biology Important Chapter 9 জৈৱ অণু
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.
জৈৱ অণু
Chapter: 9
| IMPORTANT QUESTION AND ANSWER |
অতিৰিক্ত প্রশ্নোত্তৰ
১। জৈৱিক অণু কি?
উত্তৰঃ জীৱদেহ গঠন কৰা জৈৱ আৰু অজৈৱ পদার্থ (উপাদানবোৰক) একেলগে জৈৱিক অণু বোলে।
২। ক্ষুদ্ৰ জৈৱিক অণু কাক বোলে? উদাহৰণ দিয়া।
উত্তৰঃ অজৈৱিক অণুসমূহৰ আণবিক ভৰ কম, পানীত দ্ৰৱণীয় আৰু আকৃতিত সৰু বাবে এইবোৰক ক্ষুদ্ৰ জৈৱিক অণু বোলে।
উদাহৰণ: পানী, খনিজ পদার্থ ইত্যাদি।
৩। স্থূল জৈৱিক অণু কি? উদাহৰণ দিয়া।
উত্তৰঃ জৈৱিক অণুসমূহৰ আণবিক ভৰ বেছি, পানীত কম পৰিমাণে দ্রৱীভূত হয় বা নহয়, এনে পদাৰ্থবোৰক স্থূল জৈৱিক অণু বোলে।
৪। কোষত থকা অজৈৱ পদাৰ্থবোৰক কেইটা ভাগত ভগাব পাৰি আৰু কি কি?
উত্তৰঃ তিনিটা—
১। খনিজ পদার্থ।
২। গেছ। আৰু
৩। পানী।
৫। কোষৰ আধাৰ দ্ৰব্যত থকা মৌলবোৰৰ ভিতৰত কাৰ পৰিমাণ আটাইতকৈ বেছি?
উত্তৰঃ অক্সিজেনৰ।
৬। কোনটো মৌলৰ অভাৱত থাইৰইড গ্ৰন্থি স্ফীত হৈ গলগণ্ড ৰোগ হয়?
উত্তৰঃ আয়’ডিন।
৭ । কোনটো মৌলই তেজ গোট মৰাত সহায় কৰে?
উত্তৰঃ কেলচিয়াম।
৮। কোনটো মৌলই মাংসপেশীৰ সংকোচন ঘটায়?
উত্তৰঃ ছ’ডিয়াম।
৯। কোনটো মৌলই অস্থি আৰু দাঁতৰ গঠনত সহায় কৰে?
উত্তৰঃ কেলচিয়াম।
১০। চাইট’ক্রম অক্সিজেন উৎসেচকত কি থাকে?
উত্তৰঃ তাম।
১১। ক’ত উচ্চ শক্তিশম্পন্ন ফছফেট বান্ধনী নাথাকে?
উত্তৰঃ AMP
১২। কোষৰ প্ৰায় 92% কিহৰ দ্বাৰা গঠিত?
উত্তৰঃ অক্সিজেন, কার্বন, হাইড্ৰ’জেন ইত্যাদি।
১৩। মায়’গ্লবিন গঠনৰ বাবে কিহৰ দৰকাৰ?
উত্তৰঃ লোৰ দৰকাৰ।
১৪। কোষৰ আধাৰ কিমান শতাংশ পানী থাকে?
উত্তৰঃ 70-80%
১৫। ভ্রূণ অৱস্থাতকৈ পূর্ণাঙ্গ অৱস্থাত কোষত থকা পানীৰ পৰিমাণ কম নে বেছি?
উত্তৰঃ কম।
১৬। এবিধ এক শৰ্কৰাৰ নাম লিখা?
উত্তৰঃ ফ্রুক্ট’জ।
১৭। কোনবিধ শৰ্কৰা উদ্ভিদত পোৱা নাযায়?
উত্তৰঃ লেক্ট’জ।
১৮। ডিঅক্সিৰইব’জ ক’ত পোৱা যায়?
উত্তৰঃ DNA ত।
১৯। যকৃতত শৰ্কৰা কি ৰূপত সঞ্চিত হৈ থাকে?
উত্তৰঃ গ্লাইক’জেন।
২০। প্রাণীজ শৰ্কৰা কোনবিধ?
উত্তৰঃ গ্লাইক’জেন।
২১। গাখীৰত কি থাকে?
উত্তৰঃ লেক্ট’জ।
২২। দুটা এক শৰ্কৰাৰ অণুৰ মাজৰ ৰাসায়নিক বান্ধনীক কি বোলে?
উত্তৰঃ গ্লাইক’ছাইডিক বান্ধনী।
২৩। জলবিয়োজনত দুটা গ্লুক’জ অণু উৎপন্ন কৰা দ্বিশৰ্কৰাবিধ কি?
উত্তৰঃ মাল্ট’জ।
২৪। কোনবিধ শৰ্কৰা উদ্ভিদত পোৱা নাযায়?
উত্তৰঃ কাইটিন।
২৫। পতংগৰ বহিঃ কংকাল গঠনকাৰী শখৰাবিধ কি?
উত্তৰঃ কাইটিন।
২৬। গ্লুক’জ এবিধ অপচায়ক শৰ্কৰা কিয়?
উত্তৰঃ কাৰণ ইয়াৰ অণুত এটা যুক্ত এলডিহাইডৰ সমষ্টি থাকে।
২৭। খালী ঠাই পূৰণ কৰা।
১। _______প্রাণীজ শ্বেতসাৰ বুলিও পৰিচিত।
উত্তৰঃ কাৰ্বহাইড্ৰেটক।
২। লেক্ট’জ_____ ত থাকে।
উত্তৰঃ গেলক্ট’জ।
৩। দুটা একশৰ্কৰা অণু _____ বন্ধনীৰ দ্বাৰা সংযোগ হয়।
উত্তৰঃ কার্বন।
৪। জলবিয়োজনত দুটা গ্লুক’জ অনু উৎপন্ন কৰা দ্বিশৰ্কৰাবিধ হ’ল______।
উত্তৰঃ মাল্ট’জ।
৫। ______ এবিধ নাইট্ৰ’জেনযুক্ত বহুশৰ্কৰা।
উত্তৰঃ ছাত্ৰ ছাত্ৰীয়ে নিজে কৰা।
৬। পতংগৰ বহিঃকংকাল গঠনকাৰী শৰ্কৰাবিধ হ’ল_______।
উত্তৰঃ শ্বেতসাৰ।
৭। বহুশৰ্কৰাবোৰ ______ ৰ ৰৈখিক অথবা শাখা-প্রশাখাযুক্ত বহুযোজী পদার্থ।
উত্তৰঃ ছাত্ৰ ছাত্ৰীয়ে নিজে কৰা।
৮। গ্লুক’জ এবিধ অপচায়ক শৰ্কৰা, কাৰণ ইয়াৰ অণুত এটা মুক্ত _______ ৰ সমষ্টি থাকে।
উত্তৰঃ ছাত্ৰ ছাত্ৰীয়ে নিজে কৰা।
৯। প্ৰ’টিন নামটো প্ৰথমে ______ এ দিছিল।
উত্তৰঃ বাৰ্জিলিয়াছ।
১০। চুলিত পোৱা প্ৰ’টিন বিধ হ’ল ______।
উত্তৰঃ কেৰ’টিন।
১১। মানৱ কোষত যি এমিন’ এছিডৰ সংশ্লেষণ কৰিব নোৱাৰি তাক______ বোলে।
উত্তৰঃ অপৰিহাৰ্য এমিন’ এছিড।
১২। যৌগিক প্ৰ’টিনৰ অপ্ৰ’টিন ভাগক ______ বোলে।
উত্তৰঃ প্ৰস্থেটিক থুপ।
১৩। দুবিধ এমিন’ এছিডৰ ঘনীভৱনৰ ফলত এটা______ অণু উৎপন্ন হয়।
উত্তৰঃ ডাইপেপ্টাইড।
১৪। প্ৰ’টিনবোৰ তৰল খনিজ এছিডৰ লগত মিহলাই উতলালে সেইবোৰৰ ধাৰাবাহিক পৰিৱৰ্তন হয়। ইয়াক _____বোলে।
উত্তৰঃ ডিনেচাৰেছন।
১৫। দুবিধ এমিন’ এছিদ সংযোগ কৰা ৰাসায়নিক বান্ধনীবোৰ হ’ল_____।
উত্তৰঃ পেপ্টাইড বন্ধন।
১৫। চৰ্বি আৰু তেল একেলগে______ বুলি জনাজাত।
উত্তৰঃ লিপিড।
১৭। প্রাণীদেহত ______ত চৰ্বি সঞ্চিত হৈ থাকে।
উত্তৰঃ মেদ কলা।
১৮। ______আৰু স্নেহ এছিডেৰে চৰ্বি গঠিত।
উত্তৰঃ গ্লিচাৰ’ল।
১৯। স্নেহ এছিডৰ তিনিটা অণুযুক্ত প্রকৃত চর্বিক_____ বুলি কোৱা হয়।
উত্তৰঃ ট্রাই-গ্লিচাৰাইড।
২০। তেজৰ আতঞ্চনত সহায় কৰা স্নেহ পদাৰ্থৰ নাম_____।
উত্তৰঃ চেফালিন।
২১। উৎসেচক এক ধৰণৰ জৈৱ______।
উত্তৰঃ অনুঘটক।
২২। উৎসেচক প্ৰ’টিন থকা অংশক_____থাকে।
উত্তৰঃ এপ’এনজাইম।
২৩। একোটা উৎসেচকে যি দ্ৰব্যৰ ওপৰত ক্ৰিয়া কৰে, তাক সেই উৎসেচকৰ_______বোলে।
উত্তৰঃ কাৰ্যদ্রব্য।
২৪। কার্যদ্রব্য + উৎসেচক ― উৎপন্ন দ্রব্য +_______।
উত্তৰঃ উৎসেচক।
২৫। লিপিডৰ ওপৰত ক্ৰিয়া কৰা উৎসেচকক______ বোলে।
উত্তৰঃ লাইপেজ।
২৬। উৎসেচকৰ অণু কাৰ্যদ্ৰব্যৰ অণুতকৈ আকাৰত_____।
উত্তৰঃ ডাঙৰ।
২৭। প্ৰ’টিনৰ ওপৰত ক্ৰিয়া কৰা উৎসেচকক______ বোলে।
উত্তৰঃ পেপছিন।
২৮। দীঘল প্ৰশ্নৰ উত্তৰ:
১। কোষ বা কলাৰ মুখ্য জৈৱিক অণুসমূহ কি কি?
উত্তৰঃ কোষ বা কলাৰ মুখ্য জৈৱিক অণুসমূহক দুটা ভাগত ভাগ কৰিব পাৰি ―
(ক) অজৈৱ অণু। আৰু
(খ) জৈৱ অণু।
অজৈৱ অণু: এইবোৰ অণুৰ উৎপত্তি জীৱদেহত নহয়। জীৱই এই যৌগবোৰ খাদ্য হিচাপে বাহ্যিক উৎসৰ পৰা গ্ৰহণ কৰে। কাৰ্বন-হাইড্ৰ’জেন বান্ধনীবিহীন এই অজৈৱ অণুবোৰক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি। সেয়া হ’ল – খনিজ পদার্থ, পানী আৰু গেছ।
জৈৱ অণু: এইবোৰৰ উৎপত্তি জীৱদেহত হয়। অনেক ধৰণৰ অজৈৱ আৰু জৈৱ অণু লগলাগি এইবিলাকৰ সৃষ্টি হয়। উদাহৰণ – শৰ্কৰাসমূহ, প্ৰ’টিন, স্নেহপদার্থ, নিউক্লিক এছিড ইত্যাদি।
২। প্রট’প্লাজমৰ অপৰিহাৰ্য মৌলবোৰৰ পৰিমাণ অনুযায়ী কেইটা ভাগত ভগোৱা হৈছে – আলোচনা কৰা।
উত্তৰঃ প্ৰট’প্লাজমৰ অপৰিহাৰ্য মৌলবোৰৰ পৰিমাণ অনুযায়ী সিহঁতক তিনিটা ভাগত ভাগ কৰা হৈছে –
(ক) মুখ্য মৌল।
(খ) সূক্ষ্ম মৌল। আৰু
(গ) অতি সূক্ষ্ম মৌল।
মুখ্য মৌল: কোষৰ আধাৰ দ্ৰব্যত যিবোৰ মৌল বেছি পৰিমাণে থাকে সেইবোৰক মুখ্য মৌল বা মুখ্য উপাদান বা বৃহৎ মৌল বুলি কোৱা হয়। C, H, O, N, P, K, Ca, S, Mg আৰু Fe মুখ্য মৌলৰ অন্তৰ্ভুক্ত। ইয়াৰ ভিতৰত কোষীয় আধাৰ দ্ৰব্যত C, H, O আৰু N ৰ পৰিমাণ আটাইতকৈ বেছি। কোষীয় আধাৰ দ্ৰব্যত ইহঁতৰ পৰিমাণ হ’ল— অক্সিজেন (O) 62% কার্বন (C) 20%, হাইড্ৰ’জেন (H) 10% আৰু নাইট্ৰজেন (N) 3%। শৰ্কৰা, প্ৰ’টিন, স্নেহদ্রব্য, নিউক্লিক এছিড আদি কোষৰ বৃহৎ অণুবোৰ তথা আন বহুতো জৈৱ আৰু অজৈৱ কোষস্থ যৌগ মূলতঃ এই চাৰিবিধ মুখ্য মৌলেৰে গঠিত।
সূক্ষ্ম মৌল: কোষীয় আধাৰ দ্ৰব্যত শতকৰা হিচাপত কম পৰিমাণে থকা মৌলবোৰক সূক্ষ্ম মৌল বা ক্ষুদ্র মৌল বুলি কোৱা হয়। কোষৰ বিভিন্ন গুৰুত্বপূৰ্ণ জৈৱিক দ্ৰব্যৰ উপাদান ৰূপে থকা প্ৰধান সূক্ষ্ম মৌলবোৰ হ’ল- কেলচিয়াম, ফছফ’ৰাছ, ক্লৰিণ, ছালফাৰ, পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম, আয়’ডিন আৰু লো। উদাহৰণস্বৰূপে ডিঅক্সিৰিব’নিউক্লিক এছিদ আৰু ৰাইব’নিউক্লিক এছিডৰ মূল পদার্থ এডিন’ছাইন ট্রাইফছফেটৰ প্ৰধান উপাদান হ’ল
– ফছফৰাছ। তদুপৰি এই মৌলবোৰে কোষৰ আসৃতি, ব্যাপন, স্নায়ু স্পন্দন প্ৰেৰণ আদি বহুতো ভৌত ৰাসায়নিক ক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
অতি সূক্ষ্ম মৌল: কোষত অতি কম পৰিমাণে থকা মৌলবোৰ অতি সূক্ষ্ম মৌল। প্ৰাণী কলাৰ প্ৰায় ০.৭৫৬% হে এইবোৰেৰে গঠিত। অতি সূক্ষ্ম মৌলবোৰ হ’ল – ক’পাৰ, মলিবডেনাম, ক’বাল্ট, মেংগানিজ, জিংক, ব’ৰণ, চিলিকন ইত্যাদি। কিছুমান কোষীয় ক্রিয়াত সহ-কাৰক হিচাপে এই মৌলবোৰে বিশেষ ভূমিকা পালন কৰে।
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

