Class 11 Biology Important Chapter 10 কোষচক্ৰ আৰু কোষবিভাজন

Class 11 Biology Important Chapter 10 কোষচক্ৰ আৰু কোষবিভাজন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 10 কোষচক্ৰ আৰু কোষবিভাজন Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.

Class 11 Biology Important Chapter 10 কোষচক্ৰ আৰু কোষবিভাজন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.

Chapter: 10

IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্রশ্নোত্তৰ 

১। কোষ বিভাজন কি কি পদ্ধতিৰে হয়?

উত্তৰঃ (i) এমাইট’ছিছ বা অনিয়মিত।

(ii)মাইট’ছিছ বা দৈহিক। আৰু

(iii) মিঅ’ছিছ বা হ্রাসাত্মক কোষবিভাজন পদ্ধতিৰে হয়।

২। কোষচক্ৰত কি কি স্তৰ পোৱা যায়?

উত্তৰঃ (i) অন্তৱৰ্তী স্তৰ (Interphase)।

(ii) মাইট’ছিছ স্তৰ বা কোষকেন্দ্ৰ বিভাজন স্তৰ।

(iii) চাইট’কাইনেছিছ বা কোষপ্রৰস বিভাজন স্তৰ।

৩। মাইট ‘ছিছ বিভাজনত কিমানটা অপত্যকোষৰ সৃষ্টি হয়?

উত্তৰঃ দুটা অপত্যকোষৰ সৃষ্টি হয়।

৪। হ্রাসাত্মক বিভাজনৰ ফলত সৃষ্টি হোৱা অপত্যকোষৰ সংখ্যা কিমান?

উত্তৰঃ চাৰিটা অপত্যকোষৰ সৃষ্টি হয়।

৫। মাইট’ছিছ কোষ বিভাজনৰ স্তৰসমূহৰ নাম লিখা। 

উত্তৰঃ (i) কেৰিঅ’কাইনেছিছ বা কোষকেন্দ্ৰীয় বিভাজন।

(ii) ছাইট’কাইনেছিছ বা কোষপ্রৰসীয় বিভাজন।

৬। প্রৰস বিভাজনৰ ফলত কি হয়?

উত্তৰঃ দুটা স্বয়ংপূৰ্ণ অপত্যকোষৰ সৃষ্টি হয়।

৭। কেন্দ্ৰীয় মহুৰাৰ সৃষ্টি কোন স্তৰত সৃষ্টি হয়? 

উত্তৰঃ মাইট’ছিছ বিভাজনৰ মধ্যস্তৰত।

৮। কোষবিভাজন কোনে প্রথম আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ হ’ফমেষ্টাৰ।

৯। হ্রাসাত্মক বিভাজনৰ প্ৰথম আদ্যস্তৰৰ উপস্তৰসমূহ কি কি লিখা।

উত্তৰঃ (i) লেপ্ট’টিন।

(ii) জাইগ’টিন।

(iii) পেকিটিন।

(iv) ডিপ্ল’টিন।

(v) ডায়াকাইনেছিছ।

১০। আদ্যস্তৰৰ কোন উপস্তৰত ক্ৰছিং অভাৰ হয়?

উত্তৰঃ পেকিটিন উপস্তৰত।

১১। সমৰূপী ক্রম’জ’মবিলাকে কোন স্তৰত যোৰা পাতে?

উত্তৰঃ জাইগ’টিন উপস্তৰত।

১২। কায়াজমা কি?

উত্তৰঃ মিঅ’ছিছ বিভাজনৰ প্ৰথম আদ্যস্তৰৰ পেকিটিন উপস্তৰত সমৰূপী ক্ৰ’ম’জমবিলাক অধিক শকত আৰু চুটি হৈ পৰে। পেকিটিনৰ শেষচোৱাত প্ৰতিডাল ক্ৰ’ম’জম দীঘে দীঘে ফাটি দুডাল ক্ৰমেটিডৰ সৃষ্টি হয়। এতেকে এই অৱস্থাত প্রত্যেক যুগ্ম ক্ৰম’জমৰ পৰা চাৰিডালকৈ ক্ৰমেটিড উৎপন্ন হয়। এই ক্রমেটিড চাৰিডাল পৰস্পৰৰ মাজত পাক খায় আৰু কিছুমান বিন্দুত দুযোৰৰ দুডাল ক্ৰমেটিড x আকৃতিতে লগ লাগে। এই বিন্দুবোৰক কায়াজমা বোলে।

১৩। ‘মাইট’ছিছ’ শব্দটোৱে কি কি প্ৰক্ৰিয়াক বুজায়?

উত্তৰঃ (i) কোষবিভাজন।

(ii) প্রৰস বিভাজন। আৰু

(iii) কোষকেন্দ্র বিভাজন প্রক্রিয়াক বুজায়।

১৪ । মাইট’ছিছ কোষ বিভাজনৰ প্রক্রিয়াই সমাধান কৰিবলগীয়া মৌলিক সমস্যাটো কি?

উত্তৰঃ মাতৃকোষ আৰু অপত্যকোষত ক্ৰ’ম’জমৰ সংখ্যা সমান ৰখা ৷

১৫। মিঅ’ছিছ বিভাজনৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট কি?

উত্তৰঃ জননকোষ সৃষ্টি কৰা।

১৬। কোনটো স্তৰৰ প্ৰক্ৰিয়াক আদ্যস্তৰৰ বিপৰীত প্রক্রিয়া বোলে?

উত্তৰঃ অন্ত্যস্তৰৰ প্ৰক্ৰিয়াক।

১৭। অন্তৱৰ্তী স্তৰত কোষৰ প্ৰকৃতি উল্লেখ কৰা।

উত্তৰঃ ১। অন্তৱৰ্তী স্তৰত কোষ এটা বিভাজনৰ বাবে সম্পূর্ণভাৱে বিকশিত হয়।

২। বিভাজনৰ বাবে প্ৰয়োজনীয় শক্তি আহৰণ কৰি লয়।

৩। কোষকেন্দ্ৰৰ আৱৰণ সৃষ্টি সম্পূর্ণ হয়।

৪। ক্রমেটিন সূত্রবিলাক অত্যাধিক পাক খোৱা থাকে।

৫। DNA সংশ্লেষণ সম্পূর্ণ হয়।

৬। বিভাজনৰ বাবে সম্পূৰ্ণ প্ৰস্তুত হৈ থাকে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top