Class 11 Biology Important Chapter 11 উদ্ভিদৰ পৰিবহন

Class 11 Biology Important Chapter 11 উদ্ভিদৰ পৰিবহন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 11 উদ্ভিদৰ পৰিবহন Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.

Class 11 Biology Important Chapter 11 উদ্ভিদৰ পৰিবহন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.

Chapter: 11

IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্রশ্নোত্তৰ 

১। পার্থক্য লিখা।

(ক) সংক্রিয় শোষণ আৰু নিস্ক্রিয় শোষণ।

উত্তৰঃ 

সংক্রিয় শোষণনিস্ক্রিয় শোষণ
(ক) ই এবিধ জৈৱ ৰাসায়নিক ক্রিয়া।(ক) ই এটি ভৌতিক প্রক্রিয়া।
(খ) এই প্ৰক্ৰিয়াত ব্যাপন-নিৰ্ভৰ নহয়।(খ) ই প্রকৃততে এটি ব্যাপন প্রক্রিয়া।
(গ) আয়ন ঘনত্বৰ বিপৰীতে গতি কৰে।(গ) আয়ন সদায় ঘনত্বৰ স্বপক্ষে চলাচল কৰে।
(ঘ) এই প্রক্রিয়া শক্তি-নিৰ্ভৰ।(ঘ) শক্তিৰ ব্যৱহাৰ নহয়।
(ঙ) শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়৷(ঙ) শ্বাস-প্ৰশ্বাসৰ তাৰতম্য নঘটে।
(চ) ধনাত্মক আৰু ঋণাত্মক আয়নৰ শোষণ একেলগে চলিব পাৰে।(চ) ধনাত্মক আৰু ঋণাত্মক আয়নৰ শোষণ একেলগে চলি নাথাকে।

(খ) ৰসস্ফীতি আৰু ৰসস্ফীতিৰ চাপ।

উত্তৰঃ কোষে পানী শোষণ কৰাৰ ফলত ওফন্দি পৰে। কোষৰ এই অৱস্থাক ৰসস্ফীতি বোলা হয়। ৰসস্ফীতিৰ ফলত কোষবোৰত ভিতৰফালৰ পৰা যি চাপ পৰে তাক ৰসস্ফীতিৰ চাপ বোলা হয়।

(গ) অন্তৰাসৃতি আৰু বহিৰাসৃতি।

উত্তৰঃ কোষৰ বাহিৰৰ লঘু দ্ৰৱৰ পৰা কোষৰ ভিতৰৰ ঘন দ্ৰৱলৈ হোৱা অন্তৰাসৃতি বোলে। আনফালে কোষৰ ভিতৰৰ লঘু দ্ৰৱৰ পৰা কোষৰ বাহিৰৰ ঘন দ্ৰৱলৈ হোৱা আসৃতিক বহিৰাসৃতি বোলে।

(ঘ) কোষবেৰৰ চাপ আৰু ৰসস্ফীতিৰ চাপ।

উত্তৰঃ আসৃতিৰ ফলত কোষৰ ভিতৰত ৰস স্ফীতিৰ চাপ বৃদ্ধি পায়। এই চাপে কোষবেৰৰ ওপৰত চাপ দিয়ে ৷ এই চাপক প্ৰতিহত কৰিবলৈ যি পৰিমাণৰ চাপৰ সৃষ্টি হয় তাকে কোষবেৰৰ চাপ বোলে।

আসৃতিৰ ফলত কোষত পানী প্ৰৱেশ কৰে। পানী প্ৰৱেশ কৰাৰ ফলত কোষ ক্রমশ ওফন্দি উঠে। ইয়াকেই কোষৰ ৰসস্ফীতি বোলে।

(ঙ) অর্ধভেদ্যতা আৰু চয়নাত্মক ভেদ্যতা।

উত্তৰঃ ভেদ্যতা অনুযায়ী কোনো এক বস্তুক তিনিটা ভাগৰ যিকোনো এটা ভাগত পেলাব পৰা যায়। কোনো এক বস্তুৱে যদি আন যিকোনো বস্তুক তাৰ মাজেদি অহা-যোৱা কৰাত বাধা নিদিয়ে তেতিয়া তাক ভেদ্য বোলা হয়। আন হাতেদি যদি সি কোনো প্ৰকাৰৰ অন্য বস্তু তাৰ মাজেদি অহা-যোৱা কৰিবলৈ নিদিয়ে তেতিয়াহ’লে তাক অভেদ্য বোলা হয়। এনে কোনো কোনো বস্তু আছে যিবিলাকে কেৱল দ্ৰাৱকক অনায়াসে অহা-যোৱা কৰিবলৈ দিয়ে কিন্তু দ্ৰৱ আৰু দ্ৰাব্যৰ অহা-যোৱাত বাধা দিয়ে। এনে বস্তুক অর্দ্ধভেদ্য বোলা হয়। জীৱ কোষৰ কোষাৱৰণৰ সম্পূর্ণভাৱে অৰ্দ্ধভেদ্য বুলি ক’ব পৰা নাযায়। কাৰণ প্ৰয়োজনত ই দ্ৰাৱকৰ কোনো কোনো অণুৰ অহা-যোৱাত নিদিয়ে। কোষাৱৰণখনে বস্তুৰ তেনে অণুবিলাক বাছি লৈহে ভেদ কৰিবলৈ সুযোগ দিয়ে৷ এনে ধৰণৰ ভেদ্যতাক চয়নাত্বক ভেদ্যতা বোলা হয়।

(চ) ব্যাপন, সহজাত পৰিবহন আৰু সংক্ৰিয় পৰিবহনৰ পাৰ্থক্য লিখা।

উত্তৰঃ 

ব্যাপনসহজাত পৰিবহনসক্ৰিয় পৰিবহন
১। বিশেষ আৱৰণ প্ৰ’টিনৰ প্রয়োজন নাই।১। বিশেষ আৱৰণ প্ৰ’টিনৰ প্রয়োজন আছে।১। আছে।
২। ব্যাপন হোৱা অণুসমূহৰ ভেদাভেদ নাই৷২। অণুসমূহ বাছি লয়।২। বাছি লয়।
৩। ব্যাপন ঘনত্বৰ সপক্ষে হয়।৩। ব্যাপন ঘনত্বৰ বিপৰীতে হয়৷৩। বিপৰীতে হয়।
৪। ব্যাপনত শক্তি ব্যৱহাৰ নহয়। ৪। শক্তি ব্যৱহাৰ নহয়।৪। শক্তি ব্যৱহাৰ হয়। 
৫। বাহক প্ৰ’টিনৰ প্ৰয়োজন নাই।৫। প্রয়োজন আছে।৫। প্রয়োজন আছে।

(ছ) নিষ্ক্রিয় পৰিবহন আৰু সংক্ৰিয় পৰিবহনৰ পাৰ্থক্য লিখা।

উত্তৰঃ

নিষ্ক্রিয় পৰিবহনসক্ৰিয় পৰিবহন
১। কোনো শক্তি ব্যৱহাৰ নহয়।১। শক্তি ব্যৱহাৰ হয়।
২। ব্যাপন ঘনত্বৰ সপক্ষে হয়।২। ব্যাপন ঘনত্বৰ বিপৰীতে হয়।
৩। ধনাত্মক আৰু ঋণাত্মক আয়নৰ ব্যাপন একেলগে নহয়।৩। ধনাত্মক আৰু ঋণাত্মক আয়নৰ ব্যাপন একেলগে হয়।
৪। শ্বসনৰ হাৰ বৃদ্ধি নহয়।৪। শ্বসনৰ হাৰ বৃদ্ধি পায়।
৫। বাহক প্ৰ’টিনৰ ভূমিকা নাই। ৫। বিশেষ বাহক প্ৰ’টিনৰ প্ৰয়োজন হয়।
৬। উৎসেচকৰ ভূমিকা নাই।৬। উৎসেচকৰ ভূমিকা আছে।

২। অৱশোষণ, ব্যাপন আৰু আসৃতিৰ সূত্ৰ লিখা।

উত্তৰঃ অৱশোষণ: জলপ্রেমী (Hydrophilic) শুকান বস্তু পানী বা বাষ্প শোষণ কৰি ফুলি উঠে। ইয়াকে অৱশোষণ (Imbibition) বোলা হয়।

ব্যাপন: গেছ বা তৰল পদাৰ্থৰ অণুবিলাক বেছি চাপৰ পৰা কম চাপৰ ফালে মুক্তভাবে চলাচল কৰাকে ব্যাপন (Diffusion) বোলা হয়।

আসৃতি (Osmosis): একধৰণৰ ব্যাপন ক্রিয়া, যাৰ ফলত দুটা ভিন্ন ঘনত্বৰ দ্ৰাৱক যদি অর্ধভেদ্য আৱৰণেৰে পৃথক কৰি ৰখা হয়, তেতিয়া হ’লৈ দ্ৰাৱক তাৰ উচ্চ ঘনত্বৰ পৰা নিম্ন ঘনত্বৰ ফালে গতি কৰে। এয়াই আসৃতি।

৩। প্ৰ’ট’প্লাজমৰ সংকোচনৰ পৰা সম্ভেদ পোৱা গুৰুত্বপূৰ্ণ কথাকেইটা কি কি?

উত্তৰঃ ১। উদ্ভিদৰ কোষ জীৱিত অৱস্থাত আছে নে মৃত অৱস্থাত আছে।

২। কোষবেৰখন ভেদ্য।

৩। কোষৰ কোষাৱৰণ অৰ্ধভেদ্য আৰু চয়ন গুণসম্পন্ন।

৪। জীৱিত পদাৰ্থৰ আসৃতি শক্তি আমৰণ থাকে।

৪। ৰসস্ফীতিৰ গুৰুত্ববোৰ কি কি?

উত্তৰঃ ১। কোষৰ আয়তন বৃদ্ধিৰ বাবে ৰসস্ফীতিৰ আৱশ্যক।

২। ৰসস্ফীতিৰ ফলত কোষবিলাক ওফন্দি থাকে তাৰ ফলত পাতবিলাক হালি নপৰে আৰু কুমলীয়া শাক-বনজাতীয় গছবিলাক থিয় হৈ থাকে।

৩। গছৰ পাত আৰু কোমলীয়া কাণ্ড সতেজ ৰাখে।

৪। পত্ৰৰন্ধ্ৰ মেল খোৱা আৰু বন্ধ হোৱাত সহায় কৰে।

৫। আহাৰ পৰিবহনৰ দিশবোৰ কি কি?

উত্তৰঃ ১। ঊর্ধ্ব-পৰিবহন হয় পাতৰ পৰা কলি, ফুল আৰু ফললৈ।

২। অধঃপৰিবহন হয় পাতৰ পৰা কাণ্ড আৰু মূললৈ।

৩। পার্শ্ব পৰিবহন হয় মজ্জা বিস্তৃতিৰ (Medullary ray) মাজেদি কর্টেক্স, বহিস্ত্বক আদিলৈ।

৬। যথাযথ উত্তৰ দিয়া—

উপযুক্ত বৈজ্ঞানিক শব্দ ব্যৱহাৰ কৰা।

(ক) কোষাৱৰণে যেতিয়া অণুৰ গুণাগুণ চাই ভেদ কৰিবলৈ দিয়ে তেতিয়া তেনে ভেদ্যতাক কি বোলা হয়?

উত্তৰঃ চয়নাত্মক ভেদ্যতা।

(খ) দুটা ভিন্ন ঘনত্বৰ দ্রৱক যেতিয়া এখন অর্ধভেদ্য আৱৰণে পৃথক কৰি ৰাখে তেতিয়া লঘু দ্ৰৱৰ পৰা ঘন দ্ৰৱলৈ দ্ৰাৱকৰ যি ব্যাপন হয় তাক কি বোলা হয়?

উত্তৰঃ আসৃতি।

(গ) আসৃতিৰ প্ৰভাৱত উদ্ভিদকোষত থকা জীৱিত পদাৰ্থৰ কোঁচ খোৱাক কি বুলি কোৱা হয়?

উত্তৰঃ প্রটপ্লাজমৰ সঙ্কোচ।

(ঘ) কোষৰ ভিতৰত সৃষ্টি হোৱা সৰ্বাধিক জলস্থৈতিক চাপক কি বোলা হয়?

উত্তৰঃ ৰস্ফীতিৰ চাপ।

(ঙ) খনিজ লোণৰ আয়নসমূহ যেতিয়া কোনো বাধা নোপোৱাকৈ মূলৰ ভিতৰত সোমাব পাৰে বা ওলাই আহিব পাৰে তেতিয়া তেনে শোষণক কি বোলা হয়?

উত্তৰঃ নিস্ক্রিয় শোষণ।

৭। খালী ঠাই পূৰণ কৰা—

(ক) ______অর্ধভেদ্য।

উত্তৰঃ কোষাবৰণ।

(খ) _______ভেদ্য।

উত্তৰঃ কোষবেৰ।

(গ) উদ্ভিদৰ মূলে ______পানী শোষণ কৰে ৷ 

উত্তৰঃ কৈশিক।

(ঘ) শুকান বীজ পানীত থলে ______ফলত ওফন্দি উঠে।

উত্তৰঃ অৱশোষণৰ।

(ঙ) ______ফলত কোনো বস্তুৰ সুবাস বিয়পি পৰে।

উত্তৰঃ ব্যপনৰ।

(চ) কোষৰ পৰা যি দ্রবটে দ্রাবক ওলাই যায় সেই দ্রবক ______বোলে৷

উত্তৰঃ অত্যাসাৰী।

(ছ) ______ফলত প্ৰটপ্লাজমৰ সংকোচন হয়।

উত্তৰঃ বহিৰাসৃতিৰ।

(জ) ৰসস্ফীতিৰ চাপ বৃদ্ধি পালে ______ চাপো বৃদ্ধি পায়।

উত্তৰঃ কোষবেৰ।

(ঝ) ______মাজেৰে পানী মূলৰ পাৰ পাতলৈ যায়।

উত্তৰঃ জাইলেমৰ।

(ঞ) স্পন্দন মতবাদ প্ৰচাৰ কৰিছিল______।

উত্তৰঃ আচাৰ্য্য জগদীশ বসু।

(ট) ______প্রস্বেদন বল আৰু পানীৰ সংশক্তি মতবাদ প্ৰচাৰ কৰিছিল।

উত্তৰঃ  ডিক্সনে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top