Class 11 Biology Important Chapter 12 খনিজ পুষ্টি

Class 11 Biology Important Chapter 12 খনিজ পুষ্টি Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 12 খনিজ পুষ্টি Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.

Class 11 Biology Important Chapter 12 খনিজ পুষ্টি

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.

Chapter: 12

IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্রশ্নোত্তৰ 

১। উদ্ভিদৰ বাবে কি কি খজিন লোণৰ আৱশ্যক? 

উত্তৰঃ কেলচিয়াম, পটাছিয়াম, লো, মেংগানিজ ইত্যাদি।

২। উদ্ভিদৰ দেহত কি কি মৌল পোৱা যায়?

উত্তৰঃ কার্বন অক্সিজেন, নাইট্ৰ’জেন, হাইড্ৰ’জেন, ক্লৰিণ, ছিলিকণ, গন্ধক, ফছফৰাছ, কেলছিয়াম, পটাছিয়াম, মেগনেচিয়াম, লো, ছডিয়াম, তাম, মেংগানিজ, জিংক, এলুমিনিয়াম, ব’ৰণ, মলিবডেনাম ইত্যাদি।

৩। উদ্ভিদে নাইট্ৰ’জেন ক’ৰ পৰা সংগ্ৰহ কৰে? 

উত্তৰঃ মাটিৰ পৰা লোণ হিচাপেহে উদ্ভিদে নাইট্ৰ’জেন সংগ্রহ কৰে। 

৪। জলকর্ষণ কাক বোলে?

উত্তৰঃ উদ্ভিদ বৃদ্ধিৰ বাবে প্রয়োজনীয় সকলো মৌল যথোচিত পৰিমাণে পানীত মিহলাই মাটিৰ পৰিৱৰ্তে পানীত গজিবলৈ ব্যৱহাৰ কৰা পদ্ধতিক জলকর্ষণ বোলে।

৫। নাইট্রোজেন, পটাছিয়াম, ছালফাৰ আৰু ফছফৰাছৰ কাম কি? 

উত্তৰঃ নাইট্ৰ’জেনৰ কাম: 

(i) প্ৰ’টিন, হৰিৎকণা, প্রট’প্লাজম গঠন কৰা।

(ii) পাত আৰু ফুলৰ বৃদ্ধি ইত্যাদি।

পটাছিয়ামৰ কাম:

(i) শৰ্কৰাৰ বিপাক।

(ii) প্র’টিন বিশ্লেষণ ইত্যাদি।

ছালফাৰৰ কাম:

(i) মূলৰ বৃদ্ধি।

(ii) হৰিৎকণা গঠন ইত্যাদি।

ফছফৰাছৰ কাম:

(i) ATP গঠন।

(ii) নিউক্লিয় প্র’টিন সংশ্লেষণ ইত্যাদি। 

৬। কি কি মৌলই তলত উল্লেখ কৰা ক্ৰিয়াত ভাগ লয়?

(i) পত্ৰহৰিৎ সৃষ্টি।

উত্তৰঃ মেগনেচিয়াম, ছালফাৰ, নাইট্ৰ’জেন, লো।

(ii) ATP গঠন।

উত্তৰঃ ফছফৰাছ।

(iii) প্রট’প্লাজম গঠন।

উত্তৰঃ পটাছিয়াম।

(iv) প্র’টিন সংশ্লেষণ।

উত্তৰঃ পটাছিয়াম, নাইট্ৰ’জেন, মেঙ্গানিজ, ব’ৰণ।

(v) নাইট্ৰ’জেনৰ বিপাক।

উত্তৰঃ কেলচিয়াম, মলিবডেনাম।

(vi) উদ্ভিদ দেহত খনিজ লোণৰ গুৰুত্ব কি?

উত্তৰঃ (i) খনিজ লোণে দেহৰ ৰাসায়নিক গঠনত ভাগ লয়।

(ii) খনিজ লোণে কোষৰ আসৃতিৰ চাপ ৰক্ষা কৰাত সহায় কৰে।

(iii) খনিজ লোণে উৎসেচকৰ প্ৰক্ৰিয়াত সাহাৰ্য কৰে।

৭। উদ্ভিদৰ ছাইত কিমান বিধ মৌল পোৱা যায়।

উত্তৰঃ ১৩ বিধ।

৮। অনাৱশ্যকীয় মৌল কোনবোৰ।

উত্তৰঃ ছডিয়াম (Na), ক্লৰিণ (CI) আৰু ছিলিকণ (Si)।

৯। অণুমাত্রা মৌল কোনবোৰ?

উত্তৰঃ মেংগানিজ (Mn), জিংক (Zn), কপাৰ (Cu), মলিবডেনাম (Mo), আৰু বৰণ (B)। 

১০। কেলচিয়ামৰ অভাৱত উদ্ভিদত দেখা দিয়া উপসৰ্গবোৰ কি?

উত্তৰঃ (i) পাত হালধীয়া আৰু ফুটফুটীয়া হয়।

(ii) মূলতন্ত্ৰ আৰু কান্ধৰ আগ শুকাই যায় ৷

(iii) ফুল সৰি পৰে।

১১। নাইট্ৰ’জেনৰ অভাৱত উদ্ভিদত দেখা দিয়া উপসৰ্গবোৰ কি?

উত্তৰঃ (i) পাত হালধীয়া হয়। 

(ii) কোষ বিভাজনত বাধা হয়।

(iii) ফুল ফুলাত পলম হয়।

১২। বালিকর্ষণ কি?

উত্তৰঃ শিপাই খামোচ মাৰি ধৰিবৰ সুবিধাৰ কাৰণে পাত্ৰত বিশুদ্ধ বালি দি গছ লগাই কৰ্ষণ দ্ৰৱ প্ৰয়োগ কৰি যি খেতি পদ্ধতি কৰা হয় তাকে বালিকর্ষণ বোলে। 

১৩। বায়ব কর্ষণ কি?

উত্তৰঃ পৰীক্ষা-নিৰীক্ষাৰ বাবে উদ্ভিদৰ শিপা, দ্ৰৱ বা বালিত সুমুৱাই নথৈ পাত্র বা বাকচৰ ভিতৰত উন্মুক্ত ৰাখি শিপাত দ্ৰৱৰ বাষ্প প্ৰয়োগৰ ব্যৱস্থা কৰি যি পদ্ধতিৰে খেতি কৰা হয় তাকে বায়ৱ কৰ্ষণ বোলে। 

১৪। হাইড্রপনিক্স কি?

উত্তৰঃ মাটি অবিহনে পুষ্টিকৰ দ্ৰৱত গছ গজোৱা প্ৰথাক হাইড্রপনিক্স বোলে। 

১৫। উদ্ভিদৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি মৌলবোৰক কেইটাভাগত ভগোৱা হৈছে আৰু কি কি?

উত্তৰঃ দুটা ভাগত ভগোৱা হৈছে—

(i) মেক্র’মৌল বা স্থূলমাত্রিক মৌল।

(ii) মাইক্ৰ’মৌল বা অনুমাত্রিক মৌল।

১৬। মেক্র মৌলবোৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ কার্বন, হাইড্ৰ’জেন, অক্সিজেন, নাইট্ৰ’জেন, ফচফৰাচ, ছালফাৰ, পটাছিয়াম, কেলচিয়াম, মেগনেচিয়াম।

১৭। মাইক্র মৌল কোনবোৰ?

উত্তৰঃ লো, মেংগানিজ, কপাৰ, মলিবডেনাম, জিংক, ব’ৰণ, ক্লৰিণ, নিকেল।

১৮। লাভজনক মৌলকেইটা কি?

উত্তৰঃ চডিয়াম, চিলিকণ, কবাল্ট আৰু চিলেনিয়াম। 

১৯। কোষৰ গঠনাত্মক মৌল কোনবোৰ?

উত্তৰঃ কার্বন, হাইড্ৰ’জেন, অক্সিজেন আৰু নাইট্ৰ’জেন। 

২০। পটাছিয়ামৰ গুৰুত্বপূৰ্ণ কাম কি? 

উত্তৰঃ পত্ৰৰন্ধ্ৰ মেলখোৱা আৰু বন্ধ কৰা। 

২১। নাইট্ৰ’জেনৰ মুখ্য উপাদানবোৰ কি? 

উত্তৰঃ প্ৰ’টিন, নিউক্লিক এচিড, ভিটামিন আৰু হৰম’ন। 

২২। পটাছিয়াম উদ্ভিদৰ কোন অংশত বেছিকৈ পোৱা যায়? 

উত্তৰঃ ভাজক কলা, মুকুল, পাত আৰু মুলৰ আগত বেছিকৈ পোৱা যায়। 

২৩। উদ্ভিদে মেগনেচিয়াম কি হিচাপে শোষণ কৰে? 

উত্তৰঃ ডাইভেলেন্ট Mg²⁺ হিচাপে উদ্ভিদে শোষণ কৰে। 

২৪। উদ্ভিদে আইৰণক কি ৰূপে শোষণ কৰে?

উত্তৰঃ ফেৰিক আয়ন Fe³⁺ ৰূপে।

২৫। মেংগানিজৰ উল্লেখনীয় ভূমিকা কি?

উত্তৰঃ সালোক সংশ্লেষণত পানীৰ ভাঙন ঘটাই অক্সিজেন মুক্ত কৰে। 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top