Class 11 Biology Important Chapter 8 কোষ: জীৱৰ একক

Class 11 Biology Important Chapter 8 কোষ: জীৱৰ একক Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 8 কোষ: জীৱৰ একক Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.

Class 11 Biology Important Chapter 8 কোষ: জীৱৰ একক

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.

Chapter: 8

IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্রশ্নোত্তৰ 

১। কোষ কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ লিউৱেন হুকে।

২ । ৰবাৰ্ট ব্ৰাউনে কি আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ কোষকেন্দ্ৰ।

৩। কোষতত্ত্ব কোনে আগবঢ়াইছিল?

উত্তৰঃ শ্লেইডেন আৰু শ্বোৱানে।

৪ । ৰুড’লফ ভাৰশ্বোৱে কি মন্তব্য কিমান চনত দাঙি দৰিছিল?

উত্তৰঃ ‘কোষবোৰৰ বিভাজন হয় আৰু পূৰ্বস্থিত কোষৰ পৰা নতুন কোষৰ উৎপন্ন হয়।

১৮৫৫ চনত উক্ত মন্তব্য দাঙি ধৰিছিল।

৫। কোষকেন্দ্ৰক অন্য কি নামেৰে জনা যায়।

উত্তৰঃ নিউক্লিয়াচ।

৬। প্রকোষকেন্দ্রীয় আৰু সংকোষকেন্দ্ৰীয় এই দুয়োবিধ কোষতে কি নামৰ অৰ্ধজুলীয়া আধাৰ দ্ৰব্য থাকে?

উত্তৰঃ চাইট’প্লাজম।

৭। আৱৰণ নথকা কোষাংগ এটাৰ নাম লিখা।

উত্তৰঃ ৰাইব’জ’ম।

৮। আৱৰণ নথকা প্রাণী কোষাংগ এটাৰ নাম লিখা।

উত্তৰঃ চেন্ট্রিওল।

৯। আটাইতকৈ সৰু কোষবোৰ কি?

উত্তৰঃ মাইক’প্লাজমাবোৰ (0.3 মাইক্রন দৈর্ঘ্য)।

১০। আটাইতকৈ ডাঙৰ কোষটো কি?

উত্তৰঃ উট চৰাইৰ কণী।

১১। আটাইতকৈ দীঘল কোষ কি?

উত্তৰঃ স্নায়ুকোষ।

১২। মানুহৰ লোহিতৰক্ত কণিকাৰ কোষবোৰ কিমান মাইক্রন ব্যাসৰ।

উত্তৰঃ 7.0

১৩। প্রকোষকেন্দ্রীয় কোষৰ দুটামান উদাহৰণ উল্লেখ কৰা। 

উত্তৰঃ বেক্টেৰিয়া, নীল সেউজীয়া শেলাই।

১৪। বেক্টেৰিয়াৰ প্ৰধান আকৃতি কেইটা কি?

উত্তৰঃ (i)  বেচিলাচ (দণ্ডাকৃতিৰ)।

(ii) কক্কাচ (গোলাকাৰ)।

(iii) ভিব্রিও (ক’মা আকৃতি)।

(iv) স্পাইৰিলাম (সর্পিলাকাৰ)।

১৫। প্রকোষকেন্দ্ৰীয় কোষবোৰত কোষাংগ থাকেনে?

উত্তৰঃ নাথাকে৷

১৬। সংকোষকেন্দ্রীয় কোষত নিউক্লিয় আৱৰণ পোৱা যায়নে?

উত্তৰঃ পোৱা যায়।

১৭। প্লাজমা আৱৰণখন কেনেকুৱা?

উত্তৰঃ অৰ্দ্ধভেদ্য।

১৮। ৰাইব’জ’মৰ কাম কি?

উত্তৰঃ প্ৰ’টিন সংশ্লেষণৰ কলঘৰ হিচাপে কাম কৰে।

১৯। সংকোষকেন্দ্ৰীয় জীৱৰ উদাহৰণ দিয়া৷

উত্তৰঃ প্ৰ’টিষ্ট, উদ্ভিদ, প্রাণী, ভেঁকুৰ ইত্যাদি।

২০। চেন্ট্রিওল প্রাণীকোষত থাকেনে উদ্ভিদকোষত থাকে?

উত্তৰঃ প্ৰাণীকোষত থাকে।

২১। কোষ আৱৰণ ঘাইকৈ কিহৰ দ্বাৰা গঠিত?

উত্তৰঃ লিপিডৰ দ্বাৰা৷

২২। কোষ আৱৰণৰ লিপিডভাগ সাধাৰণতে কিহৰ দ্বাৰা গঠিত? 

উত্তৰঃ ফচফ’গ্লিচাৰাইডৰ দ্বাৰা।

২৩। কোষ আৱৰণ এখনত লিপিডৰ বাহিৰেও কি কি পদার্থ থাকে? 

উত্তৰঃ প্ৰ’টিন আৰু কাৰ্বহাইড্রেট।

২৪। অন্তঃ আৱৰণী তন্ত্ৰৰ অংশবোৰ কি কি?

উত্তৰঃ আন্তঃপ্লাজমীয় জালিকা, গলগি ব’ডি, লাইছ’জ’ম আৰু ভেকুওলবোৰ। 

২৫। গলগি সংঘ কি?

উত্তৰঃ গ্লাইক’প্রটিন আৰু গ্লাইক’লিপিড তৈয়াৰ হোৱা এক গুৰুত্বপূৰ্ণ স্থান। 

২৬। ভেকুওল নাইবা ৰসধানীত কি কি পদার্থ থাকে?

উত্তৰঃ পানী, ৰস, ৰেচন পদাৰ্থ আৰু কোষৰ আন কিছুমান অনাৱশ্যক নাইবা অনুপযোগী পদার্থ থাকে। 

২৭। ভেকুওলৰ আৱৰণীখনৰ নাম কি? 

উত্তৰঃ ট’নপ্লাষ্ট।

২৮। মাইট’কন্ড্ৰিয়াৰ অৰ্ন্তকোষ্ঠটোক কি বোলে?

উত্তৰঃ মেট্রিক্স।

২৯। সবাত শ্বসনৰ ক্ষেত্ৰ কি?

উত্তৰঃ মাইট’কন্ড্ৰিয়া।

৩০। কোষৰ ‘শক্তি উৎপাদন গৃহ’ কাক বোলে?

উত্তৰঃ মাইট’কন্ড্ৰিয়াৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top