Class 11 Biology Important Chapter 7 প্ৰাণীৰ গাঁঠনিক সংগঠন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 7 প্ৰাণীৰ গাঁঠনিক সংগঠন Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.
Class 11 Biology Important Chapter 7 প্ৰাণীৰ গাঁঠনিক সংগঠন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.
প্ৰাণীৰ গাঁঠনিক সংগঠন
Chapter: 7
| IMPORTANT QUESTION AND ANSWER |
অতিৰিক্ত প্রশ্নোত্তৰ
১। কলা কি?
উত্তৰঃ যিবোৰ কোষৰ আকৃতি, আকাৰ, উৎপত্তিৰ স্থান আৰু কাৰ্যৰ ফালৰ পৰা একে গুণ বিশিষ্ট, তেনে কোষৰ সমষ্টিক কলা বোলে।
২। অংগতন্ত্র কি? উদাহৰণ দিয়া।
উত্তৰঃ যেতিয়া দুটা বা ততোধিক অংগই ভৌতিক বা ৰাসায়নিক বা দুয়োটা প্ৰক্ৰিয়াৰে এটা উমৈহতীয়া কাম কৰে, তেতিয়া তেনে অংগক একেলগে অংগতন্ত্ৰ বোলে। উদাহৰণ: শ্বসনতন্ত্র।
৩। প্রাণী কলাসমূহক কি কি ভাগত ভগোৱা হৈছে?
উত্তৰঃ ১। আৱৰণী কলা বা আচ্ছদক কলা।
২। সংযোজক কলা।
৩। পেশী কলা। আৰু
৪। স্নায়ুকলা।
৪। আচ্ছাদক কলা কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ দুই প্ৰকাৰৰ।
১। সৰল আচ্ছাদক কলা। আৰু
২। জটিল আচ্ছাদক কলা।
৫। সৰল অচ্ছাদক কলাৰ প্ৰকাৰকেইটা আৰু কি কি?
উত্তৰঃ ১। শঙ্কাকাৰ আচ্ছাদক কলা।
২। ঘনাকাৰ আচ্ছাদক কলা। আৰু
৩। স্তম্ভাকাৰ অচ্ছাদক কলা।
৬। শঙ্কাকাৰ আচ্ছাদক কলা ক’ত পোৱা যায়?
উত্তৰঃ গ্রন্থিনলিকা, বৃক্কৰ নেফ্ৰনৰ আগ্ৰভাগৰ নলীৰ অভ্যন্তৰত পোৱা যায়।
৭। স্তম্ভাকাৰ অচ্ছাদক কলা ক’ত দেখা যায়?
উত্তৰঃ পাকস্থলী, অন্ত্ৰ ইত্যাদি।
৮। মাইক্র’ভিলাই ক’ত থাকে?
উত্তৰঃ বৃক্কৰ নেফ্ৰনৰ অগ্ৰভাগত নলীত থকা আচ্ছাদকত মাইক্ৰ’ভিলাই থাকে।
৯। নিঃসৰণ কৰা কাৰ্য পদ্ধতি অনুসৰি গ্ৰন্থিসমূহক কি কি ভাগত ভগোৱা হৈছে?
উত্তৰঃ ১। অন্তঃস্ৰাৱী অর্থাৎ নলিকাহীন। আৰু
২। নলিকাযুক্ত অর্থাৎ বহিঃস্রাৱী গ্রন্থি।
১০। কোষসন্ধিবোৰ কি কি?
উত্তৰঃ টান, লগ লগা আৰু ফাঁক সন্ধি।
১১। সংযোজক কলা কাক বোলে?
উত্তৰঃ যিবোৰ কলাই শৰীৰৰ বিভিন্ন অংগ গঠনকাৰী কলাসমূহক পৰস্পৰ খুৱাই ৰাখে আৰু আভ্যন্তৰিক অংগসমূহক যথাস্থানত ধৰি ৰাখিব পাৰে তেনে কলাক সংযোজক কলা বোলে।
১২। সংযোজক কলাৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট কি?
উত্তৰঃ গুৰুত্বপূৰ্ণ বৈশিষ্ট এয়ে যে ইয়াৰ কোষবোৰে এবিধ আঠাযুক্ত সংযোগকাৰী দ্রব্য নি-সৰণ কৰে। কলাৰ এই দ্রব্যখিনিক ভৌম দ্রব্য বা মেট্রিক্স বোলে।
১৩। সংযোজক কলাবোৰ কি?
উত্তৰঃ ১। প্রকৃত সংযোজক কলা।
২। কংকাল কলা। আৰু
৩। পৰিৱহন কলা।
১৪। স্তন্যপায়ীৰ ছালৰ তলত থকা প্ৰকৃত সংযোগ কলাবিধৰ নাম কি?
উত্তৰঃ এৰিঅ’লাৰ কলা।
১৫। প্রকৃত সংযোগ কলাসমূহ কি কি?
উত্তৰঃ ১। এৰিঅ’লাৰ।
২। মেদকলা।
৩। বগা অহীয়া কলা। আৰু
৪। হালধীয়া প্ৰসাৰণশীল কলা।
১৬। কংকালতন্ত্র কিহেৰে গঠিত।
উত্তৰঃ অস্থি আৰু উপাস্থিৰে।
১৭। কংকাল কলাৰ মুখ্য কাম কি?
উত্তৰঃ শৰীৰৰ ভাৰ বহন কৰা আৰু অংগ সঞ্চালনৰ লগত জড়িত পেশীবোৰক সংস্থাপন কৰা।
১৮। অস্থিকলাৰ মুখ্য কোষবিধক কি বোলে?
উত্তৰঃ অস্থিকোষ বা অষ্টিঅ’চাইট বোলে।
১৯। পেশীসমূহক হাড়ৰ লগত সংযোগ কৰি ৰখা সংযোগী কলাবিধৰ নাম কি?
উত্তৰঃ টেণ্ডন।
২০। উপাস্থি ক’ত থাকে?
উত্তৰঃ স্তন্যপায়ীৰ বহিঃকৰ্ণ আৰু নাকৰ আগ উপাস্থিৰে গঠিত।
২১। উপাস্থিৰ কোষবোৰক কি বোলে?
উত্তৰঃ কন্ড্ৰ’চাটি বা উপাস্থিকোষ বোলে।
২২। তেজৰ কোষ ক’ত উৎপাদন হয়?
উত্তৰঃ কেতবোৰ অস্থিৰ মজ্জাত।
২৩। তেজ কি?
উত্তৰঃ তেজ হ’ল প্লাজমা, লোহিত ৰক্তকণিকা, শ্বেতৰক্তকণিকা আৰু অনুচক্রিকাৰে গঠিত এবিধ জুলীয়া সংযোজক কলা।
২৪। পেশী কলবোৰ কি?
উত্তৰঃ ১। কংকালীয় পেশী।
২। মিহি। আৰু
৩। হৃদপিণ্ডীয় পেশী।
২৫। আমাৰ হৃদযন্ত্ৰটো কেইবিধ কলাৰে গঠিত আৰু কি কি?
উত্তৰঃ চাৰিবিধ কলাৰে গঠিত—
১। অধিচ্ছদীয় কলা।
২। সংযোগক কলা।
৩। পেশীয় কলা। আৰু
৪। স্নায়ু কলা।
২৬। দুবিধ ভাৰতীয় কেঁচুৰ নাম উল্লেখ কৰা।
উত্তৰঃ ফেৰিটিমা আৰু লুম্ব্ৰিকাচ।
২৭। কেঁচুৰ দেহটো প্রধানত কেইটা ভাগত ভগাব পাৰি আৰু কি কি?
উত্তৰঃ ১। অগ্রপ্রমেখলা।
২। প্রমেখলা। আৰু
৩। পশ্চাৎ প্রমেখলা।
২৮। কেলছিফেৰাছ গ্ৰন্থি ক’ত থাকে আৰু ইয়াৰ কাম কি?
উত্তৰঃ কেঁচুৰ পাকস্থলীত থাকে। কেলছিফোৰাছ গ্ৰন্থিয়ে হিউমাচত থকা হিউনিক এচিডক প্রশমিত কৰে।
২৯। পঁইতাচোৰাৰ উদৰ কেইটা খণ্ডৰে গঠিত?
উত্তৰঃ ১০ টা খণ্ডেৰে।
৩০। পঁইতাচোৰা কেনেকুৱা প্ৰাণী?
উত্তৰঃ একলিংগী প্রাণী।
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

