Class 11 Biology Important Chapter 4 প্রাণীজগত

Class 11 Biology Important Chapter 4 প্রাণীজগত Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 4 প্রাণীজগত Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.

Class 11 Biology Important Chapter 4 প্রাণীজগত

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.

Chapter: 4

IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্রশ্নোত্তৰ 

১। শ্রেণীবিভাজনৰ প্ৰধান বৈশিষ্ট কি?

উত্তৰঃ শ্ৰেণী বিভাজনে নতুন প্রজাতি এটাৰ পদ্ধতিগতভাৱে স্থান নিৰ্দ্ধাৰণ কৰি দিয়ে। 

২। কি বৈশিষ্টৰ ওপৰত ভিত্তি কৰি প্ৰাণীৰ শ্ৰেণী বিভাজন কৰা হয়? 

উত্তৰঃ তলত দিয়া বৈশিষ্টৰ ওপৰত ভিত্তি কৰি প্ৰাণীৰ শ্ৰেণীবিভাজন কৰা হয়—

১। সংগঠনৰ স্তৰ।

২। সমমিতি।

৩। কোষীয় সংগঠন।

৪। দেহগুহা।

৫। খণ্ডীভৱন।

৬। পৃষ্ঠৰজ্জু ইত্যাদি।

৩। সংগঠনৰ স্তৰসমূহ কি কি?

উত্তৰঃ (ক) কোষস্তৰীয়।

(খ) কলাস্তৰীয়। আৰু

(গ) অংগস্তৰীয়।

৪ । কোষস্তৰীয় সংগঠন কোন প্রাণীত দেখা যায়?

উত্তৰঃ ৰন্ধ্ৰী প্ৰাণীত দেখা যায়।

৫। কলাস্তৰীয় সংগঠন কোন প্রাণীত দেখা যায়?

উত্তৰঃ একনলদেহী প্রাণীত।

৬ । অংগস্তৰীয় সংগঠন কি প্ৰাণীৰ বৈশিষ্ট?

উত্তৰঃ চেপেটা কৃমি পৰ্বৰ প্ৰাণী আৰু উচ্চস্তৰৰ পৰ্বৰ প্ৰাণীৰ বৈশিষ্ট। 

৭। অসম্পূৰ্ণ প্ৰকাৰৰ সাজোন কি?

উত্তৰঃ চেপেটা কৃমিৰ পাচনতন্ত্ৰত বাহিৰলৈ ওলোৱা একমাত্ৰ ৰন্ধ্ৰটোৱে মুখ আৰু পায়ু দুয়োটাৰে কাম কৰে। সেয়ে ইয়াক অসম্পূৰ্ণ প্ৰকাৰৰ সাজোন বোলে।

৮। মুখ আৰু পায়ু দুয়োটা ৰন্ধ্ৰ থকা পাচনতন্ত্রক কি বোলে? 

উত্তৰঃ সম্পূর্ণ পাচনতন্ত্ৰ বোলে।

৯। অসমমিত কি?

উত্তৰঃ মুখ্য অক্ষৰ মাজেৰে যোৱা যিকোনো এখন সমতলে প্রাণী এটাক দুটা সদৃশ অংশত ভাগ নকৰাকে অসমমিত বোলে। যেনে: স্পঞ্জ।

১০। অৰীয় সমমিতি কি?

উত্তৰঃ মুখ্য অক্ষৰ মাজেৰে যোৱা যিকোনো এখন সমতলে প্ৰাণী এটাক দুটা সদৃশ অংশত ভাগ কৰিলে তাক অৰীয় সমমিতি বোলে। যেনে: একনলদেহী।

১১। দ্বিপার্শ্বীয় সমমিতি কি?

উত্তৰঃ মুখ্য অক্ষৰ মাজেৰে যোৱা মাত্ৰ এখন সমতলে প্রাণী এটাক সদৃশভাৱে সোঁ আৰু বাওঁ অংশত ভাগ কৰাকে দ্বিপার্শ্বীয় সমমিতি বোলে। যেনে: বলয়ী, সন্ধিপদী।

১২। কোনবোৰ প্ৰাণীক দ্বিত্বকীয় প্রাণী বোলে?

উত্তৰঃ যিবোৰ প্ৰাণীৰ দুটা ভ্রূণীয় স্তৰ, বহিঃত্বক আৰু অন্তঃত্বকত বিভক্ত হৈ থাকে তেনে প্ৰাণীক দ্বিত্বকীয় প্রাণী বোলে। যেনে: একনলদেহী।

১৩। মেছ গ্লিয়া কি?

উত্তৰঃ বহিঃত্বক আৰু অন্তঃত্বকৰ মাজৰ প্ৰভেদহীন ভৰটোক মেছ’গ্লিয়া বোলে।

১৪। ত্রিত্বকীয় প্রাণী কাক বোলে?

উত্তৰঃ যিবোৰ প্ৰাণীৰ বিকাশশীল প্রাণত বহিঃত্বক আৰু অন্তঃত্বকৰ মাজত এটা তৃতীয় অংকুৰিত স্তৰ মধ্যস্তক থাকে তেনে প্রাণীক ত্রিত্বকীয় প্রাণী বোলে।

১৫। দেহগুহাহীন প্রাণী এটাৰ উদাহৰণ দিয়া।

উত্তৰঃ চেপেটা কৃমি।

১৬। সমখণ্ডীয় খণ্ডীভৱন কি প্ৰাণীৰ বৈশিষ্ট?

উত্তৰঃ কেঁচু।

১৭। এনিমেলিয়া ৰাজ্যৰ বিস্তৃত শ্রেণীবিভাজন কৰি দেখুওৱা।

উত্তৰঃ

১৮। পানী সংবহন তন্ত্র বা নলিকা তন্ত্র থকা এটা প্ৰাণীৰ উদাহৰণ দিয়া।

উত্তৰঃ স্পঞ্জ।

১৯ । ৰন্ধ্ৰীপদী প্রাণীৰ পাচন কাৰ্য কেনেকুৱা?

উত্তৰঃ অন্তঃকোষীয়।

২০। ৰন্ধ্ৰীপদী প্ৰাণীৰ দুটা উদাহৰণ লিখা।

উত্তৰঃ চাইকন, স্পঞ্জিলা।

২১। নাইডেৰিয়ানৰ এটা উদাহৰণ উল্লেখ কৰা।

উত্তৰঃ প্ৰবাল।

২২। একনলদেহী প্রাণী কোনবোৰ?

উত্তৰঃ অবেলিয়া, গৰ্গৰিয়া ইত্যাদি।

২৩। টিন’ফেৰা পৰ্বৰ প্ৰাণীবোৰক সাধাৰণতে কি বোলে?

উত্তৰঃ কম্বজেলিছ বা সাগৰীয় বাদাম।

২৪। টিন’ফেৰা পৰ্বৰ অন্তৰ্গত দুটা প্ৰাণীৰ উদাহৰণ লিখা।

উত্তৰঃ প্লিউৰ’ত্রেকিয়া আৰু টিন’প্লামা।

২৫। চেপেটা কৃমিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ ফিটা পেলু আৰু যকৃত কৃমি।

২৬। ঘূৰণীয়া কৃমিৰ দুটা উদাহৰণ লিখা।

উত্তৰঃ এছকাছি আৰু উচেৰিয়া।

২৭ । এটা জলজ একিলিংগী প্ৰাণীৰ নাম লিখা।

উত্তৰঃ নেৰিছ।

২৮। দুটা উভয়লিংগী প্ৰাণীৰ নাম লিখা।

উত্তৰঃ কেঁচু, জোক।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top