Class 11 Biology Important Chapter 5 সপুষ্পক উদ্ভিদৰ দৈহিক গঠন বা আকাৰ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 5 সপুষ্পক উদ্ভিদৰ দৈহিক গঠন বা আকাৰ Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.
Class 11 Biology Important Chapter 5 সপুষ্পক উদ্ভিদৰ দৈহিক গঠন বা আকাৰ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.
সপুষ্পক উদ্ভিদৰ দৈহিক গঠন বা আকাৰ
Chapter: 5
| IMPORTANT QUESTION AND ANSWER |
অতিৰিক্ত প্রশ্নোত্তৰ
১ । সপুষ্পক উদ্ভিদৰ প্ৰধান বৈশিষ্ট কি?
উত্তৰঃ মূল বা শিপা, কাণ্ড, ডাল, পাত, ফুল বা ফল থাকে।
২। উদ্ভিদৰ মাটিৰ ওপৰৰ অংশটোক কি বোলে?
উত্তৰঃ বিটপ্ বোলে ৷
৩। উদ্ভিদৰ মাটিত পোত খাই থকা অংশটোক কি বোলে?
উত্তৰঃ শিপাতন্ত্ৰ বোলে।
৪। মূলত্র কি?
উত্তৰঃ মূল বা শিপাৰ একেবাৰে আগৰ অংশটো এখন পাতল আৱৰণেৰে আবৃত্ত হৈ থাকে, ইয়াক মূলত বোলে।
৫। প্রাথমিক মূল কেনেকৈ সৃষ্টি হয়?
উত্তৰঃ দ্বিবীজপত্রী উদ্ভিদৰ জন্মমূলৰ দৈৰ্ঘীক বৃদ্ধিৰ ফলত প্রাথমিক মূলৰ সৃষ্টি হয়।
৬। মূখ্য মূলতন্ত্র কি?
উত্তৰঃ উদ্ভিদ এডালৰ প্ৰাথমিক মূলৰ স’তে ইয়াৰ শাখা-প্রশাখা সমূহক সমূহীয়াকৈ মূখ্য মূলতন্ত্ৰ বুলি কওঁ।
৭। অস্থানিক মূল কি?
উত্তৰঃ উদ্ভিদ দেহৰ যিকোনো অংশৰ পৰা উৎপত্তি হোৱা মূলক অস্থানিক মূল বোলে।
৮। মূলৰ প্ৰধান বা ঘাই কাম কি?
উত্তৰঃ মূলৰ ঘাই বা প্ৰধান কাম হ’ল মাটিত মিহলি হৈ থকা অজৈৱ লৱণৰ লগতে পানী শোষন কৰা, গা-গছৰ অংশসমূহ ধাৰণ কৰা, খাদ্য সঞ্চয় কৰা আৰু উদ্ভিদৰ বৃদ্ধিৰ বাবে লাগতিয়াল জৈৱিক পদার্থ বা হৰম’ন উৎপাদন কৰা ।
৯। মূল বা শিপাৰ প্ৰধান অংশসমূহ কি কি?
উত্তৰঃ (i) মূলত অঞ্চল।
(ii) কোষ বিভাজন আৰু বৰ্দ্ধমান অঞ্চল।
(iii) মূলৰোম অঞ্চল।
(iv) স্থায়ী অঞ্চল।
১০। মূলত্র কি?
উত্তৰঃ মূলৰ আগটো সদায় এক টুপীসদৃশ পাতল স্থায়ী গঠনৰ আৱৰণৰ দ্বাৰা আবৃত্ত হৈ থাকে। ইয়াকে মূলত্র বোলে।
১১। মূলৰ কিয় ৰূপান্তৰ হয়?
উত্তৰঃ নিয়মীয়া কাৰ্য সম্পাদন কৰাৰ উপৰি মূলে কেতবোৰ বিশেষ কাৰণত অন্যান্য কিছুমান কার্য সম্পাদন কৰাৰ বাবে নানা আকাৰ ধাৰণ কৰি ৰূপান্তৰিত হয়। যেনে-
(i) ভৱিষ্যতৰ বাবে খাদ্য সঞ্চয় কৰি ৰখা, যাতে প্রতিকূল অৱস্থাতো উদ্ভিদজোপা জীয়াই থাকে।
(ii) উদ্ভিদক অতিৰিক্ত বল প্ৰদান কৰা।
(iii) কিছুমান প্রয়োজনীয় জৈৱিক কাৰ্য যেনে: শ্বাস লোৱা, খাদ্য আৰু পানী শোষণ কৰা, বায়ু শোষণ কৰা, খাদ্য প্ৰস্তুত কৰা ইত্যাদি।
(iv) অংগজ প্ৰজনন কৰা।
১২। শ্বাসমূলৰ অন্য এটা নাম কি?
উত্তৰঃ নিউমেট’ফ’ৰ৷
১৩। শ্বাসমূলৰ উদাহৰণ লিখা।
উত্তৰঃ সুন্দৰী গছ।
১৪। খাদ্য প্রস্তুতকাৰক মূলৰ উদাহৰণ দিয়া।
উত্তৰঃ আমৈলতা।
১৫ । পাত বুলিলে কি বুজা?
উত্তৰঃ কাণ্ড অথবা শালাকাণ্ডৰ গাঁঠিৰ পৰা ওলোৱা চেপেটা আৰু নিৰ্দিষ্ট আকাৰৰ পাৰ্শ্বীয় উপবৃদ্ধিকে পাত বোলে।
১৬ । পাতৰ প্ৰধান কাম কি?
উত্তৰঃ (i) সালোক সংশ্লেষণ।
(ii) শ্বাস-প্রশ্বাস।
(iii) প্রস্বেদন।
(iv) খাদ্য সঞ্চয়।
(v) আংগিক বিস্তাৰ।
১৭। পত্রবিন্যাস কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ তিনি প্ৰকাৰৰ —
(i) একাত্তৰ।
(ii) বিপৰীতমুখী। আৰু
(iii) চক্রীয়।
১৮। একলিংগী ফুল কি?
উত্তৰঃ যেতিয়া এটা ফুলত অকল স্ত্রীস্তৱক অথবা পুংস্তৱক থাকে তেনে ফুলক একলিংগী ফুল বোলে।
১৯। উভয়লিংগী ফুল বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া এটা ফুলত পুংস্তৱক আৰু স্ত্রীস্তবক দুয়োটা চক্র থাকে, তেনে ফুলক উভয়লিংগী ফুল বোলে।
২০। পার্থক্য লিখা:
(ক) স্থানিক আৰু অস্থানিক মূল।
উত্তৰঃ
| স্থানিক মূল | অস্থানিক মূল |
| ১। ভ্রূণমূলৰ পৰা উৎপন্ন হয়। | ১। ভ্রূণ মূলৰ বাহিৰে উদ্ভিদ দেহৰ যিকোনো অংশৰ পৰা উৎপন্ন হয়। |
| ২। এইবিলাক সদায় মৃদ্গত৷ | ২। এইবিলাক মৃদ্গত বা বায়ৱীয়। |
| ৩। প্রাথমিক মূল ক্ৰমে বৃদ্ধি হৈ গৈ থাকে আৰু ইয়াৰ পৰা শাখা- প্রশাখামূল আগ্ৰোমুখ ভাৱে ওলায়। | ৩। প্রাথমিক মূলৰ বৃদ্ধি কিছুদিন পিছতে বন্ধ হৈ নষ্ট হৈ যায় আৰু তাৰ ঠাইত থোপা হিচাপে শিপাৰ সৃষ্টি হয়৷ |
| ৪। এইবিলাকে উদ্ভিদক দৃঢ়তা কৰে খাদ্যবস্তু সঞ্চয় কৰি ৰাখে। | ৪। এইবিলাকে খাদ্য সঞ্চয়, প্ৰজনন আৰু দৃঢ়তা প্ৰদান কৰে। |
| ৫। এইবিলাকে কেৱল দ্বিবীজপত্রী উদ্ভিদত পোৱা যায়৷ | ৫। এইবিলাক একবীজপত্ৰী আৰু দ্বিবীজপত্রী উদ্ভিদ উভয়তে পোৱা যায়৷ |
| ৬। উদাহৰণ– আম, কঁঠাল। | ৬। উদাহৰণ– ধান, দুপৰটেঙা, পাতবাহাৰ, মানিমুনি। |
(খ) স্তম্ভমূল আৰু জটামূল।
উত্তৰঃ
| স্তম্ভমূল | জটামূল |
| ১। কাণ্ডৰ শাখা-প্রশাখাৰ পৰা উৎপন্ন হয়। | ১। কাণ্ডৰ গুৰিৰ গাঁঠিৰ পৰা উৎপন্ন হয়। |
| ২। মূলবিলাক থিয়ভাৱে বা লম্বভাৱে তললৈ গৈ মাটি স্পৰ্শ কৰে। | ২। মূলবিলাক কাণ্ডৰ গুৰিৰ গাঁঠিৰ পৰা ওলাই হেলনীয়াকৈ মাটিত প্ৰৱেশ কৰে। |
| ৩। শাখা – প্রশাখাৰ ভাৰ বহন কৰে। | ৩। কাণ্ড বা গা-গছৰ ভাৰ বহন কৰে। |
| ৪। উদাহৰণ— বড়, আঁহত। | ৪। উদাহৰণ— মাকৈ, কেতেকী। |
(গ) বায়ৱ মূল আৰু স্বাংগীকাৰক মূল।
উত্তৰঃ
| বায়ৱ মূল | স্বাংগীকাৰক মূল |
| ১। এইপ্ৰকাৰৰ মূল বায়ৱ। | ১। এইপ্ৰকাৰ মূল বায়ৱ, স্থলজ বা জলজ। |
| ২। ভেলামেন থাকে। | ২। ভেলামেন নাথাকে। |
| ৩। এইপ্ৰকাৰ মূল সাধাৰণতে ক্ল’ৰ। | ৩। এইপ্ৰকাৰ মূল সাধাৰণতে ক্ল’ৰফিলযুক্ত। |
| ৪। এই প্ৰকাৰ মূলৰ প্ৰধান কাম হ’ল বায়ুমণ্ডলৰ পৰা জলীয় বাষ্প শোষণ কৰা। | ৪। এইপ্ৰকাৰ মূলৰ প্ৰধান কাম হ’ল সালোকসংশ্লেষণ কৰা। |
(ঘ) স্ফীতকন্দ আৰু কন্দালমূল।
উত্তৰঃ
| স্ফীতকন্দ | কন্দালমূল |
| ১। ই ৰূপান্তৰিত মৃদগত কাণ্ড। | ১। ই ৰূপান্তৰিত অস্থানিক মূল। |
| ২। মৃদগত কাণ্ডৰ শাখা-প্রশাখাৰ অগ্রভাগ স্ফীত হৈ স্ফীতকন্দত পৰিণত হয়৷ | ২। অৰ্ধবায়ৱ কাণ্ডৰ গাঁঠিৰ পৰা ওলোৱা অস্থানিক মূল পৰিৱৰ্তিত হৈ কন্দাল মূল উৎপন্ন হয়। |
| ৩। দেখাত প্রায় ডিজম্বাকৃতিৰ৷ | ৩। কোনো নির্দিষ্ট আকৃতি নাই৷ |
| ৪। গাঁঠি আৰু পাব থাকে। | ৪। গাঁঠি আৰু পাব নাই। |
| ৫। স্থানিক মুকুল উৎপন্ন হয়। | ৫। অস্থানিক মুকুল উৎপন্ন হয়। |
| ৬। শল্কপত্র থাকে। | ৬। শল্কপত্র নাথাকে। |
| ৭। এইবিলাকৰ অন্তৰ্গঠন কাণ্ডৰ দৰে। | ৭। এইবিলাকৰ অন্তৰ্গঠন মূলৰ দৰে। |
| ৮। উদাহৰণ— আলু (Solanum tuberosum) | ৮। উদাহৰণ – মিঠা আলু (Ipomoea batatas) |
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

