Class 11 Biology Important Chapter 3 উদ্ভিদ ৰাজ্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 3 উদ্ভিদ ৰাজ্য Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.
Class 11 Biology Important Chapter 3 উদ্ভিদ ৰাজ্য
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.
উদ্ভিদ ৰাজ্য
Chapter: 3
| IMPORTANT QUESTION AND ANSWER |
অতিৰিক্ত প্রশ্নোত্তৰ
১। উদ্ভিদ ৰাজ্যৰ মূল বিভাগ কি কি?
উত্তৰঃ অপুষ্পক আৰু সপুষ্পক উদ্ভিদ।
২। স্বভোজী কোনবিলাক?
উত্তৰঃ শেলাই।
৩। অপুষ্পক উদ্ভিদ কোনবিলাক?
উত্তৰঃ ঢেঁকীয়া, মছ।
৪। সেউজীয়া শেলাইৰ দুটা উদাহৰণ দিয়া?
উত্তৰঃ (i) ক্লেমাইড’মনাছ। আৰু
(ii) ভলভক্স।
৫। সেউজীয়া শেলাইৰ ৰঞ্জক কলা কি কি?
উত্তৰঃ ক্লৰ’ফিল – a
ক্লৰ ‘ফিল – b
∝ আৰু β কেৰ’টিন।
৭। ৰঙা শেলাইৰ দুটা উদাহৰণ লিখা।
উত্তৰঃ (i) কনড্ৰাছ ক্ৰিছপাছ। আৰু
(ii) পৰফাইৰা।
৮। ‘এগাৰ’ উৎপন্ন কৰা দুটা শেলাইৰ নাম লিখা।
উত্তৰঃ (i) জেলিডিয়াম। আৰু
(ii) গ্ৰেচিলেৰিয়া।
৯। পামেলা দশা কোন শেলাইত দেখা যায়?
উত্তৰঃ সেউজীয়া শেলাইত।
১০। ৰঙা শেলাইৰ আধিপত্য দেখুওৱা ৰাজহুৱা পদাৰ্থকেইটা উল্লেখ কৰা।
উত্তৰঃ (i) r – ফাইক ‘ইৰিথ্ৰিন।
(ii) r – ফাইক’চায়নিন।
(iii) ক্লৰ’ফিল – a আৰু
(iv) ক্লৰ ফিল – b
১১। ঢেঁকীয়া কিয় মছতকৈ উন্নত উদ্ভিদ?
উত্তৰঃ কিয়নো ঢেঁকীয়াৰ কাণ্ড, পাত, মূল থাকে।
১২। ঢেঁকীয়া গছজোপা ৰেণুধৰ নে লিঙ্গধৰ?
উত্তৰঃ ৰেণুধৰ।
১৩। ঢেঁকীয়াৰ দুটা প্ৰধান চাৰিত্ৰিক বৈশিষ্ট্য লিখা।
উত্তৰঃ (i) দেহত কাণ্ড, পাত আৰু মূল থাকে।
(ii) ৰেণুস্থলী পাতত বা পাতৰ কক্ষত গঠিত।
১৪। পলিপ ‘ডিয়ামৰ ৰেণুস্থলী ক’ত সৃষ্টি হয়?
উত্তৰঃ পাতৰ আনফালে সৃষ্টি হয়।
১৫। গাত্রশল্ক কাক বোলে?
উত্তৰঃ পলিপ’ডিয়ামৰ পত্ৰমূলত থকা মুগা বৰণীয়া নোমখিনিক গাত্রশল্ক বোলে।
১৬। ব্রণ কাক বোলে?
উত্তৰঃ ঢেঁকীয়াৰ ৰেণুস্থলীবোৰ থোপা হিচাপে পাতৰ মধ্যশিৰাৰ দুয়োফালে দুটা শাৰীত থাকে। ৰেণুস্থলীৰ এনেধৰণৰ থোপাক ব্রণ বোলে।
১৭। ব্ৰায় ‘ফাইটাৰ সাদৃশ্য উল্লেখ কৰা।
উত্তৰঃ (i) বেছিভাগেই স্থলচৰ।
(ii) উভয় ক্ষেত্ৰত শুক্রাণু ফ্লেজেলাযুক্ত হয়।
(iii) সুস্পষ্ট জনুক্রম দেখা যায় ইত্যাদি।
১৮। মাইক’ৰহাইজা কি?
উত্তৰঃ ভেঁকুৰ আৰু উচ্চ শ্ৰেণীৰ উদ্ভিদৰ ঘনিষ্ঠ সহযোগীক মাইক’ৰহাইজা বোলে।
১৯। বহুভ্রূণতা কি?
উত্তৰঃ এটা ডিম্বকৰ ভিতৰত একাধিক প্ৰণৰ সৃষ্টি হোৱা ঘটনাক বহুভ্রূণতা বোলে।
২০ । পাইনাছৰ নিষেচনৰ আগত ভ্রূণপোষ গঠন হয় নে নহয়?
উত্তৰঃ হয়।
২১। পাইনাছৰ বীজত কেইখন বীজপত্র থাকে?
উত্তৰঃ দুখনতকৈ বেছি বীজপত্র থাকে।
২২। পাইনাছত পোৱা শাখা দুবিধ কি কি?
উত্তৰঃ (i) দীর্ঘ শাখা। আৰু
(ii) সর্ব শাখা।
২৩। ভেলামেন কি?
উত্তৰঃ উদ্ভিদৰ বায়ব মূলত থকা এক ধৰণৰ বিশেষ কলা হ’ল ভেলামেন; যাৰ জৰিয়তে বায়ুৰ পৰা জলীয় বাষ্প কেতবোৰে উদ্ভিদে শোষন কৰে। যেনে: কপৌফুল।
২৪। গুপ্তবীজী উদ্ভিদৰ প্ৰজনন অংগ কি?
উত্তৰঃ ফুল।
২৫। এটা আদর্শ ফুলৰ বিভিন্ন অংশবোৰ কি কি?
উত্তৰঃ (i) পুষ্পবৃন্তিকা।
(ii) বৃতি।
(iii) দলমণ্ডল।
(iv) পুংস্তৱক। আৰু
(v) স্ত্ৰীস্তৱক।
২৬। ফুলৰ সহায়কাৰী চক্ৰ দুটা কি কি?
উত্তৰঃ পুংস্তৱক আৰু স্ত্ৰীস্তৱক।
২৭। প্রকৃত ফল কি?
উত্তৰঃ গৰ্ভাশয়ৰ পৰা সৃষ্টি হোৱা ফলক প্রকৃত ফল বোলে। যেনে: আম।
২৮। অপ্রকৃত ফল কি?
উত্তৰঃ যিবিলাক ফল গৰ্ভাশয় বাদে ফুলৰ অন্যান্য অংশ যেনে পুষ্পাক্ষ, বৃতি, দলমণ্ডল আদিৰ পৰা সৃষ্টি হয়, তেনে ফলক অপ্রকৃত ফল বোলে।
২৯। বীজহীন ফল কি?
উত্তৰঃ গৰ্ভধান নহোৱাকৈ গৰ্ভাশয়ৰ পৰা সৃষ্টি হোৱা ফলক বীজহীন ফল বোলে। যেনে: আঙুৰ, আনাৰস, কল ইত্যাদি।
৩০। ফলক কেইপ্ৰকাৰ ভাগ কৰিব পাৰি আৰু কি কি?
উত্তৰঃ তিনি প্ৰকাৰত।
(i) সৰল ফল।
(ii) গুচ্ছিত ফল।
(iii) যৌগিক ফল।
৩১। বীজৰ অংকুৰণ প্ৰধানত কেই ধৰণে হয়; কি কি?
উত্তৰঃ দুই ধৰণে।
(i) মৃদ্গত। আৰু
(ii) মৃদভেদী।
৩২। উদ্ভিদৰ কোষবেৰ কিহেৰে গটিত?
উত্তৰঃ চেলুল’জৰ দ্বাৰা।
৩৩। প্ৰাণী দেহৰ সঞ্চিত খাদ্য দ্রব্য কি?
উত্তৰঃ গ্লাইক’জেন।
৩৪। উদ্ভিদদেহৰ সঞ্চিত খাদ্য কি কি?
উত্তৰঃ শ্বেতসাৰ।
৩৫। ব্রায়ফাইটাত শিপাৰ পৰিৱৰ্তে কি থাকে?
উত্তৰঃ ৰাইজয়দ।
৩৬। এবিধ প্রকোকেন্দ্ৰীয় জীৱৰ নাম লিখা।
উত্তৰঃ বেক্টেৰিয়া।
৩৭। উদ্ভিদ আৰু প্ৰাণীৰ দুটা পার্থক্য লিখা।
উত্তৰঃ
| উদ্ভিদ | প্ৰাণী |
| (i) উদ্ভিদ কোষৰ কোষবেৰ আছে। | (i) প্রাণী কোষৰ কোষবেৰ নাই। |
| (ii) উদ্ভিদৰ সঞ্চিত খাদ্য শ্বেতসাৰ। | (ii) প্ৰাণীৰ সঞ্চিত খাদ্য গ্লাইক জেন। |
৩৮। শেলাই আৰু ভেঁকুৰৰ দুটা পার্থক্য লিখা।
উত্তৰঃ
| শেলাই | ভেঁকুৰ |
| (i) কোষত পত্ৰহৰিৎ থাকে। | (i) কোষত পত্ৰহৰিৎ নাথাকে। |
| (ii) সকলোবিলাক স্বভোজী। | (ii) কিছুমান পৰাশ্ৰয়ী, কিছুমান মৃতজীৱী। |
৩৯। ব্রায়ফাইটা আৰু টেৰিড’ফাইটাৰ দুটা পার্থক্য উল্লেখ কৰা।
উত্তৰঃ
| ব্ৰায়ফাইটা | টেৰিড’ফাইটা |
| (i) সংবহন কলা নাথাকে। | (i) সংবহন কলা থাকে। |
| (ii) গছজোপা লিংগধৰ উদ্ভিদ। | (ii) গছজোপা ৰেণুধৰ উদ্ভিদ। |
৪০। নগ্নবীজী আৰু গুপ্তবীজীৰ দুটাকৈ পাৰ্থক্য লিখা।
উত্তৰঃ
| নগ্নবীজী | গুপ্তবীজী |
| (i) নগ্নবীজীৰ ফুল একলিঙ্গী। | (i) গুপ্তবীজীৰ ফুল একলিঙ্গী বা বহুলিঙ্গী। |
| (ii) বীজ বহুবীজপত্রী। | (ii) বীজ এক বা দ্বিবীজপত্রী। |
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

