Class 11 Biology Important Chapter 20 চলন আৰু গমন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 20 চলন আৰু গমন Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.
Class 11 Biology Important Chapter 20 চলন আৰু গমন
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.
চলন আৰু গমন
Chapter: 20
| IMPORTANT QUESTION AND ANSWER |
অতিৰিক্ত প্রশ্নোত্তৰ
১। জীৱিত প্রাণীবিলাকৰ উল্লেখযোগ্য বৈশিষ্ট্য কি?
উত্তৰঃ চলন।
২। ঐচ্ছিক গতিৰ চলনৰ উদাহৰণ দুটা লিখা।
উত্তৰঃ চকুৰ পতা, জিভা।
৩। হাইড্ৰাই কিহৰ সহায়ত খাদ্য সংগ্ৰহ কৰে?
উত্তৰঃ স্পৰ্শকৰ সহায়ত।
৪। চলন আৰু গতিৰ পৃথকভাৱে আলোচনা সম্ভৱনে?
উত্তৰঃ সম্ভৱ নহয়।
৫। প্ৰজনন নলীৰ ডিম্বানুৰ চলনত কি গতি দেখা যায়?
উত্তৰঃ ৰোমক গতি।
৬। পেশী কি?
উত্তৰঃ পেশী হৈছে মধ্যস্তৰৰ এবিধ বিশেষ কলা।
৭। পেশীবোৰ কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ পেশীবোৰ তিনি প্ৰকাৰৰ―
(i) কংকাল সম্বন্ধীয়।
(ii) অন্তৰাংগীয়। আৰু
(iii) হৃদপেশী।
৮। কংকাল পেশীবোৰ কি পেশী?
উত্তৰঃ ঐচ্ছিক পেশী।
৯। ঐনিচ্ছিক পেশীবোৰ কি?
উত্তৰঃ এই পেশীবোৰ খাদ্যনলীৰ খাদ্য সৰবৰাহ আৰু জনন নলীতে জননকোষ ওলাই যোৱাত সহায় কৰে।
১০। কংকাল তন্ত্র কিহেৰে গঠিত?
উত্তৰঃ কংকাল তন্ত্ৰ কিছুমান হাড় আৰু কেইডালমান কোমলাস্থিৰে গঠিত।
১১। কোমলাস্থি কি?
উত্তৰঃ কোমলাস্থি কিছুমান সংযোগী কলা।
১২। লাওখোলাটোত কিমানডাল হাড় থাকে?
উত্তৰঃ ২২ ডাল হাড় থাকে।
১৩। মধ্যকর্ণত থকা হাড় তিনিডাল কি?
উত্তৰঃ (i) মেলিয়াছ।
(ii) ইনকাছ। আৰু
(iii) ষ্টেপচ।
১৪। মেৰুদণ্ডডালৰ কাম কি?
উত্তৰঃ মেৰুদণ্ডডালে স্নায়ুৰজ্জুক ৰক্ষণাবেক্ষণ দিয়ে, মুৰটোক আধাৰ দিয়ে, কামিহাড়বোৰক আৰু দেহৰ মাংসপেশী বোৰক লাগি ধৰিবলৈ সুবিধা দিয়ে।
১৫। গঠনৰ ওপৰত ভিত্তি কৰি সন্ধিক কেইপ্ৰকাৰত ভাগ কৰা হৈছে আৰু কি কি?
উত্তৰঃ তিনি প্ৰকাৰৰ —
(i) তন্তুময় সন্ধি।
(ii) কোমলাস্থিময় সন্ধি। আৰু
(iii) স্ৰাৱ সন্ধি।
১৬। কংকাল তন্ত্রক কেইটা ভাগত ভগাব পাৰি আৰু কি কি?
উত্তৰঃ দুই ভাগত—
(i) অংক্ষীয়। আৰু
(ii) উপাংগীয়।
১৭। অংক্ষীয় কংকালৰ ভিতৰত কি কি সোমায়?
উত্তৰঃ (i) লাওখোলা।
(ii) মেৰুদণ্ড।
(iii) কামিহাড় ইত্যাদি।
১৮। উপাংগীয় কংকাল কিহেৰে গঠন হয়?
উত্তৰঃ (i) ভড়িৰ হাড়বোৰ। আৰু
(ii) চক্র ইত্যাদি।
১৯। পেশী আৰু কংকালতন্ত্ৰৰ চাৰিটা বিকাৰ উল্লেখ কৰা।
উত্তৰঃ (ক) মাছকুলাৰ ভিছট্ৰ’ফি: ই কংকাল তন্ত্রক ক্ৰমাগতভাৱে ক্ষয় কৰিব পৰা এক জীনিয় বিকাৰ।
(খ) টিটেনী: দেহৰসত Ca⁺⁺ ৰ পৰিমাণ অতি কম হোৱাৰ ফলত পেশীবোৰৰ সঘন সংকোচন হোৱাটোৱেই টিটেনীৰ লক্ষণ।
(গ) আৰথ্ৰাইটিছ: সন্ধিবোৰৰ প্ৰদেহ হয়।
(ঘ) অষ্টিঅ’পৰ’ছিছ: অস্থি পুঞ্জৰ হ্ৰাস আৰু ফলত হাড় ভঙাৰ বৰ্ধিত সম্ভাৱনা হোৱাটো এক বয়স সম্পৰ্কীয় বিকাৰ। দেহত ইষ্ট্ৰ’জেন হৰম’নৰ পৰিমাণ কমি যোৱাটোও ইয়াৰ এটা কাৰণ৷
২০। কোষীয় চলনৰ প্ৰকাৰবোৰ ব্যাখ্যা কৰা।
উত্তৰঃ ১। এমিবীয় চলন: এই ধৰণৰ চলন আমাৰ দেহত থকা মেক্ৰ’ফাজ আৰু শ্বেতৰক্ত কণিকাসমূহত দেখা যায়। এই চলন প্রট’প্লাজমৰ বিশেষ গতি বা সোঁতৰ ফলত সৃষ্টি হোৱা কূটপদৰ দ্বাৰা সংঘটিত হয়। কোষত থকা কিছুমান অতি সূক্ষ্ম কোষাংগ যেনে মাইক্র’টিউবুল আৰু মাইক্ৰ’ফিলামেণ্টৰ দ্বাৰাও এমিবীয় চলন সংঘটিত হয়।
২। চিলিয়েৰী চলন: এই ধৰণৰ চলন চিলিয়াযুক্ত কোষবোৰত দেখা যায়। আমাৰ দেহত থকা বিভিন্ন নলীৰ আভ্যন্তৰীণ বেৰত চিলিয়াযুক্ত কোষ থাকে। চিলিয়াৰ বিশেষ চলনৰ দ্বাৰা বিশেষ ধৰণৰ কাৰ্য সম্পাদন হয়। উদাহৰণস্বৰূপে, শ্বাসতন্ত্ৰৰ লগত জড়িত শ্বাসনল, ব্রংকাচ, ব্রংকিঅ’ল আদি নলীসমূহৰ চিলিয়াযুক্ত কোষবোৰে উশাহত লোৱা বায়ুৰ পৰা ধূলিৰ কণিকা আৰু অন্যান্য অনিষ্টকাৰী অণুজীৱসমূহ অপসাৰণ কৰি শুদ্ধ বায়ুদেহত প্ৰৱেশ কৰিবলৈ দিয়ে। জৰায়ুৰ ডিম্ববাহী নলীৰ ভিতৰত থকা চিলিয়াযুক্ত কোষে ডিম্বটোক নির্দিষ্ট স্থানলৈ গতি কৰাত সহায় কৰে।
৩। পেশীয় চলন: আমাৰ শৰীৰৰ বিভিন্ন অংগৰ সঞ্চালন পেশীৰ সংকোচন আৰু সম্প্ৰসাৰণৰ দ্বাৰা সম্ভৱ হয়। হাত-ভৰি, হনু, জিভা আদি অংগৰ যি সঞ্চালন, ই কেৱল পেশীৰ সকোচন বা প্ৰসাৰণৰ দ্বাৰাহে সম্ভৱ। পেশীৰ সংকোচন আৰু প্ৰসাৰণকে পেশীয় চলন বোলা হয়। হনু, উপাংগ, চকুৰ পতা আদি অংগৰ সঞ্চালন ঐচ্ছিক পেশীৰ সঞ্চালনৰ দ্বাৰা আৰু খাদ্যনলী, মূত্রথলী আদি আভ্যন্তৰীক অংগসমূহৰ চলন বা গতি অনৈচ্ছিক পেশীৰ সঞ্চালনৰ দ্বাৰা সংঘটিত হয়।
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

