Class 11 Biology Important Chapter 21 স্নায়বিক নিয়ন্ত্ৰণ আৰু সমন্বয়

Class 11 Biology Important Chapter 21 স্নায়বিক নিয়ন্ত্ৰণ আৰু সমন্বয় Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 11 Biology Important Chapter 21 স্নায়বিক নিয়ন্ত্ৰণ আৰু সমন্বয় Solutions and select need one. AHSEC Class 11 Biology Additional Notes Download PDF. HS 1st Year Biology Important Solutions.

Class 11 Biology Important Chapter 21 স্নায়বিক নিয়ন্ত্ৰণ আৰু সমন্বয়

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 11 Biology Additional Question Answer are part of All Subject Solutions. Here we have given HS 1st Year Biology Important Notes for All Chapters, You can practice these here.

Chapter: 21

IMPORTANT QUESTION AND ANSWER

অতিৰিক্ত প্রশ্নোত্তৰ 

১। স্নায়ুতন্ত্ৰই সাধন কৰা মৌলিক ক্রিয়াসমূহ কি কি?

উত্তৰঃ ১। গ্ৰাহক ইন্দ্ৰিয়ৰ দ্বাৰা প্ৰতিমূহূৰ্ততে ব্যক্তিৰ শৰীৰৰ বাহ্যিক আৰু আভ্যন্তৰিক পৰিৱেশৰ অৱস্থাৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰা আৰু প্ৰয়োজন সাপেক্ষে যথোপযুক্ত কাৰ্যৰ বাবে নিৰ্দিষ্ট কাৰক অংগলৈ সংকেত প্ৰেৰণ কৰাই স্নায়ুতন্ত্ৰৰ মূখ্য কাৰ্য। গ্রাহক ইন্দ্ৰিয়সমূহ হ’ল- চকু, কাণ, জিভা, নাক, ছাল ইত্যাদি। গ্রাহক ইন্দ্রিয় আৰু কাৰক অংগৰ কাৰ্যৰ সমন্বয়ৰ বাবে প্ৰাণীয়ে সিহঁতৰ পৰিৱেশত খাপ খুৱাই ল’ব পাৰে।

২। স্নায়ুতন্ত্রই শৰীৰৰ পেশীৰ সঞ্চালন, গ্রন্থি ক্ষৰণ আৰু বিপাকীয় কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰে।

৩। স্নায়ুতন্ত্রই বিভিন্ন প্ৰকাৰৰ ইন্দ্ৰিয়ৰ সহায়ত দৃষ্টি, শ্ৰৱণ, ঘ্রাণ, সোৱাদ, তৃপ্তি, বেদনা আদিৰ অনুভূতিৰ উমান লয়।

৪। স্নায়ুতন্ত্ৰই আমাৰ শৰীৰক পৰিৱেশৰ পৰিৱৰ্তনৰ লগত খাপ খুৱাই চলাৰ বাবে সজাগ কৰি ৰাখে। 

৫। স্নায়ুতন্ত্ৰই আমাৰ শৰীৰৰ বিভিন্ন বিপাকীয় কাৰ্যসমূহৰ সমন্বয় ৰাখি শৰীৰৰ নিয়ত অৱস্থা নিয়ন্ত্ৰণ কৰে। 

৬। পৰিৱৰ্তিত পৰিৱেশৰ লগে লগে প্ৰয়োজন অনুসৰি নতুনকৈ সমন্বয় স্থাপনৰ কাৰণে ব্যক্তিৰ জীৱনক্রিয়া আৰু ভৌতিক অৱস্থানৰ পৰিৱৰ্তন হ’ব পৰাকৈ শৰীৰৰ অংগ সক্রিয় বা নিষ্ক্রিয় কৰা হ’ল স্নায়ুতন্ত্ৰৰ আন এক প্রধান কার্য।

৭। আহৰণ কৰা জ্ঞানসমূহ গুৰুত্ব আৰু প্ৰয়োজন অনুসৰি অভিজ্ঞতা বা অভিজ্ঞান হিচাপে স্মৃতি ৰক্ষা কৰা আৰু প্ৰয়োজনত স্মৃতিৰ পৰা সেইবোৰৰ পুনৰ উদ্ৰেক কৰা।

৮। স্মৃতিত সঞ্চিত অভিজ্ঞান আৰু অভিজ্ঞতাৰ আধাৰত –

(ক) যুক্তি আৰু বুদ্ধিৰ অৱতাৰণা কৰা।

(খ) ইন্দ্ৰিয়গ্রাহ্য নোহোৱা পৰিস্থিতি কল্পনা কৰা।

(গ) ভাৱ, আৱেগ, অনুভূতিৰ সৃষ্টি কৰা আদি উচ্চতম মানসিক ক্রিয়াসম্পন্ন কৰা।

২। স্নায়ুকোষ বা নিউৰণৰ বিষয়ে বহলাই লিখা।

উত্তৰঃ স্নায়ুকোষ বা নিউৰণ হ’ল স্নায়ুতন্ত্ৰৰ মুখ্য গঠনমূলক আৰু কাৰ্যকৰী একক। স্নায়ুকলাৰ এইবোৰ সংবেদী কোষ। স্নায়ুকোষ এটা কোষদেহ আৰু ছাইটোপ্লাজমীয় প্ৰবৰ্ধৰে গঠিত। স্নায়ুকোষৰ যিটো অংশত কোষকেন্দ্ৰ অৱস্থিত, তাক কোষদেহ বোলা হয় আৰু কোষদেহৰ পৰা ওলোৱা অসংখ্য দীঘল বা চুটি শাখাযুক্ত প্রৱৰ্ধবোৰক চাইটোপ্লাজমীয় প্রবর্ধ বোলা হয়। কোষদেহ আৰু প্ৰবৰ্ধবোৰত কোষপ্রৰস থাকে। নিউৰণৰ কোষপ্রৰসত নিছল কণিকা নামৰ বিশেষ ধৰণৰ এবিধ দানা পোৱা যায়। এই দানাবোৰে প্ৰ’টিন সংশ্লেষণত সহায় কৰে। প্ৰতিটো নিউৰণ তাৰ প্ৰবৰ্ধকৰ দ্বাৰা অন্যান্য নিউৰণৰ সংস্পৰ্শলৈ আহে আৰু এনেদৰে শৰীৰৰ আটাইবোৰ নিউৰণে পৰস্পৰৰ লগত সংযোগ ৰাখি এখন স্নায়ুজালিকা গঠন কৰে। একোটা নিউৰণে এই জালিকাৰে সংযোগী অংগ হিচাপে কাম কৰে।

প্ৰবৰ্ধবিলাকৰ ভিতৰত এডাল আনবোৰতকৈ আপেক্ষিকভাৱে দীঘল। এই প্রবর্ধডালক এক্সন বোলে। কোষদেহটোৰ সীমাৰ পৰা কিছু আগবাঢ়ি থকা এটা ‘ক্ৰিয়াচূড়া’ৰ পৰা এক্সনডালৰ উৎপত্তি হয়। কোষদেহটোৰ বহিৰাৱৰণে আৱৰি থকা এক্সনডালৰ ভিতৰত এক্সন-প্রবল বোলা কোষপ্রৰস (এক্সনৰ ভিতৰত) থাকে কাৰণে এক্সন প্রৰসত নিছল্ কণিকা দেখা নাযায়। কিন্তু তাত প্রৰসীয় আঁহ বা অনুতন্তুবোৰ দেখা যায়। সেইবোৰ এক্সনডালৰ অনুদৈৰ্ঘ্য দিশত সজ্জিত থাকে। কেতবোৰ কোষৰ এক্সনৰ ওপৰত মায়েলিন নামৰ স্নেহজাতীয় দ্ৰব্যৰ এখন ডাঠ আৱৰণ থাকে। এই আৱৰণখনক মায়েলিন আৱৰণ বোলা হয়। ইয়াৰ বেধ সকলো ঠাইতে সুষম নহয়, একোটা দূৰত্বৰ পিছত এই আৱৰণখন এক্সনৰ গাৰফালে চাপি আহি ছিঙি পৰে। চাপখাই অহা অংশক মায়েলিন আৱৰণ জোৰা যেন লাগে। এই জোৰাবোৰক ৰেনভিয়াৰ গাঁঠি বোলা হয়। মায়েলিনৰ আৱৰণখনক নিউৰিলেমা নামৰ আন এখন পাতল আৱৰণে আগুৰি থাকে। ইয়াৰ লগে লগে স্বোৱান কোষ নামৰ এক বিশেষ ধৰণৰ চেপেটা বহল কোষে এক্সনডালক সমঅক্ষীয়ক্ষাৱে মেৰিয়াই সিঁচৰতি হৈ থাকে। এক্সনৰ অন্তিম প্ৰান্ত আৰু শাখাবোৰত মায়েলিন আৱৰণ নাথাকে।

এক্সনবোৰে স্নায়ুপ্ৰেৰণা কোষটোৰ পৰা আঁতৰাই নিয়ে কাৰণেই বহির্বাহী বা নিৰ্গম অণুতন্তু হিচাপে কাম কৰে। এনে কোষবোৰ সাধাৰণতে মেডুলা অংশত স্নায়ুৰজ্জুৰ বার্তাবাহী পথ আৰু প্ৰান্তীয় স্নায়ুসমূহত থাকে।

চুটি প্রবর্ধবিলাকক ডেন্দ্ৰাইট বোলে। এইবিলাকৰো অন্তিম প্রান্তবোৰ একাধিক শাখাত বিভক্ত। ডেন্দ্ৰাইট বিলাকত মায়েলিনৰ আৱৰণ নাথাকে। ডেন্দ্ৰাইটে স্নায়ু প্ৰেৰণা প্ৰান্তৰ পৰা কোষটোলৈ আনে। এতেকে এইবোৰ অন্তর্বাহী বা আগম স্নায়ুতন্তু হিচাপে কাম কৰে। ডেন্দ্ৰাইটবোৰ 10uum ৰ পৰা 1mm লৈকে দীঘল হয়।

৩ । চেৰিব্ৰামৰ মূখ্য ক্রিয়াসমূহ কি কি?

উত্তৰঃ (ক) শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ু প্ৰেৰণা গ্ৰহণ কৰা। 

(খ) সেই সংবেদন বিশ্লেষণ কৰি প্ৰয়োজন অনুসৰি তাৰ প্ৰতিক্ৰিয়া হিতাপে চালক প্রেৰণা উদ্ৰেক কৰা। 

(গ) সংবেদী স্নায়ুৱে অনা স্নায়ু প্ৰেৰণাৰ পৰা বিভিন্ন প্ৰকাৰৰ অনুভূতিৰ উদ্ৰেক কৰা আৰু প্ৰয়োজন সাপেক্ষে তেনে প্রেৰণা ভৱিষ্যৎ ব্যৱহাৰৰ কাৰণে স্মৃতিত ৰক্ষা কৰা।

(ঘ) সংবেদী প্ৰেৰণা গ্ৰহণ আৰু চালক প্রেৰণা উদ্ৰেক কৰাৰ যোগেদি চেৰিব্ৰামে ব্যক্তিক সজাগতা বা সংজ্ঞা দিয়ে।

(ঙ) চেৰিব্ৰাম হ’ল বুদ্ধি, যুক্তি, স্মৃতি, কল্পনা, আৱেগ আদি উচ্চ মানসিক প্ৰক্ৰিয়াৰ ক্ৰিয়াভূমি। 

(চ) সন্মুখ পিণ্ডৰ একাংশই স্বয়ংক্রিয় স্নায়ুতন্ত্র আৰু অনৈচ্ছিক পেশীৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে।

৪। ডায়েনচেফালনৰ চাৰিটা ক্ৰিয়া উল্লেখ কৰা।

উত্তৰঃ ১। স্বয়ংক্রিয় স্নায়ুতন্ত্ৰ পৰিচালনা কৰে।

২। মস্তিষ্কৰ নিৰ্দিষ্ট ঠাইলৈ সংবেদনা প্ৰেৰণ কৰে।

৩। পিটুইটেৰী গ্ৰন্থিৰ পশ্চাৎ পিণ্ড গঠন কৰে।

৪। দেহৰ স্থিতিৰক্ষণশীলতা বজাই ৰাখে।

৫। মধ্যমস্তিষ্কৰ প্ৰধান ক্ৰিয়া কি?

উত্তৰঃ মধ্যমস্তিষ্কৰ প্ৰধান ক্ৰিয়া হৈছে চকুৰ পৰা অহা দৃষ্টি সংবেদন গ্রহণ আৰু বিশ্লেষণ কৰা। তাৰোপৰি ই ঐচ্ছিক পেশীৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে।

৬। পশ্চমস্তিষ্কৰ ক্ৰিয়া তিনিটা কি কি?

উত্তৰঃ ১। চেৰিবেলামৰ কাম হৈছে – ঐচ্ছিক পেশীৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰা। শৰীৰৰ বিভিন্ন অৱস্থানত অৰ্থাৎ বিভিন্ন ভঙ্গিমাত থিয় হৈ বা বহি থাকোতে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে পেশীৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰি সমন্বয় ৰক্ষা কৰা।

২। মেডুলা অৱলংগটাৰ কামহৈছে – দেহৰ অনৈচ্ছিক পেশী নিয়ন্ত্ৰণ কৰা। হৃদযন্ত্ৰৰ স্পন্দন, শ্বাসক্রিয়া, লালটি গ্ৰন্থিৰ ক্ষৰণ আদি কাৰ্য নিয়ন্ত্ৰণ কৰা। 

৩। পন্‌চ্ ভেৰ’লিয়ে এটা চেৰিবেলাম অৰ্ধগোলকৰ পৰা আনটো অৰ্ধগোলকলৈ উদ্দীপনা কঢ়িয়াই নিয়ে। 

৭। স্নায়ুৰজ্জুৰ কাৰ্য দুটা কি কি?

উত্তৰঃ ১। অন্তৰ্বাহী আৰু বহিৰ্বাহী সংবেদন ক্রমে গ্রাহক ইন্দ্ৰিয়ৰ পৰা মস্তিষ্কলৈ আৰু মস্তিষ্কৰ পৰা কাৰক অংগলৈ সৰবৰাহ কৰাত মুখ্য পথ হিচাপে কাম কৰে।

২। মস্তিষ্কক ৰেহাই দি স্নায়ুৰজ্জুৱে সকলো ধৰণৰ প্ৰতীপ ক্ৰিয়াৰ কেন্দ্ৰ হিচাপে কাম কৰে আৰু বিভিন্ন ধৰণৰ বিপদৰ পৰা প্ৰাণীক বচাই ৰাখে।

৮। স্বয়ংক্রিয় স্নায়ুতন্ত্ৰৰ কাৰ্য্যসমূহ কি কি?

 উত্তৰঃ স্বয়ংক্রিয় স্নায়ুতন্ত্ৰৰ স্নায়ুসূত্ৰবোৰে স্তন্যপায়ী প্ৰাণীৰ আভ্যন্তৰিক অনৈচ্ছিক অংগবোৰৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰি দেহাভ্যন্তৰৰ স্থিতাৱস্থা বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইবোৰৰ ভিতৰত হৃদস্পন্দন, ৰক্তবাহৰ পেশীৰ সংকোচন আৰু সম্প্ৰসাৰণ, খাদ্যনলীৰ অনৈচ্ছিক পেশীৰ সঞ্চালন, মূত্রস্থলীৰ সংকোচন আৰু প্ৰসাৰণ, বিভন্ন পাচন গ্ৰন্থি আৰু ঘৰ্মগ্ৰন্থিৰ নিয়ন্ত্ৰণ আদি কাৰ্য স্বয়ংক্রিয় স্নায়ুতন্ত্ৰৰ দ্বাৰা নিয়ন্ত্রিত। ছিম্পেথেটিক স্নায়ুতন্ত্ৰ আৰু পেৰাছিম্পেথেটিক স্নায়ুতন্ত্ৰৰ কাৰ্য পৰস্পৰ বিৰোধী। উদাহৰণস্বৰূপে ছিম্পেথেটিক স্নায়ুতন্ত্রই কিছুমান বিশেষ জৰুৰী অৱস্থাৰ সন্মুখীন হ’ব পৰাকৈ শৰীৰক সতৰ্ক কৰি দিয়ে আৰু অধিক শক্তিশালী কৰি তোলে। এনে অৱস্থাত হৃদ্‌স্পন্দনৰ হাৰ আৰু ৰক্তচাপ বৃদ্ধি পায়, ৰক্তবাহ সংকীৰ্ণ হয়, চকুৰ মণি আৰু শ্বসন নলীৰ প্ৰসাৰণ ঘটে আৰু লগতে লালটি গ্ৰন্থিৰ নিঃসৰণৰ হাৰ হ্ৰাস আৰু ঘৰ্ম গ্ৰন্থিবোৰৰ নিঃসৰণৰ হাৰ বৃদ্ধি পায়। অন্যহাতে পেৰাছিম্পেথেটিক স্নায়ুতন্ত্রই বিপৰীত কাৰ্যৰ দ্বাৰা প্ৰাণীদেহত স্বাভাৱিক অৱস্থা পুনৰাই ঘূৰাই আনি আভ্যন্তৰীণ স্থিতাৱস্থা নিয়ন্ত্ৰণ কৰে। ইয়াৰ উপৰিও স্বয়ংক্রিয় স্নায়ুতন্ত্ৰই প্ৰাণীৰ দেহত অজানিতে ঘটি থকা যাৱতীয় বিপাক ক্রিয়া চলোৱা, দেহাভ্যন্তৰিক পৰিৱেশ যেনে – আভ্যন্তৰিক তাপ, তেজ লসিকা, দেহৰস আদিৰ ঘনত্ব সুস্থিৰ ৰখা আদি ক্রিয়াও নিয়ন্ত্ৰণ কৰে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top